ঝংকাৰে ক্ষমা নকৰে (পংকজ জ্যোতি মহন্ত)

নামটো মনত পৰিছেনে? মোৰ ভাৱ হৈছে- শিৰোনামাটো দেখি বহুতৰ মনলৈ আশ্চৰ্য আৰু আন বহুতৰ মনলৈ বিদ্ৰুপৰ ভাৱ আহিব নেকি যে “এতিয়া আকৌ এইটো বিষয়ত কিয় লিখিলে!” বা “এইটো বিষয়ে লিখিবলৈ এতিয়াহে সময় বাচি ল’লে যে!!” বৰ্তমান পৰিস্থিতিয়েই এনেকুৱা যে প্ৰায় প্ৰতিনিয়ত মানুহৰ মন ঘোদালি পেলোৱা পৃথক পৃথক খবৰ আহিয়েই থাকে। গতিকে কিছু আশ্চৰ্যকৰ খবৰ এটাৰ সম্পৰ্কে এমাহৰ পাছত লিখিলেও সি সৰহভাগ মানুহৰ মগজুত ক্ৰিয়া কৰিব নোৱাৰে।

সেই ঘটনাটোৰ পৰৱৰ্তী সময়ত, “আমি তোমাক বচাব নোৱাৰিলোঁ, আমাক ক্ষমা কৰা ঝংকাৰ”- এই প্ৰতিক্ৰিয়াটো কোনে জানো আৱিষ্কাৰ কৰিলে, ইজনৰ পাছত সিজন, সিজনৰ পাছত ইজন, অসংখ্য মানুহে ফেচবুকত এই প্ৰতিক্ৰিয়াটো প্ৰকাশ কৰিবলৈ ধৰিলে। এটা কথা ঠিক- ইয়েই স্বাভাৱিক, ইয়াৰ বাহিৰে আৰু একো উপায় নাই। সেয়েহে কেইটামান ঘটনাৰ পৰিপ্ৰেক্ষিতত মনলৈ আহিল- “ঝংকাৰে আপোনাক ক্ষমা নকৰে, কাৰণ তেওঁ আপোনাৰ কথা নাভাবেই।”

পৰৱৰ্তী সময়ত প্ৰকাশিত আন প্ৰতিক্ৰিয়াসমূহত আছিল- ‘সম্প্ৰীতি’ত ঘূণে ধৰাৰ সন্দেহ; কোনো সংগঠনে তুচ্ছ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা সম্পৰ্কীয় বক্তব্য; কোনো সংগঠনৰ প্ৰাক্তন সদস্য হিচাপে সহজলভ্য ধনৰ প্ৰতি মতলীয়া হৈ দিক-বিদিক হেৰুওৱা যুৱকবোৰৰ সম্পৰ্কীয় বক্তব্য ইত্যাদি। সাময়িকভাবে সেইবোৰ কথাও বিবেচনা কৰাটো হয়তো প্ৰয়োজনীয়, কিন্তু সমস্যাটো ইয়াতকৈয়ো জটিল যেন ভাৱ হয়, কাৰণ বাটে-ঘাটে-বজাৰে এনে ঘটনা বহুতো দেখিছোঁ- যিবোৰতো ভুক্তভোগীৰ মৃত্যু হৈছে বা কেনেবাকৈহে মৃত্যু নোহোৱাকৈ লেলাই-ধেন্দাই বাছি গৈছে আৰু এনেকুৱা ঘটনা একেটা সম্প্ৰদায় বা একেটা জনগোষ্ঠীৰ মাজতো ঘটিছে।

এই আক্ৰমণকাৰীবোৰক “দেখাত সকলো আছে, কিন্তু হেৰুৱাবলৈ একো বাকী নাই” এই শ্ৰেণী মানুহৰ শাৰীত ৰাখিব পাৰি নেকি? কাৰণ এনেধৰণৰ ঘটনা সংঘটিত কৰাসকলৰ মাজত দেখা যায়- কোনো কোনোৱে সদায় নিজৰ ঘৰখনতে থকাৰ পাছতো নিজৰ দেউতাকক ‘অ’ দেউতা’ বুলি পাৰ হৈ যোৱা ১০ বছৰ পৰ্যন্ত এবাৰো মাতিবলৈ আগ্ৰহেই কৰিব পৰা নাই। ঘৰখন দেখাত এটি সুখী পৰিয়াল; কিন্তু এনেকুৱা আনক দেখুৱাই থকা সুখী পৰিয়ালবোৰৰ পৰাই, মাক-দেউতাকৰ মাজত অহৰহ চলি থকা কন্দলৰ বাবেই ঘৰত থাকিবলৈ অশান্তি পাই তেওঁলোক চাৰিআলি-তিনিআলিবোৰৰ ৰখীয়া হ’বলৈ যোৱাৰ দৰে কেৰম বা তাচ খেলিবলৈ বুলি ওলায় যায়। প্ৰায়ভাগ সময়তে ইয়েই হ’ল ধ্বংসাত্মক যাত্ৰা একোটাৰ প্ৰাৰম্ভিক খোজ। এই হেৰুৱাবলৈ একো বাকী নথকা মানুহখিনিক- যিখিনিক ইতিমধ্যে দেখা পাইছোঁ- তেওঁলোকক দুটা ভাগত ভগাব পাৰি। এটা ভাগে নিজৰ হতাশা আৰু নিঃসংগতাক অতিক্ৰম কৰি, শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰা যেন ভাবি লৈ অৱশেষত নিজৰ চাৰিওকাষৰ মানুহখিনিৰ সৈতে এটা সুস্থ আৱেগিক সম্পৰ্ক গঢ়ি তোলে আৰু নিজকে এক আনন্দপূৰ্ণ ব্যক্তিত্বৰ শাৰীলৈ উন্নীত কৰে। আনহাতে আনটো ভাগে যিকোনো মুহূৰ্ততে, যিকোনো অজুহাততে আনক বা নিজক ধ্বংস কৰি দিবলৈ উন্মাদ হৈ থাকে।

ইয়াৰ দ্বিতীয় শ্ৰেণীটোৰ আত্মসন্মানবোধো অতি প্ৰৱল হোৱা দেখা যায়, কিন্তু সমস্যাটো হ’ল- যিকোনোভাৱে ক্ষমতা খটুৱাবলৈ নাপালে বা তেওঁলোকৰ ‘ক্ষমতা’ৰ লগত আন মানুহ পৰিচিত নহয় যেন অনুভৱ কৰিলেহে তেওঁলোকৰ আত্মসন্মানবোধ তীব্ৰভাৱে জাগ্ৰত হয় আৰু সৰু সৰু দহটকা-পাঁচটকা বা নেদেখাকৈ গাত খুন্দিয়াই যোৱা আদিতে কাজিয়াৰ আৰম্ভ হয়। এবাৰ এজনে দূৰণি-বটীয়া 709 এখনত কিছুদূৰলৈ উঠি ‘নিজৰ এৰীয়া’ বুলি তেওঁ দিবলগীয়া ১০ টকা ভাৰা নিদিও বুলি দম্ভালি মাৰিবলৈ ধৰিলে। কনডাক্টৰজনে জোৰকৈ ধৰাত (টান মাতেৰে নহয়) গাড়ীৰ পৰা নামি বেলেগৰ পৰা লৈ দিম বুলি কৈ তেওঁ কনডাক্টৰজনক নমাই লৈ গ’ল, আৰু কেৰম খেলি খেলি সেইটো ষ্টপে’জ ৰখি থকাবোৰৰ মাজৰ দুটামানক মাতি আনি মাৰ-পিট চলাবলৈ ধৰিলে। কনডাক্টৰজন দৌৰি কোনোমতে বাছত উঠাত তেওঁক সঁকিয়াই দিলে- “ভাৰা লাগে তোক? তই এইটো বাটেৰেই নাহিবি নেকি আৰু? চাওঁ, তই কাইলৈৰ পৰা কেনেকৈ গাড়ীত আহ।” সন্দেহ হয়- পিছদিনা বা কনডাক্টৰজন শান্তিৰে যাব পাৰিলেনে নাই! এবাৰ এজনে, কল একাখি নোশোধাকৈ পাৰিলে বুলিয়েই এজনক কুঠাৰ এখনে ঘাপ দি মাৰি পেলালে। আন এজনে আকৌ, সিপাৰলৈ যাবলৈ ৰাখি থোৱা হাত-নাও এখনত কিছুসময় বহাৰ পাছত উঠি গৈ পুনৰ বহিবলৈ আহি তেওঁ পূৰ্বতে বহা স্থানত আন এজন বহি থকা দেখা পাই ধমকি দি উঠি যাবলৈ ক’লে। বহি থকা জনেও ধমকি সহ্য নকৰি উভটি ধৰিলে। লগে লগে পূৰ্বতে বহা জনে বাঁহ এডোখৰেৰে মৰিয়াই মৰিয়াই (বেলেগে বচোৱালৈ) তেওঁক আধামৰা কৰি পেলালে। এবাৰ কেইজনমান যুৱকে আন দুজনমানক সাধাৰণ কথা এটাতে মাৰপিট কৰিবলৈ আৰম্ভ কৰি বিভিন্ন কথা সকিয়াই সঁকিয়াই নিজৰ ক্ষমতা দেখুৱাবলৈ লাগিল; আৰু শাৰীৰিকভাবে কম শক্তিশালীসকলে অসহায় হৈ ৰৈ চাই থাকিল। তেনেতে এজন বয়সস্থ ব্যক্তিয়ে সহ্য কৰিব নোৱাৰি তাৰে এজনক ওচৰলৈ মাতি নি ক’লে- “ভাইটি, তোমালোকে এইবোৰ বন্ধ কৰা। তোমালোকে অথনিৰ পৰা কি অভদ্ৰামী কৰি আছা দেখি আছোঁ। দোষটোতো তোমালোকৰে। তোমালোকে যদি এইবোৰ এতিয়াই বন্ধ নকৰা, অ’.চি.ৰ লগত মোৰ চিনাকি আছে, তোমালোক আটাইকেইটাকে জেলত ভৰাব পাৰোঁ মই।” ল’ৰাটোৱে টপৰাই ক’লে- “খুড়া আপুনি জেলৰ ভয় খুৱাই একো লাভ নাই। আপুনি এজন বয়সীয়াল মানুহ হিচাপে মোক হাক দিয়ক, মই মানি ল’ম। জেললৈ একো ভয় নাই, তাত মই শান্তিৰেহে থাকিবলৈ পাম। মই আজি ইয়াৰ হাত এটা ভাঙি দিম, আপুনি মোক ১০ বছৰ জেল দিব; তাৰ পাছত? আপুনি যেনিবা নাথাকিল, আপোনাৰ পৰিয়ালৰতো কোনোবা থাকিব?” এনে আত্মধ্বংসী কথা শুনি আচৰিত হৈ আৰু হয়তো নিজৰ পৰিয়ালৰ বিপদ হ’ব পাৰে বুলি ভাবি মানুহজনে তল মূৰ কৰি মনে মনে থাকিল। ইয়াত মই ক’ব বিচৰা কথাটো হ’ল- নিজৰ পৰিয়ালৰ প্ৰত্যেকৰে লগত বা বিশেষভাৱে সংস্পৰ্শলৈ অহা মানুহখিনিৰ লগত এক পৰিপূৰ্ণ, সুস্থ আৱেগিক সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হোৱা মানুহখিনিয়ে এনে আত্ম-ধ্বংসী কথা কেতিয়াবা ক’ব পাৰিবনে?

এইদৰে সকলো হেৰুৱাবলৈ বাকী নথকা যুৱকবোৰক এটা বিশেষ কামত সহজেই ব্যৱহাৰ কৰিব পাৰি। সেইটো হ’ল- দেশ বা জাতিৰ উদ্ধাৰ বা ৰক্ষাৰ কামত মৰিবলৈ তেওঁলোকক সহজেই আগবঢ়াই নিব পাৰি। সেইবাবেই কেতিয়াবা চতুৰ নেতৃত্বৰ পাল্লাত পৰি তেওঁলোক অতি সংকীৰ্ণমনা হোৱা আৰু ধ্বংসাত্মক উন্মাদনাৰ গ্ৰাসত পৰা দেখা যায়।

ঘৰ এখনৰ অসুস্থ পৰিৱেশৰ পৰা ওলাই অহাৰ পাছত মনৰ শান্তিৰ বাবে যিটো অৱলম্বন পোৱা যায় সেইটো হ’ল বিদ্যালয়। বিদ্যালয়ে প্ৰাৰম্ভিকতে প্ৰধানকৈ যি দুটা বস্তু যোগান ধৰে, সেই দুটা হ’ল- লগৰীয়া আৰু শিক্ষক; আৰু সেই মনৰ শান্তি লাভৰ প্ৰধান আহিলা হ’ল শিক্ষক। কিন্তু কিমানজন শিক্ষকে নিজৰেই ব্যক্তিত্ব গঢ়ি তুলিব পাৰিছে। মধ্য ইংৰাজী বিদ্যালয় এখনৰ এজন ডেকা শিক্ষক ছাত্ৰ-ছাত্ৰীৰ ওচৰত বৰ খঙাল বুলি পৰিচিত; তেওঁ ‘পঢ়ুৱাই’ থাকোঁতে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে গাটো সামান্য লৰচৰ কৰিলেও তেওঁ সিহঁতৰ গালৈ ডাষ্টাৰ, এছাৰি আদি দলিয়াই দিয়ে। খঙাল বুলি পৰিচিত কাৰণেই তেওঁৰ শ্ৰেণীত সকলো ছাত্ৰ-ছাত্ৰী অতি সচেতন হৈ থকাৰ পাছতো ডেক্সৰ ওপৰত ঠিয় হ’ব লগা হোৱা, ল’ৰাই ছোৱালীৰ সম্মুখলৈ গৈ আৰু ছোৱালীয়ে ল’ৰাৰ সম্মুখলৈ গৈ কাণত ধৰি থকিব লগা হোৱা আদি প্ৰায় প্ৰতিদিনে ঘটা ঘটনা। এদিন খঙত কোদোৰ-মোদোৰ হৈ লৰালৰিকৈ ক’ৰবাৰ পৰা আহি এটা শ্ৰেণীকোঠাত সোমায়েই তেওঁ ছাত্ৰ-ছাত্ৰীবোৰক এটা প্ৰশ্নোত্তৰ লিখিবলৈ দিলে আৰু অকণমান সময়ৰ পাছতে সমান্য কথাতে গোটেই শ্ৰেণীটোৰ ছাত্ৰ-ছাত্ৰীক কোবাবলৈ লাগিল। সেইদিনাৰ পিটনে তেওঁ প্ৰদান কৰা শাস্তিৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছিল। কিন্তু দুদিন পাছতে কোনোবা এজনে গম পালে- শিক্ষকজনে কোনোবা এখন গাঁৱত এগৰাকী ছোৱালীৰ লগত সম্পৰ্ক ৰাখি বিয়া নাপাতিবলৈ বুদ্ধি কৰাত গাঁৱৰ ডেকামখাৰ হাতেৰে সেইদিনা ঘুগুলা পিটন খাই আহিছিল; ল’ৰা-ছোৱালীবোৰে ভাবিবলৈ ধৰিলে- ‘ছাৰে নিজে পিটন খাই ওলোটাই একো কৰিব নোৱাৰি আমাৰ ওপৰত প্ৰতিশোধ ল’লেহি।’ এনেকুৱা শিক্ষকৰ কাৰণে কেইবাজনেও নিজকে সেই শৈশৱতে অপৰাধী বুলি ভাবিবলৈ আৰম্ভ কৰিছিল।

ভাল ঘটনা আৰু ভাল দিশ আমাৰ সমাজতো বহুতো আছে, সেইবোৰ থকা বাবেই সমাজখন আজিও বৰ্তি আছে। ইয়াত আটাইতকৈ বেয়া দিশবোৰৰ কিছুমান দেখুওৱা হ’ল, যিবোৰ অন্ত পৰাৰ একো লক্ষণ দেখা পোৱা নাযায়। গতিকে এনে ঘটনা মাজে সময়ে ঠায়ে ঠায়ে ঘটিয়েই থাকিব আৰু “আমাক ক্ষমা কৰি দিয়া” আদি ধৰণৰ ৰোমাণ্টিক প্ৰতিক্ৰিয়াবোৰো শূন্যলৈ নিক্ষেপ হৈয়েই থাকিব।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments