প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ

প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ::

সা: ড: অ: চাৰ নমস্কাৰ৷ ই আলোচনী সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আপোনাৰ লগত আমি প্ৰান্তিক সম্পৰ্কে কিছু কথা পাতিম৷ আপোনাক অভিনন্দন৷

প্ৰ: ব: নমস্কাৰ৷

সা: ড: অ: প্ৰথমেই কওকচোন আপুনি কেতিয়া কেনেকৈ প্ৰান্তিকৰ লগত জড়িত হৈ পৰিল৷

প্ৰ: ব: জড়িত মানে আচলতে মই ইয়াৰ আগতে এটা বেলেগ বাতৰি পৰিচালনা গোষ্ঠী আচাম ট্ৰিবিউনৰ লগত জড়িত আছিলো৷ তেতিয়াৰ পৰাই মই এটা অনুভৱ কৰি আছিলো যে অসমীয়া আলোচনী এখনৰ প্ৰয়োজন খুব আছে৷ মই মানুহটো অকণমান গোঁৱাৰ৷ মই সেইকাৰণে বহুতৰ লগত মিলি কাম কৰাতো সম্ভৱপৰ নহয়৷ মই নিজে যি বিচাৰো, নিজে যি ভাবো, সেইধৰণে কাম কৰিব বিচাৰো৷ সেইকাৰণে মই তাৰ পৰা ওলাই আহিলো৷ তাৰপিছত মই ৮০ চনৰ পৰা এই চিন্তাটো আৰম্ভ কৰিলো৷ তেতিয়া ভৱেন শইকীয়া চাৰ বিশ্ববিদ্যালয়ত আছিলে৷ তেখেতৰ লগত মোৰ আগৰ পৰা এটা ঘনিষ্ঠতা আছিল৷ তেখেতৰ নাটকত মই অভিনয় কৰিছো আৰু তেখেত যেতিয়া অসমীয়া পাঠ্যপুথিৰ সচিব আছিলে তেতিয়া মই ছপাশালৰ মালিক আছিলো৷ তেখেতৰ লগত মই কিতাপ ছপা কৰিছিলো৷ এনেকে এটা সম্পৰ্ক হৈছিল৷ ইতিমধ্যে মোৰ পৰিবাৰে তেওঁৰ প্ৰথম চিনেমা সন্ধ্যাৰাগত অভিনয় কৰিছিলে৷ এনেকৈয়ে তেখেতৰ পৰিয়ালটো আৰু আমাৰ পৰিয়ালটো খুব সাংঘাতিক ঘনিষ্ঠ হৈ পৰিছিলো৷ তেখেতৰ সৰু ছোৱালীজনীৰ নাম দিওঁতেও মোৰ ছোৱালী এজনীৰ নামটোহে দিছে৷ বোলে এই মোৰ ৰশ্মি হওক৷ এজনী ডাঙৰ ৰশ্মি আৰু এজনী সৰু ৰশ্মি৷ এই ঘনিষ্ঠতাৰ মাজত মই তেতিয়া তেখেতৰ লগত এই কথাটো আলোচনা কৰিছিলো৷ যে “মই এখন আলোচনী উলিয়াম, আপুনি কিন্তু মোক সহায় কৰিব লাগিব৷ ”তেওঁ ক’লে হ’ব৷ ইতিমধ্যে তেখেতে নীলাচলত শেষ পৃষ্ঠা বুলি এটা শিতান লেখি আছিলে৷ কিন্তু ইতিমধ্যে নীলাচল বন্ধ হৈ গ’ল৷ “হ’ব মই শেষ পৃষ্ঠাটো আকৌ চলাম৷” তেতিয়া মই আলোচনীখন উলিওৱাৰ সিদ্ধান্ত ল’লো আৰু তেখেতে মোক সহায় কৰিব৷ ইতিমধ্যে ৰেলৱে পাব্লিক চাৰ্ভিচ কমিচনৰ চেয়াৰমেন হিচাপে জনতা চৰকাৰে তেখেতক নিযুক্তি দিলে৷ তাৰ পাছতে জনতা চৰকাৰ যেতিয়া পতন হ’ল, কংগ্ৰেছ চৰকাৰ আহিল, লগেলগে তেখেতক তাৰ পৰা অব্যাহতি দিলে৷ হঠাতে৷ মানুহজনৰ সাংঘাতিক এটা দুৰ্যোগ হৈ গ’ল৷ কাৰণ তেখেতে বিশ্ববিদ্যালয়ৰ চাকৰি এৰি আহিছে৷ ইয়াত তেওঁলোকৰ ছবছৰৰ ম্যাদ আছিলে৷ তেওঁ ভাবিছি ছবছৰৰ ভিতৰত এইখিনি এইখিনি কাম কৰিম, এডোখৰ মাটিও লৈ থৈছিলে ঘৰ সাজিম বুলি৷ এতিয়া তেখেতৰ নিচিনা মানুহ এজন হঠাতে নিবনুৱা হৈ পৰিল৷ যেতিয়া মই তেওঁক অব্যাহতি দিয়াৰ বাতৰিটো শুনিলো, এইটোতো আচৰিত ঘটনা৷ মই বোলো “চাৰ আপোনাৰ লগত মই আলোচনীৰ কথা পাতি আছিলো, আপুনি সহায় কৰিম বুলি কৈছিল, আপুনি আলোচনীখনৰ একেবাৰে গুৰিয়াল হওক৷ কাৰণ আপোনাৰ নিচিনা মানুহ এজনে যদি গুৰি ধৰে, তেতিয়াহ’লে, মোৰ যিখিনি সপোন সেইখিনি পূৰ্ণ কৰিবলৈ সহায় হ’ব৷’’ আৰু তেখেতৰ নিচিনা মানুহ এজনক আমি ব্যৱহাৰ কৰাহে কথা৷ তেখেত ৰাজী হ’ল৷ তাৰ পাছত আমি ন’ৰলোৱেই৷ সেইখিনি আছিল অক্টোবৰ-নবেম্বৰ মানৰ কথা, ডিচেম্বৰ মানত আমি উলিয়াই দিলো৷ আলোচনী খনৰ চৰিত্ৰটো সম্পৰ্কে কিন্তু মোৰ নিজৰ এটা ধাৰণা আছিল৷ সেইটোত তেখেত সন্মতো হৈছিল৷ আমি সেই ধৰণে কাম আৰম্ভ কৰিলো, সামৰ্থ বেছি নাছিলে, নিজা প্ৰেছো নাই৷ সৰু এটা কোঠালিতেই বহি আমি সকলোৱে সমুদ্ৰগুপ্ত কাশ্যপ, মানবেন্দ্ৰ বৰুৱা, দীপক বেজবৰুৱা এইবিলাক চব কলেজৰ পৰা ওলাইছেহে, পৰীক্ষা দিছে, তেওঁলোকেই মোৰ সাৰথি৷ আৰু চাৰ আছেই৷ আমি যে আৰম্ভ কৰিলো, আমি দেখিলো অতি কম সময়ৰ ভিতৰতেই মানে আমাৰ দহ নম্বৰৰ সংখ্যা যেতিয়া হৈছিলে তেতিয়া ডিফু সাহিত্য সভা হৈছিল, আমি তাত ষ্টল লৈছিলো৷ সেইবাৰ আন্দোলনৰ সময়তো, সেই সাহিত্য সভাত চৰকাৰৰ কোনো সহযোগ নাছিলে৷ মানুহৰ ডিফু সাহিত্য সভাৰ প্ৰতি সঁহাৰি ইমান ভাল আছিলে, আমি তাতে এটা খুব ডাঙৰ ষ্টল দিলো, অজান বৰুৱাই তেতিয়া কাৰ্টুন আৰম্ভ কৰিছিল, তেওঁ অন ডি স্পট কাৰ্টুন আঁকে, ভূপেন দা, বীৰেন ভট্টাচাৰ্য, সেই পাটনায়ক চীফগেষ্ট আছিলে এই সকলোৱে, যদি কিবা অনুষ্ঠান থাকে বেলেগ কথা, গোটেইসোপা আমাৰ ষ্টলখনতে আদ্দা হয়৷ আদ্দা হ’লে মানুহৰ ভিৰ৷ ইফালে অজান বৰুৱাই অন ডি স্পট কাৰ্টুন আঁকি আছে৷ তেতিয়া আমাৰ পাঁচমাহ হৈছিলে৷ এনেকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মানুহৰ লগত আমাৰ এটা সম্পৰ্ক হ’ল৷ তাৰ আগতে আমাৰ আলোচনীখনৰ বিতৰণৰ বাবে আমি এটা বেলেগ ব্যৱস্থা কৰিছিলো৷ আলোচনীখনৰ বিষয়বস্তুটো সকলোৱে দেখিছে, কোনেও অসমত নকৰা ব্যৱস্থা এটা কৰিলো৷ কাৰণ ইনেই এটা মানুহৰ বিশ্বাস আছিলে, বেজবৰুৱাইও লেখিছে যে আলোচনীৰ মৃত্যু হোৱাৰ কাৰণটো হ’ল বিক্ৰেতাসকল৷ এজেণ্ট সকলে পইছা নিদিয়ে, এনেকুৱা ধৰণৰ৷ আমি উলিয়াও, শেষত লোকচান কৰি আলোচনীখন বন্ধ হৈ যায়৷ অসমত যিমান আলোচনীৰ মৃত্যু হৈছে, সেই গোটেইখিনি থকা হ’লেটো আজি কথাই নাছিল৷ অৱশ্যে ইমান আলোচনীৰ প্ৰয়োজনো নাই৷ বৰ বেছি হ’লেই যে ভাল হ’ব সেইটো নহয়৷

সা: ড: অ: মানে বন্ধ হৈ আছে খুলি আছে ঠিক তেনেকুৱা হৈ আছে৷

প্ৰ: ব: হয় হয়৷ এই চেষ্টাটো চবেই কৰি আছে৷ গতিকে মোৰখনো বন্ধ হৈ যাব নেকি, সেই ভয়টো মোৰ সদায় আছে৷ সেইকাৰণে মই সদায় এনেকুৱা এটা ব্যৱস্থা লৈ আছো, যে মোৰ আলোচনীখন চলিবই লাগিব৷ আৰু তেতিয়া প্ৰান্তিকৰ বাহিৰে মোৰ আৰু চাৰৰ কোনো উপাৰ্জনৰ পথ নাই৷ গতিকে মই চাৰক ক’লো যে আপোনাৰো সৰু পৰিয়াল, মোৰো সৰু পৰিয়াল, আমি যেনেকৈ নহওক, এইখন থিয় কৰামেই৷ সেইকাৰণে আমি এই ডিফুলৈ যিমান মানুহ আহিলে তাৰ মাজৰ পৰা বিভিন্ন অঞ্চলৰ কাৰণে আমি বিক্ৰেতা বাছি ল’লো৷ বিক্ৰেতা বাচোতে আমি মূল চহৰত এজন এজন আমি মুখ্য পৰিবেশক পাতিলো৷ কাৰণ আমাৰ সৰু প্ৰতিষ্ঠান৷ প্ৰত্যেক এজেণ্টৰ লগত যোগাযোগ কৰিবলৈ আমাৰটো কৰ্মচাৰীয়েই নাই৷ আমি গোটেই বস্তুটোৱেই আৰম্ভ কৰিছিলো পাঁচজন মানুহে৷ মই, মোৰ পৰিবাৰ আৰু তিনিজন আছিল৷ আমাৰ হেণ্ডকম্প’জিটৰ আছিলে৷ তেতিয়াটো ডিটিপি নাছিলে৷ ফটোকম্প’জো নাই৷ মনোকম্প’জ বা সেইবিলাক কিনাৰ কথাটো আমি ভাবিবই নোৱাৰো৷ আঠজন হেণ্ডকম্প’জিটৰ লৈ ইয়াতে হেণ্ডকম্প’জ কৰো৷ আমাৰ অফিছটো তেতিয়া সেই ট্ৰিবিউনৰ কাষতে সৰু ঘৰ এটা আছিলে৷ কিন্তু যদিও আমি হেণ্ডক’ম্পজ কৰিছিলো, ছপা কৰিছিলো কিন্তু অফছেটত৷ আমাৰ তেতিয়া ফটোকম্প’জো নাছিলে আৰু ডিটিপিটো ভাৰততে আৰম্ভ হোৱাই নাই৷ তাৰে কোষ আনি আকৌ অফছেটলৈ ট্ৰান্সফাৰ কৰিছিলো৷ মানে অফছেটত ছপাহোৱা আলোচনী হিচাপেও আমি প্ৰথম৷ এই যে বিতৰণ ব্যৱস্থাটো কৰি ল’লো, আৰু আমি তেনেকে কোনো বিশেষ বিশিষ্ট লেখক বুলি কাকো এটা নিৰ্ধাৰণ কৰি লোৱা নাছিলো৷ দুই এটা শিতান আমি কেইজন মানৰ হাতত ৰাখিছিলো যদিও যিসকল লেখক লেখিকা আহিলে, স্বতঃস্ফূৰ্তভাবে আহিল৷ ডিফুতেই যে আমি এটা জোকাৰণি দিব পাৰিলো, ডিফু সাহিত্য সভাৰ কাৰণে আমি তেতিয়া দহহাজাৰ ছপা কৰিছিলো৷ পাঁচমাহৰ ভিতৰত৷ তেতিয়া দহহাজাৰৰ ভিতৰত এতিয়া বাৰ কি পোন্ধৰ কপিহে আছেগৈ৷ সম্পূৰ্ণ আমি তেতিয়াই বিক্ৰী কৰিছিলো৷ দহহাজাৰ কপি, তেতিয়াই৷ ৮১ চনত৷ সেইটোৱে আমাক বহু ডাঙৰ শক্তি দিলে৷ আমিকেইজনৰ খৰচৰ পৰা আৰম্ভ কৰি, আৰু আমি আৰম্ভণিৰ পৰা লেখক লেখিকাক মাননি দিছো৷ মাননি নিদিয়াকে আমি থকা নাই৷ মাননি দিয়াৰো কাহিনী আছে৷ সেইসময়ত ৰীতা চৌধুৰী, তেতিয়া কিশোৰী আৰু৷ যুবক যুৱতীৰ কিবা এটা শিতানৰ বাবে তেওঁৰ বক্তব্য এটা আনিলো অকণমান৷ দহবাৰটামান বাক্য৷ তাৰপাছত প্ৰকাশহোৱাৰ পাছত ৰীতা চৌধুৰীক আমি টকা দহটা মাননি দিলো৷ ৰীতাইটো ক’লে এইটো মোক কিয় দিছে৷ মইটো একো লিখা নাই৷ তেতিয়া মই ক’লো তোমাৰ কথাখিনিটো আমি প্ৰকাশ কৰিলো৷ মানে তেনেকুৱা অৱস্থাটো আমি মাননি দিছিলো৷ তাই নাই আকোৰগোঁজ৷ কেতিয়াও নলয় টকা৷ “আপুনি নতুনকৈ আলোচনী আৰম্ভ কৰিছে, আৰু মই মাননি পাবলগীয়া হোৱাই নাই” মানে মই এটা উদাহৰণহে দিছো যে প্ৰথমৰ পৰাই আমি মাননি দিওঁ আৰু লেখক লেখিকাক আমি মাননিটো সসন্মানে দিওঁ৷ কোনেও মোৰ লেখা এটা ওলাইছিল মোক পইছা দিব নেকি বুলি ভাবিব নালাগে, বহুসময়ত সংখ্যাটো ডাকযোগে তেখেতে পোৱাৰ আগতেই ই মানী অৰ্ডাৰৰ জৰিয়তে পইছা পাই যায়৷ সেই সন্মানটো আমি লেখক লেখিকাক দিওঁ৷ সেই সন্মানটো দিয়াৰ কাৰণেই যি সকল আহিলে তেওঁলোকৰ আমাৰ প্ৰতি ধাউতিটোও বাঢ়িলে, বিশ্বাসটোও বাঢ়িলে৷ দ্বিতীয়তে মই আগতেও কৈছো আমি কোনো বিশিষ্ট লেখক লেখিকা নিৰ্ধাৰিত কৰি লোৱা নাছিলো, কাৰণ আমাৰ হাতত ভৱেন শইকীয়া আছেই৷ মানে কৌৰৱৰ হাতত যিমানেই নাথাকক, পাণ্ডৱৰ হৈ কৃষ্ণই যথেষ্ট৷ সেইকাৰণে মই ব্যৱসায়ী মানুহ গতিকে মই বহুতক লৈ, তাৰপাছত তেওঁলোকৰ মাজতে খকা খুন্দা লাগি থকাতকে, কাৰণ বহুত বেছি মানুহ থাকিলেও বেয়া হয় যে৷ এতিয়া চাৰ আৰু মোৰ মাজত যি সিদ্ধান্ত হয়, সেয়াই সিদ্ধান্ত৷ লগতে চাৰ আৰু মোৰ মাজত বুজাবুজিটো খুব ভাল আছিলে৷ বহুত কথা শিকিলো৷ তেখেতে মোক মানুহ কৰি থৈ গ’ল সঁচা কথা ক’বলে গ’লে৷ এইযে পাৰস্পৰিক সম্পৰ্কটো, এইটো আমাৰ এটা ডাঙৰ শক্তি৷ সেয়ে কোনেও লবী চবী এইবিলাক কথাও ক’ব নোৱাৰে৷ কিন্তু সম্পাদক ময়েই থাকিলো৷ মুখ্য সম্পাদকহে তেওঁ আছিল৷ দুটা কাৰণত৷ প্ৰথম কথা হৈছে কি চাৰ তেতিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ’বলে যোৱাৰ সম্ভাৱনা আছিলে৷ আৰু চাৰ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ সম্ভাৱনা আছিলে৷ এই দুটা আসন মানে তেখেতৰ কাৰণে ৰৈ থকাৰ নিচিনা আছিল৷ এতিয়া তেখেত ইয়াত সম্পাদক হৈ থাকিলে আকৌ তালে যাব নোৱাৰে৷ গতিকে সম্পাদকৰ যিখিনি আইনগত দায়বদ্ধতা থাকে, চাৰক সেইখিনিৰ পৰা মুক্ত কৰি দিলো৷ আমাৰ বিৰুদ্ধে কেচো হৈছিলে পংকা হত্যাকাণ্ডক লৈ, সেইখিনি মোৰ নামত আহিছে, চাৰৰ নামত নহয়৷ তেনেকুৱা কিছুমান জঞ্জালৰ পৰা চাৰক আঁতৰাই দিলো৷ কিন্তু তেখেতে সাংঘাতিক ধৰণে ইয়াত জড়িত হৈ মোক সহায় কৰিলে৷ এটা বাক্য ক’তো কেতিয়াও ছপা হোৱা হোৱা নাই যিটো তেখেতে এবাৰ চাই দিয়া নাই৷ মই কিবা এটা লিখিলেও চাৰক নেদেখুৱাকে কেতিয়াও নিদিও৷ এই বস্তুটো সম্পূৰ্ণ তেখেতৰ স্পৰ্শ, তেখেতৰ দৃষ্টি থাকি গ’ল৷ এটা কথা ঠিক আলোচনী হিচাপে চাৰে প্ৰান্তিকক উন্নত কৰিলে, কিন্তু প্ৰান্তিকৰ চৰিত্ৰটো চাৰে গঢ়া নাই৷

সা: ড: অ: এইটো আপুনি আগতেই ঠিক কৰি থৈছিলে

প্ৰ: ব: হয়৷ কিন্তু উন্নত বহুত কৰিলে৷ বহুত উচ্চ পৰ্যায়লৈ লৈ গ’ল, যিটো মই অকলে কেতিয়াও নোৱাৰিলোহেঁতেন৷ সেইকাৰণে আজিৰ প্ৰান্তিকৰ অস্তিত্বটো চাৰক বাদ দি প্ৰশ্নই নুঠে৷ আৰু তেওঁ কেনেকুৱা পৰ্যায়ৰ মানুহ সকলোৱে জানে৷ ভাষা সাহিত্যৰ প্ৰতি কিমান সজাগ৷ সেইকাৰণে ভাষাৰ প্ৰতি, বানানৰ প্ৰতি আমি যথেষ্ট সজাগ৷ আৰু গুৱাহাটী ইউনিভাৰচিটিৰ পাঠ্যপুথিৰ সচিব থাকোতে তেওঁ যিখিনি কাম কৰিছিল, তেতিয়া ইংৰাজী আৰু বিজ্ঞানৰ শব্দবোৰৰ বাবে অসমীয়া প্ৰতিশব্দৰ যিখিনি ট্ৰান্সলিটাৰেচন বুলি কয়, এখন গাইড লাইন লিখিছিলেই, সেইখন আমাৰ হাতত থাকি গ’ল৷ আৰু আমি সেইখনকে ল’লো৷ কাৰন বিশ্ববিদ্যালয়ৰ বিভিন্ন পণ্ডিত সকলে কৰি দিয়া বস্তু৷ আমাৰ ভাষা শুদ্ধিৰ গুৰিতেই হ’ল ভবেন শইকীয়া চাৰ৷ আৰু তেখেতৰ হ’ল কি, তেখেত আগৰ গল্পকাৰ, ফিজিক্স ডিপাৰ্টমেণ্টত পঢ়াইছিল৷ এই ভাষা শুদ্ধতাৰ কথাটোত তেখেত কেতিয়াও জড়িত নাছিল৷ কিন্তু প্ৰান্তিকৰ সতে জড়িত হোৱাৰ আগতে তেওঁ ভাষাৰ শুদ্ধতাৰ বিষয়ে, প্ৰতিশব্দৰ বিষয়ে এটা ডাঙৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে৷ তেখেতৰ সেই অভিজ্ঞতাটোও আমাৰ কামত আহিলে৷ গতিকে ভাষাৰ শুদ্ধতাটোৰ ক্ষেত্ৰত আমি এটা অগ্ৰণী ভূমিকা পালন কৰিলো৷ মোৰ সীমাবদ্ধতা আছে৷ মই সেই বিষয়ত কিবা অৰিহণা যোগাইছো বুলি কেতিয়াও দাবী নকৰো, কিন্তু চাৰ থকাৰ কাৰণে আমি এটা বেলেগ পৰ্যায় পায় গ’লো, যিটো আন কাৰো নাই৷ এইটোক লৈ আমি এতিয়া গৌৰৱ কৰিব পাৰো৷ মানুহে কয় শুদ্ধ ভাষা শিকিবৰ বাবে প্ৰান্তিক পঢ়িব লাগে৷ সেই বস্তুটো শইকীয়া চাৰে কৰি থৈ গ’ল৷ ইতিমধ্যে আমি আগৰ অসমীয়া আলোচনীয়ে নকৰা কাম বহুত কৰিলো৷ আগৰ আলোচনী বুলিলে আমাৰ এটা নিৰ্দিষ্ট ধাৰণা আছিলে৷ আৱাহন বা ৰামধেনু যিটো ৰূপত পাইছিলো, মই ৰামধেনু আবাহনতকৈ বেছি আগুৱাই গুচি গ’লো অৰুণোদয়ৰ যুগলৈ৷ অৰুণোদয় যেতিয়া পঢ়ি চালো, অৰুণোদয়ত নাই কি? তাতটো শিৱৰাত্ৰিৰ পৰা আৰম্ভ কৰি যীশুখ্ৰীষ্টৰ জন্মলৈকে থাকে৷ আৰু অসুখ অশান্তি, বিভিন্ন খবৰ বাতৰি এইবোৰো তেওঁলোকে তেতিয়াৰ দিনতে, বিশ্ব ব্ৰহ্মাণ্ডক আনি অসমীয়া মানুহৰ আগত মেলি দিছিলেহি৷ অৰুণোদয়ে সেই সীমিত ব্যৱস্থাৰ মাজতে সেইখিনি কৰিছিল৷ আমাক সেইধৰণৰ বস্তু লাগে৷ বিভিন্ন বিষয়ৰ আলোচনা হোৱা এখন আলোচনী লাগে৷ সেইকাৰণে মই সেইকথাটোত খুব জোৰ দিছিলো৷ কাৰণ ইয়াৰ আগতে অসমীয়া আলোচনী ৰামধেনু আৰু আবাহন বন্ধ হৈছে৷ স্কুলৰ দিনত ৰামধেনু পঢ়িছিলো৷ কিন্তু তাত হৈছিল কি, সেই অসমীয়া ভাষা, কবিতা, প্ৰবন্ধ, গল্প, উপন্যাস আদি সাহিত্য বিষয় বিলাকতে সীমিত আছিল৷ সাহিত্যৰ অন্য দিশোটো আছে৷ আজি ভ্ৰমণটোও এটা সাহিত্য, স্বাস্থ্য বিষয়ৰ আলোচনাও সাহিত্য, বিজ্ঞানো সাহিত্য৷ সেইকাৰণে আমি পৰিসৰটো বঢ়াই দিছিলো৷ দিয়াৰ কাৰণে জনপ্ৰিয়ও আমি হ’লো৷ এইযে এবাৰ জনপ্ৰিয় হ’লো, সকলোৰে লেখা আমি আহ্বান কৰিলো, আমি ল’লো, যি কেতিয়াও ভবা নাছিলে যে মই লেখামেলা কৰিম, তেনেকুৱা মানুহেও লিখিছে৷ আৰু আমি যেতিয়া সেইটো গুৰুত্ব সহকাৰে পঢ়ি প্ৰকাশ কৰিলো, তেতিয়া তেওঁ নিজে স্বীকৃতি পালে৷ তেনেকুৱাকে বহুত নতুন লেখক লেখিকা আহিল, আমি তেওঁলোকক উলিওৱা নাই৷ তেওঁলোকে এটা সুবিধা পালে য’ত নিজকে প্ৰকাশ কৰিবলৈ কোনো সংকোচ নাই৷ কাৰণ আমাৰ বিচাৰটো হৈছে কি আমি প্ৰত্যেকটো লেখা পঢ়ি পেলাই মূল্যাংকন কৰি যিটো পাম৷ কোনে লিখিছে সেইটো কথা নহয়৷ কোনোৱে ভাল লিখে, ভাষাৰ সীমাবদ্ধতা আছে, সেইটো শুধৰোৱাৰ ব্যৱস্থাও আমি কৰি ল’লো৷ তেনেকে আমি বহুত লেখক লেখিকা উলিয়াব পাৰিলো৷ এতিয়া প্ৰান্তিকত বিজ্ঞানৰ লেখা প্ৰতি সংখ্যাতে এটা হ’লেও থাকেই৷ কেতিয়াবা তিনি চাৰিটালৈকে থাকে৷ কৃষি বিষয়ক থাকে৷ এইদৰে বিভিন্ন বিষয়ত থাকিলেও তেওঁলোকে অসমীয়া ভাষাত ইমান সুন্দৰ প্ৰতিশব্দ ব্যৱহাৰ কৰি লেখে, এতিয়া তেনেকুৱা জটিল কথা এটাও ইংৰাজী শব্দ প্ৰয়োগ কৰি লেখাৰ প্ৰয়োজন নাই৷ এই চৰ্চাটো বাঢ়ি অহাৰ কাৰণেই যে অসমীয়াতেই গোটেই জটিল বিজ্ঞানৰ পৰিভাষা লিখিব পৰা যায়৷ তেনেকে আমি সকলো বিষয়তে সামৰিব পৰা হ’লো৷ এতিয়া বহুত মানুহে বহুত শব্দৰ অৰ্থ এইটো কি হ’ব প্ৰান্তিক চোৱাচোন প্ৰান্তিক চালে পাম এনেকুৱাও হ’লগৈ৷ সেইধৰণেৰে আমি শিপালো আৰু আমি ঠন ধৰাৰ এইখিনি হ’ল মূল কথা৷

সা: ড: অ: মানে একপ্ৰকাৰে ক’বলৈ গ’লে আপুনি অৰুণোদয় খনক ৰোল মডেল বুলি ভাবি লৈছিল নেকি?

প্ৰ: ব: ৰোল মডেল নহয়, অৰুণোদয়ৰ পৰা মই সেই প্ৰেৰণাটো পালো৷ কাৰণ অৰুণোদয় তেওঁলোকে এটা উদ্দেশ্যত উলিয়াইছিল যদিও তেওঁলোকে কেতিয়াও কেৱল খ্ৰীষ্টধৰ্মৰ ওপৰতে জোৰ দিয়া নাছিলে৷ তেওঁলোক খুব বহলমনা আছিল৷ আৰু অপ্ৰাসংগিক যদিও এটা কথা কওঁ, আমেৰিকাত ব্যাপ্তিষ্ট মিচন তেতিয়াই আৰম্ভ কৰিছিলে৷ কিমান অসমীয়া মানুহ খ্ৰীষ্টান হ’ল? তাৰমানে তেওঁলোকে সেইটোত জোৰ দিয়া নাছিলে৷ ধৰ্মপ্ৰচাৰৰ লগে লগে তেওঁলোকে অসমীয়া জাতিটো সকলো দিশেৰে উন্নতি হওক, তাৰ এটা প্ৰচেষ্টা চলাইছিল৷ এইখিনি মহত্ব আমি স্বীকাৰ নকৰি নোৱাৰো৷ এতিয়া আমি মিচনেৰী বুলি ক’লেই ভাবো যে তেওঁলোকে আমাক ধৰ্মান্তৰ কৰিবলৈ আহিছিল৷ এতিয়া অৰুণোদয়ৰ সময়ত কৰো বুলিলে তেওঁলোকে বহুত ধৰ্মান্তৰ কৰিব পাৰিলেহেঁতেন৷ সেয়াটো নাইহোৱা৷

সা: ড: অ: প্ৰান্তিকে কেৱল ডাকযোগে পোৱা লেখাকেই প্ৰকাশ কৰে নে কোনো লেখকক অনুৰোধ কৰিব লগা হৈছিল লেখাৰ কাৰণে?

প্ৰ: ব: আমাৰ কেইটামান শিতান৷ সুনীল পৱন বৰুৱাক ল’লো৷ পৰৱৰ্তী কালত ক্ষীৰধৰ বৰুৱাক বিজ্ঞানৰ নিয়মীয়াকে লিখাৰ কাৰণে আমি ল’লো৷ তেনেকৈ আমি বাহিৰৰ অৰুণ শ্বোৰী, কুলদীপ নায়াৰক ক’লো যে আপোনালোকে অসমৰ বিষয়ে লিখক৷ তেওঁলোকৰ সৰ্বভাৰতীয় পৰ্যায়তো কলম আছে, আমি প্ৰকাশ কৰিম৷ বিশেষকে সেই সময়ত অসম আন্দোলনৰ এটা পৰিবেশ চলি আছিল৷ তেতিয়া কুলদীপ নায়াৰ আৰু অৰুণ শ্বোৰীয়ে অকল প্ৰান্তিকৰ কাৰণেও প্ৰবন্ধ লিখিছিল৷ অৰুণ শ্বোৰীৰ এটা প্ৰবন্ধ ইণ্ডিয়া টুডে আৰু প্ৰান্তিকত সমান্তৰালভাবে ওলাইছিল৷ আমি হেণ্ডকম্প’জ কৰিছিলো৷ তেওঁকৰ তেতিয়া ফটোকম্প’জ আহি গৈছিল আৰু তেওঁলোক এটা বিৰাট প্ৰতিষ্ঠান৷ একেটা সংখ্যাতে আমি তেওঁৰ লেখাটো, তেতিয়াটো আৰু ইমেইলেৰে পঠিওৱাৰো ব্যৱস্থা নাই৷ এয়াৰ লাইন্সত কুৰিয়াৰ কৰি অৰুণ শ্বোৰীয়ে দিল্লীৰ পৰা পঠিয়াই দিয়ে হাতে লিখা কপি ইয়াত আমি অনিল বৰুৱাক দি অনুবাদ কৰাই ইণ্ডিয়া টুডেৰ লগত সমানে আমি একেটা সংখ্যাতে প্ৰকাশ কৰিছো৷ বাহিৰৰ যিখিনি লেখা মানুহ, আমাৰ সেইখিনি নাছিলে৷ পাছত সেইবিলাক দিশতো লিখা মানুহৰ সংখ্যা আমাৰ বাঢ়ি গ’ল৷ এতিয়া আমাৰ তেনেকুৱা লেখা মানুহ বহুত হৈ গ’ল৷ পাছত সুনীল পৱন বৰুৱাৰ ঠাইত দিব পৰা মানুহো আমাৰ আহি গ’ল৷ প্ৰথম দুই এজনক আমি হয়তো যোগাযোগ কৰিছিলো, কিন্তু পাছত নিজে নিজে আহিল৷ বাকী গল্প কবিতাৰ ক্ষেত্ৰটো আমি একেবাৰে প্ৰথম এটা দুটা সংখ্যাত হয়টো কাৰোবাক খুজিছিলো, খুজিলে এটা কথা আমি গেৰাণ্টী নিদিও যে আপোনাৰ গল্পটো প্ৰকাশ হ’বই৷ আমি বহুত ইতিমধ্যে সুপ্ৰতিষ্ঠিত হৈ যোৱা লেখক লেখিকাৰো লেখা প্ৰকাশ কৰা নাই৷ যে আপোনাৰ লেখাটো, এইটো যদি প্ৰকাশ কৰো, আমাতকৈ আপোনাৰহে বেছি ক্ষতি হ’ব৷ তেৱোঁ ইমান বেয়া লিখেনে? আৰু বহু সুপ্ৰতিষ্ঠিত লেখকে যিহেতু আমি খোজা নাই, সেয়ে নিদিয়েও৷

সা: ড: অ: এতিয়া আলোচনী এখন চলাবলে ভাল লেখা লাগে৷ পৰিবেশটোৱে এনেকুৱা হৈ গৈছে, যে সকলোৱে মোক খুজি নিয়ে, মোক খোজা নাই মইনো কিয় দিম৷

প্ৰ: ব: হয় বহু লেখকে এতিয়া মইনো আৰু উপযাচি গল্প দিম নে তেনেকে ভাবে৷ মই তেখেতসকলকো বেয়া নাপাওঁ৷ মোৰ কোনো আক্ষেপ নাই৷ যিসকলে নিজে আহি নিজকে ইয়াত সু প্ৰতিষ্ঠিত কৰিলে, তেখেতসকল এটা উচ্চ পৰ্যায়লৈ গুচি গ’ল ইতিমধ্যে৷ এটা উদাহৰণ দিওঁ৷ যোৱা সংখ্যাত আমাৰ অৰুণাচলত কাম কৰা অজন্তা নামৰ এগৰাকী মহিলা, তেওঁ প্ৰান্তিকত কেইবাটাও গল্প লিখিছে, এইবাৰ তেখেতে কিন্নৰ বুলি এটা গল্প লিখিছে, মইটো ভাবো এইটো যদি ইংৰাজীত অনুবাদ হয় বা হিন্দী বা বাংলা ভাষাত হ’লহেঁতেন, এইটো এটা চেনচেচ’নেল হ’লহেতেন৷ ইমান বেছি ভাল লিখিছে৷ তেখেতে কিন্তু আৰম্ভ কৰিছিল প্ৰান্তিকতে৷ আৰু তেখেতৰ কমেও এতিয়ালৈকে চাৰিটা গল্প আমি ওভতাই দিছো৷ যে এইটো গল্প ঠিক ন’হল৷ কিন্তু এইটো গল্পত তেখেতে এনেকুৱা এটা চমক দেখুৱালে, যে অসমীয়া সাহিত্যত ইমান ভাল গল্প কেইটা ওলাইছে, চিন্তা কৰিবলগা কথা৷ এতিয়া এই প্ৰক্ৰিয়াটো তেখেতসকলৰ আন্তৰিকতা, চৰ্চা আৰু আমাৰ তীক্ষ্ণ চকু৷ তেখেত প্ৰখ্যাত লেখক, যাওক ওলাওক, সেয়া আমি কেতিয়াও কৰা নাই৷ সেইকাৰণেই বহুতেই আমাক দিবলৈ বেয়া পায়৷ আৰু বহু সময়ত বহু ভাল লেখাও আমি প্ৰকাশ নকৰো৷ ওভতাই দিও৷ আমাৰ বিষয়বস্তু বহুত৷ কিন্তু একেটা বিষয়বস্তুতেইতো আমি আৰু ঘূৰ্মুতিয়াই থাকিব নোৱাৰো৷ আৰু পৃষ্ঠাওটো ইমান অপৰিসীম নহয়৷ সেই ক্ষুদ্ৰ পৰিসীমাৰ ভিতৰতে আমি বিভিন্ন বিষয় ৰাখিবৰ কাৰণে বহু মূল্যবান প্ৰবন্ধ পালেও আমি ওভতাই দিও৷ তেতিয়া আমি এইটো কওঁ যে এই প্ৰবন্ধটো আপুনি গুণাগুণৰ বিচাৰ বুলি নাভাবিব৷ আমাৰ সীমাবদ্ধতাৰ কাৰণেহে আমি প্ৰকাশ কৰিব পৰা নাই৷ কাৰণ তেতিয়া বেলেগ ক’ৰবাত দিলে বস্তুটো ওলাই যাব৷

সা: ড: অ: এনেকুৱাত তেওঁলোকে বেয়াও নাপায়৷

প্ৰ: ব: নাই বেয়া নাপায়৷ বেয়া এইকাৰণেই নাপায় বুলি ভাবো যে তেখেতসকলৰ সতে আমাৰ যি যোগযোগ, সেয়া আমি সন্মান সহকাৰে আৰু আন্তৰিকতাৰে কৰো৷ ইয়াত অপমানিত বা ক্ষুন্ন হ’বলগীয়া একো নাই৷ তেওঁৰ এটা ভাল লেখা আমাৰ সীমাবদ্ধতাৰ কাৰণে ছমাহ পৰি থাকিব, সেয়া কেতিয়াও সমীচীন নহয়৷ আমি সেয়া বিবেচনা কৰো৷ আৰু আমি প্ৰত্যেকটো লেখাই পঢ়ো৷ বহুসময়ত দুবাৰ তিনিবাৰলৈকে পঢ়ো৷ কিজানিবা প্ৰথম পঢ়াত মই মনোযোগ দিব নোৱাৰিলো৷ কেতিয়াবা এবাৰ মনোযোগ দি পঢ়াৰ পাছতো কিবা এৰি গ’লোনেকি বুলি আকৌ চকু ফুৰাই চোৱা হয়৷ কিন্তু ক’ৰ নাম নথকা মানুহ এজনে পঠাইছে বুলি আমি নপঢ়াকে আমি নাথাকো৷ সেই বস্তুটো আমি নকৰো৷ সেইবাবেই আমাৰ প্ৰতি লেখক সকলৰো সহানুভূতিৰ অভাৱ নহয় আৰু পঢ়ুৱৈয়েও ভালৰ ভাল বস্তু পায়৷ আমাৰ কথা হৈছে কি আমি পঢ়ুৱৈৰ পৰা ত্ৰিচ টকা লওঁ, তাৰ বিনিময়ত তেওঁ যদি কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি খাবলৈ নাপায়, তেন্তে সেয়া অন্যায় কৰা হ’ব৷ সেয়ে জটিল বিষয়টোও সৰল ভাবে লিখাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ কাৰণ সকলো বিষয়টো সকলো মানুহে পঢ়িব নোৱাৰে৷ মই নিজে কৰো কি, যে মই কোনো পণ্ডিত নহয়৷ তেনেকুৱা মোৰ কোনো কৃতিত্বও নাই৷ কিন্তু সাধাৰণ অসমীয়া মানুহৰ কিমান বুদ্ধিমত্তা নিজকে তাৰ এটা নমুনা হিচাপে লওঁ৷ মই নিজৰ ওপৰতে গিনিপিগক পৰীক্ষা কৰাদি কৰো, যে এইটো মই কিমান গুণে বুজিছো৷ মোৰ সমকক্ষ বাকী সকলে এইটো ভাল পাবনে নাপায়, সেইটোও বিচাৰ কৰো৷

সা: ড: অ: মানে আপুনি নিজকে পাঠকৰ শাৰীত বহুৱাই লয়?

প্ৰ: ব: হয় আৰু মই কেনেকুৱা পাঠক সেয়া মই জানো৷ মই নিজকে এজন সাধাৰণ শিক্ষিত অসমীয়া মানুহ বুলি ভাবি লৈ পঢ়ো৷ মই এইটোৱেই কওঁ যে প্ৰতিটো পৰিয়ালৰ বাবে প্ৰয়োজনীয় আলোচনী প্ৰান্তিক৷ আমি সেইটোৱেইভাৱো যে আলোচনীখন প্ৰতিঘৰ অসমীয়া পৰিয়ালৰ বাবে প্ৰয়োজনীয় হ’ব লাগিব৷ তেওঁলোকে গ্ৰহণ কৰিছেনে নাইকৰা সেয়া তেওঁলোকৰ কথা কিন্তু আমি দিওঁতে তেনেদৰে দিবলৈ চেষ্টা কৰো যদিও আমি মহিলা শিতান, শিশুশিতান বুলি বেলেগে নকৰো৷ এবাৰ এগৰাকী মহিলা আহিল আৰু ক’লে আপোনালোকে এটা মহিলা শিতান নোখোলে কিয়? তেতিয়া মই উত্তৰ দিছিলো, গোটেই আলোচনীখন মহিলাৰ আলোচনী বুলি ভাবি নপঢ়ে কিয়? যে প্ৰত্যেক মহিলাই এইখন আলোচনী পঢ়া উচিত৷ তেতিয়া আৰু মহিলাৰ বাবে বেলেগে এটা শিতান কিয় লাগে?

সা: ড: অ: আকৌ মহিলা শিতান কৰিলে পুৰুষে নপঢ়িবও পাৰে৷

প্ৰ: ব: হয় আৰু মহিলা শিতান কৰিবলৈ গ’লে মই তেতিয়া ৰূপসজ্জা, গৃহসজ্জা, ৰন্ধন প্ৰকৰণত জোৰ দিব লাগিব৷ কিন্তু আমিটো সেইটো পৰ্যায়লৈ প্ৰান্তিক নিব খোজা নাই৷ আমি এইবোৰো দিওঁ৷ আগতে তাঁতৰ শালত ফুল তোলা এইবোৰো দিছিলো৷ আমাৰ টাৰ্গেট হৈছে গোটেই পৰিয়ালটো৷ এতিয়া মই যিখিনি শ্ৰেষ্ঠ লেখক আছে, তেওঁলোকৰ কথা নকও৷ কিন্তু ভাল লেখকটো আৰু বহুত আছে৷ তেওঁলোকৰ কিতাপ যদি প্ৰথম অৱস্থাত ২০০ কপিও বিক্ৰী হয়, তেন্তে তেওঁ বেষ্টচেলাৰ বুলি ভাবিব পৰা কথা৷ মোৰ মনত আছে, হেম বৰুৱা চাৰৰ “মেকঙ নৈ দেখিলো” ২০ দিনৰ ভিতৰত ৫০০০ কপি বিক্ৰী হৈছিলে৷ এয়া ৬০ চনৰ আগৰ কথা৷ তেতিয়া অসমীয়া পঢ়ুৱৈ কেনেকুৱা আছিলে৷

সা: ড: অ: সেইখিনি সময়ৰ কথা আৰু এতিয়া পাৰ্থক্যটো কি? তেতিয়াটো চাগে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ পেকিং কৰি কিতাপ এখন পঠাবলৈ চাৰি পাঁচ দিন লাগিছিল! ! !

প্ৰ: ব: হয় হয়৷ এতিয়া বিপৰ্যয়টো হৈছে অসমীয়া মানুহৰ পঢ়িবলৈ সময় নোহোৱা হৈছে৷ ইয়াৰ গুৰিতে কেইবাটাও কাৰণ আছে৷ এতিয়া দৈনিক কাকত বহুত হ’ল৷ আকৌ সকলো দৈনিক কাকতৰে এটা আলোচনীৰ শিতান থাকে৷ এটা পৰিয়ালে ভাবে আকৌ এখন আলোচনী ল’মনে? এইবিলাকটো ইয়াত গল্প ওলাইছে, কবিতা ওলাইছে, প্ৰবন্ধ আছে৷ সেইকাৰণে বহু মানুহে আলোচনীখন নিস্প্ৰয়োজন বুলি ভাবে৷ সেয়া এটা প্ৰতিযোগিতা হ’ল আমাৰ৷ দ্বিতীয়তে আটাইতকৈ ডাঙৰ কথা হ’ল টেলিভিচন৷ গড় হিচাপে এজন মানুহে দৈনিক ৫ ঘণ্টা টিভি চায়৷ তাৰে তিনিঘণ্টা চিৰিয়েল চায়৷ আৰু চায়ো চায়, সেই সময়ত মাক বাপেকৰ অসুখ বুলি খবৰ আহিলেও কিজানি বন্ধ কৰিবলৈ মন নাযায়৷ এতিয়া এই গোটেই বিলাক কৰি অসমীয়া মানুহৰ পঢ়াৰ অভ্যাসটো লাহে লাহে কমি আহিলে৷ আৰু ইতিমধ্যে যিবিলাক মানুহৰ ল’ৰাছোৱালীয়ে আমি অসমীয়া মাধ্যমত পঢ়াটো আশা কৰিছিলো, তেওঁলোকেও ন’হলেই যিবোৰ মাক দেউতাকে য়েচ নৌ, ভেৰি গুদৰ বাহিৰে ইংৰাজী শব্দই নাজানে, তেওঁলোকৰ ল’ৰাছোৱালীয়েও ইংৰাজী মাধ্যমতে পঢ়িবলৈ ল’লে৷ ফলত অসমীয়া স্কুল বিলাকৰ কি অৱস্থা হ’ল৷ আগতেটো আৰু গভৰ্ণমেণ্ট স্কুল বুলিলে কিমান এটা সন্মানৰ কথা৷ ফলত কি হ’ল, আমাৰ বহু যুবক যুৱতীয়েই পঢ়ে, কিন্তু যেতিয়া তেওঁলোক কোনো চাকৰি বাকৰি বা ব্যৱসায়ত লাগে, তেতিয়া পঢ়াৰ এই ধাউতিটো কমি আহে৷ মহিলা সকলৰ যাৰ কোনো কাম নাই, সকলোকে খুৱাই বুৱাই পঠিয়াই দিনটো আজৰি হয়, তেতিয়া তেওঁলোকে পঢ়ে৷ কিন্তু আজিকালিটো মহিলা সকলো কামলৈ যায়৷ ফলত এইযে আজৰি সময়ত পঢ়াৰ যি পঢ়ুৱৈ সেয়া কমি গ’ল৷ আৰু যাৰ সময় আছে, তেওঁ টিভি চাই৷ গতিকে সামগ্ৰিক ভাবে অসমীয়া পঢ়ুৱৈ বহু কমি গ’ল৷ এতিয়া দৈনিক কাকত পঢ়ে৷ কাকতৰ হেডিঙ বেছি পঢ়ে৷ ভিতৰৰ বহু তথ্য মানুহে নপঢ়ে৷ সেইকাৰণে আজিকালি চবকথা উপৰুৱা হয়৷ সেই হেডিঙ পঢ়িয়েই একোটা বিষয়ত ব্যাখ্যা দিব পৰা হৈ গ’ল৷ কিছুমান কাকতত ইমান সবিশেষ আৰু সুন্দৰ বাতৰি পৰিবেশন কৰে, কিমান মানুহে পঢ়ে মোৰ সন্দেহ আছে৷ সেইটো পঢ়িবলৈও মানুহৰ সময় আৰু ধৈৰ্য্য নাই৷ এনেকুৱা এটা সময়ত আলোচনী এখন যে মানুহে পঢ়িব, সেয়া আমাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিল৷ সেইটো এতিয়া আমাৰ সমস্যা আজিৰ দিনত৷ সেই বিৰাশী চনৰ ১০হাজাৰ কপিৰ অনুপাতত আজি এতিয়া আমাৰ যিটো চাৰ্কুলেচন সেইটো ৭০-৮০ হাজাৰ মান হ’ব লাগিছিল৷ কিন্তু তাতকৈ বহুত কম৷ অৱশ্যে বাংলা বা মালায়লী ভাষাৰ তেনেকুৱা আলোচনী আছে৷ আমাৰ ইমানখিনি মানুহো আছে, কিন্তু পঢ়াৰ সেই ধাউতিটো নাই৷ এইটো আমাৰ এটা দুৰ্যোগ হৈছে৷ তাৰ মাজতো কওঁ যে আমি বিজ্ঞাপন নলওঁ৷ আসমত ৰঙীন বিজ্ঞাপন প্ৰথম প্ৰান্তিকত চপাইছো৷ আসাম ট্ৰিবিউনতো হোৱা নাই৷ আমি বিজ্ঞাপন এনেকুৱাকে পাইছো, যে আমাৰ দিবলে জেগা নাই বিজ্ঞাপনৰ ক্ষেত্ৰত ইমান আমাৰ নাম আছিলে৷ আমি প্ৰচুৰ পইচাও ঘটিলো৷ কিন্তু আমি পইছা ঘটি অশোকৰ কলিংগ জয়ৰ নিচিনা হ’ল৷ আমাৰ আলোচনীখনৰ মানটো বজাই ৰখা টান হৈ পৰিল৷ আৰু বিজ্ঞাপনৰ বহুত লেঠা৷ তেওঁলোকে দিল্লীত থকা বা কলিকতাত থকা অসমীয়া মানুহ বিচাৰি অনুবাদ কৰি ভুল ভাষা আৰু বানানেৰে, কেতিয়াবা বঙালী মানুহৰ দ্বাৰাও অসমীয়া কৰি বিজ্ঞাপন দিয়ে৷ কেতিয়াবা টেলিভিচনতো বঙলুৱা ঠাচেৰে অসমীয়া কথা কয়৷ তেতিয়া আমি চালো এইটো কৰিবলৈ গ’লেতো আমাৰ যি উদ্দেশ্য আছিল সেয়া সফল নহ’ব৷ হয় আমাক পইছা লাগে, কাৰণ আমাৰ অন্য উপাৰ্জন নাই, তথাপি আমি বিজ্ঞাপন নলওঁ বুলি ঠিক কৰিলো৷ আনকি আমি এ বি চিৰ পৰা ওলাই গুছি আহিলো৷ এবিচিৰ মানুহ পাবলে টান৷ এতিয়াও আমাৰ বিজ্ঞাপনৰ বাবে আহি থাকে বোম্বে, বাংগালুৰ এইবিলাকৰ পৰা৷ কিন্তু আমাৰ কাৰ্ডেই নাই৷ যিখন আছে ২০ বছৰৰ আগৰেই৷ সেইখনততো ন’হব৷ আৰু দিবলে জেগাও নাই এতিয়া৷ বিজ্ঞাপন নোহোৱাকৈও আৰু পঢ়ুৱৈৰ সংখ্যা কমি অহা সত্বেও আমি বৰ্তি আছো৷ অন্তত পেটত গামোচা বন্ধা নাই৷

সা: ড: অ: এই কথাটো মই অহাৰ আগতে সুধিম বুলি ভাবিয়েই আছিলো৷ কাৰণ প্ৰান্তিক এখন সফল আলোচনীয়েই হৈ থকা নাই ই এটা অনুষ্ঠান বা এটা পৰিয়াল৷ পৰিয়াললৈ আমি আহিম অলপ পাছত৷ ইয়াতে কথাটো হ’ল কি যে বহু আলোচনী বন্ধ হৈ যায় আৰ্থিক দুৰৱস্থাৰ বাবে৷ মানে লেখকক মাননি দিব লাগে, কাগজৰ দাম যথেষ্ট বাঢ়িছে, প্ৰেচক দিব লাগে৷ প্ৰান্তিকত দেখো যে বিজ্ঞাপন নায়েই৷ এতিয়া টাইমছ অৱ ইণ্ডিয়াত কেতিয়াবা প্ৰথম পৃষ্ঠাটোতে ইমান ডাঙৰ কৈ বিজ্ঞাপন থাকে এনেকুৱা লাগে যে মই পেপাৰখন বিজ্ঞাপনৰ বাবেহে লৈছিলো নেকি?

প্ৰ: ব: মই ব্যক্তিগত অভিজ্ঞতাৰে কওঁ এতিয়া অসমবাণীৰ যে এনেকুৱা অৱস্থা হ’লগৈ, এতিয়াটো প্ৰচলনেই নোহোৱা হ’লগৈ, ইমান বেছি বিজ্ঞাপন হৈছিলে, বিজ্ঞাপনৰ ভৰ দেখি পঢ়ুৱৈ নিজে নিজে আঁতৰি গ’ল৷ গতিকে বিজ্ঞাপনে পইছা দিয়ে হয়, কিন্তু আনপিনে সন্মান যায়৷ গতিকে মই ক’লো যে আমি দাম বঢ়াম৷ আমি তিনি টকাৰে আৰম্ভ কৰি এতিয়া ত্ৰিশ টকাত বিক্ৰী কৰো৷ বাকী গৰীয়সী, সাতসৰী আমাতকৈ বহু কম দাম৷ বিশেষকৈ গৰীয়সীৰ আমাতকৈ পৃষ্ঠাও বেছি কিন্তু দাম দহ টকা কম৷ তেওঁলোকৰ গোহালিত খিৰতী গাই আছে, তাৰে ৬ জনীয়ে পিয়ন চাৰিলেও তেওঁলোকৰ বিপদ নাই, আমাৰ গাই এজনীয়েই৷ সেইজনী গাইৰ পৰা আমি গাখীৰ উলিয়াবই লাগিব৷ এতিয়া মানুহে বিশ্বাস নকৰে, আজিলেকে আমাৰ কোনো এজেণ্টৰ ওচৰত বাকী নাই৷ কিছুমানৰ ৫০ হাজাৰ টকা দিবলৈ থাকিলে ৩০ হাজাৰ দি পঠাই দিয়ে, এনেকুৱা হোৱা নাই৷ আমি ক’তো পইছা তুলিবলৈ নাযাওঁ৷ কেইবাজনো এজেণ্টৰ আমি চেহেৰাই দেখা নাই৷ টেলিফোন আৰু চিঠিৰে যোগাযোগ৷ কিন্তু গুৱাহাটীৰ যিকেইজন এজেণ্ট তেওঁলোকে আগদিনা টকাটো আগধন দিয়ে৷ তাৰ পাছতহে আমি কপি দিওঁ৷ কাৰো ওচৰত বাকী নাই৷ বেছিভাগৰে বাকী থাকি যায়৷ ফলত বন্ধ হয়৷ আমিটো কাকো পইচা খুজি মাফিয়াগিৰি কৰা নাই৷ এজেণ্টে যদি পইছা নিদিয়ে আমি বন্ধ কৰি দিওঁ৷ তেতিয়াতো আহি পঢ়ুৱৈয়ে ধৰে৷ তেতিয়া তেওঁলোকৰ বিপদ৷ প্ৰান্তিকৰ পঢ়ুৱৈয়ে পইছা ঠিকেই দিয়ে৷ প্ৰান্তিকৰ পঢ়ুৱৈ পইছা মৰা পঢ়ুৱৈ নহয়৷ এতিয়া পঢ়ুৱৈয়ে যদি পইছা দিয়ে, আপোনালোকে নিদিব কিয়? সেইটো হোৱাৰ পাছত তেওঁলোকেহে কয় যে আপোনালোকৰ তাৰাতাৰিৰ বাবে আমাৰ ব্যৱসায়টো ভাল হৈ হ’ল৷ টকা পইচাৰ লেনদেনত যদি অলপ নিয়মানুবৰ্তিতা থাকে, তেন্তে ভাল৷ দৰমহা পোৱা দিনাই উধাই মুধাই খৰচ কৰি পাছত হাত পাতিব লগা হোৱাতকৈ যিটো পৰিয়ালে বাজেট কৰি খৰচ কৰে, তেওঁলোকৰ হাতত মাহৰ শেষতো পইছা থাকে৷ আমিটো অসমৰ আটাইতকৈ ক্ষুদ্ৰ প্ৰকাশন প্ৰতিষ্ঠান আমি, ডাঙৰ ডাঙৰ যিখিনি প্ৰতিষ্ঠান আছে, তেওঁলোকে এজেণ্টবিলাকৰ পৰা পইছা তুলিবলৈ মানুহ পঠাই আজিলেকে আমি মানুহ পঠাই পোৱা নাই৷ পইছা নাপালে আমি বন্ধ কৰি দিছো৷ আজিকালি পইছা দিবলৈয়ো সুবিধা৷ এইটো হৈছে দুটা কাৰণত৷ এটা হ’ল পঢ়ুৱৈৰ চাপটো আৰু আমি যেতিয়া চিজিল কৈ থাকো, এই মেনেজমেণ্টটো৷ আমাৰ মানুহো নাই৷ মোক লৈ আঠজন মানুহ৷ কিন্তু এই আঠজন মানুহ একেবাৰে লাচিতৰ দেশৰ৷ নাৱো চলাব পাৰে, বৰটোপো মাৰিব পাৰে চব কৰিব পাৰে৷ সেইকাৰণে একেজন মানুহে কেইবাটাও কাম কৰাৰ বাবে আমি কামখিনি নিয়াৰিকৈ চলাই নিব পাৰো৷ আমাৰ যিখিনি ডাইৰেক্ট চাবচক্ৰাইবাৰ আছে, তেওঁলোকৰ কপি পোৱা বা নোপোৱাৰ সমস্যাটো আমি সোনকালে সমাধান কৰিব পাৰো আৰু সেই টকাখিনি আমি আগধন হিচাপে পাওঁ৷ এইখিনিৰ লগতে এজেণ্ট সকলৰ সহযোগিতাৰ বাবে আমাৰ পইচাৰ অভাৱ নহয়৷ কাৰণ আমি দামটো নিৰ্ধাৰণ কৰিছো কিমান হ’লে আমি চলি থাকিব পাৰিম৷ চলি থকা মানে আমাৰ যিখিনি কৰ্মচাৰী তেওঁলোকক আমি ইউ এচ বৰ্ডৰ হাৰত পইছা দিওঁ৷ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানেও নিদিয়ে৷ টেলিভিচন চেনেলেও নিদিয়ে৷ কোটি টকাৰ বিজ্ঞাপন পায়, শুনিবলে বেয়া তেওঁলোকৰ মানুহে যিটো দৰমহা পায়, সেইটো ক’বলেকে লাজ লাগে৷ আনকি বাতৰি কাকতেও৷ আমি বৰ্ডৰ মতে সকলোৰে বাবে ভাগে ভাগে দৰ্মহা নিৰ্ধাৰণ কৰো, বনাচ দিওঁ, ইঞ্চুৰেন্স দিওঁ, যাৰ যি পাব লগা আছে দিওঁ৷ আৰু মই চলিব লাগিব৷ মই আৰু দুটা মানুহহে৷ চাৰ থাকোতে চাৰৰ বাবে চিন্তা কৰিছিলো, এতিয়া তেৱোঁ নাই৷ গতিকে আমাৰ আকালো নাই ভঁৰালো নাই৷ যদি টানত পৰো আমি দাম বঢ়াই দিম৷ আৰু এই ৩৫ বছৰত তিনি টকাৰ পৰা ৩০ টকালৈ আমি কিমান বাৰ দাম বঢ়াল

One thought on “প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ

  • November 24, 2018 at 1:28 pm
    Permalink

    …”আমেৰিকাত থাকে ল’ৰা ছোৱালী, মাক বাপেক ইয়াত কষ্ট খাই থাকে৷ এইবিলাক আজিকালি নুলিয়াও৷ এসময়ত আছিলে বিপ্লৱ কৰিবলৈ ল’ৰাছোৱালী ওলায় যায়৷ ঘৰখনৰ দুখ, কোনোবা দিনা ৰাতি আহি ওলাইহি৷ তেনেকুৱা গল্প এটা সময়ত ভৰ্তি৷”.. কথাখিনি হয়, এইবিলাক কাহিনী এতিয়া একঘেয়ামী হৈছেগৈ আৰু !
    ভাল লাগিল পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!