শিৱসাগৰৰ  “উত্তৰণ যাদুঘৰ”ৰ প্ৰতিষ্ঠাপক তথা ভাস্কৰ্য-শিল্পী শ্ৰীযুত দুৰ্লভ বড়াৰ স’তে আলাপ

(মানুহৰ সৃষ্টি সদায় জীৱনৰ ঊৰ্ধত)

সাহিত্য ডট্ অৰ্গৰ ফালৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ৷

প্ৰশ্ন:  আপোনাৰ প্ৰথম পৰিচয় এজন ভাস্কৰ্য শিল্পী৷আপোনাৰ ভাস্কৰ্য শিল্পৰ জগতখনৰ বিষয়ে আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ৷

দুৰ্লভ বড়া: ধন্যবাদ জনাইছোঁ৷আচলতে কি জানা – মানুহৰ যি কোনো কথাই এটা বিমূৰ্ত ৰূপত থাকে, তাৰ মুক্ত প্ৰকাশ সাহিত্য,সংগীত,কবিতা বা বিভিন্ন ধৰণে ঘটিব পাৰে৷মোৰ ভাবনাৰ প্ৰথম প্ৰকাশ ঘটিছিল এটি কাঠৰ টুকুৰাত যাক ভাস্কৰ্য বুলি কোৱা হয়৷আজি মই যিখিনি কৰি আছোঁ সেইটো ভাৱ প্ৰকাশৰ হে এটা বিষয়৷যেনেকৈ এটা কবিতাই, এটা গল্পই এটা বাৰ্তা প্ৰেৰণ কৰে সেইদৰে এটা ভাস্কৰ্যইও সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰে আৰু মই ভাবোঁ যদি সেই বাৰ্তাটো নাথাকে তেতিয়াহ’লে এটা ভাস্কৰ্য সম্পূৰ্ণ নহয়৷ভাস্কৰ্য এটা তেতিয়াহে হ’ব যি এটা বাৰ্তা কঢ়িয়াই আনিব পাৰিব ভৱিষ্যতৰ সময়চোৱাৰ কাৰণে৷মই তেনেকৈ ভাবোঁ৷

সৰুতে কিছুমান কাঠত বা বাঁহত বা গছৰ ডালত কিবা ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ৷তেতিয়া মই হাইস্কুলৰ চেভেন-এইটৰ ছাত্ৰ৷তেতিয়াই কিবা এটা কৰিব পাৰিম বুলি তেনে এটা ভাব মনলৈ আহিছিল৷১৯৬২ চনৰ পৰা ১৯৮৪ চনলৈ পঢ়া-শুনা, চাকৰি সূত্ৰে এই বিষয়ৰ পৰা আঁতৰি আছিলোঁ যদিও মনটোৱে কিছুমান কথা বিচাৰি ফুৰিছিল৷আৰ্টৰ দিশ কেনেকুৱা হ’ব পাৰে, ভাস্কৰ্য কেনেকুৱা হ’ব পাৰে সেই কথাবোৰৰ বিষয়ে ভাবিছিলোঁ৷এই পৰ্যায়টোৰ প্ৰকাশ ঘটিল ১৯৮৪ চনত৷তেতিয়া মই চাকৰিত, বিয়া বাৰু কৰাই দুটা যঁজা সন্তানৰ লালন পালনেৰে ব্যস্ততা ভৰা দিন৷ইমান ব্যস্ততা,জটিলতাৰ মাজতো বিষয়টো আগুৱাই নিলোঁ মই৷

প্ৰশ্ন: কাঠেৰে সজা গঁড়, হৰিণ আদি ভাস্কৰ্য শিল্পত পৰিবনে?

দুৰ্লভ বড়া: মোৰ ভাষাত এইয়া ৰূপকলাহে—ইয়াত ৰূপটোহে দিয়া হৈছে চিন্তাৰ বিষয়টো নাহে৷বিভিন্ন সময়ত কলাৰ পদ্ধতি-ৰূপৰেখা বুলিও ঠিক ক’ব নোৱাৰি সলনি হৈ আহিছে৷ ফাইন আৰ্টছ এটা সময়ত নাছিল৷আমাৰ যি বিলাক পুৰাতন শিল্প চৰ্চা হৈছিল দৌল দেৱালয় আদিত সেই বিলাক কিন্তু ৰজাৰ আদেশতহে হৈছিল মানে ৰজাই যিটো ভাল পায় সেই নিৰ্দেশমতে শিল্পী সকলে কৰিব লাগে৷কিন্তু পিছত স্বাধীন শিল্প আহিল যাক নেকি ফাইন আৰ্টছ বুলি কোৱা হয়৷ফাইন আৰ্টছত কাৰো নিৰ্দেশ নোহোৱাকৈ স্বাধীনভাৱে নিজৰ সৃজনীশীল চিন্তাৰে শিল্প ৰূপ দিব পাৰে৷এনেকৈয়ে শিল্পজগতত এটা জাগৰণ আহিল৷আজিৰ সময়তটো এখন দেশৰ নেতাক ব্যঙ্গ কৰিও আৰ্টিষ্টে প্ৰকাশ ঘটাব পাৰে৷

প্ৰশ্ন: আপোনাৰ মতে — শিল্পী সত্তাৰ সংজ্ঞা?

দুৰ্লভ বড়া: সত্তা হৈছে এটা বিষয়ৰ ওপৰত দীৰ্ঘ দিনৰ কচৰৎ৷এটা বিষয়ৰ ওপৰত সদায় এটা চিন্তাৰে আগবঢ়াই লৈ গৈ থাকিলে এদিন সেই চিন্তাটো বাদ দিব নোৱাৰা হৈ যায়গৈ৷এজন শিল্পী এটা সীমাবদ্ধতাৰ মাজত নাথাকে৷নতুন নতুন সৃষ্টিৰ অবিহনে শিল্পী হ’ব নোৱাৰে৷ এজন সাহিত্যিক তেতিয়াহে হ’ব পাৰিব যেতিয়া সাহিত্য চেতনাটো খুউব গভীৰভাৱে আহিব৷সাহিত্যিক হ’বলৈ হ’লে ভিতৰৰ পৰা এটা ভাৱনাৰ সৃষ্টি হ’ব লাগিব,মজ্জাগত হ’ব লাগিব৷ কেৱল পঢ়িলেই,লিখিলেই সাহিত্যিক হ’ব নোৱাৰে৷আকৌ সংগীতৰ ক্ষেত্ৰত—গান এটা গালে গায়ক হ’ব পাৰিব কিন্তু শিল্পী হ’ব নোৱাৰে৷

প্ৰশ্ন:ঐতিহাসিক চহৰ শিৱসাগৰত আপোনাৰ একক প্ৰচেষ্টাৰে গঢ়ি উঠা “উত্তৰণ যাদুঘৰ”ৰ পৰিকল্পনা আপোনাৰ মনলৈ কেনেকৈ আহিল?

দুৰ্লভ বড়া:সেইটো এটা ঐতিহাসিক কথা৷মই মোৰ ভাস্কৰ্যখিনি দায়িত্ব সহকাৰে কৰিছিলোঁ৷কেতিয়াবা কিছুমান কথাত মই মনত আঘাত পাওঁ,আঘাতটোৰ পৰা উপশম পাবলৈ এটা বিষয় সৃষ্টি কৰোঁ৷সেই বিষয়টোক ৰূপ দিয়াৰ পিছত মোৰ মনটো শান্ত হয়৷সেইধৰণে সমাজখনৰ বিভিন্ন ঘটনাই বিভিন্ন বিষয় বিলাকে মনত বহু সময়ত কষ্ট দিয়ে৷কষ্টটোৰ পৰা উপশম পাবলৈ মই সেই কাম কৰোঁ৷বিশেষকৈ এটা বিশেষ পৰিস্থিতিত মই এই কামটো কৰিছিলোঁ৷যেতিয়া অসম আন্দোলন হৈছিল, অসম আন্দোলনে আমি কোৱা সঁচা কথাবোৰ মানি লোৱা নাছিল৷আমি সেইকাৰণে এলাগী হৈছিলোঁ, আমাক এৰালপৰীয়া কৰিছিল৷গতিকে মই এটা বিষয় বাছি ললোঁ যিটো বিষয়ৰ যোগেদি লগ এটা বিচাৰি পাম আৰু তেনেকৈয়ে মই কিছুমান বিষয় ৰূপ দি মানুহৰ মাজলৈ লৈ আহিলোঁ৷ভাস্কৰ্যখিনি যেতিয়া অলপ বেছি হ’ল– ৰাখিবৰ কাৰণে,মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে এটুকুৰা ঠাইৰ প্ৰয়োজন হ’ল৷প্ৰয়োজন হওঁতেই মোৰ মনলৈ আহিল যে বিভিন্ন ধৰণৰ পুৰণি ঘৰুৱা সমল যেনে জাকৈ,জুলুকি,পল’, দা, কুঠাৰ ইত্যাদি যিবোৰ নেকি সময়ৰ গ্ৰাসত আজিৰ নতুন প্ৰজন্মৰ বাবে ইতিহাস হৈ পৰিছে সেইবোৰ বস্তু বিভিন্ন উপায়েৰে সংগ্ৰহ কৰি যাদুঘৰটোত ৰাখিব পৰা যাব৷পৰিকল্পনা কৰিছিলোঁ ১৯৯৯ চনত, প্ৰতিষ্ঠা হৈছিল ২০০৩ চনত৷ তাৰোপৰি পৰিকল্পনাৰ আঁৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল –১৯৯৯ চন মানে এটা দ্বিতীয় সহস্ৰাব্দৰ শেষ অৱস্থা৷আমি এটা তৃতীয় সহস্ৰাব্দলৈ গতি কৰিব লৈছিলোঁ৷আমি এনেকুৱা এটা সময়ত জন্ম লৈছোঁ যিটো সময়ত নেকি এটা সহস্ৰাব্দৰ পৰা আন এটা সহস্ৰাব্দত ভৰি পেলাব পাৰিছোঁ৷এইয়া আমাৰ বাবে এটা ডাঙৰ মুহূৰ্ত৷সেই দিনটোৰ বাবেই মই বাট চাই আছিলোঁ৷এটা নতুন বছৰ আহিলে মানুহৰ কিমান উলহ মালহ হয় তেন্তে ভাবাচোন এটা নতুন সহস্ৰাব্দ অহা মানে সেই উলহ মালহ হাজাৰগুণ, নহয়নে?গতিকে মই ২০০১ চনত ২০০০ বিধ বস্তু যিকোনো উপায়েৰে সংগ্ৰহ কৰিলোঁ৷সেই সময়ত সেই ক্ষণটোৱে মোক জোৰদাৰ গতিত প্ৰেৰণা যোগালে৷ ঠিক প্ৰেৰণা নহয় সময়ৰ আহ্বান বুলি ক’ব পাৰা৷

প্ৰশ্ন:আপুনি যাদুঘৰটো নিজে হাতে কামে লাগি নিৰ্মান কৰা ৷

দুৰ্লভ বড়া: হয়৷নিজ হাতেৰে গঢ়িছোঁ৷নিজে মিস্ত্ৰী হ’ব লগা হ’ল৷তেতিয়া পৰিয়াল চলাই মেলি দৰমহাৰ পইচা খুব বেছি এহেজাৰ ডেৰহেজাৰ বচাব পাৰোঁ৷এইকেইটা টকাৰেনো মিস্ত্ৰী এটাক কেইদিন কাম কৰাব পাৰিম?বস্তুৱেই বা কিমান কিনিব পাৰিম? সেইকাৰণে এই বাচি যোৱা টকাৰ পৰাই কেতিয়াবা বালি এক ট্ৰাক কিনোঁ,কেতিয়াবা ৰদকে কিনোঁ সেইধৰণে যিকেইটা গোটাব পাৰোঁ সেইকেইটাৰেই মই নিজে নিজে কাম কৰোঁ৷সেইখিনি কৰি থাকোঁতেই এদিন দৰমহাটো বাঢ়িল৷দৰমহাটো বঢ়াৰ লগে লগে যাদুঘৰৰ ডিজাইনটো দিলোঁ৷তাৰপিছত গৈ গৈ আজি এইটো পৰ্যায় পাইছেহি৷ যাদুঘৰটো এতিয়াও নিৰ্মিত অৱস্থাত আছে৷—এই কামটো কিন্তু সহজ কাম নহয়৷ঘৰ চলোৱা,ইমানখিনি কৰা,বস্তু গোটাবলৈ বিভিন্ন ঠাইলৈ যোৱা – যথেষ্ট খৰছ৷চাকৰিৰ টকাৰেই এইখিনি কিন্তু সম্ভৱ কৰি তুলিলোঁ৷মই মাইবেলাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা ডেপুটি মেনেজাৰ হৈ ২০১৩ চনত অৱসৰ লৈছোঁ৷

প্ৰশ্ন: যাদুঘৰটো লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা জানিব বিচাৰিছোঁ৷

দুৰ্লভ বড়া:ভৱিষ্যত পৰিকল্পনা ইতিমধ্যে হৈ গৈছে৷যাদুঘৰটোৰ লগত সংযোগ কৰা হ’ব এটা আৰ্ট গেলাৰী, এটা লাইব্ৰেৰী,শিশু সকলৰ বাবেও এটুকুৰা জেগা ৰখা হৈছে৷এটা অডিটৰিয়ামৰ কথাও ভবা হৈছে৷ এইখিনি সম্পূৰ্ণ কৰিবলৈ সময় ওলালে জীৱন কালতে সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ৷যদি কৰিব নোৱাৰোঁ তেতিয়াও মোৰ দুখ নাই কাৰণ মই নিজৰ সামৰ্থ মতেহে কৰিব পাৰিম৷

প্ৰশ্ন: আপুনি অন্য যাদুঘৰবিলাকৰ পৰা কিবা সহযোগিতা পাইছে নেকি?

দুৰ্লভ বড়া: নাই পোৱা৷ চৰকাৰী সহযোগিতা, অইন যাদুঘৰ — কাৰোপৰাই সহযোগিতা পোৱা নাই৷এতিয়া উত্তৰণ যাদুঘৰ হোৱাৰ পিছত বহুত মানুহে ভাবিছে – যাদুঘৰ কৰিম বুলি আৰু তেওঁলোকেহে মোৰ পৰা সহযোগিতা বিচাৰিছে৷

প্ৰশ্ন:উত্তৰণ যাদুঘৰ চৰকাৰৰ দৃষ্টিত পৰিছে বুলি ভাবেনে?

দুৰ্লভ বড়া: পৰিছে কিন্তু দৃষ্টি নিদিয়ে৷দৃষ্টি দিছে যদিও সেইয়া বিহংগম দৃষ্টি৷নিদিলেও আপত্তি নাই,মোৰ কোনো আক্ষেপ নাই, কোনো দাবী নাই৷আৰু মোকনো কিয় দিব লাগে? যিখিনি মানুহে বৰ্তমান বানপানীত হাহাকাৰ কৰিছে সেইখিনি মানুহক দিয়ক৷মই মোৰ পেঞ্চনেৰে ধুনীয়াকৈ চলি আছোঁ৷এনেকৈয়ে মই কৰি আছোঁ যিমানখিনি হয় হ’ব, তাত মোৰ কোনো আপত্তি নাই৷

প্ৰশ্ন: জনসাধাৰণৰ সহাঁৰি কেনেকুৱা?

দুৰ্লভ বড়া: জনসাধাৰণৰ সঁহাৰি ভাল বুলিয়েই ক’ম৷আমি এইখিনিয়েই চাওঁ – আজিৰ দিনটোত কিমান মানুহ আহিলে আৰু মানুহৰ মন্তব্যবিলাক কি!আৰু আজিলৈকে ভাল মন্তব্যই পাই আছোঁ আৰু সেই মন্তব্যৰ পৰা এইটোৱেই অনুভৱ কৰোঁ যে জীৱনত এটা ভাল কামেই কৰিছোঁ৷এই যাদুঘৰটোলৈ পৃথিৱীৰ প্ৰায় চল্লিশ খন দেশৰ পৰ্যটক আহিছে৷চল্লিশখন দেশৰ পৰা তিনিশৰ ওপৰত আমি দৰ্শনাৰ্থী পাইছোঁ৷ভাৰতৰটো কোনো হিচাবেই নাই, অসমৰ বাৰু প্ৰত্যেক দিনাখনেই দৰ্শনাৰ্থী থাকে বুলিব পাৰি৷মোৰ মতে অসমৰ আটাইতকৈ কালচাৰ্ড মানুহ তেজপুৰৰ,তেজপুৰৰ পিছতে বিশ্বনাথ চাৰিআালিৰ আৰু অনুভৱী মানুহ ধেমাজী আৰু লখিমপুৰৰ৷

প্ৰশ্ন:ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ ভাস্কৰ্য শিল্প প্ৰদৰ্শন হৈছে নেকি?

দুৰ্লভ বড়া:নাই হোৱা বুলি পোনচাটেই ক’ম৷এনেই আমাৰ “শংকৰদেৱ কলাক্ষেত্ৰ”ত মোৰ ভাস্কৰ্য শিল্প প্ৰদৰ্শন হৈছে৷কিন্তু আন্তঃৰাষ্ট্ৰীয় ভাৱে দৰ্শনটো বেলেগে কৰিছে৷প্ৰদৰ্শন হোৱা নাই৷প্ৰদৰ্শন নোহোৱা কাৰণটো হ’ল – ব্যয়বহুল হোৱাৰ লগতে কিছুমান নিয়মৰ মাজেৰে যাব লাগে৷ৰাষ্ট্ৰীয় পৰ্যায়ত সুবিধা পাইছিলোঁ কিন্তু সেই সুবিধাটো ল’বলৈ যাওঁতেও কিছুমান মানুহৰ স্বাৰ্থসিদ্ধিৰ কথা এটা আহি পৰে৷সেইকাৰণে মই এই বিষয় বিলাকত যাবলৈ নিবিচাৰোঁ৷মই এটা কথাই কওঁ—মই য’ত থিয় হৈ আছোঁ সেইখনেই পৃথিৱী,মূৰৰ ওপৰত আকাশখন—পৃথিৱীৰ সকলো ঠাইলৈ গ’লেই পাম আৰু বিশ্বদৰবাৰ বুলি কোনো এখন নিৰ্দিষ্ট জেগা নাই ৷যদি উত্তৰণ যাদুঘৰ সফল হয় আৰু যাদুঘৰ চাবলৈ মানুহৰ যেতিয়া আগমন ঘটিব – এইয়াই হ’ব মোৰ বাবে বিশ্বদৰবাৰ৷

প্ৰশ্ন: “উত্তৰণ যাদুঘৰ” উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একক প্ৰচেষ্টাৰে নিৰ্মান কৰা একমাত্ৰ যাদুঘৰ—এই বিষয়ত আপোনাৰ মন্তব্য জানিব বিচাৰিছোঁ৷

দুৰ্লভ বড়া:উত্তৰণ যাদুঘৰ মূলত: ইতিহাস অনুসন্ধান আৰু অধ্যয়ন কেন্দ্ৰ৷হয়, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একক প্ৰচেষ্টাৰে নিৰ্মিত একমাত্ৰ যাদুঘৰ যদিও এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ হৈ থকা নাই,মই যিখিনি ইনফৰ্মেশ্যন পাইছোঁ,এতিয়ালৈ যিমানখিনি দৰ্শনাৰ্থী আহিছে তেওঁলোকৰ মতে আমাৰ যিটো এটা ষ্টেটাছ – ইয়াত যিমানবিলাক আমি সমল সংগ্ৰহ কৰিছোঁ সেইখিনিলৈ চাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম ব্যক্তিগত যাদুঘৰ বুলিব পাৰি৷Declaration হে হোৱা নাই৷

প্ৰশ্ন: “সাহিত্য ডট্ অৰ্গ”ৰ থীমটো আছিল –ইতিবাচক চিন্তাৰ শক্তি আৰু সমাজত ইয়াৰ প্ৰভাৱ৷থীমটোৰ সন্দৰ্ভত আপুনি কি কয়?

দুৰ্লভ বড়া:ইতিবাচক চিন্তা হ’ল – মানুহে যিটোৱেই কাম কৰক তাৰ ফলাফল এটা পূৰ্বনিৰ্দ্ধাৰিত চিন্তাৰ যোগেদিহে হ’ব লাগে৷মই সেই জেগাডোখৰলৈ যাম –সেইটো পূৰ্বনিৰ্দ্ধাৰিত হ’ব লাগিব৷তেতিয়াহে ইতিবাচক হ’ব৷মই সেই জেগাডোখৰলৈ যাম সেই কথাটো দৃঢ়মন লৈ আৰু সেই কামখিনি কৰিবৰ কাৰণে প্ৰস্তুতি চলাব লাগিব তেতিয়াহে ইতিবাচক হ’ব৷মোৰ উত্তৰণ যাদুঘৰ এটা সম্পূৰ্ণ ইতিবাচক চিন্তাৰ ফল৷ইতিবাচক নহ’লে ই সাকাৰ ৰূপ কেতিয়াও নাপালেহেঁতেন৷মানুহৰ আগমন আৰু মন্তব্যবোৰেই তাৰ প্ৰমাণ হৈ আছে৷মানুহে যি কোনো ভাল কাম কৰিলে সমাজত তাৰ ভাল প্ৰভাৱ পৰিবই৷

এটা কথাই কওঁ — মানুহৰ সৃষ্টি সদায় জীৱনৰ ঊৰ্ধত৷মই কৰিলোঁ৷ কিন্তু যাদুঘৰটোৰ লগত মোৰ জীৱনৰ তুলনা নহয়৷

প্ৰশ্ন: শেষত আপোনাৰ সুদীৰ্ঘ জীৱনৰ লগতে সুস্বাস্থ্য কামনা কৰিলোঁ৷ “উত্তৰণ যাদুঘৰ”লৈ সাহিত্য ডট্ অৰ্গৰ ফালৰ পৰা অফুৰন্ত শুভকামনা থাকিল৷

দুৰ্লভ বড়া:ধন্যবাদ৷ সাহিত্য ডট্ অৰ্গলৈ মোৰ শুভেচ্ছা থাকিল৷

(সাক্ষাৎকাৰটি যুগুতালে মৌচুমী বৰি,শেৱালি দত্ত আৰু অভিনৱ গায়নে)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments