নৃত্যাচাৰ্য যতীন গোস্বামীৰ সৈতে এটি সাক্ষাৎকাৰ

অসমৰ নৃত্য জগতৰ লগত জড়িৰ ব্যক্তিসকলৰ বাবে সত্ৰীয়া নৃত্যৰ পুৰোধা ব্যক্তি নৃত্যাচাৰ্য যতীন গোস্বামী এটি সন্মানীয় নাম । ১৯৩৩ চনত গোলাঘাট জিলাৰ দেৰগাওঁ দাধৰাৰ আধাৰ সত্ৰত জন্মগ্ৰহন কৰা গোস্বামীদেৱৰ পিতৃ আছিল সত্ৰীয়া সংগীতৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী স্বৰ্গীয় ধৰণীধৰ দেৱগোস্বামী আৰু মাতৃ স্বৰ্গীয়া চন্দ্ৰপ্ৰভা দেৱী । সত্ৰীয়া পৰিৱেশত জন্মগ্ৰহন কৰা গোস্বামীদেৱে সৰু থাকোতেই পিতৃৰ তত্ত্বাৱধানত সত্ৰীয়া নাচৰ চৰ্চা আৰম্ভ কৰিছিল । পিছলৈ তেখেতে কমলাবাৰী সত্ৰৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী স্বৰ্গীয় মণিৰাম দত্ত মুক্তিয়াৰ আৰু স্বৰ্গীয় ৰসেস্বৰ শইকীয়া বৰবায়নৰ তত্ত্বাৱধান্ত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে । সত্ৰীয়াৰ উপৰিও তেখেতে জয়পুৰত গুৰু গণেশ হীৰালালৰ তত্ত্বাৱধানত কথক আৰু গুৰু অটম্বা সিংৰ তত্ত্বাৱধানত মণিপুৰী নাচৰ শিক্ষাও লাভ কৰিছিল ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ একান্ত অনুৰাগী হিচাপে জনাজাত যতীন গোস্বামীদেৱে কুৰি বছৰ বয়সতেই তেখেতৰ সংস্পৰ্শলৈ আহিছিল । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত গোস্বামীদেৱে সত্ৰীয়া নৃত্য আৰু নাটকৰ উপৰিও বৰ্ণাঢ্য অসমীয়া লোকসংগীতৰ শিক্ষা গ্ৰহণ কৰে । উল্লেখযোগ্য যে ১৯৫৮ চনত গোস্বামীদেৱে বিষ্ণুৰাভাই অন্তিমবাৰৰ বাবে প্ৰদৰ্শন কৰা তাণ্ডৱ নৃত্যৰ লগত খোল সংগত কৰিছিল ।

 

   ১৯৬০ চনত প্ৰথম অসমীয়া শিল্পী হিচাপে গোস্বামীদেৱে দিল্লী দুৰদৰ্শনত সত্ৰীয়া সংগীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল । নৃত্যাচাৰ্য যতীন গোস্বামীদেৱেই হৈছে অসমত উদাসীন সত্ৰৰ পৰা ওলাই আহি নৃত্যক জীৱিকা কৰি লোৱা প্ৰথমজন ব্যক্তি । তেখেতৰ প্ৰচেষ্টাতেই ১৯৬২ চনত নৃত্যৰ আন এজন গুৰু স্বৰ্গীয় ৰসেস্বৰ শইকীয়া বৰবায়নেও সত্ৰৰ চাৰিসীমাৰ ভিতৰৰ পৰা ওলাই আহি সত্ৰীয়া নৃত্যক এক পৰিৱেশ্য কলা হিচাবে জনমানসত প্ৰতিষ্ঠা কৰাইছিল ।

 1

 

                                                                                                                                                                                                                                                                                                    সুনিপুণ পৰিৱেশ্য কলাকাৰৰ (performing artist) দ্বাৰা সত্ৰীয়া নৃত্যৰ নান্দনিকতা ৰক্ষাৰ দিশত গুৰুত্ব দি অহা যতীন গোস্বামীদেৱৰ সৃষ্টিশীল চিন্তা-চৰ্চাৰ প্ৰথমে উন্মেষ ঘটিছিল ১৯৬৩ চনত । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সামগ্ৰীক পৰিকল্পনা অনুসৰি ১৯৬৩ চনতেই আধুনিক মঞ্চত প্ৰথমবাৰৰ বাবে “ৰুক্মিণী হৰণ” নাট তেওঁৰ অধীনত পৰিৱেশন কৰা হৈছিল । অংকীয়া নাট ভাওনাৰ প্ৰথম (আৰু একমাত্ৰ) ভ্ৰাম্যমান দল “প্ৰাগজ্যোতিষ কলা পৰিষদ” গঠন, উজনি অসমৰ প্ৰথম নাট্যদল “ভাস্কৰ থিয়েটাৰ” গঠন আদিৰ পৰা আৰম্ভ কৰি প্ৰসিদ্ধ ‘খাজুৰাহো নৃত্য উৎসৱ’ত অনুষ্ঠান পৰিৱেশন কৰালৈকে প্ৰচুৰ উদ্ভাৱনী শক্তিৰে তেওঁ নিজকে নিয়োজিত কৰি আহিছে । তেখেতৰ উদ্ভাৱনী চিন্তাৰ জ্বলন্ত নিদৰ্শন—‘নৃত্যাঞ্জলি’ উৎসৱ’—প্ৰতি বছৰে অনুষ্ঠিত এই উৎসৱ আধুনিক মঞ্চত সত্ৰীয়া নৃত্যৰ সংৰচনা আৰু সম্পৰীক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছে । অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক হিচাপে খ্যাতি লভা যতীন গোস্বামীদেৱে পৰবৰ্ত্তী সময়ত ‘নৃত্যাচাৰ্য্য’ সন্মানেৰে ভূষিত হৈ প্ৰসিদ্ধি লাভ কৰে । শিল্পী দিৱস পুৰস্কাৰ (১৯৯৪), অসম নাট্য সমিতি ভ্ৰাম্যমান থিয়েটাৰ পুৰস্কাৰ (১৯৯৫-৯৬), অসম চৰকাৰৰ শ্ৰেষ্ট নৃত্য নিৰ্দেশক পুৰস্কাৰ (১৯৯৭), নৃত্যাচাৰ্য ৰ্সন্মান (১৯৯৯), Bharatiyam Samman EZCC Department of culture, Govt. of India(2002), চন্দ্ৰকান্ত-হিৰাপ্ৰভা পুৰস্কাৰ (২০০২), সংগীতজ্যোতি পুৰস্কাৰ (২০০৪), সংগীত নাটক অকাডেমী পুৰস্কাৰ (২০০৪), অসম নাট্য সন্মিলন পুৰস্কাৰ (২০০৪), নৃত্য শিৰোমণি, অসম সত্ৰ মহাসভা (২০০৭), Wiseman International Award (2008), পদ্মশ্ৰী (২০০৮), নৃত্য কলা-ৰত্ন পুৰস্কাৰ (২০০৯), Lio-Expo Award (2009), শঙ্কৰাচাৰ্য্য অৱতাৰ পুৰস্কাৰ (২০১০), আনন্দ মোহন ভাগৱতী নৰ্টন পুৰস্কাৰ (২০১২), ভবেন শইকীয়া ভ্ৰাম্যমান থিয়েটাৰ পুৰস্কাৰ (২০১৩) আৰু অডিচি গুৰু দেৱপ্ৰসাদ দাস পুৰস্কাৰ (২০১৪) ইত্যাদি সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীদেৱক আমি সাহিত্য ডট অৰ্গৰ হৈ তেখেতৰ বাসভৱনত লগ কৰি কথাবতৰা পাতোঁ । তেখেতৰ লগত হোৱা কথাবতৰা লিখিত ৰূপত পাঠক সমাজলৈ আগবঢ়ালো ।

   ১) সাহিত্য ডট্ অৰ্গ :- সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ আপুনি আমাক কিছু সময় দিয়াৰ বাবে৷ দেশ-বিদেশৰ সন্মানেৰে বিভূষিত আপুনি৷ সত্ৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰেৰণা আৰু উৎসাহ আপুনি ক’ৰ পৰা পাইছিল?

নৃত্যাচাৰ্য যতীন গোস্বামী :- সত্ৰীয়া নাচক বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত মোৰ কিবা অৱদান আছে নে নাই মই নাজানোঁ। কিন্তু প্ৰথম কথা এই যে সত্ৰীয়া নাচৰ পৰম্পৰাতেই মোৰ জন্ম। এই পৰম্পৰাৰ মই অষ্টম পুৰুষ আৰু সেই কাৰণেই সত্ৰীয় সংগীতটো আমাৰ নিত্য-নৈমিত্তিক জীৱনত লাগে। সত্ৰীয়া সংগীত পুৱাৰ নাম-প্ৰসংগৰ দৰে নিত্য-নৈমিত্তিক কামৰ পৰা আৰম্ভ কৰি গুৰুজনাৰ তিথি, জন্মাষ্টমী আদিত এই সত্ৰীয়া নৃত্য লাগে। এয়া আমি কৰিছোঁ আমাৰ নিজৰ পৰম্পৰা বুলি। কিন্তু এইবোৰ যেতিয়া মঞ্চলৈ আহিল, মঞ্চলৈ অহা বৰ বেছি দিন হোৱা নাই, তেতিয়া ইয়াক পৰিৱেশ্য কলা হিচাপে সজাই-পৰাই তুলিবলগীয়া হ’ল। তাৰপিছত ২০০০ চনত যেতিয়া “সংগীত-নাটক অকাডেমি”য়ে সত্ৰীয়া নাচক ‘শাস্ত্ৰীয় নৃত্য’ বুলি স্বীকৃতি দিলে তেতিয়া অকল ময়েই নহয়, অসমৰ গোটেই সত্ৰীয়া শিল্পী সমাজে ইয়াক আগবঢ়াই নিবলৈ চেষ্টা কৰিলোঁ। এই নৃত্যটোক অসমৰ বাহিৰত, ভাৰতত প্ৰচাৰ আৰু প্ৰসাৰ কৰা আমি আমাৰ কৰ্তব্য বুলি ভাবিছোঁ আৰু আমি এই কামত ব্ৰতী হৈছোঁ। এয়া মোৰ অকল ব্যক্তিগত প্ৰচেষ্টা নহয়, এক সামূহিক প্ৰচেষ্টাৰে এই নৃত্য আগবাঢ়ি গৈছে।

২) সাহিত্য ডট্ অৰ্গ :- আপুনি সত্ৰীয়া সংস্কৃতিক ৰাইজৰ মাজলৈ নিয়াৰ প্ৰাক্‌ক্ষণত কেনে অসুবিধাৰ সন্মুখীন হৈছিল?

নৃত্যাচাৰ্য যতীন গোস্বামী :- প্ৰথম কথা হ’ল— অসমৰ সাধাৰণ ৰাইজে সত্ৰীয়া নৃত্যক এক পৰিৱেশ্য কলা বুলি স্বীকৃতি পাব বা স্বীকৃতি পোৱাৰ যোগ্য বুলি ধাৰণা কৰা নাছিল। সেই কাৰণেই সাধাৰণ মানুহৰ এই নাট্যধাৰাটোৰ প্ৰতি বিশেষ আকৰ্ষণ নাছিল। চৰকাৰৰ ঘৰেই হওক বা সাধাৰণ প্ৰজাঘৰেই হওক কোনেও প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰৰ কোনো বিশেষ বৰঙণি আগবঢ়াবলৈ আগবাঢ়ি অহা নাছিল। ১৯৯৯ চনত ড° ভূপেন হাজৰিকাই এই নৃত্যধাৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ললে আৰু তেওঁৰ চেষ্টাতেই এই নৃত্যধাৰাই স্বীকৃতি পালে আৰু তেতিয়াৰ পৰাই এই নৃত্যধাৰাটো আগবাঢ়ি গল। এই নৃত্যধাৰাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিখিনি বাধা আছে সেইখিনি অতিক্ৰম কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ এক বিশেষ ভূমিকা থকা প্ৰয়োজন বা ভূমিকা থকা আৱশ্যক৷ কিন্তু সেই ভূমিকাখিনি আমাৰ ৰাজ্য চৰকাৰে আজিও পালন কৰা নাই বুলি মই ভাবোঁ। কিন্তু আমি বৰ্তমান অসমৰ ৰাইজৰ পৰা বহুখিনি সহায় সহযোগিতা পাইছোঁ। এটা জ্বলন্ত উদাহৰণ দিওঁ – “সংগীত-নাটক অকাডেমি”ৰ শাখা “উত্তৰ পূব কেন্দ্ৰ”(North-East Center)টো ইয়াৰ পৰা আগৰতলালৈ গুচি যোৱাৰ ব্যৱস্থা এটা লৈছিল। ইয়াৰ মূল কাৰণটো হ’ল যে অসম চৰকাৰক বাৰে বাৰে অনুৰোধ কৰা স্বত্ত্বেও এটুকুৰা মাটি “সংগীত নাট একাদেমী”ক নিদিলে। যদিও এতিয়ালৈকে কাৰ্যক্ষেত্ৰত হৈ উঠা নাই, সেইটো আপাহতে এই কেন্দ্রটো ইয়াৰ পৰা আগৰতলালৈ গুচি যাবলগীয়া অৱস্থা এটা হৈছে। যদি চৰকাৰে আগতেই ব্যৱস্থা ল’লেহেঁতেন এই সমস্যাবোৰ নিশ্চয় থিয় নহ’লহেঁতেন।

2

৩) সাহিত্য ডট্ অৰ্গ :- সত্ৰীয়া নৃত্য প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ৰাইজৰ পৰা কিবা অসুবিধা পাইছিল নেকি ?

নৃত্যাচাৰ্য যতীন গোস্বামী :- মোৰ আগতে মোৰ গুৰু ৰসেশ্বৰ শইকীয়া বৰবায়নৰ সময়ত বহু কিবা-কিবি অসুবিধা আহিছিল। মই বিশেষ অসুবিধা ভোগ কৰা নাছিলোঁ। কিন্তু সেই সময়ত মানুহে সত্ৰীয়া নাচ চাবলে বৰ বেছি এটা আগ্ৰহ কৰা নাছিল আৰু সত্ৰীয়া নাচ বুলি ক’ৰবাত যদি ঘোষণা কৰা হয় তেতিয়া মানুহে নাচ নাচাই হলৰ ভিতৰৰ পৰা বাহিৰলে তামোল খাবলৈ ওলাই আহে, চাহ খাবলৈ ওলাই আহে। এতিয়া কিন্তু সেই পৰিৱেশ নাই। অলপতে যোৱা পাঁচ এপ্ৰিলত মোৰ এগৰাকী ছাত্ৰী ড° লিমা দাস, তেখেতে ৰবীন্দ্ৰ ভৱনত এটা অনুষ্ঠান কৰিছিল সেইদিনাখন ৰবীন্দ্ৰ ভৱনত তলে-ওপৰে দৰ্শকৰ ভিৰ হৈছিল আৰু বহিবলৈ আসনৰ অভাৱ হৈছিল। সিদিনা মই নিজে কৈছোঁ যে সত্ৰীয়া নৃত্যৰ এনেকুৱা দৰ্শক আমি আগতে লাভ কৰা নাছিলোঁ। মই নিজে ভাবিছোঁ যে সত্ৰীয়া নাচৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ি আহি আছে। এটা সময়ত গুৱাহাটীত আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছিল ভাৰত নাট্যমত। তাৰ পিছতেই আছিল ওডিচি আৰু কথকত। এতিয়া কিন্তু অকল গুৱাহাটীতেই নহয় গোটেই অসমতে সত্ৰীয়া নাচৰ ছাত্ৰ-ছাত্ৰীয়ে সকলোতকৈ বেছি।

 

৪) সাহিত্য ডট্ অৰ্গ :- ২০০০ চনৰ ১৫ নৱেম্বৰতহে ‘সংগীত-নাটক অকাডেমি’য়ে সত্ৰীয়া নৃত্যক ‘ভাৰতীয় শাস্ত্ৰীয় নৃত্য’ৰ অন্তৰ্ভুক্ত কৰিলে৷ ইমান পলম হোৱাৰ কাৰণ কি বুলি ভাবে?

নৃত্যাচাৰ্য যতীন গোস্বামী :- এই খিনিতে এটা কথা মন কৰিব দেই- ‘সংগীত-নাটক অকাডেমি’য়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য বুলি কোৱা নাই। কোনো নৃত্যকে ‘সংগীত-নাটক অকাডেমি’য়ে শাস্ত্ৰীয় বা ‘Classical Dance ‘ বুলি নকয়। ‘সংগীত-নাটক অকাডেমি’য়ে কয় –“মেজৰ ডান্স ফৰ্ম অৱ ইণ্ডিয়া” (Major dance form of India) । ‘সংগীত-নাটক অকাডেমি’য়ে ভাৰত নাট্যম, ওডিচি, কথকলি, সত্ৰীয়াকে ধৰি মুঠ আঠটা নাচক “মেজৰ ডান্স ফৰ্ম অৱ ইণ্ডিয়া’’ (Major dance form of India) বুলি স্বীকৃতি দিছে। শাস্ত্ৰীয় বা ‘Classical Dance’ বুলি কয় “মিনিষ্ট্ৰী অৱ কালচাৰ’ (Ministry of Culture)য়ে। কিন্তু ‘সংগীত-নাটক অকাডেমি’য়ে ‘মেজৰ ডান্স ফৰ্ম অৱ ইণ্ডিয়া’ (Major dance form of India) বুলি স্বীকৃতি নিদিয়ালৈকে “মিনিষ্ট্ৰী অৱ কালচাৰ’ (Ministry of Culture)”য়ে শাস্ত্ৰীয় বা ‘Classical Dance’ বুলি স্বীকৃতি নিদিয়ে। ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে। ২০০০ চনৰ ১৫ নৱেম্বৰত ‘সংগীত-নাটক অকাডেমি’য়ে সত্ৰীয়া নৃত্যক “মেজৰ ডান্স ফৰ্ম অৱ ইণ্ডিয়া’’ (Major dance form of India) স্বীকৃতি দিয়ে আৰু তাৰ পিছৰ বছৰ “মিনিষ্ট্ৰী অৱ কালচাৰ’’ (Ministry of Culture)য়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য বুলি স্বীকৃতি দিয়ে। আৰু এই স্বীকৃতি পলমকৈ পোৱাৰ মূল কাৰণ দুটা। এটা হৈছে, উপযুক্ত ঠাইত উপযুক্তভাৱে আমি আমাৰ দাবী উত্থাপন কৰিব পৰা নাই। দুই নম্বৰ কাৰণটো হ’ল, আমাৰ নাচটোৰ বিষয়ে লেখা আৰু প্ৰদৰ্শন কৰা— এই দুয়োটা কামে ভালদৰে কৰিব পৰা নাছিলোঁ। আমি নাজানোৱেই যে ‘সংগীত-নাটক অকাডেমি’ত দাবীটো ভালদৰে উত্থাপন কৰিব লাগে আৰু ‘সংগীত-নাটক অকাডেমি’য়ে সত্ৰীয়া নৃত্যক “মেজৰ ডান্স ফৰ্ম অৱ ইণ্ডিয়া’’ (Major dance form of India) বুলি ক’ব লাগিব। তেতিয়ালৈকে ‘সংগীত-নাটক অকাডেমি’ত অসম চৰকাৰৰ মাত্ৰ এজনহে সদস্য আছিল। সাধাৰণতে সদস্যজন হয় সাংস্কৃতিক মন্ত্ৰালয় (Cultural Affairs)ৰ নিৰ্দেশক (Director) আৰু নহ’লে সাংস্কৃতিক সচিব (Cultural Secretary)— এই দুজনৰ মাজৰ এজন হয়। ড° ভূপেন হাজৰিকা যেতিয়া ‘সংগীত-নাটক অকাডেমি’ৰ অধ্যক্ষ হৈ আহিল তেতিয়া অসমৰ দুজন মানুহক সদস্যভুক্ত কৰিল । তাৰে এজন আছিল দুলাল ৰয় আৰু আনজন যতীন গোস্বামী, অৰ্থাৎ মই । মোক সদস্যভুক্ত কৰাৰ ক্ষেত্ৰত তেখেতৰ উদ্দেশ্য এটাই আছিল যে সত্ৰীয়া নৃত্যটোক মই শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়াব পাৰিম। সত্ৰীয়া নৃত্যৰ বিষয়ে যদি কিবা প্ৰশ্ন উত্থাপিত হয় তাৰ বিষয়ে মই যথাযথ উত্তৰ দিব পাৰিম বুলি তেখেতে ভাবিছিল । সত্ৰীয়া নাচ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিবলৈ নাচৰ কাৰীকৰি কথাখিনি জানিব লাগিব আৰু কথাখিনি ক’ব লাগিব হয় হিন্দী নহয় ইংৰাজীত। সেই কাৰণেই মোক তেখেতে সদস্যভুক্ত কৰিছিল। এইটো মোৰ সৌভাগ্যই বুলিব লাগিব যে তাৰপিছত আৰু পাঁচ বছৰ মোক সদস্যভুক্ত কৰিছিল। যোৱা জুলাই মাহলৈকে মই সদস্য হৈ আছিলোঁ।

৫) সাহিত্য ডট্ অৰ্গ :- কিন্তু সদস্যৰ নামৰ তালিকাত আপোনাৰ নামটো এতিয়াও ‘ইণ্টাৰনেট’ত আছে । এইবছৰ বোধহয় ‘আপডেট’ ক’ৰা হোৱা নাই?

নৃত্যাচাৰ্য যতীন গোস্বামী :- নহয়, নতুন ‘কমিটি’ গঠনেই হোৱা নাই এতিয়ালৈকে। এবছৰ দিন পৰিয়েই থাকিল তেনেকৈ। ‘সংগীত-নাটক অকাডেমি’ত তেতিয়া আমাৰ ‘চেয়াৰমেন’ আছিল লীলা চেমচাং। তেখেত বোধহয় কংগ্ৰেছৰ মানুহ আছিল। যেতিয়া মিনিষ্ট্ৰীখন সলনি হ’ল তেতিয়া তেওঁ পদত্যাগ কৰিবলগীয়া হ’ল। তেখেত পদত্যাগ কৰাৰ পিছত বহুদিন চেয়াৰমেন নিযুক্তি হোৱা নাছিল। যোৱা বছৰ সেইবাবে পুৰস্কাৰ আদিৰ বাবে কোনো সভাও নহ’ল।

৬) সাহিত্য ডট্ অৰ্গ :- যি সময়ত সততে অভিযোগ উঠে— ‘অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিছে’, আপোনাৰ মতে এই অভিযোগৰ সত্যতা কিমান? পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত সত্ৰীয়া সংস্কৃতি কালক্ৰমত হেৰাই যোৱাৰ শংকা আপোনাৰ মনত জাগে নেকি?

নৃত্যাচাৰ্য যতীন গোস্বামী :- কেতিয়াও নহয় । মোৰ মনত তেনে কোনো শংকা নাজাগে। অৱশ্যে এটা কথাৰ পৰা পিছলৈ সমস্যা এটা হ’ব পাৰে বুলি ভাবিছোঁ। সেইটো হৈছে ৰাজনৈতিক। বৰ্তমান সত্ৰসমূহৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰা হৈ গৈ আছে। যিটো গতিত এই মাটি বেদখল হৈ গৈ আছে সেইটো যদি বাধা দিব পৰা নযায় এটা সময়ত হয়তো বহু সত্ৰ নোহোৱা হৈ যাব। সত্ৰ থাকিলেহে সত্ৰীয়া নাচ থাকিব। সত্ৰই যদি নাথাকে সত্ৰীয়া নাচ ক’ত থাকিব? গতিকে সত্ৰ ৰক্ষা কৰাটোহে মূল সংকট।

৭) সাহিত্য ডট্ অৰ্গ :- দেখা গৈছে যে মাজুলীৰ সত্ৰকেইখনৰ বাহিৰে বাকী সত্ৰকেইখনতহে বেদখল হৈছে । গতিকে ভৱিষ্যতে এই নৃত্য মাজুলীতে সীমাৱদ্ধ হৈ থাকিব পাৰে নেকি?

নৃত্যাচাৰ্য যতীন গোস্বামী :- মাজুলীত বেদখল হোৱা নাই কথাটো সঁচা । সেইটো কথা হ’ব পাৰে যে অকল মাজুলীতে সীমাৱদ্ধ থাকিব পাৰে । কিন্তু এটা কথা, গোটেই অসমীয়া সমাজখনেই যদি কেনেবাকৈ গ্ৰাস হ’বলৈ হয় দুই এদিন পিছত তাতো নোহোৱা হ’ব। কিন্তু পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ ফলত সত্ৰীয়া নৃত্যৰ কিবা বিপদ হ’ব বুলি মই নাভাবোঁ।

৮) সাহিত্য ডট্ অৰ্গ :- চৰকাৰে আপোনাৰ যাত্ৰাত কেনেদৰে সহায় কৰিছে? আপুনি চৰকাৰৰ পৰা আৰু কি কি আশা কৰে ?

নৃত্যাচাৰ্য যতীন গোস্বামী :- সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ একো সহায় কৰা নাই। ‘সংগীত-নাটক অকাডেমি’য়ে বহুখিনি সহায় কৰিছে। মিনিষ্ট্ৰি অৱ কালচাৰ’ (Ministry of Culture), কেন্দ্ৰীয় চৰকাৰেও যথেষ্টখিনি কৰিছে। ‘সংগীত-নাটক অকাডেমি’য়ে সহায় নকৰা হ’লে সত্ৰীয়া নৃত্যই আজি ইমানখিনি আগেই বাঢ়িব নোৱাৰিলেহেঁতেন। কিন্তু এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যি ভূমিকা হ’ব লাগিছিল সেই ভূমিকা প্ৰায় শূন্য।

৯) সাহিত্য ডট্ অৰ্গ :- তথাপি আপুনি ৰাজ্য চৰকাৰৰ পৰা কেনে ধৰণৰ সহায় আশা কৰে?

নৃত্যাচাৰ্য যতীন গোস্বামী :- আশাকৰোঁ মানে? প্ৰথম কথা হ’ল, আজিলৈকে অসম চৰকাৰৰ হাতত দিব পৰাকৈ সোতৰটামান বঁটা আছে। কোনো এজন প্ৰকৃত সত্ৰীয়া শিল্পীক অসম চৰকাৰে কোনো ধৰণৰ বঁটা আগবঢ়োৱা নাই। যিখিনি স্বীকৃতি দিছে কেন্দ্ৰীয় চৰকাৰেহে দিছে । সত্ৰীয়া নৃত্যৰ কাৰণে অসম চৰকাৰে কৰোঁ বুলিলে কি কৰিব নোৱাৰে? এখন ‘সত্ৰীয়া ব’ৰ্ড’ গঠন কৰাৰ বাবে আমি অসম চৰকাৰক বহু অনুৰোধ কৰিছোঁ। ‘অসম সংগীত নাটক একাদেমী’য়ে ঘোষণা কৰিলে, মিটিঙো কৰিলে। কাৰ্যক্ষেত্ৰত কিন্তু একো কৰা নাই। শ্ৰীমম্ত শংকৰদেৱ কলাক্ষেত্ৰ পাতিলে। শংকৰদেৱ কলাক্ষেত্ৰতো একো চৰ্চা নাই। অকল ঘৰকেইটাহে আছে। নামতহে শংকৰদেৱ। তাত শংকৰদেৱো নাই আৰু কলাও নাই। অকল ক্ষেত্ৰটোহে আছে। গতিকে অসম চৰকাৰৰ পৰা কি আশা কৰিব পাৰি?

১০) সাহিত্য ডট্ অৰ্গ :- এইখিনিতে কিছু ব্যক্তিগত কথা সুধিব বিচাৰিছোঁ৷ আপোনাৰ পৰিয়াল-পৰিজনৰ বিষয়ে আৰু তেওঁলোকে আপোনাক কেনেদৰে সহায় কৰিছে?

নৃত্যাচাৰ্য যতীন গোস্বামী :- মোৰ ল’ৰা চাৰিটা আৰু ছোৱালী এজনী। ছোৱালীজনী অভিনেত্ৰী সাগৰিকা গোস্বামী। ল’ৰা চাৰিটাৰ ডাঙৰটোৱে কিতাপৰ ব্যৱসায় কৰে। তাৰ পিছৰটোৱে নাটকৰ কাম কৰিছিল। চিনেমা ‘এডিটিং’, কেমেৰা এইবোৰৰ প্ৰশিক্ষণো লৈছিল। এতিয়া সি এডভাৰটাইজিং কোম্পানী এটাত কাম কৰে। তাৰ পিছৰটোৱে সত্ৰীয়া নাচ শিকায়। সৰুটো গুণাকৰ। সি নাটক কৰে। আমাৰ ঘৰত নাচ আৰু নাটকৰ বাহিৰে বেলেগ কোনো চিন্তা-চৰ্চা নাই। নাচ আৰু নাটক লৈয়েই আমি খাই আছোঁ। আৰু সেই কাৰণে মই যথেষ্ট সুখীও। বোধকৰো অসমত ময়েই একমাত্ৰ মানুহ, মানে শিল্পী, যি ৰাইজক যিমান দিছোঁ তাতোকৈ বেছি মৰম-চেনেহ, মান-সন্মান পাইছোঁ।

১১) সাহিত্য ডট্ অৰ্গ :- বৰ্তমান আৰু অতীতৰ সংত্ৰীয়া নৃত্যৰ পাৰ্থক্য— এই সম্পৰ্কত আপোনাৰ মনোভাব?

নৃত্যাচাৰ্য যতীন গোস্বামী :- পাৰ্থক্য আছে। আচলতে অতীত বুলি নহয়। সত্ৰৰ সত্ৰীয়া নৃত্য আৰু সত্ৰৰ বাহিৰৰ সত্ৰীয়া নৃত্যৰহে পাৰ্থক্য আছে। সত্ৰৰ সত্ৰীয়া নৃত্য হ’ল উপাসনাৰ অংগ। বাহিৰৰ সত্ৰীয়া নৃত্য হ’ল পৰিবেশ্য কলা। এটা সম্পূৰ্ণ ধৰ্মৰ কথা, সেৱাৰ কথা, উপাসনাৰ কথা। আৰু এটা হ’ল সম্পূৰ্ণ পৰিৱেশ্য কলা। গতিকে সত্ৰৰ নৃত্যটোক যেতিয়া আমি সত্ৰৰ পৰা উলিয়াই আনি পৰিৱেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছোঁ— সেইক্ষেত্ৰত সাজ-সজ্জা, সংগীত আদিত সত্ৰৰ সত্ৰীয়া নাচৰ লগত পাৰ্থক্য এটা নিশ্চয় হ’ব। সত্ৰৰ সত্ৰীয়া নাচ আৰু ৰবীন্দ্ৰ ভৱনত প্ৰদৰ্শিত হোৱা সত্ৰীয়া নাচৰ মাজত পাৰ্থক্য থকা এটা সধাৰণ কথা। ধৰক, আগতে যেতিয়া সত্ৰত নাচত খোল বাজিছিল খোলটো সুৰত বাজি আছে না নাই সিমান চোৱা নাছিল। দুটা খোল বাজি থাকিলে দুটা দুই সুৰত বাজি থাকিলেও থাকে। কিন্তু ৰবীন্দ্ৰ ভৱনত সেইটো নচলিব। দুটা খোল বাজিলে দুয়োটা একে সুৰতেই বাজিব লাগিব। সত্ৰত মাৰ্কিন কাপোৰৰ ‘ঘূৰি’ পিন্ধি নাচিলেও হৈছিল। কিন্তু বাহিৰত সেয়া নহ’ব। বাহিৰত সাজ-সজ্জাৰ দিশটোও চাব লাগিব। বাহিৰত নিশ্চয় দৃষ্টিনন্দন আৰু শ্ৰুতিনন্দন— এই দুটা কথা থাকিবই লাগিব। এই দুয়োটা নহ’লেতো তাক ৰাইজে গ্ৰহণ নকৰিব। নান্দনিক দিশত ভালেখিনি আগবঢ়াই নিব লাগিব আৰু তেতিয়াহে মানুহে চাব।

১২) সাহিত্য ডট্ অৰ্গ :- পদ্মশ্ৰী সন্মান লাভ কৰাৰ সময়ত আপোনাৰ কেনে অনুভৱ হৈছিল?

নৃত্যাচাৰ্য যতীন গোস্বামী :- মই পদ্মশ্ৰী পোৱাৰ দিনাখন ঘৰত বহি আছোঁ আৰু তেতিয়া টিভিত ঘোষণা কৰিছে— “যতীন গোস্বামী, আসাম, সত্ৰীয়া নৃত্য কে লিয়ে’’— মোৰ মনটো ৰোমাঞ্চিত হৈ উঠিছিল। সত্ৰীয়া নৃত্যই আজি এটা নতুন স্বীকৃতি পাইছে। আৰু পিছত বহু ‘বিধায়ক’, ‘সাংসদ’, মন্ত্ৰী আদিয়ে সুধিছিল যে সত্ৰীয়া নৃত্যটো কি বা কেনেকুৱা, বাকীবিলাক নাচৰ লগত ইয়াৰ পাৰ্থক্য কেনেকুৱা, ইয়াৰ ঐতিহ্য কি, কেতিয়া সৃষ্টি হৈছিল, ক’ত প্ৰচলিত আছে আদি বহু কথা সুধিছিল। মই সত্ৰীয়া নৃত্যত পদ্মশ্ৰী পোৱাৰ ঘোষণাই সেই সময়ত সত্ৰীয়া নৃত্যৰ বাবে যেন এখন নতুন দুৱাৰ খোল খুৱাই দিলে। কাৰণ তাৰ আগলৈকে কোনেও সত্ৰীয়া নৃত্যৰ বাবে পদ্মশ্ৰী পোৱা নাছিল।

১৩) সাহিত্য ডট্ অৰ্গ :- নৱ-প্ৰজন্মলৈ আপুনি কেনে পৰামৰ্শ আগবঢ়াব বিচাৰে?

নৃত্যাচাৰ্য যতীন গোস্বামী :- নৱ-প্ৰজন্মক ক’বলৈ মোৰ এটা কথায় আছে— যিকোনো বিষয়ে হওক, সেইটো নৃত্যই হওক, সংগীতেই হওক বা পঢ়া-শুনাই হওক — সকলো কথাতে লাগিব কেৱল পৰিশ্ৰম। পৰিশ্ৰম অবিহনে মানুহ কেতিয়াও কৃতকাৰ্য হ’ব নোৱাৰে। শ্ৰম নকৰাকে ওপৰতে একো নহয়। মই আন বিষয়ে নকওঁ— নৃত্যৰ কথাকে কওঁ। উঠি অহা প্ৰজন্মই পৰিশ্ৰম যদি কৰে, নিজৰ জাতিক যদি ভাল পায়, দেশক যদি ভাল পায়, সংস্কৃতিক যদি ভাল পায় তেতিয়া নিজৰ দেশ, জাতি, ভাষা-সংস্কৃতি সকলোৰে বাবে ভাল। গতিকে যি কৰে, যথেষ্ট পৰিশ্ৰম কৰি যাতে কৃতকাৰ্য হ’বলৈ চেষ্টা কৰে— এইটোৱে মই নৱ-প্ৰজন্মক অনুৰোধ কৰোঁ। এতিয়া মানুহে লাহে লাহে সকলো কথা বা কাম সহজতে হোৱাটো বিচৰা হৈছে। কিন্তু সেইটো কথা কেতিয়াও নহয়। কেতিয়াও হ’বই নোৱাৰে।

(বিঃদ্ৰঃ সাক্ষাৎকাৰটি যুগুত কৰা হৈছে গোস্বামীদেৱৰ হুবহু কথোপকথনৰ সৈতে মিল ৰাখি, ইয়াত কোনো ধৰণৰ সম্পাদনা কৰা হোৱা নাই)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments