সাক্ষাৎকাৰ: এলভিছ আলী হাজৰিকাৰ সৈতে কথোপকথন

এলভিছ আলী হাজৰিকা৷ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজক এই নামৰ সৈতে নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই৷ শৈশৱতেই চুইমিং পুলত খলকনি তোলা এই প্ৰতিভা আজিও অসংখ্য জনৰ বাবে প্ৰেৰণাৰ উৎস৷ প্ৰথম প্ৰেম সাঁতোৰ আজিও এলভিছৰ চিৰলগৰী৷

এইবাৰৰ সাহিত্য ডট অৰ্গৰ ক্ৰীড়া বিশেষ সংখ্যাত আমি আপোনালোকলৈ আগবঢ়াইছোঁ সাঁতোৰ জগতৰ এই প্ৰতিভাৰ সতে এক অন্তৰঙ্গ আলাপ৷ বিমলা প্ৰসাদ চলিহা চুইমিং পুলত আজিও সেই একে উদ্যমেৰে সাঁতুৰি থকা অৱস্থাত এলভিছ আলী হাজৰিকাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে অমিতাভ মহন্তই৷

———————————————————————————————————–

 

সাহিত্য ডট অৰ্গ: প্ৰথমতেই সাহিত্য ডট অৰ্গৰ ফালৰ পৰা আমাক সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ৷

আৰম্ভণিতেই জানিব বিচাৰিম, আপুনি খেলৰ জগতলৈ কেনেকৈ আহিল৷ সাঁতোৰেই বাচি লোৱাৰ কিবা বিশেষ কাৰণ আছিল নেকি?

এলভিছ আলী হাজৰিকা: সৰুৰে পৰাই মোৰ পানীৰ প্ৰতি দুৰ্বলতা আছিল৷ পানী বুলিলেই মই পাগল আছিলোঁ৷ পানীৰ প্ৰতি মোৰ আগ্ৰহ দেখিয়েই মোৰ অভিভাবকে মোক আঢ়ৈ বছৰ বয়সতে দীঘলী পুখুৰীত সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত ভৰ্তি কৰাই দিয়ে৷ আনোৱাৰ ৰছুল চাৰৰ তত্বাবধানত সেয়াই আৰম্ভণি৷ তেতিয়াৰ পৰাই পানীৰ সৈতে যি সম্পৰ্ক স্থাপন হ’ল সেয়া আজিলৈকে অব্যাহত আছে৷

 

সাহিত্য ডট অৰ্গ: আপুনি খেলৰ সৈতে জড়িত হৈ সৰুতেই বিখ্যাত হৈ পৰিছিল৷ এইবাবে আপুনি কেতিয়াবা শৈশৱৰ যি মাদকতা, সেয়া অলপ হলেও হেৰুওৱা বুলি ভাবে নেকি?

এলভিছ আলী হাজৰিকা: খেলৰ সৈতে সৰুতেই জড়িত হৈ পৰা বাবে শৈশৱৰ মাদকতা নিশ্চয়কৈ হেৰুৱাইছোঁ৷ যি সময়ত বাকী ল’ৰা ছোৱালীবোৰে নিজৰ স্বভাৱজাত হাঁহি ধেমালি কৰিছিল, সেই সময়ত মই কঠোৰ অনুশীলনত ব্যস্ত৷ সেই সময়ত মোৰ মন প্ৰাণ সাঁতোৰকে সমৰ্পন কৰিছিলোঁ৷ ক’বলৈ গলে মোৰ শৈশৱ ট্ৰেক চুইট আৰু চুইমিং কষ্টিউমতেই পাৰ হ’ল৷ কিন্তু তথাপি মই মোৰ শৈশৱক লৈ যথেষ্ট সুখী৷ হয়তো আপুনি এনেকৈ ক’ব পাৰে যে মই কিবা পাবলৈ কিবা এটা হেৰুৱাইছোঁ৷

 

সাহিত্য ডট অৰ্গ: পঢ়া শুনা আৰু খেল একেলগে চলাই নিয়াত অসুবিধা পাইছিল নেকি?

এলভিছ আলী হাজৰিকা: অসুবিধা নাই হোৱা বুলি ক’লে ভুল কোৱা হ’ব৷ সাঁতোৰক মই ইমান বেছি সময় দি দিছিলোঁ যে মই এইফালে পঢ়া শুনাৰ ক্ষেত্ৰত দিবলগীয়া সময়খিনি দিব পৰা নাছিলোঁ৷ উদাহৰণস্বৰূপে ক’ব পাৰি যে খেলত মনোযোগ দিয়াৰ স্বাৰ্থত মই মোৰ পিছৰ পৰ্য্যায়ৰ পঢ়া শুনা খিনি দিল্লীত Distance Course কৰিব লগা হৈছিল৷

 

সাহিত্য ডট অৰ্গ: সাঁতোৰ সাধাৰণতে দলীয় খেল নহয়৷ সফলতা আৰু বিফলতা সাধাৰণতে অকলেই মূৰ পাতি ল’ব লাগে৷ এইক্ষেত্ৰত খেলুৱৈৰ ওপৰত দলীয় খেলতকৈ চাপ বেছি পৰে বুলি আপুনি ভাবে নেকি?

এলভিছ আলী হাজৰিকা: চাওক কষ্ট সকলো খেলতেই থাকে৷ এজন ক্ৰিকেট বা ফুটবল খেলুৱৈয়ে যিখিনি শাৰীৰিক পৰিশ্ৰম বা কষ্ট কৰে সেইখিনি আমিও সমানেই কৰো৷ সেই অনুপাতে চাপো দুয়োপ্ৰকাৰৰ খেলত যথেষ্ট থাকে৷ পিছে হয়, আপুনি কোৱা কথাখিনিৰ লগত মই সন্মত৷ দলীয় খেলত সফলতা বা বিফলতা ভগাই লোৱাৰ এটা সুযোগ থাকে, যিটো সাঁতোৰ, টেনিছ আদি খেলত কম হয় বুলি মই ভাবো৷ ব্যক্তিগত ইভেন্টত চাপৰ পৰিমাণ অলপ হ’লেও বেছি হয় যেন মই অনুভৱ কৰোঁ৷

 

সাহিত্য ডট অৰ্গ: জুনিয়ৰ পৰ্য্যায়ত দেখা অসমৰ বহুতো প্ৰতিভাবান খেলুৱৈ পিছলৈ হেৰাই যোৱা দেখা যায়৷ আপুনি ইয়াৰ কাৰণ কি বুলি ভাবে?

এলভিছ আলী হাজৰিকা: আমাৰ খেলুৱৈৰ মাজত নিৰ্দিষ্ট লক্ষ্যৰ অভাৱ দেখা যায়৷ যি সময়ত চীনৰ খেলুৱৈবোৰে সৰুৰেপৰা অলিম্পিক লক্ষ্য হিচাপে লয়, সেই সময়ত আমি লক্ষ্য হিচাপে লওঁ জিলা, ৰাজ্যিক আদি পৰ্য্যায়ৰ খেলসমূহ৷ লক্ষ্য ডাঙৰ নহ’লে তাক স্পৰ্শ কৰাতো অতি কঠিন৷ সেইবোৰ কাৰণতে হয়তো আমি এটা পৰ্য্যায়ৰ পিচত ৰৈ যাব লগা হয়৷ তাৰোপৰি আমি জুনিয়ৰ লেভেলত অলপ সফলতা পালেই তাত সন্তুষ্ট হৈ পৰোঁ৷ ফলত পৰবৰ্তী পৰ্য্যায়লৈ মাৰিব লগা জাঁপটোৰ বাবে আমাৰ সেই একাগ্ৰতাৰ অভাৱ দেখা যায়৷ তাৰোপৰি চিনিয়ৰ পৰ্য্যায়ত বহুতো অভিজ্ঞ খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব লগীয়া হয়, সেয়াও এটা মুখ্য কাৰণ বুলি মই ভাবো৷

 

সাহিত্য ডট অৰ্গ: সততে এটা অভিযোগ শুনা যায় যে ভাল খেলুৱৈ হোৱাতকৈ বহুতো অভিভাৱকে ভাল চাকৰি এটা যোগাৰ হোৱাত সুবিধা হোৱাৰ বাবেহে সন্তানক খেলিবলৈ উৎসাহ যোগায়৷ কথাষাৰত কিমানদূৰ সত্যতা আছে বুলি আপুনি ভাবে৷

এলভিছ আলী হাজৰিকা: এই প্ৰশ্নটোৰ উত্তৰ দিয়া অলপ কঠিন৷ মই নিজেই এজন খেলুৱৈ বাবে বৰ্তমানৰ চাকৰিটো কৰি আছো৷ কেৱল খেলিলেই নহ’ব, এটা পৰ্য্যায়লৈ ভাল খেলিলেহে তেনেকুৱা চাকৰি এটা যোগাৰ হ’ব৷ কিন্তু আপুনি কোৱা কথাষাৰিৰ সত্যতা নথকা নহয়৷ কিছু সংখ্যক অভিভাৱক তথা খেলুৱৈয়ে এনেকুৱা লক্ষ্যৰেই আগুৱাই যায় আৰু৷ তাৰোপৰি বহুতে চাকৰি পোৱাৰ পিছত খেললৈ পিঠি দিয়ে৷ এয়া নিসন্দেহে খেল আৰু খেলুৱৈৰ বাবে শুভ নহয়৷

 

সাহিত্য ডট অৰ্গ: আপোনাৰ খেলুৱৈ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত?

এলভিছ আলী হাজৰিকা: বহুত আছে৷ আচলতে খেলুৱৈ জীৱনৰ প্ৰতিটো ক্ষণেই মই স্মৰণীয় কৰি ৰাখিব খোজো আৰু মই খেলৰ সময়খিনিৰ প্ৰতিটো মুহুৰ্ত মই বাৰুকৈয়ে উপভোগ কৰোঁ৷ গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়া মোৰ পক্ষে অলপ টানেই হৈ পৰিছে৷ তথাপি বিশেষ মুহূৰ্ত বুলি কলে মই ১৯৯৯ চনত চাৰ্ক গেমচত সোণৰ পদক পোৱা মুহূৰ্তটোকেই বাচি ল’ম৷

 

সাহিত্য ডট অৰ্গ: কিবা পাহৰিব বিচৰা অভিজ্ঞতা?

এলভিছ আলী হাজৰিকা: নাই৷ মোৰ খেলুৱৈ জীৱনৰ একো মুহূৰ্তকেই মই পাহৰিব নোখোজোঁ৷ ভাল বেয়া বিভিন্ন মুহূৰ্তৰ সমষ্টি মোৰ খেলুৱৈ জীৱনৰ প্ৰতিটো মুহূৰ্ত মোৰ বাবে অমূল্য৷

 

সাহিত্য ডট অৰ্গ: নিজৰ খেলুৱৈ জীৱনক লৈ আপুনি সুখীনে?

এলভিছ আলী হাজৰিকা: একে আষাৰে কম, যথেষ্ট সুখী

 

সাহিত্য ডট অৰ্গ: অসমত খেলক জীৱিকা হিচাপে ল’ব পৰা পৰিবেশ সৃষ্টি হোৱা বুলি আপুনি ভাবেনে?

এলভিছ আলী হাজৰিকা: আমি কেৰিয়াৰ আৰম্ভ কৰাৰ সময়লৈ চালে এতিয়াৰ পৰিবেশ যথেষ্ট উন্নত৷ ইতিমধ্যে বিভিন্ন খেলুৱৈয়ে বাহিৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিভা থাকিলে খেলক জীৱিকা হিচাপে ল’ব পৰা পৰিবেশ নিশ্চয়কৈ গঢ় লৈ উঠিছে৷

 

সাহিত্য ডট অৰ্গ: কেতিয়াবা কোৱা শুনোঁ অসমৰ খেলুৱৈক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বঞ্চিত কৰা হয়৷ আপুনি কি ভাবে?

এলভিছ আলী হাজৰিকা: এই কথাষাৰ মই সত্য বুলি নকওঁ৷ হ’ব পাৰে যে ৰাষ্ট্ৰীয় পৰ্য্যায়ত আমাক বঞ্চিত কৰা হয়৷ কিন্তু তাৰ আগতে আমি চাব লাগিব আমি নিজে কি কৰি আছো৷ বিভিন্ন সংস্থা, পদবীৰ লোভ আদিৰ মাজত খেলুৱৈয়ে নিজৰ প্ৰাপ্য পোৱা নাই৷ উদাহৰণস্বৰূপে সাঁতোৰতেই ইয়াত দুটা সংস্থা আছে৷ বিভিন্নজনে পদবী আৰু বাকী বিভিন্ন কাৰকলৈ চকু দিওঁতে খেলুৱৈৰ উন্নতিৰ কথা ভাবিবলৈ আহৰি নাপায়৷ ফলত খেলুৱৈসকল যোগ্য প্ৰাপ্যৰ পৰা বঞ্চিত হয়৷

আমি যদি নিজৰ ঠাইতেই ব্যক্তিগত স্বাৰ্থৰ বাবে খেলুৱৈক বঞ্চিত কৰো, তেন্তে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঞ্চনাৰ কথা কোৱাৰ আগত নিশ্চয়কৈ আমাৰ কৰণীয় আছে৷

 

সাহিত্য ডট অৰ্গ: খেলৰ ক্ষেত্ৰত আমি চুবুৰীয়া ৰাজ্য মণিপুৰতকৈ বহুত পিছ পৰি আছোঁ৷ এয়া খেলৰ পৰিবেশৰ অভাৱ নে অন্য কিবা৷

এলভিছ আলী হাজৰিকা: পৰিবেশ, প্ৰতিদ্বন্দিতামূলক মনোভাৱ, ৰোল মডেলৰ অভাৱ৷ এনেকুৱা বিভিন্ন কাৰকে এই ক্ষেত্ৰত অৰিহণা যোগোৱা বুলি মই বিশ্বাস কৰো৷

 

সাহিত্য ডট অৰ্গ: আই পি এল, আই এছ এল আদিয়ে ভাৰতৰ ক্ৰীড়া জগতত দীৰ্ঘম্যাদী পৰিবৰ্তন আনিব বুলি আপুনি ভাবেনে?

এলভিছ আলী হাজৰিকা: নিশ্চয়কৈ আনিব৷ যদিও এই প্ৰতিযোগিতাবোৰত গ্লেমাৰ দেখা যায়, তথাপি মই কম এয়া ভাৰতীয় খেলৰ বাবে শুভ লক্ষণ৷ আপুনিয়েই চাওঁক এই প্ৰতিযোগিতাবোৰৰ ফলত কিমান খেলুৱৈ লাইমলাইটলৈ আহিছে৷ তেওঁলোকে আগুৱাই যাবলৈ কিমান উৎসাহ পাইছে৷ বিদেশী খেলুৱৈৰ লগত খেলি নিজৰ দুৰ্বলতাবোৰত চকু দিব পাৰিছে৷

অসমৰ ক্ষেত্ৰতেই দূৰ্গা বড়ো, এলেন দেউৰী, আবু নেছিমহঁতক দেখি কিমানজনে আগুৱাই যাবলৈ উৎসাহ পাইছে সেয়া ভাবিবলগীয়া৷ এয়া আৰম্ভ নহ’লে এওঁলোকে হয়তো আজিও বেছিভাগৰ বাবে এক নিচিনা নাম হৈ থাকিলহেঁতেন৷

 

সাহিত্য ডট অৰ্গ: খেলক লৈ আপোনাৰ ভবিষ্যত পৰিকল্পনা?

এলভিছ আলী হাজৰিকা: ব্যক্তিগতভাবে মই একেৰাহে ৫০ ঘন্টা চুইমিং পুলত কটাই গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা চলাই আছো৷ ইতিমধ্যে মই একেৰাহে ২৬ ঘন্টা একেৰাহে কটাইছোঁ৷ সেই ৰেকৰ্ডকে মই আকৌ উন্নত কৰাৰ চেষ্টাত মনোনিবেশ কৰি আছো৷

ইয়াৰ উপৰিও মই ভবিষ্যতে এখন সাঁতোৰ প্ৰশিক্ষণ একাডেমী খোলাৰ চেষ্টা কৰি আছো৷ ইয়াত মই সৰুৰে পৰাই খেলুৱৈ গঢ় দিয়াত গুৰুত্ব দিম আৰু তেওঁলোকে যাতে ডাঙৰ সপোন দেখি সেই সপোনৰ দিশত আগুৱাব পাৰে তাৰ বাবে যৎপৰোনাস্তি কৰিম৷

 

সাহিত্য ডট অৰ্গ: অসমৰ বৰ্তমান ক্ৰীড়া প্ৰতিভাৰ হাতত অসমৰ ক্ৰীড়া জগতে কিমান আশা কৰিব পাৰে বুলি আপুনি ভাবে?

এলভিছ আলী হাজৰিকা: মই বৰ্তমানেও নিয়মিত ষ্টেডিয়ামলৈ যাওঁ৷ তাৰোপৰি বিভিন্ন যুৱ খেলুৱৈৰ সৈতে মোৰ কথা বাৰ্তা হয়৷ তেওঁলোকৰ খেল মই দেখিছোঁ৷

সঠিক পথত এই প্ৰতিভাবোৰ গতি কৰিলে নিশ্চয়কৈ অসমে অনাগত দিনত যথেষ্ট গৌৰৱ কৰাৰ থল আছে৷

 

সাহিত্য ডট অৰ্গ: কিছু ব্যক্তিগত প্ৰশ্ন- আপোনাৰ আদৰ্শ খেলুৱৈ?

এলভিছ আলী হাজৰিকা: সাঁতোৰত আলেকজেণ্ডাৰ প’পভ আৰু মাইকেল ফেল্পছ মোৰ আটাইতকৈ প্ৰিয়৷ সাঁতোৰৰ বাহিৰলৈ গলে শচীন আৰু মেচী মোৰ অতিকৈ প্ৰিয়৷

 

সাহিত্য ডট অৰ্গ: প্ৰিয় খাদ্য?

এলভিছ আলী হাজৰিকা: ঘৰত ৰন্ধা খাদ্য মোৰ আটাইতকৈ প্ৰিয়৷ সাধাৰণতে কম মছলা দিয়া খাদ্য মই বেছি ভাল পাওঁ৷

 

সাহিত্য ডট অৰ্গ: চিনেমা?

এলভিছ আলী হাজৰিকা: মোৰ প্ৰিয় চিনেমা দিলৱালে দুলহনীয়া লে জায়েঙ্গে৷ তাৰোপৰি সঞ্জয় দত্ত, ষ্টেল’ন আৰু টম ক্ৰুইজৰ চিনেমা চাই মই সাধাৰণতে ভাল পাওঁ৷

 

সাহিত্য ডট অৰ্গ: আকৌ এবাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ সুযোগ পালে, সাঁতোৰবিদ এলভিছেই হ’ব বিচাৰিব নে?

এলভিছ আলী হাজৰিকা: নিশ্চয়কৈ৷ মই এই জীৱনটো লৈ বৰ সুখী৷ মই সুযোগ পালে বাৰে বাৰে এলভিছেই হ’ব বিচাৰিম৷

 

সাহিত্য ডট অৰ্গ: আপোনাৰ লগত কথা বতৰা পাতি খুবেই ভাল লাগিল৷ আহিবলগীয়া দিনত নিত্য নতুন সফলতাৰে আপোনাৰ জীৱন উদ্ভাসিত হৈ পৰক, তাকেই কামনা কৰি আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ৷

এলভিছ আলী হাজৰিকা: ধন্যবাদ৷ এই চেগতে ময়ো সাহিত্য ডট অৰ্গলৈ শুভকামনা যাচিলোঁ৷ এইবাৰৰ ক্ৰীড়া বিশেষ সংখ্যাই যাতে বিশেষ সমাদৰ লাভ কৰে আৰু এই সংখ্যা যাতে এক ব্যতিক্ৰমী সংখ্যা ৰুপে পৰিগণিত হয় তাকেই আশা কৰিলোঁ৷

 

সাহিত্য ডট অৰ্গ: ধন্যবাদ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments