সৌন্দৰ্য্যৰ অন্য নাম কাক’চাং – বৰ্ণিল বিকাশ বৰা

২৬ মে’, শুক্ৰবাৰ৷ চিন্ময় আৰু বিজয়ে দিনৰ ১১ মান বজাত ক’লেহি – “ব’ল, কাক’চাংলৈ যাওঁ৷ কাক’চাং যদিও বোকাখাত আৰু কাৰ্বিপাহাৰৰ সীমামুৰীয়া বৃহত্তৰ এলেকা, এতিয়ালৈ কাক’চাং বুলিলে নৈসৰ্গিক সৌন্দৰ্য্যই হাত বাউলি মতা জলপ্ৰপাত এটাৰ ছবিয়েই মনলৈ আহে৷ মনটোক নতুন কামৰ বাবে সাজু কৰিবলৈ, মানসিক শক্তি দৃঢ় কৰিবলৈ মই এনেকুৱা নতুন ঠাইবোৰলৈ গৈ ভালপাওঁ, এক কথাত Refreshment৷ কাক’চাঙৰ ৰূপৰ খনি এই জলপ্ৰপাতটোৱে পৰ্যটকক হাত বাউল দি মাতিবলৈ আৰম্ভ কৰা বৰ বিশেষ দিন হোৱা নাই, দুই-তিনি বছৰৰ ভিতৰতে কাক’চাং পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে৷ এই আকৰ্ষণ অৱশ্যে বৰ্তমানলৈকে থলুৱা পৰ্যটকৰ মাজতে সীমাবদ্ধ হৈ আছে৷ পৰ্যটন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে ই নিশ্চিত ভাৱে উত্তৰ-পূৱৰ অন্যতম পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিব৷ প্ৰতিকূল যাতায়ত ব্যৱস্থা, তথা প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত থকা দূৰ্বলতাৰ বাবেই কাক’চাং এতিয়াও অসমৰ লগতে অন্যান্য ৰাজ্যৰ পৰ্যটনথলী সমূহৰ দৰে বহল প্ৰেক্ষাপটত উজ্জ্বলি উঠিব পৰা নাই৷ যি কি নহওক গৃহচহৰ বোকাখাতৰ গাতে লাগি থকা কাক’চাংৰ জলপ্ৰপাতৰ কথা ইমানদিনে শুনি আছিলো, যাবলৈ যদিওঁ মনটোৱে উচপিচাই আছিল তথাপিওঁ সময়ৰ অভাৱত সেই খুদুৱনি মনতে পুহি ৰাখিছিলো৷ আজি ইহঁত দুটাৰ লগতে মদনে হঠাতে যোৱাৰ কথা কোৱাত অলপো সময় অপব্যয় নকৰি একেষাৰে যাম বুলি কৈ সাজু হলোঁ৷ সাজু বুলিবলৈ বিশেষ একো নাই, পানীৰ বটল দুটা, গামোচা এখন আৰু হাফপেণ্ট এটা লগত লৈ ল’লোঁ৷ কেইবাজনকো যাবলৈ লগ ধৰিছিলো যদিও সেই মুহূৰ্তত ক্ষন্তেকতে লোৱা সিদ্ধান্ত তথা ব্যস্ত সময়সূচীৰ বাবে কেইজনমান যাবলৈ নোৱাৰিলে৷

১২ বজাত বাইকেৰে কাক’চাঙৰ সৌন্দৰ্য্য বিচাৰি যাত্ৰা আৰম্ভ কৰিলোঁ৷ নেগুৰ কটা বাঘৰ দৰে লিটমৰ ৰয়েল এনফিল্ড আগবাঢ়িল৷ গোলাঘাট জিলাৰ বোকাখাত চহৰৰ পৰা প্ৰায় ১৪ কিল’মিটাৰ দক্ষিণে অৱস্থিত কাক’চাংৰ এই অপৰূপ জলপ্ৰপাত৷ বোকাখাত চহৰৰ পৰা ঠিক তিনি কিল’মিটাৰ পূৱে নাহৰজান তিনিআলিৰ পৰা জ্যোতিপুৰলৈ সোমাই যোৱা পথটোৰে কাক’চাংলৈ যাবলৈ সহজ, পকী পথটোৰে প্ৰায় ৮ কিল’মিটাৰ আগবঢ়াৰ পাছত আমি শিল দিয়া পথটোৰে আগবাঢ়িলো৷ পথৰ দুয়োকাষে এৰি থৈ অহা চাহ বাগিছাবোৰে ঠাইডোখৰৰ সৌন্দৰ্যত ৰহণ সানিছে৷ ইয়াৰ পৰা প্ৰায় তিনি কিল’মিটাৰ অতিক্ৰম কৰি অকোৱা পকোৱা কেঁচা পথেৰে কিছুদূৰ যোৱাৰ পাছতে আমি পাহাৰৰ নামনিত উপস্থিত হলোঁ৷

এতিয়া আমাৰ আচল যাত্ৰা, স্থানীয় কাৰ্বি ৰাইজে হাবি ভাঙি উলিওৱা লুংলুঙীয়া পথৰ মাজেৰে বাইক আগবঢ়ালো, পথটো যদিও পাহাৰীয়া গোন্ধ থকা তথা কেঁচা, তথাপিও পোত খাই থকা সৰু সৰু শিলবোৰে পথটো বাইক আৰু সৰু গাড়ী চলাচল কৰিব পৰা হৈ আছে৷ এনেদৰেই ঠিক এক কিল’মিটাৰ অহাৰ পিছত ৰাষ্টাত ঠায়ে ঠায়ে সৰু সৰু পানীৰ ডোঙা আৰম্ভ হ’ল, এইখিনিতে অলপ আহল বহল মুকলি ঠাই চকুত পৰিল, সৰু গাড়ী কেইখনমান সেইখিনিতে ৰখাই থোৱা আছে৷ এইখিনিৰ পৰা ডাঙৰ চকাৰ জিপছি জাতীয় গাড়ীৰ বাদে অন্য সৰু গাড়ী লৈ যোৱাটো অসম্ভৱ৷ আমাৰ বাইক আগবাঢ়িল সাৱধানেৰে, ওখোৰা মোখোৰা শিলাময় পথেৰে অলপ গৈয়ে এটা নিজৰা পাৰ হ’ব লগা হ’ল, পানী আঁঠুৰ তলত, নিজৰাৰ তলিখন ফটফটীয়াকৈ দেখি৷ মদন আৰু বিজয়ে নামি গৈ বাইক পাৰ কৰাত অসুবিধা নাই বুলি নিশ্চিত কৰাত আমি নিজৰাটো পাৰ হবলৈ বাইক পানীত নমালো, তলিখন ওখোৰা মোখোৰা শিল, বাইকৰ ক্লাচ এৰিলেই শিলে ওফৰাই পঠিয়াব খোজে৷ ৰয়েল এনফিল্ডৰ চাইলেন্সাৰ পানীত সোমাইছে ঠায়ে ঠায়ে, উপায় নাই বাইককেইখন এৰি যাবলৈয়ো সাহস কৰিব পৰা নাই যিহেতু সেইখিনিত কোনো মানুহৰ ঘৰ নাই আনহাতে আৰু কিমান দূৰ আছে অনুমান কৰিবও পৰা নাই৷

যি কি নহওক সাৱধানেৰে নিজৰাটো পাৰ হৈ আকৌ লুংলুঙীয়া একা বেঁকা পথেৰে আগবাঢ়িলো৷ ৫০০ মিটাৰৰ ভিতৰত আৰু তিনি ঠাইত নিজৰাটো পাৰ হ’ব লগা হ’ল৷ বাইক পাৰ কৰিব পৰা পানী যদিওঁ সোঁত বহুত বেছি, তলত ওখোৰা মোখোৰা শিল, যথেষ্ট সতৰ্কতাৰে বাইককেইখন পাৰ কৰাই আগবাঢ়ি গ’লোঁ৷ এইবাৰ আকৌ নিজৰাটো পাৰ হ’ব লগাত পৰিলো, পানী তুলনামুলক ভাৱে বেছি, দেখিলো মুল পথৰ কাষেদিয়েই বাঁহৰ দলং এখন আছে, বাইক পাৰ কৰিব পৰাকৈ শক্তিশালী যদিওঁ বাইক সতৰ্কতাৰে পাৰ কৰোৱাটো জৰুৰী, পিছলি গলেই দলংৰ পৰা তলত বৈ থকা নিজৰাৰ শিলত পৰাটো নিশ্চিত৷ ঠায়ে ঠায়ে বাইকৰ পৰা নামি বাইক পাৰ কৰিব লগা হয়, এনেকৈ কিছুদূৰ আগবঢ়াৰ পাছত কাঁক বাঁহেৰে আবৰি থকা কাৰ্বি পাহাৰ আমি হাতেৰে চুই চাব পৰা হলো৷

স্থানীয় ভাষাত কাক’চাং জলপ্ৰপাতৰ নাম ’কাইফুলাংছু’ (Kaifulangsu)৷ এইখিনিতে এখন অস্থায়ী তোঁৰণ, যিসকল স্থানীয় ৰাইজে পথটো যথাসাধ্য মেৰামতি তথা পৰিচালনা কৰি আছে তেওঁলোকেই এই অস্থায়ী তোঁৰণখন বনাইছে৷ বাইক আৰু আগলৈ নিব নিবিচাৰিলে দহ টকাৰ এখন কুপন লৈ এইখিনিতেই ৰাখিব পাৰে৷ আমি কুপন লৈ ল’লো, তেওঁলোকে জনালে যে আৰু বিশেষ দূৰ নাই, বাইক ইচ্ছা কৰিলে আৰু কিছু আগলৈ নিব পাৰে, আমি বাইক কিছুদূৰ আগুৱাই নি মুকলি ঠাই এডোখৰত বাইক ৰাখিলোঁ৷ যথেষ্ট ভাগৰো লাগিছিল, ১০ মিনিটৰ বাবে পথৰ কাষৰ শিলবোৰতে বহি লগত লৈ অহা পানীৰ বটল কেইটাৰ সাঁফৰ খুলিলো৷ এইবাৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলোঁ, অলপ গৈয়েই দেখিলোঁ প্ৰকাণ্ড পাহাৰৰ টিলা চাৰিওফালে, বিজয় আৰু চিন্ময় আগতেও আহিছে, সিহঁতে ক’লে সেই প্ৰকাণ্ড পাহাৰটো বগাই পাৰ হ’লেই নিৰ্দিষ্ট ঠাই পাম৷ পাহাৰটো দেখিয়েই আমাৰ ভাগৰ বেছি হৈছিল, চাৰিওফালে পাহাৰ আৰু পাহাৰ, ইয়াৰ মাজেৰেই খলখলাই বৈ আছে নিজৰাটো৷ ওপৰলৈ চাই দেখিলোঁ পাহাৰ টিলা এটাৰ কাষেৰে প্ৰায় দুই ফুট মান বহলকৈ পাহাৰত খাজ কাটি পথ তৈয়াৰ কৰা হৈছে৷ যথেষ্ট ঠিয় গৰা, আমি লাহে লাহে বগাবলৈ আৰম্ভ কৰিলোঁ৷ বাইক এৰি অহাৰ পৰা এইখিনিলৈ দূৰত্ব প্ৰায় এক কিল’মিটাৰ৷

আমি পাহাৰৰ যথেষ্ট ওপৰ পাইছিলো, তলত নিৰৱধি বৈ থকা নিজৰাটোৰ শব্দ লাহে লাহে নুশুনা হৈ আহিলো৷ পাহাৰৰ যিমানেই ওপৰলৈ আহি আছো সিমানেই আমাৰ মন সৌন্দৰ্য্যই মোহাচ্ছন্ন কৰিছে৷ সেউজীয়া আৰু সেউজীয়া, চাৰিওফালে পাহাৰৰ টিলাবোৰ৷ সেউজীয়াৰ মাজত যেন হেৰাই যাম আমি৷ পাহাৰৰ ওপৰত ঠায়ে ঠায়ে যথেষ্ট মুকলি ঠাই আছে, ইয়াৰ পৰাই কাক’চাংৰ নৈসৰ্গিক দৃষ্টি উপভোগ কৰিব পাৰি৷ আমি আগবাঢ়িলোঁ, গন্তব্য স্থানলৈ আৰু পাঁচ মিনিটৰ বাট৷ এচাটি চেঁচা বতাহে আমাক চুই গ’ল৷ এইখিনিতে দুটামান বাঁহ খেৰৰ ঘৰ, পৰ্যটকসকল বহি খন্তেক জিৰণি ল’বৰ বাবে স্থানীয়লোকে বাঁহ কাঠেৰেই ব্যৱস্থা কৰি দিছে৷ ইয়াতে কেইজনমান স্থানীয় কাৰ্বিলোকক লগ পালো, তেওঁলোক যথেষ্ট সহজ সৰল৷ সৰুকৈ বাঁহ কাঠেৰেই এখন সৰু দোকান, পানীৰ বটল, কেক, কণী, বিস্কুট ইত্যাদি প্ৰয়োজনীয় বস্তু দুই এটা ৰাখিছে, ই পৰ্যটকক যথেষ্ট উপকৃত কৰিছে৷ ইয়াৰ পৰা দুখোজমান আগবাঢ়িয়েই দেখাৰ সৌভাগ্য হ’ল মন প্ৰাণ শাঁত পেলাই যোৱা সেই দৃশ্য, আকাশৰ পৰা যেন নামি আহিছে আকাশীগংগা৷ শ্বিলঙৰ ’Elephant Fall’তকৈ ইয়াৰ সৌন্দৰ্য্য কোনো গুণে কম নহয়৷ আমি যিটো টিলাত ঠিয় হৈ আছোঁ তাৰ ঠিক বিপৰীত দিশৰ টিলাটোৰ ওপৰৰ পৰাই কাকচাংৰ সৌন্দৰ্য্য কাইফুলাংছু ধৰাৰ বুকুলৈ বৈ আহিছে৷ ৰূপালী পানীত বেলিৰ পোহৰে চিকমিকাইছে, কোনোবা কাৰ্বি ৰূপহীৰ মুকলি ৰূপালী চুলিত যেন সূৰুযে চিকমিকাইছে৷ দুইটা টিলাৰ মাজতেই জলপ্ৰপাতটোৱে ভূ স্পৰ্শ কৰিছে৷

আমি তললৈ নামি যাব লাগিব, যথেষ্ট ঠিয় গৰা, মাটিত খাজ কাটি নামিবলৈ সুবিধা কৰি দিয়া হৈছে, কাষত বাঁহৰ খুটা পুতি পথালিকৈয়ো বাঁহ বান্ধি দিয়া হৈছে ইয়াকে ধৰি তললৈ নামি যাবলৈ সুবিধা৷ পাহাৰৰ দুয়োটা টিলাৰ মাজতে খহি পৰিছে কাইফুলাংছু্ৰ অবিৰত অনাবিল জলধাৰা৷ তলৰ আৰু কাষৰ প্ৰকাণ্ড শিলবোৰত ঠেকা খাই এক অনন্য শব্দৰ লহৰ তুলিছে উদভ্ৰান্ত জলধাৰাই৷ মুলধাৰাৰ পৰা পানীৰ ধোঁৱাৰ দৰে উৰি অহা চেঁচা পৰশে আমাৰ কাপোৰ নিমিষতে সেমেকাই তুলিছিল৷ যাত্ৰাপথৰ সমস্ত অৱসাদ পলকতে দূৰ হৈছিল এই নৈসৰ্গিক সৌন্দৰ্য্যৰ মাজত৷ প্ৰায় ডেৰঘণ্টা সময় আমি এই স্বৰ্গীয় সৌন্দৰ্য্যৰ মাজত কটালোঁ৷ স্থানীয় নিয়ম অনুসৰি বিয়লি চাৰি বজাৰ আগত তাৰ পৰা ওলাই আহিব লাগিব, অন্যথা আন্ধাৰৰ লগে লগে যদি বৰষুণ নামি আহে গোটেই পথছোৱা বিপদসংকুল হৈ উঠিব৷

আমি তলৰ পৰা ওপৰৰ টিলাটোলৈ উঠি আহিলোঁ, ইয়াতে কেইজনমান স্থানীয় মানুহ থাকে৷ তেওঁলোকে পাহাৰত খাজ কাটি খেতি কৰে, সৰু সৰুকৈ দুটামান বাঁহ কাঠৰ ঘৰ তেওঁলোকে বনাই লৈছে, সৰু দোকান এখনো ইয়াতে আছে৷ বিজয়ে আগৰ পৰাই কৈ আছিল তাত কাঁক বাঁহৰ চুঙাত বনোৱা গাহৰি পোৱা যায় যাৰ সোৱাদ বৰ মজা৷ আমাৰ কপাল বেয়া, আজি চুঙাত গাহৰি বনোৱা নাই৷ স্থানীয়লোক কেইজনে ভাত খাবলৈ লৈছে, আমি তেওঁলোকৰ লগতে কথা বতৰা পাতি আছিলোঁ৷ যথেষ্ট ভোক লাগিছিল যদিও সিজোৱা পলু (Silkworm) আৰু ভাত খাবলৈ আমি সাহস কৰিব নোৱাৰিলোঁ৷ আমাৰ ভৈয়ামৰ মানুহে সাধাৰণতে পলু তেলত ভাজি খায় কিন্তু তেওঁলোকৰ সামাজিক ৰীতি অনুসৰি তেলত ভাজি খাব নাপায়, সিজাই খাই পানীত৷ উপায় নোহোৱাত সিজোৱা কণী, বিস্কুট আৰু পানীৰেই পেটটোক সান্তনা দিলো৷ দুজনমান পৰ্যটকে সেই সৰু দোকান খনলৈ মদ বিচাৰি আহিল, দোকানী ল’ৰাটোৰ এটা কথা শুনি ভাল লাগিল যে এই ধুনীয়া পৰিবেশৰ মাজত মদ বিক্ৰী সামাজিক ভাৱে সম্পূৰ্ণৰূপে বৰ্জিত৷ দোকানী ল’ৰাটোৰ লগত কথা পাতিলোঁ, এই ঠাই এৰিব মন যোৱা নাছিল, তাক ক’লো এদিন থকাকৈ আহিম৷ বেলি ডুবিবলৈ বেছি পৰ নাই, কাক’চাঙৰ কাইফুলাংছুৰ ছবি মনত আঁকি আকৌ যোৱাৰ প্ৰতিশ্ৰুতিৰে পাহাৰৰ পৰা নামি আহিলো৷
কাইফুলাংছুক অন্যতম পৰ্যটনস্থলী ৰূপে গঢ়ি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষই ল’ব পৰা দুই চাৰিটা কাম-
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
১) সঠিক পথ নিৰ্দেশনা তথা সুচল পথ গঢ়ি তুলিব লাগিব৷
২) পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যাতায়ত ব্যৱস্থাৰ সংযোজন কৰিব লাগিব৷
৩) ইণ্টাৰনেটৰ জৰিয়তে কাইফুলাংছুৰ প্ৰচাৰ তথা ৱেৱচাইট সংযোজন৷
৪) পৰ্যটকৰ সুবিধাৰ্থে জিৰণি চ’ৰা নিৰ্মাণ৷
৫) ফলপ্ৰসূ নীতি-নিৰ্দেশনা তথা পৰ্যটন বিভাগৰ হস্তক্ষেপৰ প্ৰয়োজন৷
কাইফুলাংছু পৰ্যটনৰ অতি সম্ভাৱনাপূৰ্ণ সমল৷ ইয়াক উচিত মৰ্য্যদা দিয়াটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য৷
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!