ISCII , ইউনিক’ড আৰু Bengali Sript( – বনজীৎ পাঠক)

আমি আগৰ লেখা সমূহত ইউনিক’ড কি ? ইয়াৰ প্ৰয়োজনীয়তা  তথা ইউনিক’ডত অসমীয়া লিপিৰ স্থান সম্পৰ্কে আলোচনা কৰিছিলোঁ ।ইউনিক’ড আৰু অসমীয়া লিপিৰ সম্পৰ্কে বৰ্তমানলৈকে হৈ থকা আলোচনা সমূহৰ ওপৰত দৃষ্টি ৰখা বা অংশ গ্ৰহণ কৰা সকলৰ বাবে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে ইউনিক’ডত অসমীয়া লিপিৰ কোনো অস্থিত্ব নাছিল ।কিন্তু শেহতীয়া ভাবে ইউনিক’ডৰ মূল সূচীত এই ৰেঞ্জৰ নাম “বেংগলী  লিপি”  বুলি  লিখি থোৱা আগৰ লিখিনিটো আঁতৰাই তেওঁলোকে “বেংগলী আৰু অসমীয়া লিপি” বুলি নতুনকৈ নামকৰণ কৰিছে  যিটো অসমীয়া লিপিৰ বাবে নি:সন্দেহে অতি গৌৰৱৰ কথা ।

 

স্বাভাবিকতে আমাৰ মনত এটা প্ৰশ্ন উদয় হয় যে  ইউনিক’ডত এই লিপিটো কেনেকৈ বেংগলী নামেৰে অন্তৰ্ভুক্ত হৈছিল,  ইউনিক’ডে ক’ৰ পৰা তথ্য সংগ্ৰহ কৰি এনক’ডিং(Encoding)কৰোঁতে এনেদৰে কৰিছিল ?

 

এই লেখাটোত আমি সেইকথা আলোচনা কৰিবলৈ চেষ্টা কৰিম ।

 

আচলতে বেংগলী লিপিটো ইউনিক’ডে পৃথককৈ লোৱা নাছিল,  অন্য সকলো ভাৰতীয় লিপিৰ সাজটোৰ লগতে একেলগে বেংগলী লিপিটোও লৈছিল । ইউনিক’ডে সকলো ভাৰতীয় লিপিৰ ইউইক’ডত এনক’ডিঙৰ বাবে ভাৰতৰ নিজা স্ক্ৰীপ্ট  এনক’ডিং  পদ্ধতি ISCII ৰ ১৯৮৮ চনত প্ৰকাশ পোৱা সংস্কৰণটোৰ পৰা গ্ৰহণ কৰিছিল (ISCII-88)।

 

এইখিনিতে আমি ISCIIৰ বিষয়ে অলপ আলোচনা কৰাটো ভাল হ’ব ।

 

ISCII (Indian Script code information interchange) হ’ল ভাৰতৰ ব্ৰাহ্মী মূলৰ লিপি সমূহৰ একোটা নিৰ্দিষ্ট মান নিৰ্ধাৰণ কৰি এই লিপি সমূহক ইলেক্ট্ৰনিক সামগ্ৰীত (মূলতঃ computer) ব্যৱহাৰৰ উপযোগী কৰিতোলা এটা পদ্ধতি । আগৰ আলোচনাত আমি আলোচনা কৰিছিলোঁ যে ইউনিক’ড পদ্ধতিৰ আৰম্ভণিৰ আগতে বিশ্বৰ বহু দেশে একোটা নিজা নিজা এনে পদ্ধতি বিকশিত কৰিছিল ।ভাৰতবৰ্ষৰ বিজ্ঞানী সকলে বিকশিত কৰা পদ্ধতিটোৰ নাম আছিল Indian Script Code Information Interchange বা চমুকৈ ISCII.

 

Indian Script Code Information Interchange ৰ বিকাশৰ ইতিহাস:—

 

সত্তৰৰ দশকৰ আৰম্ভণিৰ পৰাই ভাৰতৰ DOE আৰু dept of Official language-ৰ বিভিন্ন কমিটিয়ে ভাৰতীয় লিপিৰ চিহ্নবোৰৰ এনক’ডিঙৰ ওপৰত গৱেষণা আৰম্ভ কৰি আহিছিল । তেওঁলোকে বিভিন্ন এনক’ডিং স্কীম্ও বিকাশ কৰি উলিয়াইছিল । এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই DOE ১৯৮৩ চনৰ জুলাই মাহত প্ৰথম বাৰৰ বাবে ISCII-83 code  প্ৰকাশ  কৰে ।  DOE ত থকা তথ্য অনুসৰি ভাৰতীয়া লিপি সমূহ মূলত দুই ভাগত ভাগ কৰিছিল  Northern scripts ( Devanagari, Gujarati, Punjabi, Assamese, Bengali and Oriya) আৰু southern scripts ( Telugu , Tamil, Malayalam and Kannada) . ১৯৮৬ চনত DOE-এ ভাৰতীয় লিপি সমূহৰ বাবে এখন একে ধৰণৰ key mapping  কৰি সকলো লিপিৰ বাবে ব্যৱ্হাৰ কৰিব পৰাকৈ উমৈহতীয়া keyboard  তৈয়াৰ কৰে । ইয়াক In script keyboard বুলি জনা যায় । Indian +script= Inscript .  ইয়াৰ দুই বছৰৰ পিছত ১৯৮৮চনত DOE য়ে ISCIIৰ এটা নতুন সংস্কৰণ প্ৰকাশ কৰে — ISCII-88. এই ISCII 88 version-ৰ পৰাই  ভাৰতীয় লিপিৰ মূল আৰ্হিটো ইউনিক’ডে গ্ৰহণ কৰিছিল ।  ISCII-ৰ শেহতীয়া সংস্কৰণটো প্ৰকাশ পাইছিল ১৯৯১চনত ISCII91. এইটো Bureau of Indian Standard (BIS)-এ  পিছত গ্ৰহণ কৰে । ১৯৯১চনত প্ৰকাশিত ‘ISCII-91’টোৱেই হ’ল ISCII-ৰ অন্তিম সংস্কৰণ । ইয়াক আৰু বিকশিত কৰা নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰি থোৱা আছে ।

 

উল্লেখ কৰাটো উচিত হ’ব এসময়ৰ আৰু কোনো কোনো ক্ষেত্ৰত এতিয়াও জনপ্ৰিয় Leap Office নামৰ লিখন সঁজুলিটো এই ISCII পদ্ধতিৰ আধাৰত বিকশিত ।

 

ISCII -ৰ মূল পদ্ধতিটো ইউনিক’ডতকৈ পৃথক । উদাহৰণ স্বৰূপে দেৱনাগৰী “ক”, অসমীয়া “ক”, বেংগলী “ক” সকলেৰে বাবে ISCII-ত একেটাই স্থান । ব্যৱহাৰকাৰীয়ে কি লিখিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি লিপ্যন্তৰিত হৈ সেই ভাষাৰ চিহ্নটো দেখুৱায় ।কিন্তু ইউনিক’ডত সেইটো নহয়, দেৱনাগৰী “ক”” আৰু বেংগলী (এতিয়া বেংগলী আৰু অসমীয়া) “ক” ৰ স্থান সম্পূৰ্ণ সুকীয়া সুকীয়া ।

 

ISCIIত থকা লিপিৰ ভাগবোৰ চালে দেখা যায় তাত অসমীয়া লিপিটো বাংলা লিপিৰ পৰা পৃথককৈ উল্লেখ কৰা আছে । এই ভাগ আৰম্ভণিৰ পৰাই আছিল । ISCII-ৰ শেহতীয়া সংস্কৰণ ISCII 91, যিটো ১৯৯১ চনত প্ৰকাশ কৰা হৈছে সেইটোতো অসমীয়া লিপিটো পৃথককৈ উল্লেখ কৰা আছে ।

 

ইউনিক’ডে ভাৰতীয় লিপি সমূহ ISCII-ৰ পৰা লৈছিল যদিও কাৰিকৰী কিছু অসুবিধাৰ বাবে ISCII-ৰ একেবাৰে অবিকল ৰূপত নাৰাখি অলপ বেলেগ কৰিছিল । তথাপিও ইউনিক’ডত সকলোবোৰ ভাৰতীয় লিপি    (Indic script) ISCII-ৰ পৰা লোৱা বুলি নিশ্চয় ক’ব পাৰি ।  ১৯৯১চনত ৮৮-সংস্কৰণটো আৰু অলপ সলনি কৰি  ISCII91 version-টো প্ৰকাশ কৰে যদিও ইউনিক’ডে ৮৮-সংস্কৰণটোৰ ভিত্তিতেই  Indic Script খিনি ৰাখিলে ।  ইউনিক’ড এতিয়াও ISCII-ৰ অধিসংহতি (superset) ।

 

গতিকে দেখা গ’ল যে ইউনিক’ডে বেংগলী লিপিটো (এতিয়া বেংগলী আৰু অসমীয়া) ভাৰতৰ ISCII-88 ৰ পৰা লৈছিল, য’ত অসমীয়া লিপিটো পৃথককৈ উল্লেখ কৰা আছিল । ইউনিক’ডে অসমীয়া আৰু বেংগলী চিহ্নবোৰ দেখাত একে (কেইটামানৰ বাদে)বাবে একে range  আৰু code point assign  কৰি থ’লে বুলি ভাবিবৰ অবকাশ আছে । কিন্তু নামকৰণৰ ক্ষেত্ৰত অসমীয়া লিপিৰ কথা একেবাৰে উপেক্ষা কৰি নামটো “বেংগলী লিপি”  নামেৰে নামকৰণ কৰিলে । যিটো যোৱা কুৰি বছৰে তেনেকৈয়ে থাকিল । কি কাৰণত ইউনিক’ডে লিপিটোৰ নামকৰণৰ ক্ষেত্ৰত এনেকুৱা কৰিলে সেইটো জনা নাযায় । আপাত দৃষ্টিত এই বেংগলী লিপিৰ আবেদন বা প্ৰস্তাবটো বাংলাদেশ চৰকাৰ বা পশ্চিমবংগ চৰকাৰৰ পৰা যোৱা বুলি ভাবিবলৈ মন যায়, কিন্তু প্ৰকৃততে এনে নহয় ।  ইউনিকোডে এই ধাৰণাটো ISCII 88-ৰ পৰাহে লৈছিল ।

কিন্তু এইবছৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে ইউনিক’ডৰ কাৰিকৰী বিশেষজ্ঞ সকলে এই নামটো আঁতৰাই  “বেংগলী আৰু অসমীয়া” কৰে আৰু ইয়াৰ দ্বাৰা ইউনিক’ডত অসমীয়া লিপিৰ স্থান লাভৰ বাট সুচল হৈ পৰে।

 

(এই কথাখিনিত যদি কিবা ভুল দেখিছে অনুগ্ৰহ কৰি তথ্য সহকাৰে দেখুৱাই দিয়ক ।  সন্মান সহকাৰে ইয়াক সলনি কৰা হ’ব । মোক  লেখাটোত সহায় কৰিছে গুনদীপ চেতিয়াই, তেওঁক ধন্যবাদ জনালোঁ ।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক