Hydrocephalus আৰু ফাইলৰ নোট কেইখন – মানসী দেৱী

 

আলমাৰীটো খুলিলেই চকু পৰে ফাইলটোত আৰু ফাইলটোত চকু পৰিলে মনটো বিষাদ হৈ উঠে৷ প্ৰায়ে খুলি চাও ফাইলটোৰ ভিতৰত থকা মোৰ বিভিন্ন দৰকাৰী কাগজ পত্ৰৰ সৈতে থকা সেই নিৰ্দিষ্ট খামটো৷ খামটো খুলি তাত থকা সেই বিশেষ কাগজ কেইখন উলিয়াই চুই চাও, মুহূৰ্ততে বুকুত এটা খোঁচ মৰা অনুভৱ কৰো, চকু দুটা সেমেকি উঠে, আকৌ অতি আলফুলে কাগজ কেইখন সামৰি খামটো ভৰাই থও৷
এইখিনি কথা আজিলৈকে কাৰো আগত ক’ব পৰা নাই, আনকি একেবাৰে ঘনিষ্ঠ জনকো৷ এয়া মোৰ জীৱনৰ একান্ত ব্যক্তিগত এক অধ্যায়, অথচ সেই অধ্যায় আজি সমূহীয়া কৰি দিব মন গ’ল৷ কিছুমান কথা উকমুকাই থাকি কষ্ট দিয়ে, কাৰোবাৰ আগত প্ৰকাশ কৰিলে মনোকষ্ট যেন আংশিক লাঘৱ হয়৷ ভবা নাছিলো এইবোৰ কথা কেতিয়াবা কাৰোবাক ক’ম, কিন্তু জীৱন আৰু সময়ে দিয়া বিভিন্ন অভিজ্ঞতাৰ দ্বাৰা মানুহ পুষ্ট হৈ উঠে আৰু কিছুমান কথা অকপটে স্বীকাৰ কৰিব পৰা হৈ যায়৷ এইখিনিতে সকলোকে ক্ষমা প্ৰাৰ্থনাৰে জনাও যে কথাখিনি অতি দীঘলীয়া হ’ল, আমনি নাপায় যেন৷
সেয়া আছিল ১৯৯৬ চনৰ শেষৰ পিনৰ কথা৷ মোৰ শৰীৰত প্ৰথম মাতৃত্বৰ অনুভৱ৷ অসুস্থ শৰীৰ যদিও মানসিক সুখ, আবেগ আৰু অনুভূতিয়ে অসুস্থতাক তুচ্ছ কৰিছিল৷ প্ৰতিমাহে তেজপুৰলৈ গৈ চিকিৎসকৰ দিহা পৰামৰ্শ মৰ্মে ঔষধ আদি নিয়মীয়াকৈ ব্যৱহাৰ কৰিছিলো৷ জুন মাহৰ ৰুটিন ছেকআপৰ বাবে যাঁওতে চিকিৎসকে যেন সন্দেহজনক কিবা এটা পালে আৰু সেইদিনা আবেলি তেখেতৰ নাৰ্চিংহ’মত ভৰ্তি কৰালে৷ ultra sound ৰ তথ্য অনুসৰি মোৰ পিছদিনা ছিজাৰীয়ান অষ্ট্ৰোপচাৰ হ’ব বুলি জানিব দিলে মাত্ৰ৷ পৰিয়ালৰ সকলোটি সদস্য মোৰ লগত ব্যস্ত হৈ পৰিলে, মই মাথোঁঁ গম পালো যে সাধাৰণ এটা বিজুতিৰ বাবে নিৰ্দিষ্ট তাৰিখতকৈ এমাহৰ আগতেই অষ্ট্ৰোপচাৰ হ’ব৷ মই মানসিক ভাৱে সাজু হ’লো, মোৰ অপাৰেছন হ’ল, শৰীৰত তেজ যোগান ধৰিব লগা পৰিল ( পিছতহে গম পাও)৷ অপাৰেছনৰ অন্তত যেতিয়া মোৰ সংজ্ঞা ঘূৰি আহিছিল, অনুভৱ কৰিছিলো ৰোগীৰ বিছনাত মই অকলে আছোঁ৷ মোৰ সন্তানটোৰ কথা সোধাত সকলোৱে ক’লে ল’ৰাক আছুতীয়াকৈ চিকিৎসকে ৰাখিব দিছে৷ মোৰ শৰীৰত বিভিন্ন যন্ত্ৰ সংযোজিত কৰি ৰখা হৈছিল, সকলোৰে মুখত এটা গধুৰ দুখৰ ভাৱ থকা যেন লাগিলেও মই সেইকথাত বিশেষ চিন্তা কৰিব নোৱাৰা অৱস্থা৷ চতুৰ্থ দিনা ডাক্তৰে আহি জনালে যে মোৰ সন্তানটো অলপ অসুস্থ আছিল আৰু তাক অশেষ চেষ্টা কৰিও তেওঁ বচাব নোৱাৰিলে, আগদিনা ৰাতি সি ঢুকাল ! মোৰ কি হৈ গৈছিল মই নিজেই গম পোৱা নাছিলো৷ এটা হাতত তেতিয়াও চেলাইন লগোৱা আছিল আৰু পেটত অনুভৱ হৈ আছিল অসহ্য বিষ৷ চকুপানীও হয়তো উলিয়াব পৰা নাছিলো, বেদনাত মুক হৈ পৰিছিলো৷ গম পাই গলো কি কাৰণে সকলোৰে মন বোৰ বিষণ্ণ আছিল৷ অসুস্থ শৰীৰ আৰু বেছিকৈ অসুস্থ হৈ পৰিল৷ দুদিন পিছত কিছু সুস্থ হোৱাত ঘৰৰ মানুহক সন্তানটিৰ কথা সুধিলত সি অলপ অসুস্থ আছিল বুলি ক’লে, চকু আৰু নাক মুখৰ বৰ্ণনা কৰিলে, কিন্তু তাতকৈ আৰু বেছি মোক কোৱা নাছিল৷ আজি মই আচৰিত হওঁ কেনেকৈ মই সেই সত্যক বিনাবাক্যে মানি ললো, কিয় মই চিকিৎসক জনকে হওক বা পৰিয়ালৰ লোককে হওক কিয় সুধিব নোৱাৰলো যে মোক নেদেখুৱাকৈ মোৰ সন্তানক কিয় আঁতৰাই নিয়া হ’ল !
অষ্টমদিনা কিছু সুস্থ হোৱাত ঘৰলৈ উভতিলো খালী হাতেৰে৷ ঘৰ সোমাই কান্দি দিছিলো, মোৰ কোঠাত সজাই থোৱা কেচুৱাৰ ফটোখন ইতিমধ্যে আঁতৰাই নিয়া হৈছিল৷ ঘৰৰ পৰিবেশ বিষণ্ণ হৈ পৰিছিল৷ ইতিমধ্যে মোৰ শৰীৰত মাতৃত্বৰ বাবে হোৱা পৰিবৰ্তন সমূহক চিকিৎসা পদ্ধতিৰে কৃত্ৰিম উপায়েৰে বন্ধ কৰি দিয়া হৈছিল৷ উস! কি নিদাৰুণ যন্ত্ৰনা! কেইদিনমানৰ পিছত ঘৰত এটা ধৰ্মীয় আচাৰ পালন কৰা হয়৷ সেইদিনা মই ultra sound খনৰ copyটো চাইছিলোঁ, লগে লগে মোৰ মূৰ আচন্দ্ৰাই কৰিছিল৷
এমাহমান গ’ল৷ মই কিছু পৰিমাণে শাৰীৰিকভাৱে সুস্থ হ’লো৷ Hydrocephalus ৰোগত আক্ৰান্ত মোৰ ল’ৰাটো গৰ্ভতে মৃত আছিল৷ শেষৰ বাৰ শৰীৰ পৰীক্ষা কৰিব যাঁওতে তাৰ heart beat ৰ উমান পোৱা নগৈছিল বাবে পৰবৰ্তী ব্যৱস্থা চিকিৎসকজনে লবলগীয়া হ’ল৷
ল’ৰাটো মই নেদেখাকৈয়ে হেৰুৱালোঁ৷ চাকৰিয়াল মহিলা হিচাপে মাতৃত্বৰ ছুটীও আবেদন কৰিব নোৱাৰিলো৷ এক মাহৰ medical leave ললো৷ বহুদিনৰ পিছত ছুটী লোৱা টকাকেইটা মোৰ হাতত পৰিল৷ অন্তৰে কান্দি উঠিল৷ ২০ টকীয়া নোটৰ বাণ্ডিল এটাৰ পৰা ১০খন কাগজী নোট খাম এটাৰ ভিতৰত থৈ ফাইলটোত থলো৷ ল’ৰাটোৰ মুখখন দেখা নাপালো, চুই নাপালোঁ, চুমা এটাও দিব নোৱাৰিলো তাক! আছেনে বাৰু এনে কোনো দুৰ্ভগীয়া মাতৃ মোৰ দৰে ! তাৰ বয়সৰ ল’ৰা ছোৱালীবোৰ দেখিলে হেঁপাহ পলুৱাই মৰম কৰিব মন যায়, কিন্তু বাস্তৱত সেয়া সম্ভৱ নহয়৷ internet ব্যৱহাৰ কৰিব জনাৰ পিছত সেই বেমাৰটোৰ বিষয়ে কিছু কথা জানিলো আৰু বিভিন্ন ছবিও দেখিবলৈ পালো৷ সেইবোৰে মনতো সদায় ভাৰাক্ৰান্ত কৰে৷ ল’ৰাটোৰ স্মৃতি লাগি থকা সেই কাগজ নোট কেইটাত বহুত বেদনা থাকিলেও কিবা এটা মৰম সোমাই আছে, যাক নেকি মই আজীৱন বুকুৰ এটুকুৰা মঙহ বুলিয়েই সাঁচি ৰাখিম!

মানসী দেৱী

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments