হ’চিকাম (নয়ন জ্যোতি বৰা)

গাটো ঠাণ্ডা ঠাণ্ডা লাগিছে, কম্বলখন গাৰ পৰা আঁতৰি গৈছে৷ ভৰিৰ পতাত এটা মিহি সুৰসুৰণি অনুভৱ কৰিলোঁ, সুৰসুৰণিটো লাহেকৈ অলপমান বিষলৈ পৰিৱৰ্তিত হ’ল৷ চকু মেলি দেখিলোঁ বিছনাৰ সন্মুখত মায়ে হাতত এডাল চিটিপনি লৈ থিয় হৈ আছে৷ এইটো মোৰ দৈনন্দিন অনুভৱলৈ পৰিণত হৈ গৈছে৷ ৰাতিপুৱা ৫: ৩০ বজাতেই সদায় ইংৰাজীৰ টিউচন থাকে৷

“৬টা বাজিবৰে হ’ল, ক্লাচলৈ কেতিয়া যাবি? “

মাৰ মুখত মোৰ কাৰণে ঘড়ীটো সদায় এঘণ্টা ফাষ্ট চলে৷ ৬ টা বজাৰ কথা শুনি জাপ মাৰি উঠিলোঁ, ঘড়ীটোলৈ চালো ৫ টা বাজিছে৷ আকৌ এপাক বাগৰ মাৰিব মন গ’ল, কিন্তু মাৰ হাতৰ চিটিপনিয়ে টোপনিটোক খেদি পঠালে৷

কেৰিয়াৰত বেগটো লৈ চাইকেলখন উলিয়ালোঁ৷ কালি ইংৰাজী কিতাপখন বাটতে ক’ৰবাত পৰি আহিল৷ মাৰ পৰা টকা ৫০ টা লৈ জেপত ভৰালোঁ৷ ঘূৰি অহালৈ ত্ৰিদিব দাৰ দোকানৰ পৰা কিনি আনিব লাগিব৷ এই টিউচনলৈ যোৱা সময়ছোৱা মোৰ আটাইতকৈ ভাল লগা সময়৷ চাইকেলৰ পেডেলপাট লাহে লাহে ঘূৰাই মই যেন এখন বেলেগ জগতলৈহে সোমাই যাওঁ৷

“ধনটি, টোপনি ভঙাই নাই নেকি? “

বুবুল খুড়াৰ খুড়ীয়ে চোতাল সৰাৰ পৰা মূৰ দাঙি সুধিলে৷ মোৰ চাইকেলৰ স্পীড দেখি গম পাইছিল চাগে৷

হাঁহি এটাৰেই  মই উত্তৰ দিলোঁ৷ মুখখন খুলিবৰ মন ন’গল৷

মৃদুল দা আৰু বীৰেণ দাৰ ঘৰৰ পদূলিৰ শেৱালি দুজোপাই ৰাস্তাটোত যেন এখন বগা কাৰ্পেট হে পাৰি থৈছে৷ চাইকেলখন ৰখাই কেইপাহমান শেৱালি বুটলি লৈ এখন হাতেৰে নাকৰ ওচৰত ৰাখিলোঁ আৰু আনখন হাতেৰে হেণ্ডেলডাল পোনালোঁ৷

কালি ক্লাছত চাৰে The Piece Of String গল্পটো পঢ়ালে৷ বৰ অদ্ভুত আছিল কাহিনীটো৷ হ’চিকামে ৰচীডাল বুটলি লোৱাটোৱেই তাৰ কাৰণে কাল হ’ল৷ নিজকে হ’চিকামৰ ঠাইত ৰাখি চালোঁ৷ কেনেকুৱা বা হ’লহেঁতেন মোৰ অৱস্থাটো! শেৱালি কেইপাহ বোটলাৰ কাৰণে যদি মইয়ো হ’চিকাম বনি যাওঁ! চাৰিওফালে চালোঁ, কোনো মানুহ নাছিল৷ এক অজান আশংকাত মই হাতৰ শেৱালি কেইপাহ পেলাই দিলোঁ৷ হ’চিকাম অৱশ্যে ষড়যন্ত্ৰৰ বলি হৈছিল৷ মানুহবোৰ বাৰু কেনেকুৱা, মানুহবোৰৰ কাৰণেইতো সি পাগল হ’ল৷ মানুহে তাক উপলুঙা নকৰা হ’লে! আকৌ ভাবিলোঁ, এইটোতো এটা গল্পহে Guy de Maupassantৰ৷ লিখাটো কিন্তু মানিব লাগিব৷ পঢ়িলে এনেকুৱা লাগে যেন সঁচাকৈয়ে ঘটিছিল ঘটনাটো৷

মৃদুপৱনে কালি চিঞৰিয়েই দিছিল, “কি দৰকাৰ আছিল তাৰ ৰচীডাল বুটলিবৰ?” চাৰে তেতিয়া কৈছিল চুটি গল্পৰ গুণৰ কথা৷ এইটো তাৰ মানে পাৰফেক্ট চুটি গল্প৷ মৃদু একেবাৰে কাহিনীটোত সোমাই গৈছিল, যেন হ’চিকামৰ পুতেকহে সি৷

বাবা দাৰ ঘৰৰ সন্মুখত পোৱাৰ আগত চাইকেলৰ পেডেলপাট জোৰেৰে মাৰি এৰি দিওঁ৷ কিয়নো সিহঁতৰ ভতুৱা কেইটাই পেডেল মৰা শব্দ শুনিলে চাইকেলৰ পিছ লয়৷

তিনিআলিত সদায় দেখোঁ ঘন পাগলক৷ ঘন পাগল কৰ পৰা আহিল কোনেও নাজানে৷ তাৰ আচল নামো চাগৈ ঘন নহয়৷ কিন্তু সকলোৱে ঘন পাগল কওঁতে তাৰ যেন উপাধিও পাগল, এনে লাগে৷ তিনিআলিৰ চ’ৰাঘৰত তাক সদায় শুই থকাতেই পাওঁ৷ দিনটো য’ত ত’ত কাগজৰ টুকুৰা বুটলি ফুৰে আৰু গালি পাৰে৷ মানুহবোৰেও তাক লৈ ৰং চায়৷ তাৰ চুলি কোছা আৰু চকুৰ চাৱনি দেখিলে মোৰ বুকুখন ঢিপলিংকৈ মাৰে৷

সেইদিনা সি শুই থকা নাছিল, চ’ৰাৰ খুঁটা এটাত আঁউজি লৈ কিবা এখন পঢ়ি আছিল৷ মই আঁতৰতে দেখি কি কৰোঁ কি নকৰোঁ লাগিল৷ তিনিআলিত তেতিয়া কোনো নাছিল৷ মই নাকৰ পোনে পোনে চাই চাইকেলৰ স্পীড বঢ়ালোঁ৷

“অই ভাইটি ৰচোন? “

সৰ্বনাশ, ইচোন মোকেই মাতিছে৷ নুশুনাৰ ভাও জুৰি মই পেডেল মাৰিলোঁ৷

“অই, তোৰ নাম নয়ন নেকি? “

ই মোৰ নাম কেনেকৈ জানিলে! ব্ৰেকডাল মাৰি এখন ভৰিৰে চাইকেলখন ৰাখি ঘূৰি চালোঁ৷ সি মোৰ পিনে আহি আছিল, হাতত তাৰ কালি মোৰ হেৰোৱা ইংৰাজী কিতাপখন৷

সি মোৰ কাষ চাপি আহিল, আজি তাক বেলেগ মানুহৰ নিচিনা লাগিল৷ তাক কেতিয়াও ইমান ওচৰৰ পৰা দেখা নাই৷

“হোঁ, কালি ইয়াতে পৰি গৈছিল, কিতাপ ভালকৈ ৰাখিবি৷”

মই কিতাপখন ল’লোঁ৷

“তই ক্লাছ টেনৰ?”

মই তালৈ চাই মূৰ দুপিয়ালোঁ৷ মই পাহৰি গৈছিলোঁ সি যে এটা পাগল হয়৷

“stopping by woods on a snowy evening ৰ summaryটো ভালকৈ পঢ়িবি, ভাল কবিতা Robert Frost ৰ৷”

মই তালৈ চাই ৰ’লোঁ৷ ই মই জনা ঘন পাগলেই হয়নে? মই থৰ লাগিলোঁ৷ হাজাৰটা প্ৰশ্নই মোৰ মূৰত ঘূৰিব লাগিল৷ দেখাতচোন ইয়াক শিক্ষিত নিচিনা অলপো নালাগে৷

সোধোঁ নোসোধোঁকৈ মই সুধিলোঁ “আপুনি মোৰ কিতাপখন পঢ়িলে?”

সি মোলৈ চালে, কিবা এটা ক’বলৈ গৈ সি ৰৈ গ’ল৷

“গুণগুণ গুণগুণ গুণ আইটি, গুণৰ লগত সৌতো ঘন কাইটি”

মৃদুৱে আঁতৰৰ পৰা চিঞৰি ঘনক জোকাইছিল৷ এবাৰ মৃদুৱে চানা খাই কাগজখন পেলাওঁতে ঘনই তাক খেদি ফুৰিছিল৷ তেতিয়াৰে পৰা মৃদুৱে ঘনক এনেকৈ জোকাই৷

মৃদুৰ মাত শুনি আকৌ সেই পাগল ঘনতো সাৰ পাই উঠিল৷ মৃদুৰ চৈধ্যপুৰুষলৈকে গালি পাৰি তাক খেদি গল৷ মৃদুৱে মোক চিঞৰিলে

“অই বৰা, আহ ক্লাছলৈ৷ পাগলৰ লগত কি পাতি আছ?”

ঘনলৈ চালোঁ সি চিঞৰি চিঞৰি তেতিয়াও গালি পাৰি আছিল৷ মই ঘনৰ পৰা বহুত উত্তৰ বিচাৰিছিলোঁ যদিও মই তাক তাতে এৰি যাব বাধ্য হৈছিলোঁ৷ সেইদিনা মোৰ একোতে মন বহা নাছিল৷ কাকো মই ৰাতিপুৱাৰ ঘটনাটোৰ কথা কোৱা নাছিলোঁ, কাৰণ সকলোৱে কথাতো উৰাই দিব বুলি মই জানিছিলোঁ৷ ঘনৰ অতীতৰ বিষয়ে জানিবলৈ মই উদ্বাউল হৈ পৰিছিলোঁ৷ মাথো এটা কথাই জানিছিলোঁ, আজিৰ পৰা ৪ বছৰ আগতে এখন ভ্ৰাম্যমান থিয়েটাৰ আহিছিল, তাৰ পিছতেই আবিৰ্ভাৱ হৈছিল ঘন পাগলৰ৷

ক্লাছৰ পৰা ঘূৰি আহোঁতে ঘনৰ লগত কথা পাতিব সাহ হোৱা নাছিল৷ ৰাতিলৈ মই ঠিক কৰিলোঁ, মই ঘনৰ লগত ভালকৈ কথা পাতিম৷

পিছদিনা মাৰ চিটিপনিৰ কোবৰ আগতেই সাৰ পাইছিলোঁ৷ গো গ্ৰাসে জলপান বাতি খাই মই চাইকেল উলিয়ালোঁ৷ মায়ে কিবা চিঞৰিছিল যদিও মই শুনা পোৱা নাছিলোঁ৷ সেইদিনা বাবা দাৰ কুকুৰকেইটাইও মোক বহুত দূৰলৈকে খেদিছিল৷ চ’ৰাঘৰৰ ওচৰ পাই দেখিলো ঘন তাত নাই৷ গোটেই তিনিআলি বিচাৰিলোঁ কিন্তু ঘনক আৰু দেখা নাপালোঁ৷ বহুতক সোধোঁ নোসোধোঁকৈ সুধিছিলোঁ কিন্তু কোনেও গম পোৱা নাছিল সি ক’লৈ গ’লগৈ৷ কাৰো দৈনন্দিন জীৱনত ঘন নথকাৰ প্ৰভাৱ পৰা নাছিল যদিও মোৰ মনত ঘনই এটা আঁচোৰ দি গ’ল আৰু দি গ’ল হাজাৰটা প্ৰশ্ন, যাৰ উত্তৰ হয়তো মই কেতিয়াও বিচাৰি নাপাওঁ৷ তেতিয়াৰে পৰা হ’চিকামৰ চৰিত্ৰটোত মোৰ মনত ঘনৰ প্ৰতিচ্ছবিখন লগাই ল’লো৷ এতিয়াও ক’ৰবাত কাগজ বুটলি ফুৰা মানুহ পালে ভালকৈ চাওঁ, কিজানিবা ঘনক বিচাৰি পাওঁ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments