জীৱনৰ ছন্দ (প্ৰদ্যুৎ জ্যোতি শইকীয়া)

প্ৰস্তাৱনা:

অনন্ত ছাৰে “ইণ্ট্ৰ’ডাক্টৰী” ক্লাছ লৈ আছে। “এম আই জে”ত প্ৰথমদিন। ডাক্তৰী শিক্ষাৰ আৰম্ভণী। পাছফালৰ পৰা চকু গ’ল এটা নাৰী অবয়ৱলৈ। চুটি চুলি; “বয়জ কাট”। বহি থকা চকীৰ বাহিৰত এখন ভৰি ওলমি আছে, ভৰিৰ ওপৰত ভৰি তুলি জোকাৰি থকা বাবে। নতুন ‘ডিজাইন’ৰ চুৰিডাৰ। মোতকৈ শকত। তাৰ পাছৰ পৰাই দুচকু আৰু নলৰিল। অনন্ত নেওগ ছাৰে “এনা্টমীকেল পজিছন”ৰ কথা কিবা বুজাই আছে। কিন্তু, মোৰ বাবে “বয়জ কাটে” এটা ভৰি ইটোৰ ওপৰত সিটো তুলি বহি থকা পজিচনটোৱেই “এনাটমীকেল পজিচন” তেতিয়া। আজ্জৈ আজ্জৈ… মাজতে এবাৰ ঘূৰি চাওঁতে চকুৱে চকুৱেও পৰিল। টংটং। ক্লাছ শেষ। “বয়জকাট” ওলাই গৈছে। ৱাহ, মোৰ ছাত্ৰাৱাসৰ ফালেই যোৱা ৰাস্তাইৰেই গমন দেখোন। মোৰ “হাফ মাডগাৰ্ড” থকা চাইকেলখন ঠেলি ঠেলি যেনেতেনে লগ ধৰিলোঁগৈ। বান্ধৱী হীমাশ্ৰী আৰু বনানী লগত। “বয়জকাটে” ইতিমধ্যে কাষত ল’ৰা দেখিয়েই স্বাভিমানী খোজ এটা দিবলৈ আৰম্ভ কৰিলেই। লাজমান কাটি কৰি সুধিলোঁ,
“নাম কি তোমাৰ?”
“বয়জকাট”ৰ উত্তৰ আহিল অলপ ওঁঠ বেকা কৰি, “মনচুমী বৰা”
আকৌ সুধিলোঁ,“ঘৰ?”
অনিচ্ছাকৃত উত্তৰ, “শিৱসাগৰত।”
জিভাখন সামৰিব নোৱাৰিলোঁ। স্বতঃফূৰ্ত্তভাৱে ওলাই গ’ল মুখৰপৰা, “মোৰো!”

হাফ ‘পেডেল’ৰ চাইকেলখনত ঘেটেংকৈ শব্দ এটা হোৱা যেন পালোঁ। কিন্তু শব্দটো ক’ৰপৰা আহিল ধৰিব নোৱাৰিলোঁ, মোৰ হৃদয়ৰ নে চাইকেলখনৰ পৰা! স্বস্তি এটাই— দুইখনৰে স্বত্তাধিকাৰী ময়েই।

কাহিনীৰ মাজভাগত:

“কাৰ্ড” খেলি থকাৰ মাজতে পাইছিলোঁ ‘মেচেজ’টো। “মই তোমাক ভাল পাওঁ বুলি কোৱাহ’লে কি বুলি ক’লাহেঁতেন?” ‘বয়জকাট’ৰ প্ৰশ্ন। “কাৰ্ড”ৰ খেলাৰ সৈতে মিলি গৈছিল জীৱনৰ সৰল সমীকৰণটো। আকাশৰ সাতোৰঙী ৰামধেনুৱে আহি ধৰা দিছিল যেন আলাসতে। “ওঁ, ভাল পাওঁ বুলি ক’লোঁহেঁতেন তোমাক।” প্ৰচণ্ড আবেগেৰে কঁপা কঁপা হাতেৰে লিখিছিলোঁ। “বয়জকাট” লাহে লাহে হৈছিলগৈ মনচুমী। ভালপোৱাৰ চিৰিত উঠি মনচুমী লাহে লাহে ৰূপান্তৰিত হ’ল “মৌ’লৈ। তেজপুৰীয়া ‘ৰুমমেটে’ কাণ্ডটো ধৰা পেলাই চিঞৰিছিল “পাৰ্টি পাৰ্টি”।

সমাপ্তি:

চাৰিবছৰৰ পাছত। ঘৰৰ পৰা সন্মতি আহিল। তিনিবছৰৰ ডাঙৰ হ’লে কি হ’ল? মায়ে প্ৰথমে চকু ঘোপা কৰি সুধিলে “মনচুমীক ভাল পাৱ তই ?” মূৰ দুপিয়ালোঁ তলমূৰ কৰি। “তায়ো ভাল পায়?” আকৌ সন্মতিসূচকভাৱে মূৰ দুপিয়ালোঁ। “তায়ো যেতিয়া ভাল পাই নিজৰ কৰি লৈ আহ।” মাৰ আব্দাৰসূচক সন্মতিত উত্ৰাৱল হৈ গ’লোঁ। মায়ে সদায় আচৰিত কৰে মোক। কেতিয়া যে তাইক কম? কেতিয়া?? নাই, একেবাৰে “চাৰপ্ৰাইজ” ভিজিট দিলেই ভাল হ’ব। “মৌ”ৰ ভাড়াঘৰৰ ঠিকনা যোগাৰ কৰা মোৰ বাবে কঠিন নাছিল। তাইক নোকোৱাকৈ। কিয় ক’ব লাগে, যিহেতু তাই জানেই মই অলপ পাগল ধৰণৰ বুলি ! কেইবাশ কিঃমিঃ ৰাস্তা বাটকুৰি বাই পালোঁগৈ মোৰ গন্তব্য চহৰ। মৌৰ চহৰ। এগালমান আবেগ আৰু উত্‍সাহে আগুৰি ধৰিলেহি মন-হৃদয়। নিৰ্ধাৰিত ঠিকনাটোত থকা ঘৰটোৰ (মৌক অলপ আচৰিত কৰি দিওঁ বুলিয়েই) আধাখুলি থোৱা দুৱাৰখন ঠেলা মাৰি দিলোঁ। মই আচৰিত হৈ পৰিলোঁ। মোৰ মৌ তেতিয়া আনৰ দুবাহুৰ মাজত। এতিয়া মোক দেখি আচম্বিত হোৱাৰ পাল তেখেতৰ। মোক দেখিয়েই ঠেলা মাৰিলে তেখেতৰ চুলিৰ মাজত মুখ গুজি থোৱাজনক। তেৰালৈ চালোঁ। এইবাৰ মোৰ আকৌ মূৰ আচন্দ্ৰাই কৰাৰ পাল। মোৰ তেজপুৰীয়া বন্ধু??? মোৰ একালৰ ৰুমমেট!!! মৌৰ এতিয়াৰ সহকৰ্মী। মাত দিবলৈ শকতি হেৰাল। সংযত হৈ নিতান্তই আৱশ্যকীয় বুলি ভাবি সুধিলোঁ, “কেতিয়াৰপৰা?” মৌৱে মাত নিদিলে। মৌনতা সন্মতিৰ প্ৰকাশ্য বৰ্হিপ্ৰকাশ। মৌলৈ লৈ যোৱা উপহাৰকেইটা তাইৰ বিচনাত থ’লোঁ। মৌলৈ নিয়া বিশেষ উপহাৰটো দিয়াৰ সাহস নহ’ল। পকেটতেই থাকিল। ওলাই আহিলোঁ।

নামনিৰ সেই ষ্টেচনটোত উজনিমুৱা ৰেলখনে তেতিয়া শেষৰ উকিটো মাৰিবলৈ আৰম্ভ কৰিছিল। ৰেলৰ ঝকঝকঝক ছন্দময় শব্দকেইটাৰ মাজত মোৰ ভাগৰুৱা ছন্দহীন মন আৰু শৰীৰ এৰি দিলোঁ। টিকেটৰ কথা ভাবিবৰ সময় নহ’ল। ৰেলখনৰ প্ৰচণ্ড উকিত সম্বিত ঘূৰি আহিল। তললৈ চাই দেখোঁ বেচ ভেম আৰু আৰামত মহাবাহু বৈ আছে। ঠিক মৌৰ মুখ আৰু স্বাভিমানীতাৰ দৰে। ‘পকেট’ৰ ভিতৰৰ পৰা মৌলৈ নিয়া আঙুঠিটো উলিয়ালোঁ। কিবা এগালমান ক্ষোভত দলিয়াই দিলোঁ শৰাইঘাটৰ পৰা মহাবাহুৰ গভীৰ বুকুলৈ। যেনেদৰে মৌক দলিয়াছিলোঁ মোৰ স্মৃতিৰ গভীৰতৰলৈ। তললৈ চাওঁতে দেখিলোঁ খৰস্ৰোতা মহাবাহুৰ মাজত ‘পোৱালি’ এটাই থাৰ্মকলৰ ভুঁৰত উঠি চুম্বক এটুকুৰা দলিয়াই তলিৰ পৰা খুচৰা বিচাৰি জীৱন সংগ্ৰামৰ কঠিন নমুনা দেখুৱাই আছে। তাক দেখিয়েই এগালমান সাহসে বুকুত খুপনি পুতিলেহি। আচলতে জীৱন এনেকুৱাই, ছন্দহীনতাৰ মাজে মাজে ছন্দ। ‘পোৱালিটো’ক চিঞৰি চিঞৰি ক’বৰ মন গ’ল “সোণ আশা নকৰিবি বোপাই, চুম্বকে লোৰ বাহিৰে আন কাকোৱেই আকৰ্ষণ নকৰে।” সি নক’লেও বুজে, জীৱনে শিকাই থৈছে তাক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments