হিমানী- অনুৰাধা দত্ত

কোন আছিল হিমানী? এক কথাত কবলৈ হ’লে হিমানী আছিল মোৰ ঘৰুৱা আলধৰা ছোৱালী- মেইড ছাৰ্ভেণ্ট! তাইক মই প্ৰথম দেখা পাওঁ মোৰ প্ৰথম সন্তানটিৰ জন্মৰ দুদিনৰ পিছত৷ মই যি সময়ৰ কথা কৈছো তেতিয়া উনৈশ-বিশ চন মান হব৷ চহৰীয়া হলেও বিবাহসূত্ৰে মই মফচলৰ বাসিন্দা হলোঁহি৷ সৰুৰে পৰা মই কনভেণ্টত থাকি পঢ়া শুনা কৰিছিলো সেয়ে ঘৰুৱা কাম বনত একেবাৰে অকাজি আছিলোঁ৷ ঈশ্বৰক ধন্যবাদ যে মোৰ স্বামী এই ক্ষেত্ৰত বৰ উদাৰ আছিল৷ ঘৰুৱা কাম কাজ, বোৱা – কটা আদি কামত অকাজি হলেও মোৰ প্ৰতি তেওঁৰ মৰমৰ হলে কোনোদিন অভাৱ হোৱা নাছিল৷ চহৰীয়া পত্নীয়ে কষ্ট পাব বুলিয়ে তেওঁ ৰন্ধা ঘৰ চম্ভালিবলৈ এজন, ঘৰৰ বন বাৰী কৰিবলৈ এগৰাকী বাইজী বন্দোবস্ত কৰিলে৷ কিছুদিনৰ পিছতে তেখেতৰ দূৰ সম্পৰ্কীয় ভতিজা ছোৱালী দুজনীও আমাৰ লগত থাকিবলৈ আহিল৷

এইহেন দিনতেই গম পালোঁ যে মই সন্তান-সম্ভৱা৷ কিযে খদম দম নালাগিল ঘৰখনত! স্বামীৰ লৰা ঢপৰাৰ অন্ত নাইকিয়া হ’ল৷ আনন্দৰ বাতৰি জনাই মোৰ কলকাতাৰ ঘৰলৈ খবৰ পঠিওৱা হ’ল৷ পিছে হায় মোৰ দুৰ্ভাগ্য! পিতৃদেৱ ব্যৱসায়ৰ কামত দক্ষিণ ভাৰতত আৰু আই প্ৰবাসী জ্যেষ্ঠ ভ্ৰাতৃৰ লগত! চিঠিৰ উত্তৰ ঘৰৰ মুনিমেহে দিলে৷ চিঠি পায়েই মোৰ মূৰত সৰগ ভাগি পৰিল৷ জীৱনৰ এই গুৰুত্ত্বপূৰ্ণ সময়কনত আই মোৰ ওচৰত থকাহেঁতেন মই সাহস গোটাব পাৰিলোহেঁতেন৷ হতাশা আৰু ভয়ত মই ভাগি পৰিলো৷ স্বামীদেৱতাই মোক যৎপৰোনাস্তি সাহস যোগালে৷ বাইজীৰ উপৰিও কেৱল মোৰ লগৰী হ’বলৈয়ে তেওঁ দুৰসম্পৰ্কীয় ভতিজাক দুজনীকো আমাৰ লগত থাকিবলৈ মাতি পঠালে৷ আই কাষত নাথাকিলেও মোৰ দিনবোৰ ভালদৰে কাটিবলৈ ধৰিলে৷ ছোৱালী দুজনীৰ হাঁহি খিকিন্দালি, স্বামীয়ে আনি দিয়া জাপ জাপ কিতাপৰ মাজেৰে দিন যাবলৈ ধৰিলে৷ বাইজীৰ অনুশাসন তথা উপদেশ – “মেমচাহাব, এই কলা ডাল আপুনি ভৰিৰ পৰা নুখুলিব! “- “ ঔ আই! এই দুপৰিয়াখনত ৰঙা চোলা পিন্ধি! তাকো তেঁতেলী গছৰ তলত! “ – “মেমচাহাব নাৰিকল পানীখিনি একে উশাহতে পি খাওক – পোনাটিৰ চকু দেখিবলৈ শুৱনি হ’ব! “ এনেধৰণৰ আৰু অনেক উপদেশ৷ মই আপত্তি নকৰোঁ৷ তাৰ মাজতে নানা তৰহৰ ব্যঞ্জন- মাছেৰে টেঙা, খাৰ, সৰিয়হৰ জোল, বতৰৰ পাচলি, জহা চাউলৰ পায়স আৰু কত যে কি! তাৰ লগতে স্বামীৰ মৰম চেনেহ! মুঠৰ ওপৰত আই লগত নহলেও মোৰ বাবে আদৰ যতন কম হোৱা নাছিল৷

লাহে লাহে মোৰ প্ৰসৱৰ দিন পাবৰ হৈছিলহি৷ এনে এটি দিনতেই ঘটিল নহয় ঘটনাটো! ৰাতিপুৱাই ছোৱালী দুজনী সখীয়েকৰ ঘৰলৈ বুলি ওলাই গৈ ৰাতি এপৰ হোৱালৈ আহি নাপালেহি৷ স্বামীয়ে নিজেই টাঙ্গা চলাই গোটেই চহৰখনত সিহঁতক বিচাৰিলে৷ মাজনিশা খবৰ ওলাল বোলে সিহঁত দুজন লৰাৰ লগত গোপনে বিয়া সোমাবলৈ গৈছে৷ এই খবৰটোকে মোক দিবলৈ দৌৰি আহোতে চিক চিকিয়াকৈ মচি থোৱা মজিয়াত পিছলি বাইজীৰ সোঁ ভৰিখন ভাগি থাকিল৷ এনেই দিনটোৰ উৎকণ্ঠা তাতে আকৌ বাইজীৰ কেঁকনি গেথনি৷ লাহে লাহে মোৰো প্ৰসৱ যন্ত্ৰণা আৰম্ভ হ’ল৷ বিপদৰ সময়ত ধৰ্য্যহাৰা নহৈ স্বামীয়ে আমি দুয়োকে টাঙ্গাত ভৰাই চিকিৎসালয় পোৱালেগৈ৷ স্বাস্থ্যজনিত কাৰণত দুদিনমান মই চিকিৎসালয়ত থাকিবলগীয়া হৈছিল৷ গতিকে স্বামীয়ে মোৰ যত্ন লোৱাৰ লগতে আদৰুৱা আলসুৱা কনভেণ্ট এডুকেটেড চহৰীয়া পত্নীয়ে যাতে তেওঁৰ প্ৰথম সন্তানটিৰ যত্ন ঠিকমতে লোৱাত অসুবিধা নাপায় সেয়ে এগৰাকী আলধৰা মহিলা বিচাৰিবলৈ আৰম্ভ কৰিলে৷ তিনিদিনৰ পিছত স্বামীৰ কাছাৰীৰ পিয়ন এজনৰ পিছে পিছে আহি ফিচিকা ৰিহা মেখেলা পিন্ধা শুকান চুলি, শুকান মুখৰ তেৰ-চৌধ বছৰীয়া ছোৱালী এজনী মোৰ হাস্পতালৰ কোঠাৰ কোণত থিয় দি ৰ’লহি৷ কথা চহকী পিয়নে কলে – “কেউ কিছু নাইকীয়া ছোৱালী মেমচাহাব৷ যিও বা বুঢ়ী আইতাক এজনী আছিল, গ্ৰহণী লাগি সিফলীয়া হ’ল৷ গাভৰু ছোৱালী৷ গাত ছেকা লাগিব লাগিলে আমি গঞাহে জগৰীয়া হ’ম৷ সেয়ে গাঁওবুঢ়াক কৈ লৈ আহিছো৷ আইৰ লাচনী পাঁচনিও কৰিব এৰেহা এমুঠি খাবলৈ পালেও জীয়াই থাকিব৷ ঐ হিমানী! মেমচাহাবক নমস্কাৰ কৰ! “স্বামীয়ে হিমানীৰ চিৰি চেহেৰা দেখি চিন্তিত হৈ কলে সেয়ে “ঠগিৰাম! এই পঞালগা ছোৱালীজনীয়ে নো কি সহায় কৰিব? এফালে পোঁৱতী, এফালে বাইজীৰ ভগা ভৰি! এই লৰামতীয়া ছোৱালীজনীৰে নহ’ব! তই আন কোনোবা বয়সীয়া বিধবা মানুহ অথবা ধাই এজনীহে বিচাৰ! ” ঠিক এই মুহূৰ্ততে হিমানীয়ে মোৰ চকুলৈ চালে৷ এহালি কৰুণ, গম্ভীৰ আৰু সৰল চকু৷ চাৱনিৰেই যেন অনুৰোধ কৰিছে এটি সুযোগৰ বাবে৷ একমুহূৰ্ততেই ভাল লাগি গ’ল ছোৱালীজনী৷ গতিকে মই কলোঁ যে – “হ’ব, মই শিকাই লব পাৰিম৷ “ এইবাৰ হিমানীয়ে লাহেকৈ মাত দিলে যে তাই সোনকালেই সকলো শিকি ল’ব৷

তাই ঠিকেই কৈছিল৷ কিছুদিনৰ ভিতৰতেই তাই সকলো শিকি ললে৷ এমাহ মানৰ পিছত তাই বাইজীৰ কামত খুঁত উলিয়াব পৰা হ’ল৷ লাহে লাহে জীয়ে কি ৰন্ধা হ’ব তাইৰ লগত পৰামৰ্শ কৰিহে আখল জুৰিবলৈ যোৱা হ’ল৷ বেৰত কেতিয়া চূণ দিব লাগিব, কোন আলহীক কেনেকৈ সোধ পোছ কৰিব লাগিব, লৰাকণক কিমান দেৰি ফুৰাব লাগিব, চাহাবৰ জোতা ঠিকমতে পলিছ আছে নে নাই, মই চুলিত বেণী গুঠিব লাগিবনে খোপা বান্ধিব লাগিব সেই বিষয়ে অভিজ্ঞ মন্তব্য দিয়া আদিবোৰ কামত পাৰ্গত হৈ পৰিল৷ এক কথাত কবলৈ গলে হিমানী অবিহনে মই ঘৰ গৃহস্থী চালোৱাটো অসম্ভৱ হৈ উঠিল৷ তথাপিও তাইৰ কিছুমান কামে স্বামী আৰু মোক যথেষ্ট পৰিমাণে হাঁহিৰ খোৰাক যোগাইছিল৷ যেনে এবাৰ তাই স্বামীয়ে বৰশীৰ টোপত মিহলাবলৈ বুলি আনি থোৱা শিহুৰ চৰ্বিৰে ঘৰৰ মজিয়াবোৰ মোচাইছিল৷ তাই হেনো ভাবিছিল সেয়া উত্তম পলিছ৷ আমি স্বামী স্ত্ৰীয়ে খুব হাঁহিছিলো যদিও দুদিনলৈকে ঘৰত সোমাব পৰা নাছিলোঁ৷ আন এবাৰ আকৌ তাই লৰাকণক স্কুলৰ বাবে সাজু কৰি পঠাইছিল৷ পিছদিনাখনৰ ডাকত স্কুলৰ ফাদাৰৰ পৰা চিঠি আহিছিল যে তাৰ নেকটাই ডাল কঁকালত পিন্ধাই পঠিওৱা হৈছে৷ হিমানীৰ আদৰ যত্নৰ মাজতে মই মোৰ কনিষ্ঠ সন্তানটিকো জন্ম দিলোঁ৷ দুয়োটা লৰায়েই তাইৰ কোলাতেই ডাঙৰ হৈছিল বুলিব পাৰি৷ সিহঁতে হিমানীক পেহী বুলিছিল আৰু মোতকৈ আগেয়ে তাইকহে বিচাৰিছিল৷

মফচলীয় তুলনামূলক ভাবে আওতীয়া ঠাই এখনৰ মেজিষ্ট্ৰেটৰ পত্নীৰ কৰিবলগীয়া কাম বিশেষ একো নাথাকে৷ সেয়ে মই ঘৰতেই সৰুকৈ লাইব্ৰেৰী এটা সজাই ৰাখিছিলোঁ৷ উৰুঙা দুপৰিয়াবোৰত বাইৰন, মাৰ্লো, এলিয়তৰ কবিতাৰ মাজত নিজক বিচৰাৰ প্ৰয়াস কৰিছিলোঁ৷ এদিন এনেদৰে কবিতাৰ মাজত ডুবি থকা অৱস্থাতেই হিমানিয়ে মোৰ আৰ্মচেয়াৰৰ কাষত মজিয়াতেই বহি কলেহি -“মেমচাহাব! অকন ফুটাই পঢ়ক ময়ো শুনিম৷ “ শ্ৰোতা পাই মই অতি আগ্ৰহেৰে সেই সময়ত পঢ়ি থকা “she walks in beauty“ আবৃত্তি কৰি শুনালোঁ৷ তাই বুজি পোৱাকৈ ভাঙনিও কৰি দিলোঁ৷ ভালেমান পৰ মনে মনে থকাৰ পিছত তাই লাহে লাহে কলে – “ আইদেউ! আপুনি মোক পঢ়িবলৈ শিকাই দিয়ক৷ “ কিবা খুজিব লগীয়া হলে তাই মোক মেমচাহাবৰ সলনি আইদেউ বুলি মাতে৷ ময়ো হাঁহি মাৰি সন্মত হলোঁ৷ আজি প্ৰায় চাৰি দশক পাৰ হৈ গল৷ কিন্তু আজৰি সেই দুপৰীয়াবোৰত ধেমালিতে আলধৰা লিগিৰী এজনীক আখৰ চিনাই দিয়া বাবে মই নিজৰ ওচৰতে কৃতজ্ঞতাবদ্ধ৷ যি নহওক মোৰ লগতে থাকি হিমানী বাইশ বছৰীয়াজনী হৈ উঠিল৷ মোৰ স্বামীয়ে তাইৰ ভৱিষ্যতৰ চিন্তা কৰি তাইৰ বাবে দৰা বিচাৰিলে৷ হাজাৰ হলেও নাৰী, তদুপৰি আমাৰ আশ্ৰয়তেই আছেহি৷ কিছুদিনৰ পিছত স্বামীৰ পৃষ্ঠপোষকতাতে অনুষ্টুপীয়াকৈ হিমানীৰ বিয়াখন অনুষ্ঠিত হ’ল৷ দৰা ওচৰৰে গাঁৱৰ৷ কাঠমিস্ত্ৰীৰ কাম কৰে৷ বিদায়ৰ সময়ত কইনা হিমানীয়ে মোৰ ডিঙিত সাৱটি কান্দিলে৷

এদিনৰ কথা৷ দুপৰীয়া অইন দিনৰ দৰে মই পঢ়া কোঠাত বহি pride and prejudice ৰ পাত লুটিয়াইছোঁ, এনেতে খত খত শব্দ কৰি টাঙ্গা এখন আমাৰ পদূলিত ৰ’লহি৷ কেইমুহূৰ্তমানৰ পিছতে উধাতু খাই হিমানী সোমাই আহিল৷ মই কিবা সুধিবলৈ পোৱাৰ আগতেই মোৰ ভৰিত পৰি তাই কবলৈ ধৰিলে – “আইদেউ এইবেলি আপুনি মোক আকৌ আশ্ৰয় দিব লাগিব! “ মই থত মত খাই সুধিলোঁ- “কি হ’ল? “ তাই উচুপি উচুপি ক’লে যে তাইৰ গিৰিহঁত নৰিয়াপাটীত৷ চিকিৎসালয়ৰ ডাক্তৰে ৰোগীৰ অৱস্থা বৰ সন্তোষজনক নহয় বুলি কৈছে৷ সেয়েহে তাই আকৌ মোৰ ওচৰলৈ আশ্ৰয় বিচাৰি আহিছে৷ মই অভিভূত হ’লোঁ৷ কিমান বিশ্বাস কৰে মোক এই ছোৱালীজনীয়ে৷ জীৰ হাতত স্বামীলৈ খবৰ পঠিয়াই মই তাইক লগত লৈ তাই অহা টাঙ্গাখনতেই উঠি চিকিৎসালয়লৈ ওলালো৷ সন্ধিয়ালৈ স্বামীয়ো পালেহি৷ জিলাৰ ডাক্তৰক খবৰ দি অনোৱা হ’ল৷ উচিত যত্ন আৰু চিকিৎসা পাই তাইৰ গিৰিহঁতৰ স্বাস্থ্য লাহে লাহে ভালৰ ফালে আহিল৷ এয়াই আছিল হিমানী৷ মোৰ প্ৰতিটো প্ৰয়োজন তাইৰ বাবে যেন কৰ্তব্য আছিল৷ ময়ো সুখী হৈছিলো যে তাইৰ বিপদৰ সময়ত মই সহায়ৰ হাত আগবঢ়াব পাৰিছিলো৷ পিছতো হিমানী মাকৰ ঘৰ বুলি মোৰ ওচৰলৈয়ে আহিছিল৷ তাইৰ গিৰীহঁতেও যিকোনো কামৰ আগতে মোৰ স্বামীৰ উপদেশ বিচাৰিছিল৷ প্ৰতিটো উৎসবে পাৰ্বনে আমি হিমানীহঁতক আমাৰ আলহী তালিকাত ৰাখিছিলো৷ মাজে মাজে স্বামীৰ কলিগ্ আনকি তলতীয়া কৰ্মচাৰীৰ পত্নী সকলেও আলধৰা ছোৱালীজনীৰ স’তে ইমান হলি গলি কৰা দেখি মোলৈ ভ্ৰূ কোচাইছিল৷ কিন্তু সিহঁতে কি বুজিব এটা সময়ৰ পিছত সম্বন্ধই ভেদৰ সীমা অতিক্ৰম কৰি আগবাঢ়ি যায়৷ তিনিটা দশকৰ পিছত মোৰ পূজনীয় স্বামী স্বৰ্গগামী হয় আৰু মই মোৰ জেষ্ঠ্য পুত্ৰ লগত কানাডাৰ অটোৱা চহৰৰ বাসিন্দা হওঁ৷ কিন্ত উৎসৱে পাৰ্বনে হিমানীৰ চিঠিয়ে আজিও মোক নিজৰেই অতীত সোঁৱৰাই ৰাখিছে৷ তাইৰ চিঠিত অটোৱাৰ হাড় কপোৱা শীততো মই বিচাৰি পাওঁ ৰৌদ্ৰজ্জ্বল মফচলীয় অলস দুপৰীয়াবোৰ৷ তাইৰ চিঠিৰ মাজতে মই বিচাৰি পাওঁ অতীতৰ মইজনীক৷ প্ৰতিখন চিঠিতেই তাই মোলৈ পঠিয়ায় এবুকু মৰম৷ স্বামীয়ে তাইক মোৰ আল ধৰিবলৈ লাচনী পাঁচনি কৰিবলৈ আনিছিল৷ বেচেৰীৰ আদৰ-যত্ন এতিয়ালৈ শেষ হৈ যোৱা নাই৷ এৰা তায়েই হিমানী৷ মোৰ “মেইড ছাৰ্ভেণ্ট! ” মোৰ “বান্ধৱী“৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments