অসমীয়া সাহিত্যৰ বুৰঞ্জী (ড° মৃণালজ্যোতি গোস্বামী )

৪.১ শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্য

মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ অনুগামী প্ৰিয় শিষ্য মাধৱদেৱে ষোড়শ শতিকাত আৰম্ভ কৰা সাহিত্যৰ ধাৰাটো গুৰু দুজনাৰ তিৰোভাৱৰ পিছতো চলি থাকিল। গুৰু দুজনাৰ দেহাৱসানৰ পিছত তেৰাসৱৰ শিষ্য-প্ৰশিষ্যসকলে সাহিত্য ৰচনাৰ এই পৰম্পৰাটো আগুৱাই নিয়ে। বিশেষকৈ মাধৱদেৱে প্ৰতিষ্ঠা কৰা আৰু তেওঁৰ আজ্ঞা মানি প্ৰতিষ্ঠা কৰা সত্ৰ কেইখনে বৈষ্ণৱ সাহিত্যৰ পৰম্পৰাক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। এই সত্ৰসমূহৰ অধিকাৰ-মহন্তসকলে গুৰু দুজনাৰ পদাংক অনুসৰণ কৰি গীত-নাট-পদ আদি ৰচনা কৰিছিল। মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ গুণানুকীৰ্তনেৰে ‘চৰিত তোলা প্ৰথা’ আৰম্ভ কৰে আৰু পৰৱৰ্তী কালত মাধৱদেৱ আদি মহাপুৰুষসকলৰ মৃত্যুৰ পাছত তেওঁলোকৰ কৰ্ম আৰু গুণাৱলী কীৰ্তন কৰাটোও সত্ৰীয়া ভকতসকলৰ এটা প্ৰধান কৰ্তব্য হৈ পৰে। এই জীৱন-কাহিনীসমূহ পোনতে লিপিৱদ্ধ হোৱা নাছিল; নাইবা শিষ্যসকলেও লিপিবদ্ধ কৰাৰ কথা ভবা নাছিল। কিছুকাল যোৱাৰ পাছতহে  কিছুমান শিষ্যই গুৰু-পৰম্পৰাৰ বাগৰি অহা কাহিনীবোৰ লিপিবদ্ধ কৰিলে। এই লিপিবদ্ধ কৰা গ্ৰন্থসমূহেই  হ’ল ‘চৰিত পুথি’। সমসাময়িক আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত লিপিবদ্ধ হোৱা ‘বুৰঞ্জী সাহিত্য’সমূহ হ’ল অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ। ঠিক সেইদৰে এই সময়তে আহোম স্বৰ্গদেউসকলৰ লগতে নামনি অসমত দৰঙী, কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চাৰ পৰিবেশ এটা গঢ় লৈ  উঠিছিল। তাৰফলত সৃষ্টি হ’ল ‘ব্যৱহাৰিক সাহিত্য’ নামৰ আন এক শ্ৰেণীৰ সাহিত্য। এই তিনি শ্ৰেণীৰ সাহিত্যৰ উপৰি কথ্য ভাষালৈ ৰামায়ণখনো এই সময়তে অনুবাদ হয়। লগতে বিভিন্ন পুৰাণ, ৰামায়ণ, মহাভাৰতৰ আধাৰত বিবিধ কাব্য ৰচিত হ’বলৈ ধৰে। এই সকলোখিনিক সামৰিয়েই শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ ভাণ্ডাৰ সমৃদ্ধ। তলত প্ৰতিটো শ্ৰেণীৰ সাহিত্যৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।

৪.২ চৰিত সাহিত্য ইতিমধ্যে আমি চৰিত সাহিত্যৰ মূল বিষয়বস্তু সম্পৰ্কে আলোচনা কৰাৰ প্ৰসংগত কৈ আহিছোঁ যে,  এই পুথিসমুহত মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আৰু আন আন বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলৰ জীৱনৰ বিভিন্ন ঘটনা, তথ্য আদি লিখিত আকাৰত সংগৃহীত হৈছে। আধুনিক সমালোচনাৰ দৃষ্টিভংগীৰে বিচাৰ কৰিলে ‘চৰিত পুথি’ নামেৰে পৰিচিত এই ৰচনাসমূহক প্ৰকৃত জীৱনী গ্ৰন্থৰ শাৰীত স্থান দিব নোৱাৰি। আধুনিক অসমীয়া সাহিত্যৰ সমালোচক গোবিন্দ প্ৰসাদ শৰ্মাই ‘জীৱনী আৰু অসমীয়া জীৱনী’ত অসমীয়া চৰিত পুথিৰ প্ৰসংগত এক তাৎপৰ্যপূৰ্ণ অভিমত আগবঢ়াইছে। তেওঁ দৃষ্টান্ত দাঙি ধৰি কৈছে যে, মধ্যযুগীয় ইংৰাজী সাহিত্যত খ্ৰীষ্টিয়ান সন্তসকলৰ অলৌকিক, অতিৰঞ্জিত গুণগান সম্বলিত একধৰণৰ জীৱনীমূলক ৰচনাৰ কথা পোৱা যায়, এই ৰচনাসমূহক হেগিওগ্ৰাফী (Hagiography) বোলা হয়। অসমীয়া চৰিত পুথিসমূহতো প্ৰায় একে ধৰণৰ বৈশিষ্ট্য ৰক্ষিত হৈছে বাবে সেইবোৰক প্ৰকৃত জীৱনী নুবুলি হেগিওগ্ৰাফী বোলাই যুগুত। অৱশ্যে এটা কথা ঠিক যে, চৰিতপুথিসমূহৰ পাঠ আৰু বিভিন্ন বিৱৰণিৰ মাজেদি সমসাময়িক অসমীয়া সমাজখনেও ভুমুকি মাৰিছে।

সত্ৰীয়া পৰিৱেশত সত্ৰাধিকাৰ আৰু শিষ্যগণৰ মাজত ধৰ্মবিষয়ক চিন্তা-চৰ্চা আৰু আলাপ-আলোচনা কৰাৰ প্ৰসঙ্গত গুৰু দুজনাৰ কথাও স্মৰণ কৰিছিল। তেওঁলোকে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ লগত জড়িত বিভিন্ন প্ৰসংগৰ অৱতাৰণা কৰি  ধৰ্ম বিষয়ক আলোচনা আগবঢ়াই নিছিল। প্ৰথম অৱস্থাত এই আলোচনা মৌখিকভাৱে চলি আছিল। কিছু কাল যোৱাৰ পাছত কেইজনমান শিষ্য-প্ৰশিষ্যই গুৰু দুজনাৰ জীৱনৰ সেই কথা-কাহিনীসমূহক লিখিত ৰূপ প্ৰদান কৰে। মন কৰিবলগীয়া যে এনে চৰিত পুথিত গুৰু দুজনাৰ উপৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা অন্যান্য বৈষ্ণৱ গুৰু বা ধৰ্ম প্ৰচাৰকৰ জীৱন চৰিতো সন্নিৱিষ্ট কৰা হৈছে। লগতে মহাপুৰুষসকলৰ জীৱনীৰ লগত চলি অহা পৰম্পৰাগত প্ৰবাদ আৰু জনশ্ৰুতিক স্থান দিয়া হৈছে। অৱশ্যে মন কৰিবলগীয়া যে, এনে এক শ্ৰেণী সাহিত্য বৌদ্ধ সাহিত্যতো বিদ্যমান। অসমৰ বৈষ্ণৱসকলৰ মাজত এনে প্ৰথা প্ৰচলন হোৱাৰ বহু আগৰে পৰাই বৌদ্ধ সাহিত্যত বুদ্ধদেৱৰ জীৱনক লৈ এক শ্ৰেণীৰ সাহিত্যৰ সৃষ্টি হৈছিল। এই বিষয়ে বিৰিঞ্চি কুমাৰ বৰুৱাৰ এটি উক্তি স্মৰণয্যেগ্য  ‘চৰিত পুথিৰ উদ্ভৱ আৰু গঠন প্ৰণালীৰ লগত বুদ্ধদেৱ চৰিত্ৰাৱলীৰ সাদৃশ্য আছে।’

লগতে তেওঁ সেই প্ৰসংগত একেখন গ্ৰন্থত কৈছে বৌদ্ধ সাহিত্যত বুদ্ধদেৱৰ পূৰ্বজন্মৰ মহিমাসূচক কাৰ্যকলাপক লৈ অসংখ্য ‘জাতক’ৰ গল্প আছে। এই প্ৰসংগত ‘মহাবস্তু’, ‘ললিত বিস্তাৰ’ আৰু অশ্বঘোষৰ ‘বুদ্ধ চৰিত’ উল্লেখযোগ্য। সপ্তদশ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত সৰহ সংখ্যক চৰিত পুথি ৰচিত হৈছিল। চৰিত পুথিসমূহৰ  কেইখনমান গদ্যত আৰু সৰহভাগেই পদ্যত ৰচিত। সাধাৰণতে প্ৰথমে ৰচা চৰিত পুথিবোৰ ছন্দত আৰু পৰৱৰ্তীবোৰ গদ্যত ৰচিত। এতিয়ালৈকে পোহৰলৈ অহা পুথিৰ সংখ্যা ডেৰকুৰিখন মান হ’ব। ইয়াৰ ভিতৰত অকল শংকৰদেৱ-মাধৱদেৱৰ জীৱন চৰিতেই পাঁচ-ছয়খন মান। পোন প্ৰথমে মহাপুৰুষ মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে ‘শংকৰ চৰিত’ নামৰ চৰিত পুথি এখন প্ৰণয়ন কৰে বুলি কোনো কোনো পণ্ডিতে অভিমত দিয়ে। সেই হিচাপে পুথিখন খ্ৰীষ্টীয় ষোড়শ শতিকাৰ শেষ নাইবা সপ্তদশ শতিকাৰ আদি ভাগত ৰচিত বুলি অনুমান কৰা যায়। ৰামচৰণৰ পুত্ৰ দৈত্যাৰি ঠাকুৰেও ‘শংকৰদেৱ-মাধৱদেৱ চৰিত্ৰ’ নামৰ চৰিত পুথি এখন প্ৰণয়ণ কৰে। ইয়াৰ উপৰি ভূষণদ্বিজৰ ‘শংকৰ চৰিত’, ৰমানন্দ দ্বিজৰ ‘গুৰুচৰিত’, কৃষ্ণ ভাৰতীৰ ‘সন্ত নিৰ্ণয়’, ৰামৰায় দ্বিজৰ ‘গুৰুলীলা’, ৰমানন্দৰ ‘বংশী গোপালদেৱৰ চৰিত’, ভৱানন্দ দ্বিজৰ ‘গোবিন্দ চৰিত’ , ৰমাকান্তৰ ‘বনমালী দেৱৰ চৰিত’, বিদ্যানন্দ ওজাৰ ‘ঠাকুৰ চৰিত’ আদি উল্লেযোগ্য চৰিতপুথি। এই চৰিত পুথিসমূহ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগলৈ ৰচিত হয়। অষ্টাদশ শতিকাত চৰিত সাহিত্যই বিশেষভাৱে বিকাশ লাভ কৰে। সপ্তদশ শতিকাৰ দৰে এইযুগতো সৰহভাগ চৰিত পুথি ছন্দত ৰচিত। কিন্তু গদ্যত ৰচা চৰিত পুথি কেইখনহে এইযুগৰ উল্লেখযোগ্য দান। সেই পুথিকেইখন অকল কলেৱৰতেই বৃহৎ নহয়, সেই  যুগৰ  গদ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন স্বৰূপেও তাৰ মূল্য অধিক। গদ্যত ৰচিত এনে দুখন উল্লেখযোগ্য চৰিত পুথি হ’ল উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱৰ সম্পাদিত ‘কথা-গুৰুচৰিত’ আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘বাঁহী’ত প্ৰকাশিত আৰু বৰ্তমান মহেশ্বৰ নেওগদেৱৰ সম্পাদনাত প্ৰকাশিত ‘বৰদোৱা গুৰু চৰিত’। ইয়াৰ উপৰি বনমালীদেৱৰ সেৱক গোবিন্দদাসৰ ‘সপ্ত সম্প্ৰদায়’ আৰু ভট্টদেৱৰ নামত প্ৰচলিত ‘সৎ সম্প্ৰদায় কথা’ নামৰ গদ্যত ৰচিত চৰিত পুথি দুখনো এই শতিকাৰে ৰচনা। পদ্যত ৰচিত চৰিত  পুথিসমূহৰ  ভিতৰত  নীলকণ্ঠ দাসৰ ‘দামোদৰ চৰিত’, কৃষ মিশ্ৰৰ ‘দামোদৰ চৰিত’, জয়নাৰায়ণৰ ‘লক্ষ্মীপতি চৰিত’ আৰু ‘ৰামগোপাল চৰিত’, পূৰ্ণনন্দৰ ‘গোপালদেৱৰ চৰিত’, দ্বিজভবানন্দ মিশ্ৰৰ ‘গোবিন্দ চৰিত’, ৰামনাথ মহন্তৰ ‘সন্ত-মুক্তাৱলী’, বিভূনাথৰ ‘এটকা মহন্তৰ ঝুনা’ আদি উল্লেখযোগ্য। চৰিত পুথিসমুহত কেৱল যে ধৰ্মীয় প্ৰসংগইহে অগ্ৰাধিকাৰ লাভ কৰিছিল এনে নহয়, বৰঞ্চ তাৰ পাঠসমূহৰ মাজে মাজে সন্নিৱিষ্ট হোৱা টুকুৰা টুকুৰ চিত্ৰসমূহৰ মাজেদি সমসাময়িক সত্ৰীয়া সমাজ আৰু লগতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন প্ৰণালী আৰু চিন্তাৰ আভাস পোৱা যায়। সেই ফালৰ পৰা বিচাৰ কৰিলে চৰিত পুথিক বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰ লগতে সমসাময়িক অসমীয়া সমাজ জীৱনৰ দাপোণ বুলি ক’লেও ভুল কোৱা নহ’ব।

চৰিত পুথিৰ বৈশিষ্ট্যঃ

গদ্য পদ্য উভয় শৈলীতে ৰচিত চৰিত পুথিসমূহত কিছুমান বিশেষ বৈশিষ্ট্য ৰক্ষিত হৈছে। তাৰে কেইটিমান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল

  • চৰিত পুথিৰ গদ্যৰীতিৰ এটা বিশেষত্ব হৈছে সহজ সৰল আৰু পোনপটীয়া ভাষাৰ প্ৰয়োগ। উদাহৰণস্বৰূপে ‘‘পাছে মহাপুৰুষ নিতে নিতে বাঢ়ি জৌবন হৈ আহিছে।’’
  • চৰিত পুথিৰ গদ্যত প্ৰাচীন অসমীয়া গদ্যৰ ঠাঁচ, প্ৰচলিত কথ্যৰীতিৰ প্ৰয়োগ আৰু আধুনিক অসমীয়া গদ্যৰ উকমুকনি মন কৰিবলগীয়া দিশ। ইয়াৰ গদ্য ৰীতি কথ্য ভাষাৰ ওচৰ চপা হ’লেও সুৰুচিপূৰ্ণ আৰু গাম্ভীৰ্যপূৰ্ণ গদ্য ৰীতি ইয়াৰ প্ৰধান বিশেষত্ব। যেনে ‘‘আৰু বাৰেভূঞা কামৰূপ আলিপুখুৰিতে ইদেশে উজাই অহাতঃ নৰনাৰায়ণে সুনি নিবলৈ যুদ্ধেৰে পঠালে চিলাৰাইকে গাভৰুখাকে।।’’
  • চৰিত পুথিৰ বাক্যবিলাক কেতিয়াবা অতি চুটি হোৱা স্বত্বেও অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত সামান্যতম ব্যাঘ্যাতো জন্মা নাই। উদাহৰণস্বৰূপে ‘‘সুনি সবে দেউ হৰ্ষ হলঃ পাছে মহেশ গাত নলইঃ তোম্ৰাক ঢাকি অমোচন ব্ৰহ্মহত্যা পাপ হব……’’
  • চৰিত পুথিৰ অন্য এটা মন কৰিবলগীয়া কথা হ’ল ভকতীয়া ঠাঁচৰ গদ্যৰ প্ৰয়োগ। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ হেতু শংকৰদেৱ আৰু অন্যান্য শিষ্য-প্ৰশিষ্যসকলৰ ভিতৰত হোৱা কথোপকথনত এনে ধৰণৰ গদ্যৰীতি যথোপযুক্তভাৱে প্ৰয়োগ কৰা হৈছে। উদাহৰণস্বৰূপে

‘‘এক দিন মাধৱ দেউ আহিব নোৱাইলে হৰি কথা সুনিবলৈ গা বিষমৰ হেতুঃ

কৃষ্ণ কথা অবসানত গুৰুজনে বোলে বৰা পো নাহিল আজি…..’’

  • ভাষাৰ কোমলতা বা মৃদুতা চৰিত পুথিৰ গদ্যশৈলীৰ অন্য এটা উল্লেখযোগ্য দিশ। ভাষাৰ এই মৃদুতাই ইয়াৰ গদ্যক উৎকৃষ্ট গদ্য ৰূপে পৰিচিত কৰাইছে। পাচে, বোলে, পূৰ্বে আৰু আদি শব্দেৰে বাক্য আৰম্ভ কৰা পদ্ধতি ইয়াৰ গদ্যৰ আন এটা বৈশিষ্ট্য।
  • যুৰীয়া আৰু অনুৰূপ শব্দৰ সুন্দৰ প্ৰয়োগ চৰিত পুথিত পোৱা যায়। গীত-ৰাগ, বিবাদ-সংগ্ৰাম, মিত্ৰ-সখীত্ব, তাল-সূৰ আদি ইয়াৰ উদাহৰণ।
  • চৰিত পুথিত ধৰ্মীয় গীত-পদ, ঘোষা আদিৰ প্ৰয়োগৰ উপৰি ভকতীয়া-ফকৰা, পদ-ফকৰা আদিয়ে ইয়াৰ গদ্যক অৰ্থবহ কৰি তুলিছে। যেনে

খণ্ডবাক্যঃ ‘‘কটাৰ পো কটাহঁত, মূৰ তুলি ফুৰিছে, পাৰো কি চাৰো।’’

ফকৰা-যোজনাঃ ‘‘আগে উপজিল চোট ভাই পাচে উপজিল কাকা, কেৰ্ মেৰ্ কৈ মাক উপজিল, তেহে উপজিল বাবা।’’

এনে খণ্ড বাক্য আৰু ফকৰা-যোজনাত জন জীৱনৰ টুকুৰা ছবি ফুটি উঠিছে, ফলস্বৰূপে সৰ্বসাধাৰণ লোক ইয়াৰ প্ৰতি আকৃষ্ট হোৱাতো স্বাভাৱিক।

  • চৰিত পুথিত এক সমন্বয়ৰ ভাষা প্ৰয়োগ হোৱা দেখা। বিভিন্ন শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত সংস্কৃত, তদ্ভৱ, দেশী আৰু বিদেশী ভাষাৰ বিভিন্ন শব্দ ইয়াত থূপ খাই থকা দেখা যায়।
  • পদ্যত ৰচিত চৰিত পুথিসমূহৰ বিভিন্ন ঠাইত পদ, দুলড়ী, ছবি, লেচাৰী, ঝুনা, ঝুমুৰী আদি বিভিন্ন ছন্দৰ প্ৰয়োগ ঘটিছে।

চৰিত পুথিৰ লেখকসকল : মধ্যযুগীয় অসমীয়া সাহিত্যৰ অন্যতম বিভাগ চৰিত পুথিসমূহৰ ৰচকসকলৰ বিষয়ে আশানুৰূপ তথ্য উপলব্ধ। সাহিত্যৰ বুৰঞ্জীসমূহতো কেইজনমান চৰিতকাৰৰ বিষয়েহে আলোচনা সন্নিৱিষ্ট হৈছে।

ৰামচৰণ ঠাকুৰ : ৰামচৰণ ঠাকুৰ শংকৰদেৱৰ শিষ্য ৰামদাসৰ পুত্ৰ। ৰামচৰণৰ মাতৃ হৈছে উৰ্বশী। উৰ্বশী মাধৱদেৱৰ ভনীয়েক। কালিৰাম মেধিয়ে ৰামচৰণৰ সময় ১৫২১-১৬০০ খ্ৰীষ্টাব্দ বুলি ঠিৰাং কৰিছে। ৰামচৰণ ঠাকুৰে তেওঁৰ মোমায়েক মাধৱদেৱৰ ছত্ৰছায়াত থাকি অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা ‘কীৰ্তন’খন আনি সংকলিত ৰূপ প্ৰদান কৰিছিল। সেয়েহে অসমৰ বৈষ্ণৱ সাহিত্য পৰম্পৰাত ৰামচৰণ ঠাকুৰকে সৰ্বপ্ৰথম সংকলক হিচাপে আখ্যা দিয়া হয় কাৰণ তেওঁৰ আগতে আন কোনেও এনে দায়িত্ব লোৱাৰ লিখিত তথ্য নাই। এওঁ পোন প্ৰথমে ‘শংকৰ চৰিত’ নামৰ চৰিত পুথি এখন প্ৰণয়ন কৰে বুলি কোনো কোনো পণ্ডিতে অভিমত দিয়ে।

দৈত্যাৰি ঠাকুৰ : মহেশ্বৰ নেওগে ধাৰণা কৰা মতে ১৪৮৬ শক ১৫৬৪ খ্ৰীত দৈত্যাৰি ঠাকুৰৰ জন্ম হয়। চৰিত পুথিত উল্লেখ থকা মতে ৰামচৰণ ঠাকুৰৰ পুত্ৰ দৈত্যাৰি ঠাকুৰ ৰামচৰণৰ পাছত সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ হয়। তেওঁ ৰচনা কৰা চৰিত পুথিখন হৈছে ‘শংকৰদেৱ-মাধৱদেৱ চৰিত্ৰ’। দৈত্যাৰি ঠাকুৰে এই চৰিত পুথিখন কেতিয়া ৰচনা কৰিছিলে তাৰ কোনো উল্লেখ পুথিখনত নাই। কিন্তু গ্ৰন্থখনৰ শেষত শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰ সেই সময়ত বিষ্ণুপুৰ সত্ৰত আছিল বুলি উল্লেখ আছিল

হৰিচৰণৰ          ভৈলা পুত্ৰবৰ        চতুৰ্ভুজ নাম থৈলা।  তেহো বিদ্যমানে           বিষ্ণুপুৰ থানে

কৰিয়া সত্ৰ আছন্ত।    (পদ ১৬৯৮-৯৯)

আলোচক মহেশ্বৰ নেওগৰ কথাত সুৰ মিলাই ক’বলৈ গ’লে আমিও এইটো স্বীকাৰ কৰিব লাগিব যে, দৈত্যাৰি ঠাকুৰে বৌদ্ধিক সততাৰ পৰিচয় দি নিজৰ চৰিত পুথিখন ৰচনা কৰি উলিয়াইছে। তেওঁ চৰিত পুথি লিখাৰ বেলিকা ‘নাহিকে আৰিহি’ প্ৰসংগটো উল্লেখ কৰিছে। তেওঁ শংকৰদেৱৰ জীৱনৰ প্ৰাৰম্ভিক কালছোৱাৰ কথাহে চমুকৈ লিপিবদ্ধ কৰিছে। তেওঁৰ ৰচনাত মাধৱদেৱৰ জীৱনবৃত্ত বিস্তৃত পৰিসৰত আলোচিত হৈছে। তেওঁ মাধৱদেৱৰ জীৱনৰ সূক্ষ্মাদি-সূক্ষ্ম বিষয়সমূহক পোহৰলৈ আনিবলৈ প্ৰয়াস কৰিছে। সেই ফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে, তেওঁৰ আলোচনাই বিশ্লেষণাত্মক ৰূপ পৰিগ্ৰহ কৰিছে। তেওঁ অন্যান্য চৰিতকাৰসকলৰ দৰে বিষয়বস্তুৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে যদিও মাজে মাজে কাহিনীৰ গতি স্থবিৰ হৈছে আৰু তেনে বিন্দুত কাহিনীয়ে তাৰ সাৱলীল ৰূপটো ৰক্ষা কৰিব পৰা নাই। প্ৰকাশভংগীৰ ক্ষেত্ৰত দুই এটা ত্ৰুটীও নথকা নহয়। মাজে মাজে প্ৰকট হোৱা এই দোষ ত্ৰুটীসমূহ বাদ দিলে, সামগ্ৰিকভাৱে চৰিত পুথিখনত বৰ্ণনীয় বিষয়ৰ পৰিপাট্যতা আৰু সুগভীৰ দাৰ্শনিক তত্ত্বৰ প্ৰকাশ ঘটিছে। পদবোৰ লয়যুক্ত, শুৱলা আৰু স্বাচ্ছন্দ্যপূৰ্ণ।

ভূষণ দ্বিজ : ভূষণ দ্বিজ হ’ল অন্য এজন উল্লেখযোগ্য চৰিতকাৰ। নাৰায়ণ দাস ঠাকুৰ আতাৰ উদ্যোগত চক্রপাণি নামৰ ব্ৰাহ্মণ এজনে শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। এই চক্রপাণিৰে নাতিনীয়েক ভূষণ দ্বিজ। ঠাকুৰ আতাৰ কনিষ্ঠ ৰামানন্দৰ উপদেশ মতে তেওঁ ‘শংকৰ চৰিত’ ৰচনা কৰিছিল বুলি কথিত আছে। কালিৰাম মেধিয়ে ভূষণ দ্বিজৰ সময় ১৫০৭ খ্ৰীঃৰ পৰা ১৫৭৭ খ্ৰীঃ বুলি কৈছে যদিও খ্ৰীঃ ১৬৩০ চন মানতহে তেওঁ শংকৰ চৰিত সম্পূৰ্ণ কৰাৰ কথা পোৱা যায়। মহেশ্বৰ নেওগে এই চৰিতৰ ৰচনাকাল পুৰুষোত্তম ঠাকুৰৰ মৃত্যু ১৫৩৮ শক (১৬১৬ খ্ৰীঃ) আৰু চতুৰ্ভুজ ঠাকুৰৰ মৃত্যু ১৫৭১শক ১৬৪৯ খ্ৰীঃৰ মাজ ভাগত বুলি অনুমান কৰিছে। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে পুৰুষোত্তম ঠাকুৰৰ মৃত্যুৰ পিছত চতুৰ্ভুজ আমৰাঙা বিলৰ পাৰত বিষুপুৰ সত্ৰ স্থাপন কৰা কালত দ্বিজ ভূষণে তেওঁৰ চৰিত পুথিখন ৰচনা কৰিছিল। আলোচকসকলৰ দৃষ্টিত ভূষণ দ্বিজৰ শংকৰ চৰিতখনত সমসাময়িক অসমীয়া সমাজ, অসমৰ ধৰ্মীয় জীৱন, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ চিত্ৰও প্ৰতিভাত হৈছে। মন কৰিবলগীয়া যে, অন্যান্য চৰিতকাৰসকলৰ ৰচনাৰ দৰে ভূষণ দ্বিজৰ চৰিত পুথিখনত অলৌকিক প্ৰসংগৰ আধিক্য ঘটা নাই। অৱশ্যে তেওঁৰ এই চৰিত পুথিত কিছুমান ক্রম গৃহীত ক্রমৰ লগত নিমিলে। এই চৰিতখনত গুৰু দুজনাৰ লগত থকা নাৰায়ণ দাস ঠাকুৰ আতা সম্পৰ্কে বিস্তৃত বৰ্ণনা সন্নিবিষ্ট হৈছে। ভূষণ দ্বিজে বাহুল্য পৰিহাৰ কৰি পয়াৰ ছন্দত চমুকৈ শংকৰ চৰিত বৰ্ণনা কৰিছিল। বিষয়বস্তু উপস্থাপনৰ বেলিকাও তেওঁ তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিছে। তেওঁ শংকৰদেৱৰ জীৱনৰ প্ৰথম চোৱাৰ ঘটনাৱলী ঠাকুৰ আতাৰ লগত হোৱা কথোপকথনৰ মাজেদি লিপিবদ্ধ কৰিছে। সেইদৰে তেওঁ শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ প্ৰায়বোৰ ঘটনা চমুকৈ বৰ্ণনা কৰিছে। ভূষণ দ্বিজৰ চৰিত পুথিখনৰ ভাষা প্ৰাঞ্জল, বাক্যৰীতি সুগঠিত আৰু সমগ্ৰ গ্ৰন্থখনিতে উপযুক্ত শব্দচয়ন আৰু ছন্দৰ ব্যৱহাৰৰ বাবে সাহিত্যিক সৌন্দৰ্য ফুটি উঠিছে।

বৈকুণ্ঠ দ্বিজ : সাহিত্যৰ বুৰঞ্জীত বৈকুণ্ঠ দ্বিজৰ সময় সপ্তদশ শতিকাৰ প্ৰথম তৰঙ্গ বুলি নিৰ্ধাৰণ কৰিছে। আলোচক মহেশ্বৰ নেওগে বৈকুণ্ঠ দ্বিজৰ চৰিত পুথি ‘সন্তমালা কথাসাৰ’ৰ আলোচনা প্ৰসংগত লিখিছে যে শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰে সংক্ষেপতে পদগুৰু চৰিত এখন ৰচনা কৰিবলৈ আদেশ কৰাত বৈকুণ্ঠই নিজৰ গুৰুৰ আজ্ঞা শিৰোধাৰ্য কৰি সন্তমালা কথাসাৰ ৰচনা কৰে। তেওঁ শংকৰদেৱৰ নাতি চতুৰ্ভুজৰ ভনীয়েক সুভদ্ৰাৰ পুত্ৰ দামোদৰ আৰু নিৰঞ্জন গাভৰুগিৰীৰ তিনিজন পুত্ৰই দীঘলী, চামগুৰি আৰু চৰাইখোৰোং এই তিনিখন পুৰুষ সংহতিৰ সত্ৰ স্থাপনৰ কথা উল্লেখ কৰাৰ উপৰিও চতুৰ্ভুজ ঠাকুৰে তামৰঙ্গা বিলৰ পাৰত সত্ৰ স্থাপন কৰাৰো বিৱৰণ দিছে। উল্লেখ কৰি অহা এই কথাখিনিৰ পৰা এই চৰিত পুথিখন ১৬৪৮ খ্ৰীষ্টাব্দৰ পূৰ্বে অৰ্থাৎ চতুৰ্ভুজ ঠাকুৰৰ মহাপ্ৰয়াণৰ পূৰ্বে ৰচনা কৰাৰ ইঙ্গিত বহন কৰা বুলিব পাৰি। সন্তমালা কথাসাৰ বা সন্তাৱলী চৰিত পুথিখনৰ বৈশিষ্ট্য হ’ল ইয়াত শংকৰদেৱ-মাধৱদেৱ আৰু পুৰুষোত্তম চতুৰ্ভুজ ঠাকুৰৰ জীৱনবৃত্ত চমুকৈ বিস্তৃত হৈছে। চৰিত পুথিখন চমু যদিও ইয়াত কাল্পনিক প্ৰসংগৰ ‘ঠেলা-হেঁচা নাই’। অৱশ্যে চৰিতকাৰে ইয়াত চৈতন্য, হৰিব্যাস, ৰামানন্দৰ লগতে শংকৰদেৱকো একে লগ কৰি বিষ্ণুৰ চতুৰাৱতাৰৰ কথা উল্লেখ কৰিছে। কোঁচ ৰাজ নাৰায়ণে শংকৰদেৱৰ ওচৰত শৰণ ল’বলৈ নেৰানেপেৰাকৈ ধৰাত মহাপুৰুষ শংকৰদেৱ আৰু সেই একেটা কাৰণতে লক্ষ্মীনাৰায়ণে নেৰা-নেপেৰাকৈ ধৰাত মহাপুৰুষ মাধৱদেৱৰ মহাপ্ৰয়াণ ঘটা কথাটো পোনপ্ৰথমে বৈকুণ্ঠ দ্বিজে তেওঁৰ চৰিত পুথিত উল্লেখ কৰিছে। চৰিত পুথিখনত সমসাময়িক সামাজিক আৰু সাংস্কৃতিক জীৱনৰ বহু চিত্ৰ ফুটি উঠা পৰিলক্ষিত হয়।

অনিৰুদ্ধ দাস : এওঁ ৰচনা কৰা চৰিত পুথিখনৰ নাম ‘গুৰু বৰ্ণনা’। তেওঁক ৰমাকান্তৰ ভক্ত চৰিতকাৰ বুলি মহেশ্বৰ নেওগে আখ্যা দিছে। ৰমাকান্ত হৈছে শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰৰ জ্যেষ্ঠা ভগ্নীৰ পুত্ৰ দামোদৰদেৱৰ পুত্ৰ। ৰমাকান্তৰ সময় ১৫৭৪-১৬৩৯ শক অৰ্থাৎ ১৬৫২-১৭১৭ খ্ৰীষ্টাব্দ বুলি নেওগে মত আগবঢ়াইছে। এই চৰিত পুথিত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ আভাস মাত্ৰ আছে। চৰিতকাৰৰ প্ৰধান বিষয় পুৰুষোত্তম আৰু চতুৰ্ভুজ ঠাকুৰৰ চৰিত। চৰিতখনিত এটি নিৰাড়ম্বৰ সৌন্দৰ্য বৰ্তমান। ইয়াত চৰিতকাৰে শংকৰদেৱৰ পৰা আৰম্ভ কৰি ৰমাকান্তলৈকে চন-তাৰিখ আদি পাৰ্যমানে দি পন্থ-বিস্তাৰৰ বৰ্ণনা দিছে।

অন্যান্য চৰিতকাৰসকল : এইসকল প্ৰধান চৰিতকাৰৰ উপৰি আৰু বহু চৰিতকাৰে চৰিত পুথি ৰচনা কৰিছিল। তেনে এজন চৰিতকাৰ হ’ল দামোদৰ দাস। পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ হাতত থকা দামোদৰ দাসৰ ‘গুৰু চৰিত্ৰ’ নামৰ শংকৰ-চৰিতখনত শংকৰদেৱৰ লগত থকা ব্ৰাহ্মণ ভকতৰ তালিকা এখন সন্নিৱিষ্ট হৈছে। এই চৰিত পুথিখন ১২১টা পদৰ সমষ্টি। এই পদসমূহ কীৰ্তন ঘোষাৰ আৰ্হিত দিয়া হৈছে। ৰামৰায় নামৰ চৰিতকাৰজনে ‘গুৰু-লীলা’ চৰিত পুথিৰ ৰচনা কৰিছিল। ইয়াত দামোদৰদেৱ আৰু ভট্টদেৱৰ জীৱনগাথা বৰ্ণিত হৈছে। এইখন এখন গম্ভীৰ প্ৰকৃতিৰ চৰিত পুথি। চৰিতকাৰ লোচ সত্ৰৰ অৰ্জুনদেৱৰ শিষ্য। এই চৰিত পুথিখন  ৰচনা কৰাৰ সময়ত দৰঙৰ ৰজা আছিল চন্দ্ৰনাৰায়ণ (১৬৪৩-৬০) আৰু বেহাৰৰ ৰজা আছিল প্ৰাণনাৰায়ণ (১৬৩৩-৬৬)। ৰামানন্দ দ্বিজে বংশীগোপালদেৱৰ জীৱনী এখন দক্ষতাৰে আৰু মুকলি মনেৰে বৰ্ণাই লিখিছে। এই চৰিত পুথিখন ৰচনা কৰিবলৈ তেওঁক মাধৱদেৱ আৰু দামোদৰদেৱে ‘সংযুক্ত আজ্ঞা’ দিছিলে। তেওঁৰ বৰ্ণনাভাগ মনোগ্ৰাহী আৰু কবিত্বময়। নীলকণ্ঠ দাসে দামোদৰ দেৱৰ আজ্ঞাপৰ কায়স্থ মহন্ত মনোহৰৰ (বেতবাৰি, ফুলগুৰি সত্ৰ) পৰিনাতি গোলাপৰ দিনত ‘দেৱদামোদৰ-চৰিত্ৰ’ ৰচনা কৰে। মহেশ্বৰ নেওগে এইখনক এখন ভাল চৰিত ৰচনা বুলি মত দিছে। শ্ৰীকৃষ্ণ মিশ্ৰইও দামোদৰ বিষয়ে আন এখন চৰিত ‘দামোদৰ চৰিত’ ৰচনা কৰিছিল। বিদ্যানন্দ দ্বিজ ওজাই ‘ঠাকুৰ-চৰিত’ ৰচনা কৰে। ইয়াত তেওঁ শংকৰ-মাধৱ চৰিত্ৰৰ সামান্য আভাস দি পুৰুষোত্তম আৰু চতুৰ্ভুজ ঠাকুৰৰ জীৱনৰ এটি সম্যক আৰু সমসাময়িক চিত্ৰ দাঙি ধৰিছে। ভদ্ৰ চাৰু হৈছে পুৰুষোত্তম ঠাকুৰৰ কন্যা কেশৱপ্ৰিয়াৰ স্বামী আৰু ভাত-নাখাঁতীৰ পুত্ৰ সাৰঙ্গপাণিৰ (দীঘলী সত্ৰ, মাজুলী) পৰিনাতি। ভদ্ৰচাৰুৱে চতুৰ্ভুজ ঠাকুৰৰ কন্যা সুভদ্ৰাৰ পুত্ৰ অনন্তৰাম আতাৰ (শলগুৰি, কোৱামৰা আদি সত্ৰৰ সংস্থাপক, গদাধৰ সিংহৰ পৰা শিৱসিংহলৈকে সমসাময়িক) চৰিত ৰচনা কৰে। ইয়াত গদাধৰসিংহৰ দিনত মহন্ত-নিগ্ৰহৰ বহুল বৰ্ণনা দিয়া হৈছে।  পূৰ্ণানন্দদেৱ হৈছে গোপাল আতাৰ আজ্ঞাপৰ খৌৰামোচৰৰ ৰামচন্দ্ৰ বাপৰ প্ৰশিষ্য। তেওঁ ৰচনা কৰা ‘গোপালদেৱ-চৰিত’ এখন স্বয়ং-সম্পূৰ্ণ বিৱৰণ থকা চৰিত পুথি। জয়নাৰায়ণে ‘ৰামগোপাল-চৰিত’ ৰচনা কৰিছে। তাত তেওঁ শ্ৰীৰামদেৱ, ৰামানন্দ আৰু ৰামগোপালদেৱৰ চৰিত বহলকৈ ৰচনা কৰিছে। বৰযদুমণিদেৱৰ পৰিনাতি জগবন্দনদেৱে ‘যদুমণিদেৱৰ চৰিত্ৰ’ ৰচনা কৰিছে। তেওঁৰ সময় ১৫৫৩-১৬১৬ শক অৰ্থাৎ ১৬৩১-১৬৯৪ খ্ৰী. হিচাপে সাহিত্যৰ বুৰঞ্জীত উল্লেখ আছে। চতুৰ্ভুজ কায়স্থই   ‘যদুমণি-ৰামানন্দ-চৰিত্ৰ’ ৰচনা কৰে। লেংদী সত্ৰৰ উদিতৰামদেৱে তেওঁৰ পিতৃ ৰতিকান্তদেৱৰ জীৱন বৃত্তান্ত থকা ৰতিকান্তদেৱ চৰিত্ৰ’ ৰচনা কৰিছিল। নমাটি সত্ৰৰ প্ৰেমাহাৰদেৱে (যদুমণিদেৱৰ পুত্ৰ শ্ৰীকান্তৰ পুত্ৰ) ‘বিনন্দশ্যাম দেৱৰ চৰিত্ৰ’ ৰচনা কৰে। শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ চাৰিপুত্ৰৰ কণিষ্ঠ মহাকৃষ্ণৰ পৰিনাতি ৰামনাথ শিঙৰিৰ ওচৰৰ বৰকলা সত্ৰৰ সংস্থাপক আৰু তেওঁ বৰ ভকতৰ বংশাৱলীৰে ‘সন্তমুক্তাৱলী’ ৰচনা কৰে। হেমচন্দ্ৰ গোস্বামীয়ে ইয়াত ৰচনাকাল ১৫৩০ শক অৰ্থাৎ১৬০৮ খ্ৰী. বুলি নিৰ্ধাৰণ কৰিছে। জয়নাৰায়ণে ‘লক্ষ্মীপতি-চৰিত্ৰ’ ৰচনা কৰে।  বাণেশ্বৰ আৰু দিবাকৰ দ্বিজে ‘হৰিদেৱ চৰিত্ৰ’ এখন ৰচনা কৰে।  মহেশ্বৰ নেওগে উল্লেখ কৰিছে যে ভৱানন্দ মিশ্ৰই দৰঙী ৰজা চন্দ্ৰনাৰায়ণৰ দিনত (১৬৪৩-৬০) লেচাকণা ‘গোৱিন্দ-চৰিত’ ৰচনা কৰে। ৰমাকান্ত দ্বিজৰ ‘বনমালীদেৱ-চৰিত’ত দক্ষিণপাট সত্ৰৰ আদি বুৰঞ্জী সন্নিৱিষ্ট হৈছে। সৰ্বানন্দ নামৰ এজন চৰিতকাৰৰ ৰচনা ‘গোপীনাথ ঠাকুৰদেৱৰ চৰিত’ত জৰাবাৰী সত্ৰৰ ইতিহাস লিপিবদ্ধ হৈছে। চিদানন্দ দেৱে ১৮০২ শকত ‘বংশাৱলী পুথি’ ৰচনা কৰিছিল। এই চৰিত পুথিখনত মোৱামৰীয়া বিদ্ৰোহৰ কথা লিপিবদ্ধ হৈছে।এইদৰে বিচাৰ কৰি চালে দেখা যায় যে, বিভিন্ন জন চৰিতকাৰে শংকৰ-মাধৱৰ উপৰি বিভিন্নজন সন্তৰ জীৱন চৰিত ৰচনা কৰিছে। এই চৰিত পুথিসমূহৰ জৰিয়তে শংকৰোত্তৰ যুগৰ সমাজ ব্যৱস্থা, ধৰ্মীয় চিন্তা, সমসাময়িক অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰো আভাস পাব পাৰি। অৱশ্যে মধ্যযুগীয় অসমীয়া সাহিত্যৰ এটি বিশিষ্ট শাখা ৰূপে আলোচকসকলৰ দৃষ্টিত ধৰা দিয়া এই চৰিত পুথিসমূহ পূৰ্ণাঙ্গ ৰূপত নিখুঁত নহয়। সমালোচনাৰ দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলে চৰিত পুথিসমূহত কেতবোৰ দোষ চকুত পৰে। চৰিত পুথিসমূহত আলোচ্য ব্যক্তি (গুৰু গৰাকী) গৰাকীৰ ব্যক্তিত্বত তেওঁৰ অনুচৰ-অনুগামীসকলে ঐশ্বৰিকত্ব আৰোপ কৰি নানা অলৌকিক প্ৰসংগৰ অৱতাৰণা কৰিছে। কেতিয়াও আলোচ্য ব্যক্তিৰ চৰিত্ৰ আৰু কাৰ্যাৱলীৰ বিশ্লেষণাত্মক আলোচনা আৰু কোনো ক্ষেত্ৰত গঠনমূলক সমালোচনা সন্নিৱিষ্ট নহ’ল। আনহাতে চৰিত পুথিসমূহত ঘটনাৰ সমাৱেশ বিশৃংখলভাৱে সন্নিৱিষ্ট হৈছে। ইও এক প্ৰকাৰৰ ত্ৰুটী।

এনে দোষ-ত্ৰুটি থকা স্বত্বেও চৰিত পুথিসমূহে পৰৱৰ্তী যুগৰ লেখকসকলক জীৱনী লিখিবলৈ অনুপ্ৰাণিত কৰিছিল। মধ্যযুগীয় অসমীয়া ভাষাৰ এটি বিশিষ্ট ৰূপ চৰিত পুথিৰ গদ্যত ৰক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!