হৰিৎ – টুনা গৌতম

 

# হৰিৎ

সাধুটো বেলিফুলৰ
সাধুটো উলম্ব স্বপ্নৰ ৷

জীৱন ইয়াত একক
যুগান্তৰ পলসে গঢ়া
নিৰহংকাৰী সমাহিত
জীৱন, মুক্ত
এয়েতো শেষ ঠিকনা ৷৷

আকাশ দহি চেঁকুৰি যা
যতমান পাৰ, হৰিতাশ্ব
ছটিয়াই যা ৰূপোৱালী ভস্ম,
তবু,
ইতস্তত: নহৱ তই,
শুকুলা পতাকাৰ ৰাণী
দখিণৰ পৰ্বতত ভেঁজা দি
সেমেকাই ৰাখ নাভি
চহাই ৰাখ শ্যামল ভূমি ৷

পানী-পিয়লীৰ সুৰ
গুঁঠি ল’ প্ৰেমৰ চাকি ৷
জীয়া ৰং
জাকি মাৰি উৰ,
হৃদয়বিন্দু৷

পুতলে নাযাবি বাঢ়ি
নুচুবি সাগৰৰ সুখ
মৰিচীকাত নাচাবি মুখ৷

মায়াখিনি থুপাই থ’
শকুনিপ্ৰপা (!)
নোৱাই পখালি ৰাখ
জীৱন
একান্ত জীৱন
মুক্ত জীৱন
শেলুৱৈ প্ৰাচীন গান
■ বেলিফুলৰ সপোন ■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!