জ্যোতিষ আৰু দেশৰ আইন – ৰক্তিম শৰ্মা

জ্যোতিষ আৰু বিজ্ঞান সম্পৰ্কীয় আলোচনা, বিতৰ্ক বিগত কেইটামান দশকৰ পৰা বাতৰি কাকত, টেলিভিছনৰ অনুষ্ঠান সমূহত প্ৰায়েই দেখা যায়। প্ৰতিটো অনুষ্ঠানতে বিজ্ঞানে নিজৰ যুক্তিৰে জ্যোতিষক নস্যাত কৰি আহিছে। বিদ্যালয়ৰ পাঠ্যপুথিতো বিজ্ঞান মনষ্কতা বৃদ্ধিৰ বাবে জ্যোতিষক সমালোচনা কৰি লেখা ৰচনা আদি অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু ইমানৰ পিছতো এইবোৰ অনুষ্ঠান বা লেখা মিলাই সাধাৰণ লোকৰ মনোজগত কিমানদূৰ ৰেখাপাত কৰিব পাৰিছে সন্দেহ। এতিয়াও বহু সাধাৰণ লোকৰ নিচিনাকৈ বিজ্ঞান শিক্ষাৰে শিক্ষিতৰ বাবেও জ্যোতিষ এক বিজ্ঞান।এই ধাৰণা অতি সাধাৰণ খেতিয়ক জনৰ পৰা আৰম্ভ কৰি বেছিভাগ বিয়াগোম আমোলা,পুলিচ বিষয়া, ৰাজনৈতিক নেতা আনকি ন্যায়লয়ৰ বিচাৰপতিলৈকে। কিন্তু সঁচাকৈয়ে বাৰু জ্যোতিষ এক বিজ্ঞান নে? বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰবোৰে সঁচাকৈয়ে মানুহৰ ভাগ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰেনে? জ্যোতিষ বিশ্বাসীসকলে যিমানেই অপযুক্তি নিদিয়ক কিয় বিশ্বৰ আগশাৰীৰ বিজ্ঞানীসকলে একেমুখে কৈছে যে ই মাত্ৰ এক বিশ্বাস যাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

বহুতে জ্যোতিষ শাস্ত্ৰকেই (astrology) আদিম জ্যোতিৰ্বিজ্ঞান (astronomy) বুলি ক’ব খোজে। কিন্তু এচাম সমালোচকৰ মতে গ্ৰহ-নক্ষত্ৰই মানুহৰ ভাগ্য নিৰ্ধাৰণ কৰাৰ ধাৰণা জ্যোতিৰ্বিজ্ঞান (astronomy)ৰ প্ৰাথমিক চিন্তাৰ ঔৰষত আবিৰ্ভাৱ হোৱা এক ভাববাদী বিশ্বাস। ধৰ্ম বিশ্বাসৰ সৈতে অভিন্ন সম্পৰ্ক তন্ত্ৰ-মন্ত্ৰ–ইন্দ্ৰজাল প্ৰভৃতি এই জ্যোতিষ শাস্ত্ৰৰ সৈতে সংপৃক্ত হৈ পৰিছে। ধৰ্ম আৰু শাসনৰ সৈতে যি সম্পৰ্ক, জ্যোতিষ আৰু শাসকৰ সৈতে সেই একেই মধুৰ সম্পৰ্ক ঘটিল বা ঘটোৱা হ’ল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত স্বাভাৱিকতেই জ্যোতিৰ্বিজ্ঞান (astronomy) হৈ পৰিল ধৰ্ম আৰু ৰাজ বিদ্বেষী আৰু জ্যোতিষ শাস্ত্ৰ হৈ পৰিল ৰজাৰ বুকুৰ কুটুম। ক’ৰবাত ক’ৰবাত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান (astronomy)ৰ পাৰ্থক্য অনুধাৱন কৰিব নোৱাৰা বাবে তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে জ্যোতিৰ্বিজ্ঞান (astronomy )য়ে ৰাজ অনুগ্ৰহ পালে। বিংশ শতিকাৰ পৰা বিজ্ঞান-প্ৰযুক্তিৰ অভাৱনীয় বিকাশৰ ফলত জ্যোতিৰ্বিজ্ঞানে ( astronomy) ৰাজ অনুগ্ৰহ লাভ কৰি মহাকাশ-শক্তি প্ৰদৰ্শনৰ হাতিয়াৰ হৈ পৰিল যদিও একেধৰণে শাসক শ্ৰেণী ধৰ্মৰ মোহৰ পৰা মুক্ত হ’ব নোৱাৰাৰ দৰে জ্যোতিষ শাস্ত্ৰৰ মোহৰ পৰাও মুক্ত হ’ব নোৱাৰিলে। যাৰ বাবে আজি ভাগ্য গণনাৰ নামত সাধাৰণ লোকক প্ৰৱঞ্চনা কৰি এচাম জ্যোতিষ-বেপাৰীয়ে গ্ৰহ-ৰত্নৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। সকলোতকৈ ডাঙৰ কথাটো হল এচাম বনিক শ্ৰেণীয়ে এতিয়া বিজ্ঞানৰ সূত্ৰবোৰক ব্যৱহাৰ কৰি কিছুমান অদ্ভুত বৈজ্ঞানিক নামেৰে জ্যোতিষ আৰু বিজ্ঞানৰ খিচিৰি পগাই সাধাৰণ লোকৰ অজ্ঞানতাৰ সুযোগলৈ প্ৰৱঞ্চনা কৰিবলৈ লৈছে। টেলিভিচন বাতৰি কাকত সকলোতে এইসকলৰ পণ্য বিক্ৰীৰ চকু চাঁত মৰা বিজ্ঞাপন। এইদৰে জ্যোতিষ এক কলা- বেপাৰলৈ পৰিণত হোৱাৰ ফলত স্বাভাৱিকতেই দেশৰ আইনৰ সৈতে সংঘাত বৃদ্ধি হৈছে জ্যোতিষৰ।
এতিয়া প্ৰশ্নটো হল আইনেনো কি কয় এই জ্যোতিষৰ বিষয়ে। আমি আগতেই উল্লেখ কৰিছোঁ যে শাসক গোষ্ঠীয়ে ধৰ্মক ব্যৱহাৰ কৰাৰ দৰে জ্যোতিষকো ব্যৱহাৰ কৰে। অৰ্থাত এই অবৈজ্ঞানিক কৰ্মকাণ্ডক প্ৰতিৰোধ কৰা শাসক গোষ্ঠীৰ আন্তৰিকতা নাই। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 51A(h)ত কোৱা হৈছে যে বিজ্ঞান মানসিকতা, মানৱীয়তা আৰু তদন্ত আৰু সংস্কাৰৰ স্পৃহা জাগ্ৰত কৰা প্ৰতিজন নাগৰিকৰ মৌলিক কৰ্তব্য। ভাৰতীয় গণতন্ত্ৰ যিহেতু জনগণৰ দ্বাৰা জনগণৰ চৰকাৰ বুলি কোৱা হয় গতিকে এই মৌলিক কৰ্তব্যই পৰোক্ষভাৱে ৰাষ্ট্ৰৰ ওপৰতো কৰ্তব্য আৰোপ কৰে। কিন্তু দেখা গৈছে যে ভাৰতৰ ৰাজনৈতিক নেতা আৰু আমোলাসকলে সৰ্বস্তৰত বিজ্ঞান মানসিকতাৰে সংস্কাৰ সাধিব নোৱাৰৰ কাৰণেই আজিকোপতি ভাৰতত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু জ্যোতিষৰ দৰে অদ্ভুত অবৈজ্ঞানিক কৰ্মকাণ্ড চলি আছে। অন্ধবিশ্বাস দূৰীকৰণৰ বাবে ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডীজ এক্ট এখন আছে যদিও তাৰ কাৰ্যকাৰিতা প্ৰায় শূন্য। আৰু এই আইন খনত জ্যোতিষ প্ৰতিৰোধ কৰাৰ কোনো উপায় (প্ৰভিজন) নাই। কাৰণ আজিও এচামৰ বাবে জ্যোতিষ এক বিজ্ঞান। ২০১১ চনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত ড° ভাৰ্গৱ নামৰ এজন যুক্তিবাদী পণ্ডিতে ইউজিচিৰ দ্বাৰা জ্যোতিষ শাস্ত্ৰ অধ্যয়নৰ শাখা হিচাপে অন্তৰ্ভুক্তিৰ প্ৰতিবাদ কৰি এখন ৰিট আবেদন কৰিছিল। ইউজিচিৰ সিদ্ধান্তৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰিব বুলি আবেদনখন উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত আবেদনকাৰী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰে আৰু কয় যে,
Since astrology is partly based upon movement of the sun, earth, planets and other celestial bodies, it is a study of science at least to some extent”
একেই ধৰণে বোম্বাই উচ্চ ন্যায়ালয়ত জনহিত মঞ্চ নামৰ এক যুক্তিবাদী এনজিওই জ্যোতিষৰ চৰ্চা আৰু নায্যতাৰ বিৰুদ্ধে প্ৰশ্ন তুলি এক লেখ আবেদন দাখিল কৰিছিল ২০১১চনত। আশ্চৰ্য্যজনক ভাবে ন্যায়ালয়ে জ্যোতিষক এক বিজ্ঞান বুলি ৰায় দি কৈছিল যে ২০০৪ চনত জ্যোতিষ শাস্ত্ৰক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা যায় নে নাই সেয়া এপেক্স কোৰ্টৰ ৰায়ৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল। উক্ত বিচাৰত চৰকাৰ পক্ষই শপতনামা যোগে কয় যে জ্যোতিষ শাস্ত্ৰ ৪০০০ বছৰ পুৰণি এক বিশ্বাসযোগ্য বিজ্ঞান (trusted science) আৰু সেইবাবে জ্যোতিষ চৰ্চা The Drugs and Magical Remedies (Objectionable Advertisements) Act, 1954.ৰ অধীনত বিচাৰ যোগ্য নহয়।চৰকাৰৰ হৈ এই শপতনামা দিছিল ভাৰত চৰকাৰৰ তদানীন্তন ডেপুটি ড্ৰাগ কন্ট্ৰোলাৰ ড° আৰ ৰামকৃষ্ণই।
জ্যোতিষ সম্পৰ্কে এই চৰকাৰী অৱস্থান যে অকল ভাৰততে এনে নহয়, বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে চৰকাৰী পক্ষ জ্যোতিষ সম্পৰ্কে অত্যাধিক নৰম। কেলিফোৰ্ণিয়াৰ আজুছা-গোছৰত (1) Spiritual Psychic Science Church of Truth, Inc., et. al. v City of Azusa L.A. 31926 জ্যোতিষ সম্পৰ্কে শাসক গোষ্ঠীৰ অৱস্থান ভালকৈ অনুভৱ কৰিব পাৰি।চৰকাৰ আৰু ন্যায়ালয়ৰ এই নৰম ভূমিকাৰ বাবেই আমেৰিকাৰ দৰে উন্নত দেশতো আজিকোপতি যিমান জ্যোতিষ বিৰোধী আইন প্ৰণয়ন হৈছে সকলোতে জ্যোতিষী সকলে সফলতাৰে চেলেঞ্জ কৰিব পাৰিছে। The Association for Astrological Networking (AFAN) নামৰ জ্যোতিষীৰ সংস্থাটোৱে এই বিষয়ত আগভাগ লৈছে। আজুছা গোছৰত কেলিফোৰ্ণিয়া উচ্চতম ন্যায়ালয়ে কয় যে জ্যোতিষীয়ে কৰা ভবিষ্যত বাণী মুক্ত ভাব প্ৰকাশ আৰু বাক স্বাধীনতাৰ অন্তৰ্গত আৰু এই কোনোবাই লাভৰ উদ্দেশ্য ভবিষ্যত বাণী কৰিলেও তেওঁলোকৰ ভাব বা মত প্ৰকাশৰ স্বাধীনতা সংবিধানৰ দ্বাৰা ৰক্ষিত। উক্ত গোচৰত এখন লোকেল অৰডিনেঞ্চৰ বিৰোধিতা কৰা হৈছিল (Spiritual Psychic Science Church of Truth, Inc., et. al. v City of Azusa L.A. 31926)। অৰডিনেঞ্চখনত আছিল যে মানুহৰ ভাগ্য গণনা কৰা জ্যোতিষী সকলৰ সকলো কৰ্মকাণ্ডই মাত্ৰ প্ৰৱঞ্চনা। গতিকে সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ দূৰীকৰণৰ বাবে এই ধৰণৰ চৰ্চা নিষিদ্ধ কৰা। কিন্তু কেলিফোৰ্ণিয়া উচ্চতম ন্যায়ালয়ে এই অৰ্ডিনেঞ্চখন ৰায় যোগে অসাংবিধানিক বুলি ব্যক্ত কৰে। উচ্চতম ন্যায়ালয়ে কয় যে সংবিধানৰ ১ম সংশোধনী মতে ভ্ৰান্ত মত বুলি কোনো মত নাই। সংবিধানৰ মুক্ত মত প্ৰকাশৰ স্বাধীনতাৰ আওঁতাত যে কেৱল বিজ্ঞানসন্মত মতেই থাকিব এনে নহয়, সকলো মতেই সমানে ৰক্ষিত। এই বিষয়ে লেখা প্ৰৱন্ধকাৰ জেয়ি জেকবে উল্লেখ কৰিছে যে, ২০০৪ চনত নেচনেল মিডিয়াত এক সমীক্ষা প্ৰকাশ পাইছিল যে আমেৰিকাৰ ৪৭% লোকে জ্যোতিষ বিশ্বাস কৰিছিল। হয়তো উচ্চতম ন্যায়ালয়ে এই বিপুল সংখ্যক জনগণক অসন্তুষ্ট কৰিব নোখোজাতোৱেই স্বাভাৱিক। অৱশ্যে কেলিফোৰ্ণিয়া উচ্চতম ন্যায়ালয়ে ৰায়যোগে উল্লেখ কৰিছিল যে, চৰকাৰে প্ৰৱঞ্চক ভাগ্যগণনাকাৰীক বাধা দিবলৈ নাগৰিকৰ স্বাৰ্থত তেনে লোকৰ বিৰুদ্ধে অপৰাধৰ গোছৰ চলাব পাৰে। ভাৰততো জ্যোতিষীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ চলোৱাত বাধা নাই। গ্ৰাহক সুৰক্ষা ফ’ৰামতো গোচৰ তৰিব পাৰি, যেতিয়ালৈকে জ্যোতিষ জড়িত সা-সামগ্ৰী যেনে ৰক্ত প্ৰৱাল এটা কিনি অনাৰ পিছত সেয়া নকল বুলি প্ৰমাণ হয়। আনহাতে জ্যোতিষ প্ৰতিৰোধী কোনো প্ৰভিজন নাথাকিলেও জ্যোতিষীয়ে দিয়া দ্ৰব্যৰ পৰা ৰোগ নিৰাময় নহ’লে ড্ৰাগছ এণ্ড কছমেটিক এক্টমতে গোচৰ ৰুজু কৰাৰ বাধা নাই।
ভাৰতবৰ্ষতো জ্যোতিষ সম্পৰ্কে চৰকাৰ-নাগৰিক সকলোৰে ধাৰণা প্ৰায় একেই। সাধাৰণ লোকৰ জীৱনত জ্যোতিষ বিশ্বাস এনে ভাবে ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হৈ আছে যে তাক এদিনতে নোহোৱা কৰা অসম্ভৱ। সন্তান এটা জন্ম হোৱাৰ পৰা আৰম্ভ কৰি শিক্ষা, চাকৰি, ভ্ৰমণ, বিবাহ আৰু মৃতকৰ শ্ৰাদ্ধাদি সকলোতে জ্যোতিষৰ অপাৰ পয়োভৰ। তথ্য-প্ৰযুক্তিৰ জয়জয়-ময়ময় কালতো য’ত মানুহে চন্দ্ৰ-মংগল অভিযানকে ধৰি মহাকাশত নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে তেনে সময়ত এনে অন্ধবিশ্বাসবোৰে সাধাৰণ জনগণক পিছলৈ টানিছে। আজি বিজ্ঞানমনষ্ক লোক ইমান আগবাঢ়ি গৈছে অথচ গ্ৰহ-নক্ষত্ৰই মানুহৰ ভাগ্য নিৰূপণ কৰিব বুলি ভবা সাধাৰণ লোকৰ মনোজগতত এই বিজ্ঞান প্ৰযুক্তিয়ে যে ৰেখাপাত কৰিব পৰা নাই তাৰ কাৰণ বিজ্ঞান প্ৰচাৰৰ অভাৱ আৰু বহুজাতিক বনিক গোষ্ঠী আৰু তাৰ ভেৰোণীয়া চৰকাৰ-ৰাজনীতিকৰ স্বাৰ্থসিদ্ধিৰ কৌশল সেয়া কিজানি স্পষ্ট নোহোৱাকৈ থকা নাই।
১৯৯০ চনত বেদ আৰু জ্যোতিষ বিষয়ত এখন চাৰি দিনীয়া আলোচনা চক্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মিঃ ৰংগনাথ মিশ্ৰই জ্যোতিষক “excellent Science”, বুলি অভিহিত কৰাক লৈ যথেষ্ট সমালোচনাৰ সৃষ্টি হৈছিল। বেদৰ ওপৰত ধাৰাবাহিক ভাবে লিখি অহা উৰিষ্যাৰ সাহিত্যিক প্ৰিয়ব্ৰতা দাসেও আনকি তেখেতৰ গ্ৰন্থ ‘বৈদিক প্ৰশ্নোত্তৰি’ ত কৈছে যে বেদতো আনকি জ্যোতিষ আৰু ভাগ্য গণনাৰ ওপৰত একো উল্লেখ নাই।বিশ্বৰ বিখ্যাত গণিতজ্ঞ ডেভিদ হিলবাৰ্টে কৈছিল যে,
‘বিশ্বৰ যদি দহজন বিজ্ঞলোকক মাতি আনি সোধা হয়, সকলোতকৈ ডাঙৰ মূৰ্খামি কি তেনেহ’লে কোনেও জ্যোতিষৰ বাহিৰে অন্য বিষয় বাছি উলিয়াব নোৱাৰিব। (Ref: Science, Non-science & the Paranormal)’.
১৯৭৫ চনত আমেৰিকাৰ হিউমেনিষ্ট নামৰ আলোচনীত প্ৰকাশিত বিশ্বৰ ১৮৬ জন আগশাৰীৰ বৈজ্ঞানিকৰ ভিতৰত এছ. চন্দ্ৰশেখৰসহ ১৮ জন ন’বেল বটা প্ৰাপ্ত বিজ্ঞানীয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত ঘোষণা কৰিছিল যে জ্যোতিষ কোনো বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত বিষয় নহয় আৰু ইয়াৰ পৰা জনগণক সাৱধান হোৱা উচিত। ভাৰতৰ বিখ্যাত মহাকাশ আৰু ক্ষেপণাস্ত্ৰ বিজ্ঞানী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে তেখেতৰ গ্ৰন্থ উইঙছ অৱ ফায়াৰ (Wings of Fire, Universities Press, 1999, p. 15). ত উল্লেখ কৰিছে যে:
“Many friends, while asking me questions relating to space flights, sometimes slip into astrology… As an art I have nothing against astrology, but if its acceptance is sought under the disguise of science, I reject it” I would go a step further and exclude such an irrational subject from the university curriculum altogether.
এইবোৰৰ দ্বাৰা এটা মতত উপনীত হব পাৰি যে এচাম বিজ্ঞান শিক্ষাৰে শিক্ষিতই জ্যোতিষৰ মোহ এৰিব নোৱাৰিলেও বিশ্বৰ শ্ৰেষ্ঠ বৈজ্ঞানিক সকলে সঠিকভাৱেই জ্যোতিষৰ দৰে অবৈজ্ঞানিক বিষয়ৰ বিৰোধিতা কৰি গৈছে। গতিকে যিসকলে জ্যোতিষ আৰু বিজ্ঞানৰ খিচিৰি পগাব বিচাৰে তেওঁলোকে নিজৰ মতবাদবোৰ কেৱল অৰ্ধশিক্ষিত বিজ্ঞানমনষ্কহীন লোকৰ মাজতহে প্ৰতিষ্ঠা কৰিব পাৰিব, বিশ্বৰ কোনো প্ৰতিষ্ঠিত বিজ্ঞান মঞ্চত মুঠেই নোৱাৰে। পিছে এই অৰ্ধশিক্ষিত বিজ্ঞানমনষ্কহীন জ্যোতিষ বিশ্বাসী লোক দেশত মুঠেই কম নহয় বৰং সংখ্যাগৰিষ্ঠহে। সেয়েহে ৰাজনৈতিক নেতাবোৰে নিজৰ ক্ষমতাৰ স্বাৰ্থত জ্যোতিষক ব্যৱহাৰ কৰা আৰু জনৰোষত পৰাৰ ভয়ত ন্যায়ালয়েও জ্যোতিষৰ বিৰুদ্ধে কঠোৰ হ’ব নোৱাৰাটো একো আচৰিত কথা নহয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments