যেতিয়া এৰাবাটে কান্দে – মাধুৰিমা ঘৰফলীয়া

madhurimaন-পানীত জাক পাতি ঘুৰি ফুৰা ডঁৰিকনা মাছৰ সমদল এটাত দলি চপৰা এটা পেলাই দিলে সমদলটো আৰু পানীখিনিত যেনেকুৱাকৈ খলকনি এটাৰ সৃষ্টি হয়, ঠিক তেনেকুৱাকৈয়ে নিজৰ মাজতে মচগুল হৈ থকা গাঁওখনত খলকনি এটাৰ সৃষ্টি হ’ল । গাঁৱত তেল খাদ বহিব ! গাঁওৰ পাছফালে থকা পথাৰখনতে তেল খাদ বহিব । তাত বোলে তেলৰ পুং আছে ! সঁচাকৈয়ে ছমাহমানৰ পাছত কেতিয়াবাহে গাড়ীৰ ভাৰ বোৱা গাঁৱৰ প্ৰধান বাটটো তেল কোম্পানীৰ গাড়ীৰে গিজগিজাই উঠিল । প্ৰধান বাট মানে বাৰিষাৰ দিনত ঠায়ে ঠায়ে একাঁঠু বোকা হয় । তেল কোম্পানীৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে আলিটোৱে শিলগুটিৰ মুখ দেখিলে । প্ৰথমবাৰৰ বাবে আলিটোৱে বাৰিষালৈ বুকু ফিন্দাই বাট চাই ৰ’ল । আলিৰ মেৰামতিৰ নামত প্ৰতিবছৰেই দ হৈ গৈ থকা কাষৰ খালবোৰ পুতি পেলোৱাৰ ফলত আলিটো বহলো হ’ল । একেলগে দুখন ঠেলা পাৰ হ’ব নোৱাৰা বাটটোত এতিয়া দুখন ট্ৰাক পাৰ হ’ব পৰা হ’ল । তেল খাদৰ বাবে মাটি প্ৰয়োজন হোৱাৰ বাবে বাটটোৰ লগতে মানুহ দুঘৰমানৰো উন্নতি হ’ল । সৰু সৰু দোকান দুখনমানো গঢ় লৈ উঠিল । মুঠতে গোটেই গাঁওখন চঞ্চল হৈ উঠিল ।
লগতে চঞ্চল হৈ উঠিল আন এগৰাকীও ! সময়ৰ লগে লগে জঠৰ হৈ পৰা বেঙীপেহী !
বেঙী পেহীৰ পোছাকী নাম এটাও আছিল; কিন্তু মানুহজনীৰ কাম-কাজ আৰু কথা-বতৰাই যিটো চিনাকী দিয়ে সেই চিনাকীটোৱেই এসময়ত পোছাকী নামটো গিলি পেলালে । তাই ভালপাই নে বেয়া পাই সেইটো কোনেও গুৰুত্ব নিদিলে !
মাকজনী জীয়াই থকালৈকে বেঙীপেহীৰ অলপমান গুৰুত্ব আছিল । মাকে আক-তাক খাটনিও ধৰিছিল ,তাইৰ বাবে দৰা এটা চাবলৈ । কোনোবাই কোনোবাই দেখুৱাইছিলোঁ হেনো ; কিন্তু ছোৱালী চাবলৈ অহা মানুহৰ আগত যদি এলান্ধুকলীয়া কঁথা এখন মুৰে-কাণে লৈ ছোৱালীয়ে দেখা দিয়ে কোনেনো পচন্দ কৰিব । বেঙীপেহীৰ লগৰীয়াবোৰৰ ল’ৰা-ছোৱালীয়েই যেতিয়া হাইস্কুল পালেগৈ মাকেও তাইৰ বাবে দৰা বিচাৰিবলৈ এৰি দিলে । মাক ঢুকাল । লগে লগে বেঙীপেহীৰ খবৰ লোৱা একমাত্ৰ প্ৰাণীটো শেষ হৈ গ’ল ।
এনে নহয় যে ঘৰৰ বাকীবোৰ মানুহ বা গাঁৱৰ মানুহে বেঙীপেহীৰ খবৰ-খাতি নলয় । লয়,যেতিয়াই কাৰোবাৰ ঘৰত বিয়া-সকাম পাতে ,তেতিয়াই বেঙীপেহীৰ আদৰ বাঢ়ে । তাই মানুহজনী বেঙী হ’লে কি হ’ব কাম-বনত বিৰাট পাকৈত । পিছে বেঙীপেহীও জানো কম, তাইৰ মন গলে এখন বিয়াৰ কাম অকলেই কৰিব মন নগ’লে কুটা এগজো ইফাল –সিফাল কৰি নিদিয়ে । মুখ ফুলাই ঘৰতে বহি থাকিব । বেঙীপেহীক জোকাই লোৱাৰ সাহসো কাৰো নাই, কাৰণ মুখখন তেনেই জুই দিলেও নোপোৰা মুখ । সেইখন মুখৰে কাৰোবাৰ বাবে গালি-শপনি ওলালে হৈছে আৰু, ত্ৰিভুৱন দেখি যায় !
তেল খাদ বহিল । অচিনাকী মানুহৰে গাঁওখন ভৰি পৰিল । তাঁত-শালত মাকোৰ চলাই বেঙীপেহীয়ে বাটেদি অহা –যোৱা কৰা মানুহবোৰো চাই থাকে । চিনাকী কাৰোবাক দেখিলে কথা পাতে । কেতিয়াবা গাড়ীৰ চিঞৰ-বাখৰ শুনি অতিষ্ঠ হ’লে গোৱাল গালিও পাৰে । তেনেতে এদিন বেঙীপেহীহঁতৰ পদুলিৰ নঙলা খুলি ডেকা এজন সোমাই আহিল ।
-পানী এগিলাচ খুৱাব নেকি ?
ফুলৰ কাঠীৰ সৈতে ব্যস্ত হৈ থকা বেঙীপেহীয়ে মূৰ তুলি চালে । ডেকাজনে মিচিকিয়াই হাঁহি এটা মাৰিলে । পেহীয়ে হাঁহো-নাহাঁহোকৈ হাঁহি এটা মাৰি পানী এগিলাচ আনি দিলে । পুনৰ হাঁহি এটা মাৰি ডেকাজন গুছি গ’ল । পিছদিনা আকৌ ডেকাজন আহিল । তেওঁ কিবা এটা কোৱাৰ আগতেই পেহীয়ে পানীৰ ঘটী এটা আনি দিলে । তাৰ পিছদিনাও ! এটা সময়ত পেহীয়ে পানীৰ ঘটী এটা তাঁতশালৰ কাষতে থৈ দিবলৈ ধৰিলে ।
-কি অ’ ভনী আজিকালি বৰকৈ পিয়াহ লাগে নেকি ?
তাঁতশালৰ কাষত থৈ দিয়া ঘটীটো দেখি সৰুবৌয়েকে এদিন সুধিলে ।
-নাই বৌ,পিয়াহ মোৰ নালাগে নহয় , বেলেগৰহে লাগে ।
-বেলেগৰ মানে !
বেঙীপেহীয়ে পানী বিচৰা ডেকাজনৰ কথা বৌয়েকৰ আগত ক’লে । বৌয়েকে মন দি কথাবোৰ শুনিলে ।
-মই কিন্তু কথাবোৰত বেলেগ গোন্ধ পাইছোঁ ভনী !সি কিজানি তোক পচন্দ কৰিছে ! নহ’লেনো সদায় সদায় পানী বিচাৰি আহেনে !
ঘটং !!
মামৰে ধৰি অস্তিত্বহীন কৰি পেলোৱা বুকুৰ দুৱাৰ এখন যেন খোল খাই গ’ল । বৌয়েকৰ ধেমেলীয়া কথাষাৰ বেঙীপেহীৰ বুকুখন ধুমুহা এজাকৰ দৰে এফালৰ ধাহি-মুহি খান্দি গ’ল । সেইদিনা শোৱাপাটিত তাইৰ মেলা চকু মেল খায়েই থাকিল । গোটেই ৰাতিটো কাণত সেই এষাৰ কথাই বাজি থাকিল ,’সি তোক পচন্দ কৰিছে !’
পিছদিনা দুপৰীয়া বেঙী পেহীয়ে জুহালৰ আঙঠাৰ ওপৰত চাহৰ কেটলীটো বহাই থ’লে । সময়ত ডেকাজন পানী বিচাৰি আহিল । তেওঁ কিবা ক’বলৈ পোৱাৰ আগতেই কওঁ নকওঁকৈ বেঙীপেহীয়ে সুধিলে
-চাহ খাবা নেকি ?
-চাহ একাপ পালে কিয়নো বেয়া পাম ।
ডেকাজনে মিচিকিয়াই উত্তৰ দিলে । হাঁহিটোৱে বেঙীপেহীৰ মনটো আৰু চঞ্চল কৰি তুলিলে । খপজপকৈ তাই তাঁত-শালৰ পৰা উঠি আহিল । আঁতৰৰ পৰা সিহঁতক লক্ষ্য কৰি থকা সৰুবৌয়েকে ভিতৰলৈ সোমাই গৈ বেঙীপেহীক ডবিয়াই উঠিল
-ভনী,এনেকৈ জাধলী হৈ ল’ৰা এটাক চাহ দিবি নে ? অলপটো নিজকে সজাই পৰাই ৰাখিব পাৰ ।
বৌয়েকৰ ডাবিত বেঙীপেহীয়ে নিজলৈ চালে, তাৰপাছত কেটলিৰ তলত জুই কুৰা জ্বলাই দি লৰালৰিকৈ ৰুমত সোমালগৈ । বহুদিনৰ মূৰত নিজকে আইনাত চালে । হয়তোন,তাই ইমান জাধলী হৈ আছে । চুলিখিনি দেখিলে এনে লাগে যেন কোনোবা চৰায়ে অকণমান সুবিধা পোৱা হ’লেই বাহ সাজিলেহেঁতেন । আৰু মুখখন তেনেই খহুৱা ভেকুলীৰ দৰে হৈ আছে । ইছ ইছ ! ভাগ্যই বৌয়েকে সোঁৱৰাই দিলে । তাই এনেই বৌয়েকহঁতে তাইৰ কথা নাভাবে বুলি ভাবে । তাইক বেয়া পাই বুলি ভাবে । তাই যে কিমান মূৰ্খ ।
দুইমিনিটমানৰ পাছত বেঙীপেহী ৰুমৰ পৰা ওলাল । তাইৰ ৰূপ দেখি বৌয়েকে কোনোমতেহে মুখৰ হাঁহিটো লুকুৱালে ।
-ঠিকে আছেনে বৌ ?
বেঙীপেহীয়ে মুৰটো ইফালে সিফালে ঘুৰাই সুধিলে । বৌয়েকে মাথো মূৰ জোকাৰিলে । সন্তুষ্ট মনেৰে চাহ একাপ বাকি লৈ বেঙীপেহী বাহিৰলৈ আহিল । চাহকাপ ডেকাজনৰ হাতত দি লাজকুৰীয়া হাঁহি এটা মাৰিলে । ডেকাজনে তাইলৈ চালে । তেল ঘঁহি টেপটেপীয়া কৰি পেলোৱা চুলি আৰু ঘামে ধোৱা গালৰ ওপৰতে এসোপা পাউদাৰ ঘঁহি ভাওনাৰ ভাওৰীয়াৰ দৰে হৈ পৰা বেঙীপেহীৰ মুখখনে যেন তাক বহুত কিবা-কিবি বুজাই দিলে । চাহকাপ খাই সি তলমুৰকৈয়ে গুছি গ’ল । এনে লাগিছিল সি যেন আকৌ নাহিব । ঘৰৰ ভিতৰত পৰা সিহঁতৰ আলেখ-লেখ চাই থকা বৌয়েকৰ মতে এশ শতাংশই সি নাহে । কিন্তু সি আহিল । পিছদিনা সি আকৌ আহিল । চাহো খালে । বেঙীপেহীৰ তেলৰ বটল আৰু পাউদাৰ টেমাবোৰ সোনকালে শেষ হ’বলৈ ধৰিলে ।
হঠাতে এদিন খবৰ ওলাল খাদত তেল পোৱা নাই ,সেইবাবেই খাদটো উঠি যাব । বিজুলীৰ দৰে খবৰটো বিয়পি পৰিল । বেঙীপেহীৰ মনটো উচপিচ লাগিল । বৌয়েকক কেইবাদিনো ডেকাজনক বিয়াৰ কথা সুধিবলৈ কৈছিল যদিও বৌয়েকে আজি-সুধিম কালি সুধিমবুলিকৈ কথাষাৰ পিছুৱাই নি আছে । নিজে সুধিবলৈ লাজ লাগে নহয়, তথাপি এইবাৰ নিজেই সুধিম বুলি দৃঢ় হৈ ৰ’ল । পিছে ডেকাজন দেখোন নহাই হ’ল ! এসপ্তাহমানৰ আগতে সি কৈছিল মাকৰ অসুখ ,সেইবাবেই ঘৰলৈ যাব বোলে । তাৰ ঘৰো আকৌ কেইবাখনো জিলা পাৰ হৈহে পায় । ঘৰলৈ যোৱাৰ আগত সি বেঙীপেহীৰ ঘৰলৈ আহিছিল । বেঙীপেহীয়ে ঘৰলৈ নিবলৈ বুলি দিয়া বান্ধি দিয়া পকামিঠৈৰ টোপোলাটো চাই কৈছিল
-এইবাৰ বিয়াখন পাতিয়েই পেলাম বুলি ভাবিছোঁ । কিমান আৰু এই ডঙুৱাৰ জীৱন কটাম ।
বেঙীপেহীৰ শুকান গাল দুখন ৰঙা পৰি উঠিছিল । সেইয়া শেষ দেখা । তাৰপাছৰ পৰা সি কামলৈ নহাই হ’ল । তাই যাকে পাৰে তাকে ডেকাজনৰ কথা সুধিবলৈ ধৰিলে । কোনোবাই কয় তাক বেলেগ এটা খাদত দেখাৰ কথা,আনকোনোবাই আক কয় সি কাম এৰিলে ! বেঙীপেহীয়ে মন ভাঙি নেপেলায় । সি কৈছিল এইবাৰ বিয়া পাতিব । তাইৰ কথাই ভাবিছে ,নহ’লেনো তাইৰ আগত বিয়া পতাৰ কথা কয় নে !
-সি হয়তো ঘৰতে আছে বৌ,তাৰ মাকজনী বোলো বৰ বেমাৰী ।
-মই চাহকাপ দিলে সি যেনেকৈহে চাই,মোৰ বিৰাট লাজ লাগি যায় জানে !
-এইবাৰ আহিলেই বিয়াৰ কথা পাতিম ।
কোনোবাই শুনিব বিচাৰক বা নিবিচাৰক বেঙীপেহীয়ে বৌয়েক ,ভনীয়েক জাতীয় কাৰাবোক লগ পালেই তাৰ কথা ক’বলৈ আৰম্ভ কৰি দিলে । এটা সময়ত গাঁৱৰ সকলোৰে বাবে সেয়া ৰসাল আড্ডাৰ বিষয় হৈ পৰিল ।
কিন্তু কিমান দিন !
লাহে লাহে খাদটোৰ পৰা বেলেগলৈ বয়বস্তু কঢ়িয়াবলৈ ধৰিলে । ব্যস্ততাবোৰো কমি আহিল । আৰু এদিন একেবাৰেই সকলোবোৰ বন্ধ হৈ গ’ল । গাঁওখন আকৌ ঠাণ্ডা হৈ পৰিল । যান-বাহনৰে ব্যস্ত হৈ পৰা বাটটো আগৰ দৰেই নিস্তেজ হৈ পৰি থাকিল । নতুনত্ব হিচাপে বুকুত কেৱল শিলগুটিকেইটা লৈ ।
আলিটোৰ দৰে বেঙীপেহীও পৰি ৰ’ল । আগতকৈ বেছি নিমাত ,নিৰ্জান হৈ । শেষ হোৱাৰ বাবে পেলাই দিয়া বেঙীপেহীৰ পাউদাৰ আৰু তেলৰ টেমাকেইটাই মাথো বাৰী চুকৰ পৰা বিনাই থাকিল ।

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Maza
6 years ago

madam,, aantorik khubhechaa grahon koribo,,,,,,,,,, moi ataa kothai kobo bisaro,,,,,,,,,,,,, this is true galpoo,,,,,,,,,,,, so,,,,,,,, pohi val lagil , aponar pora aru akha thakil,,,,,,,,,,,, god blz u

Maza
6 years ago

thanks,,,,,,,,,,,,,,,,, aapunar poraa aru akha thakil,,,,,,,,,,,,

Maza
6 years ago

POHI VAL LAGIL,,,,,,,,,,,,,, aagoloi aru pohibo pam buli,,,,, akha thakil,,,,,,,,,,, this is real story,,,,,,,,,,,,,, so, god blz u……

pancha saha
5 years ago

Comment text..vl lagil

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক