জাৰজ (ৰূপাঙ্কৰ চৌধুৰী)

– অ মা?
– কি হ’ল তোৰ?
– অ মা? আকাশৰ বাপেকে তাক নতুন বাইক এখন দিছে!
– তাতে কি হ’ল?
– নহয় অ মা!! মই বাইক চলাই ভাল পাওঁ!
– তাতে কি হ’ল?
– নহয় ও মা?? তই নুবুজ কিয়? অ মা? মোকো এখন দে না বাইক? আকাশৰখনতকে কম দামী দিলেও হ’ব! মই কম দামী বাইকেৰে তাক পিছ পেলাম অ মা! অ মা??
– পইছা ক’ত?? কেনেকৈ দিওঁ?
– অ মা? দেনা! আকাশৰ বাপেকক খুজ না পইচা? তাৰ বাপেক মোৰো বাপেক নহয় জানোঁ?
– জাৰজ! তই আকাশৰ বাপেকৰ জাৰজ সন্তান! জাৰজ!
– চিইইইট! মা, লাহে লাহে দুৱাৰৰো কাণ আছে!

দীপক আৰু তাৰ মাক- কুসুম চৌধুৰী। অকলে থাকে। কুসুম চৌধুৰীয়ে কৃষি বিভাগত নিম্নবৰ্গৰ সহায়িকাৰ পদত চাকৰি কৰে। আকাশৰ দেউতাকে দিয়া চাকৰি। তেতিয়া তেখেত কৃষিমন্ত্ৰী আছিল। সৰু কথা আছিল নিজৰ বিভাগত কাৰোবাক চাকৰি এটা দিয়া তাকো নিজৰ গৃহ জিলাত। তাতকৈ সৰু কথা আছিল চাকৰি দিয়াৰ বিনিময়ত কাৰোবাৰ ভৰ যৌৱন উপভোগ কৰা। সৰু কথা আছিল চাগে তেখেতৰ বাবে কোনোবা যুৱতীৰ ওপৰত মাতৃত্বৰ বোজা সপি দিয়া।

কিন্তু সেয়া সৰু কথা নাছিল কুসুম চৌধুৰীৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ যুৱতীৰ বাবে। অঞ্চলটোৰ ভিতৰত ৰূপৱতী আৰু গুণৱতী যুৱতী আছিল কুসুম। পঢ়া-শুনাটো নাম কৰা সৰুৰে পৰা। হাইস্কুলৰ ছাত্ৰী তেতিয়া। ছাত্ৰ আন্দোলনৰ ভৰপক সময় তেতিয়া। ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ নেতা জগদীশ বৰুৱাৰ দৰে ব্যক্তিৰ তেতিয়া সিহঁতৰ ঘৰলৈ সঘন আহ-যাহ। কুসুমৰ বৰদেউতাৰ ল’ৰা দিবাকৰ চৌধুৰীয়ে সিহঁতৰ অঞ্চলত আন্দোলনৰ নেতৃত্ব দিছে। তেনেকৈ আহ-যাহ চলিত থাকোতে, বৰুৱাহঁতৰ দৰে নেতাক চাহ-পানীৰ যোগান ধৰা, তামোলৰ বটাখন আগবঢ়াই দিয়া আদি কৰোতেই চাৰি চকুৰ মিলন হয় কুসুম আৰু জগদীশ বৰুৱাৰ। কুসুমৰ দৰে সাধাৰণ ছোৱালীৰ পিনে চাই বৰুৱাৰ দৰে মহান ছাত্ৰ নেতাই মিঠা হাঁহি উপহাৰ দিয়ে, কম ভাগ্যৰ কথা নে? তামোলৰ বটাখন আগবঢ়াই দিওঁতে কুসুমৰ কোমল হাতখন বৰুৱাৰ পূৰঠ হাতেৰে বহুসময় আবদাৰ কৰি থাকে! এয়া জানো কম ডাঙৰ কথা আছিল নে কুসুমৰ বাবে?

দিন বাগৰিল। আন্দোলন শেষ হ’ল। জগদীশ বৰুৱা ছাত্ৰ নেতাৰ পৰা ৰাজ নেতা হ’ল। ছাত্ৰ সকলে মিলি জন্ম দিয়া ৰাজনৈতিক দলত খোৱা-কামোৰা লাগিল। বৰুৱাই জনতাক সেৱা কৰাৰ স্বাৰ্থত আন দলত যোগদান কৰিলে। মন্ত্ৰী পদ পালে। সময় বলুকাত খোজ ৰাখি কুসুমে কলেজীয়া ডিগ্ৰী লৈ গাওঁতে দুই-এটা টিউচন কৰি চলি আছে। এদিন দিবাকৰ ককায়েকৰ মুখৰ পৰা গম পালে জগদীশ বৰুৱাই আন্দোলনৰ নেত্ৰী এজনীক বিয়া কৰালে। দুদিন মান মন বেয়া আছিল কুসুমৰ। লাহে-ধীৰে সকলো ঠিক হ’বলৈ ধৰিছিলে, তেনেতে দিবাকৰ ককায়েকে দিলে খবৰ তাইক কৃষি বিভাগত পদ খালী হৈছে। জগদীশ বৰুৱাক এবাৰ লগ ধৰিলে তাইৰো হৈ যাব পাৰে। চাকৰি এটা পালে পিতৃহীন তাইৰ ঘৰখনেও সকাহ পাব। পিছদিনাই দিবাকৰৰ লগত ৰাজধানীলৈ গ’ল কুসুম। লগ ধৰিলে কৃষিমন্ত্ৰী জগদীশ বৰুৱাক।

সেই একেই মিঠা হাঁহি এটি উপহাৰ দিলে বৰুৱাই কুসুমক। হৈ যাব চাকৰি। তাইৰ গৃহ জিলাতে পদ খালী আছে। এটকাও খৰচ কৰিব নালাগে। কেৱল প্ৰথম দৰমহাৰে তাই এটোপোলা মিঠাই বৰুৱাৰ ঘৰত দি আহিব লাগিব। দেৱতাৰ অন্য একৰূপ বিচাৰি পাইছিল সেইদিনা জগদিশ বৰুৱাৰ মাজত কুসুমে। ইমান বিখ্যাত অথচ তাইক ইমান উপকাৰ কৰিলে!

মিঠাইৰ টোপোলা হাতত লৈ কুসুম হাজিৰ বৰুৱাৰ চৰকাৰী আৱাসত। অকলেই আহিছিল সিদিনা তাই। চন্তৰী কেইজন আৰু বৰুৱাৰ বাহিৰে চৰকাৰী আৱাসত কোনো নাছিল। তেখেতৰ ব্যস্ত পত্নীও নাছিল। সুযোগৰ সদব্যৱহাৰ কৰিলে বৰুৱাই। মিঠাইৰ টোপোলাটোৰ লগতে আৰু বহুত কিবা-কিবি এৰি আহিল চৰকাৰী আৱাসত সেইদিনা কুসুমে।৹৹৹৹

– ও স্বপ্না? স্বপ্না ও? তুমি কিমান ভাল পোৱা মোক?
– সেয়া আৰু দেখুৱাব পাৰি নেকি দীপক?
– এবাৰ দেখুৱাই দিয়ানা?
– দীপক? কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে তোমাক ভাল পাওঁ বুলি কৈছোঁ। তাতকৈ বেছি আৰু কি লাগে তোমাক?
– তাকেই! মোৰ দৰে জধামূৰ্খ এটাক তোমাৰ দৰে ৰূপৱতী এজনীয়ে কিয়বা ক’লা ভাল পাওঁ বুলি! মই ভাবি ভাবি উৱাদিহ নাপাওঁ ও স্বপ্না!
– হাহাহা! তোমাৰ দৰে জধামূৰ্খই অন্ততঃ মোৰ ব্যক্তিগত স্বাধীনতা যে বাধাহীন ভাৱে উদ্যাপন কৰিবলৈ দিবা সেয়া মই জানোঁ! সেয়েহে মই ইতিমিধ্যে তোমাক মোৰ জীৱনলগৰী কৰিবলৈ প্ৰায় খাটাং কৰি পেলাইছোঁ!
– সঁচা স্বপ্না? মই আজিয়েই মাক জনাম, তোমাৰ মনৰ কথা।
– ধেই এইটো! সকলো সময়তে জধামূৰ্খৰ দৰে মা মা কে কিয় থকা তুমি?
– মই যদি মূৰ্খ হৈ নাথাকোঁ তুমি দেখোন আঁতৰি যাবা মোৰ পৰা! স্বপ্না! ৹৹৹৹

দীপকে মাকক ক’বহে পালে স্বপ্নাৰ মনৰ কথা, আহিল নহয় পাকঘৰৰ পৰা শব্দ! দীপকে উঠি গৈ দেখে, মাকে যতনাই থৈ দিয়া ভাঙোন মাছ এটা মুখত লৈ দৌৰ মাৰি পলাল মেকুৰীয়ে। অলপ পিছতে ৰাজ্যৰ বিৰোধী দলৰ সাধাৰণ সম্পাদক আহি কুসুম চৌধুৰী ঘৰত হাজিৰ।
-কিন্তু এয়া অসম্ভৱ। মোৰ দৰে সাধাৰণ পেটে-ভাতে খাই থকা তিৰোতা এজনীয়ে নিৰ্বাচন? আপোনালোকৰ পাৰ্টীত বহুত ভাল ভাল নেতা আছে। অনুগ্ৰহ কৰি মোক এইবোৰৰ মাজত নানিব।
– অকল ভাল নেতাই যদি দলক বিজয়ী কৰালে হয় তেন্তে আমি নিশ্চয় আপোনাৰ কাষলৈ নাহিলোঁ হয় শ্ৰীমতী কুসুম চৌধুৰী! মই দলৰ সাধাৰণ সম্পাদক হিচাপেই আপোনাক অনুৰোধ কৰিছোঁ আপুনি নিৰ্বাচন খেলক। নিৰ্বাচনত আপোনাক বিজয়ী কৰোৱাৰ দায়িত্ব আমাৰ।
– কিন্তু? জগদীশ বৰুৱাৰ দৰে বাহুবলী আৰু অগাধ ধন-সম্পত্তিৰ গৰাকী পুৰণি নেতাক মই???
– সেই বাবেই আপুনি। আপোনাৰো জানোঁ পুৰণি হিচাপ-নিকাচ বাকী নাই তেখেতৰ লগত? আমাৰ পাৰ্টীয়ে সকলো খবৰ ৰাখিছে।
তেনেতে দীপকে মাত লগালে-
– অ মা! ভালেই হ’ব দে। আকাশে খুব ফুটনি মাৰি থাকে তাৰ দেউতাকৰ কথা কৈ। উঠ ও মা। কিমান আৰু সৰু হৈ থাকিম এই দুনিয়াত!
কুসুম চৌধুৰীয়ে জানে এয়া জুৱা খেলৰ দৰে। তথাপি তেখেতে দুদিনৰ সময় ল’লে। একমাত্ৰ সন্তানৰ কথা পেলাব নোৱাৰে তেখেতে। সেয়েহে পিএফৰ নামত জমা থকা টকা খিনি উলিয়াই তাৰ পচন্দৰ বাইকখন কিনি দিছে আজি।৹৹৹

কুসুম চৌধুৰীয়ে পুতেকক বাইক লাহে-লাহে চলাবলৈ উপদেশ দি আছে। এনেতে পাকঘৰত শব্দ হ’ল। আজিও মেকুৰীটোৱে মাছ এডোখৰ লৈ গ’ল। আজি ভজা মাছ নিলে উঠাই। তেনেতে পদূলিত গাড়ী ৰোৱা শব্দ। খিৰিকিৰে দীপকে দেখিলে জগদীশ বৰুৱা!
– মা, দেউতা আহিছে! জগদীশ দেউতা!
– চুউপ! মুখত লেকাম লগা! সামাজিক ভাৱে তোক এতিয়াও স্বীকৃতি দিয়া নাই নিজৰ পুত্ৰ বুলি! জধামূৰ্খ কৰবাৰ!
– জধামূৰ্খই হৈ থাকিম মই। নহ’লে স্বপ্নাৰ দৰে ধুনীয়া ছোৱালী বিয়া নহ’ব যে মোৰ লগত!
কুসুম চৌধুৰীয়ে নিজকে ঠিক-ঠাক কৰি ল’লে। তেখেতে এনেকুৱা এটা পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰাখিছিল। বিশেষকৈ বিৰোধী দলৰ পিনৰ পৰা তেখেতলৈ টিকটৰ টোপ অহাৰ পিচত।
– কিহে দীপক? ভালনে খবৰ?
– ভালেই। মায়ে কালি মোক এখন নতুন বাইক কিনি দিলে!
– এতিয়া বাইকে নহয় আৰু কিবা-কিবি দিব কিনি তোমাক মাৰাই! নে কি শ্ৰীমতী কুসুম চৌধুৰী?
– কি কামত আহিছে আপুনি? কোনো মতলব নথকাকৈ আপুনি মন্দিৰ-মচজিদলৈকে নাযায়। অ, কিবা কাম আদায় কৰিবলগীয়া থাকিলে আপুনি বাৰীৰ চুৱা-চেলেকা কুকুৰকো কোলাত উঠাই মৰম কৰে। সেইবোৰ জনা আছে মোৰ। তেন্তে আমাৰ এই দুখীয়াৰ ঘৰলৈ?
– এৰা ঠিকেই। মতলব নথকাকৈ এই জগদীশ বৰুৱাই একো কামে নকৰে। আজি এক বিশেষ কামত আহিছোঁ। বৈধতা প্ৰদান কৰিবলৈ আহিছোঁ- আমাৰ সম্পৰ্কক।
– সেই বৈধতা মই কেতিয়াবাই আদায় কৰি ল’ব পাৰিলোঁহেঁতেন শ্ৰীযুত বৰুৱা! ‘ডিএনএ’ টেষ্টৰ বিষয়ে আপুনি জ্ঞাত চাগে! কিন্তু মই দ্বিতীয় বাৰৰ বাবে কাৰোবাৰ পুতৌৰ পাত্ৰ হ’ব নোখোজোঁ! জীৱনত এবাৰেই কাৰোবাক কাবৌ কৰিছিলোঁ মোৰ দুখীয়া ঘৰখনৰ সুবিধা হোৱাকৈ এটি চাকৰিৰ বাবে। সেই মানুহজনো আপুনিয়েই আছিল!
– পুৰণি কথাবোৰৰ বাবে মই সমগ্ৰ দায়িত্ব মূৰ পাতি লৈছোঁ কুসুম! মোৰ পত্নীৰ অন্তিম ইচ্ছা আছিল- তোমাৰ আৰু মোৰ সম্পৰ্কক বৈধতা প্ৰদান কৰা! মানি লোৱা মোৰ কথা!
– ও মা! মানি ল’। মইও তেতিয়া সকলোৱে শুনাকৈ বুকু ফিন্দাই জগদীশ দেউতাক, দেউতা বুলি মাতিব পাৰিম! ও মা মানি ল’ না! জগদীশ দেউতাৰ বাংলাত থাকিব পাৰিম!- দীপকে মাকক আবাদৰ কৰাত লাগিল।
কুসুম চৌধুৰী নিশ্চুপ হৈ বহি ৰ’ল ঘৰৰ কোন এটাত। তেখেতে নোৱাৰে পুতেক দীপকৰ কথা নৰখাকৈ থাকিব। তেখেতে বুজে এয়া জগদীশ বৰুৱাৰ এক ৰাজনৈতিক কৌশল! কিন্তু অঁকৰা পুতেক দীপকক পিতৃৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ তেখেতৰ মনে নধৰিলে! এইবাৰ ভিক্ষা-পাৰ্থী জগদীশ বৰুৱা! নিজৰ সুষ্ঠ ৰাজনৈতিক জীৱনৰ বাবে তেখেতৰ এই ভিক্ষা।৹৹৹৹

জগদীশ বৰুৱাৰ আৰু কুসুম চৌধুৰীৰ সম্পৰ্ক শেহতীয়া স্থিতিক লৈ গোটেই চহৰখনেই সৰৱ! স্বপ্নাৰ ঘৰখনো সৰৱ।
– এতিয়াতো মানি লোৱা দেউতা। এতিয়া দীপকৰ বৈধ দেউতাকও আছে। ৰাজ্যৰ বিখ্যাত ৰাজনৈতিক নেতা।
– মোক ভাবিবলৈ সময় দে স্বপ্না।
– একো সময় নাই। আজি দীপকৰ মাক আহি আছে আমাৰ ঘৰলৈ দিন-বাৰ ঠিক কৰিবলৈ।
– কিন্তু তহঁত দুয়োজনৰ পঢ়া-শুনা?
– বিয়াৰ পিছতো সেইবোৰ চলি থাকিব দেউতা।৹৹৹৹

গোটেই চহৰখনেই মনত ৰাখিবলগীয়া বিয়া এখন হৈ গ’ল। কিন্তু স্বপ্নাৰ সপোন ভাঙিবলৈ বেছি দিন নালাগিল। তাই দেখিলে দীপক সঁচাকৈ শিশু-সদৃশ হৈ আছে সকলো দিশৰ পৰাই। প্ৰতিটো কথাতে কেৱল মাক আৰু মাক! তাইৰ লগত কটাবলগীয়া নিবিড় ক্ষণ বোৰৰ বাবেও যেন মাকৰ অনুমতি বিচাৰিব সি! আনপিনে জগদীশ বৰুৱাৰ আনজন পুত্ৰ আকাশ! সকলোপিনৰ পৰাই পাকৈত, দেখনীয়াৰ আজিৰ যুগৰ যুবক। বয়সত দীপকতকৈ সৰু কিন্তু পুৰুষ সুলভ ব্যক্তিত্বৰ অধিকাৰী আকাশ।
– দীপক ভাল খবৰ এটা আছে।
– কি স্বপ্না? মই মাক হ’ব ওলাইছোঁ!
– কি? কি কোৱা? ইমান ভাল খবৰ? মই সকলোকে জনাওঁ ৰবা।
– এহ। ৰবা জনাবা সকলোকে! কেনেকৈ কি হ’ল একো সোধা নাই যে?
– কেনেকৈ কি হ’ল মানে?৹৹৹৹৹ অহ! তাকেইতো!৹৹৹৹ কেনেকৈ?৹৹৹ মানে তুমি কেনেকৈ হ’লা- মাক??
– আকাশ!
দীপকে চিঞঁৰিবলৈ ধৰিলে- মা? অ মা? মা ও!
কুসুম চৌধুৰী পুতেকৰ চিঞঁৰ শুনি লৰি আহিল।
-যাও ব’ল আমি! নালাগে মোক আৰু পিতৃগৃহৰ আমোদ। আমাৰ ভঙা পঁজাই ভাল ও মা! মোৰ পুৰণি পৰিচয় মোৰ বাবে প্ৰাপ্য- জাৰজ! এটা জধামূৰ্খ অঁকৰা জাৰজ!
কুসুম চৌধুৰীয়ে চাদৰেৰে চকুলো মচিলে। একমাত্ৰ সন্তানৰ কথা পেলাব নোৱাৰে কুসুম চৌধুৰীয়ে। তেখেতৰ পিছে পিছে মেকুৰী এটা দৌৰি আহিছে। আজি বা কাৰ পাকঘৰৰ মাছত চকু এইজনী মেকুৰীৰ!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!