জীৱন গণিতৰ অভিপ্ৰেত উত্তৰ পোৱা নাযায় – চামচুল হক

জীৱনটো অংকময়৷ যেন এটা ওৰ নপৰা দীঘলীয়া অংক ― যোগ, বিয়োগ, পূৰণ, হৰণ৷ সৰল অংক, জটিল অংক৷ যিটো অংক আমি আজি কৰিছোঁ, আমাৰ পূৰ্বপুৰুষসকলেও অন্য পদ্ধতিত অন্য উপায়ে কৰিছিল৷ কিছুমান সৰু সৰু ৰেখা আৰু কিছুমান বেঁকা ৰেখাৰ সমষ্টি৷ বিভিন্ন জ্যামিতিক আকৃতিত পৰস্পৰে অৱস্থান কৰিছোঁ- ত্ৰিভুজ, চতুৰ্ভূজ, ট্ৰেপিজিয়াম৷ কেতিয়াবা এনে লাগে যেন বৃত্ত এটাৰ ভিতৰত অহৰহ ফোঁ-ফোঁৱাই ঘূৰি আছোঁ৷ জীৱনটো কেৱল পাটীগণিতো নহয়; বীজগণিতৰ সূত্ৰও নহয়৷ জীৱনটো সুষম নহয়, সৰলৰৈখিক নহয়- তাৰ যে বিচৰা ধৰণে উত্তৰ এটা ওলাব৷ অংক উজু বিষয় হ’বই নোৱাৰে৷ সৰুৰে পৰাই অংক-ভীতিয়ে লগ দিছিল৷ আজিও তাৰ পৰা মুক্ত হ’ব পৰা নাই৷ কাৰো অংক কৰি থোৱা নাথাকে৷ নিজে নিজে কৰি উলিয়াব লাগে নিজ সমস্যাৰ সমাধান৷

বহুতো গণিতৰ শিক্ষক দেখিছোঁ যি নিজৰ জীৱনৰ প্ৰয়োজনীয় গণিতটোকে ভুল কৰিছে৷ আনক গণিত শিকাই শিকাই যেতিয়া নিজৰেই ভুল হ’বলৈ ধৰে তাতোকৈ পৰিতাপৰ কথা কি হ’ব পাৰে৷ কিন্তুু জীৱনটো যে এনেকুৱাই! গণিত বিষয়ৰ কিতাপত উত্তৰসমূহ পিছফালে দিয়া থাকে৷ সেইমতে উত্তৰ ওলালেহে অংকটো শুদ্ধ হোৱা বুলি কোৱা হয়৷ কিন্তুু জীৱনৰ অংক ইমানেই জটিল যে তাৰ আকাংক্ষিত উত্তৰ কাহানিও পোৱা নাযায়৷ বীজগণিতৰ কত প্ৰব্লেম অনায়াসে সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা হ’ল৷ কিন্তুু বাস্তৱ জীৱনৰ সমস্যাবোৰৰ উজু আৰু চিধাচিধি সমাধান পাবলৈ নাইকিয়া৷ এই হিচাপ-নিকাচবোৰে জীৱিত কালত যেন কাৰো লগ নেৰিব৷

জন্মৰ পৰা মৃত্যুপৰ্যন্ত অংক৷ জন্ম হোৱা চিকিৎসালয়খনৰ বিলখন এতিয়াও বাকচৰ চুকত বিচাৰিলে ওলাব কিজানি৷ তাৰ পাছত আহিল ল’ৰা নে ছোৱালী? ল’ৰা বুলি শুনাৰ লগে লগে অইন এটা হিচাপ- ডাক্তৰ হ’ব নে ইঞ্জিনিয়াৰ? কুলমৰ্যাদা ৰক্ষা কৰিব পাৰিবনে নাই? সমাজখনেও আশা কৰে, সমাজৰ যেন ঐতিহ্য-পৰম্পৰা, ৰীতি-নীতি মানি চলে৷ মাক-দেউতাকৰেইবা পৰিচয় কি? জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদি কাৰকে ক্ৰিয়া কৰা হিচাপত সন্তানটোৰ সম্ভাৱনা (probability) কি হ’ব পাৰে? মুঠৰ ওপৰত অংকৰেই আৰম্ভ হয় জীৱন৷ আৰু যদি ছোৱালী হয়, আজিও বহুতৰে ঘৰত যেন হিচাপ নিমিলে৷ গড়মিল হয়৷ দেখাত কেনে, শৰীৰৰ ৰং কেনেকুৱা ইত্যাদিবোৰৰ হিচাপ৷

সকলোৰে নিজা নিজা হিচাপ থাকে৷ বহুত হিচাপত চলা মানুহৰ যেতিয়া সকলো হিচাপ চূৰমাৰ হয় কিম্বা আওপাকে ঘূৰে জীৱনৰ চকৰি, তেতিয়া কপালৰ লিখন বুলি সান্ত্বনা লভা হয়৷ তেনেহ’লে আচল অংক কপালতহে লিখা থাকে নেকি? ওহোঁ, কেতিয়াও নহয়৷ সকলোৱে মানি নল’ব৷ জীৱনৰ কঠোৰতম গণিতটোও নিজে সমাধান কৰিব লাগিব৷ কপালৰো গণিতশাস্ত্ৰ আছে, ― হস্তৰেখা, জ্যোতিষশাস্ত্ৰ৷ তাতো অংকৰ বিধি প্ৰযোজ্য৷ তাবিজতো এক প্ৰকাৰ হিচাপ থাকে, অংক থাকে৷ পঞ্জিকা, দিন-বাৰ, তিথি, ক্ষণ, ৰাহু-কেতু, কোপদৃষ্টি ইত্যাদি বিশ্বাস-অন্ধবিশ্বাস জুৰি অংকশাস্ত্ৰৰ বিশাল সাম্ৰাজ্য৷

খৰচ নকৰোঁ বুলি কোনেও থাকিব নোৱাৰে নিজৰ সঞ্চিত সম্পদ৷ সকলোৱেতো পৰাপক্ষত যোগ কৰি থাকিব বিচাৰে ঐশ্বৰ্য, বিভূতি, মান, যশ, সন্মান, পুৰস্কাৰ৷ কোনেনো বিয়োগ কৰিব কষ্টোপাৰ্জিত সম্পদবোৰ৷ কিন্তুু আমি নিবিচৰাকৈয়ে অতি কষ্টেৰে খৰচ কৰিবলগীয়া হয় নিজৰ ভগ্নাংশবোৰ এপদ-এপদকৈ৷ পোৱা-নোপোৱা, সঞ্চয়-অপচয় মিলিহে জীৱন৷

কেতিয়াবা এনে লাগে জীৱনটো যেন অংক কৰা যন্ত্ৰহে৷ গোটেই সংসাৰখনৰ হিচাপ-নিকাচবোৰ অকণো আউল নলগাকৈ কৰি থকালৈকে ব্যৱহাৰযোগ্য হৈ থাকিব আৰু আউল লাগিলেই তাক বৰ্জন কৰা হ’ব৷ নতুন এটা যন্ত্ৰই সেই ঠাই পূৰণ কৰিব৷ কিন্তুু কেলকুলেটৰটোৰোতো নিজাকৈ এটা জীৱন আছে৷ সদায় আনৰ হিচাপ-নিকাচবোৰ দেখুৱাই দেখুৱাই জানো ভাগৰ নালাগে৷ কেলকুলেটৰটোৰ জীৱন একান্তভাৱে আনৰ বাবেইনে? এনেবোৰ প্ৰশ্নই জুমুৰি দি ধৰিলে অংক কৰা যন্ত্ৰটোৰো জঁট লাগে৷ নিজৰ বুলিবলৈ থাকিলনো কি? নিজৰোতো ইচ্ছা-অভীপ্সা আছে৷ কিহৰ প্ৰয়োজনীয়ত নিজকে দোকানৰ পণ্য সামগ্ৰী কৰি বিক্ৰী কৰা হৈছে৷ তাৰ পৰা মুক্ত হোৱাৰ উপায় বাৰু নাইনে? এইদৰে জীৱন-কেলকুলেটৰৰ নিজৰেই হিচাপত আউল লাগে৷

জীৱনত অংকৰ প্ৰয়োজন আছে৷ হিচাপতেই চলে সকলো৷ নখ এটাৰ পৰিমাণো সহানুভূতি কেতিয়াবা বিচাৰি পোৱা নাযায়৷ কেতিয়াবা এনেও হ’ব পাৰে এবাৰ অংক ভুল হ’লে পুনৰাই শুধৰণিৰ সুযোগ আৰু পোৱা নাযায়৷ প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো খোজতে সাৱধানে চলিব লাগে৷ যোগ, বিয়োগ, সমান এটাও চিন ভুল হ’ব নোৱাৰিব৷ বুকুৰ জেপত যদি থ’ব লাগে মৰম-চেনেহ, ভালপোৱা, সহৃদয়তা, দয়া, ক্ষমা, ত্যাগ; পিছৰ জেপতো থ’ব লাগিব টকা-পইচা, সা-সম্পদ ইত্যাদি৷ আজিকালিতো ক’বই নালাগে পিছৰ জেপৰ হিচাপটোহে সাৰ হৈছে৷ এই ক্ষেত্ৰত নিজৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা এই প্ৰবন্ধলেখক অৱশ্যে আঁতৰত থাকিব৷ যিহেতু প্ৰত্যেকৰে নিজা নিজা হিচাপ থাকে৷ জীয়াই থকাৰ নিজা নিজা অংক থাকে৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক