ছাত্ৰাবাসৰ এডোখৰ : ১০ (দিগন্ত যাদৱ শৰ্মা)

 

 

চিকিৎসাৰ প্ৰমাণ পত্ৰ, ‘I’ আৰু ‘OGK’

স্নায়ুতত্ত্বৰ সহযোগী অধ্যাপক ডেকা চাৰ ‘হেড চাৰ’ৰ কোঠালৈ সোমাই আহিল।
: চাৰ মোক মাতি পঠিয়াইছিল? মই প্ৰশ্নকাকতখন তৈয়াৰ কৰি আছিলোঁ।
: অ’ ডেকা আহিছা। বহাছোন। অলপ ৰ’বা। মোৰ এটা গুৰুত্বপূৰ্ণ ‘ফোন’ কৰিবলগীয়া আছে।

হেড চাৰে ‘ৰিচিভাৰ’টো হাতত লৈ ‘ডায়েল’ কৰিবলৈ ধৰিলে। ডেকাচাৰ সন্মুখৰ চকীখনত বহি থাকিল। এসময়ত হেডচাৰে ফোনটো থলে।
: ডেকা এইখন পঢ়াছোন। মই একো বুজিব পৰা নাই। এনেকুৱা অসুখৰ নামটো আগতে নাই শুনা। -তেখেতে ছাত্ৰ এজনৰ চিকিৎসাৰ প্ৰমাণ পত্ৰ এখন সতীৰ্থ ডেকাৰ হাতত দিলে।
: OGK, কি ৰোগৰ নাম হ’ব পাৰে? চাৰ, ময়ো বুজা নাই!
: তাকেইতো! সেইফালে গ’লে ডাঃ শইকীয়াক তুমি এবাৰ সুধি আহিবা নেকি? মোৰ লগত তেনেকৈ যোগাযোগো নাই। তাতে তেওঁৰ ‘ফোন’টোও বেয়া হৈ আছে নেকি?

দুয়ো আকৌ ভাবিবলৈ ধৰিলে। এই OGKটো কি বেমাৰ হ’ব পাৰে। চমুকৈ লিখিছে নিশ্চয়! সেয়ে বুজিব পৰা নাই। কিন্তু জানিবলৈ দুয়োজনৰে মনটো উচপিচাই থাকিল। চিকিৎসাৰ প্ৰমাণ পত্ৰখন আছিল মনদীপ হাজৰিকাৰ। দ্বিতীয় বৰ্ষ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ। এদিন পিছতেই স্নায়ুতত্ত্বৰ লিখিত পৰীক্ষা। চিকিৎসাৰ প্ৰমাণ পত্ৰখন ডাঃ শইকীয়াৰ পৰা আনি ‘হেড’ চাৰৰ ওচৰত জমা দিছিল।

আমি মহাবিদ্যলয়ত পঢ়ি থকাৰ সময়ত বিশেষ কেইটামান ব্যৱস্থা আছিল। এতিয়া অৱশ্যে এইবোৰ উঠাই দিলে। তাৰে এটা আছিল ‘I’ মানে ill, অসুস্থ। ঠিক পৰীক্ষাৰ আগে আগে এখন ‘I’ৰ প্ৰমাণ পত্ৰ এখন জমা দিব পাৰিলে সেইদিনটোৰ পৰীক্ষাটো পিছত দিব পৰাৰ ব্যৱস্থা আছিল। ছাত্ৰাবাসত থকা ল’ৰা-ছোৱালীৰ অসুখ-বিসুখ হ’বও পাৰে। ঘৰৰ পৰা বাহিৰত থাকে বাবে বিশ্ববিদ্যালয় কতৃপক্ষই এনে এটা সুবিধা দিছিল। কিছুমানে এনেয়ে ফাইদা লুটে বাবে পিছলৈ বিশ্ববিদ্যালয় কতৃপক্ষই এই সুবিধাটো বন্ধ কৰি দিছিল। ডাঃ শইকীয়াক আমি সকলো ছাত্ৰই চাৰ সম্বোধন কৰিছিলোঁ। তেওঁ আমাৰ মহাবিদ্যালয়ৰ আৱাসীক চিকিৎসক। মহাবিদ্যালয়ৰ আৱাসতে থাকে। দুই-এজন অত্যুৎসাহীয়ে অৱশ্যে মামা অথবা খুৰা বুলিও নমতা নহয়! বৰ ভাল মানুহজন। মৰমীয়াল, ধেমেলীয়াও। সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে সুসম্পৰ্ক বজাই ৰাখিছিল। তাৰে সুবিধা লৈ মিছাকৈ কৈ কিছু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ আগে আগে তেওঁৰ পৰা ‘I’ৰ প্ৰমাণ পত্ৰ এখন লৈ আহে।

কথাটো আছিল এনেকুৱা। কোনো এজন ছাত্ৰ অথবা ছাত্ৰী অসুস্থ। ডাঃ শইকীয়া চাৰে পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসাৰ ব্যৱস্থা পত্ৰ এখন দিয়ে। ঔষধো মহাবিদ্যালয়ত থকা চিকিৎসালয়খনতে বিনামুলীয়া ভাবে উপলব্ধ। যদি কোনো ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ সময়ত অসুস্থ হয় তেতিয়া ছাত্ৰ-ছাত্ৰীৰ অনুৰোধত একোখন ‘I’ৰ চিকিৎসাৰ প্ৰমাণ পত্ৰ এখন লিখি দিয়ে। এখন প্ৰপত্ৰ। খালি ঠাইত মাত্ৰ ছাত্ৰজনৰ নাম, কোনটো ষান্মাসিকৰ, ৰোগৰ নাম উল্লেখ কৰিব লাগে। কিমানদিনৰ জিৰণি ল’ব লাগে বুলি পৰামৰ্শ দি তলত তেওঁ চহী আৰু মোহৰটো মাৰি দিয়ে।

মনদীপৰ মনটো দুদিনমানৰ পৰা এক্কেবাৰে ভাল নহয়। এনেয়ে দুই নাওত দুই ভৰি হৈ আছিলেই। তথাপিও ভালে আছিল। কিন্তু কি যে খেলিমেলিখন লাগি গ’ল। বিজয়াৰ পৰা অহা চিঠিখনে তাক বিবুদ্ধিত পেলালে। সি প্ৰকৃততে বিজয়াকহে বেছি ভাল পাইছিল। এতিয়া স্নিগ্ধাই তাক আদৰি লব জানো? একেখন গাঁওৰে বিজয়া আৰু স্নিগ্ধা। দুয়োজনীয়ে মনদীপক ভাল পায়। তাৰ কিন্তু বিজয়ালৈহে মৰমটো বেছি। মাজে মাজে অৱশ্যে স্নিগ্ধাকো মৰম কৰিবলৈ মন যায়। কিন্তু বিজয়াৰ মৰমসনা মাতে তাক স্নিগ্ধাৰ পৰা দূৰৈত ৰাখে। এই লৈ স্নিগ্ধাৰ মনত বৰ দুখ। দুদিন আগতে অহা বিজয়াৰ চিঠিখন পঢ়ি বুজিবলৈ বাকি নাথাকিল যে সি এতিয়া বিজয়া অবিহনেই তাৰ জীৱনটোক গঢ় দিব লাগিব। বিজয়াই আগৰ প্ৰেমিকৰ ওচৰলৈ ঘূৰি গ’ল। মনদীপক ক্ষমা কৰি দিবলৈ আৰু তাইক পাহৰি পেলাবলৈ চিঠিত খাৰাংখাচভাবে লিখি দিছে। বিজয়া ইমান নিষ্ঠুৰ হ’ব পাৰেনে? তাৰ কি হ’ব এতিয়া! কিন্তু প্ৰেম নোহোৱাকৈ জীৱনটোক জানো আগবঢ়াই নিব পাৰি? সেই সাহস তাৰ নাই! স্নিগ্ধা আছে অৱশ্যে! কিন্তু তাইৰ ওচৰলৈ গ’লে যদি তাক ককৰ্থনা অথবা অপদস্থ কৰে? তেতিয়া কি হ’ব তাৰ! যোৱা ‘চেমিষ্টাৰ ব্ৰেক’ত ঘৰলৈ যাওঁতে ওচৰলৈ অহা স্বত্তেও তাইক পৰিহাৰহে কৰিছিল।

দুদিন পিছত পৰীক্ষা। প্ৰথমতে জীৱৰসায়ন। নপঢ়িলেও চলি যাব। কিন্তু পিছৰখন স্নায়ুতত্ত্বৰ। এই দুদিন মনযোগেৰে পঢ়িলেহে মোটামোটি কিবা এটা নম্বৰ পাব। কিন্তু মনৰ যিহে অৱস্থা! ক’ত পঢ়িব পাৰিলে এইকেইদিন! গতিকে শেষ ভৰসা “I”। আৰু তাৰ বাবে ডাঃ শইকীয়া চাৰৰ ওচৰলৈ গৈ যিমান পাৰি কেকাঁই-গেথাঁই মিহিকৈ মাতটো উলিয়াই এখন চিকিৎসাৰ প্ৰমান পত্ৰ যোগাৰ কৰা।

: ‘নেক্সট প্লিজ’ -ডাঃ শইকীয়া চাৰৰ ‘চেম্বাৰ’ত। মনদীপ সোমাই গ’ল। ভয়ো লাগিছে। কওতে যদি কথাখিনি খেলিমেলি হৈ যায়। কি ক’ব অলপ ‘হোমৱৰ্ক’ কৰি আহিছিল। কিন্তু সময়ত পাহৰি পেলালে।
: চাৰ… মোৰ মানে… দুদিনমানৰ পৰা মানে… ধৰফৰাই থাকে। টোপনি নাহে ভালকৈ। শুই থাকিবলৈ মন যায়। কালি পৰীক্ষা দিব নোৱাৰিম চাৰ।
: কি হৈছে ভালকৈ নকৱ কিয়। কি মানে মানে কৈ আছ? পৰীক্ষা দিবলৈ মন নাই? হো!
: নহয় চাৰ… মানে মোৰ মূৰটো কৰবাত দৌৰি থাকে… ধৰি ৰাখিবও নোৱাৰো।
: তহঁতৰ পৰা উপায় নাই। মই এতিয়া ডাক্তৰি এৰি তহঁতৰ মূৰবোৰ ধৰিবলৈ দৌৰি থাকিব লাগিব!

খং উঠিলে কেতিয়াবা আমাক তই বুলিও কৈছিল। আমি কোনোৱে বেয়া নাপাইছিলোঁ। মেজৰ ওপৰতে থকা প্ৰপত্ৰৰ ‘পেড’টো উলিয়াই ভৰ্তি কৰিবলৈ ধৰিলে। এবাৰ তাৰ ফালে চাই কলে-
: মিছাকৈ ঔষধ নষ্ট কৰিবলৈ নিব নালাগে দেই!
: হ’ব চাৰ _সেপ ধুকি নিলাজৰ দৰে মনদীপে উত্তৰ দিছিল।

হাতত প্ৰমানপত্ৰখন লৈ মনদীপেও ডাঃ শইকীয়া চাৰক শুধিবলৈ বাধ্য হৈছিল।
: চাৰ OGKটো কি ৰোগৰ নাম?
: যা, যা লৈ যা। ‘হেড’কহে দিবি। তেখেতে বুজিলেই হ’ল।

কাষত থিয় দি থকা ‘ফাৰ্মাচিষ্ট’ বলিনদাক মিচিকিয়াই হাঁহি শইকীয়া চাৰে ক’লে তাৰ বেমাৰটো Only God Knows…। সেয়ে ৰোগৰ নামটো OGK বুলিয়েই লিখি দিলো। পৰীক্ষাৰ আগে-পিছে তেখেতৰো ধৈৰ্য্যচুৰ্তি হেৰাইছিল। একেলগে কেইবাজনো ছাত্ৰই মিছমিছিকৈ প্ৰমাণপত্ৰ ল’ব আহিছিল। কাকো বিমুখো কৰিব পৰা নাছিল। সন্দেহ হলে বেমাৰৰ প্ৰকাৰো ভিন ভিন হৈছিল। এবাৰ এজন ল’ৰাক যিটোহে ৰোগৰ নাম লিখি দিছিল, অধ্যাপক মহলত তোলপাৰ লাগি গৈছিল। ডাঃ শইকীয়াই এইবোৰ কি ৰোগ নিৰূপণ কৰিবলৈ লৈছে। পিছলৈ অৱশ্যে ইয়াকে লৈ হাঁহিৰ খোৰাকৰহে সৃষ্টি হৈছিল। ল’ৰাটোৱে তলপেট বৰকৈ বিষোৱা বুলি কওঁতে ‘ডিচমেন’ৰিয়া’ (dysmenorrhea) হোৱা বুলি লিখি দিছিল। তেওঁ জানিছিল ল’ৰাটোৱে মিছাকৈ কৈছিল।

(বিঃদ্ৰঃ- আমাৰ মহাবিদ্যালয়ৰ সেই সময়ৰ আৱাসিক চিকিৎসক ডাঃ শইকীয়া চাৰলৈ শ্ৰদ্ধা আৰু ক্ষমা প্ৰাৰ্থনাৰে -দিগন্ত যাদৱ শৰ্মা)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!