প্ৰাণ নাশক জাপানী এনকেফেলাইটিছ (ডা: ধৰ্মকান্ত কুম্ভকাৰ)

download   অসমত অতি শেহতীয়াভাৱে জাপানী এনকেফেলাইটিছ নামৰ প্ৰাণনাশক ৰোগবিধে ভয়াৱহ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিছে। এই ৰোগবিধে মানুহৰ জীৱনলৈ প্ৰাণ নাশৰ ভাবুকি মাতি আনিছে। অসমীয়া প্ৰতিদিন কাকতত ১৪ আগষ্ট, ২০১৪ তাৰিখে প্ৰকাশ পোৱা এক বাতৰিমতে ২০০৮ চনৰ পৰা চলিত ২০১৪ চনলৈ, অৰ্থাৎ বিগত সাত বছৰত অসমত জাপানী এনকেফেলাইটিছ আৰু এনকেফেলাইটছসদৃশ ৰোগত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা ২০৪৫ জন। এই প্ৰাণনাশক ৰোগবিধৰ ভয়াৱহতা এইবছৰত অধিকভাৱে বৃদ্ধি পাইছে। বছৰটোত এতিয়ালৈকে মুঠ এনকেফেলাইটছসদৃশ ৰোগত আক্ৰান্ত ব্যক্তি ১৭৫৫ জনৰ ভিতৰত ৬৬৯ জন জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ব্যক্তি। ২০১৪ চনত এতিয়ালৈকে অসমত সৰ্ব্বমুঠ ৪২১ জন ব্যক্তিয়ে জাপানী এনকেফেলাইটিছ আৰু এনকেফেলাইটছসদৃশ ৰোগত মৃত্যুবৰণ কৰিছে। ইয়াৰে ১৩২ জন জাপানী এনকেফেলাইটিছ আৰু ২৮৯ জনে এনকেফেলাইটছসদৃশ ৰোগত মৃত্যুবৰণ কৰিছে।

 

জাপানী এনকেফেলাইটিছ কি –

ফ্লেভিভিৰিডি (Flaviviridae) পৰিয়ালৰ অন্তৰ্ভুক্ত জাপানী এনকেফেলাইটিছ নামৰ ভাইৰাছবিধে মানুহৰ শৰীৰত প্ৰৱেশ কৰি এই ৰোগৰ সৃষ্টি কৰে। এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত প্ৰতি দুশৰ পৰা তিনিশ ব্যক্তিৰ বিপৰীতে এজনৰ শৰীৰত ই প্ৰাণনাশক ৰোগ হিচাপে দেখা দিয়ে। এই ৰোগত অতিমাত্ৰা জ্বৰ হয় আৰু ভাইৰাছবিধে মগজু আক্ৰমণ কৰি নানা স্নায়ুজনিত সমস্যাৰ সৃষ্টি কৰে। জীৱনত এবাৰ এই ৰোগ হ’লে ব্যক্তিজনে গোটেই জীৱন এই ৰোগবিধ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা অৰ্জন কৰে। কিন্তু পৰিতাপৰ কথা, এই ৰোগত আক্ৰমিত প্ৰায় ৬০% ব্যক্তিয়ে মৃত্যুমুখত পৰে। সাধাৰণতে যদিও গাহৰি বা বগলী চৰাইৰ দেহত এইবিধ ভাইৰাছ আশ্ৰয় লৈ থাকে, তথাপি সিহঁতৰ শৰীৰত এই ভাইৰাছবিধে কোনো ৰোগৰ সৃষ্টি নকৰে। মানুহৰ বাদে পোহনীয়া জন্তু ঘোৰা আৰু গৰুক আক্ৰমণ কৰি এই ভাইৰাছবিধে ৰোগ সৃষ্টি কৰিব পাৰে। এচিয়া মহাদেশৰ দক্ষিণ আৰু দক্ষিণ পূৱৰ দেশবোৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। লক্ষণীয়ভাৱে ইছলাম ধৰ্মাৱলম্বী লোক বাস কৰা দেশবোৰত ( যিহেতু গাহৰি নাথাকে) এই ৰোগৰ প্ৰাদুৰ্ভাৱ কম। ভাৰতবৰ্ষৰ তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, অসম আদি ৰাজ্যবোৰত এই ৰোগ অধিক হোৱা দেখা যায়।

 

জাপানী এনকেফেলাইটিছ কিদৰে বিয়পে-

কিউলেক্স প্ৰজাতিৰ মহৰ দ্বাৰা এই ভাইৰাছ মানুহৰ দেহত প্ৰৱেশ কৰে। Culex tritaeniorhynchus, C. vishnui, C. gelidus মহ বিশেষকৈ দায়ী। সাধাৰণতে কিউলেক্স প্ৰজাতিৰ মাইকী মহে জীৱ-জন্তুক কামুৰি তেজ খায় (Zoophilic), মানুহক কমকৈ কামোৰে। কিন্তু মহবিধৰ পৰিমাণ ভয়ানকভাৱে বৃদ্ধি হ’লে, মানুহকো কামুৰি তেজ খায়। ভাইৰাছ বহনকাৰী গাহৰি, বগলী চৰাই আদিক কামুৰি মানুহক কামুৰিলে এই ভাইৰাছ মহটোৰ লেলাউটিৰ সৈতে মানুহৰ দেহত প্ৰৱেশ কৰে। আক্ৰান্ত ব্যাক্তিক কামুৰি, এই মহে অন্য সুস্থ মানুহক কামুৰিলে এই ৰোগ বিয়পিব নোৱাৰে। গৰ্ভৱতী মহিলা আক্ৰান্ত হ’লে, ই গৰ্ভত থকা সন্তানলৈকে বিয়পিব পাৰে।

 

জাপানী এনকেফেলাইটিছৰ লক্ষণ –

জাপানী এনকেফেলাইটিছ ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ ৫ ৰ পৰা ১৫ দিনৰ পিছতে আক্ৰান্ত ব্যক্তিজনৰ কঁপনিসহ অতিমাত্ৰা জ্বৰ উঠে। মুৰৰ বিষ, হাত-ভৰিৰ বিষ, গাঁঠিৰ বিষ, বমি ভাৱ, বমি হোৱা, মূৰ ঘূৰণি আদি হয়। একৰ পৰা ছয়দিনমানলৈকে থকা এই লক্ষণবোৰ অন্য সাধাৰণ ভাইৰাছজনিত জ্বৰৰ সৈতে একে। ছয়দিনমানৰ পিছত জ্বৰৰ লগতে নানা স্নায়ুজনিত সমস্যাই দেখা দিয়ে। ৰোগীয়ে মূৰটো ইকাটি-সিকাটি কৰিব নোৱাৰা হয়, গাঁঠিবোৰ কোচাব নোৱাৰা হৈ পৰে আৰু লাহে লাহে শৰীৰ অসাৰ হৈ পৰে। এই অৱস্থাক একিউট এনকেফেলাইটিছ অৱস্থা বুলি কোৱা হয়। শেহলৈ ৰোগী অজ্ঞান (Coma) হৈ পৰে। এনে অৱস্থাত মৃত্যুৰ হাৰ বেছি। শিশুসকলৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অধিক হোৱা দেখা যায়। কিবা প্ৰকাৰে ৰোগী বাচি গ’লেও স্নায়ৱিক দুৰ্ব্বলতা, কাণেৰে কম শুনা, শৰীৰ বিকলতা আদি ৰৈ যাব পাৰে।

জাপানী এনকেফেলাইটিছৰ চিনাক্তকৰণ-

যিহেতু প্ৰাৰম্ভিক অৱস্থাত জাপানী এনকেফেলাইটিছৰ লক্ষণ সাধাৰণ ভাইৰাছজনিত জ্বৰৰ সৈতে একে, সেয়েহে ইয়াক প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰা বৰ টান। ৰোগীৰ তেজ বা CSF ৰ IgM Capture ELISA পৰীক্ষা কৰি এই ভাইৰাছবিধৰ বিৰুদ্ধে সৃষ্টি হোৱা এন্টিব’ডি চিনাক্ত কৰা হয়। ইয়াৰ উপৰিও Indirect Fluorescent Antibody Staining ( IFAS) পদ্ধতিৰ দ্বাৰা এই ভাইৰাছবিধৰ এণ্টিজেন নিৰ্দ্ধাৰণ কৰিব পৰা যায়।

 

জাপানী এনকেফেলাইটিছৰ চিকিৎসা –

জাপানী এনকেফেলাইটিছৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। ৰোগীক Supportive চিকিৎসা দিয়া হয়। জ্বৰ কমোৱা দৰৱ, মস্তিষ্কৰ ফুলি যোৱা অৱস্থা কমাবলৈ মেনিট’ল (Mannitol) চেলাইন দিয়া হয়। Dehydration কমাবলৈ আৰু পৰিপুষ্টি যোগান ধৰাৰ বাবে চেলাইন দিয়া হয়। সাধাৰণতে ৰোগীক পুষ্টিকৰ , সহজে হজম হোৱা খাদ্য খাবলৈ দিয়াৰ লগতে জিৰণি ল’ব দিয়া হয়। ৰোগী অজ্ঞান হ’লে নাকেৰে পাইপ দি জুলীয়া খাদ্য দিব লাগে আৰু প্ৰস্ৰাৱৰ বাবে কেথেটাৰ দিব লাগে। ৰোগীক ICU ত ৰাখি চিকিৎসা কৰিব লগাও হব পাৰে। ভাইৰাছৰ বৃদ্ধি ৰোধ কৰা আৰু মস্তিষ্কক সুৰক্ষা দিব পৰা দৰৱ ৰ’জমেৰিনিক এচিদ, অৰ্কটিজেনিম, কাৰফুমিন আদিৰ অধ্যয়ন অন্য প্ৰাণীৰ ওপৰত চলাই থকা হৈছে। বৰ্তমানলৈ মানুহৰ ওপৰত প্ৰয়োগ কৰিব পৰা দৰৱ সৃষ্টি হোৱা নাই।

 

জাপানী এনকেফেলাইটিছৰ প্ৰতিৰোধ-

যিহেতু জাপানী এনকেফেলাইটিছৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই, সেয়েহে প্ৰতিৰোধেই ইয়াৰ একমাত্ৰ ভৰসা। প্ৰতিৰোধৰ বাবে প্ৰথমে মহে আশ্ৰয় ল’ব পৰা গাহৰিৰ গৰাল বাসস্থানৰ পৰা দূৰৈত বনাব লাগে। গাহৰিৰ গৰালত ধোৱা আদি দি থাকিব লাগে আৰু মহ পাৰ হ’ব নোৱাৰা জালেৰে গৰাল ঢাকি ৰাখিব লাগে। এই ৰোগে মহামাৰী ৰূপ ল’লে আক্ৰান্ত গাহৰি বধ কৰিব লগা হব পাৰে। অন্যহাতে কিউলেক্স মহ যাতে বৃদ্ধি হব নোৱাৰে তাৰ বাবে বাসস্থানৰ চাৰিওফাল চাফ চিকুণকৈ ৰাখিব লাগে আৰু পানী জমা হ’ব দিব নালাগে। মালাথিয়ন, ডিডিটি আদি ৰাসায়নিক কীটনাশক দৰৱ Spray অথবা Fogging কৰি ছটিয়াই কিছু পৰিমাণে মহ কমাব পাৰি। যিহেতু এই মহবিধ খেতিপথাৰ আদিত বহু এলেকা ব্যাপি থাকে, সেয়েহে ৰাসায়নিক কীট নাশক দৰৱৰ ব্যৱহাৰ খৰচী হয় আৰু ফলপ্ৰসূ নহয়। মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ দিন বা ৰাতি শোৱা সময়ত আঁঠুৱা তৰি শুব লাগে। আঁঠুৱা বগা ( মহ দেখাৰ বাবে), ০.৪৭২৫ inchতকৈ কম আকাৰৰ ছিদ্ৰযুক্ত আৰু কীটনাশক দৰৱযুক্ত (Insecticide treated net-ITN) হ’লে ভাল। মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ হাত দীঘল চোলা, দীঘল পেন্ট, বুটজোতা পিন্ধাৰ উপৰিও মহ খেদা ধূপ, ধূনা, ধোঁৱা আদি ব্যৱহাৰ কৰিব লাগে। ভেকচিন বা ছিটা জাপানী এনকেফেলাইটিছ প্ৰতিৰোধৰ এক ফলপ্ৰসূ উপায়।

 

জাপানী এনকেফেলাইটিছৰ ভেকচিন-

বৰ্তমান সময়ত তিনি প্ৰকাৰৰ জাপানী এনকেফেলাইটিছ ভেকচিন বজাৰত উপলব্ধ। সেইবোৰ হ’ল: SA-14-14-2, IC51( অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত JESPECT আৰু অন্য ঠাইত IXIARO হিচাপে বজাৰত উপলব্ধ) আৰু Chimeri Vax-JE (IMO-JEV হিচাপে বজাৰত উপলব্ধ)। ১৯৮৮ চনত চীনত প্ৰয়োগ আৰম্ভ হোৱা SA-14-14-2 ভেকচিনবিধ সুলভ। এই ভেকচিনবোৰ জেনোটাইপ III ভাইৰাছৰ ওপৰত প্ৰতিস্থিত। ভেকচিনবোৰ Subcutenous injection হিচাপে দিয়া হয়। বেজী দিয়া ঠাইত বিষ হোৱা, আৰ্টিকেৰিয়া আদি ইয়াৰ পাৰ্শ্বক্ৰিয়া। এই ভেকচিনবোৰে মানুহক কিমান দিনলৈকে ৰোগ প্ৰতিৰোধ ক্ষমতা দিয়ে সঠিককৈ কোৱা টান। তথাপি ভেকচিন লোৱাৰ পিছত দুইৰ পৰা তিনি বছৰ ভাইৰাছ এণ্টিজেন নিউট্ৰেলাইজ কৰা এন্টিব’ডি মানুহৰ শৰীৰত থাকে। সেয়েহে তিনিবছৰ পিছত বুষ্টাৰ ড’জ ল’ব লাগে। জাপানী এনকেফেলাইটিছৰ ভেকচিন প্ৰাথমিক ড’জ লোৱাৰ দুই সপ্তাহ পিছত আকৌ এটা ল’লে ছমাহ মান পিছত ৰোগ প্ৰতিৰোধ শক্তি আহৰণ হয়। এবছৰ পূৰ হোৱাৰ আগেয়ে আৰু এটা ভেকচিন ল’লে তিনি বছৰ পৰ্যন্ত ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), নেচনেল ইনষ্টিটিউত অব ভাইৰোলোজী আৰু ভাৰত বায়োটেক লিমিটেডে সামূহিক প্ৰচেষ্টাৰে SA-14-14-2 প্ৰজাতিৰ ভেকচিন JENVAC ৰ তৈয়াৰ আৰম্ভ কৰিছে। জাপানী এনকেফেলাইটিছ ভেকচিন যিকোনো বয়সৰ ব্যক্তিয়ে ল’ব পাৰে।
ভ্ৰমণকাৰীয়ে সুৰক্ষা পাবলৈ এইৰোগ অধ্যূষিত ঠাইলৈ যোৱাৰ আগতে প্ৰাথমিক ড’জ ভেকচিন ল’লে সুৰক্ষা পায়। প্ৰাথমিক ড’জ লোৱাৰ ১২ ৰ পৰা ১৮ মাহত প্ৰথম বুষ্টাৰ আৰু ৪ বছৰত দ্বিতীয় বুষ্টাৰ ল’ব লাগে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments