সাক্ষাৎকাৰ : কামৰূপী বৰঢুলীয়াৰ মনৰ কথা

কামৰূপী বৰঢুলীয়াৰ মনৰ কথা

 


দলটো থোৰতেঃ

দল পৰিচালক: শ্ৰী উপেন দাস (কণাবাদুলী ভাৱৰীয়া)

আন সদস্যসকলঃ

১/ শ্ৰী লোহিত পাটোৱাৰী   নতুন খেলোৱা গাঁও   ডাঙৰ তাল
২/ শ্ৰী উপেন দাস   নতুন খেলোৱা গাঁও   ঘাই বৰঢুলীয়া
৩/ শ্ৰী তাৰিণী দাস   কৈহাটী গাঁও   ঘাই বৰঢুলীয়া
৪/ শ্ৰী লংকে দাস   নতুন খেলোৱা গাঁও   বায়ন + ডাঙৰ তাল
৫/ শ্ৰী উপিন দাস   নতুন খেলোৱা গাঁও   ভাৱৰীয়া + অন্যান্য বাদ্য
৬/ শ্ৰী মুনীল দাস   নতুন খেলোৱা গাঁও   আগৰ ঢুলীয়া
৭/ শ্ৰী দিলীপ দাস   নতুন খেলোৱা গাঁও   আগৰ ঢুলীয়া
৮/ শ্ৰী ঘামেশ্বৰ দাস    নতুন খেলোৱা গাঁও    আগৰ তাল
৯/ শ্ৰী হেমন্ত বৈশ্য  দাহুদী গাঁও   অন্যান্য বাদ্য
১০/ শ্ৰী সোণাৰাম দাস   নতুন খেলোৱা গাঁও   নাট্যকৰ্মী + অভিনেতা
১১/ শ্ৰী মিতু দাস   নতুন খেলোৱা গাঁও    শিকাৰু + চাৰ্কাচ + কুস্তী + কেৰিকেচাৰ
১২/ শ্ৰী অলকেশ দাস   নতুন খেলোৱা গাঁও   শিকাৰু + চাৰ্কাচ + কুস্তী + কেৰিকেচাৰ
১৩/ শ্ৰী বিজয় দাস   নতুন খেলোৱা গাঁও   শিকাৰু + চাৰ্কাচ + কুস্তী + কেৰিকেচাৰ

সাহিত্য.অৰ্গ: পোন প্ৰথমতে আপোনালোকৰ ব্যস্ত সূচীৰপৰা এইখিনি সময় উলিয়াই দিয়াৰ বাবে “সাহিত্য.অৰ্গ”ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কামৰূপী ঢুলীয়া ভাওনা অসমৰ এক উল্লেখযোগ্য লোক শিল্প। ইয়াৰ এক অংশ হবলৈ পাই আপোনালোকে কেনেকুৱা অনুভৱ কৰে?

পৰিচালক: আমি বৰ গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ এই কলাবিধ বচাই ৰখাত আমিও অৰিহণা যোগাব পাৰিছোঁ।

সাহিত্য.অৰ্গ: আপোনালোকৰ এই দলটোৰ আৰম্ভণি ক’ত কেতিয়া আৰু কেনেকৈ হ’ল আমাক অকণমান জানিবলৈ দিব নেকি?

পৰিচালক: আচলতে আমাৰ এই দলটোৱে নতুন খেলোৱা গাঁৱত জন্মলাভ কৰিছিল। আমাৰ পিতাহঁতৰ দিনৰেপৰা এই দলটো চলি আছিল আৰু পৰৱৰ্তী সময়ত আমি আহি যোগ দিছিলোঁহি। সেয়েহে এই দলটো জন্ম হোৱাৰ একদম সঠিক সময় কব নোৱাৰিম।

সাহিত্য.অৰ্গ: এটা ঢুলীয়া পাৰ্টী ভালকৈ চলিবলৈ কিমানজনমান মানুহৰ প্ৰয়োজন হয়?

সূত্ৰধাৰ: ঢুলীয়া দল এটা ভালকৈ চলিবলৈ ১৫-২০ জন মানুহৰ প্ৰয়োজন হয়। ইয়াৰে প্ৰতিজন কৰ্মীয়েই বেলেগ বেলেগ কামৰ লগত জড়িত হৈ থাকে।

সাহিত্য.অৰ্গ: কেনেকুৱা বেলেগ বেলেগ কাম, অকণমান জনাওকচোন।

সূত্ৰধাৰ: ঢুলীয়া এবিধ নৃত্য, ভাওনা, নাট্য, সংগীত, কেৰিকেচাৰৰ লগত জড়িত শিল্প। সেই বাবে এটা ঢুলীয়া দল পৰিচালনা কৰিবলৈ দল পৰিচালক, ভাওনা পৰিচালনা কৰিবলৈ সূত্ৰধাৰ বা বায়ন, ঢোল বজাবলৈ ঢুলীয়া, ঢুলীয়াৰ লগত তাল ধৰিবলৈ তালবাদক, ৰাইজক মনোৰঞ্জন দিবলৈ কেৰিকেচাৰ, নাট মঞ্চস্থ কৰিবলৈ নাট্যকৰ্মী আদিৰ প্ৰয়োজন হয়।

সাহিত্য.অৰ্গ: ইমানবোৰ কলা প্ৰদৰ্শন কৰাৰ বাবে নিশ্চয় বহুতো মানুহৰ প্ৰয়োজন হয়?

সূত্ৰধাৰ: প্ৰত্যেকটো কলাৰ বাবে বেলেগ বেলেগকৈ মানুহ ঠিক কৰিবৰ বাবে বহুত মানুহৰ প্ৰয়োজন হয়। সেই বাবে এটা ঢুলীয়া পাৰ্টীত থকা লোকসকল সকলো দিশতে পাৰদৰ্শী হোৱাতো বাঞ্ছনীয়। তেনে হ’লে, বৰ বেছি মানুহৰ প্ৰয়োজন নহয়।

সাহিত্য.অৰ্গ: এটা ঢুলীয়া দল চলি থাকিবলৈ কলা-কুশলীৰ বাহিৰেও অন্য কি বিশেষ প্ৰয়োজন আছে বুলি ভাবে? ঢুলীয়া দল এটাৰ কি সম্পদক লৈ আপোনালোকে আটাইতকৈ অধিক গৌৰৱ অনুভৱ কৰে?

পৰিচালক: নিঃসন্দেহে এই কলাত ব্যৱহাৰ কৰা ঢোলক লৈ, যাক আমি বৰঢোল বুলি কওঁ।

সাহিত্য.অৰ্গ: আমি প্ৰায়ে দেখোঁ যে ঢুলীয়া ভাওনাত এবিধ সৰু আৰু এবিধ ডাঙৰ ঢোল ব্যৱহাৰ হয়। ইয়াৰে প্ৰতিবিধৰ কিবা বেলেগ বেলেগ নাম আছে নেকি অথবা বজোৱাৰ কিবা বেলেগ বেলেগ নিয়ম আছে নেকি?

সূত্ৰধাৰ: আছে। ঢুলীয়া নৃত্যত সাধাৰণতে দুবিধ ঢোল ব্যৱহাৰ কৰা হয়। যদিও দুয়োবিধ ঢোলকেই বৰঢোল বোলা হয়, তথাপি ইয়াৰো বেলেগ বেলেগ নাম আছে। আগত বজোৱা তুলনামূলকভাৱে সৰু ঢোলবিধক “আগৰ সৰু ঢোল” আৰু পিছপিনে বজোৱা ডাঙৰ ঢোলক “ঘাইঢোল” বোলা হয়। শাৰী পাতি বজোৱা এই নৃত্যৰ একেবাৰে শেষৰফালে থকা বাবে ইয়াক ঘাইঢোলক “গুৰি ঢোল” বুলিও কওঁ।

সাহিত্য.অৰ্গ: বৰঢোল এটা কেনেকৈ সজোৱা হয়, অকণমান কব নেকি? বৰঢোল এটা সজাবলৈ কি কি আহিলা আৰু বস্তুৰ প্ৰয়োজন হয়?

পৰিচালক: বৰঢোল সাধাৰণতে আম গছৰ গা-গছৰ পৰা প্ৰস্তুত কৰা হয়। ঢোলৰ মাজৰভাগক “ডিমা” বুলি কোৱা হয়। এই ভাগ সজাওঁতে হাতুৰি-বাতুলিৰে গা-গছজোপা খুলি ৰ’দত ভালকৈ শুকাবলৈ দিয়া হয়। বাঁওফালক “তালি” আৰু সোঁফালটোক “কোব” বুলি কোৱা হয়। সাধাৰণতে ছাগলী বা ম’হৰ ছালৰপৰা “তালি” আৰু “কোব” প্ৰস্তুত কৰা হয়। “তালি” আৰু “কোব”ক “ডিমা”ৰ চাৰিওপিনেৰে বেৰি বান্ধি ৰাখিবৰ এবিধ বিশেষভাৱে তৈয়াৰী চামৰাৰ ৰছী “ডোণ” হিচাপে ব্যৱহাৰ কৰা হয়। এই “ডোণ” ম’হৰ চামৰাৰ পৰা প্ৰস্তুত কৰা হয়। আনহাতে ঢোলটো ডিঙিত ওলোমাই ৰখাৰ বাবে “গলজৰী” ব্যৱহাৰ কৰোঁ, যিডাল মৰাপাট বা কাপোৰৰ পৰা তৈয়াৰ কৰা হয়।

সাহিত্য.অৰ্গ: সজোৱাৰ পদ্ধতিটো অকণমান ক’ব নেকি?

পৰিচালক: প্ৰথমতে আমি বৰঢোলৰ ডিমা অংশ প্ৰস্তুত কৰাৰ বাবে আম গছৰ গা-গছ এটুকুৰা ভালকৈ কাটি মাজভাগ খুলি লওঁ। এনেকৈ খুলি লোৱাৰ পিছত ভালকৈ শুকাবলৈ দিওঁ। শুকোৱাৰ পিছত ভালদৰে ‘ৰেণ্ডা’, হাতুৰী-বতালিৰে সমান কৰোঁ। তালি আৰু কোবত ব্যৱহাৰ কৰিবলৈ ছাগলী বা ম’হৰ ছালখিনি ভালদৰে শুকুৱাই লৈ ডিমা অংশৰ দুয়োফালে ৰাখি দুডাল ৰছীৰে লগাই লওঁ। তাৰ পিছত ডোণ লগাওঁ। ডোণ লগাওঁতে দুয়োফালে চাপ একে নহ’লে ফাটি যাব পাৰে বাবে ৰছী দুডাল লগাই লোৱা হয়। ডোণ লগোৱা হ’লে শেষত গলজৰী লগাই লওঁ।

সাহিত্য.অৰ্গ: বৰঢোল এটাৰ ডিমা অংশ খুলোঁতে কিমান ডাঠকৈ ৰাখিব লাগে? বৰঢোলৰ ওজন কিমানমান হয়?

পৰিচালক: আগৰ ঢোল এক ইঞ্চিমান ডাঠকৈ আৰু ঘাই ঢোল ডেৰ ইঞ্চিমান ডাঠকৈ ৰখা হয়। সেইমতে আগৰ ঢোলৰ ওজন ১২-১৪ কিঃগ্ৰাঃ আৰু ঘাই ঢোলৰ ওজন ১৮-২০ কিঃগ্ৰাঃ পৰ্য্যন্ত হয়।

সাহিত্য.অৰ্গ: ইমান ওজনৰ ঢোল ডাঙিও আপোনালোকে কেনেকৈ নৃত্য প্ৰদৰ্শন কৰে?

সূত্ৰধাৰ: আমাৰ এতিয়া অভ্যাস হৈ গৈছে। প্ৰথমতে অলপমান কষ্ট হৈছিল অৱশ্যে।

সাহিত্য.অৰ্গ: আপোনালোকে প্ৰদৰ্শন কৰা ভাওনা বহু ধৰণৰ দেখা যায়। হাস্যৰসৰ বাবে আপোনালোকে নিজাকৈ কিছুমান নাটক বা ভাওনা ৰচাও দেখা যায়। আপোনালোকৰ কিবা তাল আছে নে?

সূত্ৰধাৰ: আছে। আমি ঢুলীয়াসকলে সাধাৰণতে চাৰিবিধ কলা প্ৰদৰ্শন কৰোঁ। তাল বা নৃত্য, ভাওনা, কেৰিকেচাৰ আৰু নাটক। সাধাৰণতে প্ৰতিদিনৰ ভাওনায়েই হওক বা কেৰিকেচাৰেই হওক বা নাটকেই হওক, সবৰে আগতে তাল বা নৃত্য প্ৰদৰ্শন কৰা হয়। তাৰ পিছতহে ভাওনা, কেৰিকেচাৰ বা নাটক আৰম্ভ কৰোঁ।

আমি প্ৰদৰ্শন কৰা ভাওনাসমূহৰ এটা মাথোঁ জঁকা থাকে। সেইমতে ভাৱৰীয়াসকলে নিজৰ সংলাপেৰে ভাওনা আগুৱাই নিয়ে। নাটকৰ ক্ষেত্ৰত অৱশ্যে ৰচনা থাকে। কেৰিকেচাৰবোৰ আকৌ আমাৰ সৰুবোৰক শিকাই বুজাই কৰিবলৈ দিয়া হয়। ইয়াক ঢুলীয়া কুস্তিও বোলে।

সাহিত্য.অৰ্গ: আপোনালোকে কি তাল ব্যৱহাৰ কৰে? ভাওনা, কেৰিকাচাৰ বা নাটক প্ৰদৰ্শন কৰাৰ কিবা নিয়ম আছে নেকি?

সূত্ৰধাৰ: সভা পূজাত আমি যি তাল ব্যৱহাৰ কৰো তাক খলা বাজনা বুলি কোৱা হয়। সভা-পূজাৰ প্ৰথম দিনাখন এই তাল বজোৱা হয়। বজোৱাৰ সময়ত তিনিজন আগৰ ঢুলীয়া আৰু দুজন বৰঢুলীয়া শাৰী পাতি থাকে। আন এটা শাৰীত চাৰিজন তালবাদক থাকে। সূত্ৰধাৰে এই তাল আৰম্ভ কৰাৰ পিছত তালৰ চাবে চাবে ঢুলীয়াই ঘূৰি ঘূৰি নাচে।

সাহিত্য.অৰ্গ: এই তালক খলা বাজনা বুলি কোৱাৰ কিবা বিশেষ কাৰণ?

পৰিচালক: ঢুলীয়া ভাওনা সাধাৰণতে সভা পূজা আদিত পৰিৱেশন কৰা হয়। সভা বা পূজা খলাত যিখিনি ঠাইত ভাওনা প্ৰদৰ্শন কৰা হয়, সেই ঠাইৰ চাৰিওপিনে দৰ্শক বহিবলৈ ব্যৱস্থা কৰা হয়। প্ৰথমতে সেই খলাৰ পৰাই আৰম্ভ হয় বাবেই চাগে এই বাজনাক খলা বাজনা বুলি কোৱা হয়।

সাহিত্য.অৰ্গ: কেৰিকেচাৰ সম্পৰ্কে অকণমান কওকচোন।

পৰিচালক: শিকাৰুসকলক সাধাৰণতে কেৰিকেচাৰ বা কুস্তিত জড়িত কৰোৱা হয়। লাহে লাহে তেওঁলোকক তাল, ভাওনা আৰু নাট্যাভিনয়লৈ উন্নীত কৰোৱা হয়। এই ন-শিকাৰুসকলেই এদিন পাকৈত ঢোলবাদক বা ভাৱৰীয়া হিচাপে পৰিগণিত হয়।

সাহিত্য.অৰ্গ: দেখা গৈছে যে অসমীয়া লোক-সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহা জন্মিছে। তেনে ক্ষেত্ৰত ঢুলীয়া ভাওনাৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী আগবাঢ়ি আহে জানো?

পৰিচালক: অসমৰ এনে কিছুমান ঠাই এতিয়াও এতিয়াও আছে, য’ত ঢুলীয়া নৃত্য বা ভাওনা বুলিলে ডেকা ডেকেৰীসলক আগ বাঢ়ি আহে। আমাৰ নতুন খেলোৱা, কৈহাটী, দাহুদী আদি অঞ্চলত ইয়াৰ সুনাম এতিয়াও আছে। ফলত ঘৰতে এনেয়ে বহি থকা ল’ৰা-ছোৱালী ভাওনা দললৈ আহিবলৈ অসুবিধা নহয়। তাতে প্ৰায় প্ৰতি ঘৰৰে কোনোবা নহয়, কোনোবাজন ভাওনা দলৰ লগত কিবা নহয় কিবাধৰণে জড়িত থাকেই। গতিকে অসুবিধাও নাথাকে।

সাহিত্য.অৰ্গ: সাধাৰণতে কি কি অনুষ্ঠানত কামৰূপী ঢুলীয়া ভাওনা পৰিৱেশন কৰা হয়?

সূত্ৰধাৰ: ঢুলীয়া ভাওনাৰ উপৰিও সভা-পূজা, বিয়া-বাৰু, বিভিন্ন উত্‍সৱ-পাৰ্ব্বণৰ পানীতোলা ইত্যাদিতো বৰঢোল বজাই ভাওনা পৰিৱেশন কৰা হয়।

সাহিত্য.অৰ্গ: অসমৰ কোন কোন ঠাইলৈ আপোনালোকে ভাওনা পৰিৱেশন কৰিবলৈ যায়?

পৰিচালক: অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ভাওনা প্ৰদৰ্শন কৰোঁ যদিও নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, বৰপেটা, কামৰূপ, নলবাৰী, দৰং, বঙাইগাঁও আদিত ইয়াৰ প্ৰচলন বেছি।

সাহিত্য.অৰ্গ: অসমৰ বাহিৰলৈ আপোনালোকে কেতিয়াবা ভাওনা প্ৰদৰ্শন কৰিবলৈ গৈছেনে?

পৰিচালক: আমি প্ৰায় প্ৰতি বছৰেই অসমৰ বাহিৰলৈ দিল্লী, গুজৰাট, জয়পুৰ, কলিকতা আদি ঠাইলৈ ঢুলীয়া ভাওনা প্ৰদৰ্শন কৰাৰ বাবে যাওঁ। চৰকাৰৰ বিভিন্ন অনুষ্ঠানতো আমি ভাওনা প্ৰদৰ্শন কৰোঁ। তাৰে বেছিভাগ আমন্ত্ৰণমূলকভাৱেই কৰা যায়।

সাহিত্য.অৰ্গ: এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে আপোনালোকে কাৰোবাৰ পৰা কিবা ধৰণে সহায় পাইছেনে? কোনে আপোনালোকক আমন্ত্ৰণ জনায়?

পৰিচালক: সহায় বুলিলে কিনো ক’ম! আমি সৰু মানুহ। আমাক ‘ব্যৱহাৰ’ কৰি অলপ টকা দি পঠাই দিয়ে। সেইখিনিৰে আমাৰ ক্ষতি হোৱা তিনি চাৰিদিনৰ হাজিৰাও নোলায়। বিশেষকৈ নাটক আদিৰ লগত জড়িত কোনো মিনিষ্ট্ৰীৰ মানুহবোৰ টকা পইচাত বৰ বেয়া। যোৱাৰ সময়ত ক’ব যে কিবা এটা ভালকৈয়ে দিম। আৰু অহাৰ সময়ত এশ এশ টকা দি পঠিয়াই দিয়ে।

সাহিত্য.অৰ্গ: অনুষ্ঠানটোৰ নামত তেওঁলোকে কিমান টকা পায়, আপোনালোকক জনোৱা হয়নে?

পৰিচালক: সেইবোৰ আমাক একো কোৱা নহয়।

সাহিত্য.অৰ্গ: তেন্তে বাহিৰলৈ ভাওনা প্ৰদৰ্শন কৰিবলৈ গ’লে আপোনালোকৰ কি লাভ হয়?

পৰিচালক: একো লাভ নাই। বৰং লোকচানহে হয়।

সাহিত্য.অৰ্গ: অহা-যোৱা আৰু থকা-খোৱাৰ ব্যৱস্থা কোনে কৰে?

পৰিচালক: সেইটো অৱশ্যে আমন্ত্ৰিতসকলেই কৰে।

সাহিত্য.অৰ্গ: অসমৰ বিভিন্ন ঠাইত ভাওনা পৰিৱেশন কৰাৰ সময়ত আপোনালোকৰ থকা-খোৱা, অহা-যোৱাৰ ব্যৱস্থা কোনে কৰে?

পৰিচালক: ওচৰৰবোৰতো অহা-যোৱাৰ দায়িত্ব আমি নিজেই লব লাগে। আমি চাইকেলেৰে অহা যোৱা কৰোঁ। দূৰৈত হ’লে অহা-যোৱাৰ খৰচ কমিটিক দিবলৈ কওঁ। আৰু খোৱাৰ দায়িত্ব অৱশ্যে কমিটিয়ে লয়। থকাৰ বাবে কোঠা এটা দিয়ে। তাতেই নৰা-খেৰ আদি পাৰি আমি ৰাতিটো পাৰ কৰোঁ।

সাহিত্য.অৰ্গ: একেবাৰে নুসুধিবলগীয়া কথা এটা সোধোঁ। প্ৰতিখন সভা বা অনুষ্ঠানত ভাওনা প্ৰদৰ্শন কৰাৰ নামত আপোনালোকে মাননি কেনেকৈ পায়?

পৰিচালক: একেবাৰে কম। পাঁচদিনীয়া ভাওনা, কেৰিকেচাৰ, নাটক আদি কৰি আমি ছয় হাজাৰমানহে পাওঁ। অৱশ্যে কমিটিভেদে ৰে’ট বেলেগ বেলেগেকৈ দিয়ে। কিছুমানে কমো দিয়ে, কিছুমানে অলপ বেছিও দিয়ে।

সাহিত্য.অৰ্গ: প্ৰতিজনে ছয় হাজাৰ?

পৰিচালক: ওহোঁ। গোটেই দলটোৱে।

সাহিত্য.অৰ্গ: ইমান কম টকাত আপোনালোকে কেনেকৈ চলে? কমিটিসমূহক জনাব লাগে। জনায়নে?

পৰিচালক: আমি সৰু মানুহ হোৱা বাবে কমিটিসমূহৰ মূল মানুহজনৰ ওচৰলৈ যাবলৈকে সুবিধা নাপাওঁ। যিজনে ঠিক কৰে তেওঁহে আমাৰ থকা খোৱাৰ পৰা পইচা দিয়ালৈ সকলোখিনি কৰে। কিন্তু আমি গম পাওঁ, বেছিভাগ কমিটিয়ে ঢুলীয়াৰ নামত টকা ভালকৈয়ে দিয়ে, কিন্তু ঠিক কৰা মানুহজনেহে মাজত বদমাচি কৰে।

সাহিত্য.অৰ্গ: ঢুলীয়া ভাওনাক জনপ্ৰিয় কৰিবলৈ কি কি কৰা উচিত বুলি আপোনালোকে ভাবে?

পৰিচালক: ঢুলীয়া ভাওনা অসমৰ এবিধ উল্লেখযোগ্য কলা। হ’লে কি হ’ব, আৰ্থিকভাৱে ই শিল্পীসকলক সকাহ দিব নোৱাৰে। কেতিয়াবা কেতিয়াবা আমি দুমাহ তিনি মাহলৈকে ক’তো আমন্ত্ৰণ নাপাই ঘৰতে বহিব লগাও হয়। তেনে ক্ষেত্ৰত চলিবলৈ বৰ অসুবিধা হয়। আমি পৰিয়াল থকা মানুহ। দুই তিনিমাহৰ মূৰত এটা অনুষ্ঠান পৰিৱেশন কৰি যিকেইটা টকা পাওঁ, সেই কেইটাৰে জোৰা মাৰিবলৈও নাটে। ফলত আমি দিনহাজিৰা বা যিসকলৰ অলপ অচৰপ খেতি মাটি আছে, তেওঁলোকে খেতি আদি কৰিব লগা হয়। গতিকে কমিটিবোৰে যদি আমাৰ নামত অলপ টকা বেছিকৈ দিয়ে তেন্তে আমাৰ চলি থাকিবলৈ অসুবিধা নহয়। চৰকাৰেও কিবা নিয়ম-চিয়ম কৰি দিব লাগে। যাতে এই কৃষ্টিটো আমাৰ পৰৱৰ্তী সময়তো বাচি থাকে। এই ক্ষেত্ৰত আমি কিছুমান মানুহৰ যোগেদি চৰকাৰলৈ অনুৰোধো কৰি আহিছোঁ, কিন্তু এতিয়ালৈকে একো ফল ধৰা নাই।

সাহিত্য.অৰ্গ: সাহিত্য.অৰ্গক ইমানখিনি সময় দি তথা আপোনালোকৰ মনৰ বতৰা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ, আপোনালোকৰ দাবীসমূহ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহে গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব তথা যুক্তিৰে চৰকাৰৰ ওচৰতো উত্থাপন কৰাত আগভাগ ল’বহি।

[সাক্ষাৎ গ্ৰহণত সহায়ক: শ্ৰী গৌতম পাঠক]

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!