উশাহত জালুকবাৰী: আৰু এটা বেডিং বন্ধা লাভ ষ্টৰী (দেৱজিত নাথ)

//ফ্লেচবেক://

//স্নেপ: ১//

কম্পিউটাৰত চিনেমা এখন চাই আছিলো সেইদিনা। মোবাইলটোত বিশেষ ৰিংটনটো বাজি উঠিল।

“কি কৰি আছ’?

“ফিল্ম চাই আছো!”

“কি ফিল্ম?”

“অৱতাৰ”

“কাইলৈ তোৰ এক্‌জাম নাই?”

“আছে!”

“গুড”

“তোৰ এক্‌জাম কেনে হ’ল? আজি তহঁতৰ ডিপাৰ্টমেণ্টৰ শেষ নহয় জানো?

“নট বেড! অ’ আজি ফিনিছ!”

“ভেৰি গুড! কি কৰি আছ’ এতিয়া?”

“জাষ্ট হোষ্টেল আহি পালো। ঐ তোৰ পঢ়িব নাই? এনেকেযে ফিল্ম চাই আছ’ ? কাইলৈ পৰীক্ষা!! তহঁতৰ ডিপাৰ্টমেণ্টত একো নপঢ়াকেই নম্বৰ পায় নেকি?”

“নাই! সোনকালে বুজি পোৱা মানুহবোৰে বেছি নপঢ়ে! তোৰ নিছিগা ছোৱালীবোৰেহে পঢ়িবই লাগে”৷

“হুহ! থ থ, এনে মাথা থকাটো ? কম্পিউটাৰ চাইন্স কাৰণে বাছি আছ’৷ আমাৰ নিচিনা লিটাৰেছাৰ ডিপাৰ্টমেণ্ট হ’লে তহঁতে লাইফতো মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব নোৱাৰিব!”

“হ’ব যা, বাৰে ভচহু কথা লিখি তোৰ নিচিনা পৰীক্ষাৰ বহী আমি ভৰ্তি কৰি নাহো৷ দুনিয়াৰ গাজা হোপা লিখ আৰু এতিয়া ফুটনি মাৰি আছ”৷

“হুহ!! তোক মই চাবি কি কৰি আছো!

“হ’ব দে চাম বাৰু”৷

“আ…..আ….আ… মুখ বন্ধ কৰ তই!!”

“… ..”

“…….”

“ঐ, কাইলৈৰ পেপাৰ খনৰ কাৰণে মোৰ বহুত পঢ়িব আছে! আজি গোটেই ৰাতি পঢ়িব লাগিব!”

“চাল্লা গৰু! কি কৰি আছ’ তেতিয়াৰে পৰা? যা পঢ়”৷

“হ’ব দে, ৰাখো! বাই”৷

“বাই”৷

…………………………………………………………………………..

//স্নেপ:২//

জালুকবাৰীত সন্ধিয়া নামি আহিছিল। মাৰ্কেটত ভিৰ। কিছুমান ডিপৰ্টমেণ্টৰ পৰীক্ষাবোৰ শেষ হৈছে কিছুমানৰ শেষ হোৱা নাই। মোৰ থিয়ৰী খিনি শেষ হৈছিল, প্ৰজেক্টৰ প্ৰেজেণ্টেচন দিব বাকী আছে। দুসপ্তাহ আছে হাতত এতিয়াও। বিভিন্ন বিভাগৰ ল’ৰা ছোৱালীৰে মাৰ্কেট ভৰ্তি হৈ আছিল। বিভিন্নজনে আদ্দা দিয়াত ব্যস্ত।

বাইৰ দোকানত গৰম গৰম পকৰীৰ লগত চাহৰ জুতি লৈ আছিলো লগৰ দুটাৰ লগত। ঘপককৈ”তাই”সোমাই আহিল।

“ঐ গৰু! তোক মই ইমান বিচাৰি ফুৰি আছো। তই ইয়াতহে আদ্দা দি আছ’? ( লগৰ দুটাই তাইলৈ চাই হাঁহিলে আৰু মাত দি চকী এখন আগবঢ়াই দিলে। )

“কি হ’লনো?”

“তোৰ ফোনডাল ভালে আছেনে?”

মোবাইলটো উলিয়াই চালো। চুইটচ্ অফ! বেঙাৰ নিচিনাকৈ তাইলৈ চাই হাঁহিলো।

“গমেই নাপাওঁ চুইটচ্ অফ হৈ থকা!”

“চাল্লা গৰু! ঐ শুন… মোৰ লগত এঠাইৰ পৰা আহোঁ ব’ল না”

“ক’ত ?”

“আগতে ব’লচোন”

“ব’ল”

লগৰ দুটাৰ পৰা বিদায় লৈ ওলাই আহিলো।

…………………………………………………………………….

//স্নেপ: ৩//

গৌহাটী বিশ্ববিদ্যালয়ৰ মেইন গে’ট। গধুলি লাইট বিলাক জ্বলি উঠিছিল৷

-“ক’ত যাবি?”

-“বড়ো ডিপাৰ্টমেণ্টৰ পৰা ইলেক্ট্ৰনিকছ ডিপাৰ্টমেণ্টলৈ”৷

-“কি?”

-“ঐ শুন না, আজি গোটেই ইউনিভাৰ্চিতিখন এপাক ঘূৰো ব’ল৷ সব ডিপাৰ্টমেণ্টৰ সন্মুখেদি”৷

-“কাম নাই আৰু তোৰ?”

-“ব’ল না৷ আজি গোটেই জি.ইউ. ৰ চৌহদটো এপাক ফুৰিবলে মন গৈছে! কেইদিননো আছে এৰি যাবলৈ!”

-“ব’ল”৷

মায়াময় পৰিবেশ। ষ্ট্ৰিট লাইট বিলাক জ্বলি উঠিছিল। ছাঁ-পোহৰৰ মাজত কেৱল তাই আৰু মই। মাত হেৰাই গৈছিল দুয়োৰে। দুবছৰীয়া স্মৃতিবোৰে দোলা দি আছিল দুয়োটাৰে মনত। কিবা এটা অনামী দুখে হেঁচা মাৰি ধৰিছিল, কেইদিনমান পিচতেই এৰি যাম এই সকলোবোৰ!!

কিমান সময় দুয়োটাই ঘূৰি ফুৰিলো মনত নাই।

-“ঐ, ৮ বাজিল। তোক হোষ্টেলত সোমাব দিব এতিয়া?”

-“দিব। সব মেনেজ কৰি থৈ আহিছো।”

-“ব’ল হোষ্টেললৈ ঘূৰি যাওঁ।”

-“ব’ল”৷

………………………………………………………………………………………………

//স্নেপ ৪//

স্থান: ইউনিভাৰ্চিটি গাৰ্লচ হলৰ গেট। জি.ইউ।

“যা। বাই”

তাই ৰৈ আছিল অলপ সময়।

“শুন”

“কি?”

“কাইলৈ হোষ্টেল এৰিম।”

“কি? এতিয়া কৈছ?”

’অ’৷

“তোক মই একদম পিতিম কোনোবাদিনা”৷

“কিয় ?”

“ইমান সময় একেলগে ঘূৰি ফুৰিলো, একো নকলি৷ এতিয়া তোক তোৰ হোষ্টেললৈ থবলৈ আহিছো৷ তাকো ৰাতি ৮.৩০ বাজিছে৷ গেটৰ ওচৰত কৈছ কাইলৈ হোষ্টেল এৰিম”৷

“অ’, এনেকুৱাই মই!”

অলপ সময় ৰৈ থাকিলোঁ দুয়োটাই।

“যা তই এনেকে গাৰ্লচ হোষ্টেলৰ সন্মুখত ৰৈ থাকিব নালাগে!”

“উমম, বাই। কাইলৈ ৰাতিপুৱা আহি যাম।”

“অ’কে…বাই!”

“বাই”৷

মন কৰিছো তাইৰ মাতটো একেবাৰেই সৰুকৈ ওলাল। অনুভৱ কৰিলো চকুকেইটা অলপ সেমেকিছে।

তাইক হোষ্টেলৰ গেটত এৰি থৈ উভতিলো। দুখোজমান আহিছো মাত্ৰ। মনটো কিবা উকা উকা লাগিছিল।

“ঐ… শুন না”, পিছপিনৰ পৰা তাইৰ মাতটো শুনি ঘুৰি চালো। তাই আকৌ গেটৰ ওচৰলৈ আহিল।

“কি হ’ল আৰু?”

“কথা এটা হ’ল!”

”?..?”

ৰৈ থাকিলোঁ। ছাঁ-পোহৰৰ মাজতো দেখিলো তাইৰ চকুকেইটা সেমেকি উঠিছে। অলপ সময় তাই তলমুৱাকৈ থাকিল।

“ঐ… তোক মই বহুত মিছ কৰিম অ’”, মাতটো তাইৰ থোকা-থুকিকৈ ওলাল।

“ময়ো!”

“……….”

“………….”

দুয়োৰো মুখত মাত নাই।

“মই তোক ভাল পাওঁ”, এটা হুমুনিয়াহৰ নিচিনাকৈ সৰুকৈ তাইৰ মাতটো ওলাই আহিল।

“মই জানো।”

“গৰু জানই যদি এতিয়ালৈ এবাৰো কোৱা নাই কিয়?” তাইৰ ভুকু এটা মোৰ হাতত পৰিল।

“সব কথা মুখেৰে ক’লেহে হয় নেকি?”

“হলেও… এবাৰটো ক’ব পাৰ!”

“বান্দৰী, সেইটোও ক’ব লাগে নেকি? তই মাতিলেই সব কাম এৰি তোৰ ওচৰলৈ দৌৰি আহোঁ, কিয় আহোঁ তই নাজান নেকি?”

“জানো”৷

“তেন্তে”?

“তোৰ মুখৰ পৰা শুনিব মন যায় দেচোন। এই কৃষ্ণচূড়াৰ দেশত দুবছৰ একেলগে থাকিলোঁ। তই যদি মোক ফৰমেলি ভাল পাওঁ বুলি ক’লিহেঁতেন! ওলোটাই মইহে ক’ব লগা হ’ল। গৰুটো ক’ৰবাৰ!”

“হ’ব যা বান্দৰী, ভাল পাওঁ তোক। এতিয়া হ’ল? খুচ?”

“অ’”

“এতিয়া যা৷ ভাত খায় শুই থাকগৈ।”

“অ, তয়ো যা৷ আৰু শুন কাইলৈ মোক আই.এছ. বি.টি.ত থবলৈ যাব লাগিব কিন্তু”৷

“হ’ব দে৷ বাই, গুড নাইট!”

“গুড নাইট”৷

তাইক বিদায় জনাই উভতি আহিলো। ফেৰফেৰিয়া বতাহ এজাকে কোবাই গৈছিল। হোষ্টেললৈ আহি ৰূমত সোমাই বিচনাত গাটো এৰি দিলো। ভাত খাবলৈ মন নগ’ল। তাইৰ মুখখন চকুৰ আগত ভাঁহি থাকিল।

………………………………………………………………………….

// স্নেপ : ৫ //

স্থান : আই.এচ.বি.টি, গুৱাহাটী।

তাই ঘৰলৈ যাবগৈ। তাইৰ ডাঙৰ ডাঙৰ বেগ দুটাৰ সৈতে তাইক বাচত উঠাই থব আহিছো।

“কেইটাত বাছ?”

“৬.৩০”

হাতঘড়ীটোলৈ চালো। এতিয়াও ৩০ মিনিট বাকী।

“ঐ, মই আৰু গুৱাহাটীলৈ উভতি আহিব নোৱাৰিম কিজানি।”

“কিয়?”

“মা-দেউতাই ঘৰৰ পৰা দূৰত থকাটো নিবিচাৰে তাতে একমাত্ৰ ছোৱালী। দুই এটা বিয়াৰ প্ৰপ’জেলো আহিছে ঘৰত!”

“হুম..!”

“ঐ, সোনকালে চাকৰি এটা যোগাৰ কৰ না৷ মই তোৰ লগতে থাকিব খোজো সদায়!” মাতটোৰ লগতে চকুকেইটাও অলপ চলচলিয়া হৈ পৰিছে তাইৰ।

“মই চেষ্টা কৰিছো। তই যেনে তেনে দুবছৰমান ৰ’বি!”

“ও, তই সোনকালে চেটেল্ড হৈ ল৷ তেতিয়া তই যিমান দিনলৈ ৰ’ব কবি মই ৰ’ব পাৰিম!”

বেকাৰ বেকাৰ হুমুনিয়াহ এটা ওলাই আহিল।

তাইৰ গাড়ী চলিব আৰম্ভ কৰিছিল। খিৰিকিৰে তাই হাতখন উলিয়াই জোকাৰিছিল।

……………………………………………………………………….

// স্নেপ: ৬ //

//টু ইয়াৰছ লেটাৰ//

“হেল্ল’“

“কি কৰিছ ?”

“অলপ আগতে আহি ৰূমত সোমাইছো”

“তই?”

“ঘৰতে আছো। আজি এপি. এছ. ছি. পৰীক্ষা কেনে হ’ল? ক্লিয়াৰ হ’বনে?

“ভালেই হৈছে। ৰিজাল্ট দিলেহি গম পাম কি হয়।”

“বঢ়িয়া! ভাল হ’বদে, মোৰ মনটোৱে কৈ আছে তই এইবাৰ ক্লিয়াৰ কৰিব পাৰিবি।”

“চাওঁচোন কি হয়!”

“ঐ, শুন না৷ তোক কথা এটা ক’ব লগা আছিল।”

“ক”

“……”

“…….”

“মোৰ বিয়া ঠিক হৈছে!!” নিৰৱতাৰ মুহূৰ্ত কিছুমান পাৰ হৈ যোৱাৰ পিছত তাইৰ মাতটো সৰুকৈ ফোনৰ সিটো মূৰৰ পৰা ওলাই আহিল।

“কি?”

“অ’!”

“কেতিয়া ?”

“মাৰ্চৰ ৭ তাৰিখ। এক সপ্তাহ হ’ল তাৰিখ ঠিক হোৱা!”

“তই মোক কোৱা নাই যে ?”

“সন্মুখত তোৰ পৰীক্ষা কাৰণেই কোৱা নাছিলো! তই মন বেয়া নকৰিবি৷ মই ঘৰৰ কথা আৰু পেলাব নোৱাৰা হ’লো!”

বুকুখন যেন কিবাই খুন্দা মাৰি ধৰিলে। একো ক’ব নোৱাৰা হৈ গ’লো। তাই কিবা কিবি কৈ আছিল সিটো মুৰত। কিছুমান উচুপনিৰ শব্দও কাণত পৰিছিল। ধিক্কাৰ জন্মিছিল বেকাৰ জীৱনটোৰ ওপৰত।

“মই এডজাষ্ট কৰিছো বাস্তৱৰ লগত, তয়ো কৰ!”

তাইৰ শেষ কথাষাৰ কাণত বাজি থাকিল। বহুসময়লৈ।

মোবাইলটো অফ কৰি থৈ দিলো। মনটোৱে মনা নাছিল। যেন হিয়া ধাকুৰি কান্দিম ক’ৰবাত গৈ। ৰূমৰ পৰা ওলাই আহিলো। আন্ধাৰত ছাঁদৰ ওপৰত বহি গাটো এৰি দিলো। পুৰণি কথাবোৰে মনত ভুমুকি মাৰিব ধৰিলে৷

বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে প্ৰেমত পৰা জালুকবাৰীৰ আকাশে বতাহে ভাহি থকা সেই বিখ্যাত গানটো যেন ক’ৰবাত বাজি উঠিছিল-

“……../ ফ’ৰ্থ চেম নাহিবি.. তাই মোক এৰি যাবগে…/ প্ৰেম নকৰিবা…..নকৰিবা মোৰ বন্ধু…/ মাৰ্কেট ৰোডত নেবেচিবা হিয়া বন্ধু…./ ……./”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments