বিশিষ্ট কল্পবিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সৈতে অন্তৰংগ আলাপ

(পাঠকৰ মস্তিষ্ক আৰু হৃদয় দুয়োটাকে আন্দোলিত কৰিব পৰা চাৰিকুৰিতকৈ অধিক অসমীয়া ভাষাৰ কল্পবিজ্ঞান গল্প আৰু চাৰিখন কল্পবিজ্ঞান উপন্যাসৰ স্ৰষ্টা ড° দীনেশ চন্দ্ৰ গোস্বামী অসমীয়া কল্পবিজ্ঞান অনাতাঁৰ নাটকৰো বাটকটীয়া। সাম্প্ৰতিক কালত অসমীয়া ভাষাৰ মৌলিক কল্পবিজ্ঞান আৰু সৃজনীমূলক অনুবাদ সাহিত্যৰ নিৰলস সাধনাত ব্যস্ত মুষ্টিমেয় লেখকৰ ভিতৰত অন্যতম ড° দীনেশ চন্দ্ৰ গোস্বামীদেৱক তেখেতৰ মনৰ কথা জানিবলৈ সাহিত্য ডট্‌ অৰ্গৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল।)


বাণীবদ্ধ বাৰ্তালাপ

প্ৰশ্ন: নমস্কাৰ। আপুনি সাহিত্য.অৰ্গ-ৰ বিষয়ে আগতে শুনিছিলনে?

উত্তৰ: আগতে মই বাতৰি কাকতত পাইছোঁ আৰু মই জানো বহুতো মানুহে কোৱাকুই কৰিছে যে এটা ভাল বস্তু আহি আছে আৰু ভাল হৈছে। যিহেতু এই আলোচনীখন গোটেই পৃথিৱীত উপলব্ধ হৈছে সেই কাৰণে যথেষ্ট ভাল হৈছে লগতে অসমীয়া পাঠকে পঢ়িবলৈ যথেষ্ট সা-সুবিধা পাইছে।

প্ৰঃ এই ই-আলোচনীখনৰ এইটো মাহৰ সংখ্যাৰ মূল বিষয়বস্তু “কল্পবিজ্ঞান আৰু ঈশ্বৰ” কল্পবিজ্ঞানৰ লগত ঈশ্বৰক আপোনাৰ মতে কেনেদৰে সাঙুৰিব পাৰি?

উঃ আচলতে কোনো বিজ্ঞানৰ লগতেই ঈশ্বৰক পোনে পোনে সাঙুৰিব নোৱাৰি। কাৰণ ঈশ্বৰৰ গোটেই ধাৰণাটো সম্পূৰ্ণ বেলেগ এটা ধৰনৰ ধাৰণা আৰু সেইটো হয়তো মানৱ জাতিয়ে এটা সময়ত প্ৰয়োজনতেই কৰি লৈছিল। বহুতে ভাবে যে মানুহে যেতিয়া চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল, আজিৰ পৰা ৮০ হাজাৰ মান বছৰ আগতে মানুহৰ বুদ্ধিৰ বিকাশ হবলৈ আৰম্ভ কৰিছিল, আৰু কল্পনা কৰা শক্তি যে ভৱিষ্যতে এনেকুৱা হোৱা উচিত বা হ’লহেঁতেন, এনেকুৱা ধৰণৰ সাম্ভাব্য ভূতকাল, এইধৰণৰ কথা এটা ভাবিব পৰাটো  এতিয়াৰ পৰা কুৰি হাজাৰ মান বছৰ আগতে আহিছিল। তাৰ পাছত লাহে লাহে বহুত কথা মানুহে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। যেনে, তেওঁলোকে দেখিলে যে এটা ৰোগ বা ব্যাধিত এখন গাঁও হয়তো উছন হৈ গৈছে বা তেওঁলোকৰ অতি সন্মানৰ এজন, যিজন মানুহক তেওঁলোকে ক’ব নোৱাৰাকৈ বহুত বেছি সন্মান কৰিছিল, সেই মানুহ জনৰ হঠাৎ মৃত্যু ঘটিছে বা তেওঁৰ দুৰ্ঘটনা হৈছে বা বাঘে খাই পেলাইছে। এনেকুৱা বিলাক কথাৰ তেওঁলোকে কোনো উত্তৰ বিচাৰি পোৱা নাছিল। তেতিয়া ভাবিছিল যে যিহেতু তেওঁলোকেও কিছুমান কাম নিয়ন্ত্ৰণ কৰিব পাৰিছিল, যেনে শিল এটা মাৰি দিব পাৰে, নদীত বান্ধ দিব পাৰে, ভূৰ এখন চলাই লৈ যাব পাৰে- গতিকে তেনেকুৱা ধৰণে কোনোবা এটা শক্তি থাকিব লাগিব, কোনোবা এজন পুৰুষ (বা ব্যক্তি) থাকিব লাগিব, সেই ব্যক্তিজনে এই কামটো কৰি আছে। তেতিয়া তেওঁলোকে অন্য কোনোফালে চাব যিহেতু নাজানিছিল, তেওঁলোকে ভাবিছিল যে আকাশত ইমান চমৎকাৰ ঘটনা বিলাক ঘটে তাতে নিশ্চয় এই পুৰুষ বা ব্যক্তি থাকিব লাগিব আৰু তেওঁৱেই আমাক নিয়ন্ত্ৰণ কৰে। তেওঁৰ খং উঠিলে বেলেগ এটা কৰে, তেওঁৰ আনন্দ লাগিলে বা আমাক পুৰস্কাৰ দিবলৈ মন গলে কিবা এটা কৰে। নিজৰ আৰ্হিত মানৱ সদৃশ (anthropomorphic) ঈশ্বৰ সাজি লৈছিল তেওঁলোকে আৰু তাৰ লগত বিজ্ঞানৰ কোনো সম্পৰ্ক নাই। আৰু কল্পবিজ্ঞান যিহেতু বিজ্ঞানৰ লগত পোনপটীয়া সম্পৰ্ক থকা বস্তু, গতিকে তাৰো আচলতে ঈশ্বৰৰ লগত কোনো পোনপটীয়া সম্পৰ্ক নাই। কিন্তু সেইবুলি মই এটা কথা কবই লাগিব যে আৰ্থাৰ চি. ক্লাৰ্কেও ‘নাইন বিলিয়ন নেমছ্ অফ গড’ এনেকুৱা ধৰনৰ গল্প লিখিছে। কিন্তু সেইটো এটা সম্পূৰ্ণ বেলেগ ধৰনৰ গল্প, তাত ঈশ্বৰক প্ৰতিষ্ঠা কৰিবলৈ ক’তো চেষ্টা কৰা নাই।

প্ৰঃ আপোনাৰ শিক্ষা জীৱন তথা আপোনাৰ কৰ্মজীৱনৰ বিষয়ে আপোনাৰ মুখেৰে জানিব বিচাৰিম

উঃ মোৰ একেবাৰে সৰু কালৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা দেউতাৰ চাকৰিৰ বদলিৰ লগে লগে অ’ত ত’ত হৈছিল। মোৰ নিজৰ গাঁও উলুবাৰী সত্ৰ (বৰ্তমান নলবাৰী জিলাৰ ভিতৰুৱা অঞ্চল সৰ্থেবাৰী আৰু চামতাৰ মাজ অঞ্চলত পৰে সেয়া) আৰু তাৰে দাহুদি প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ হৈছিল। কিন্তু তাত কেইদিনমান যোৱাৰ পাছতে দেউতাৰ লগত থাকিবলগীয়া হোৱাত দক্ষিণ শালমৰালৈ গৈছিলোঁ, তাৰ পিছত মঙ্গলদৈত পঢ়িছিলোঁ, তাতে প্ৰাথমিক শিক্ষা শেষ হ’ল। উচ্চ মাধ্যমিক শিক্ষা মঙ্গলদৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰঙিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত কৰিছিলোঁ। তাৰ পাছত গুৱাহাটীৰ কটন মহাবিদ্যালয়ত প্ৰাক্ বিশ্ববিদ্যালয় আৰু বিজ্ঞানৰ স্নাতক পঢ়ি গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পঢ়িছিলোঁ। তাৰ পাছত কলিকতাৰ সাহা ইন্সটিটিউট অফ নিউক্লিয়াৰ ফিজিক্স-ত এবছৰীয়া স্নাতকোত্তৰ ডিপ্লোমা কৰিলোঁ। আৰু তাৰ পিছতে আহি চাকৰি যোগ দিয়া অৱস্থাত মোৰ দুটা কাম হ’ল, প্ৰথমটো ড০ কিশোৰী মোহন পাঠকৰ তত্বাৱধানত মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰোঁ ১৯৭৬-ত আৰু তাৰ মাজতে ১৯৭২ চনত ফৰাচী ভাষাত পাৰদৰ্শিতাৰ ডিপ্লোমা পাঠ্যক্ৰম এটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কৰোঁ। কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ বি. বৰুৱা মহাবিদ্যালয়ত, তাত দুবছৰ চাকৰি কৰাৰ পাছত কটন মহাবিদ্যালয়ত চাৰি বছৰ চাকৰি কৰোঁ। তাৰ পিছত দিল্লী আৰু শেষত যোৰহাটত আঞ্চলিক গৱেষণা কেন্দ্ৰত।

 

প্ৰঃ বিশ্ব সাহিত্য আৰু অসমীয়া সাহিত্যক যদি আমি তুলনা কৰো তেন্তে আমি দেখা পাওঁ যে অসমীয়া সাহিত্যত যেন কল্পবিজ্ঞানৰ আদৰ নাই, ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি? অসমীয়া পাঠকে বৈজ্ঞানিক তথ্যসমৃদ্ধ লেখাৰ কদৰ নকৰে নে আন কিবা কাৰণ?

উঃ অসমত দুটা কথা আছে। এটা হ’ল যে বিজ্ঞানৰ সূৰ্য্য-চন্দ্ৰ, গ্ৰহ-নক্ষত্ৰ, হাতী-বাঘ এনেকুৱা বা ভূগোলৰ কথা পাহাৰ পৰ্বতৰ কথা, নদ-নদীৰ কথা, আকাশৰ কথা, বিশ্বব্ৰহ্মাণ্ডৰ কথা, এইবিলাক লিখিলে তাৰ এটা আদৰ আছে। আৰু বিশেষকৈ ছাত্ৰ সমাজৰ পৰা বৰ আদৰ আছে কাৰণে ছাত্ৰসকলেতো পোনে পোনে আদৰ কৰিলেই আৰু অভিভাৱকসকলে লগতে শিক্ষক সকলেও ভাবে যে ছাত্ৰসকলে সেয়া পঢ়া উচিত। সেই কাৰণে তাৰ কদৰ বেছ ভাল বুলি কব লাগিব, আছে বুলি কব লাগিব। আনহাতেদি কল্পবিজ্ঞান এটা যে সম্পূৰ্ণ বেলেগ বস্তু আৰু এয়া যে সাহিত্যৰ ভিতৰুৱা বস্তু সেইটো আমাৰ সাহিত্যিক, সমালোচকসকলে বৰ বেছি মূল্য দিয়া নাছিল আৰু পৃথিৱীৰ বহু ঠাইতে এই কথাটো দেখা গৈছিল। সেই কাৰণে বহু ঠাইত কল্পবিজ্ঞানক কল্পবিজ্ঞান লেখা বুলি নকৈ সাধাৰণ গল্প হিচাবে প্ৰকাশ কৰি দিয়া হৈছিল। কল্পবিজ্ঞানৰ আদৰ অতি কম আছিল। কিন্তু আমাৰ অসমত এতিয়াও হয়তো সেইফালৰ পৰা, আমাৰ সমালোচক সকলোৰ ফালৰ পৰা, বৰ কম। আনহাতেদি কিন্তু এচাম পাঠক গঢ়ি উঠিছে আৰু তেওঁলোকে কল্পবিজ্ঞান পালেই বিচাৰি-মেলি সেইবোৰ পঢ়ে আৰু বিশেষকৈ সম্পাদকসকলে পাঠক সকলৰ এই কথাটো বুজিছে কাৰণে তেওঁলোকে সদায় বিহু সংখ্যা, পূজা সংখ্যা, বিশেষ আলোচনী আদিত কল্পবিজ্ঞান গল্প-উপন্যাস আদি বৰকৈ বিচাৰে।

প্ৰঃ চাৰ, আপুনি লিখা এক প্ৰবন্ধত পঢ়িছিলোঁ যে মাৰাঠী ভাষাত বছৰে ৫০ টা মান কল্পবিজ্ঞানৰ গল্প-উপন্যাস প্ৰকাশ পায় কিন্তু অসমীয়া ভাষাত বছৰে তেনে লিখা মাত্ৰ ১০ টা মানহে প্ৰকাশ পায় বৰ্তমান সময়ত অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ অৱস্থা আপুনি কেনেকুৱা বুলি ভাবে ?

উঃ এতিয়াও প্ৰায় একে চলি আছে। এটা সময়ত মাত্ৰ কল্পবিজ্ঞান বেছি হৈছিল, সেইটো বোধকৰোঁ মোৰ নিজৰ চেষ্টাৰ কাৰণে হৈছিল। অবিকল বুলি এখন আলোচনী আছিল আৰু তাত প্ৰতি মাহে এটাকৈ মানে বছৰত ১২ টা মান হৈয়ে গৈছিল, তেনেকৈ তাৰ লগতে আৰু ন-দহটা মান যোগ দিলে বিছ-পঁচিশটা মানলৈকে বছৰত উঠিছিল কেইবছৰমান ধৰি। কিন্তু তাৰ পিছত অবিকলত আমাৰ সেই লেখা আৰু শেষ হৈ গল, বহুত কেইটা লেখা হ’ল, চল্লিছ-পঞ্চাশটা হয়তো হৈ গল। তাৰ পিছত এতিয়া আমাৰ নিজৰ চেষ্টা লগতে বাকী লেখক সকলৰ চেষ্টাত কিছু কল্পবিজ্ঞান গল্প বা উপন্যাস ওলাই আছে, কিন্তু সংখ্যা মাৰাঠী ভাষাৰ লগত তুলনা কৰিব নোৱাৰি, একেবাৰে তলত আছে।

প্ৰঃ অসমীয়া সাহিত্যত কল্পবিজ্ঞান ভবিষ্যতে সঠিক দিশে যাবলৈ কি কৰিব লাগিব আৰু আপুনি কেনে হোৱা বিচাৰিছে

উঃ ভৱিষ্যতৰ লেখকসকল যথেষ্ট এই বিষয়ত সচেতন হ’ব লাগিব তথা গুৰুত্ব দিব লাগিব আৰু তেওঁলোকে বিজ্ঞানত তেওঁলোকৰ ভেটিটো ভালকৈ গঢ়ি লব লাগিব। কল্পবিজ্ঞানত হয় কি, সদায় প্ৰথমতে সি বিজ্ঞানৰ ওপৰত ভিত্তি কৰে আৰু সি তাৰ পিছত গল্প-উপন্যাস হৈ পৰে। আৰু সেই কাৰণে যেতিয়া গল্প-উপন্যাস হৈ পৰে সি সদায় মানবীয় আবেগ-অনুভূতি, মানৱীয় স্বভাৱ-চৰিত্ৰ, মানুহৰ সংঘাত, মানুহৰ হৃদয়ৰ কথা, সেইখিনি ধৰি ৰাখে আৰু চৰিত্ৰ সমুহৰ বিকাশ ঘটায়। গতিকে এইকামটো কল্পবিজ্ঞানে কৰিব লাগিলে তেওঁ এজন ভাল গল্প লিখক বা উপন্যাসিকতো হব লাগিলেই। গল্পৰ লিখন বা গল্পৰ নাটকীয়তা সেই বস্তু আহিব লাগিব, উপন্যাসৰ সাৱলীলতা আহিব লাগিব। এই কথাখিনি থকাৰ বাহিৰেও তেওঁৰ বিজ্ঞানৰ ভিত্তিটো অতি গভীৰ হব লাগিব। কাৰণ সেয়া নহলে এটা সম্ভাব্য বিজ্ঞানৰ কথা নাথাকিলে, এখন অন্য জগতৰ চিত্ৰ বিজ্ঞানৰ ভিত্তিত ৰচিব নোৱাৰিলে, অবিজ্ঞান হৈ পৰিলে সি কল্পবিজ্ঞান নহয়। গতিকে লেখকসকল এই বিষয়ত সাৱধান হব লাগিব।

প্ৰঃ দেখা যায় বহুতো কল্পবিজ্ঞান উপন্যাসত চিত্ৰিত কৰা বস্তু এটা পাছৰ সময়ত বাস্তৱলৈ ৰূপান্তৰিত হৈছে উদাহৰনস্বৰূপে জুল ভাৰ্ণৰ উপন্যাস কিছুমানৰ কথাকে ক‘ব পাৰি গতিকে সফল কল্পবিজ্ঞান সাহিত্যৰ বাবে লিখকজনৰ বৈজ্ঞানিক জ্ঞান থকাটো বাঞ্চনীয় অসমত বিজ্ঞান চৰ্চাৰ সীমিত পৰিসৰ বা আন তেনে কোনো কথাই ইয়াৰ ওপৰত প্ৰভাৱ পেলাইছে বুলি আপুনি ভাৱেনে?

উঃ অসমৰ বিজ্ঞান চৰ্চাই বোধহয় প্ৰভাৱ সদায় পেলাবই কাৰণ হ’ল ইয়াত বিজ্ঞানৰ বিকাশ ইমান ঘটা নাই, ইমান উন্নত বিজ্ঞানাগাৰো বৰ বেছি হোৱা নাই। দুই এটা অৱশ্য উন্নত বিজ্ঞানাগাৰ হৈছে, কিন্তু পৰিবেশ এটা সৃষ্টি হোৱা নাই যে বিজ্ঞানৰ পৰিবেশ বা সৰ্বসাধাৰণ মানুহে বিজ্ঞানৰ কথা জানি গৈছে, এনেকুৱা কথাও হোৱা নাই। ছাত্ৰ-ছাত্ৰী সকলেও যথেষ্ট সা-সুবিধা পোৱা নাই। বিজ্ঞানৰ গৱেষণাগাৰ এটাই হয়তো বহুতে দেখা নাই। এই অৱস্থাত কল্পবিজ্ঞানৰ কথা অংকুৰিত হোৱাটো কিছু টান কাম। কিন্তু যি সকলোৰ হৈছে, যিসকলে সীমিত হলেও সুবিধা পাইছে, তেওঁলোকেও যদি অলপ গভীৰভাৱে বিষয়টো অধ্যয়ন কৰে আৰু কল্পবিজ্ঞান কৰিব লাগিব বুলি ভাবে, সম্পাদক সকলেও উৎসাহ দিয়ে, সমালোচক সকলে উৎসাহ দিয়ে, পাঠকৰ উৎসাহ যিহেতু কিছু পৰিমাণে আছেই তেতিয়া কল্পবিজ্ঞান কিছু আগবাঢ়ি যাব পাৰিব।

প্ৰঃ আপুনি সাহিত্যৰ এইটো দিশলৈ আগ্ৰহান্বিত হোৱাৰ বিশেষ কোনো কাৰণ আছে নেকি?

উঃ মই দুই এটা কল্প বিজ্ঞান পঢ়িছিলোঁ, বৰ বেছিকৈ পঢ়িছিলোঁ বুলিও মই ক’ব নোৱাৰোঁ। সেই কল্পবিজ্ঞান বিলাকো বৰকৈ আকৰ্ষণ কৰিছিল। কিন্তু বিজ্ঞানে বিশেষকৈ মহাবিদ্যায়লৈ পঢ়িবলৈ আহিলোঁ, বিশ্ববিদ্যালয়লৈ আহিলোঁ তেতিয়া দেখিলোঁ যে এই বিজ্ঞানৰ কথাবিলাক মই মানুহক কোৱা উচিত। কিবা এটা তাড়না, সেইটো যেন এটা গল্প কোৱাৰ তাড়না, আচলতে কল্পবিজ্ঞান কোৱাৰ তাড়না নহয়। কিন্তু এদিন হয়তো হঠাৎ এটা বস্তু মনত খেলাই গ’ল যে মই যেন বিজ্ঞানৰ কথাবোৰ এটা কল্প কাহিনীৰ মাজেৰে, এখন সম্ভাব্য জগতৰ কথাৰ মাজেৰে লৈ যাব পাৰোঁ। গতিকে তেনেকৈয়ে আৰম্ভ হ’ল।

প্ৰঃ আপোনাৰ মতে বিশ্বৰ কেইখনমান শ্ৰেষ্ঠ কল্পবিজ্ঞান উপন্যাস বা গল্প কি কি বাৰু?

উঃ মই প্ৰথমতে আৰ্থাৰ চি. ক্লাৰ্কৰ ২০০১ আৰু তাৰ পাছৰ যিখিনি আছে সেইখিনিৰ নাম লব লাগিব। সেই শৃংখলাত আছে ২০১০, ২০৬১ আৰু তাৰ পিছত ৩০০১ দি লাষ্ট অ’ডিছি আছে। ২০০১ খনক এ স্পেছ ওডিছি বুলি কৈছে আৰু তাৰ পিছৰ কেইখনৰ বেলেগ বেলেগ নাম আছে আৰু শেষৰ খন নাম “দি লাষ্ট অ’ডিছি”। এই শৃংখলা অতি ওপৰৰ বুলি মই এই কাৰণৈ ক’ব খুজিছোঁ যে তাত কেৱল কল্পবিজ্ঞানৰ কথাই নহয়, মানুহৰ যেন সমস্ত দৰ্শন সোমাই আছে। আৰু তাত এবাৰ সোমাই গ’লে যেন মানুহে উদ্ধাৰ নোহোৱাকৈ তাৰ ভিতৰত সোমাই থাকিব লাগিব এনেকুৱা ধৰণৰ এটা ভাৱ হৈ যায়। সেই কাৰণে অতি ওপৰৰ বুলি কওঁ। কিন্তু তাৰ বাহিৰেও এচিমভৰ “দা ফেণ্টাচটিক ভয়েজ” বা “দা নেকেড ছান”, এনেকুৱা ধৰণৰ বহুত কেইখন অতি উচ্চখাপৰ কিতাপ আছে। তাৰ আগৰ জুল ভাৰ্ণ আৰু এইছ. জি. ৱেল্‌ছৰ কিতাপ বিলাক আছে। তেওঁলোকৰ সমস্ত কল্পবিজ্ঞান কিতাপেই বৰ উন্নত। গতিকে এই বিলাকৰ নাম লৈ শেষ কৰিব নোৱাৰি বা এইখনতকৈ সেইখন কম বা বেছি বুলি কব নোৱাৰি। কিন্তু সদায় মোৰ মনটো হয়তো নিজে ২০০১-ৰ লগত বৰ বেছিকৈ জড়িত হোৱাৰ কাৰণে হব পাৰে যে এই শৃংখলাটো মোক সদায় আচ্ছন্ন কৰি ৰাখে।

প্ৰঃ বেলেগ ভাষাৰ বিখ্যাত কিতাপ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰি নেকি? সেইক্ষেত্ৰত কোন কেইখন কিতাপৰ অনুবাদ খুবেই জৰুৰী?

উঃ মই এই কথাটো অনুভৱ কৰিছিলোঁ। সেই কাৰণে একেবাৰে এটা বুনিয়াদী হিচাবে বা প্ৰথম প্ৰাথমিক স্তৰ বা তাৰ ভূমি হিচাবে মই ভাবিলোঁ যে এইছ. জি. ৱেল্‌ছৰ “সময় যন্ত্ৰ” আৰু জুল ভাৰ্নৰ গোটেইখিনি কিতাপ যিমান পাৰি অনুবাদ কৰি পেলাব লাগে আৰু সেইকাৰণেই মই শৰাইঘাট প্ৰকাশনৰ পৰা কালজয়ী সাহিত্য নামৰ এটা এশখন কিতাপৰ শৃংখলা চলাইছিলোঁ। আৰু সেই এশখন কিতাপৰ মাজত বহু কেইখন কল্পবিজ্ঞান তাত লৈ আহিছোঁ। জুল ভাৰ্নৰ চাৰি-পাঁচখন লৈ আহিছোঁ আৰু এইছ. জি. ৱেল্‌ছৰ কেইখনমান। এইবিলাক বিভিন্ন মানুহে কৰিছে, মই নিজেও কৰিছোঁ। কিন্তু এই কিতাপ কেইখনৰ বাহিৰেও জুল ভাৰ্নৰ আৰু কেইবাখনো কিতাপ বাকী আছে। তাৰ পিছত আৰ্থাৰ চি. ক্লাৰ্ক, আইজাক এচিমভ আৰু কাৰ্ল ছেগান, এখেত সকলোৰ কিতাপৰ কপিৰাইট পোৱাটো কিছু টান কাম। কিন্তু অলপ চেষ্টা কৰিলে আৰু বিশেষকৈ অসমীয়াত যে যথেষ্ট ছপা নহয় আৰু সিমান লাভৰ কথা নুঠে, এই কথাটো বুজাই দিব পাৰিলে যেনেকৈ মোক ২০০১ত কোনো ধন নোলোৱাকৈ তেওঁলোকে কপিৰাইট দি দিছিল, তেনেকুৱা ধৰণৰ ইয়াতো সম্ভৱ হ’ব। আৰু তেতিয়া এই কেইখন কিতাপ মই কোৱা, আৰ্থাৰ চি. ক্লাৰ্ক, এচিমভ, হেণ্ডলিন আৰু কাৰ্ল ছেগান, এখেত সকলোৰ কিতাপ অনুবাদ কৰি পেলাব লাগে। পাৰিলে আটাই কেইখন কিতাপ অনুবাদ কৰিব লাগে।

 

প্ৰঃ কল্পবিজ্ঞানে সৰু ল‘ৰা-ছোৱালীক বিজ্ঞান চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে বুলি আপুনি ভাবেনে?

উঃ সেইটো একেবাৰেই ঠিক কথা। কাৰন আইজাক এচিমভেতো আত্মজীৱনী তিনিখন লিখিছে আৰু তিনিখনৰ অন্ততঃ দুখনত মই পাইছোঁ যে তেওঁ কল্পবিজ্ঞানৰ কাৰণেই এই জগতখনত, বিজ্ঞানৰ জগতখনত আৰু কল্পবিজ্ঞানৰ জগতখনতো, সোমাই পৰিল। আৰু তেওঁ সৰুতে যদি দেউতাকৰ দোকানখনত গ্ৰাহকৰ কাৰণে ৰাখি থৈ দিয়া আলোচনীব থপিয়াই থপিয়াই সেই কল্পবিজ্ঞান নপঢ়িলহেঁতেন, তেতিয়া হলে তেওঁ এই দিশত নগলেইহেঁতেন হয়তো। তেনেদৰে ফাইনমেন.. ফাইনমেনে বাৰে বাৰে কৈছিল যে তেওঁ কল্পবিজ্ঞানৰ দ্বাৰা আকৃষ্ট হৈ পৰিছিল। তেনেকুৱা বহুত কেইজন বিজ্ঞানীৰ কথা আছে বা এতিয়াও বহুত বিজ্ঞানী আছে যি সকলে কল্পবিজ্ঞানৰ দ্বাৰাহে বিজ্ঞানৰ জগতখনলৈ আকৃষ্ট হৈছে আৰু কল্পবিজ্ঞানৰ জগতখনলৈও আৰু বেছি আকৃষ্ট হৈছে।

প্ৰঃ কল্পবিজ্ঞানৰ গল্প/উপন্যাসসমূহলৈ মন কৰিলে দেখা যায়, আগৰ দিনৰ (জুল ভাৰ্ন, এইছ. জি. ৱেল্ছ, এছিমভ, বা আৰ্থাৰ চি ক্লাৰ্ক) গল্পত ভৱিষ্যতৰ কাহিনী দৰ্শাওঁতে প্ৰায়েই বিজ্ঞানৰ অগ্ৰগতিক ধনাত্মক দিশত দেখুওৱা দেখা যায়, ইয়াৰ বিপৰীতে বৰ্তমানৰ দিনৰ কাহিনীত (বিশেষকৈ হলিউডৰ কল্প-বিজ্ঞান) ভৱিষ্যত পৃথিৱীখনক এক ঋণাত্মক দিশতহে (dystopian) দেখুওৱা দেখা যায় ইয়াক অকল কাহিনীৰ ফেড (fad) বুলি আপোনাৰ মতে শেষ কৰিব পাৰি নে? নে ই সামগ্ৰিকভাৱে পৃথিৱীৰ মানুহ বিজ্ঞানৰ ধনাত্মক-কল্যাণকামী দিশটোৰ প্ৰতি সন্দিহান হৈ অহাটো বুজায় নেকি?

উঃ এই দুয়োটা কথা বোধ হয় সচাঁ, এটা হ’ল যে ব্যৱসায়িক দিশটোৰ প্ৰতি চালে বৰ বেছি ধনাত্মক দিশ দেখুৱাই বৰ সুখৰ ছবি দি দিলে আৰু কোনো বিশেষ নাটকীয়তা বা এটা লোমহৰ্ষক কাহিনী নাথাকিলে সেয়া ব্যৱসায়িকভাৱে সাফল্য অৰ্জন কৰিব পৰা বিধৰ বস্তু নহব। সেই কাৰণে এটা কথা হৈ পৰে, সেইটো হয়তো যি সকলে ব্যৱসায় কৰিছে তেওঁলোকৰ কথা। আনটো ফালেদি জনসাধাৰণেও কিন্তু বিজ্ঞানৰ লগত সকলো কথা গ্ৰহন কৰাৰ পাছতো বিজ্ঞানৰ এটা ঋণাত্মক দিশৰ কথা কৈ সদায় ভাল পায়। সেইটো আমি সভা-সমিতিত গলে দেখোঁ যে বিজ্ঞান সদায় ঋণাত্মক নেকি বা মহাকাশলৈ, মঙ্গল গ্ৰহলৈ যে যান এখন পঠাইছে তাৰ সলনি আমাৰ ইয়াতে খোৱাপানীৰ যোগান ধৰিলেহে বেছি ভাল হ’লহেঁতেন নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন এটা সদায় আহে। অৰ্থাত তাৰ ঋণাত্মক দিশটো সদায় উদঙাই জনসাধাৰনে দেখুৱাই ভাল পায়। জনসাধাৰণৰ মনত এই সামান্যভাৱে থকা দিশটোক ব্যৱসায়িকভাৱে অলপ বেছি ওপৰলৈ উদঙাই দি তেওঁলোকে ব্যৱসায়ৰ সাফল্যৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বুলি মোৰ ভাৱ হয়।

প্ৰঃ ইয়াৰ আঁৰত কিবা সাংস্কৃতিক-ৰাজনৈতিক কাৰণো থকা বুলি ভাবে নেকি?

উঃ ঋণাত্মক কাৰণৰ লগত ৰাজনৈতিক এটা আছিলেই যে এটা সময়ত ধ্বংসাত্মৰ কামত বিজ্ঞান বৰ বেছিকৈ ব্যৱহাৰ কৰা হৈছিল। এতিয়াও যুদ্ধ-বিগ্ৰহ আদিত, বা উগ্ৰপন্থীৰ ফালৰ পৰা সেইবোৰ ৰাজনৈতিক ভাৱে সমস্যা উদঙাই দিয়া নহব পাৰে কিন্তু ৰাজনৈতিক ভাৱ কৰা বহুত সমস্যাৰ বাবে হয়তো উগ্ৰপন্থীৰ সৃষ্টি হৈছে। গতিকে এনেকুৱা বিলাক দিশ এটা সদায় আছে। যেতিয়া ঋণাত্মক ছবি এটা দি কিতাপ এখন লিখিছে বা হলিউডৰ চিনেমা এখন কৰিছে তেতিয়া কিন্তু ৰাজনৈতিক বা সামাজিক দিশতকৈ ওপৰত থাকে ব্যৱসায়িক দিশটো।

প্ৰঃ বিজ্ঞান সাহিত্য এসময়ত জনপ্ৰিয় হৈছিল, কিন্তু দেখা যায় এতিয়া বিজ্ঞান সাহিত্যৰ চৰ্চা সিমান এটা হোৱা দেখা নাযায় ইয়াৰ কাৰণ কি বুলি ভাবে?

উঃ এতিয়াও বিজ্ঞান সাহিত্যৰ চৰ্চা কমি যোৱা আচলতে নাই, বিজ্ঞানৰ প্ৰতি যথেষ্ট আছে আৰু বিশেষকৈ আমাৰ অসমত মই দেখিছোঁ, বেলেগতো বাৰু আছেই যেতিয়া আলোচনী এখন চলে বহুত বেছি পাঠকৰ সংখ্যা পোৱা যায়, কিন্তু অসমতো সেয়া নোহোৱা নহয়। এটা কথা হ’ল বিজ্ঞান তেওঁলোকে গ্ৰহণ কৰিব পৰা, যিটো সমাজক দিম বা যাক দিম তেওঁলোকে গ্ৰহণ কৰিব পৰাকৈ দিলে তেতিয়া গ্ৰহণ কৰা মানুহ আছে আৰু সেয়া যথেষ্ট আছে। কাৰন আমাৰ নিজৰ কিতাপৰ ক্ষেত্ৰতে দেখিছোঁ যে কিছুদিনৰ পিছে পিছে একোটা সংস্কৰণ কিছুমান কিতাপৰ শেষ হৈ গৈছে। গতিকে এই বস্তুটো আগ্ৰহৰ অভাৱ ঠিক নহয়। কিন্তু তথাপিও প্ৰচাৰৰ বা সজাগতাৰ যে প্ৰয়োজন আছে। আৰু এতিয়া কেৱল ছাত্ৰ-ছাত্ৰী সকলোক এটা লক্ষ্য গোট হিচাবে লোৱা হৈছে কিন্তু সমাজৰ আন গোটবিলাকৰ কাৰণে বিজ্ঞান তেনেকৈ দিব যত্ন কৰা হোৱা নাই, সেই কথাটো অলপ বেছি চেষ্টা থাকিব লাগে।

প্ৰঃ কল্পবিজ্ঞানৰ প্ৰতি আপোনাৰ ধাৰণা কেনে? কল্পবিজ্ঞানক বিজ্ঞানে ভেঙুচালি কৰে বুলি আপুনি অনুভৱ কৰে নে এক নতুন দিগন্তৰ বাট মুকলি কৰি দিয়ে বুলি অনুভৱ কৰে?

উঃ আচলতে পাছৰটোহে সঁচা। কল্পবিজ্ঞানে নতুন দিগন্তৰ বাট মুকলি কৰে কাৰণ বিজ্ঞানীসকলেও কল্পনা কৰিব লাগিব আৰু কেতিয়াবা তেওঁলোকক বাট দেখুৱাই লৈ গুছি যায়। কল্পবিজ্ঞানে এতিয়াৰ বিজ্ঞানখিনিৰ কথা মনত ৰাখে আৰু সম্ভাব্য জগত এখনৰ সৃষ্টি কৰে। তাত এটা আৱিষ্কাৰ হয় যিটো আৱিষ্কাৰ এতিয়াৰ বিজ্ঞানাগাৰত হোৱা নাই আৰু সেই আৱিস্কাৰৰ ভিত্তিত জীৱন কিছুমান চলি থাকে। হয়তো বিজ্ঞানীৰ জীৱন নাইবা সাধাৰণমানুহৰ জীৱন তাৰ দ্বাৰা আচ্ছন্ন হৈ পৰে। তেওঁলোকৰ সংঘাত হয়, সুখ-দুখ হৰ্ষ-বিষাদ হয়, সেই কথাখিনিকে ধৰি ৰাখি কল্প কাহিনীটো সৃষ্টি হয়। কিন্তু তাত যিটো বিজ্ঞানৰ আৱিষ্কাৰৰ কথা কয় সেইটো বৰ আচৰিত ধৰণৰ কথা। উদাহৰণ স্বৰূপে এগৰাকী বিজ্ঞানীয়ে আজিৰ পৰা কেইবছৰমান আগতে, হয়তো দুই-আঢ়ৈ দশক, তেওঁ হঠাত ভাবি পালে যে ডাইন’ছৰৰ নতুন সৃষ্টি কৰিব পাৰি নে নোৱাৰি। তেতিয়া দেখা গল যে ডি.এন.এ. পালে পৰা যাব। কিন্তু ডাইন’ছৰৰ যিবোৰ হাড় জীৱাশ্ম হিচাপে আছে তাত ডি.এন.এ.-ৰ এটা সম্পূৰ্ণ নক্সা পোৱা নাযায়। গতিকে এজন কল্পবিজ্ঞান লেখকে ভাবি উলিয়ালে যে কথাটো এনেকুৱা হ’ব পাৰে নেকি যে তেতিয়া থকা কীট-পতংগ কোনোবা এটা ডাইন’ছৰৰ তেজ খাইছিল। তেনেকুৱা ডাইন’ছৰৰ তেজ শেষ সাজ খাদ্য হিচাবে খোৱা কিছুমান পোক মৰি গৈছিল আৰু সিহঁত জীৱাশ্ম হৈ গৈছিল। আৰু তেনেকুৱা এটা পোক উদ্ধাৰ হ’ল বা কেইটামান পোক উদ্ধাৰ হ’ল। সিহঁতৰ গাত ডাইন’ছৰৰ ডি.এন.এ.টো পোৱা গ’ল, সেয়া ডাইন’ছৰৰ তেজ আৰু তাৰ পৰা ডাইন’ছৰ এটা পুনৰ উদ্ধাৰ হ’ল। আৰু তেনেকুৱা এটা ধাৰণাৰ ভিত্তিতে ক্ৰিক্‌টনৰ এখন কিতাপ হ’ল আৰু তাৰ পিছত ষ্টিভেন স্পিল্‌বাৰ্গে জুৰাচিক পাৰ্ক চিনেমা এখন কৰিছে। আৰু তাৰ পিছত সেইখন চিনেমা বিখ্যাত হৈ পৰিল কাৰণ তাত অতি নাটকীয়তা দিয়া হ’ল। বিজ্ঞানীসকলে কলে যে তেনেকুৱা এটা ঘটনা ঘটিব নোৱাৰে, কাৰণ সেইটো এতিয়াও বিজ্ঞানত ঘটা নাই। কিন্তু আনফালে হ’ল কি, তাৰ ভিত্তিতে এতিয়া ডাইন’ছৰক পৰা নাই, কিন্তু ড’ড’ বা একেবাৰে ওচৰত থকা যিবিলাকৰ হয়তো ছালখন এতিয়াও সংগ্ৰহালয়ত আছে, বা হাড় বা তেজৰ নমুনা আছে, কোষ আছে তেনেকুৱা বিলাকৰ পৰা কিন্তু পুনৰ জনন বা সেই জীৱটোক পুনৰ উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা চলিছে। সেইটো ঠিক পোনে পোনে ডি.এন.এ.-ৰ পৰা সৃষ্টি কৰাৰ সলনি এতিয়া ওচৰা-ওচৰি থকা বেলেগ প্ৰজাতিৰ জৰিয়তে সিহঁতক সৃষ্টি কৰাৰ চেষ্টা চলিছে। আৰু তেনেকুৱা ঘটনাৰ এইটো চেষ্টাহে চলিছে কিন্তু সাফল্য লাভৰো বহুত উদাহৰণ আছে।

প্ৰঃ কল্পবিজ্ঞান সাহিত্য অন্য ভাষাৰ তুলনাত অসমীয়া ভাষাত পিছপৰি আছে বুলি আপুনি ভাবেনে?

উঃ মই কথাটো নাভাবো। এই কাৰণে নাভাবো যে ইয়াত সংখ্যাত বহুত কম আছে, কিন্তু গুণগত মানত (তলৰ বহুত আছেই সেই কথাটো ক’বই লাগিব। সদায় বেছি যেতিয়া হয় তেতিয়া যি কোনো ক্ষেত্ৰতে ক’ব পাৰি যে তাৰ নমুনা সংগ্ৰহ কৰিলে নমুনাত কিছুমান থাকিব যে গুণগত মানত মান এটা ৰক্ষা কৰিব, কিছুমানে মান ৰক্ষা নকৰে আৰু কিছুমান অতি উচ্চমানৰ হব), অসমীয়াত তেনে উচ্চমানৰ কল্পবিজ্ঞান গল্প আছে আৰু সেইবিলাকক লৈ অসমীয়া সাহিত্যই কল্পবিজ্ঞান সাহিত্য হিচাবেই নহয়, অসমীয়া সাহিত্য হিচাপে গৰ্ব কৰিব পাৰে।

প্ৰঃ অসমীয়া সাহিত্যত কল্পবিজ্ঞান ভৱিষ্যতে সঠিক দিশে যাবলৈ কি কৰিব লাগিব আৰু আপুনি কেনে হোৱা বিচাৰিছে?

উঃ আমাৰ যি সকল কল্পবিজ্ঞান লিখিবলৈ আহে তেওঁলোকে মনত ৰাখিব লাগিব যে এইটো এটা গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াত যথেষ্ট মনোযোগ, যথেষ্ট গাম্ভীৰ্যৰ প্ৰয়োজন আছে। বিজ্ঞানক বৰ উপৰুৱা, বৰ উতনুৱা কথা বুলি লৈ কল্পবিজ্ঞান লিখিবলৈ আগবাঢ়িব নোৱাৰি। তেওঁলোকৰ বিজ্ঞানৰ জ্ঞানখিনিতো থাকিবই লাগিব, ভবিষ্যতে যোৱা বিজ্ঞানৰ কথাৰ দিশ যিখিনি দেখুৱাব, কিবা এটা যন্ত্ৰৰ দিশ দেখুৱাব, সেইটো এটা অসম্ভৱ নীতিৰ ওপৰত ভিত্তি কৰি হ’ব পাৰিব নালাগিব। যেনে বিজ্ঞানে সদায় পদাৰ্থ বিজ্ঞানৰ নীতি বা উদ্ভিদ বিজ্ঞানৰ নীতি, জীৱ বিজ্ঞানৰ নীতি পালন কৰে, সেই নীতিখিনি কোনেও সলাব নোৱাৰে। গতিকে সেই নীতি খিনিৰ ভিত্তিত এতিয়া ভাবিব নোৱাৰা কথাৰে, মই যেনেকৈ ডাইন’ছৰৰ তেজৰ উদাহৰণ দিলোঁ যিটো নীতি ভঙ্গ কৰা নাই, নীতি ভঙ্গ নকৰাকৈ বিজ্ঞানটো অলপ ওপৰলৈ গৈছে। তুমি ডাইন’ছৰৰ তেজ বিচাৰি নাপালা কোনো কথা নাই, কিন্তু ডাইন’ছৰৰ তেজ কীটে খাইছিল, কীট জীৱাশ্ম হ’ল আৰু কীটৰ ভিতৰত পোৱা তেজ, এনেকুৱা এটা ধাৰণা যে দিব পাৰে, সেইটো কল্পবিজ্ঞানে সদায় দিব পাৰে। এনেকুৱা কথাবিলাকৰ কাৰণে যিসকল কল্পবিজ্ঞান লেখক হব তেওঁলোক বিজ্ঞানী নহলেও হব। অসমতো তাৰ উদাহৰণ আছে যে নৱকান্ত বৰুৱাই যিখন অপদাৰ্থ বুলি কিতাপ লিখিছে, তেওঁ নিজে বিজ্ঞানৰ মানুহ পোনে পোনে নহয় কিন্তু তেওঁৰ বৈজ্ঞানিক মনটো আছে কাৰনে লিখিব পাৰিছে। গতিকে তত্বগত কথাখিনি শুদ্ধ কৰি ৰাখি যদি মানুহজনে লিখে তেতিয়া লিখিব পাৰিব আৰু এই দিশত কল্পবিজ্ঞানৰ লেখক সকল মনযোগ দিব লাগিব।

প্ৰঃ কল্পবিজ্ঞানত আপোনাৰ অৱদানৰ বিষয়ে চমুকৈ ক’ব নেকি, লগতে এইক্ষেত্ৰত আপোনাৰ ভবিষ্যতৰ পৰিকল্পনা বিষয়ে দু-আষাৰ মান কওক

উঃ মই তেতিয়া গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ, ১৯৭০ চনত, দৈনিক অসমৰ ফালৰ পৰা মোক এটা পূজা সংখ্যাত লিখিবলৈ, তেতিয়া ফণী তালুকদাৰ বোধহয় তাত সহকাৰী সম্পাদক হিচাপে আছিল আৰু কীৰ্তিনাথ হাজৰিকা বোধহয় সম্পাদক আছিল, মোক ফণী তালুকদাৰে কৈছিল। তেখেতে যিহেতু পূজা সংখ্যা আলোচনীখন চলাব ১৯৭০ চনত, মই তেতিয়া বি. বৰুৱা মহাবিদ্যালয়ত নতুনকৈ চাকৰিত যোগ দিছোঁ মাত্ৰ, তেখেতে মোক গল্প এটা লিখিবলৈ ক’লে। মই ভাবিলোঁ যে কল্পবিজ্ঞান এটাই লিখি দিওঁ কাৰণ মোৰ মনত সেইটো উকমুকাই আছিলেই। সেইটো বৰ উৎকৃষ্ট খাপৰ হৈছিল নে নাই ক’ব নোৱাৰোঁ কিন্তু কল্পবিজ্ঞানৰ সকলো নীতি নিয়ম মানি লৈছিল। তাৰ পাছত মই আৰু কেবাটাও লিখি গৈ থাকিলোঁ আৰু সদায় এটা উৎসাহ পাই ফণী তালুকদাৰৰ পৰা বা লেখক-পাঠক সকলোৰ পৰা। আৰু লিখি গৈ থাকি শেষত মোৰ এতিয়ালৈকে ৭ খন গল্প সংকলন হ’ল, ৭ খন উপন্যাস হৈছে আৰু সেইবিলাকৰ সংকলন নোহোৱাকৈ থকা গল্পও কিছু আছে। তাত বাহিৰে বিশেষকৈ ৰেডিঅ’ই বহুত উৎসাহ দিলে, ৰেডিঅ’ত মই প্ৰথমতে হয়তো নিজৰ তাগিদাত এখন নাটক দাখিল কৰিলোঁ। কিন্তু তাৰ পাছত ৰেডিঅ’ত বহু কেইখন, হয়তো দুই কুৰিতকৈ অধিক কল্পবিজ্ঞান নাটক হৈ গল। আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ ডিব্ৰুগড় কেন্দ্ৰৰ সঞ্চালক মুনীন ভূঞাৰ তাগিদাত এখন ১৩টা খণ্ডৰ নাটক, এখন ১৩টা খণ্ডৰ কল্পবিজ্ঞান উপন্যাস লিখি দিবলগীয়া হৈছিল। গতিকে থুলমুলকৈ এইখিনিয়ে মোৰ কল্পবিজ্ঞানৰ বিষয়ে বাট বুলি আছোঁ। আৰু ভৱিষ্যতলৈ সদায় তাড়নাটো আছে যে ভাল কল্পবিজ্ঞান গল্প যেন এতিয়াও লিখিব পৰা নাই, আৰু ওপৰলৈ যাব লাগিব।

প্ৰঃ আপোনাৰ কল্পবিজ্ঞানৰ কিতাপ কেইখনমান ইউনিক’ড কৰিবলৈ সাহিত্য.অৰ্গক দিব নেকি? (কপিৰাইটৰ কথাটোও পাতিব লাগিব পাছে)

উঃ কপিৰাইট মোৰ হাততে আছে। প্ৰকাশকক মাত্ৰ মই মাথোঁ একাষাৰ কৈ ল’ব লাগিব আৰু কৈ লৈ তেনেকুৱা এখন-দুখন হয়তো দিব পৰা যাব। মোৰ ফালৰ পৰা কোনো আপত্তি নাই, সেই বিষয়ে কথা পাতিব পৰা যাব। কপিৰাইটৰ কোনো কথাই নাই। আৰু বিশেষকৈ এতিয়া এগৰাকী প্ৰকাশকে গোটেই সাহিত্যখিনিৰ, গল্প, উপন্যাস আৰু এখন শিশু নাটিকা, এই পোন্ধৰখন কিতাপৰ এটা সংকলন উলিয়াবলৈ খুজিছে আৰু এইখিনি গীতাঞ্জলীত ডিটিপি কৰা অৱস্থাত আছে, তাৰ পৰা যদি পোনে পোনে ইউনিকোডলৈ নিব পৰা যায় তেনেহলে সহজ হ’ব, নহলে যদি আকৌ নতুনকৈ ইউনিক’ডত টাইপ কৰিব লগা হয় তেতিয়া অলপ কষ্টকৰ হ’ব।

প্ৰঃ ২০৫০ চনৰ ভিতৰত ন’বেল বঁটাৰ যোগ্য গৱেষণাৰ কাম অসমত আৰম্ভ কৰিবলৈ আপোনাৰ মতে কেনেকুৱা ব্যৱস্থা লোৱা উচিত?

উঃ আমাৰ এই বিজ্ঞানাগাৰৰ সুবিধা লাগিবই, এতিয়া কোনোৱে আৰু ঘৰত ভাবি-চিন্তি বিজ্ঞান কৰিব নোৱাৰে, সেই দিন নাই। আৰু সাধাৰণতে দেখা যায় যে ন’বেল বঁটা যদিও এজন বা দুজন মানুহে পায়, তেখেত সকলোৰ লগত বহুত মানুহ থাকে। আৰু কেতিয়াবা কেতিয়াবা ধাৰণা একোটা সৃষ্টি হয় এজন মানুহৰ পৰা নহয়, গোটেই পৃথিৱীতেই এটা সময়তে হয়। কিন্তু কেতিয়াবা তাৰ ভিতৰত কিবাকিবি কাৰণত, যেনেকৈ এইবাৰ হিগছ্ বছনৰ কাৰনে মাত্ৰ তিনি জনকহে দিব পৰা গল। তাৰে এজনৰ আকৌ মৃত্যু হ’ল, গতিকে দুজনে পালে। কিন্তু ছজন মানুহ জড়িত আছিল, তেওঁলোকক দিব পৰা নগ’ল অলপমান সময়ৰ তাৰতম্যৰ কাৰণে আৰু বিশেষকৈ ন’বেল পুৰস্কাৰত মানুহ ইমানখিনি থাকিব নোৱাৰে কাৰণে। গতিকে সেই কথাখিনিৰ কাৰণে আমাৰ ইয়াতো দলটো গোটেই পৃথিৱী জুৰিও হব পাৰিব। আমাৰ ইয়াৰ পৰা কোনোবা এজনে পাব লাগিলে আৰু তেনেকুৱা এটা আন্তঃজাতিক দলত থাকিব লাগিলে আমাৰ বৈজ্ঞানিক সা-সুবিধা আৰু অনুপ্ৰেৰণা বঢ়াব লাগিব। সা-সুবিধা বঢ়োৱাটো সিমান টান কাম নহয়, এইটো চৰকাৰী সাহায্য বা কেতিয়াবা কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পৰাও পোৱা যাব। কিন্তু অনুপ্ৰেৰণা আকৌ বিজ্ঞানীৰ এটা চামে দিব লগীয়া হয়, জেষ্ঠ্য বিজ্ঞানীসকলে দিব লগীয়া হয়। এই কামটোত কেতিয়াবা কেতিয়াবা বাধাৰ সৃষ্টিও হয়, দুই-এটা উজ্বলতা উঠি আহিব খুজিলে তেওঁক বাধা দি ৰখাৰ নিচিনা কথা কিছুমান আহি পৰে। এই কথাটো একেবাৰে পাহৰি গৈ আমাৰ এজন উৎকৃষ্ট বিজ্ঞানী উলিয়াবলৈ বা এটা দল উলিয়াবলৈ চেষ্টা কৰিব লাগিব।

প্ৰঃ অসমত বিগত কেইটামান বছৰত সংঘটিত হৈ অহা “ডাইনী (!) হত্যাৰ ওপৰত আপোনাৰ ক’বলগীয়া কিবা আছে নেকি? এই ক্ষেত্ৰত কল্পবিজ্ঞানৰ সহায়ত কিবা কৰিব পৰা সম্ভৱ নে?

উঃ এইক্ষেত্ৰত আমি কল্পবিজ্ঞানৰ ঠিক পোনে পোনে সহায় লোৱা নাই, কিন্তু পুতলা নাচৰ সহায়ত কৰি দেখুৱাইছিলোঁ। আৰু পুতলা নাচৰ সহায়ত কৰি যিবিলাক ঠাইত, যিখিনি সমাজৰ গোটৰ মাজত এই ডাইনী হত্যাৰ প্ৰচলন বেছি তেনেকুৱা সমাজক দেখুৱাইছিলোঁ। আৰু ভাবিছিলোঁ, অন্ততঃ তেতিয়া ভাবৱ হৈছিল, যে তেখেত সকলে যিটো সঁহাৰি জনাইছে, তাৰ পৰা কিছু মানুহ, ডেকাচাম, তেওঁলোক অন্ততঃ অনুপ্ৰাণিত হব, তেওঁলোক সজাগ হ’ব। এই কামটো কল্পবিজ্ঞানৰ সহায়তো নোৱাৰাৰ কোনো কথা নাই। অলপ ভাবিলে হয়তো খুব সুন্দৰ উৎকৃষ্ট কল্পবিজ্ঞান দি তেওঁলোকৰ মনৰ মাজত ডাইনী হত্যাৰ বিৰুদ্ধে ভাৱ জগাই তুলিব পৰা যাব। আৰু বস্তুটো যে এটা অবৈজ্ঞানিক আৰু অতি অপ্ৰয়োজনীয় কথা, এই কথাটো বুজাই দিব পৰা যাব। গতিকে কল্পবিজ্ঞানৰ সহায় লোৱাটো উচিত আৰু উৎকৃষ্ট লেখকে অতি উৎকৃষ্ট সাহিত্যৰ সৃষ্টি কৰি এই কামটো কৰিব পাৰিব

 

আপোনাৰ ব্যস্ততাৰে ভৰা জীৱনৰ বহুমূলীয়া সময় আমাক সাক্ষাৎকাৰৰ কাৰণে দিয়াৰ বাবে সাহিত্য.অৰ্গ-ৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, লগতে আপোনাৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছোঁ।

 

[সাক্ষাৎগ্ৰহণ: আবু মঃ ফৰহাদ হুছেইন

সাক্ষাৎকাৰটো গ্ৰহণ কৰিবলৈ ড° দীনেশ চন্দ্ৰ গোস্বামীদেৱক যোগাযোগ কৰাত সহায় কৰাৰ কাৰণে শ্ৰীযুত অভিজিৎ বৰঠাকুৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ]

 

 

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

খুউব ভাল লাগিল। সাহিত্য ডট অৰ্গলৈ ধন্যবাদ।

Anonymous
7 years ago

ভাল লাগিল। কিন্তু সাক্ষাৎকাৰটো সম্পাদনা কৰিবলৈ থাকি গ’ল।

শশাংক
4 years ago

অসমীয়া সাহিত্যৰ লগতে এই ভাষাৰ বিকাশৰ বাবে এক বিশেষ ধৰণৰ নতুন পথ প্ৰদৰ্শক ৰূপে আত্মপ্ৰকাশ কৰা বাবে আপোনালোকলৈ বহুতো ধন্যবাদ জ্ঞাপন কৰিলো আৰু যেন এই যাত্ৰা অব্যাহত থাকে ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক