কাংক্ষিত জোনাক- জয়শ্ৰী মেছ গগৈ

(চাৰি)

ফ্লাইটৰ ভিতৰত ব্যস্ততাৰে এয়াৰ হোষ্টেজগৰাকী আগবাঢ়িছে সন্মুখলৈ৷ পৰিপাটি পোছাক, ডাঠ নীলা চৰ্টচ্৷ ধৰিত্ৰীৰ সুধিবলৈ মন গ’ল সিহঁতৰ কোনোবা এগৰাকীক মাতি আনি৷ যন্ত্ৰবৎ তাইৰ হাতখন মূৰৰ ওপৰত থকা বুটামত পৰিল৷ সপ্ৰতিভ চকুৰে এগৰাকী আগবাঢ়ি আহিল৷

: ইউ নিদ চামথিং ম্যাম?

ধৰিত্ৰীয়ে বোবা হৈ চাই থাকিল৷ আকৌ দুচকু ভৰি আহে৷

: ম্যাম? মে আই হেল্প ইউ? ম্যাম, ম্যাম?

ৰূমাল খন দুচকুত হেঁচি তাই মূৰ জোকাৰে

: ন’ প্লিজ্। আই এম চ’ৰি!

এয়াৰ হোষ্টেজ গৰাকী উভতি যায়৷

: এক্সকিউজ মি? এক্সকিউজ মি ..

লগাতকৈ অলপ ডাঙৰকৈ ওলোৱা শব্দৰ উৎস বিচাৰি অধিকাংশ যাত্ৰীয়ে পিছলৈ উভতি চালে৷

: এক্সুৱেলি আই নিদ আ পিল্য’ প্লিজ্৷
আই ৰিয়েলি ফিল ভেৰি আন ইজি৷ প্লিজ্ ডু চামথিং৷

: অ কে চাৰ৷

পাৰ ভঙা দুখৰ মাজতো কিয় জানো ধৰিত্ৰীৰ দুচকুত জিলিকিব ধৰে কথা কব গৈ চেন্দুইচ মুখৰ পৰা পেলাই দিয়া মানুহজন৷ ধৰিত্ৰীয়ে চাব নোৱাৰে, নাই নাচায়৷ কিন্তু ৱাচৰুম, লাষ্ট কল! হিয়েৰ ইজ্ দ্যা লাষ্ট কল ফৰ ব্লা ব্লা ….
ধৰিত্ৰীৰ মুখেৰে ওলাই আহে প্ৰিয় শব্দ এটি
……পাগল!
শেষ বাৰ কাক জানো তাই কৈছিল এনেদৰে! কিবা অদ্ভুত অঘাইতং কাম কৰি থকাবোৰক তাই মাথোঁ এটাই কথা কয়৷ পাগল … কাম নাই আৰু?
তাতেই থাকে দুষ্টামিবোৰক উপভোগ কৰা সমূহ তৃপ্তি, সন্তুষ্টি৷ নিৰ্দোষ ধেমালিৰ উৎসবোৰ তাই ভাল পায়৷ ইহঁতৰ বাবে তাই এটাই শব্দ সজাই ৰাখে৷ পাগল …!

সকলোৱে বেল্ট মাৰি সাজু৷ এপাকত এগৰাকীয়ে আহি ধৰিত্ৰীক সোঁৱৰাই দি গ’ল

: ম্যাম, বেল্ট প্লিজ্৷

ধৰিত্ৰীয়ে বেল্ট লগায়৷ কেপ্তেইনে নিজৰ আৰু বাকী সকলৰ পৰিচয় দিয়ে৷ বাকীবোৰ চিৰাচৰিত৷ ক্ৰমশঃ বিমানখন কঁপি উঠে৷ চিঁ.. ই ..ই ..
মন্থৰ গতি, ভূমাস্পৃহাৰ আৱেশত বন্দী ধাতৱ প্ৰাণ৷ কিন্তু অলেখৰ জীৱনৰ বাবে উৰা মাৰে, দৌৰে আকাশেৰে, মেঘৰ আঁৰে আঁৰে৷ মেঘৰ চোতালেৰে৷ কিছু সময়ৰ পিছত গুৱাহাটী পাব৷
গাঁৱৰ মানুহবোৰ লগ পাব৷ কিছুমানে ক’ব ভালেই কৰিলে বাইদেউ, ডাঙৰ মানুহ হ’ব৷ আমাৰ কাৰণে কিবা অলপ কৰিলেই হ’ল আৰু!
কাৰোবাৰ কাৰণে কিবা এটা কৰিবলৈ মানুহে বাহিৰত পঢ়াটো ইমানেই প্ৰয়োজনীয় নে? মানৱতাৰ, সততাৰ পাঠ বিক্ৰী হয় নেকি যে বৰ্ডিং স্কুলত গৈ পঢ়িব লাগে? মাক ক’ত? পৃথিৱীৰ আদিপাঠ প্ৰকৃতিৰ মাজতেই দেখোন সৰ্বদা জিলিকে৷ সময়ত গছে পাত সলায়, চৰায়ে মাতে৷ সূৰ্য উঠে, ডুব যায়; বৰষুণ আহে, বতাহ দিয়ে; গছে ফুল দিয়ে, ফল দিয়ে – পকে৷ নৈ বৈ যায়, নিশা তৰাই হাঁহে৷
প্ৰকৃতিৰ পাঠশালা পাহৰি সততাৰ পাঠখিনি ভাটৌৰ মাত মাতিবলৈ তাই আলফুল আৰু নৱৰূপক শিকাব বিচৰা নাছিল৷ উদং পথাৰৰ নৰাৰ মাজত লুকাই মাকলৈ ৰৈ থকা ধৰিত্ৰী আজি বৰ অসহায়৷ বৰ অসহায়!

: এক্সকিউজ মি ম্যাম? লান্স, ভ্যেজ অৰ নন ভ্যেজ?

ধৰিত্ৰীয়ে মূৰ জোকাৰে৷
কিয় জানো দেহৰ ক’তো পুৰণি উঠা নাই৷ খাব কিয়, কেনেকৈ খাব?

: ৱাটাৰ প্লিজ্!
ক্ষন্তেক পাছতে পৰিচাৰিকাগৰাকী পানী লৈ আকৌ হাজিৰ হয়৷

: এনিথিং এলচ্ ম্যাম?

: ন’ থেংকচ্৷

বিমান খন কঁপি উঠে৷ মাজে মাজে তেনে হয়৷ অসমান মেঘৰ চোতালত কোনোবাই যেন তামোলৰ ঢকুৱা পাৰি চোঁচৰাই নিছে৷
তাই খিৰিকীৰে দূৰলৈ চায়৷ জাঁপ মাৰি দিব পৰা হ’লে!
নাঃ পাখি থকা হ’লে! মনাব নোৱাৰা মানুহৰ দেহ মন এৰি উৰা মাৰিলেহেতেন কোনোবা নতুন দ্বীপৰ সন্ধানত৷
সাগৰৰ উপকূলত নৱৰূপ আৰু আলফুলক এৰি দিলেহেতেন৷ বুঢ়া চল’মানৰ দৰে তাই একছত্ৰী সম্ৰাজ্ঞী হ’লহেতেন৷ নৱৰূপ আৰু আলফুলে শংখ বুটলি ৰং শিঙা বজাই আনন্দৰ বাতৰি বিলালেহেতেন৷ জীৱনৰ বাবে, পৃথিৱীৰ বাবে৷

: লেডিজ এণ্ড জেণ্টেলমেন, ডিছ ইজ কেপ্তেইন অমৰেন্দ্ৰ সিং উইথ কো পাইলট কেপ্তেইন জিতেন্দৰ্৷ ইউ কেন এনজয় দ্যা ইষ্টাৰ্ণ পাৰ্টছ অৱ হিমালয়া আউট চাইদ দ্যা উইণ্ড’৷ কেপ্তেইনে লাহে লাহে কৈ গ’ল ….
শুকুলা শিৰস্তান পিন্ধি হিমালয়ে ৰ’দ পুৱাইছে৷ বাগদোগ্ৰা পাবৰ সময় হৈছে৷ প্ৰায় পোন্ধৰ মিনিটৰ বাবে ৰ’ব৷ দুজনমানৰ ব্যস্ততা আৰম্ভ হ’ল, তেওঁলোকে নামিব৷ কিছু সময়ৰ পাছত বিমানখন পুনৰ উৰিল৷ এইবাৰ গুৱাহাটী৷ তাত ৰৈ থাকিব বিনন্দ৷ তাই জানে ওৰেটো বাট সি মুখেৰে একো নক’ব৷ আলফুলক লৈ অনাৰ দিনা সি পুৱাই এমুঠি শেৱালি লৈ আহিছিল৷ কৈছিল –

: ফুল, এয়া চোৱা তুমি! য’তেই থাকা আমোল মোলাই থাকিবা দেই ফুল!
ঘৰৰ পৰা এয়াৰপ’ৰ্টলৈ গাড়ীখন ভৰি আছিল মৰিশালিৰ নিস্তব্ধতাৰে৷ আলফুলেও বিশেষ একো কোৱা নাছিল৷
মূৰত পিন্ধা বেণ্ডডালৰ হালধীয়া ফুলপাহ এবাৰ চায়, এবাৰ মাকলৈ চায়৷
এবাৰ মাকক পিন্ধাই দিয়ে, এবাৰ হাঁহে৷
:
মা … মোৰ মা টো বুলি তাই চুমা খাই সাৱটি ধৰে৷ আচৰিত লাগে ধৰিত্ৰীৰ আলফুল কেনেকৈ ইমান মেচিওৰ!
বিনন্দই একো নামাতে, সি গাড়ী চলায়৷ টুপ-টুপকৈ তাৰ চকুৰ পানী সৰে৷ এবাৰ হঠাৎ ব্ৰেক মাৰে জোৰেৰে৷ ক্ৰাঁ……ছ

: এক্কেঘাপে দুটুকুৰা কৰিম৷ গাড়ী চলাব আহিছ?

বিনন্দৰ এই ৰূপ আদিত্যই কেতিয়াও দেখা নাছিল৷ আদিত্যই মাতিব সাহস নকৰিলে৷
বিনন্দ আজিও কান্দিব৷ আজিলৈ সি কম হাতী হ’ল নে? কান্ধত আলফুল নৱৰূপ থাকিলে দুয়োটা উঠে৷ কিমান যে চাবুকৰ কোব খাই বান্দৰ হৈ নাচিছে৷
আলফুলক লৈ যাব বুলি শুনাৰ দিনা চন্দ্ৰ বৰাৰ ঘৰৰ গৰু কেইটাক সিহঁতৰ চোতাললৈকে কোবাই কোবাই খেদিছিল৷

: আৰু যদি আলফুলে ৰোৱা ফুল তহঁতৰ গৰুৱে খায়, চাবি? তহঁতৰ আটাইবোৰকে জুঁতি লৈ হাল বাম মই৷

: বিনন্দ??

আদিত্যৰ চিঞৰত সি গোঁ-গোঁৱাই উভতি আহিছিল ঘৰলৈ৷ যাওঁতে চিঞৰি কৈছিল

: মানুহ মানুহৰ দৰে হ’ব লাগে৷ কণমানি তাই৷ থুই..ই..

গুৱাহাটী পাব আৰু৷ আকৌ পৃথিৱীৰ প্ৰেম৷ বিমান, বিমানকোঠ৷ মানুহে ঘৰ নেৰে কিয়? বিমানখনে বিমানকোঠ? কিয় চিঙিব নোৱাৰে বান্ধোন?

: হুঁহ!
এক অস্ফুট শব্দ চিটিকি আহে ধৰিত্ৰীৰ মুখেৰে৷ ক’তা? তাইৰ আছে জানো কিবা বান্ধোন? সততাৰ বান্ধোন কোনো কালেই নাছিল দেখোন৷
মানুহ বোৰ সাজু হৈছে৷ অনিচ্ছাস্বত্বেও তাই ঘৰলৈ যাবই লাগিব৷

: এক্সকিউজ মি?

ধৰিত্ৰীয়ে পাৰ হৈ যোৱা কিছু সময়তে ধৰিব পৰা হৈছে সেয়া কাৰ মাত!

: আপুনি মোক এৰি থৈ আহিলে?

হাৰে! কোনে কাক এৰিলে বাৰু? সৰু ল’ৰাৰ দৰে ৱাচৰুম যাওঁ বুলি দৌৰ মাৰিলে; আৰু এতিয়া কৈছে এৰি থৈ আহিল৷
ধৰিত্ৰীয়ে উভতি চালে৷

: অ অ … চকু কেইটা দেখিলেই গম পায়৷

ধৰিত্ৰীৰ দিগদাৰ লাগিল৷ অদ্ভুত দেই!

: চিঞৰিছে কিয়?
তাই গহীন কৈ ক’লে৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments