ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰে সাক্ষাৎকাৰ

[কৰ্মসূত্ৰে অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া যদিও সমাজত তেখেতৰ পৰিচিতি এজন মননশীল লেখক হিচাপেহে। ‘অনুৰাধাৰ দেশ’ ৰ লগতে আন কেইবাখনো গল্প সংকলন, উপন্যাস তথা প্ৰৱন্ধ সংকলন খ্যাত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী দেৱে অৱসৰৰ পিছত পৰৱৰ্তী সময়ত সংবাদ জগতত প্ৰৱেশ কৰে আৰু ‘নিয়মীয়া বাৰ্তা’ নামৰ দৈনিক বাতৰি কাকতখনৰ মুখ্য সম্পাদক হিচাপে কিছুদিন কাৰ্যনিৰ্বাহ কৰে। সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা তেখেতক সাক্ষাৎ গ্ৰহণ কৰে মেঘালী দিহিঙীয়া আৰু মৃদুল কুমাৰ শৰ্মাই।]

সাঅ: আপোনাৰ “অনুৰাধাৰ দেশ“ৰ “অৰুণাভ চৌধুৰী“ অসমীয়া সাহিত্য জগতৰ এক অন্যতম চৰিত্ৰ, যি পাঠকৰ মনত গভীৰভাৱে ৰেখাপাত কৰি আহিছে৷ পাঠকৰ অনুসন্ধিৎসাৰে আমাৰ জানিবলৈ মন যায়, এই অৰুণাভ চৌধুৰীৰ মাজত কেৱল এটাই চৰিত্ৰ সোমাই আছে নে ই কেইবাটাও পৃথক চৰিত্ৰৰ সমষ্টি?

দেৱচৌধুৰী: আচলতে এই চৰিত্ৰটোৰ বেকগ্ৰাউণ্ডটো ঠিক এনেকুৱা – উপন্যাসখনত বৃত্তিগতভাৱে অৰুণাভৰ যিখিনি কাম আছে, মানে যাক physical activities বুলি ক’ব পাৰি, আচলতে সেইবোৰ ময়ে কৰিছিলো৷ সেইটো চাকৰি মই কৰিছিলো৷ ডুলীয়াজানৰ পৰা মই তালৈ গৈছিলো আৰু পাৰাদ্বীপত প্ৰায় চাৰি/পাঁচ বছৰ ধৰি আছিলো৷ যিখিনি physical activities তাত বৰ্ণনা কৰা হৈছে, সেই সময়ত মই পাৰাদ্বীপত, জাহাজত কটোৱাৰ কালছোৱাৰ মোৰ যি career profile তাৰপৰা লোৱা হৈছে৷ মই ভাবো যে এজন ঔপন্যাসিক বা গল্পকাৰে যেতিয়া একোটা চৰিত্ৰ সৃষ্টি কৰে, ঠিক একমাত্ৰিক মানুহ এজনক লৈ নিলিখে৷ বহুত মানুহৰ বহুত কিবা কিবি বস্তু লৈহে লিখে৷ কাৰোবাৰ কিবা কথা এটাই হয়তো মোক আকৰ্ষণ কৰিছে, তেতিয়া সেইটো মই টুকি লৈছো৷ কথাবোৰ ঠিক তেনেধৰণৰ – কাৰোবাৰ কিবা চিন্তা হয়তো মোৰ ভাল লাগিছে, কাৰোবাৰ হয়তো অৱয়বটোৱে মোক আকৰ্ষণ কৰিছে, কাৰোবাৰ আচৰণে প্ৰভাৱান্বিত কৰিছে, কাৰোবাৰ আকৌ কথা কোৱাৰ ভংগীমাটো মোৰ ভাল লাগি গৈছে ইত্যাদি৷ গতিকে এনেধৰণৰ বহুখিনি কথা বিভিন্ন মানুহৰ পৰা আহি আচলতে লেখকজনৰ অৱচেতন মনত জমা হৈ থাকে৷ আৰু লিখিবৰ সময়ত নিজৰ চিন্তাৰপৰা সেইবিলাক কথা উঠি আহে, গতিকে আমি চৰিত্ৰ একোটাৰ কথা এনেকৈ ক’ব পাৰো যে এইটো আচলতে বহুকেইজন ভিন ভিন মানুহৰ এক উমৈহতীয়া চৰিত্ৰ৷ কেতিয়াবা হয়তো হঠাতে মনত পৰিছে যে এইজন মানুহে এনেকুৱা কৰিছিলে, সেই মানুহজনক হয়তো মই মনলৈ আনিছো, মনৰ কল্পনাৰে বেছি বিস্তৃতভাৱে চাব খুজিছো, আৰু নিজে এটা বৰ্ণনা দিবলৈ চেষ্টা কৰিছো, তেনেক্ষেত্ৰত চৰিত্ৰটো বেছি বাস্তৱিক হৈ পৰে৷ সৌৰভ কুমাৰ চলিহাই এইটো কথা কৈছিল যে, কাৰোবাৰ পৰা মই নাকটো লৈছো, কাৰোবাৰপৰা চুলিখিনি লৈছো, কাৰোবাৰপৰা আঙুলিটো লৈছো গতিকে কথাটো ঠিক তেনেধৰণৰ৷

সাঅ: এইক্ষেত্ৰত আপোনাৰ কিবা জটিলতাৰ সৃষ্টি হৈছিল নেকি? যেনে ধৰক ক আৰু খ দুজন ব্যক্তিৰপৰা দুটা উপাদান লওঁতে আপুনি কিবা জটিলতাৰ সন্মুখীন হৈছিল নেকি?

দেৱচৌধুৰী: কথাটো এনেকুৱা যে যেতিয়া এজন সৃষ্টিশীল লেখকে এটা চৰিত্ৰ নিৰ্মাণ কৰে, তেতিয়া দুটা কথা আহি পৰে৷ প্ৰথমটো হ’ল, তেওঁৰ নিজৰ মনত এটা ভাৱ থাকে যে মই এনেকুৱা এটা চৰিত্ৰ নিৰ্মাণ কৰিব খুজিছো, আনটো হ’ল যে যদি মই বৰ্ণনা দিওঁ বা কাহিনী এটা ক’বলৈ যাওঁ সেই কাহিনীটোৱে কিবা এটা দাবী কৰিব৷ সেয়ে এখন উপন্যাসত এজন লেখকে লিখোতে তেওঁৰ মনলৈ বিভিন্ন চৰিত্ৰ, বিভিন্ন বয়স গোট, ভিন্ন সাংস্কৃতিক পটভূমিৰ মানুহৰ কথা আহিব পাৰে৷ আৰু যদিহে দ্বন্দ্বৰ সৃষ্টি কৰে যে মনৰ মাজত যিটো চৰিত্ৰ আছে তাত এইখিনি কথা নালাগে, তেতিয়া সেই নলগাখিনি বাদ দিব পাৰে৷ যিখিনি বস্তু মোৰ পচন্দৰ চৰিত্ৰৰ লগত মিলিব হ’ব বা খাপ খাই পৰিব বুলি মই ভাবিম, মই সেইখিনি বস্তুহে লম৷ গতিকে তাত কোনো দ্বন্দ্ব থাকি নাযায়, নালাগে বুলি ভবা বস্তুখিনি মই নলওঁৱেই৷

সাঅ: সততে আমি এটা কথা শুনিবলৈ পাওঁ যে সাধাৰণ পাঠকসকলতকৈ লেখকসকল অলপ বেছি অনুভূতিশীল হয়৷ এই বিষয়ে আপোনাৰ মত কি?

দেৱচৌধুৰী: কথাটো ঠিক তেনেধৰণৰ বুলি মই নাভাবো৷ হয়তো সকলোৱে নিজৰ অনুভূতিখিনি ভালকৈ প্ৰকাশ কৰিব নোৱাৰিব পাৰে৷ কাৰণ মই দেখিছো যে আমাতকৈ বহুত বেছি অনুভূতিশীল মানুহ আছে যিসকলক হয়তো জোকাৰি গৈছে কিবা এটা ঘটনাই কিন্তু প্ৰকাশ কৰিব পৰা নাই৷ লেখক এজনক একেটা ঘটনাই জোকাৰি নগ’লেও তেওঁ হয়তো লিখিব পাৰে৷ আনজনৰ হয়তো তেনেকৈ লিখিব পৰাকৈ প্ৰকাশভংগী নাথাকিব পাৰে৷ গতিকে লেখকসকলৰ তুলনাত অন্য মানুহ কম অনুভূতিশীল, এই কথা সততে মানি লবলৈ অলপ অসুবিধা হয়৷

সাঅ: লেখকসকলৰ প্ৰত্যেকৰে জীৱন সম্পৰ্কে গভীৰ এটা চেতনাবোধ বা ধাৰণা থাকে, যদিও জীৱন সম্পৰ্কে সকলোৰে একোটা নিজস্ব অনুভৱ থাকে, কিন্তু লেখকসকলে হয়তো এই চিন্তাখিনি কোনোবা নহয় কোনোবা মুহূৰ্তত এইটো কৰিবলগা হৈ যায়, মানে হয়তো কৰবাত প্ৰয়োগ কৰিবলগা হৈ যায়৷ এই বিষয়ে আপুনি কি কব খোজে?

দেৱচৌধুৰী: এই কথাটোক আচলতে আমি জীৱন সম্পৰ্কীয় কৌতূহল বুলি ক’ব পাৰো৷ ইয়াতে দুটা কথা থাকে, সৃষ্টিশীল লেখক এজনে যেতিয়া সঁচাকৈয়ে নিজৰ তাগিদাৰ পৰা লিখে, তেতিয়া নিজস্ব কিছু কৌতূহল থাকিব লাগিব৷ আৰু এই কৌতূহলবোৰ বেলেগ বেলেগ হ’ব পাৰে, কাৰ কেনে ধৰণৰ ক’ত কৌতূহল থাকে৷ যেনেকৈ মোৰ ক্ষেত্ৰত সাধাৰণতে মোৰ মনৰ ভিতৰত কৌতূহল থাকে, প্ৰবন্ধ ইত্যাদি লিখিলে মই সদায় মনস্তাত্বিক দিশটো চাবলৈ প্ৰয়াস কৰো৷ মানে এই কথাটোৱে মোক কোনোবাখিনিত বৰকৈ আকৰ্ষণ কৰে৷ যিকোনো মানুহ লগ পালে মই মনৰ ভিতৰলৈ চাব খোজো৷ আৰু এটা কথা হয় যে কোনো বিষয়ৰ ওপৰত মোৰ কৌতূহল নাই, কিন্তু মই যি সৃষ্টি কৰিম বা কৰিবলৈ গৈ আছো তাৰ এটা দাবী আছে৷ ধৰাহওক মই এখন বুৰঞ্জীমূলক উপন্যাস লিখিব বিছাৰিছো, তাতে মই এটা বুৰঞ্জীৰ চৰিত্ৰ আনিব বিচাৰিছো, ধৰি ল’লো লাচিত বৰফুকন৷ এই যে লাচিত বৰফুকনৰ চৰিত্ৰটো মই আনিব লাগে, লাচিত বৰফুকনৰ বিষয়ে মোৰ বৰ বিশেষ কৌতূহল নাথাকিলেও তেওঁৰ বিষয়ে মই জ্ঞান আহৰণ কৰিবই লাগিব৷ গতিকে কেতিয়াবা ঠিক কৌতূহল বুলি নহয়, যদিহে মোৰ প্ৰয়োজন হৈছে তেওঁৰ বিষয়ে কিছুমান কথা মোৰ ভাল লাগক বা নালাগক চৰিত্ৰ আৰু কাহিনীৰ খাতিৰত মই সেইখিনি বস্তু আনিবই লাগিব, কাৰণ উপন্যাসখনে এইটো দাবী কৰে৷ মই কথাটো তেনেকৈ ভাবো, চৰিত্ৰৰ ক্ষেত্ৰত৷ এনেকুৱা বহুত চৰিত্ৰ আছে যিবোৰ হয়তো মোৰ প্ৰিয় নহয়, উপন্যাসে দাবী নকৰাহেঁতেন হয়তো মই সেইবোৰ চৰিত্ৰ কেতিয়াও সৃষ্টিয়েই নকৰিলোহেঁতেন৷ সাধাৰণতে এনে হয়, যিটো চৰিত্ৰই আকৰ্ষণ নকৰে সেইটো চৰিত্ৰৰ প্ৰতি বিশেষ কৌতূহলৰো সৃষ্টি নহয়, বা সেই সম্পৰ্কে জ্ঞানো নাথাকে মানুহৰ৷ যেনে মোৰ খেলৰ বিষয়ত বিশেষ জ্ঞান নাই, কিন্তু মই যদি মোৰ উপন্যাসত খেলুৱৈ এজনক আনিবলগা হয় তেন্তে মই খেলৰ সম্পৰ্কে অধ্যয়ন কৰিব লাগিব বা কিছু জ্ঞান গোটাব লাগিব৷

সাঅ: মই সুধিব বিচাৰিছিলোঁ, যে জীৱন সম্পৰ্কে আপোনাৰ যিটো বোধ বা ধাৰণা বা অনুভূতি সেইটোৱে আপোনাৰ লেখাৰ এই চৰিত্ৰসমূহ সৃষ্টি কৰোতে কেনেধৰণে প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে?

দেৱচৌধুৰী: সেইটো এটা খুবেই সাংঘাতিক কথা বুলি মই ভাবো৷ সাধাৰণতে এটা কথা কোৱা হয় যে এজন সৃষ্টিশীল লেখকে যিয়েই নিলিখক, সদায় আত্মজীৱনীমূলক লিখে৷ যদিও ই সম্পূৰ্ণৰূপে আত্মজীৱনী নহয়গৈ, কিন্তু কোনোবাখিনিত ইয়াক আত্মজীৱনীৰ দৰে বুলি কোনো কোনোৱে ক’ব খোজে৷ কাৰণ ক’ৰবাত নহয় ক’ৰবাত কোনোবা এটা চৰিত্ৰৰ মাজত সেই লেখকজনৰ পৰশ সোমাই থাকিবই৷ এই পৰশটো নো কি? মানুহজনৰ চিন্তাধাৰা হ’ব পাৰে, জীৱন দৰ্শন হ’ব পাৰে, জীৱন সম্পৰ্কে তেওঁ কি ভাবে বা অনুভৱ কৰে সেই কথাখিনি হ’ব পাৰে৷ গতিকে এইটো এটা খুবেই সাংঘাতিক ধৰণে প্ৰভাৱ পেলোৱা কথা হ’ব পাৰে বুলি মই ভাবো৷ আৰু সেইবাবেই হয়তো কোৱা হয় যে এইখন এখন আত্মজীৱনী৷ হয়তো মানুহ এজনে ছোৱালী এজনীৰ বিষয়ে লিখিছে, কিন্তু ছোৱালীজনীৰ বিষয়ে যেতিয়া লিখিব তাতে মানুহজনৰ আত্মজীৱনীমূলক বা জীৱন সম্পৰ্কে নিজস্ব যিখিনি ধাৰণা আছে সেইখিনি তাত প্ৰকাশ পাব৷ আৰু যদি এই জীৱনবোধ নাথাকে তেন্তে সৃষ্টি কৰিব কি? ক’বলৈ দেখোন মানুহৰ একো নাথাকিবই, সাধাৰণতে লেখনিবোৰত মানুহৰ জীৱনবোধৰে প্ৰতিফলন ঘটে, জীৱনটো কেনেধৰণে চায় বা ভাবে ইত্যাদি৷

সাঅ: যিসকল সৃষ্টিশীল কামত জড়িত লোক, মই কেৱল লেখক বুলিয়েই কোৱা নাই, ধৰক গায়ক হ’ব পাৰে বা অন্য কোনো দিশৰ সৈতে জড়িত ব্যক্তি হ’ব পাৰে, এইধৰণৰ সৃষ্টিশীল লোকসকলৰ প্ৰত্যেকৰে সমাজৰ প্ৰতি একোটা দায়িত্ববোধ থাকে৷ এই যে সামাজিক দায়িত্ববোধ আৰু সৃষ্টিশীল কৰ্ম, এই দুয়োটা কথাৰ মাজত কিবা সমতা থকা উচিত নেকি? এইবিষয়ে আপুনি কি বুলি ভাবে, যে কোনটো পৰ্যায়লৈকে যোৱা উচিত বা কোনটো পৰ্যায়ত ৰৈ যোৱা উচিত? যেনে ধৰক এজন লেখকে কোনো সৃষ্টিশীল লেখা লিখি আছে, সেইসময়তে যদি আনধৰণৰ কোনো সামাজিক কামৰ সৈতে জড়িত হৈ পৰে, তেন্তে তেওঁৰ সেই সৃষ্টিশীলতাত কোনো ধৰণৰ বাধা আহি পৰাৰ সম্ভাৱনা আছে নেকি?

দেৱচৌধুৰী: এই যে সামাজিক দায়বদ্ধতাৰ বিষয়টো খুব বেছি ব্যাপক, এই সম্পৰ্কে বিভিন্নজনে বিভিন্ন সংজ্ঞা দিব পাৰে৷ এই বিষয়ে মই যিটো ভাবো সেইটোহে ক’ব পাৰিম৷ মই ভাবো যে এজন লেখক আৰু তেওঁৰ লেখনি কেতিয়াও পৃথক হ’ব নোৱাৰে, বা হোৱাটো অনুচিত৷ আৰু এই কথাটো অন্ততঃ মোৰ ক্ষেত্ৰত নহয় বুলি মই ক’ব পাৰো৷ এজন মানুহ লেখক হ’বৰ বাবে কেৱল লিখাৰ ক্ষমতাটো থাকিলে নহ’ব, বা জীৱনক ভালকৈ জানে তেনেধৰণৰো নহয়৷ প্ৰথম কথা হ’ল তেওঁ এজন খুব ভাল মানুহ হ’ব লাগিব, আৰু যিজন ভাল মানুহ তেওঁ সদায়েই সমাজখনৰ বাবে কিবা এটা ভাল কৰিবলৈ চেষ্টা কৰে৷ সেই যে ভাল কিবা এটা কৰাৰ চিন্তা, সেই তাগিদাটোহে আচলতে মানুহৰ থাকিব লাগে৷ আজি আমি যিখন পৃথিৱীত আছো, সেই পৃথিৱীখনতকৈ ভাল পৃথিৱী এখন বা সমাজ এখন আমি আমাৰ ফালৰপৰা গঢ়িব পাৰো নেকি! এই ভাল কিবা এটা কৰাৰ চিন্তা বা ৰাস্তাটো সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ’ব পাৰে, সেই যিটো চিন্তা বা ৰাস্তা সেয়াহে আচলতে দায়বদ্ধতা৷ মই মোৰ ধৰণে মোৰ দায়িত্ব পালন কৰিম, ৰাজনীতিবিদ এজনে হয়তো ৰাজনীতিৰ দিশেৰে কৰিব, এইধৰণে প্ৰত্যেকেই নিজৰ নিজৰ ধৰণে এই দায়বদ্ধতা পালন কৰিব৷ আৰু এইখিনিকহে মই সামাজিক দায়বদ্ধতা বুলি কব খোজো৷

সাঅ: মোৰ যদি বুজাত ভুল হোৱা নাই, আপুনি ক’ব খুজিছে যে লেখক এজনে নিজৰ লেখাৰ মাধ্যমেৰেও সামাজিক দায়বদ্ধতা বজাই ৰাখিব পাৰে৷ যেনে ধৰক গানৰ ক্ষেত্ৰত পল ৰবচন, ভূপেন হাজৰিকা এখেতসকলৰ গানেৰে একধৰণৰ সামাজিক জাগৰণৰ সৃষ্টি হৈছে৷

দেৱচৌধুৰী: নিশ্চয়, নিজৰ সৃষ্টিৰ মাধ্যমেৰেই লেখক বা গায়ক এজনে সামাজিক দায়বদ্ধতা অটুট ৰাখে৷ এতিয়া ভূপেন হাজৰিকাৰ কথাকে যদি ক’বলৈ যাওঁ, নিজৰ সৃষ্টিশীলতাৰে তেখেতে একোটা গীত লিখিছে আৰু সেই গীতটোৱে সাধাৰণ ৰাইজৰ মাজত একোটা জাগৰণৰ সৃষ্টি কৰিছে৷ কিছুক্ষেত্ৰত মানুহৰ যিটো চিন্তাধাৰা আছিল বা আছে, সেই চিন্তাধাৰাটোকে সলনি কৰি দিছে৷ প্ৰাথমিকভাৱে, লেখকসকলৰ দায়িত্বটোনো কি? তেওঁলোকে পাঠকৰ মনটো ধীৰে ধীৰে সলনি কৰে, বিশেষকৈ সৃষ্টিশীল লেখাৰ ক্ষেত্ৰত এই কথাটো হয়৷ সেইটো আটাইতকৈ ডাঙৰ কথা৷ এই কথাটোৱে অণুঘটকৰ দৰে কাম কৰে, কিছুমান কথা আৱিষ্কাৰ কৰে৷ এজন মানুহে বা পঢ়ুৱৈয়ে হয়তো গমেই পোৱা নাই যে, এনে কিছুমান সম্ভাৱনা আছে বা এনে কিছুমান শুভ শক্তি আছে, কিন্তু লেখক এজনে যেতিয়া সেই কথাখিনি দিব তেতিয়া সেই শুভবোধটো আৱিষ্কাৰ হয়৷ তাৰপৰা একোটা জাগৰণৰ সৃষ্টি হয়, সেই জাগৰণটোৱে হয়তো সমাজখনৰ কোনোবা এটা দিশ লাহে লাহে সলনি কৰি আনে৷ গতিকে এইক্ষেত্ৰত লেখকজনে বা গায়কজনে আন কোনো কাম কৰা নাই, মাত্ৰ লেখাটো লিখিছে বা গানটো গাইছে৷ যেনেকৈ হীৰুদাৰ এটা কবিতা আছিল, “দেশ বুলিলে নালাগে আদেশ…“ সেই কবিতাটোৱে অসম আন্দোলনৰ সময়ত এটা জাগৰণৰ সৃষ্টি কৰিছিল৷ মাত্ৰ কেইটামান শাৰীৰ পংক্তি এটাই বহুখিনি মানুহক উদ্বুদ্ধ কৰিছিল৷ সেই প্ৰেৰণাটো কাৰ্য্যলৈ ৰূপান্তৰ হৈছিল৷ আৰু যেতিয়া এনেধৰণৰ কোনো এটা কথা কাৰ্যলৈ ৰূপান্তৰিত হয়, ই সমাজখনৰ কোনোবা এটা দিশত পৰিৱৰ্তন কৰে৷ কিন্তু মানুহৰ মনত এটা ধাৰণা ৰৈ যায় যে একেবাৰে শেষত যিয়ে সমাজখনৰ পৰিৱৰ্তন সাধিত কৰিলে তেওঁহে দায়বদ্ধ বা তেওঁৰ হে সামাজিক চেতনাবোধ অথবা দায়বদ্ধতা আছে৷ কথাবোৰ তেনেকৈ ৰৈ যায়৷ হীৰুদাই হয়তো এই কবিতাটো ঘৰৰ ভিতৰত বহি লিখিছিল৷ কিন্তু এই দায়বদ্ধতাৰ কথাবোৰ আচলতে মানুহে কেতিয়াবা ধৰি ৰাখিব নোৱাৰে৷ গতিকে যিজনে হয়তো শেষৰফালে ওলাই অহা নাই বা কিবা এটা সংগ্ৰামত জঁপিয়াই পৰা নাই, ভবা হয় যে তেওঁৰ কোনো দায়বদ্ধতা নাই৷ কিন্তু মূল কামটো হয়তো তেখেতেই কৰিলে৷ ইমানখিনি মানুহক হয়তো তেওঁ জগাই তুলিলে, যে সমাজখনৰ প্ৰতি এনেকুৱাধৰণৰ কিবা এটা কৰিবলৈ আছে৷ সেই কথাটোৰ যি অনুভৱ বা শক্তি বা প্ৰেৰণা তেওঁলোকে দিলে বা আৱিষ্কাৰ কৰিলে মানুহৰ মাজত, সেই কামটো হয়তো বন্ধ কোঠাৰ ভিতৰত লিখা দুটা বা তিনিটা কবিতাৰ শাৰীয়ে কৰিলে৷ সেইটো আটাইতকৈ ডাঙৰ কথা বুলি মই ভাবো৷ প্ৰত্যেকৰে বেলেগ বেলেগ ক্ষেত্ৰ আছে, যি য’ত যেনেধৰণে স্বাচ্ছন্দ্যবোধ কৰে সেইধৰণে কাম কৰে৷ কিন্তু প্ৰধান উদ্দেশ্যটো এনে হোৱা উচিত যে আজি আমি যিখন পৃথিৱীত জন্মগ্ৰহণ কৰিছো বা বাস কৰি আছো, আৰু যিখন পৃথিৱী আমি এৰি থৈ যাম তাক ভাল কৰিবৰ বাবে এজন ব্যক্তি হিচাপে বা এজন লেখক হিচাপে মোৰ কিবা এটা ধনাত্মক অৱদান তাত থাকিব লাগিব৷ কিমান কৰিব পাৰো সেয়া নিজৰ কথা৷ সাংঘাতিক কিবা এটাটো আমি কোনোৱে কৰিব নোৱাৰো, বহুত যোগাত্মক দিশ লগ লাগিহে সমাজ এখন গঢ়ি তুলিব পাৰি৷ কিন্তু মোৰ যিটো সীমাবদ্ধতা তাৰপৰা কিবা এটা যাতে মই ইতিবাচক দিব পাৰোঁ মোৰ জন্ম আৰু মৃত্যুৰ মাজৰ সময়ছোৱাৰ ভিতৰত, ঠিক সেইটোৱেই মোৰ সামাজিক দায়বদ্ধতা বুলি মই ভাবো৷

সাঅ: কিন্তু আমাৰ সমাজত বৰ্তমান দেখা গৈছে যে লেখকেই হওক বা গায়কেই হওক, সামাজিক কাম কিছুমানত জোৰ কৰিয়েই টানি অনা হৈছে, যেনে ধৰক আমি জুবিন গাৰ্গৰ উদাহৰণ দিব পাৰো৷ তেখেতে সৃষ্টি কৰি আছে৷ তেখেতৰ গান গাবলৈ সময় নোহোৱা হৈছে কিন্তু তেখেতক জড়িত কৰা হৈছে বানপানী বা এনেধৰণৰ আন কৰবাত৷ এনেকৈ যে লেখক বা গায়কক টানি অনা হৈছে অইন কামত, এয়া কিবা অশুভ সংকেত নেকি?

দেৱচৌধুৰী: নহয়, ইয়াত দুটা কথা আছে৷ প্ৰথমটো হ’ল এয়া এক ’প্ৰতীক’৷ ধৰক এটা ৰাস্তা সাজি আছে৷ ধৰক তাত অমিতাভ বচ্চন আহিছে৷ তেতিয়া তাত অইন মানুহক, ’জনসমাগমক’ক আগুৱাই আহিবলৈ উৎসাহিত কৰে৷ জুবিন গাৰ্গৰ ক্ষেত্ৰটো তেনেকুৱা৷ তাত ধৰক মহাবিদ্যালয়ৰ ল’ৰা-ছোৱালী বা অইন অনুৰাগী উৎসাহিত হ’ব৷ অলপ সময়ৰ কাৰণে ’বাইট’ এটা দিলেই আন-আন সকল আগুৱাই আহিব৷ ’প্ৰকৃত’ কামত তেওঁলোক জড়িত নহ’লেও অলপ সময়ৰ বাবে ওলাই আহিলেই হ’ল ’প্ৰতীকিভাৱে’৷ সমাজৰ দাবীত ’প্ৰতীক হিচাপে’ কেতিয়াবা লেখকেই হওক বা গায়কেই হওক, মাজে-মাজে আগভাগ লোবা উচিত বুলি মই বিবেচনা কৰো৷ তাৰ কাৰণে তেওঁ অইন মানুহৰ লগত ২৪ ঘণ্টাই দিয়াৰ দৰকাৰ নাই৷ নহয় জানো? তেখেতৰ যে সহমৰ্মিতা আছে সেয়া দেখুৱাবলৈ যিমান খিনি দৰকাৰ সিমানখিনি আগভাগ ল’লেই হ’ল৷ তেওঁ মনত ৰাখিব লাগিব যে তেওঁৰ এটা নিজৰ মুখ্য কাম আছে, তাৰ জৰিয়তে তেওঁ বেছি সহজবোধ কৰে৷ তাৰ বাহিৰত বেছি সময় দিলে নহ’ব৷ নহ’লে তেওঁ নিজে আৰু সমাজখনেই ভুগিব লাগিব৷

সাঅ: নিজৰ দায়িত্বটো ভালকে পালন কৰিলেই সমাজৰ বেছি লাভ হয়৷ ব্যক্তি শুদ্ধ হ’লেহে সমাজ শুদ্ধ হ’ব৷

দেৱচৌধুৰী: হয় সেইটোৱে৷ মই নিজেও বিশ্বাস কৰো প্ৰত্যেক মানুহ ব্যক্তিগত ভাল ধৰণৰ এক সাংঘাতিক শক্তি আছে৷ বহুতো বাধা-বিঘিনি আছে কিন্তু সকলোৱে নিজৰ সামৰ্থ্যানুযায়ী সমাজৰ ভালৰ বাবে বৰঙনি আগবঢ়োৱা উচিত৷ সেই যে অলপ অলপ ’অৱদান’ সকলোৱে, দিব ঠিক তেতিয়াই সমাজখনৰ ভাল হ’ব৷ সেইটো মই বিশ্বাস কৰো৷

সাঅ: চাবলৈ গ’লে দুডাল গছপুলি ৰুলেও সমাজ সেৱা৷ এইটো নহয় যে বিঘাই বিঘাই গছ ৰুব লাগিব৷

দেৱচৌধুৰী: হয় সেইটোৱেই৷ আৰু ’প্ৰচাৰৰ লোভ’ আজিকালি অলপ বেছি হৈছে৷ বেলেগ বেলেগ মিডিয়া হাউছবোৰ আহি যায়৷

সাঅ: কথাটো দুই ধৰণৰ হ’ব পাৰে যে যিয়ে ’অনুষ্ঠান’টো পাতে তেওঁলোকেও ’প্ৰচাৰ’ বিচাৰিব পাৰে আৰু নাইবা যাক টানি অনা হয় তেওঁ নিজেও ’প্ৰচাৰ’ ৰ বাবে আগবাঢ়ি যায়৷

দেৱচৌধুৰী: হয় তেনেকুৱাও হয়৷

সাঅ: কিন্তু পৰোক্ষভাৱে ক্ষতি দুয়োফালৰে হয় চাগে৷ সৃষ্টিশীল মানুহজনৰ বেছি ক্ষতি হয়৷

দেৱচৌধুৰী: হয়৷ সেইবুলি টনা-আজোৰা হ’ব নালাগে কোনো ব্যক্তিক লৈ৷ লেখকেই হওক বা গায়কেই হওক৷

সাঅ: মাজতে আমি দেখিলোঁ তেনেকুৱা৷ আজিকালি ’ছচিয়েল মিডিয়া’টো এক ডাঙৰ প্লেটফৰ্ম হৈছে৷ ভূমিকম্প শেষ নহওঁতেই ’আপদেট’ আহি যায় যে ভূমিকম্প আহিল৷ এই যে মই জুবিন গাৰ্গৰ উদাহৰণ দিলো কাৰণ ’ছচিয়েল মিডিয়া’তে তেনেকুৱা দেখিছো – অমুকে বানপানীত সাহায্য দিলে অমুকে নিদিলে ইত্যাদি৷

দেৱচৌধুৰী: ’ঋণাত্মক’ খবৰ যাব নালাগে৷ ধৰাহ’ল জুবিন গাৰ্গে যদি কিবা দিছে তেন্তে সেই খবৰটো যাওক৷ ভাল কথা৷ এইকাৰণে যোৱা উচিত বুলি মই ভাবো কাৰণ সেইটোৰ পৰা অনুপ্ৰেৰণা পাই আন সকলে কামটো কৰিব৷ মই মানে সেইধৰণৰ প্ৰচাৰত গুৰুত্ব দিওঁ৷ তেতিয়া তেখেতৰ অনুৰাগী সকলে সেই কামটো কৰিবলৈ আগবাঢ়ি যাব৷ নহয় জানো? কিন্তু জুবিন গাৰ্গে নকৰিলে বুলি প্ৰচাৰ কৰি তেখেতৰ ব্যক্তি স্বাধীনতাক খৰ্ব কৰা হয়৷ তেওঁ কিবা ভাল কাম কৰি আছে সেয়া সকলোৱে জনা উচিত৷ কোনো কামত যোগদান কৰিব পৰা নাই মানে নুবুজায় তেখেতে অইন ভাল কাম কৰা নাই৷ তেখেতে বেলেগ ভাল কামতো ব্যস্ত থাকিব পাৰে৷

সাঅ: হয়৷ আমি আগৰ কথা এটালৈ উভতি আহিব খোজো৷ সকলো লেখকেই অনুভূতি প্ৰৱণ৷ সকলো মানুহেই অনুভূতি প্ৰৱণ৷ সকলোৱে প্ৰকাশ কৰিব নোৱাৰে৷

দেৱচৌধুৰী: অঁ সেইটো লেখকৰ দায়িত্বৰ ভিতৰত পৰে৷ যাৰ ’মাত’ নাই তেওঁলোকৰ কথাবোৰ প্ৰকাশ কৰা৷

সাঅ: আপোনাৰ আঁৰৰ লেখকজন, সেই বিষয়ে ইতিমধ্যে আপুনি লিখিছেই প্ৰান্তিকত খণ্ড-খণ্ডকৈ৷ এতিয়া কথা হ’ল, নতুন আৰু লেখকক সৃষ্টি কৰোতে, আপুনি য’ত জড়িত হৈ আছে ’নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদক হিচাপে ইয়াত আপোনাৰ ’পৰিসৰ’ যথেষ্ট৷ ’অণুঘটক’ হিচাপে৷ উৎসাহিত কৰিয়েই হওক বা মৰমৰ দাবী-ধমকি দিয়েই হওক৷ সেই কামটো কেনে ধৰণে কৰি আছে আপুনি এতিয়া?

দেৱচৌধুৰী: মুখ্য সম্পাদক হিচাপে এইটো মোৰ আটাইতকৈ ডাঙৰ ’মন দিয়া দিশ’৷ তোমালোকে যদি নিয়মীয়া বাৰ্তা পঢ়ি আছা দেখিবা যে সাধাৰণতে যিবিলাক মানুহৰ পৰা লেখা অনা যায়, মই নামবিলাক নকওঁ আৰু, তেনেকুৱা এটা ’চাপ’ থাকে যে অমুকৰ পৰা লেখা আনিব লাগে৷ কিন্তু আজি ইমান বছৰেটো তেওঁলোকৰ লেখা আহিয়েই আছে৷ আৰু তেওঁলোকে যিকোনো কিবা এটা দিলেও অনিচ্ছা সত্ত্বেও প্ৰকাশ কৰিবই লাগিব কাৰণ- তেনেকুৱা এটা পৰ্য্যায়লৈ তেওঁলোক গৈছে৷ মই কৈছো আমি তেওঁলোকৰ কাষত জোৰ কৰিবলৈ নাযাওঁচোন৷ তেওঁলোকে নিজে কিবা এটা দিলে তেতিয়া বেলেগ কথা৷ আমি আজিলৈকে তেনেকুৱা কোনো অগ্ৰজ মানুহক অনুৰোধ কৰা নাই৷ অনুৰোধ যদি কৰিছো নতুন ভাল-ভাল লেখা যদি চকুত পৰে- এইজন ল’ৰাৰ বা এইজনী ছোৱালীৰ ’ক্ষমতা’ আছে ভাল লিখিব পৰা তেতিয়া আমি তেওঁলোকৰ লগত যোগাযোগ কৰো৷ মাজতে কেইজনমানক ’ফেচবুক’তো ’focus’ কৰিছো৷ উদাহৰণ, বিপ্লৱ বৰা৷ তেওঁ কেতিয়াও ভবাই নাছিলে যে তেওঁ কেতিয়াবা লিখক হ’ব৷ তেওঁ কিবা এটা পঠাইছিলে চাবৰ কাৰণে৷ মই তেওঁক দেখুৱাই দিলো, তুমি এনেকুৱা ধৰণৰ বস্তুবোৰৰ ওপৰত লিখা৷ তেওঁ এতিয়া ভাল লিখি আছে৷ বহুতক তেনেকুৱা ধৰণৰ মানে নিয়মীয়া কাগজত সেই সুবিধাটো নিদিয়ে, স্তম্ভ আকাৰে লিখিবলৈ৷ কিন্তু আমি দিছোঁ৷ পুৰণি মানুহখিনিয়ে কি লেখিলে তেওঁলোকৰ জীৱনবোধ, চিন্তা ইতিমধ্যে অসমৰ মানুহে জানেই৷ ’সৃষ্টিশীল’ মানুহ হিচাপে মই নতুন নতুন চিন্তা সদায় চাবলৈ বিচাৰোঁ৷ মোৰ এইটো এটা সাংঘাতিক ’অনুসন্ধিৎসা’৷ কিনো নতুন লিখিব পাৰে, কিনো নতুন চিন্তা কৰিব পাৰে৷ সেইটো মই চাওঁ৷ আৰু মই ভাবো যে সেইখিনি মাত্ৰ নতুনখিনিয়েহে পাৰিব৷ মই নিজে লিখি-মেলি সজায়ো দিছো৷ সেইবিলাকত বহুত সময় যায়৷

সাঅ: তাৰমানে এই যে ’Stereotype’ ভাৱধাৰাটো যে ডাঙৰ বয়সস্থ সকলে হে ভাল লিখিব পাৰে সেই ধাৰাটোৰ পৰা আপুনি আঁতৰি আহিছে৷

দেৱচৌধুৰী: ঠিক তেনেকুৱাই৷ যেনে, অগ্নিভ দত্ত৷ মই তেওঁক স্তম্ভ এটা লিখিবলৈ দিলোঁ৷ তেওঁৰ ফেচবুকৰ পোষ্টবোৰ দেখিয়েই ভাবিলোঁ, তেওঁ ’Out of the box’ চিন্তা কৰিব পাৰে৷ আৰু সাধাৰণতে মই ফেচবুকত ভাল পোষ্টবোৰ চাই লৈ ব্যক্তিগত ভাৱে বাৰ্তা দিওঁ, মন্তব্য নহয়- যে এইটো বিষয়ত তুমি লেখিব পাৰিবা৷ তাৰ মাজতে কোনোবাজনে মাত্ৰ এটা লাইন লিখিছে৷ তাৰ মাজতে কিন্তু নতুন চিন্তা লিখিছে৷ মই ভাবো পিছত যে তাকেই যদি ’বহলাই’ দিয়ে, তাৰ বাবে মই অমুক কিতাপখন পঢ়িবলৈ দিওঁ, এনেকুৱা তথ্য তাৰ লগত সংযোগ কৰিবলৈ, চাইচিতি দিওঁ, তেনেকৈ হয়তো এটা ভাল লেখাৰ সৃষ্টি হয়৷ আজিও কোনোবা এজনক দিছো৷ কোনোবা এটা গোটত৷ আমাৰ সমাজৰ লগত জড়িত কৰি কিবা এটা লিখিবলৈ উৎসাহ দিছোঁ৷ তেনেকৈ নিয়মীয়া বাৰ্তাৰ বহুত লেখক সৃষ্টি হৈছে৷ ফেচবুকটো মোৰ ’Hunting Ground’ৰ নিচিনা- কোনজন ভাল লেখা-মেলা কৰা চকুত পৰে৷ কোনে নতুন কথা লিখিছে আৰু তাত সামাজিক বাৰ্তা এটা যদি আছে৷ যদি তেনেকুৱা কোনোবা চকুত পৰে, মই ব্যক্তিগত বাৰ্তা এটা পঠাই দিওঁ৷ সেয়ে আমাৰ কাকতত, সদায় নতুনক অগ্ৰাধিকাৰ দিওঁ৷ আগৰ পুৰণি যিখিনিক বাদ দিব নোৱাৰো সেইসকলো আছে৷ আনকি সাক্ষাৎকাৰ আদিও ’Off-beat’ ল’বলৈ চেষ্টা কৰোঁ৷ সদায় যিখিনি মানুহৰ লোৱা হয় সেইখিনিক বাদ দি৷ আগতে কেনেকুৱা আছিল অমুকৰ ল’বই লাগিব৷ মই সেইটো এৰাই চলিছো৷ যিমানেই যি নহওক সেইসকলক যিমানেই প্ৰশ্ন নোসোধা তেওঁলোকে নতুন কথা নকয়৷ এনেকুৱা নহয় যে ক’ব নোৱাৰে৷ কিন্তু সমাজত এক চিনাকি ইতিমধ্যে হৈ গৈছে তেওঁলোকৰ৷ কিন্তু মই বিচাৰো যে কোনোবাই যদি সততাৰে নতুন কিবা ভাবিছে তেন্তে সেইখিনি ওলাই আহক৷ তেনেকুৱাকৈ বহুত লিখক মই উলিয়াই লৈ আহিছো৷

সাঅ: একেখিনি উদ্যোগ এতিয়া প্ৰান্তিকেও লৈছে৷ প্ৰদীপ বৰুৱা দেৱে সাহিত্য ডট অৰ্গৰ সাক্ষাৎকাৰত কৈছিল যে – পুৰণিখিনিক আমি ’অনুৰোধ’ নপঠিয়াওঁ৷ কিছুমান ক্ষেত্ৰত ওভোতাই পঠাই দিছোঁ, ভালকৈ লিখক বুলি৷ ’ বহুতো অখ্যাত লেখকৰ পৰা ভাল লেখা প্ৰান্তিকে উলিয়াই আছে৷

দেৱচৌধুৰী: প্ৰান্তিকে এইটো ভাল কাম কৰিছে৷ সেইটো মানিব লাগিব৷

সাঅ: প্ৰান্তিকৰ সেই কথাটো আপোনাৰ ক্ষেত্ৰতো হৈছিল নেকি! কৰবাত আপুনি লিখা যেন মনত পৰে৷

দেৱচৌধুৰী: হয়৷ ’অনুৰাধাৰ দেশ’ উপন্যাসখন প্ৰথমে মই সম্পূৰ্ণকৈ লেখা নাছিলোঁ৷ মই মাত্ৰ এটা ’synopsis’ হে লিখি পঠাইছিলোঁ৷ কাহিনী হিচাপে লিখি পঠিয়াই দিছিলোঁ৷ কৈছিলোঁ যে- এইটো মই ভ্ৰমণ কাহিনী হিচাপে লিখিছো, আপোনালোকে যদি প্ৰকাশ কৰিব বিচাৰে মই সম্পূৰ্ণ কৰিব পাৰো৷ কিন্তু তাৰ পিছতে মোক তেওঁলোকৰ অফিচলৈ মাতি পঠিয়ালে৷ প্ৰদীপ বৰুৱাই ফোন কৰিলে- যে ভবেন্দ্ৰ নাথ শইকীয়াই আপোনাক লগ কৰিব বিচাৰে৷ ’ মই ক’লো- ঠিক আছে৷ মই যাম বাৰু৷ তেতিয়া ভবেন্দ্ৰ নাথ শইকীয়াই ক’লে যে- এইটো ভ্ৰমণ কাহিনী হ’লে যিটো গুৰুত্ব পাব তাতকৈ উপন্যাস হিচাপে বেছি গুৰুত্ত্ব পাব৷ মই যদিও সেইটো ভ্ৰমণ কাহিনী হিচাপে দিছিলোঁ, তাৰ প্ৰথম খণ্ডটো এক গল্পৰ কাহিনীৰ দৰেই দিছিলোঁ৷ story টো বনাই মই তেনেকুৱা ধৰণে আৰম্ভ কৰিছিলোঁ৷ তেওঁলোকে সেইটো বুজি পালে যে ইয়াত উপন্যাস এখন হ’ব পাৰে৷ তেনেকুৱা মানুহ এজনে (ভবেন্দ্ৰ নাথ শইকীয়া) যে মোক মাতি আনি লিখিবলৈ দিছিল, সেয়া মোৰ বাবে বহুত ডাঙৰ কথা৷ কাৰণ তেতিয়া লেখক হিচাপে মোৰ সেই পৰিচয়টো নাছিল৷ প্ৰান্তিকে এতিয়াও সেই কাম কৰি আছে৷ সেই কাৰণে ’প্ৰান্তিক’ৰ ভিন্নতা আছে৷ বহুতো গাঁও-ভূঁইৰ পৰা মানুহেও লিখে তাত৷

মই নিজে কিছুমান বাক্যগাঁথনি আদি সলনি কৰি অলপ আকৰ্ষণীয় কৰি পেলাইছিলোঁ৷ তেনেকৈ দিয়াৰ পাছত প্ৰত্যেকবাৰে ফোন কৰি কয় যে আপুনি এইখিনি সলনি কৰি দিয়াৰ কাৰণে আগতকৈ ভাল লগা হৈছে, এইখিনি যে কাটি দিলে সেইকাৰণে বেছি ভাল লগা হৈছে৷ সেইখিনি কষ্ট মই কৰিব খোজো নতুন লেখকৰ কাৰণে৷

সা.অ: সেইটোতো আপুনি বৰ ডাঙৰ কাম কৰি আছে৷

দেৱচৌধুৰী: সেইটো কৰা বৰ দৰকাৰ বুলিয়েই মই ভাবোঁ৷ সেইটো কাম কৰি মই নতুন লেখকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰোঁ৷ সাহিত্য সৃষ্টিৰ কাৰণে নতুন লেখকক আকৰ্ষণ কৰাটো ডাঙৰ কথা, নহয় জানো?

সা.অ: এতিয়া আমাৰ পুৰণি যিসকল সাহিত্যিক আছিল তেওঁলোক আমাৰ মাজৰ পৰা লাহে লাহে নোহোৱা হৈ যাব ধৰিছে মৃত্যুজনিত কাৰণত৷ ফলত লাহে লাহে যেন এটা ভেকুৱামৰ সৃষ্টি হ’ব ধৰিছে, কেতিয়াবা কেতিয়াবা অনুভৱ হয়৷ ঠিক যেনেকৈ টেণ্ডুলকাৰ নাথাকোঁতে ভেকুৱাম এটা সৃষ্টি হৈছিল৷ এনেকুৱা লাগিছিল খেল কি চাম৷ আমাৰ ব্যক্তিগত মত যে টেণ্ডুলকাৰ নাথাকিলে বা দ্ৰাবিড় নাথাকিলে বা আজিকালি সেহৱাগ নাথাকিলে যেনেকৈ লাগে খেল কি চাম আৰু, নায়েই দেখোন একো তেনেকুৱা লাগে৷ আচলতে নতুনবোৰ আহিলেহে নতুনত্ব আহিব৷

দেৱচৌধুৰী: নতুনসকলৰ আচলতে কি হৈছে, নতুনসকলৰ যিটো এক্সপোজাৰ, আচলতে জীৱনৰ ফিজিকেল বহুত সলনি হৈ গৈছে৷ মেণ্টেলখিনি মই নাই কোৱা৷ ফিজিকেল এক্সপোজাৰবোৰ সলনি হৈছে, যেনে টেকন’লজীৰ কথাটোৱে কোৱা, আগতেতো সেইবোৰ নাছিল৷ আগৰ লিখকসকলে এই ফিজিকেল সলনিবোৰে নতুন লিখকজনৰ মনত কেনেকৈ প্ৰভাৱ পেলাইছে, তেওঁলোকৰ তাত প্ৰতিক্ৰিয়া কি সেইটো তেওঁলোকে বিচাৰ কৰিব নোৱাৰে৷ কাৰণ সেইখিনি অভিজ্ঞতা তেওঁলোকৰ হোৱাই নাই৷ কিন্তু নতুন লেখকখিনিৰ হৈছে৷ গতিকে নতুনখিনিৰ পৰা আমি নতুন, মৌলিক চিন্তা এটা পাব পাৰো৷ নতুন প্ৰতিক্ৰিয়া এটা পাব পাৰো৷ নহয় জানো? এইবোৰ বৰ দৰকাৰী কথা, সাহিত্যলৈ এইবোৰ বস্তু আনিব লাগে৷ এটা সময়ত অসমীয়া সাহিত্য মানুহে পঢ়িব নোৱাৰা হৈছিল কাৰণ সাহিত্যৰ লগত মানুহবিলাকৰ বাস্তৱ জীৱনৰ কোনো মিল নাই৷ এনেকুৱা হৈছিল যে বাস্তব জীৱনটোৰ বহুতো পৰিবৰ্তন হৈছে কিন্তু সেই পৰিৱৰ্তন সাহিত্যিকে সাহিত্যত আনিব পৰা নাই৷ এইকাৰণে আনিব পৰা নাই যে সাহিত্যিকৰ এই এক্সপোজাৰটো নাই৷ তেওঁলোকে শৈশৱকালত বেলেগ এখন পৃথিৱীত আছিলে, গল্প উপন্যাস সেই সময়ৰ পঢ়িছিল, আজিৰ পটভূমিত লিখা গল্প উপন্যাস পঢ়া নাই৷ গতিকে তেওঁলোকে সেইখিনি ভাবধাৰাতে লিখি আছে৷ সেয়ে পঢ়ুৱৈয়ে গ্ৰহণ নকৰা হৈছে৷ কিন্তু নতুন লিখকৰ সেইটো আছে৷ তেওঁলোকৰ পৃথিবীখন আমি দেখা পৃথিৱীখনতকৈ বহু বেলেগ৷ সেইখন পৃথিবীৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ আমি যাব নোৱাৰো এতিয়া৷ কিন্তু তেওঁলোকৰ সেই অভিজ্ঞতা আছে, সেইখিনি তেওঁলোকে সাহিত্যত আনিব লাগিব৷ তেওঁলোক একপ্ৰকাৰৰ মাধ্যম হ’ব পাৰে তাৰ কাৰণে৷ গতিকে কথাবোৰৰ বহুকেইটা মাত্ৰা আছে৷ আমি গুৰুত্ব দিব লাগে৷ এটা হৈছে ব্যক্তি হিচাপে আমি তেওঁক উলিয়াই আনিছো৷ দ্বিতীয়তে সমাজৰ সাহিত্যৰ যিটো ধাৰা সেইটো বেছি বাস্তবমুখী কৰিছো৷ সময় সাপেক্ষ কৰিছোঁ, পৰিবৰ্তন কৰিছো৷

সা.অ: এইটোতো সময়ে সময়ে সলনি হৈয়ে আহিছে৷

দেৱচৌধুৰী: হয়৷

সা.অ: যেনে যুগ একোটা৷ এটা সময়ত যেনে ধৰক মাধৱ কন্দলীৰ দিনত যিবোৰ কবিতা লিখা হৈছিল

দেৱচৌধুৰী: লাহে লাহে সেই এপীল (appeal) নাথাকিব নহয়

সা: অ: সেইবোৰৰ ধাৰা সলনি হ’ল৷ তাৰ পাছত উত্তৰ আধুনিক কবিতা আহিল৷ তেনেকৈ চিত্ৰশিল্পৰ ক্ষেত্ৰটো বহুকেইটা যুগ সলনি হৈছে৷ এইটো লেখাৰ লগতো সলনি হৈয়ে থাকিব৷ এইটো সময়ৰ আহ্বান৷

দেৱচৌধুৰী: আনকি টিভিত অলপতে এটা বিতৰ্কৰ বিষয়ে দিছিলে৷ বাহিৰৰ ক’ৰবাত শেক্সপীয়েৰ কথা গুচাই হেৰী প’টাৰৰ বিষয়ে সুমুৱাই দিছে পাঠ্যপুথিত৷ সেইটো লৈ বিতৰ্ক এটা হৈছিল৷ শেক্সপীয়েৰৰ যিখন পৃথিৱী আছিল, ভাৱধাৰা আছিল সেইটোৰ এটা সাৰ্বজনীন সাহিত্যিক মূল্য আছে৷ কিন্তু সেইখনেই পৃথিৱী হৈ থকা নাই৷ আজিৰ ল’ৰা-ছোৱালীৰ কাৰণে সেইখনেই পৃথিৱী নহয়৷ আজিৰ পৃথিৱীখন বেলেগ৷ এইকথাখিনি আমি পাঠ্যপুথিত আনিবই লাগিব৷ আগৰ সেই লেখকসকলোৰ লেখাবোৰেই আমি পাঠ্যপুথিত আনি থাকিম, সেইটো হ’ব নোৱাৰে৷ নহলে পঢ়ুৱৈৰ লগত এইবিষয়টোৰ সংযোগ নোহোৱা হৈ যাব৷

সা.অ: হয় স্থিতাৱস্থা এটা আহি পৰে

দেৱচৌধুৰী: হয়৷ শেক্সপীয়েৰৰ নিচিনা ডাঙৰ ডাঙৰ লেখক আছে, তেনেকুৱা ধৰণৰ হৈ যাব, থাপনাত থব লগা বস্তু৷

সা: অ: আজিৰ পৰা কেইবাহাজাৰ বছৰৰ আগতে যিবোৰ মহাকাব্যৰ সৃষ্টি হ’ল সেই মহাকাব্য আৰু সৃষ্টি হ’বই নোৱাৰে তেনেকুৱা ধৰণৰ হৈ যাব কথাটো৷

দেৱচৌধুৰী: হয় তেনেকুৱা ধৰণৰ কথা হৈ যাব৷

সা: অ: এতিয়া চাৰ, এই যে আমি কথাখিনি পাতিলোঁ নতুন লেখক আৰু তেওঁলোকৰ সৃষ্টিৰ কথাটো, নতুন লেখকৰ আগ্ৰহ বঢ়াবলৈ আপুনি চেষ্টা কৰিছে বা বঢ়াবলৈ চেষ্টা কৰাটো উচিত৷ কথাটো হ’ল অসমত আলোচনীয়ে হওক বা বাতৰি কাকতেই হওক এটা সময়ত খুউব কম আছিলে৷ এটা লেখা পঠাবলৈ পোষ্ট কৰি পঠাব লাগিছিল,

দেৱচৌধুৰী: : আজিকালি প্ৰকাশ কৰিবলৈ ভাল হৈছে৷

সা: অ: হয়৷ আজিকালি প্ৰকাশ কৰিবলৈ ভাল হৈছে৷ যোগাযোগৰ মাধ্যম উন্নত হৈছে৷ আগৰ দৰে লেখা এটা পোষ্ট কৰি পোৱালৈ ৰৈ থাকিব নালাগে৷ তাৰ লগতে আপুনি চাগৈ এইটোও মন কৰিছে যে চ’চিয়েল মিডিয়া আদিত বহুতো নতুন ল’ৰা-ছোৱালীয়ে লিখিবলৈ আৰম্ভ কৰিছে৷ আনকি কিছুমান মই এনেকুৱা পাইছো যে তেওঁলোকৰ বয়স হৈছে৷ আগতে তেওঁলোকে আগতে লিখা নাছিলে বা লিখিবলৈ সাহস কৰা নাছিল৷ এতিয়া চ’চিয়েল মিডিয়াৰ এই সুবিধাটো পাই নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰিছে৷ নিজৰ অনুভৱেই হওক, কবিতা আদিয়ে হওক লিখিছে, বা মনৰ ভাৱ প্ৰকাশ কৰিছে৷ এইটো এটা যুগ বুলি আমি আজিয়েই ক’ব নোৱাৰিম৷ প্ৰি চচিয়েল মিডিয়া বা প’ষ্ট চচিয়েল মিডিয়াৰ মাজত ভাগ কৰিব বিচাৰো আপুনি কেনেধৰণৰ দৃষ্টিভংগী ল’ব? এতিয়া আমাৰ লগৰে বহুতে আগতে লিখা নাছিল কিন্তু নিজৰ ফেচবুক ৱালতে হওক বা কোনোবা গ্ৰুপতে হওক বা নিজৰ ব্লগতে হওক লিখিছে৷ তেনেকুৱা বহুত উদাহৰণ আছে৷ এতিয়া আমাৰ অসমীয়া কথা বতৰা গ্ৰুপটোৰ কথাকে চাওক, তাত লিখা মেলা কৰি কিতাপো প্ৰকাশ কৰিছে৷
দেৱচৌধুৰী: এখন কিতাপ যে খুউব জনপ্ৰিয় হৈছিল,

সা: অ: বেলি আৰু ফুলৰ দেশত? দেৱাংগহঁতৰ কিতাপখন নেকি?

দেৱচৌধুৰী: দেৱাংগহঁতেতো এইবছৰ উলিয়ালে৷ তাৰ আগৰ বছৰ উলিওৱা কিতাপখনৰ কথা কৈছোঁ৷ ফেচবুকৰ কিতাপখন যে প্ৰতিভূ দত্তৰ ভূভাৰস্ত৷ প্ৰতিভূ দত্তইটো ফেচবুকতে লিখিবলৈ আৰম্ভ কৰিছিলে৷ পাছত কোনোবাই কওঁতে কিতাপ আকাৰে উলিয়ালে৷

সা: অ: এইবাৰ অমিতাভ মহন্তয়ো সঞ্জীৱন প্ৰকাশনৰ পৰা এখন উলিয়াইছে৷ সঞ্জীৱন প্ৰকাশনে কেইবাখনো কিতাপ উলিয়াইছে৷

দেৱচৌধুৰী: অ’, তেওঁলোকে তিনিখন কৰিছে৷ জ্যোতিৰূপমৰো আছে তাত৷ সেই ধাৰাটো আহিছে৷ সেইটো ভাল লক্ষণ বুলিয়েই ভাবোঁ৷ মানুহৰ প্ৰতিভা বিকাশৰ বিকল্প ব্যৱস্থা এটা বাঢ়িল৷ প্ৰকৃততে আমি বুধবাৰে বুধবাৰে এটা শিতান আৰম্ভ কৰিছিলোঁ৷ অৰ্ধপৃষ্ঠা আমি ৰাখিছিলোঁ কেৱল ফেচবুকৰ ল

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
J devi
1 year ago

অনুৰাধাৰ দেশ ৰ সৃষ্টিৰ আঁৰৰ কাহিনী ভাল লাগিল। জীৱনক জানিবলৈ, জীৱনক জুখিবলৈ, মানৱ চৰিত্ৰৰ ৰহস্যময় তাক বুজিবলৈ সহায় কৰে উপন্যাস খনে।

কৃষ্ণালীনা কুৱঁলি
1 year ago

ইমানখিনি কথা জানিবলৈ পাই,এগৰাকী দুৰ্দান্ত সাহিত্য আৰু সাহিত্যিক প্ৰেমী মই গৰাকী খুবেই আনন্দিত,
বিশিষ্ট সাহিত্যিক দুগৰাকী ৰ দীৰ্ঘায়ু কামনা কৰি,পুনৰ এনে সাক্ষাৎকাৰ বিচাৰিলো,,
দিনবোৰ যাতে শুভ হয় আপোনাৰ সমগ্ৰ দেশবাসীৰ তাৰেই কামনা কৰিলো,,,
ধন্যবাদ।।