লক্ষ্মীনাথ বেজবৰুৱাৰ “হ-য-ব-ৰ-ল”

http://soundcloud.com/kothabotora/hzbrlfinal/
‘হ-য-ব-ৰ-ল’ – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (HZBRL – Laxminath Bezbaruah) by kotha-botora

লক্ষ্মীনাথ বেজবৰুৱাৰ “হ-য-ব-ৰ-ল”

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ
হ-য-ব-ৰ-ল

ভাৱৰীয়া-ভাৱৰীয়ানী
গোলোকচন্দ্ৰ বৰা         – হাইস্কুলৰ হেডমাষ্টৰ, নামজ্বলা সাহিত্যিক৷
ৰুক্মিণী বৰা                  – গোলোক বৰাৰ গৃহিণী, আই-এ পাছ, নাৰী-সমিতিৰ সম্পাদিকা৷
পীতৰাম নেওগ             – খৰিকাজান বাগিছাৰ গৰাকী, গোলোক বৰাৰ বন্ধু আৰু ওচৰচুবুৰীয়া৷
ললিতা নেওগ   – পীতৰামৰ গৃহিণী, বি-এ পাছ৷
টেপু                             – গোলোক বৰাৰ পুতেক৷ বয়স দহ বছৰ৷
মোলোকা                      – টেপুৰ লগৰীয়া ল’ৰা৷
কান্দুৰী             – গোলোক বৰাৰ বান্দী৷

প্ৰথম দৰ্শন
স্থান- গোলোক বৰাৰ ঘৰৰ বহল “বাৰান্দা”৷ (বৰা চকী এখনত বহি আছে৷ তেওঁৰ হাতত কাপ; আগতে মেজ এখনত তুলাপাত৷ বৰা গভীৰ চিন্তাতনিমগ্ন৷)

গোলোক : (স্বগত)৷ মোৰ মহাকাব্যখনৰ সঁজুলিবোৰতো ইমান ভাবিচিন্তি থিৰ কৰিলোঁ৷ সৰ্গ দহোটা হ’ব৷ কিন্তু লেখোঁ কি ছন্দত? অমিত্ৰাক্ষৰৰ ওপৰত মোৰ সিমান দখল নাই৷ মিত্ৰাক্ষৰৰ ওপৰত অৱশ্যে আছে৷ কিন্তু অমিত্ৰাক্ষৰ নহ’লে মহাকাব্যৰ আজিকালি মান ক’ত”
[পাছফালৰ পৰা ৰুক্মিণীৰ প্ৰৱেশ৷]
ৰুক্মিণী : বোলোঁ কাব্য ভাবি থাকিলেই (গোলোক বৰা উচাপ্ খাই উঠে৷) পেট ভৰিব নে? ঘৰত আজি খুদকণ এটাও নাই৷ যোৱাঁ, মহাজনৰ গোলাৰ পৰা উঠনা কৰিয়েই চাউল সেৰচেৰেক লৈ আহাঁগৈ৷ দৰ্মহা পালে তাৰ দামটো পঠিয়াই দিলেই হ’ব৷ নাৰী-সমিতিৰ কামত লাগি থাকি মোৰ উশাহ লবলৈকি সময় নাইকিয়া হৈছে৷ দেশৰ কাম নকৰিও নোৱাৰি৷ তুমি তোমাৰ মহাকাব্য লৈয়ে ব্যস্ত৷ দেশৰ কামত মোক সহায় কৰিবৰ নামটিও নাই৷

গোলোক : বাৰু চাউল আনিবলৈ যাম এতিয়াই৷ তুমি একো চিন্তা নকৰিবা৷ তোমাৰ নাৰী-সমিতিৰ কামো সুকলমে হ’ব আৰু চাউল-ফাউল যি লাগে, এটাইবোৰ আহি পৰিব৷ কিন্তু তুমি কোৱাচোন, মোৰ কাব্যখন অমিত্ৰাক্ষৰ ছন্দত লেখিলে ভাল হ’ব নে মিত্ৰাক্ষৰ ছন্দত লেখিলে ভাল হ’ব? তুমি কোনটো পছন্দ কৰা? মই হ’লে ভাবি একো থিৰ কৰিব পৰা নাই৷ বোলোঁ তুমিয়েইচোন প্ৰথমতে মোক এইটো কামত সহায় কৰা৷

ৰুক্মিণী : তুমি মিত্ৰ অমিত্ৰ যিহতে মন যায়, লেখি থাকা দেওহে৷ মোৰ মিত্ৰও ভাল অমিত্ৰও ভাল৷ সেইবোৰ ভাবিবৰ মোৰ আহৰি নাই৷ কাইলৈ আমাৰ নাৰী-সমিতিৰ অধিবেশন৷ কাব্যৰ কথা ভাবোঁ ছাৰি মোৰ মৰিবলৈকো আহৰি নাই৷
[কান্দুৰীৰ প্ৰৱেশ৷]
কান্দুৰী : আয়ে নাৰী-কুমটিৰ কামোৰত এখন্তকো আহৰিকে নেপায়৷ দেউতায়ো যদি আকৌ তাৰ ওপৰতে দিনৌ ঘোষাপদৰ কাইব লেখি কাল কটাব লাগিল, তেন্তে এই ঘৰখন চলিব কেনেকৈ? সিফালে টেপু বোপাক লগুণ এডাল নিদিলে বামুণৰ ল’ৰাৰ গাত জাত থাকে কেনেকৈ? এই মাহতে সি এঘাৰত নপৰিল নে?

গোলোক : কথাটো ঠিক কৈছ কান্দুৰী৷ টেপুৰ লগুণদিয়নিখনো এই মাহৰ ভিতৰতে যেনেতেনেমতে পাতিবই লাগিব৷ এতিয়াই মই মহাজনপটীলৈ গৈ তাৰ নিমিত্তে বস্তু-বেহানিৰ দিহা কৰোঁগৈ৷ কিন্তু মই লেখিব খোজা মহাকাব্যখনৰ ছন্দটোৰ বিষয়ে একো ঠিক কৰিব নোৱাৰি বিমোৰত পৰি আছোঁ৷ সেই বিষয়ে তই মোক কিবা সহায় কৰিব পাৰনে কান্দুৰী?
[টেপুৰ প্ৰবেশ৷]
টেপু : আই মোৰ বৰ ভোক লাগিছে৷ কি আছে খাবলৈ দিয়া৷ নহ’লে মোৰ পেটৰ অগনিয়ে মোক দহি পেলাব৷

ৰুক্মিণী : তইনো ক’ৰ পৰা ঘামিজামি ওলাইছহি? সেই পুৱাই তই ওলাই গলি, এতিয়ালৈকে দেখিবলৈ পাবলৈ নাই৷ কৰবাত দুষ্টালি কৰি ফুৰি এতিয়া খাওঁ খাওঁ ৰাইকহ হৈ ওলাইছহি৷ কান্দুৰীক খোজ৷ সেই হেদালিতে তাই পিঠাগুৰিৰ জলপানটো সজাই তুলি থৈছে হবলা, খাগৈ৷ মই নাৰী-সমিতিৰ কামত উশাহকে ল’বলৈ সময় পোৱা নাই৷

কান্দুৰী : আহ বোপাই৷ আহ৷ ময়ে তোক খাবলৈ দিওঁগৈ৷
[গোলোক বৰা আৰু কান্দুৰীৰ প্ৰস্থান৷]
[পীতৰামৰ প্ৰবেশ৷]
ৰুক্মিণী : আহক, আহক, বহক, বহক৷ আমাৰ ডাঙৰীয়া এতিয়াই ওলা ই গ’ল৷ আপোনাৰ খবৰ কি? কেনে আছে?

পীতৰাম : কেনে থাকিম আৰু মিছেজ বৰা? মোৰ প্ৰাণ ওষ্ঠাগত৷ আৰু অসহ্য হৈ উঠিছে৷ সেই টেৰিয়ৰ নে ফেৰিয়ৰ কুকুৰটো মোৰ কাল হ’ল৷ তাক মই দুচকুৰে দেখিব নোৱাৰোঁ৷ ঘৰৰ ঘৈণীয়ে তাক লৈ ক’ত যে থব ভাবিকে নাপায়৷ তাক মূৰত থ’লে ওকণীয়ে খায়, মাটিত থ’লে পৰুৱাই খায় হৈছে৷ ভাবি চাওকচোন, মোৰ শুৱাপাটীত তাক শুৱায়৷ মোৰ গাখীৰ খোৱা বানবাটিত তাক গাখীৰ-ভাত খুৱায়৷ দেখিলে বিক্‌চিনাত মোৰ গা শিয়ঁৰি উঠে৷ মই মুখ বজালেই মোৰে সৈতে তেওঁৰ খনে খনে দন্দ হয়৷ মোৰ ঘৰ নহৈ বাঁহতল হ’ল মিছেজ বৰা! মই বৰ অশান্তিত আছোঁ বুজিছে নে? কোনোবাই যদি তেওঁ নজনাকৈ এই আপদটো আঁতৰাই দিব পাৰে মই তাক গোটাচেৰেক টকাকে দিবলৈ সাজু আছোঁ৷
[টেপু কাষ চাপি আহে৷]
টেপু : নেওগ দদায়ে ঠিক কৈছে নে? ময়েই তাক আঁতৰাই দিয়াৰ দিহা কৰিব পাৰোঁ৷ অৱশ্যে আপুনি যদি পাঁচটকা ৰূপ খৰচ কৰে৷ মোৰ লগৰীয়া ল’ৰা এটা আছে৷ ধন পালে সিয়েই সেইটো কৰি দিব৷

পীতৰাম : দিম মই পাঁচটকা ৰূপ, তই যদি সেইটো কাম কৰাই দিব পাৰ৷ কিন্তু মোৰ ঘৰৰ ঘৈণীয়ে ভূ পালে, মই গলোঁ জানি থবি৷

ৰুক্মিণী : টেপু৷ তই কি বক্‌বক্ কৰিছ? তই বৰ দুষ্ট হৈছ৷ নেওগনীয়ে গম পালে, তোৰ নিমিত্তে আমি ঘৰঘৰোৱাহেৰে সৈতে তেওঁৰ মনান্তৰ হ’ব৷ তেওঁ কুকুৰটো কিমান ভাল পায়, তই দেখা নাই নে?

পীতৰাম : টেপুৱেও দেখিছে, ময়ো দেখিছোঁ৷ সেই দেখিয়েইহেতো সি মোৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে৷

টেপু : আই৷ তুমি ভয় নেখাবা, মোৰ বুধি আছে৷ কেনেকৈ মই সেই কামটো কৰাওঁ চাই থাকা৷ কোনেও গম নাপায়৷ এতিয়া নেওগ দদায় মোক পাঁচটকা ৰূপ দিলেই কাৰ্য্য সিদ্ধি৷

পীতৰাম : নে এই পাঁচটকা৷ কিন্তু সাৱধান, কোনেও ঘূণাক্ষৰে যেন এই কাৰ্য্যৰ যেন সম্ভেদ নেপায়৷

টেপু : তুমি ভয় নকৰিবা দদাই৷ চাই থাকা, তোমাৰ টেপুৱে কি কৰে৷
[ললিতাৰ প্ৰৱেশ৷]

ৰুক্মিণী : আহাঁ, আহাঁ, বহাঁ মোৰ ভনীটী৷ কাইলৈ আবেলি চাৰিবজাত আমাৰ নাৰী-সমিতিৰ অধিবেশন হ’ব৷ তুমি জাননী পাইছা নিশ্চয়৷ নাই পোৱা যদিও ময়ে এতিয়া দিলোঁ৷ তুমি আহিবই লাগিব৷ তাত প্ৰস্তাৱ এটা সমৰ্থন কৰাৰ বাব তোমাৰ গাত আছে৷

ললিতা : কাইলৈ সভালৈ মই যাব পাৰিম নে নোৱাৰিম কব নোৱাৰোঁ৷ বাইদেও! ববিয়ে (কুকুৰটোৰ নাম) আজি ভালকৈ গাখীৰ-ভাত নেখালে৷ এতিয়াই দুটকা ৰূপ ভিজিট দি পশু-ডাক্তৰক মাতি আনিছিলোঁ৷ তেওঁ ববিক কাইলৈ কেষ্টৰ অইলৰ জুলাপ দিব বুলি কৈ গৈছে৷ যদি ববি ভালে থাকে সভালৈ যাম৷ ববিৰ টেম্পৰেছৰ লবলৈ থাৰ্মমিটাৰ এটা বিচাৰি আপোনাৰ কাষলৈ আহিছোঁ৷ যদি আছে মোক দিয়ক৷ মোৰটো ভাগি গ’ল৷ (পীতৰামৰ ফালে চাই) তুমি ইয়াত মেল মাৰি আছাঁহি৷ ববিৰ নৰিয়া৷ ঘৰত কোনো নাই৷ মই অকলে ভাবি মৰিছোঁ৷ লাগে বুলিলে ডাক্তৰ-ফাক্তৰ এজনকো মাতিবলৈ মানুহ এটা ঘৰত নাই৷ পশু-ডাক্তৰক মই নিজেহে গৈ মাতি আনিলোঁ৷

পীতৰাম : ববিৰ গা ইমানকৈ বেয়া হৈছে বুলি মই নেজানিছিলো৷ যি হওক, মই যাম এতিয়া৷ গৈ যি পাৰোঁ এটা দিহা কৰিমগৈ৷ ববিৰ কিবা হ’ব লাগিলে আমি নিগমে বুৰিলোঁ৷

ললিতা : ঠাট্টা কৰিব নেলাগে৷ কটা ঘাত চেঙা তেল নিদিবা৷ তুমি ইয়াতে বহি থাকা৷ চৰ্দ্দাৰী কৰিবলৈ তোমাৰ যাবৰ দৰকাৰ নাই৷ মই অকলৈ যি পাৰোঁ তাকে কৰিম৷
[পীতৰামে টেপুৰ চকুলৈ চায় আৰু টেপু উঠি যায়৷]
শুনিছে নে বাইদেও৷ সিদিনা ববিক বাটৰ কুকুৰ এটাই কামুৰিবলৈ খেদি আহিছিল৷ আমাৰ এই থোপোৰা ডাঙৰীয়াজনে ওচৰতে বহি আছিল, একোকে নকৰিলে৷ ববিৰ চিঞৰ শুনি মই ভিতৰৰ পৰা লৰি আহি ববিক কোলাত তুলি লৈ, সেই বাটৰুৱা কুকুৰটোক খেদাইহে সেই দিনা ববিক ৰাখিলোঁ৷ সেই ভয়তে তিনিদিনলৈকে ববিয়ে জ্বৰ ভুগিলে৷ (গিৰিয়েকলৈ চাই) তোমাক মই জানো৷ ববিৰ কিবা এটা হ’লে তোমাৰ পৰম সন্তোষ৷ এতিয়া সেইদৰে কৈ মোৰ সৈতে শঠামিতিৰখন পাতিব নেলাগে৷ বাইদেও! মই যাওঁহে এতিয়া৷ ববি ঘৰত অকলে আছে৷ তাৰ নিমিত্তেই মই ঘৰ এৰি কলৈকো যাব নোৱাৰা হলোঁ৷
[প্ৰস্থান]

দ্বিতীয় দৰ্শন
প্ৰথম অংকৰ একেখন ঠাইতে
পিছ দিনা
[ৰুক্মিণী আৰু পীতৰাম]
পীতৰাম : মিছেছ বৰা৷ এতিয়া দেখিছোঁ সিটোৱেই আছিল ভাল৷ সিটোতকৈ এইটোহে চৰা হ’ল৷ কালি কুকুৰটো নাইকিয়া হবৰে পৰা তেওঁ ভাত-পানী এৰি পাটীত পৰিল আৰু মোৰে সৈতে তেওঁৰ কথাবাৰ্ত্তা বন্ধ হ’ল৷ মোকে কিজানি সন্দেহ কৰিছে তাকো ক’ব নোৱাৰোঁ৷ অৱস্থা যেনে হৈ উঠিছে, এতিয়া পাৰিলে কুকুৰটো আকৌ অনাই দি ঘৰত শান্তি স্থাপন কৰিব পাৰিলে ৰক্ষা পাওঁ৷ নহ’লে কৰ পানী কলৈ যায় কব নোৱাৰোঁ৷

ৰুক্মিণী : এৰা, হঠাত কাৰ্য্যটো কৰি পেলোৱা হ’ল৷ তাৰ ফল এনেকুৱা ওলোটাটো হ’ব বুলি কোনে জানিছিল?
[টেপুৰ প্ৰৱেশ]
তাক কি কৰিলি মোৰ বোপাই৷ কচোন?

টেপু : নেওগ দদায়ে যিহকে কৰিবলৈ কৈছিল তাকে কৰিলোঁ৷

পীতৰাম : মাৰি পেলোৱা নাইতো? নাই মৰা যদি আকৌ আনি দে মোৰ মইনা৷ নহ’লে সেই মানুহজনীৰ বধৰ ভাগী হ’ব লাগিব৷ তাৰ শোকতে তেওঁ শুকাই-খীণাই মৰিব৷ পাৰ যদি মই আৰু দুই-চাৰি টকাকৈ খৰচ কৰিবলৈ সাজু আছোঁ৷

টেপু : মৰা নাই ঠিক৷ কিন্তু যাৰ হতুৱাই এই কামটো কৰোৱা হ’ল, সি কম ভকত নহয়৷ দদাইদেও! সি সতকাই যে তাক উলিয়াই দিব এনে মনে নধৰে৷ তথাপি অলপ টকা-কড়িকে যাচি চাম৷

পীতৰাম : নে এই দুটকা ৰূপ৷ ইয়াকে তাক দি কোনোমতে কুকুৰটো আনি আমাৰ ঘৰ পোৱাই দে মোৰ বোপাই৷

টেপু : দুটকাত কি হ’ব দদাইদেও? দুটকা সি হাতেৰেই নোছোৱে৷

পীতৰাম : নে আৰু দুটকা৷ (টকা দিয়ে) তথাপি কাৰ্য্যটো কৰি দে মোৰ সোণাই৷

টেপু : (টকা লৈ)৷ বাৰু চেষ্টা কৰি চাওঁ দদাইদেও৷ পাৰিম কিজানি৷

[গোলোক বৰা প্ৰৱেশ৷ হাতত এদিস্তা তুলাপাত৷]
গোলোক : (ৰুক্মিণীক)৷ নিয়া, এইয়া তোমাৰ বস্তু৷

ৰুক্মিণী : (আচৰিত মানি)৷ কি নিম? কি মোৰ বস্তু? এই তুলাপাতবোৰ লৈ মই কি কৰিম? তোমাক বজাৰৰ পৰা চাউল আনিবলৈ আৰু টেপুৰ লগুণদিয়নিলৈ মই বস্তুৰ দিহা কৰিবলৈহে পঠিয়াইছিলোঁ৷

গোলোক : (মূৰত হাত দি)৷ বাটত যাওঁতে যাওঁতে সেইটো পাহৰি গলোঁ টেপুৰ মাক৷ পাহৰি তুলাপাত এদিস্তা কিনো পেলালোঁ৷ বাৰু একো কথা নাই, আকৌ গৈ তোমাৰ ফৰ্ম্মাচী বস্তুবোৰ লৈ আহিমগৈ৷ এই তুলাপাতো সদ্যহতে মোৰ কামত লাগিব৷ বাটত আহোঁতে মোৰ মহাকাব্যখনৰ আৰম্ভণৰ ছশাৰীমান মনতে ৰচনা কৰি লৈ আহিছোঁ৷ বেগতে মোক মোৰ দোৱাত-কলমযোৰ দিয়াচোন৷ এতিয়াই লেখি নথলে পাহৰি যাম৷

ৰুক্মিণী : (মূৰে কপালে হাত দি)৷ মোৰ কপালেই এনেখন৷ তোমাক আৰু দূষিম কি! দিনে-ৰাতিয়ে মই নাৰী-সমিতিৰ কামত ব্যস্ত৷ দেশৰ সেৱাব্ৰতত মই মূৰ পুতি সোমাইছোঁ যেতিয়া আৰু ওলাবৰ উপায় নাই৷ ইফালে তোমাৰ এনেকুৱা মনৰ গঢ়৷
[ললিতাৰ প্ৰৱেশ]
আহাঁ ভনীটী আহাঁ৷ তোমাৰ মুখখন দেখোন একেবাৰেই শুকান?

ললিতি : (চকুৰ পানী টুকি)৷ আৰু কি সুধিছে বাইদেও? মোৰ কপাল ফুটিল৷ মোৰ ববিক আৰু জনমত মই দেখিবলৈ নাপাওঁ৷ (গিৰিয়েকলৈ চাই) সেইজনে ইয়াতে মেল মাৰি বহি আছে৷ ওলাই গৈ অ’ৰ ত’ত যদি মোৰ ববিক বিচাৰিলেহেঁতেন! সকলো মোৰ কপালৰ কথা৷ (টেপুলৈ চাই) হেৰ বোপাই! মোৰ ববিক তই বিচাৰি দিব নোৱাৰ নে? কোনোবাই তাক আনি দিব পাৰিলে, মই তাক টকাচেৰেক ৰূপকে দিবলৈ গাত লৈছোঁ৷ মোৰ ববিয়ে আজি দুদিন গাখীৰ-ভাত খাবলৈ পোৱা নাই৷ ভোকতে চেপেটা লাগিল চাগৈ!

টেপু : মই চেষ্টা কৰি চাওঁ খুৰীদেও৷ মোৰ এটা চিনাকী ল’ৰা আছে, সি বৰ হুচিয়াৰ৷ যদি ববি যমৰ ঘৰলৈ যোৱা নাই, তেন্তে সি বিচাৰি উলিয়াই দিব পাৰিব নিশ্চয়৷

ললিতা : সেইদৰে কিয় কৱ টেপু? ঈশ্বৰে কৰক যেন ববি যমৰ ঘৰলৈ নেযায়৷ তোৰ সেই লৰাটোৰ হতুৱায়ে মোৰ ববিক উলিয়াই দে মোৰ সোণাই৷ হোঁ এই পাঁচটকা ৰূপ লৈ যা, তাক দেগৈ৷

টেপু : পাঁচটকাত ক’ত হ’ব হবলা? বোলোঁ আপোনাৰ ববিৰ বেচ পাঁচ টকাহে খুৰীদেও?

ললিতা : নিশ্চয় পাঁচটকা নহয়৷ তাৰ বেচ মোৰ জীৱনটোহে৷ যি হওক, তই এই পাঁচটকাকে এতিয়া লৈ যা৷ ববিক পালে, মও শপত খাই কৈছোঁ আৰু পাঁচটকা তোৰ সেই ল’ৰাটোক দিম৷
[টেপুৰ প্ৰস্থান৷]

তৃতীয় দৰ্শন
(আগৰ ঠাইতে গোলোক বৰাই চকীত বহি মেজত কাকত লৈ লেখি আছে৷)
[ৰুক্মিণীৰ প্ৰৱেশ৷]
ৰুক্মিণী :    বোলোঁ শুনিছা নে? কালি আমাৰ সভাত সাবিত্ৰী দাস বি-এই যিখন ৰচনা পাঠ কৰিলে তুমি শুনাহেতেন আচৰিত মানিলাহেঁতেন৷ বিতোপন৷ শুনিলে শুনি থাকিবৰ মন যায়৷ আমাৰ দেশৰ মহিলা-সকলক দেশৰ কাৰ্য্য কৰিবলৈ এনে উদ্‌গনি ইয়াৰ আগেয়ে আৰু কোনেও এনেকৈ দিব পৰা নাই৷ তুমি ঠাট্টাকে কৰা বা যিহকে কৰা, কিন্তু জানি থবা আমাৰ নাৰী-সমিতিৰ দ্বাৰাই দেশৰ অনেক কাৰ্য্য হ’ব৷

গোলোক : ঠিক কৈছা ৰুক্মিণী৷ উদ্‌গনি শব্দটো মোৰ বৰঙণি শব্দটোৰ ঠিক মিলি যাব৷ মই মোৰ মহাকাব্যৰ পদ এফাঁকি বৰঙণি শব্দটোৰে শেষ কৰি, পাছৰ শাৰীলৈ মিল নাপাই অনেক আকাশ-পাতাল ভাবি বিমোৰত পৰি আছিলোঁ৷ এতিয়া ঘপহ কৰে পালোঁ৷ তোমাৰ সমিতিক অশেষ ধন্যবাদ৷ নিশ্চয় তোমাৰ নাৰী-সমিতিৰ দ্বাৰাই মোৰ মহাকাব্য উপকৃত হ’ল৷ মিছা মাতিবৰ আৰু উপায় নাই৷ মাতিলে নিমখহাৰামী হ’ব৷ উদ্‌গনি বৰঙণি, বৰঙণি উদ্‌গনি৷ বাঃ! কি ৰাজযোটক৷ মোৰ মহাকাব্যখন ছপা হৈ ওলালে অসমীয়া সাহিত্য-জগত জিলিকি উঠিব৷ এইটোনো আমাৰ দেশৰ সাহিত্যৰ পক্ষে কম উপকাৰৰ কথা নে? বাপ্‌ৰে বাপ্৷ মোৰ ভাবৰ ভুমুক আৰু ওলাই আহিছে৷ আৰু খনচেৰেক কাকত এতিয়াই মোক লাগিব৷ যাওঁ, নিজেই উঠি লৈ আহোঁগৈ৷
[প্ৰস্থান, পীতৰামৰ প্ৰৱেশ৷]
ৰুক্মিণী : কি খবৰ নেওগ? কুকুৰটো পালেনে?

পীতৰাম : পালোঁ, ৰক্ষা পৰিলোঁ৷ আপোনাৰ সোণামুৱা লৰা টেপুৱে মোক এই বিপদত ৰক্ষা কৰিলে৷
[টেপুৰ প্ৰৱেশ৷]
টেপু : নেওগ দদাই৷ মোলোকাই কুকুৰটো, খুৰীৰ হাতত আহিল নে?

পীতৰাম : কোনে দিলে মই ক’ব নোৱাৰোঁ মোৰ বোপাই৷ কিন্তু তোৰ খুৰীয়েৰে তোৰ কুকুৰটো পালে আৰু ময়ো জীলোঁ৷ কিন্তু চাবি, তোৰ খুৰীয়েৰে যেন এই ব্যাপাৰত মোৰ সংশ্ৰব থকাৰ কোনো শুংসূত্ৰ নেপায়৷

টেপু : আপুনিয়ো যেনে৷ বোলোঁ কোনো ভয় নকৰিব দদাইদেও৷ আপোনাৰ টেপু এনে কেচা ল’ৰা নহয়৷ মোৰ বন্ধু মোলোকাই তাক লৈ গৈ আপোনাৰ পদুলিমূৰত এৰি দিলতে সি লৰি গৈ আপোনাৰ ঘৰত সোমাল৷ ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰেও নেদেখিলে৷
[ললিতাৰ প্ৰৱেশ৷]
ৰুক্মিণী : আহাঁ ভনীটী আহাঁ৷ কুকুৰটো পালানে?

ললিতা : পালোঁ বাইদেও৷ মোৰ ববিক পালোঁ৷ মোৰ শৰীৰলৈ প্ৰাণ আহিল৷ (টেপুৰ ফালে চাই) টেপু৷ মই তোৰ গুণ কেতিয়াও পাহৰিব নোৱাৰোঁ৷ তাক ক’ত পালি, কেনেকৈ পালি, কচোন৷

টেপু : আৰু নুসুধিব খুৰীদেও৷ কত ঠাইত তাক বিচাৰি মই হাইৰাণ হলোঁ আৰু কি ক’ম? শেষত মোলোকাই-যাৰ কথা মই আপোনাক কৈছিলোঁ, আৰু যাক আপুনি দিয়া খৰছৰ টকা কেইটা দিছিলোঁ পুং বিচাৰি বিচাৰি, তাক কাটনি গাঁৱৰ মানুহ এঘৰত পালো৷ সিহঁতৰ চোতালৰ আগতে সিহঁতে তাক বান্ধি থৈছিল৷ এটা বাটৰুৱা কুকুৰৰ লগত গৈ সি হেনো সেইখিনিত ওলাইছিলগৈ৷ কুকুৰটো দেখিবলৈ ভাল দেখি সিহঁতে তাক বান্ধি থৈছিল-গিৰিহঁত ওলালে দিব বুলি৷ তথাপি দুটকা ৰূপ সিহঁতক দিহে মোলোকাই তাক মোকোলাই আনিব পাৰিলে৷

ললিতা : হওক, হওক বোপাই! ববিক যে মই পালোঁ সেয়ে মোৰ পৰম লাভ৷ সেই দুটকা ৰূপো মই তোক দিম, তই মোলোকাক দি দিবিগৈ৷
[গোলোকৰ পুনঃ প্ৰৱেশ৷]
গোলোক : যাওক, শেষ লাভ পৰম লাভ৷ ময়ো মোৰ মহাকাব্যৰ নিমিত্তে বৰঙণি শব্দটোৰ মিলটো পালোঁ আৰু নেওগনীয়েও তেওঁৰ ববিক পালে৷ মোৰ পো টেপু আমাৰ ঘৰৰ ঘৈণীৰ নাৰী-সমিতিৰ যহতে এই লাভ হ’ল৷

পীতৰাম : মোৰো মহা লাভ হ’ল যে ববিক আমাৰ ঘৰৰ ঘৈণীয়ে পোৱাৰ নিমিত্তেই মই তেওঁক পালোঁ৷

গোলোক : এইবাৰ টেপুৰ লগুণদিয়নিখন মহা ধুমধামে পাতিব লাগিব৷ পাতিমো৷ (ঘৈনীয়েকলৈ চাই) আৰু যি যি বস্তু আনিব লাগিব, তাৰ তুমি ফৰ্দ এখন মোক ভালকৈ কৰি দিয়া৷ বস্তুৰেই ঘৰ ওপচাই দিম৷

টেপু : (ৰুক্মিণীক)৷ আই৷ মোৰ বৰ ভোক লাগিছে৷

……………………………………

ওপৰঞ্চি
[গোলোক বৰাৰ ঘৰৰ পাছফালৰ পথাৰত টেপু আৰু মোলোকাৰ
হাতত ধৰাধৰি কৰি নৃত্যগীত]
টেপুৱে বোলে – মোলোকা ভাই ! মোৰ বুধি কেনে?
মোলোকাই বোলে       – টেপু ভাই ! যেনে আছে তেনে ৷৷
টেপুৱে বোলে – লেখা-পঢ়া ইংৰাজী-ফিংৰাজী ৷
মোলোকাই বোলে       – শপত খালোঁ নপঢ়ো মই আজি ৷৷
বুধি থাকিলে পইচা হয়, পঢ়িলেও নহয়৷
মোলোকাই বোলে       – টেপু ভাই ! হয়, হয়, হয় ৷৷
দুয়ো                             – অ হয়, হয়, হয়৷
অ হয়, হয়, হয়৷
অকল বি-এ, এম-এ, পাছ কৰাত নহয়, নহয় ৷৷

আঁৰকাপোৰ
বাঁহী : 2য় বছৰ 11শ সংখ্যা (ফাগুন 1853 শক)

[**ইউনিকোড লিপ্যন্তৰ: অঞ্জল বৰা ]

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!