হোমেন বৰগোহাঞিৰ সৈতে কথোপকথন (মৃদুল হালৈ)

“যি আদৰ্শবাদৰ মাজত আমি জন্ম, ডাঙৰদীঘল হৈছিলোঁ, সেই আদৰ্শবাদ সমাজজীৱনৰ পৰা এতিয়া অন্তৰ্ধান হৈছে” HB

0 অসমীয়া সাহিত্যক আপুনি অপাৰ ঐশ্বৰ্য দান কৰিছে৷ আপুনি নিজে কেতিয়াবা প্ৰাপ্তিৰ কথা ভাবে নেকি যে, সাহিত্যই আপোনাক কি দিলে?

বৰগোহাঞিঃ এই প্ৰশ্নটোৰ উত্তৰত মই একআষাৰে ক’বলগীয়া কথাটো হ’ল— এনে এটা ধাৰণা মোৰ মনলৈ কেতিয়াও অহা নাই৷ মই যে জীৱনজুৰি সাহিত্য চৰ্চা কৰিছোঁ বা লিখিছোঁ, তাৰ পৰা মই যে কিবা এটা পাব লাগে, কিবা প্ৰাপ্তি থাকিব পাৰে সেইটো মোৰ ধাৰণাৰ বাহিৰত৷ মই কিয় লিখোঁ, কেনেকৈ লিখোঁ এনেধৰণৰ হাজাৰ-বিজাৰ প্ৰশ্নৰ উত্তৰ বিভিন্ন লেখকে দি আহিছে৷ মোৰ ফৰাচী সাহিত্যিক গুস্তাভ ফ্লবেয়াৰৰ এটা কথা খুব ভাল লাগে৷ মই ভাবোঁ যে তেওঁৰ সেই কথাখিনিৰ মাজতে মোৰ জীৱনৰ গোটেই কথাখিনি সোমাই আছে— তেওঁ কৈছে যে তুমি যেতিয়া লিখা you write to live, তুমি জীয়াই থাকিবৰ কাৰণে লিখা আৰু মই প্ৰায় আক্ষৰিক অৰ্থত জীয়াই থাকিবৰ কাৰণে লিখোঁ৷ আৰু লিখিছোঁ কাৰণে মই জীয়াই আছোঁ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘জীৱনৰ দীঘ-বাণী’ নামৰ এটা অনুষ্ঠানত এবাৰ কথা প্ৰসংগত মই কৈছিলোঁ যে মই লিখিবৰ কাৰণে জীয়াই থাকোঁ আৰু জীয়াই থাকিবৰ কাৰণে লিখোঁ৷

0 আমি জানো যে অসমৰ আটাইতকৈ প্ৰভাৱশালী লেখকজন বুলি লে আপোনাত বাদে দ্বিতীয় এটা নাম সততে মনলৈ নাহে৷ সৰ্বস্তৰৰ মানুহক আপোনাৰ লেখাই চুই গৈছেভালেমান স্বীকৃতি আপোনালৈ আহিছে৷ অনেকজন লেখকে আপোনাৰ পদাংক অনুসৰণ কৰিয়েই, আপোনাৰ লেখা পঢ়িয়েই লিখিবপঢ়িব শিকিছে বুলি কৈ আহিছে৷ এইবোৰো আপোনাৰ প্ৰাপ্তিয়েই নহয়নে? আপোনাৰ মনক এনে কথাই কেনেধৰণে প্ৰভাৱিত কৰে?

বৰগোহাঞিঃ বেছিভাগ কথা ক’বলৈ এই কাৰণে অসুবিধাজনক যে মানুহে ভাবে যে মই সঁচা কথা কোৱা নাই, মিছা কথা এটা কৈছোঁ– হয়, মই যেতিয়া লিখোঁ, লিখাৰ এটা উদ্দেশ্য থাকে৷ মই মোৰ কথাখিনি আনক ক’ব খোজোঁ, আনক ক’ব খোজা মানে কি মই তেওঁৰ যিটো মানসিক অৱস্থা সেইটোকে সলনি কৰি দিব খোজোঁ৷ মোৰ চকুৰে জীৱনটো চাবলৈ, মোৰ চকুৰে পৃথিৱীখন দেখুৱাবলৈ মই ইচ্ছা কৰোঁ৷ সেইটো চেষ্টাত যদি মই সফল হওঁ, সেইটোৱেই মোৰ লেখাৰ সাৰ্থকতা৷ কোনো নতুন লেখকে যদি মোৰ লেখা পঢ়ি কিবা এটা পাইছে, কিবা তাড়না পাইছে, কিবা প্ৰেৰণা পাইছে, চিন্তাৰ খোৰাক পাইছে, তেতিয়া মোৰ নিশ্চয় ভাল লাগিব, মই মোৰ লেখাটো এইকাৰণে সাৰ্থক বুলি ভাবোঁ যে মোৰ লেখাটো পঢ়ি কেইজনমান মানুহে বা লেখকে জীৱনটোক নতুনকৈ চাবলৈ, নতুনকৈ কিবা এটা ভাবিবলৈ এটা প্ৰেৰণা পাইছে৷

0 লেখক জীৱনৰ প্ৰাৰম্ভিক কালছোৱাৰ প্ৰেৰণা আৰু প্ৰত্যাহ্বানৰ কথা কওকচোন৷

বৰগোহাঞিঃ মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ সাত বছৰ বয়সত৷ সাত বছৰীয়া ল’ৰা এটাই প্ৰেৰণাৰ কথাও নাভাবে, প্ৰত্যাহ্বানৰ কথাও নাভাবে৷ হয়, মোৰ ঘৰত দুই আলমাৰি কিতাপ আছিল, যিটো মই বিভিন্ন ঠাইত কৈছোঁ, গতিকে সৰুৰে পৰাই মই ছপা আখৰকে পঢ়িছোঁ৷ আৰু সকলোধৰণৰ কিতাপ পঢ়িছিলোঁ৷ তাৰ মাজতে কিছুমান মানুহে কবিতা ভাল পায়, যিটো হয়তো তেওঁ জন্মতে লৈ আহে৷ সৰুতে ময়ো কবিতা ভাল পাইছিলোঁ আৰু পাঠ্যপুথিত থকা কবিতাসমূহ বেছি মনোযোগেৰে আৰু আন্তৰিকতাৰে পঢ়িছিলোঁ৷ স্কুলত পদ্য পঢ়িবলৈ দিওঁতে আনে যেনেকৈ নিৰ্লিপ্তিৰে কবিতা এটা বা পদ্য এটা পঢ়িছিল, মই তাতকৈ অলপ বেছি আন্তৰিকতাৰে পঢ়িছিলোঁ, যিটো হয়তো আনৰো চকুত পৰিছিল৷ এদিন স্কুলৰ হেড পণ্ডিতে মোক ক’লে যে তই শনিবৰীয়া ছাত্ৰসভালৈ এটা পদ্য লিখি লৈ আহিবি৷ সাত বছৰীয়া এটা ল’ৰাক সাধাৰণতে কোনেও এনেকৈ লিখাৰ কথা নকয়৷ মোক যেতিয়া কৈছিল মই একধৰণৰ উৎসাহবোধ কৰিলোঁ আৰু পদ্য এটা লিখিলোঁ৷ আৰু তেতিয়াৰ পৰা মই লিখিয়েই থাকিলোঁ৷ এতিয়া মই ভাবোঁ যে মই খ্যাতিমান হ’বৰ বাবে লিখিছিলোঁ নেকি? একেবাৰেই নহয়৷ খ্যাতিৰ দৰে ধাৰণাবোৰ তেতিয়া মনলৈ একেবাৰেই অহা নাছিল৷ এই প্ৰসংগতে মই আমেৰিকান লেখক এইচ এল মেনকেনৰ কথা এটা ক’ব খুজিছোঁ— তেওঁক এবাৰ সুধিলে যে আপুনি যে ইমান কাম কৰি থাকে, কিয় কৰে? আপোনাৰ কাম কৰাৰ উদ্দেশ্য কি? তেওঁ ক’লে যে আপুনি এটা কুকুৰাক সুধিব নেকি যে কিয় কণী পাৰা? কুকুৰাই কণী পাৰিবই, কণী পৰাটোৱেই তাৰ কাম৷ সি ভাবি-চিন্তি কণী নাপাৰে যে মই কণী পাৰিম, তাৰ পৰা আকৌ পোৱালি হ’ব৷ প্ৰাকৃতিকভাৱে, স্বাভাৱিকভাৱে, অনিবাৰ্য নিয়মৰ বশৱৰ্তী হৈ সি কণী পাৰে৷ মোৰো তেনেকুৱা (মই মেনকেনৰ কথা কৈছোঁ), কুকুৰাই যিধৰণে কণী পাৰে, ময়ো সেইধৰণে কাম কৰোঁ৷ সেই কথাটো ধাৰ কৰি মই ক’ব খোজোঁ— লিখাৰ তাড়নাটো ইমান অদম্য যে মই তাৰ কোনো কাৰণ বিচাৰি লিখা নাই৷ মোৰ লেখা প্ৰায় নিৰৱচ্ছিন্নভাৱে ওলায়েই থাকে৷ মই দহ বছৰ বয়সৰ পৰা পোন্ধৰ বছৰমানলৈ পাঁচশমান কবিতা লিখিছিলোঁ—পাছত এইবোৰ পুৰি পেলাইছিলোঁ৷ গতিকে প্ৰেৰণা আৰু প্ৰত্যাহ্বান বুলি একো নাই, স্বতঃস্ফূৰ্তভাৱে প্ৰেৰণা এটা, তাড়না এটা আহিছে৷ বাকী কথাবোৰ লিখাৰ পৰা কি পাম, মানুহে ভাল পাব নে বেয়া, এইবোৰ কথা পাছত আহে৷

0 পঢ়াশুনাৰ কথা ওলাওঁতেই মই সুধিব খুজিছোঁস্কুলীয়া দিনবোৰত পঢ়া কোনকেইখন কিতাপে পাছৰ জীৱনতো আপোনাক প্ৰভাৱিত কৰিছে বুলি আপুনি ভাবে?

বৰগোহাঞিঃ সেইধৰণৰ প্ৰভাৱ বা প্ৰেৰণাৰ কথা ভাবি মই কেতিয়াও পঢ়া নাই৷ আমাৰ ঘৰত অসংখ্য কিতাপ আছিল, সেইবোৰ মই এফালৰ পৰা পঢ়ি গৈছিলোঁ৷ মই আত্মজীৱনীত লিখিছোঁ, মই এবাৰ এখন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ পঢ়ি থাকোতে যেতিয়া বেলি মাৰ গ’ল, আন্ধাৰ হ’ল, সেই খেয়াল নোহোৱা হৈ গৈছিল৷ আন্ধাৰতে জুমি জুমি কিতাপখন মই পঢ়ি আছিলোঁ৷ আমাৰ ওচৰৰ থানাখনত এজন বাঙালী হাৱালদাৰ আছিল৷ তেওঁ আছিল দেউতাৰ বন্ধু৷ তেওঁ সাহিত্য অনুৰাগী আছিল বাবে দেউতাৰ স’তে বন্ধুত্ব গঢ়ি উঠিছিল৷ আমাৰ ঘৰলৈ আহি তেওঁ হেনো মোক বহুবাৰ মাতি আছিল— কিন্তু মই পঢ়াত ইমানেই মগ্ন হৈ আছিলোঁ যে মই একো শুনা নাই৷ তেতিয়া তেওঁ মোৰ চুলিত ধৰি জোকাৰি মোক খুব গালি পাৰিলে, তেতিয়াহে ঘূৰি চাই মই তেওঁক দেখিলোঁ৷ মইনো ইমান আপোন পাহৰি কি পঢ়িছোঁ বুলি তেওঁ কিতাপখন নি চালে৷ সেইখন আছিল জ্ঞাননাথ বৰাৰ ‘জীৱন তত্ত্ব’ নামৰ কিতাপখন৷ তেতিয়া মোৰ আখৰৰ লগত পৰিচয় হৈছিল মাত্ৰ, মই একো বিন্দু বিসৰ্গ বুজা নাই৷ কিন্তু মুদ্ৰিত আখৰ মানেই মোৰ কাৰণে এখন ৰহস্যময় জগত আৰু মই সেই জগতত ডুবি থাকিবলৈ ভাল পাইছিলোঁ৷

0 আপুনি প্ৰথমে লিখা লেখাবোৰৰ উদ্দেশ্য আৰু এতিয়াৰ লেখাৰ উদ্দেশ্যৰ মাজত পাৰ্থক্য কোনখিনিত বুলি আপুনি ভাবে?

বৰগোহাঞিঃ মইতো বিভিন্ন ধৰণৰ লেখা লিখিছোঁ৷ কিছুমান লেখাৰ উদ্দেশ্য আছে৷ তাৰ ভিতৰত মোৰ সাংবাদিকতাধৰ্মী যিখিনি লেখা সেইখিনি মূলতঃ সমাজৰ বেয়াখিনি, লেতেৰাখিনি দূৰ হওক বুলি ভাবিও লিখিছোঁ৷ মই লিখা বিভিন্নধৰণৰ লেখাৰ উদ্দেশ্য একেধৰণৰ হ’ব নোৱাৰে৷ মোৰ সামাজিক সমালোচনামূলক লেখাবোৰৰ উদ্দেশ্য এটাই, সমাজখনৰ শুধৰণি বা সংস্কাৰ হওক৷ আনহাতে, কিছুমান লেখা মই জীৱনটোক বুজিবলৈ বা জীৱন সম্পৰ্কে এটা গভীৰ অনুভৱ আয়ত্ত কৰিবলৈ বা তাক জানিবলৈ আদি বিভিন্ন উদ্দেশ্যত লিখা হয়৷ গতিকে মোৰ লিখাৰ প্ৰধান উদ্দেশ্য দুটা—এটা হ’ল মই জীয়াই থাকিবৰ কাৰণে লিখোঁ, সেইটোত মই জীৱনটোক পৰীক্ষা কৰিব খোজোঁ৷ আনটো হ’ল মোৰ সামাজিক সমস্যামূলক লেখা, যিবোৰৰ উদ্দেশ্য হ’ল সমাজখনৰ শুধৰণি কৰা, সমালোচনা কৰা৷

0 সমাজৰ এগৰাকী শুভচিন্তক হিচাপে, এগৰাকী সমাজ সচেতন লেখক হিচাপে সমাজখনৰ বিভিন্ন পৰিৱৰ্তন আপুনি নিৰীক্ষণ কৰিছে৷ আপোনাৰ জীৱনটোত দেখা পোৱা কোনবোৰ সামাজিকৰাজনৈতিকবৌদ্ধিক পৰিৱৰ্তনে আপোনাক ব্যথিত কৰে? যিবোৰ নহলে আপুনি সুখী লহেঁতেন?

বৰগোহাঞিঃ মোৰ পৰাধীন ভাৰতত জন্ম হৈছিল৷ পৰাধীন ভাৰতত বাস কৰি আমি মনে-প্ৰাণে স্বাধীনতাৰ কাৰণে ব্যাকুল হৈছিলোঁ— দহ বছৰ বয়সতে আমি আন্দোলনত যোগ দিছিলোঁ৷ দেশ স্বাধীন হ’ল কিন্তু স্বাধীন ভাৰতবৰ্ষৰ পৰা যি আশা কৰিছিলোঁ, সেয়া আমি নাপালোঁ৷ দেশ স্বাধীন হোৱাৰ কিছুদিনৰ পাছৰ পৰাই দুৰ্নীতি আইনৰ শাসনৰ অৱসান, অনুশাসনহীনতা গোটেইবোৰে সমাজখন ছানি ধৰিলে৷ মোৰ বয়সৰ এজন মানুহে যিয়ে দুয়োখন সমাজত বাস কৰিছে, তেওঁৰ মনত স্বাভাৱিকতে এটা হাহাকাৰৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ ব্ৰিটিছসকল এটা সভ্য জাতি আছিল আৰু প্ৰকৃতাৰ্থত যি আইনৰ শাসন, সেয়া তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছিল৷ আৰু দ্বিতীয়তে আজি ভাৰতবৰ্ষত যিটো নৈতিক অধঃপতন হৈছে, সেয়া তেতিয়াৰ দিনত হোৱা নাছিল৷ মোৰ প্ৰথম মোহভংগ ইয়াতেই যে যি স্বাধীনতাৰ কাৰণে কোটি কোটি মানুহে আন্দোলন কৰিছিল, সংগ্ৰাম কৰিছিল, সেই স্বাধীনতাৰ পৰা আকাংক্ষিত ফল তেওঁলোকে লাভ নকৰিলে৷ দ্বিতীয়তে আমাৰ দিনত শিক্ষিত মানুহ খুব কমেই আছিল, মজলীয়া পাছ কৰাৰ পাছতে নিজকে শিক্ষিত বুলি ভাবিছিল৷ আজিকালি প্ৰায় সকলোৱে উচ্চশিক্ষিত৷ কিন্তু উচ্চশিক্ষিত মানুহৰ যিটো সাংস্কৃতিক মান, সেইটো মই অনুভৱ কৰিছোঁ যে দিনে দিনে নিম্নগামী হৈ পৰিছে৷ আগতে সুৰুচি আছিল, এতিয়া কুৰুচি হৈছে৷ আগতে ভদ্ৰতা আছিল, এতিয়া অভদ্ৰতা বাঢ়িছে৷ আগতে মানুহৰ মহৎ বস্তুৰ প্ৰতি, মহৎ ব্যক্তিৰ প্ৰতি, মহৎ আদৰ্শৰ প্ৰতি যি আকৰ্ষণ আছিল, সেয়া এতিয়া নোহোৱা হৈছে৷ মোৰ চকুত পৰা আটাইতকৈ বেদনাদায়ক পৰিৱৰ্তন হৈছে এইবোৰ৷ মানুহ এতিয়া ধনসৰ্বস্ব, অৰ্থসৰ্বস্ব চিন্তাৰ মাজত নিমজ্জিত হৈছে আৰু যিবোৰ মূল্যবোধে মানুহৰ জীৱনটো সুন্দৰ কৰি ৰাখে, আদৰণীয় কৰি ৰাখে, সেইবোৰ লাহে লাহে নাইকিয়া হৈ এতিয়া প্ৰায় নিঃশেষ হৈ পৰিছে৷ পৰাধীন ভাৰতত আমি যি শান্তি, অনুশাসনমূলক জীৱন ধাৰণ কৰিছিলোঁ, সেই শান্তি, অনুশাসনৰ অৱসান ঘটিল আৰু যিটো ভোগ বিলাসসৰ্বস্ব জীৱন তাৰহে বেছি প্ৰাধান্য দেখিবলৈ পোৱা গ’ল৷ আটাইতকৈ ডাঙৰ কথা যি আদৰ্শবাদৰ মাজত আমাৰ জন্ম হৈছিল, আমি ডাঙৰ-দীঘল হৈছিলোঁ, সেই আদৰ্শবাদ ব্যক্তিৰ জীৱনৰ পৰা, সমাজৰ জীৱনৰ পৰা অন্তৰ্ধান হৈ পৰিল৷ এয়াই হৈছে মোৰ চকুত পৰা আটাইতকৈ বেদনাদায়ক পৰিৱৰ্তন৷

0 কলেজীয়া দিনবোৰৰ প্ৰাৰম্ভিক কালছোৱাত আপুনি এটা শৃংখলাবিহীন জীৱন স্বেচ্ছাই আপোন কৰি লৈছিল বুলি আপুনি বিভিন্ন ঠাইত লিখিছে

বৰগোহাঞিঃ মই কেতিয়াও এনে শৃংখলাবিহীন কামবোৰ আৱেগৰ বশৱৰ্তী হৈ কৰা নাছিলোঁ৷ ইচ্ছাকৃতভাৱে আৰু তাৰ মাজেৰে এটা অভিজ্ঞতা লাভৰ লক্ষ্যৰে কৰিছিলোঁ৷ আনকি বেয়া বা নকৰিবলগীয়া যিবোৰ কাম মই কৰিছিলোঁ সেইবোৰো অভিজ্ঞতাৰ সন্ধানতে কৰিছিলোঁ৷ এয়া হয়তো পশ্চিমীয়া গ্ৰন্থ বেছিকৈ অধ্যয়ন কৰাৰ ফলো হ’ব পাৰে৷ কিন্তু এটা কথা কওঁ যে মোৰ জীৱনৰ শ্ৰেষ্ঠ সৃষ্টিখিনি এইখিনি সময়তে হৈছিল৷ আৰু মই জীৱনত কেতিয়াও উদ্দেশ্যবিহীন হৈ পৰা নাছিলোঁ, মোৰ স্বেচ্ছাই গ্ৰহণ কৰা উদ্দেশ্যবিহীন জীৱনৰো এটা উদ্দেশ্য আছিল৷

0 আপুনি কেইটামান অসামান্য কবিতা আমাক উপহাৰ দিছিলমইৰাতি, ‘সাপ, ‘স্মৃতি’ৰ দৰে কবিতাৰ কথা মনত ৰাখি কথাটো কৈছোঁ৷ কবিতাৰ পৰা আঁতৰি আহিল কিয়?

বৰগোহাঞিঃ মোৰ কাৰণে এই প্ৰশ্নটোত জটিল একো নাই৷ ইয়াত কোনো দাৰ্শনিকতাও নাই৷ মই যদি কবিতা লিখি ভাল পাই থাকিলোহেঁতেন, মোৰ বক্তব্য প্ৰকাশৰ কাৰণে কবিতাক মোৰ সৰ্বোত্তম মাধ্যম বুলি ভাবিলোহেঁতেন, তেতিয়াহ’লে মই এতিয়াও কবিতা লিখি থাকিলোহেঁতেন৷ কবিতা লিখিবলৈ এৰি দিলোঁ, কাৰণ কবিতা লিখি মই ভাল নোপোৱা হ’লোঁ৷ আৰু এটা কথা যে কেৱল কবিতা লিখিহে যে এজন লেখক কবি হ’ব পাৰে তেনে নহয়, গদ্য লিখিও এজন মানুহ কবি হ’ব পাৰে৷ মই জেমছ জয়েচৰ কথা ক’ব বিচাৰিম— তেওঁৰ এখন গ্ৰন্থ ‘ইউলিছিছ’, তাৰ এটা অংশ কবিতা বুলি অভিহিত কৰা হৈছে৷ ঠিক সেইদৰে মোৰ ‘পিতা-পুত্ৰ’ উপন্যাসত থকা বহুতো বাক্য কবিতা বুলি মানুহে ক’ব খোজে৷ গতিকে কবিতা নিলিখিলেও কবিতা ৰচনা বা নিৰ্মাণৰ যি আধ্যাত্মিক অভিজ্ঞতা সেইটো মোৰ গদ্য ৰচনাৰ মাজেৰেও হৈছে৷

0 বিভিন্ন নৰকত আপোনাৰ যি অনমনীয় বিদ্ৰোহী মানসিকতা, সেয়া পাছত আপুনি সচেতনভাৱে সলনি কৰিলে নে সময়ে তেনে পৰিৱৰ্তনৰ বাবে আপোনাক বাধ্য কৰিছে?

বৰগোহাঞিঃ মই নিজকে অলপ ৰক্ষণশীল মনৰ মানুহ বুলি কওঁ৷ মোৰ ভাব বিলাসো কম৷ ডেকা বয়সত এজন মানুহৰ একধৰণৰ অনমনীয়তা, একধৰণৰ ক্ৰোধ থাকে— এটা ভাব থাকে যে পৃথিৱীখন যেন এদিনতে সলনি কৰি দিম৷ পাছত যেতিয়া মই ডাঙৰ হ’লোঁ, ইতিহাস পঢ়িলোঁ, মই দেখিলোঁ যে পৃথিৱীত কোনাকালেই কোনো বিদ্ৰোহ-বিপ্লৱেই সমাজখনৰ আমূল পৰিৱৰ্তন কৰিব পৰা নাই৷ সমাজখন নিজৰ গতিতেই চলি থাকে৷ তেতিয়া, মোৰ মনত দাৰ্শনিক নিৰ্লিপ্তিৰ ভাব এটা আহিল৷ কুৰি শতিকাত হোৱা কমিউনিষ্ট বিপ্লৱৰ সমান ডাঙৰ বিপ্লৱ হৈছে জানো? কিন্তু চকুৰ আগতে সেয়া নিঃশেষ হৈ থাকিল৷ ভাৰতবৰ্ষত গান্ধীৰ নেতৃত্বত এনে এটা নৈতিক আন্দোলন হ’ল, কিন্তু আমাৰ চকুৰ আগতে সেই নৈতিকতা নাইকিয়া হৈ গান্ধীৰ দেশখন আটাইতকৈ দুৰ্নীতিপৰায়ণ এখন দেশত পৰিণত হ’ল৷ গতিকে স্বাভাৱিকতে মোৰ মনলৈ ভাব আহিল যে আমি যিয়েই যি চেষ্টা নকৰোঁ কিয়, পৃথিৱীখন নিজৰ বাটত চলি থাকে, সাময়িকভাৱে মানুহে কিবা এটা কৰাৰ বাবে ছটফট কৰে কিন্তু একো কৰিব নোৱাৰে৷ গতিকে মই যিহেতু নিজকে এজন বাস্তৱবাদী মানুহ বুলি ভাবোঁ, মই ভাবিলোঁ যে অধৈৰ্য হৈ লাভ নাই, অনমনীয়তা, অসহিষ্ণুতাৰো অৰ্থ নাই৷ মই মোৰ সাধ্যৰ ভিতৰত একো নকৰাকৈ থকা নাই৷ মোৰ দায়িত্ব আৰু কৰ্তব্যৰ মাজেৰে মই সমাজৰ কাৰণে কৰাৰ চেষ্টা কৰোঁ৷ কিন্তু বিভিন্ন নৰকৰ অনমনীয়, অসহিষ্ণু, ক্ৰোধী মানুহজনক মই কঢ়িয়াই লৈ ফুৰা নাই৷

0 আপোনাৰ অসামান্য উপন্যাসপিতাপুত্ৰ’ৰ প্ৰস্তুতিপৰ্ব আৰু লিখাৰ সময়ৰ কথা নেকি?

বৰগোহাঞিঃ লেখক এজনৰ এখন কিতাপৰ নিৰ্মাণ প্ৰক্ৰিয়াটো মনৰ অৱচেতনত অজ্ঞাতে চলি থাকে৷ লেখকজনৰ গোটেই জীৱনৰ সঞ্চিত অভিজ্ঞতা, সঞ্চিত স্মৃতিয়ে অহৰহ মনত ক্ৰিয়া কৰি থাকে আৰু যেতিয়া লিখিবলৈ লোৱা হয়, সেই সুদীৰ্ঘ কালৰ সঞ্চিত স্মৃতি, অভিজ্ঞতা আৰু সৃষ্টি প্ৰক্ৰিয়াই লিখিত ৰূপ লাভ কৰে৷ সকলোৱে জানে, ‘পিতা-পুত্ৰ’ এক অৰ্থত এখন আত্মজীৱনীমূলক উপন্যাস৷ আত্মজীৱনীমূলক এই অৰ্থত, যে মই মোৰ গাঁওখন, গাঁৱৰ পৰিচিত মানুহবোৰ সকলোকে লৈ উপন্যাসখন লিখিছোঁ৷ মোৰ বয়সৰ বিভিন্ন স্তৰে স্তৰে মই দেখা মোৰ গাৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন এই উপন্যাসত লিখিবলৈ যত্ন কৰিছোঁ৷ মোৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ মাজেৰেই এই উপন্যাসখনে গঢ় লৈছে৷ মোৰ গাঁওখন, মোৰ গাঁওখনৰ মানুহৰ জীৱন, গাঁৱত মোৰ জীৱন আৰু ইয়াৰ পৰিৱৰ্তনৰ সৈতে যুক্ত মোৰ অভিজ্ঞতাই প্ৰত্যক্ষ ভূমিকা লৈছিল৷ তুমি সোধা সৃষ্টি প্ৰক্ৰিয়াটো মোৰ মনৰ অৱচেতনতে সুদীৰ্ঘ দিন ধৰি চলিছিল৷ হয়তো মোৰ অজানিতেই৷ মই যেতিয়া কিতাপখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মই ‘নীলাচল’ কাকতৰ সম্পাদক৷ তেতিয়া মই প্ৰত্যেকদিনে ১২ৰ পৰা ১৪ ঘণ্টা ’নীলাচল’ৰ কাৰণে কাম কৰোঁ৷ কাৰণ মই নিৰ্ভৰযোগ্য চৰকাৰী চাকৰি এৰি আহি অনিশ্চিত ভৱিষ্যতত জাঁপ দিছিলোঁ৷ কাগজখন যদি মৰি যায়, তেন্তে মই পৰাজয় স্বীকাৰ কৰা যেন হ’ব আৰু মোৰ জীৱিকাৰ পথো ব্যাহত হব৷ সেইবাবে ১২/১৪ ঘণ্টা কাম কৰিবলৈ মই বাধ্য হৈছিলোঁ৷ সেই সময়তে মোৰ ভাব হ’ল— যদি সমাজৰ কামতে মোৰ নিজৰ জীৱনটো উৎসৰ্গা কৰি দিওঁ, মোৰ লেখক জীৱনটোক হত্যা কৰা হ’ব৷ সেইবাবে মই ১৯৭০ চনৰ কোনোবা এটা সময়ত উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিলোঁ৷ আৰু তেতিয়া মাহত কেতিয়াবা এদিন বা কেতিয়াবা দুদিন মই লিখিছিলোঁ৷ ১৯৭০ চনত আৰম্ভ কৰা উপন্যাসখন ১৯৭৫ চনত মই লিখি শেষ কৰিছিলোঁ৷ উপন্যাসখনৰ কোনো পৰিমাৰ্জনা মই কৰা নাই৷

(প্ৰসিদ্ধ কথাশিল্পী, অসমৰ সাংবাদিকতাৰ জগতখনৰ অন্যতম পথস্ৰষ্টা হোমেন বৰগোহাঞিৰ সৈতে আমি পাতিছিলোঁ আন ভালেমান কথা ৷ তেওঁৰ গল্প, অন্যান্য লেখা-মেলা, সাম্প্ৰতিক অসমীয়া সাহিত্যৰ পৰিৱেশ সম্পৰ্কেও কথা পতা হৈছিল ৷ এগৰাকী দিগদৰ্শকৰ ভূমিকাৰেই তেখেতে ভালেমান গুৰুত্বপূৰ্ণ বিষয় এই কথোপকথনত উল্লেখ কৰিছিল ৷ সমস্ত কথোপকথনটোৰ এটা অংশ ‘সাহিত্য ডট অৰ্গ’ৰ পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে ৷ মূলতঃ ছাৰৰ লেখা-মেলাৰ মূল ধাৰা, আৰু এগৰাকী সমাজৰ শুভ চিন্তকৰ চকুৰে দেখা সমাজৰ পৰিৱৰ্তন আৰু ইয়াৰ অৱক্ষয় উত্তৰণৰ দিশসমূহ প্ৰতিফলিত কৰা প্ৰশ্নসমূহত গুৰুত্ব আৰোপ কৰা হৈছে৷ ‘সাহিত্য ডট অৰ্গ’লৈ বৰেণ্য লেখকগৰাকীয়ে জনাইছে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন   –মৃদুল হালৈ)

 

 

 

 

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Pinku mani Deka
5 years ago

বহুতো নজনা কথা জানিব পাৰিলো এই আলাপত,
আপ্লুত হলো এনেকুৱা লিখনি পঢ়ি, লিখনিটোৱে কিনচ্বিত মান হলেও চিন্তাৰ খোৰাক যোগালে, অনাগত দিনত এনেকুৱা আদৰ্শৰে অনুপ্ৰানিত হৈ লিখিবলৈ প্ৰয়াস কৰিম.

SM
1 year ago

আপ্লুত হ’লো এনেকুৱা লিখনি পঢ়ি, লিখনিটোৱে কিনচিৎ মান হ’লেও চিন্তাৰ খোৰাক যোগালে, অনাগত দিনত এনেকুৱা আদৰ্শৰে অনুপ্ৰাণিত হৈ লিখিবলৈ প্ৰয়াস কৰিম।

1 year ago

কথাখিনিৰ পৰা এক ঔফুলীয়া সুঘ্ৰাণময় বৰ্ণৰ আমেজ পালোঁ । লেখনী সৰ্বদায় তেখেতৰ অদ্বিতীয় । সেইহেতুকে তেওঁ গৰাকীৰ শবদৰ ব্যঞ্জন সৰ্বদায় মোৰ হৃৎ-অন্দৰপুৰত ঠাই গ্ৰহণ কৰি আহিছে । তেখেতৰ লেখনীপ্ৰসূত খুবেই মৰ্মাৰ্থপূৰ্ণ । তেওঁ গৰাকীৰ যাদুকৰী শবদৰ গাঢ়তে নিজকে বিচাৰি পোৱাৰ আন্দাজ পাওঁ । চিত্ত আৰু চক্ষুক সৰ্বদায় অতল সাঁজ বঢ়োৱাব পৰাৰ ভিতৰত তেওঁ গৰাকী অন্যতম ।
সৰ্বদায় লেখনী পঢ়ি এক নব্য সুখোদয়ৰ তৃপ্তি পাওঁ ।
এআকাশ ধন্যবাদ বিশেষকৈ আপুনি গৰাকীক ,যিয়ে তেওঁ গৰাকীৰ বিষয়ে অত্যাধিক মনৰ কথা পঢ়িবলৈ সহায় হিচাপে থিয় দিলে । এইহেন বৰ্ণীময় আদৰ্শৰ ঘ্ৰাণ পালে দুটিমান মহিৰ টোপাল পেলাবলৈ শ্ৰেয় হয় ।