হালধীয়া ফুল – উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা

upashanaআইনাৰ বাকচত হালধীয়া ফুল …প্লাষ্টিকৰ! কিছুমান নিৰ্জীৱ বস্তুৰ প্ৰতিও ইমান আত্মীয়তা থাকি যায়, বুজি নাপায় আত্মীয়তা বস্তুটোৰ প্ৰতি নে তাৰ সৈতে জড়িত জীৱিত মানুহজনৰ প্ৰতি! জীৱিত! কিছুমান মানুহ হেৰাই যায়, ওহোঁ, সচেতন ভাৱে তায়োতো কেতিয়াও বিচাৰিবলৈ চেষ্টা কৰা নাই অৰুনাভ মামাক৷ কিন্তু তেওঁ দিয়া উপহাৰবিধৰ প্ৰতি ইমান মোহ, আজি বাৰ বছৰ মানে ধৰি সাঁচি ৰাখিছে৷ আজি তাইৰ সোতৰ বছৰীয়া জন্মদিন৷ অথচ পাঁচ বছৰতেই পোৱা এই আইনাৰ বাকচটো, হালধীয়া ফুলপাহ….হালধীয়া ৰং তেওঁৰ প্ৰিয় আছিল নেকি নে তেওঁ জানিছিল যে ডাঙৰ হৈ তাইৰ প্ৰিয় ৰং হব হালধীয়া!
” অপহৃত দুৰ্লভ চাওদাঙক উদ্ধাৰ”! বাতৰি কাকতখন পঢ়ি থকাৰে পৰা কোন মূহুৰ্তত যে হালধীয়া ফুলত নিমগ্ন হ’ল! পুনৰ বাতৰিৰ পৃথিৱীলৈ উভটি আহিল৷ এই চাওদাং বোলাজনে বেছ কিছু দিনৰ পৰা বাতৰিৰ শিৰোনামা দখল কৰি আছে৷ মুক্তিবাহিনী সংগঠনৰ প্ৰাক্তন সদস্য৷ প্ৰাক্তন নৌহওতেও অৱশ্যে বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিল, ‘দুধৰ্ষ ‘ বুলি বিশেষণ এটাও পঢ়িবলৈ পাইছিল৷ পুনৰ শিৰোনামালৈ আহিল, যেতিয়া আত্মসমৰ্পন কৰিলে৷ কেইদিনমান আগতে অপহৃত হৈছিল৷আজি আকৌ উদ্ধাৰ হ’ল হেনো৷ এইবোৰ বাতৰি বৰ এটা চিৰিয়াচলি নপঢ়ে৷ এবাৰ এটি হত্যাৰ বৰ্ণনা পঢ়ি তিনিদিনলৈ কান্দি আছিল, ৰিয়াই বুজাইছিল ইমানো সংবেদনশীল হব নালাগে হেনো, প্ৰেক্টিকেল হব লাগে, বাতৰি কাকতবোৰে অলপ বেচিও লিখে৷ ৰিয়াই মাক দেউতাককো লগাই দিলে তাই বাতৰি কাকত পঢ়ি কান্দি থাকে বুলি৷
মাক দেউতাকেও বুজালে এয়া জীৱন গঢ়াৰ সময়৷ তেতিয়াৰে পৰা তাই অতি সচেতনভাৱেই আঁতৰি থাকে এনেবোৰ বাতৰিৰ পৰা৷ সেয়ে চাওদাং বোলাজনৰ বিষয়েও কাকতৰ শিৰোনামাত যি পঢ়িলে, তাৰেই ধাৰণা এটা কৰি লৈছিল৷ কিন্তু আজিৰ শিৰোনামাটো দেখি কৌতুহল দমন কৰিব নোৱাৰিলে৷ অপহৰণকাৰীয়ে ধন সোণ দাবী কৰা নাছিল, মাৰিও নেপেলালে….তেন্তে কিয় এই অপহৰণ! আহ! দুয়োখন হাত অাৰু দুয়োখন ভৰি গুলীৰে থকা সৰকা কৰি পংগু মানুহ এজনক জীবলৈ এৰি কিয় দিলে? তেওঁৰ সাম্ভাব্য অপৰাধ পুৰণি সংগঠনৰ সৈতে বিশ্বাসঘাটকতা৷ এইগৰাকীৰ সহযোগত হেনো আৰ্মীয়ে কেইবাটাও গোপন ঘাটি উৎখাত কৰে, কেইবাগৰাকী আন সদস্যক গ্ৰেপ্তাৰ কৰে ইত্যাদি৷ হয়তো তেওলোকো কোনোবাখিনিত শুদ্ধ! এহ, তাই পুনৰ সোমাই যাবলৈ ধৰিছে বিষয়টোত৷ ততাতৈয়াকৈ সামৰিলে ইমানতে৷
প্ৰায় ছমাহমান পিছত মাহীয়েকে মাকৰ আগত কৈ থকা শুনিলে-” বৰ বেয়াকে মাৰিলে তাক, শেষৰ কেইদিন জীৱটোহে আছিল মাথো, হাত-ভৰি পচি গৈছিল যেন, মাকজনী পাগলীয়ে হ’ল….অৰুনাভ অৰুনাভ চিঞৰি থাকে এতিয়াও”
অৰুনাভ মামা? মাহীয়ে অৰুনাভ মামাৰেই কথা কোৱা নাইতো! অৰুনাভহঁত প্ৰায়ে গৈছিল ককাক আইতাকৰ ঘৰখনলৈ৷ আৰু তাই ছমহীয়া, বছৰেকীয়া পৰীক্ষাৰ শেহত ককাক আইতাকৰ সৈতে থাকিবলৈ গৈছিল৷ সম্পৰ্ক কি তেওঁলোকৰ সৈতে তাই নাজানিছিল৷ কেতিয়াবা ৰাতিপুৱাই আৰু কেতিয়াবা নিশা ভাতখোৱাৰ সময়ত আহি ওলাইছিলহি৷ এদিনেই দুপৰীয়া আহিছিল, সিদিনা তাইৰ জন্মদিন আছিল৷ পিছে তেওঁলোক আছুতীয়া কোঠা এটাতহে বহিছিল৷ প্ৰথমবাৰ লগ পোৱাও মনত আছে তাইৰ, পুৱাই আহিছিল৷ আটাইকেইজনে তাইক জোকাই মেলি ধেমালি কৰি আছিল….বেচি জোকাই থকা দেখি কান্দি দিছিল তাই৷ অৰুনাভ মামাই তেতিয়া কোলাত তুলি ল’লে আৰু ‘বাকীকেইজন বেয়া’ ইত্যাদি ক’লে৷ পিছৰবাৰ আহোতে অৰুনাভ মামাই তাইৰ কাৰণে অকমানি ধুপৰ পেকেট এটা আনিছিল, এতিয়া আৰু তাই বাকীকেইজনে জোকোৱা মেলা লৈ ভয় নকৰে, অৰুনাভ মামা থাকোতে কোনেও একো কব নোৱাৰে৷
তেনেকুৱাই আছিল কথাবোৰ, পিছতো কেইবাবাৰো লগ পাইছিল৷ অৱশ্যে পিছলৈ তায়ো বৰ বেছি দিন থকাকৈ নোযোৱা হ’ল, আৰু মোমায়েকহঁতকো লগ নোপোৱা হ’ল৷ আজি ইমান বছৰৰ মুৰত অৰুনাভ নামটো শুনি সন্দেহ হ’ল
: ” অৰুনাভ মানে অৰুনাভ মামা নহয় জানো?” সুধি দিলে তাই৷ আৰু তাই ভয়ে ভয়ে সন্দেহ কৰাৰ দৰেই অৰুনাভ গোস্বামী আৰু দুৰ্লভ চাওদাং একেজনেই মানুহ!
দুধৰ্ষ দুৰ্লভ চাওদাং, বিশ্বাসঘাটক দুৰ্লভ চাওদাং, মৰমীয়াল অৰুনাভ মামা, গুলীবিদ্ধ তেওৰ দুহাত-দুভৰি, পংগু শৰীৰ, মৃত শৰীৰ, ! তাই এজনকেই জানে…তাইক ‘অ’ মোৰ ফুলপাহজনী’ বুলি মতা অৰুনাভ মামা, তাইক জোকাই ৰং চোৱা বাকীকেইজন মামাকক বেয়া বুলি কোৱা অৰুনাভ মামা, অকমানি ধূপৰ পেকেট উপহাৰ দিয়া অৰুনাভ মামা!!!
মাক আৰু মাহীয়েকৰ পৰা আঁতৰি গৈ আইনাৰ বাকচৰ দুৱাৰখন খুলি হালধীয়া ফুলপাহত বিচাৰিবলৈ ধৰিলে….জানোচা আকৌ এবাৰ দেখা পায় অৰুনাভ মামাকক!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক