ভিন্ন তথ্য (-বিজয় বেজবৰুৱা)


# Dead Sea সাগৰ নহয়, এটা হ্ৰদহে। ই জৰ্দানত অৱস্থিত, জেৰুজালেমৰ পৰা ১৫ কিলোমিটাৰ পূবত। ইয়াৰ এক বিশেষত্ব হ’ল এই হ্ৰদৰ পানীত কোনো প্ৰাণী বুৰ নাযায়, অৰ্থাৎ পানীৰ তললৈ সোমাই নাযায়। ইয়াত কোনো আচৰিত হ’ব লগা কথা নাই, কিয়নো ইয়াৰ পানীৰ প্ৰতি লিটাৰত ২৭০ গ্ৰাম লোণ থাকে। এই লৱণৰ ঘনত্বৰ বাবে কোনো প্ৰাণী ইয়াত বুৰ নাযায়। Dead Sea-ক ‘মৃত সাগৰ’ বা ‘মৰু সাগৰ’ বুলিও কোৱা হয়।
# বিশ্বৰ আটাইতকৈ ওখ পৰ্বত হিমালয়। ইয়াৰ এভাৰেষ্ট শৃংগ বিশ্বৰ আটাইতকৈ ওখ শৃংগ। কিন্তু শুনিলে আচৰিত হ’ব যে এভাৰেষ্টতকৈও ওখ শৃংগ এটা আছে হাৱাই দ্বীপত। এভাৰেষ্টৰ উচ্চতা হ’ল ৮,৮৭২ মিটাৰ আৰু এই শৃংগটোৰ উচ্চতা হ’ল ১০,২০০ মিটাৰ। তথাপি এই শৃংগটোৱে বিশ্বৰ উচ্চতম শৃংগৰ মৰ্যাদা নোপোৱাৰ কাৰণটো কি জানেনে? এই শৃংগটোৰ ৬,০০০ মিটাৰ সাগৰৰ তলিতেই সোমাই আছে। এই দুৰ্ভগীয়া শৃংগটোৰ নাম ‘ম’উনা কিয়া’ (Mauna Kea)।
#­ ভাৰতৰ অনাতাঁৰ কেন্দ্ৰৰ এক আমোদজনক ইতিহাস আছে। কলিকতা আৰু মুম্বাইত ১৯২৭ চনত প্ৰথমে অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল। তেতিয়া ইয়াৰ নাম আছিল ‘ইণ্ডিয়ান ব্ৰড্‌কাষ্টিং কৰ্প’ৰেছন’। অৱশ্যে তেতিয়া এইটো বেচৰকাৰী আছিল। ১৯৩০ চনত ইয়াক চৰকাৰে গ্ৰহণ কৰে আৰু নাম দিয়া হয় ‘ইণ্ডিয়ান ব্ৰড্‌কাষ্টিং চাৰ্ভিছ’। পিছত ইয়েই ‘All India Radio’ হিচাপে পৰিচিতি লাভ কৰে ১৯৩৬ চনৰ ৮ জুনত। আকাশবাণী গুৱাহাটী কেন্দ্ৰ স্থাপন হয় ১৯৪৮ চনত।
# Sahara (ছাহাৰা) এখন বিখ্যাত মৰুভূমি। আফ্ৰিকাৰ উত্তৰ অংশত অৱস্থিত ই হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি। ই ৩,৫০০,০০০ বৰ্গ মাইল (৯,০০০,০০০ বৰ্গ কিলোমিটাৰ) এলেকা আগুৰি আছে। এই মৰুভূমিত বহুতো শুকান পাহাৰ আছে আৰু তাৰ বেছিভাগেই জ্বালামুখীপ্ৰৱণ। উদ্বেগজনক কথাটো হৈছে এই মৰুভূমিৰ পৰিসৰ প্ৰতি বছৰে ১ কিলোমিটাৰকৈ বৃদ্ধি পাই গৈ আছে।
# আমাৰ সৌৰজগতৰ সপ্তম গ্ৰহটো হৈছে ইউৰেনাছ। ই সৌৰজগতৰ আটাইতকৈ চেঁচা গ্ৰহ। সৌৰজগতৰ আঠটা গ্ৰহৰ লগত ৰিজাই চালে আনবোৰ গ্ৰহৰ লগত ইয়াৰ এটা পাৰ্থক্য ধৰা পৰে। ই সদায় নিজৰ গাৰ ফালে ঘূৰে, অৰ্থাৎ সোঁ হাতৰ পৰা বাওঁফালে ই ঘূৰ্ণীয়মান। ইয়াৰ ১১টা ৰিং আছে আৰু উপগ্ৰহ আছে ২২টা। ‘মিথেন’ৰ বাবে ইউৰেনাছৰ ৰং নীলা।
# যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ পৰাই ‘সুগন্ধি দ্ৰব্য’ (Perfume)-ৰ প্ৰচলন হৈ আহিছে। ইংৰাজী ‘Perfume’ শব্দটো মূল লেটিন শব্দ ‘per fumum’ৰ পৰা আহিছে। ‘per fumum’ মানে হ’ল ‘through smoke’। ইয়াত ইথাইল এল্‌কহল আৰু মাত্ৰ ২৫ শতাংশ সুগন্ধি তেল থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!