ভাৰতীয় ৰাজনীতি: নীতি-আদৰ্শৰ প্ৰশ্ন, বাস্তৱ আৰু ভৱিষ্যত (অজয় লাল দত্ত)

ভাৰতীয় ৰাজনীতিৰ সামগ্ৰিক ছবিখনলৈ লক্ষ্য ৰাখিলে এটা কথাই মনলৈ উলাহ আনে যে দেশৰ নতুন প্ৰজন্মই নতুনকৈ “ৰাজনীতি” নামৰ বিষয়টোলৈ আগ্ৰহ প্ৰকাশ কৰিছে। সক্ৰিয় ৰাজনীতিলৈ অহা-নহাৰ কথাটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু ৰাজনৈতিক ঘটনাৱলী. পট-পৰিবৰ্তন আদি বিষয়ক লৈ সচেষ্ট হৈছে। আনকি আগৰ কেৱল বাতৰি-কাকতৰ লেখা বা দূৰদৰ্শনৰ কাৰ্যসূচীয়ে আলোড়িত কৰিব নোৱাৰা এক বিশাল পৰিমাণৰ লোক সম্প্ৰতি ছেটেলাইট চেনেল, ইণ্টাৰনেটৰ সংবাদ সূ্ত্ৰ, ছ’চিয়েল মেডিয়াৰ পৰশত ৰাজনৈতিক বিষয়ৰ প্ৰতি আকৰ্ষিত হৈছে। এয়া বিশ্বৰ সৰ্ব-বৃহৎ গণতন্ত্ৰখনৰ বাবে অতিশয় শুভ লক্ষণ। কিন্তু এই আগ্ৰহে সৃষ্টি কৰা এই নৱ-সচেতন বুঢ়া-মেঠা নাগৰিকৰ পৰা কুমলীয়া কিশোৰ-যুৱক-যুৱতী সকল প্ৰকৃততে কিমান সচেতন হৈছে বা এই সচেতনতাৰ পোতন কিমান, সেয়াও আজিৰ তাৰিখত মূল্যায়ন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। আৰু সেই কাম হাততো লৈছে কিছু সংবাদ-সেৱীয়ে।

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ প্ৰথম অসম ভ্ৰমণৰ কালছোৱাত অসমৰ টিভি চেনেল সমূহে উৎসাহী একোজাক নৱ-প্ৰজন্মৰ মনৰ ভাৱ জানিবলৈ প্ৰচেষ্টা হাতত লৈছিল। কাৰোবাৰ মতে মোদী চাহাব ফেশ্বন আইকন, ইমান ভাল ভাল কথা কয়, তেওঁৰ উপস্থাপনৰ শৈলী অনুপম, তেওঁক লগ পালেই শ্বেলফি এখন তুলি ফে’চবুকত দিলোঁহেঁতেন! কিন্তু আন কিছু অংশগ্ৰহণকাৰীৰ মতামতত তাতোকৈ আছিল কিছু গভীৰতা। তেওঁলোকে দেশখনক এক স্থবিৰতাৰ পৰা পৰিবৰ্তনৰ দিশে গতি দিব পৰাকৈ কাম কৰিব পৰা নেতা হিচাপে প্ৰধানমন্ত্ৰীজনক বিশ্বাস কৰিছে আৰু সেইমতে নিজৰ সমৰ্থন ব্যক্ত কৰিছে। আন কিছু অংশগ্ৰহণকাৰীয়ে এতিয়ালৈ নতুন চৰকাৰে গ্ৰহণ কৰা কিছু পদক্ষেপৰ সপক্ষে বা বিপক্ষে নিজৰ অনুভৱ ব্যক্ত কৰিছে। অংশগ্ৰহণকাৰীসকলে সকলোৱেই ৰাজনীতিলৈ নতুনকৈহে আগ্ৰহ জন্মাৰ কথাও প্ৰকাশ কৰিছে আৰু দেশক এক ইতিবাচক দিশত পৰিবৰ্তন আনিবৰ বাবে একোজন ভৱিষ্য নাগৰিক হিচাপে তেওঁলোকে অৰিহণা যোগোৱাৰ মনৰ হেঁপাহৰ কথাও ব্যক্ত কৰিছে। কিন্তু কোনোবোৰ বিশেষ নীতি বা আদৰ্শৰ ভিত্তিত কোনটো দল গঢ় লৈ উঠিছে, কোনটো দল নীতিহীন, কোনটোৱে বতৰৰ সুবিধাজনক স্থিতি গ্ৰহণ কৰে, কোনবোৰ নীতিয়ে দেশক কোন ফাললৈ লৈ যাব পাৰে, সেইধৰণৰ ৰাজনৈতিক সজাগতা বা শিক্ষাৰ অভাৱ পৰিস্ফুট হৈ পৰিছে। কিছুমানে আকৌ কোনো ব্যক্তিক ভগৱানৰ অৱতাৰৰ শাৰীলৈ নি যি কয় সেয়াই শুদ্ধ ধৰণৰ অন্ধ ভক্তৰ ৰূপ ধাৰণ কৰিছে। এই কথা ফে’চবুক, টুইটাৰৰ দৰে ছ’চিয়েল মেডিয়াত অতি-সজাগ “যোদ্ধা” সকলৰ বাবেও সমানে প্ৰযোজ্য বুলি অনুভৱ কৰো।

কিন্তু ইয়াৰ কাৰণ কি? যিবোৰ সূত্ৰৰ পৰা তেওঁলোকে জ্ঞান লভিবলৈ ধৰিছে, যাৰ উমানত কোনো ধ্যান ধাৰণাৰ বিকাশ কৰিবলৈ লৈছে, সেই সমূহে তেন্তে সঠিক সমল যোগাব পৰা নাই নেকি। এই ক্ষেত্ৰত বিগত বৰ্ষৰ টাইমচ অৱ ইণ্ডিয়া লিট-ফেষ্ট, মুম্বাইত খ্যাতনামা সাংবাদিক এগৰাকীৰ মুখৰ পৰা সৰি পৰা এটা বাক্য ইয়াত উদ্ধৃত কৰিব খুজিছোঁ। সেই অনুষ্ঠানত অৰবিন্দ কেজৰীৱালে তেওঁৰ সৈতে ৰাইজৰ কথা-বতৰাৰ আঁত ধৰা ক্ষুৰধাৰ সাংবাদিকজনক ৰাজহুৱাকৈ আহ্বান জনাইছিল যে আপোনালোকেও দুৰ্নীতিৰ বিৰুদ্ধে গঢ়ি উঠা ৰাজনৈতিক যুঁজ খনৰ কথা সবল ৰূপত প্ৰচাৰ কৰক! তেতিয়া সাংবাদিকজনে ক’লে-“আমিতো আপোনালোকৰ মেডিয়া পাৰ্টনাৰ নহয়!” তেন্তে দেশৰ দুগৰাকী অন্যতম প্ৰভাৱশালী ব্যক্তিৰ কথোপকথনে কি বাৰ্তা কঢ়িয়াই আনিলে ৰাইজলৈ? এয়াই নেকি যে, আজি মেডিয়া নিৰপেক্ষ নহয়, যি সংস্থা বা কাৰ্যসূচীৰ সৈতে মেডিয়া পাৰ্টনাৰ হোৱাৰ মুকলিকৈ বা গোপনে চুক্তিবদ্ধ, তাৰেই একপক্ষীয় প্ৰচাৰত ব্ৰতী হয়, সেই সংবাদসেৱী। কোম্পানী আৰু ব্যক্তিগত মালিকানাধীন টিভি চেনেলে নিজৰ স্বাৰ্থৰ মুখপত্ৰ হৈ কাম কৰা, সংবাদ-ব্যৱসায়ৰ ৰাজহ আহৰণ আৰু তাৰ বাহিৰেও মালিকীস্বত্ব থকা কোম্পানীৰ স্বাৰ্থৰ অনুকূলে নীতি নিৰ্মাণৰ স্বাৰ্থত সম্পাদকীয় নীতি লৈ একঘেয়ামী প্ৰচাৰৰ প্ৰৱাহ আৰম্ভ কৰিবলৈ বাধ্য হয় সংবাদপত্ৰ! অসমো এই ক্ষেত্ৰত অকণো পিছ পৰি থকা নাই। অসমৰ মেডিয়াৰ সদাগৰ এজন সিদিনা মেডিয়া পাৰ্টনাৰ হিচাপে বিগত নিৰ্বাচনত জিকিবলৈ সহায় কৰাৰ স্বীকৃতি খোদ প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰা বুলি গৌৰৱ কৰি নিজা কাকততে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে আৰু “এই পৰম্পৰা”ৰ কথা সঁচা প্ৰমাণিত কৰিছে।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত লম্ভা এনে কেৰোণৰ ফলতে এতিয়া সংবাদপত্ৰ সমূহে সৰু-বৰ সকলো ৰাজনৈতিক দলৰ কথা সমানকৈ গুৰুত্ব দি প্ৰকাশ কৰিব নোৱাৰাৰ চিন্তাজনক অৱস্থাত উপনীত হৈছেগৈ। কোনো এটা বিষয়ৰ ওপৰত শাসক-বিৰোধী সকলো দলকে সামৰি লোৱাৰ সলনি চেনেল বা সংবাদসেৱাৰ সম্পাদনাকক্ষৰ মতৰ সৈতে সুৰত-সুৰ মিলোৱা, টি.আৰ.পি., বিজ্ঞাপন দিয়াব পৰা “সমল ব্যক্তি”সকলকহে মতামত দিবলৈ আমন্ত্ৰণ জনোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজনৈতিকভাৱে সংখ্যাত ক্ষুদ্ৰ হৈ পৰিলেও সাধাৰণ খাটি খোৱা জনতাৰ পক্ষত সদায় মাত-মাতি অহা বাওঁপন্থীসকলক এই ক্ষেত্ৰত প্ৰায় দুবছৰমান ব্লেক-আউট কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। সহমত ব্যক্ত কৰিব নোখোজাসকলে চাৰি-পাঁচবছৰ আগৰ টিভিৰ আলোচনাৰ পেনেল বা বাতৰি-কাকতত প্ৰকাশিত লেখালৈ বিশ্লেষণাত্মক এক নজৰ দিলেই কথাবোৰ স্পষ্ট হৈ উঠিব। ইয়াৰ দ্বাৰা, বিভিন্ন বিৰোধীয়ে ফঁহিয়াই দিয়া দোষ-ক্ৰুটিবোৰ সঠিক ৰূপত উজলাই তোলা আৰু তাৰ ভিত্তিত জনসাধাৰণে চিন্তাৰ সমল পোৱাৰ এটা প্ৰয়োজনীয় ধাৰা বাধাগ্ৰস্ত হৈ পৰিছে। অসমতো আনকি এনে টিভি পৰ্দাৰ আলোচনাচক্ৰলৈ ক্ষুদ্ৰ জনগোষ্ঠীয় ৰাজনৈতিক সংগঠন, আঞ্চলিকতাবাদী শক্তি, বাওঁপন্থী, নীতি-আদৰ্শৰ বিকল্প ৰাজনীতিৰ কথা-কোৱা দল সমূহে নিমন্ত্ৰণ পোৱাতো এক দুষ্প্ৰাপ্য উদাহৰণ স্বৰূপ হৈ পৰিছে। কেইটিমান ধনে-জনে শক্তিশালী দলৰ একপক্ষীয় অতিপ্ৰচাৰৰ বাহক হিচাপে কাম কৰি, নিৰ্বাচনৰ আগৰ-পাছৰ সকলো সময়তে বাকী ৰাজনৈতিক দলসমূহৰ সামাজিক-ৰাজনৈতিক চিন্তা-বিশ্লেষণ-দাবী-প্ৰতিবাদ আদিক অন্ধকাৰত ৰাখিবলৈ চেষ্টা কৰা হৈছে। ভাৰতত বিদেশৰ দৰেই দ্বি-দলীয় ব্যৱস্থা থকাহে উচিত, সৰু-বৰ জাতি, জনগোষ্ঠী, অঞ্চলৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰা ক্ষুদ্ৰ শক্তিসমূহে এক ৰাষ্ট্ৰশক্তিক দুৰ্বলহে কৰিছে ধৰণৰ এক মতামতক সমগ্ৰ দেশতে প্ৰৱাহিত কৰি তৃতীয় অথবা বিকল্প চিন্তাৰ পথ সমূহ ৰুদ্ধ কৰাৰ এক বহুতৰপীয়া, দীৰ্ঘদিনীয়া বৌদ্ধিক ষড়যন্ত্ৰৰ কথা সঁচাকৈয়ে দিনক দিনে উজলি উঠিছে।

একোটা ৰাজনৈতিক দলৰ মঞ্চত বিশেষ কোনো নীতি বা আদৰ্শৰ ভেঁটিত লোকসকল সমবেত হয়। একোটা দলে নিজস্ব কিছু লক্ষ্য আৰু উদ্দেশ্যৰে নিজৰ সাংগঠনিক আৰু ৰাজনৈতিক কাম-কাজবোৰ আগুৱাই নিয়ে। কিন্তু এতিয়া ছ’চিয়েল মেডিয়াৰ মঞ্চত সজাগ জনতাৰ ভূমিকা লোৱা এই নৱ-প্ৰজন্ম সঁচাকৈয়ে নিজে সমৰ্থন কৰা দলৰ নীতি আৰু বাস্তৱিক কৰ্মক লৈ সচেতন নে? সেই দলৰ নীতি বা কৰ্মৰাজিয়ে দেশৰ ভৱিষ্যতলৈ কম দিনৰ ভিতৰত কি পৰিবৰ্তন আনিব, সেয়া দেশৰ দীৰ্ঘদিনৰ ভৱিষ্যতৰ বাবে সঁচাকৈ উপযোগী হব নে ক্ষতিকৰ হব সেই সম্পৰ্কে সঁচাকৈ সজাগ নে? ভাল বেয়া বাচনি কৰিবৰ বাবে দেশত থকা বিভিন্ন ৰাজনৈতিক মতাদৰ্শ, সেই দলৰ সামাজিক-অৰ্থনৈতিক নীতি সমূহৰ তুলনামূলক বিশ্লেষণ কৰি সঠিক সিদ্ধান্তত উপনীত হৈছেনে?

আমিবোৰেও অসম তথা ভাৰতৰ ৰাজনীতিত সঘনে উচ্চাৰিত হৈ থকা শব্দ ৰাজি সাম্প্ৰদায়িকতা, ছেকুলাৰ, প্ৰত্যক্ষ বিদেশী বিনিয়োগ, চৰকাৰৰ হাতৰ পৰা চৰকাৰী কোম্পানীৰ শ্বেয়াৰ বিক্ৰী, দেশীয় পুঁজিপতি আৰু বহুজাতিক পুঁজিৰ শক্তি, নব্য-উপনিবেশবাদ, নতুন উদাৰীকৰণ নীতি, সাম্ৰাজ্যবাদৰ নতুন হাতোৰা, ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ আত্ম-নিয়ন্ত্ৰণ, সীমা-সমস্যা (আন্তৰ্জাতিক বা আন্তঃৰাজ্যিক), বিদেশীৰ অনুপ্ৰৱেশ আৰু জনগাঁথনি সলনিৰ ভাবুকি, অৰ্থনৈতিক নিয়ন্ত্ৰণৰ ক্ষমতা, উদ্যোগীকৰণৰ নীতি, উদ্যোগীকৰণৰ ফলত থলুৱা লোকৰ নিযুক্তি-ক্ষতিপূৰণ-লাভালাভৰ চৰ্ত আদিৰ কথানো কিমান বুজোঁ? এগৰাকী পণ্ডিতে কৈছিল,“যেতিয়ালৈকে কোনো এটা বস্তু বা বিষয়ৰ ওপৰত একোটা সৰল সংজ্ঞা দিব নোৱাৰা, তেতিয়ালৈকে জানিবা যে সেই বিষয়ে তুমি একোৱেই নাজানা”! এই কিছু শব্দাৱলীৰ সংজ্ঞা দিব পৰাকৈ সচেতনতা নতুনকৈ ৰাজনীতিৰ প্ৰতি আগ্ৰহ দেখুওৱা সকলৰ কেইজনৰ আছে? যেতিয়ালৈকে কোনো লোকে মৌলিক ধাৰণা সমূহৰ ওপৰত নিজস্ব ধ্যান-ধাৰণা গঢ়ি ল’ব নোৱাৰে, তেওঁলোকে ৰাজনৈতিক ভাৱে সঠিক সিদ্ধান্ত ল’বই বা কেনেকৈ। সেয়ে যিখন দেশৰ অধিক লোকেই নিৰক্ষৰ, ৰাজনৈতিক শিক্ষাৰে শিক্ষিত হোৱাটো দূৰৰ কথা, পঢ়া-শুনা কৰি শিক্ষিত হোৱা সকলো কেৱল প্ৰচাৰৰ ধুমুহাই সৃষ্টি কৰা একোটা ধাৰাৰ প্ৰতিহে আকৃষ্ট হোৱাটো একেবাৰেই সহজ কথা। বস্তু বিক্ৰী কৰাৰ বিজ্ঞাপন নিৰ্মাণ কৰা সকলে মানুহৰ মন জিনাৰ যি কৌশল আয়ত্ত কৰি লৈছে, তাকেই ৰাজনীতিক মায়াজালৰ সৃষ্টি কৰিবলৈ বিগত সময়চোৱাত ব্যৱহৃত হৈছে। একোটা মতাদৰ্শৰ প্ৰলোভন ৰূপী অতিপ্ৰচাৰ আৰু আন কিছু মতাদৰ্শৰ সেমেকা-নিশকতীয়া প্ৰচাৰে ভাৰতীয় নতুন চামকো এক একপক্ষীয় ৰাজনৈতিক সপোনৰ ধ্যান-ধাৰণাৰেহে মন মগজু পুষ্ট কৰি তুলিছে। প্ৰচাৰৰ ধুমুহাৰ ধূলিয়ে মাত্ৰ এটা দিশে চাবলৈ বাধ্য কৰিছে, এই দিশৰ পৰাই সকলো জানিলোঁ বুজিলোঁ বুলি মায়াত আৱদ্ধ হোৱা বেছি ভাগেই তেওঁলোকে কি জনা নাই, কি নুবুজাকৈ থাকি গৈছে, ধূলিৰ ধুমুহাই কিবা ঢাকিয়েই ৰাখিছে নেকি, এই প্ৰশ্নবোৰৰ কথা অনুভৱ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে আমাৰ বিচাৰ বিবেচনাক পুৰঠ কৰাৰ বাবে মন-মগজু মুকলি কৰি ৰাখি জনপ্ৰিয়, অজনপ্ৰিয়, পৰম্পৰাগত, অপৰম্পৰাগত সূত্ৰৰ পৰাও বিভিন্ন দিশৰ জ্ঞান ল’বলৈ আমি উন্মুখ হৈ থাকিব লাগিব। ইতিহাস, আদৰ্শ, নীতি, মতবাদ আদিৰ বিষয়ে বুজিবলৈ জানিবলৈ, সংজ্ঞা দিব পৰাকৈ পুৰঠ হ’বলৈ যথেষ্ট অধ্যয়নৰ প্ৰয়োজন, সেয়াও নুই কৰিলে নহ’ব। আমাৰ মন-মগজুক পতান হিচাপে বতাহত উৰিবলৈ দিয়াতকৈ ভৱিষ্যতৰ বাবে সোণোৱালী শইচৰ সপোন দিব পৰা সবল বীজ ৰূপে গঢ়িব পাৰিব লাগিব। তেহে ৰাজনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন কথা-বতৰাবোৰক বিভিন্ন দিশৰ পৰা আমি চাব পাৰিম, বিশ্লেষণ কৰিব পাৰিম আৰু ভাল-বেয়াৰ বিবেচনা কৰি সচেতন নাগৰিকৰ সঠিক সিদ্ধান্ত লৈ গণতন্ত্ৰক সবল কৰিব পাৰিম।

এইবাৰ আমি আমাৰ কাষৰ স্থানীয় যুৱ-নেতা, কৰ্মীৰ পৰাই আৰম্ভ কৰোঁ। তেওঁলোক কিয় ৰাজনীতিৰ পথাৰত নামিছে বুলি আপুনি ভাবে? সহজ ঠিকা-ঠুকলি, নিবনুৱা হৈ থকাতকৈ কিবা এটা কৰা, সামাজিক প্ৰভুত্ব অৰ্জন, ক্ষুদ্ৰ ব্যৱসায়িক স্বাৰ্থ সিদ্ধি আদিয়েই মূলত এনে যোগদানৰ কাৰণ নহয়নে। ৰাজ্যৰ কিছুমান নমুনা নেতা-পালিনেতা আনকি বিধায়ক-মন্ত্ৰী পৰ্যন্তৰ কাৰুকাৰ্য দেখিলে, ৰাজনীতিত কোনো নীতি-আদৰ্শৰ পূজাৰী বা অধ্যয়নপুষ্ট, দিকদৰ্শী তথা আমাৰ ৰাজ্য বা দেশৰ নীতি সলাই দিব পৰাকৈ বীক্ষা থকা নেতা থকাৰ কল্পনা কৰাটো যেন এক মূৰ্খামি, তেনে অনুভৱ হব। কেৱল মেনেজ মাষ্টাৰ, দালালী, জাতি-জনগোষ্ঠীৰ মাজত আবেগৰ খেল কৰা, সমস্যাবোৰ সমাধানৰ ফালে নিনি পুঁহি ৰখা, বিৰোধী মানেই বিৰোধিতা কৰা, ক্ষুদ্ৰ স্বাৰ্থৰ বাবে দুৰ্নীতি, অপৰাধীক কাম, সামাজিক সম্প্ৰীতি ক্ষুণ্ণ কৰোৱা আদি যি কোনো কামত শ্ৰেষ্ঠতা অৰ্জন কৰা সকলেহে যেনে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱী নেতা হৈ থকা হেন অনুভৱ হয়। এনে প্ৰজাতিৰ লোকসকলক উৎখাত কৰি দেশত এক শিক্ষিত, সচেতন, সেৱাৰ মনোভাৱৰ নিকা ৰাজনৈতিক কৰ্মী, নেতা প্ৰতিষ্ঠাপিত কৰাৰ বাবে নৱ-প্ৰজন্মইয়েই দায়িত্ব গ্ৰহণ কৰিব লাগিব। ইয়াৰ অবিহনে সুস্থ, নিকা, সবল ৰূপত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনক শক্তিশালীৰূপত বিকাশ কৰাৰ সপোনটো কেতিয়াও পূৰণ কৰাটো সম্ভৱ নহয়।

আমাৰ সংবিধানে ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ৰূপে ঘোষণা কৰিছে আৰু নাগৰিক সকলক ন্যায়, সমতা আৰু অধিকাৰ সমূহৰ নিশ্চিতি প্ৰদান কৰি, ভাতৃত্ববোধ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে।“সমাজবাদী” আৰু “ধৰ্ম-নিৰপেক্ষ” শব্দ দুটা ভাৰতৰ এই সংজ্ঞালৈ ১৯৭৬চনত সংবিধান সংশোধন কৰি অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৩০চনত পূৰ্ণ স্বৰাজ ঘোষণাৰ দিনটোৰ সৈতে সংগতি ৰাখি দেশৰ সংবিধানখন ১৯৪৯চনৰ ২৬ জানুৱাৰীৰ পৰা বলৱৎ কৰা হয়। আধুনিক ভাৰতৰ নিৰ্মাণৰ বাবে ফেডাৰেল গাঁথনিৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ শাসন ব্যৱস্থাৰ বলৱৎ কৰে। সংবিধানৰ ৭৩ আৰু ৭৪ নং সংশোধনী যোগে গ্ৰামাঞ্চলত পঞ্চায়তী ৰাজ আৰু নগৰাঞ্চলৰ বাবে নগৰ সমিতিৰ ব্যৱস্থা কৰা হয়। একেদৰেই পঞ্চম আৰু ষষ্ঠ অনুসূচীৰ আধাৰত জনজাতীয় অঞ্চল সমূহত অধিবাসী লোকসকলৰ জনজাতীয় ৰাজ্য ঘোষণা, স্বায়ত্ত শাসন আদিৰ জৰিয়তে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ ব্যৱস্থা কৰাৰ লগতে অনুচ্ছেদ ৩৭০ৰ অধীনত জম্মু-কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰা হয়। অনুচ্ছেদ ৩৭১(ক)ৰ আধাৰত কেৱল নাগালেণ্ড ৰাজ্যত ভূমিৰ উপৰিও মাটিৰ তলৰ খনিজ সম্পদ আদিৰ অধিকাৰো প্ৰদান কৰা হৈছে। সেয়ে সাম্প্ৰতিক সময়ত এই দেশখনৰ সংবিধান প্ৰদত্ত মৌলিক কথাসমূহ ৰক্ষাৰ ক্ষেত্ৰত ৰাজনৈতিক শক্তিসমূহে গ্ৰহণ কৰা স্থিতিক পৰ্যোলাচনা কৰাৰ প্ৰয়োজন হৈছে।

অৰ্থনীতিৰ ক্ষেত্ৰত ১৯৯১ চনত সেই সময়ৰ বিত্তমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰা উদাৰীকৰণ নীতিৰ ফলত দেশলৈ বিদেশী আৰু বহুজাতিক কোম্পানীৰ আগমন সুচল হৈ পৰিল। তাৰ পাছৰে পৰাই বিভিন্ন ক্ষেত্ৰক প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা হ’ল। এই নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপি একে মুদ্ৰাৰ ইপিঠি-সিপিঠি। সলনা-সলনিকৈ শাসনৰ গাদীত বহা এই দুয়োদলে নেতৃত্ব দিয়া চৰকাৰে মুক্ত অৰ্থনীতিৰ পোষকতা কৰে। পুঁজিবাদৰ পৃষ্ঠপোষকতা কৰাটো এই দুই দলৰ নীতি আৰু শক্তিশালী দেশী-বিদেশী পুঁজিপতিৰ ধনেৰেই শক্তিশালী ৰূপত এই দুয়োটা দলে দেশত দপদপাই আছে। বিদেশী কোম্পানীবোৰে আমেৰিকাত লবী বনাই নীতি নিৰ্ধাৰণৰ বাবে ৰাজনৈতিক দললৈ ধনৰ যোগান ধৰাটো নিয়ম আৰু সেইকাম সেইদেশত আইন বিৰুদ্ধ নহয়। একেই ফৰ্মূলাৰে আমেৰিকান কোম্পানীয়ে ভাৰতত বজাৰ দখল কৰিব পৰাকৈ নীতি নিৰ্ধাৰণ কৰাকৈ ৰাজনৈতিক মহলক প্ৰলোভন বা উপঢৌকন দিয়াৰ বাবে ধন খৰচ কৰাৰ বহুকোটি টকীয়া হিচাপ আমেৰিকান সংবাদ পত্ৰই প্ৰকাশ কৰি আলোড়নৰ সৃষ্টি কৰিছে। খুচুৰা বজাৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰসংগত ৱাল-মাৰ্টে ভাৰতত এনেদৰে ধনৰ খৰচ কৰাৰ কথা প্ৰকাশ পাইছে, যিটো কাম ভাৰতত আইনৰ চকুত অপৰাধমূলক কাম। এয়া মাত্ৰ এটা উদাহৰণহে। কোনো বিদেশী পুঁজিয়ে বা কোম্পানীয়ে অকল ব্যৱসায় কৰিবলৈ দেশলৈ নাহে, ই প্ৰথম পদক্ষেপ হিচাপেই দেশৰ ৰাজনৈতিক শক্তি সমূহক ক্ৰয় কৰিব বিচাৰে। এনে ক্ৰয় কৰা মগজুৰে নীতি নিৰ্ধাৰণ কৰি একোটা ব্যৱসায়ক্ষেত্ৰত একচত্ৰী অধিকাৰ লাভ কৰাৰ বাবে কোম্পানীবোৰ অগ্ৰসৰ হয় আৰু একোখন দেশত সেই ক্ষেত্ৰখনত অৰ্থনৈতিক উপনিৱেশ স্থাপন কৰে, সাম্ৰাজ্য দখল কৰে। পোনপটীয়াকৈ দেশ-জয় কৰি দখল কৰাৰ সলনি এইদৰে এদেও-দুদেও লোটা নিয়াৰ চেও, কৰি দেশ এখনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰকে বহতীয়া কৰি নিয়াৰ চৰিত্ৰকে “নতুন উপনিৱেশিক নীতি বা নতুন সাম্ৰাজ্যবাদ” বুলি সংজ্ঞা দিয়া হয়। নব্য-উদাৰীকৰণ নীতিৰ ফলতে অৰ্থনৈতিক সংস্কাৰৰ নামত দেশৰ বিভিন্ন ক্ষেত্ৰত সাৰ্বভৌম চৰকাৰ এখনৰ কৰ্তৃত্ব হ্ৰাস কৰি অনা হয়। এনে নীতিৰ দীৰ্ঘদিনৰ প্ৰয়োগৰ ফলতে ক্ৰমাগত ভাৱে বিভিন্ন ক্ষেত্ৰ সমূহৰ ব্যৱসায়, বজাৰ আৰু নীতি নিৰ্ধাৰণৰ ক্ষমতা ক্ৰমে বিদেশী, বহুজাতিক, পুঁজিৰ মালিক শক্তি সমূহলৈ হস্তান্তৰিত হয়। এইক্ষেত্ৰত নতুন চৰকাৰখনে আৰু অতি বেছি আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰিছে। ৰেল’ৱে, প্ৰতিৰক্ষাৰ দৰে স্পৰ্শকাতৰ ক্ষেত্ৰতো ১০০শতাংশই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পোষকতা কৰি পদক্ষেপ ল’বলৈ উত্ৰাৱল হৈ পৰিছে। বাওঁপন্থী দল সমূহ নিজৰ মুখপত্ৰত বিগত নিৰ্বাচনত বিদেশী কৰ্পৰেট পুঁজিৰ বিনিয়োগৰ ফলতেই বিজেপিৰ এই অত্যুৎসাহী পদক্ষেপ বুলিও আঙুলিয়াই দিছে।

ভাৰতীয় অৰ্থনীতিত মূল অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ ক্ষেত্ৰসমূহ তেল, গেছ, বেংকিং, খনি আদিক ৰাষ্ট্ৰীয়কৃত, ৰাজহুৱা খণ্ডত ৰাখি উদ্যোগসমূহক সৱলীকৰণৰ জৰিয়তে শক্তিশালী কৰি ৰাখি, সহযোগী ক্ষেত্ৰ সমূহত ব্যক্তিগত খণ্ডক কৰ্ষণ কৰিবলৈ মুকলি কৰি দিয়াৰ ব্যৱস্থা হৈছিল। এই অৰ্থনীতিক মিশ্ৰিত অৰ্থনীতি বুলি কোৱা হয়। নেহৰুৰ দিনত আৰম্ভ হোৱা এই পৰিকল্পনা আয়োগে নিৰ্ধাৰণ কৰা নীতিলৈ বাওঁপন্থী সকলৰো সমৰ্থন আছিল। বিগত সময়চোৱাত বিশ্বই সন্মুখীন হোৱা অৰ্থনৈতিক মন্দাৱস্থাতো ভাৰতে মূৰ দাঙি থিয় দাঙিবলৈ সক্ষম হোৱাৰ অন্যতম কাৰণ ভাৰতৰ এতিয়াও বহু ক্ষেত্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত থকা মিশ্ৰিত অৰ্থনীতিয়েই বুলি বিশ্বৰ প্ৰখ্যাত অৰ্থনীতিবিদ সকলে মত পোষণ কৰিছে। কিন্তু তাৰ পাছতো দেশক দ্ৰুত বিকাশৰ সপোন দেখুৱাই কংগ্ৰেছে আধা বনাই যোৱা পথেৰেই এতিয়া বিজেপি দলে দ্বিতীয় স্তৰৰ অৰ্থনৈতিক উদাৰীকৰণ বা সংস্কাৰৰ দিশে আগবাঢ়ি সম্পূৰ্ণ পুঁজিবাদৰ হাইৱে’লৈ ভাৰতীয় অৰ্থনীতিক লৈ যাব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। এই সংস্কাৰ সাধনৰ বাবেই দেশৰ চৰকাৰৰ কল্যাণকামী চৰিত্ৰ সলনি কৰিবলৈ লোৱা বুলিও গুৰুতৰ অভিযোগ উঠিছে। সকলো ক্ষেত্ৰতো ক্ৰমাত ৰাজ-সাহাৰ্য আদি কৰ্তনৰ বাবে আগ্ৰাসী ভূমিকা লৈছে। ইয়াৰ দ্বাৰা বাওঁপন্থী দলসমূহে ভাৰত চৰকাৰে সমাজবাদী বা কল্যাণমূলক চৰিত্ৰ হেৰুৱাই পেলাব বুলিও আশংকা প্ৰকাশ কৰিছে। বাওঁদল সমূহে ভাৰতীয় পৰিকল্পনা আয়োগৰ নেতৃত্বত পৰিকল্পিত মিশ্ৰিত অৰ্থনীতিৰ পোষকতা কৰে আৰু বিশ্বৰ পুঁজিবাদী শক্তিসমূহৰ হাতোৰা স্বৰূপ বহুজাতিক কোম্পানীৰ হাতলৈ দেশৰ অৰ্থনীতিক গতাই দিব বিচৰা যি কোনো পদক্ষেপৰেই ঘোৰ বিৰোধিতা কৰে। এইক্ষেত্ৰত বাকী আঞ্চলিকতাবাদী দল আৰু জনতা পৰিবাৰৰ সমাজবাদী দল, জনতা দল আদিৰ নীতি সুস্পষ্ট নহয়। তেওঁলোকে পুঁজিবাদক প্ৰতিৰোধ কৰাতকৈ শাসনৰ গাদীত বহাৰ বাবেহে ইয়াক এক ৰাজনৈতিক চাল হিচাবত ব্যৱহাৰ কৰা দেখা যায়। বিৰোধী দলত থাকিলে এনে নীতিক জনবিৰোধী বুলি জনসমৰ্থন আদায় কৰে আৰু শাসন লাভ কৰিলে এনে নীতিকে সমৰ্থন কৰাৰ কথাই অৰ্থনৈতিক নীতি সন্দৰ্ভত স্পষ্ট-সবল নীতিহীনতাৰ কথাই প্ৰতিফলিত কৰিছে। আনহাতে আম আদমী পাৰ্টিয়ে বিদেশী বিনিয়োগতকৈ দেশৰ প্ৰাকৃতিক সম্পদ, মানৱ-সম্পদ আদিক সঠিক ব্যৱস্থাপনাৰে দেশক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ পক্ষেহে স্থিতি গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। খুচুৰা বিক্ৰীৰ ক্ষেত্ৰখনো সৰু-সুৰা দোকানী তথা ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থৰ পৰিপন্থী বাবেই বিৰোধিতা কৰা দেখা গৈছে।

আম-আদমী পাৰ্টিৰ উপৰিও দেশৰ বাঁওপন্থী দল সমূহে দেশৰ চৰকাৰী সমূহৰ শ্বেয়াৰ বিক্ৰী কৰি দিয়াৰ পদক্ষেপৰ বিৰোধিতা কৰে। শাসনৰ ক্ষমতা লাভ কৰা ৰাজনৈতিক দলসমূহে চৰকাৰী কোম্পানীসমূহক অধিক কুশল আৰু কাৰ্যকৰীৰূপত সু-ব্যৱস্থাপনাৰ ব্যৱস্থা কৰি অধিক লাভজনক অনুষ্ঠানলৈ পৰিণত কৰাৰ পদক্ষেপ লোৱাৰ পক্ষেহে মত প্ৰকাশ কৰে। শ্ৰমিকৰ অধিকাৰ, সামাজিক সুৰক্ষাৰ প্ৰশ্ন, ভৱিষ্যত নিশ্চিতি আদি বিষয়ক লৈ স্পৰ্শকাতৰ দল সমূহে এইদৰে নিবিনিয়োগ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰে। চৰকাৰী প্ৰতিষ্ঠান বা কোম্পানী সমূহৰ বহুমূলীয়া ভূ-সম্পত্তি তথা একেচেতীয়া বজাৰকলৈ বেছিভাগ ব্যক্তিগত কোম্পানীৰে লোভ বেছি। চলিত বৰ্ষসমূহত লোকচান ভৰি থকাৰ বিত্তীয় প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি শ্বেয়াৰ বজাৰে নিৰ্ধাৰণ কৰা দৰত এই কোম্পানীসমূহৰ মূল্য অতি পানীৰ দামত নিৰ্ধাৰণ কৰা হয়। কিন্তু প্ৰকৃততে এতিয়াও বাচি থকা মিশ্ৰিত অৰ্থনীতিৰ নীতিৰ আধাৰত সেই বিশেষ ক্ষেত্ৰৰ বজাৰ মুকলি কৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত নকৈ কিনি লোৱা ব্যক্তিগত খণ্ডই এই বজাৰত একচেতীয়া মন’প’লি চলোৱাৰ সুবিধা লাভ কৰে। আনকি চৰকাৰে বিকাশ কৰি ৰখা ভূ-সম্পদ সমূহৰ বজাৰ মূল্য সঠিক ৰূপত বিত্তীয় প্ৰতিবেদনৰ ভিত্তিত হোৱা মূল্যায়নত প্ৰতিফলিত কৰা নহয়। সেয়ে বহু হাজাৰ কোটি টকীয়া প্ৰতিশ্ৰুতি সম্পন্ন কোম্পানীকো পানীৰ দৰত ষড়যন্ত্ৰমূলক ভাৱে ব্যক্তিগত বা বহুজাতিক পুঁজিপতিৰ হাতলৈ তুলি দিয়াৰ অভিযোগ আছে। এইদৰে ৰাজহুৱা কোম্পানী বিক্ৰী কৰাৰ বাবেই বিগত সময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰ তীব্ৰভাৱে সমালোচিত হোৱাৰ পাছতো নতুন চৰকাৰে একেই পথেৰে নিবিনিয়োগৰ ক’লা অধ্যায় পুনৰ আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

এইদৰে কোনো চৰকাৰী কোম্পানী কম দামত হাতলৈ তুলি দিয়া, কোনো কোম্পানীৰ সুবিধাৰ্থে আৰু চুপাৰ প্ৰফিট আহৰণ কৰিব পৰাকৈ নীতি নিৰ্ধাৰণ কৰা, মন’পলি মাৰ্কেট উপহাৰ দিয়া, নীতি-নিয়ম উলংঘা কৰি জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাই লাভ উঠাই থকা কোম্পানীৰ ওপৰতো কোনো ধৰণৰ কঠোৰ স্থিতি গ্ৰহণ নকৰা অৱস্থাকেই ক্ৰণী কেপিটেলিজম বুলি কোৱা হয়। কেপিটেলিজম বা পুঁজিবাদৰ সমৰ্থক সকল, বিজ্ঞ অৰ্থনৈতিক সকলৰ মতেও কিন্তু সম্পূৰ্ণ ৰূপে পুঁজিবাদী দেশ এখনৰ বাবেও এই ক্ৰণী কেপিটেলিজম অতি ভয়ঙ্কৰ আৰু ঘাতক! অৰ্দ্ধ সমাজবাদী, কল্যাণকামী দেশ এখনৰ স্বাৱলম্বী হোৱাৰ প্ৰয়োজনীয় পথত তেন্তে ই কিমান ক্ষতিকৰ হব পাৰে তাকেই এবাৰ অনুভৱ কৰকচোন। স্বচ্ছ কৰ্পৰেট গভৰ্ণেন্স, দুৰ্নীতি নিবাৰণৰ শক্তিশালী প্ৰক্ৰিয়া, কৰ্পৰেট দুৰ্নীতিৰ দ্ৰুত আৰু দৃষ্টান্তমূলক উদাহৰণ আদিয়েহে আচলতে এই ক্ৰণী কেপিটেলিজমৰ বাহকক নাকী লগাব পাৰিব। প্ৰতিটো কথাতে দেশক আমেৰিকাৰ দৰে কৰাৰ কথা কোৱা ক্ৰণী কেপিটেলিজমৰ পৃষ্ঠপোষক সকলে কিন্তু, কেনেদৰে কৰ্পৰেট জালিয়াতিৰ তদন্ত তথা বিচাৰ প্ৰক্ৰিয়া ডেৰ বছৰতে আমেৰিকাত সম্পন্ন হয়, বিশ-ত্ৰিশ বছৰৰ বাবে জেলৰ অৰ্ডাৰ হয়, কোম্পানীৰ প্ৰমোটাৰ জেললৈ যায়, সেইবোৰ ভূপালৰ গেছ দুৰ্ঘটনাৰ ত্ৰিশ বছৰ পাছতো ন্যায় নোপোৱা দুৰ্ভগীয়া জনগণক কেতিয়াও নকয়! ক্ৰমাগত ভাৱে ৰাজহুৱা সেৱা বা ৰাজহুৱা উদ্যোগসমূহৰ দ্বায়িত্ব এৰা দি কোম্পানীৰ হাতলৈ সকলো প্ৰক্ৰিয়া আৰু সম্পদ, উদ্যোগ গতাই দিয়াৰ পথেৰে ভাৰতে যে এদিন অৰ্থনৈতিক সাৰ্বভৌমত্ব হেৰুৱাৰ উপক্ৰম হব সেয়াও নুই কৰিব নোৱাৰি।

এই ক্ৰণী কেপিটেলিজমৰ আৰম্ভনি হয় ৰাজনৈতিক দলসমূহক কৰ্পৰেট হাউচ বা কোম্পানীৰ পৰা গোপনে নিৰ্বাচনী পুঁজি যোগান ধৰাৰ পৰা। বিগত নিৰ্বাচনতে সংবাদ পত্ৰবোৰত প্ৰকাশ পোৱা মতেই ১০হাজাৰ কোটি টকা নূন্যতম বিজেপি দলেই খৰচ কৰিছে। তেন্তে ‘অপেন চিক্ৰেট’ এই ধনৰ যোগান ধৰোঁতা সকললৈ দলটোৱে চৰকাৰ গঠনৰ পাছত প্ৰতি-উপহাৰ দিবই লাগিব। আৰু সেয়া প্ৰতিফলনো ঘটিবলৈ ধৰিছে। যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত নৰেন্দ্ৰ মোদীৰ অন্যতম ঘনিষ্ঠ তথা অৰ্থনৈতিক পৃষ্ঠপোষক ৰূপে চিহ্নিত আদানী গ্ৰুপৰ প্ৰমোটাৰক প্ৰধানমন্ত্ৰীয়ে লগত লৈ গৈছে। অষ্ট্ৰেলিয়াত ৬৪০০কোটিৰ এটি কয়লা খনি আবণ্টন পোৱাত সহায় কৰিছে। এই প্ৰকল্পটোলৈ বিভিন্ন দেশৰ বহুজাতিক বেংকসমূহে ঋণ দিবলৈ অস্বীকাৰ কৰাৰ পাছতো প্ৰধানমন্ত্ৰীৰ সমুখত ষ্টেট বেংকৰ চেয়াৰমেনৰ সৈতে ব্ৰেকফাষ্টৰ টেবুলত উদ্যোগপতিজনক বহুওৱা হৈছে, তাৰ পাছতে ষ্টেট বেংকে প্ৰায় ৬০০০কোটিৰ ঋণ সেই উদ্যোগপতিলৈ আগবঢ়াইছে। ইকনমিক টাইমছে এই ঘটনাক চিদাম্বৰমৰ দৰেই ৰাষ্ট্ৰীয়কৃত বেংকক কৰ্পৰেট হাউচলৈ ঋণ দিয়াৰ বাবে হেঁচা প্ৰয়োগৰ এক এৰাই চলিব লগা উদাহৰণ বুলি অভিহিত কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত প্ৰায় দহটা বেংকে এনেদৰে কিংফিচাৰক ১০হাজাৰ কোটি টকা দি অনাদায় হোৱাৰ ফলত সন্মুখীন হোৱা পৰিস্থিতিটোলৈকো আঙুলিয়াই দেখুৱাইছে সংবাদপত্ৰখনে। আনকি আম্বানীৰ কোম্পানীৰ মালিকাধানী বেব-চাইট ফাৰ্ষ্টপোষ্ট.কমে এই সিদ্ধান্তৰ সমালোচনা কৰিছে। আাদানী গ্ৰুপৰ ৰাজহ আৰু সুতৰ মাজৰ অনুপাতৰ দুৰ্বল স্থিতিলৈ আঙুলিয়াই দি ৱেবচাইটটোৱে কেইবাটাও বিনিয়োগ বিশেষজ্ঞ পৰ্টেলৰ মতামত উদ্ধৃত কৰিছে। আনকি প্ৰায় ২৭০০কোটি টকা ষ্টেট বেংকত অনাদায় কৰি ৰখা আদানীৰ গ্ৰুপ কোম্পানীলৈ এই বৰ্ধিত ঋণ আগবঢ়োৱাক লৈ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ৰঘুৰাম ৰাজনৰ প্ৰতিক্ৰিয়াও প্ৰকাশ পাইছে। এইদৰে ডিফল্টাৰলৈ চিৰসেউজ ঋণৰ ব্যৱস্থা কৰিলে সেয়া ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বাবেই ঘাতক হৈ পৰিব পাৰে বুলি তেখেতে শংকা প্ৰকাশ কৰিছে। যি সময়ত দেশত মূলধনৰ অভাৱৰ বাবে একেজন প্ৰধানমন্ত্ৰীয়ে জাপান, আমেৰিকা আদিক বিনিয়োগৰ বাবে মাতিছে, ১০০শতাংশ বিদেশী বিনিয়োগৰ বাবে বহুক্ষেত্ৰ মোকোলাই দিব বুলি ঢোল-পিটা প্ৰচাৰেৰে আহ্বান জনাই ফুৰিছে, সেই সময়তে ভাৰতীয় জনগণৰ তেজ-ঘামৰ সঞ্চিত ধন, ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা বহুজাতিক বেংকবোৰেও ঋণ দিবলৈ অস্বীকাৰ কৰা এটা প্ৰকল্পলৈ মোকোলাই দিয়া ঘটনাই ক্ৰণী কেপিটেলিজম, নিৰ্বাচনী খৰচৰ প্ৰতি উপহাৰ, বিদেশী বিনিয়োগ দেশলৈ, দেশৰ মূলধন বিদেশলৈ ধৰণৰ বিভিন্ন পৰস্পৰ-বিৰোধী প্ৰশ্নৰ উদয় কৰিছে!

আম আদমী পাৰ্টি, বাওঁপন্থী দল সমূহ আৰু দুই এটা সৰু-বৰ দলে ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনক নিকা কৰাৰ বাবে নিৰ্বাচনী পুঁজিৰ স্বচ্ছতাৰ বাবে দাবী জনাইছে। আনকি দলক টকা দি ৰাষ্ট্ৰীয় নীতি বনোৱাৰ পৰা কোম্পানীবোৰক বাৰণ কৰিবলৈ ৰাষ্ট্ৰই পোনে পোনে দলবোৰক নিৰ্বাচনী পুঁজি যোগান ধৰাৰ দাবী পৰ্যন্তও উত্থাপন কৰিছে। এইক্ষেত্ৰত কংগ্ৰেছ, বিজেপিকে ধৰি বহু কেইটা সৰু-বৰ ৰাষ্ট্ৰীয় তথা আঞ্চলিক দলৰেই আগ্ৰহ নাই। কোম্পানীৰ ধন, লাভখোৰ ব্যৱসায়ী-বিল্ডাৰৰ ক’লা ধন, খনিজ পদাৰ্থৰ খনি মুকলি কৰি দিয়া আদিৰে পৰ্যাপ্ত ধনৰ আহৰণেই নেতাসকলৰ ব্যৱসায় হৈ পৰা আৰু সেই ধনৰ প্ৰভাৱতে জনপ্ৰিয় সকলো প্ৰচাৰ মাধ্যম দখল কৰিবলৈ সক্ষম হোৱা ৰাজনৈতিক শক্তিসমূহে এই নিৰ্বাচনী প্ৰক্ৰিয়া নিকাকৰণৰ বিষয়টোক এক কৌতুক ৰূপেহে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে।

দেশখনত ভাতৃত্ববোধৰ প্ৰসাৰত গুৰুত্ব দিবলৈ সংবিধানৰ পৰামৰ্শকো চেৰাই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰা ঘৃণাৰ ভাষণ, কাৰ্যসূচী, ষড়যন্ত্ৰ আদিত কেইবাটাও দল জড়িত হৈছে। মুকলিকৈ অথবা লোকচক্ষুৰ আঁৰত সামাজিক-সাংস্কৃতিক সংগঠন, স্বেচ্ছাসেৱী সংগঠনৰ ৰূপতো কাম কৰি ধৰ্মৰ ভিত্তিত মেৰু বিভাজন, হিংসা, ঘৃণা আদি বিয়পোৱাৰ এক ঘৃণনীয় কামত নিয়োজিত হৈছে। কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি কিছু দলৰ মুছলিম তুষ্টি কৰণৰ ৰাজনীতি আৰু বিজেপিকে ধৰি গেৰুৱা দল সমূহৰ হিন্দুত্ববাদী কাৰনামা, কেৱল ধৰ্মৰ ভিত্তিত সংগঠন কৰি ৰাজনীতি কৰা হাইদৰাবাদী অৱেচী ভাতৃদ্বয়ৰ দৰে প্ৰতিক্ৰিয়াশীল নেতা-পালিনেতাৰ কৰ্মকাণ্ডই এতিয়া তৃণমূলতো বিভেদৰ সৃষ্টিত অৰিহণা যোগাইছে। আজি দেশত এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে যে ধৰ্মনিৰপেক্ষ দেশ এখনত এচামে“ছেকুলাৰ” শব্দক এটা গালিলৈ পৰ্যবসিত কৰি পেলাইছে। সেয়ে দেশত ধৰ্মনিৰপেক্ষতা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাহক ৰাজনৈতিক শক্তি সমূহক চিনাক্ত কৰি, বিভেদকামী শক্তি সমূহক প্ৰতিহত কৰাৰ সময় আহি পৰিছে।

একেদৰেই সংবিধানে প্ৰদান কৰা বিশেষ ৰাজ্যৰ মৰ্যদাক ক্ষুণ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা, সংবিধান প্ৰদত্ত ব্যৱস্থাৰ ভিতৰতে অঞ্চলসমূহৰ বিকাশ কৰাতকৈ কলুষিত ৰাজনীতিৰ সৃষ্টি কৰি জনতাৰ সৈতে খেলা কৰা শক্তি সমূহকো ৰাইজে চিনিব লাগিব। অসমৰ দৰে প্ৰাকৃতিক সম্পদেৰে ঐশ্বৰ্যশালী ৰাজ্যৰ বাবে ভূমি আৰু খনিজ সম্পদৰ অধিকাৰ নিশ্চিত কৰা ৩৭১(ক)ৰ দৰে বিশেষ ব্যৱস্থাৰ বাবে বাওঁদল সমূহে তুলি ধৰা দাবীৰ প্ৰতি দল-মত-নিৰ্বিশেষেই সমৰ্থন জনোৱাৰ প্ৰয়োজন আছে। একক ৰাষ্ট্ৰশক্তি বা হিন্দী বলয়ৰ শক্তিৰ আগত দোঁ-খাই থকা চৰিত্ৰতকৈ ক্ষুদ্ৰ জনজাতীয়-জনগোষ্ঠীয় লোক সকলৰ পৰিচয়, সত্তা-সংস্কৃতি, ভূমিৰ অধিকাৰ, আত্ম-নিয়ন্ত্ৰণৰ প্ৰশ্নত কোন দলে আন্তৰিকতাৰে কাম কৰিছে বা জনজাগৰণৰ সৃষ্টি কৰিছে আমি নজৰ ৰাখিব লাগিব। ক্ষুদ্ৰই হওক বা ডাঙৰ, ধৰ্মীয় সংখ্যালঘু গোট সমূহৰ কল্যাণো যাতে সম হাৰত হয় সেয়া নিশ্চিত কৰিব লাগিব। উগ্ৰপন্থী হৈ এতিয়াও বন্দুক হাতত তুলি ৰখা আৰু বন্দুক নমাই আলোচনাৰ মেজলৈ অহা সকলৰ প্ৰতি সৌহাদ্যপূৰ্ণ প্ৰদৰ্শন কৰি নায্য দাবী সমূহৰ সমাধানৰ বাবে কাৰ্যব্যৱস্থা কোনে গ্ৰহণ কৰিব সেয়াও চিহ্নিত কৰিব লাগিব। জনজাতীয় উন্নয়নৰ বাবে অহা হাজাৰ হাজাৰ কোটিৰ ধন, মাওবাদী অঞ্চলৰ উন্নয়নৰ বাবে অহা ধনৰ সোঁতৰ লুণ্ঠন কৰি নিজৰ পেট ভৰাই ৰখাৰ স্বাৰ্থতে এনেবোৰ উগ্ৰপন্থী সংগঠনৰ সমস্যাক জীয়াই ৰাখিবলৈ বিচাৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ নৱ-প্ৰজন্মই দিবই লাগিব। সুলভ মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান, নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কমাই সকলো পুঁজিপতি বেপাৰী লুণ্ঠনৰ থলি হ’বলৈ আগবঢ়াই দিব বিচৰা পদক্ষেপবোৰৰ প্ৰতিও সচেতন হব লাগিব। নীলা কেৰাচিন বন্ধ কৰা, দুখীয়াৰ বাবে গৃহ, অনাময়, খাদ্য আদিৰ বাবে দিয়া ধনৰ কৰ্তন কৰাৰ বাবে নতুন চৰকাৰৰ বিত্তমন্ত্ৰীয়ে লোৱা পদক্ষেপবোৰকো স্পৰ্শকাতৰ দৃষ্টিৰে অনুধাৱন কৰিব লাগিব। সংবিধানে সংজ্ঞা দিয়া সমাজবাদী ৰাষ্ট্ৰব্যৱস্থাত কল্যাণকামী কামৰ পৰা হাত-কোঁচাই অনা চৰকাৰী নীতিৰ প্ৰতিবাদ হ’বই লাগিব। নিজৰ সুবিধামতে সঘনে স্থিতি সলোৱা সুবিধাবাদী দল, দল সলোৱা সুবিধাবাদী নেতাক চিনাক্ত কৰিব লাগিব। ৰাজ-সাহাৰ্য কৰ্তনৰ নামত আন্তৰ্জাতিক খাৰুৱা তেলৰ দামৰ সৈতে দেশৰ ইন্ধনৰ দাম নিৰ্ধাৰণৰ দৰে স্পৰ্শকাতৰ ব্যৱস্থা কৰাৰ পাছতো কাৰ স্বাৰ্থত এতিয়া এশ বিশ ডলাৰ পৰা খাৰুৱা তেলৰ দাম ৫০ ডলাৰলৈ কমাৰ পাছতো দেশত ইন্ধনৰ দাম সেই হাৰত নকমাই, কণা হাঁহক পতান দিয়াৰ স্থিতি গ্ৰহণ কৰা হৈছে, তাৰ উত্তৰো বিচাৰিব লাগিব!

সকলো জনপ্ৰিয় প্ৰচাৰ মাধ্যম গ্ৰাস কৰা অতি কৌশলী প্ৰচাৰ প্ৰক্ৰিয়াৰ মাজতো এই কথাবোৰলৈ আমি সচেতন দৃষ্টি ৰাখিব লাগিব। আৰু ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক শক্তিৰ হাততেই যাতে এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ভাৰতৰ ধাৰণা ক্ষুণ্ণ নহয় সেয়া নিশ্চিত কৰিব লাগিব। নাগৰিক সকলক ন্যায়, সমতা আৰু অধিকাৰৰ দিশে লৈ যাব পৰা ৰাজনৈতিক চিন্তা-চেতনাৰ দিশেই নৱ-প্ৰজন্মই জনাব লাগিব সচেতন সঁহাৰি। তেহে এক আধুনিক শক্তিশালী স্বাৱলম্বী ভাৰতৰ স্বপ্নৰ সপোন সাৰ্থক হ’ব!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!