কাৰবি ৰজাৰ ৰাজধানী ‘ৰংহাং ৰংবং’ আৰু সাংস্কৃতিক পৰ্যটনৰ সম্ভাৱনীয়তা – মংগল সিং ৰংফাৰ

পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলত কাৰ্বি সকলৰ প্ৰাচীন পৰম্পৰাগত সামাজিক শাসন ব্যৱস্থা এতিয়াও প্ৰচলিত। কাৰবি ৰজাই বৰ্তমানেও পৰম্পৰাগত ৰাজধানী ‘ৰংহাং ৰংবং’ ৰ পৰা শাসন কাৰ্য চলাই আছে। ৰংখাং অঞ্চলত এতিয়াও সামাজিক কাম কাজত কাৰবি ৰজাৰ প্ৰভাৱ আৰু কৰ্ত্তৃত্ব বিদ্যমান |
কাৰবি ৰজাক লিন্দকপ’ বা ৰিচ’ বুলি কোৱা হয় আৰু তেওঁ ৰংহাং কুলৰ পৰা হয়। তেখেতক শাসন কাৰ্য চলোৱাত সহায় কৰিবৰ বাবে তিনিজন পালি ৰজাক নিযুক্তি দিয়াৰ ওপৰিও কেন্দ্ৰীয় আৰু প্ৰাদেশিক দুটা ভাগত বিষয়ববীয়া নিযুক্তি দিয়ে। কেন্দ্ৰীয় শাসক বিষয়া সকলক পিনপ’ বুলি কোৱা হয় আৰু প্ৰাদেশিক বা লংৰিৰ শাসনকৰ্ত্তা বিষয়া সকলক ‘হাবে’ বুলি কোৱা হয়। ৰংখাঙৰ কাৰবি ৰজাৰ অধীনত বাৰখন লংৰি আছে। সেইবোৰ হৈছে -হাবেপি, চংখেলি, উমাহা, ৰাপাতি, উমলাৰং, ৰংহান, নকবাৰে, দেৰা, ৰংচেইচ’, ৰংপি, কিলিং আৰু ভইতিৰি। এই প্ৰতিটো লংৰিৰ শাসক হ’ল হাবে সকল।প্ৰতিটো লংৰিৰে দুজনকৈ হাবে থাকে-হাবেকং আৰু হাবেৰিছ’।তেওঁলোক ক্ৰমে মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ দৰে।কিন্তু সকলোবোৰ লংৰিৰ ভিতৰত হাবেপি লংৰিৰ স্থান আনবোৰ লংৰিৰ ওপৰত আৰু ইয়াৰ হাবেকং জনৰ মান-সন্মানো ৰাজ্যৰ ভিতৰত বেছি।
ৰংখাঙৰ বৰ্তমানৰ লিন্দকপ’ অৰ্থাৎ ৰজা হ’ল হাৰছিং ৰংহাং। তেখেত পৰম্পৰাগত ৰাজধানী ‘ৰংহাং ৰংবং’ত থাকে। ৰংহাং ৰংবং হামৰেন চহৰৰ পৰা প্ৰায় ১৬ কি:মি: দুৰত্বত অৱস্থিত। মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত এটি পাহাৰৰ ওপৰত অৱস্থিত ৰাজধানী ৰংহাং ৰংবং। ৰাজধানীৰ চাৰিওফালে শ বছৰীয়া পুৰণি প্ৰকাণ্ড গছ-গছনিয়ে এক সেউজ মনোৰম প্ৰাকৃতিক অথচ অলৌকিক পৰিবেশৰ সৃষ্টি কৰিছে। ৰাজধানীত ৰজা আৰু মন্ত্ৰী পৰিষদ বৰ্গৰ পৰিয়ালৰ(পতি-পত্নী) বাহিৰে অন্য সাধাৰণ প্ৰজাৰ বসবাস নিষেধ। সেইকাৰণে চাৰিওফালে এক নিজান পৰিবেশ। তালৈ প্ৰথম বাৰৰ বাবে গৈছিলো ২০০৭ চনত বিভাগীয় কামৰ পৰিদৰ্শনৰ বাবে| তেতিয়া তাত বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত এটা ‘ৰাজদৰবাৰ’ৰ ভৱন নিৰ্মাণ কৰা হৈছিল। এতিয়া তাত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ তৰফৰ পৰা ‘ৰিছ’ আতেৰাং’ জিৰণী ঘৰ, ‘বাৰি’পূজাৰ বাবে কংক্ৰিতৰ দ’ৱান(বেদি)আৰু পূজাস্থলীৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰি দিছে। ৰজা আৰু ৰাজ বিষয়া সকলক আজিকালি স্বায়ত্ব জিলা পৰিষদৰ পৰা মাহেকীয়া ‘মাননি’ দিয়াৰ ব্যৱস্থাও কৰিছে।এইবাৰ যাওঁতে আমি ৰজা লিন্দকপ’ হাৰছিং ৰংহাঙৰ ৰাজ পৰিষদৰ বিষয়া পিনপ’ ৰংফাৰচেনতক সাক্ষাৎ কৰিছিলো আৰু মত-বিনিময় কৰিছিলো।ৰজা হাৰছিং ৰংহাঙক শাসনত সহায় কৰিবলৈ বৰ্তমান তিনিজন পালি ৰজাৰে সৈতে ৩০জন ৰাজকীয় পৰিষদবৰ্গ আছে।ৰংহাং ৰংবংক তিনিটা ‘আৰ্তু’ ভাগত বিভক্ত কৰি একোজন পালিৰজাক শাসনভাৰৰ দায়িত্ব দিয়া হৈছে। তেওঁলোক হ’ল-ৰংচেইছ’ লিন্দক, ৰংপি লিন্দক আৰু কিলিং লিন্দক।ৰজাৰ ৩০জনীয়া পৰিষদ বৰ্গৰ বিষয়া সকলৰ ভিতৰত কাঠাৰপ’ হ’ল ৰাজপুৰোহিত। তেওঁৰ স্থান ৰজাৰ তলতে বুলি গণ্য কৰা হয়।দিলি হ’ল প্ৰধান মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী।পাটৰপ’ হ’ল সেনাপতি।বৰমিজি আৰু বৰপাটৰ হ’ল লংৰি হাবে সকলৰ শাসক।ৰংফু বৰছেনত,ৰংচিতিম আৰু ৰংলিং-এই তিনিজন হ’ল ৰাজধানীৰ প্ৰতিৰক্ষা কামত নিয়োজিত বিষয়া।দেংজাকেথে আৰু দেংজাছ’ হ’ল ৰাজধানীৰ পূজাত প্ৰধান আৰু সহকাৰী বলি দিয়া তান্ত্ৰিক ৰাজপুৰোহিত । ফেৰাংকে হ’ল ৰাজদূত বা জনসংযোগ বিষয়া। বুৰটুমেন হ’ল আইনজ্ঞ বিষয়া। তেওঁ ৰংখাং অঞ্চলৰ কাৰ্বি সমাজৰ মোকৰ্দমাবোৰ বিচাৰ কৰিব লাগে।টেৰন মিজি আৰু কিলিং মিজি নামৰ আইন বিষয়া দুজনে তেওঁক সহায় কৰে।এইদৰে সকলো বিষয়াকে বিভিন্ন দায়িত্ব ন্যস্ত কৰা হয়।
কাৰবি ৰজা বা লিন্দকপ’ আৰু পিনপ’মাৰ সকলৰ হাতত বৰ্তমান আধুনিক ৰাজনৈতিক ব্যৱস্থাত শাসনৰ ক্ষমতা নাই। কিন্তু সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্তৃত্ব আৰু প্ৰভাৱ আজিও অটুট আছে।বহুতে ক’ব বিচাৰে লিনদকপ’ আৰু পিনপ’মাৰ সকলৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় কামকাজত অবাঞ্চনীয় হস্তক্ষেপ আৰু ৰক্ষণশীল মনোভাৱৰ বাবে কাৰবি সকলে নিজৰ ধৰ্ম এৰি খৃষ্টীয়ান ধৰ্ম গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছে।লক্ষনীয় যে যোৱা দশকবোৰত কাৰবি সকলৰ মাজত খৃষ্টীয়ান ধৰ্মাৱলম্বীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ৰংহাং ৰংবং ৰ পৰা কিছুদুৰ নিলগত নৰবলি দিয়া এখন বলিশাল আছে। কথিত আছে যে প্ৰাচীন কালত বছৰি বা দুই তিনি বছৰৰ মূৰে মূৰে কোনো লোক স্ব-ইচ্ছাৰে বলি হ’বলৈ তালৈ যায় আৰু টেৰন ফৈদৰ ডেংজা কেথে জনে ‘থান থেপি ৰংকেৰ’ নামৰ বছৰেকীয়া পূজাত মানুহ জনক বলি দিয়ে। বৰ্তমান মানুহৰ পৰিবৰ্তে ছাগলী বলি দিয়া হয় | ৰংহাং ৰংবং-ত প্ৰাচীন আহত গছ এজোপাৰ তলত ‘ছেনেম আহাৰ্লং’ নামৰ পাথৰ এটুকুৰা আছে- ইয়াক স্পৰ্শ কৰা নিষিদ্ধ। জনবিশ্বাস মতে এই পাথৰ স্পৰ্শ কৰিলে যৌনশক্তি বৃদ্ধি পায় আৰু মানুহ জনে হিতাহিত জ্ঞান হেৰুৱাই পেলায়।
ৰংহাং ৰংবঙক সাংস্কৃতিক পৰ্যটনৰ বাবে এক আকৰ্ষনৰ কেন্দ্ৰ হিছাপে গঢ়ি তোলাৰ যথেষ্ট থল আছে। জিলা পৰিষদে ঠাইখনক কাৰবি সংস্কৃতিৰ ঐতিহ্যস্থলী(Heritage centre) ৰুপে বিকাশ কৰিব পাৰে।ঠাইখন কাৰবি ৰজাৰ পৰম্পৰাগত ৰাজধানী হিচাপে যিহেতুকে কাৰবি জাতি আৰু সাংস্কৃতিক ইতিহাসৰ লগত জড়িত গতিকে ইয়াত সাংস্কৃতিক যাদুঘৰ নিৰ্মাণ কৰিব পাৰে ।তাৰোপৰি পৰ্যটকৰ বাবে অতিথিশালা বা জিৰণী ঘৰো নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। ডা:জয়ন্ত ৰংপিয়ে সাংসদ হৈ থাকোতে তেখেতৰ সংসদীয় উন্নয়ন পুঁজিৰ পৰা কাৰবি ৰজাৰ টিনৰ ঘৰটো নিৰ্মান কৰি দিছিল।ৰজাৰ ঘৰটো পৰম্পৰাগত কাৰবি চাংঘৰৰ স্থাপত্যৰ আৰ্হিত আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিব পৰা হ’লে ই এক ঐতিহ্যপূৰ্ণ গাম্ভীৰ্যতা লাভ কৰিলে হেতেন।
আধুনিক বিশ্বত পৰ্যটন বৰ্তমান এটা উদ্যোগ।সময়ৰ সোঁতত বিশ্বত পৰ্যটনৰ প্ৰকৃতি আৰু ট্ৰেণ্ড(Trend) সলনি হৈছে।আজিকালি বহুতো পৰ্যটকে ডাঙৰ ডাঙৰ অত্যাধুনিক মেট্ৰ’ নগৰ-চহৰ,সাগৰীয় উপকুলীয় চহৰৰ ‘বীচ্চ’ অঞ্চল আদি ঠাইত ভ্ৰমণ কৰাৰ পৰিবৰ্তে জীৱন সমৃদ্ধকৰা অভিজ্ঞতাৰ বাবে প্ৰকৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত ভিত্তি কৰা ‘ইক’ট্যুৰিজিম’ বা কোনো পাহাৰীয়া ঠাইত জনজাতীয় জীৱন আৰু সংস্কৃতি প্ৰতিফলিত কৰা ‘ট্ৰাইবেল বা সাংস্কৃতিক’ পৰ্যটনতহে বেছি আগ্ৰহী।সাম্প্ৰতিক পৰ্যটন উদ্যোগত ‘ইক’ট্যুৰিজিম’ আৰু ‘ট্ৰাইবেল বা কালছাৰেল ট্যুৰিজিম’ হ’ল দ্ৰুত গতিত আগবাঢ়ি অহা দুটা খণ্ড।
প্ৰকৃতিয়ে উদাৰ ভাবে উজাৰি দিয়া, সেউজীয়া পাহাৰ আৰু ঘন হাবিৰে পৰিৱেষ্টিত কাৰবি পাহাৰত ‘ইক’ট্যুৰিজিম’ আৰু কাৰবি ওপৰিও কেইবাটাও জনগোষ্ঠীৰ আবাসভূমি জিলাখনত ‘ট্ৰাইবেল বা সাংস্কৃতিক’ পৰ্যটনৰ বাবে অযুত সম্ভাৱনা নিহিত হৈ আছে।
নগৰীয়া জীৱনৰ দৈনন্দিন ব্যস্ততাৰ অৱসাদৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুদিন বিশ্ৰামৰ বাবে যাব পাৰে ঘন সেউজ পৰিবেশত অৱস্থিত কাৰবি পাহাৰৰ কিছুমান ঠাইলৈ।তেনেকুৱা এখন ঠাই হ’ল-ডিফুৰ পৰা ১০২ কি:মি: দুৰত্বত অৱস্থিত ডিক্ৰুতপি য’ত অছে জলপ্ৰপাত আৰু বনভোজ খাব পৰা ধুনীয়া ঠাই।তাৰোপৰি আছে লাংৱ’কো জলপ্ৰপাত,কাংথিলাংছ’ জলপ্ৰপাত, কপিলি নদীৰ পাৰত ক’কা,আমৰেং আদি ঠাই-যিবোৰ প্ৰকৃতি প্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব পাৰে।প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ হাৱাং,খান্দুলি,টীকা পাহাৰ আদি ঠাইত কিছু পৰিকল্পনাৰে আন্ত:গাথনি নিৰ্মাণ কৰি পৰ্যটনৰ আকৰ্ষণ স্থল ৰুপে গঢ়ি তুলিব পাৰি।
প্ৰত্যেক বছৰে ডিফু তাৰালাংছ’ত কাৰবি সাংস্কৃতিক পৰিষদৰ উদ্যোগত ‘কাৰবি যুৱ-মহোৎসৱ’ উদযাপন কৰা হয়।এই উৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক পৰ্যটনৰ বিকাশ কৰিব পাৰি।
এখন ঠাই পৰ্যটনৰ ক্ষেত্ৰত বিকাশ লাভ কৰিবলৈ হ’লে কিছুমান পুৰ্ব চৰ্ত পুৰণ কৰিব লাগে |যেনে-ঠাই খনৰ নিৰাপত্তা, ভাল যাতায়াত ব্যৱস্থা,পৰ্যটকৰ সামৰ্থৰ ভিতৰত থাকিব-খাব পৰা ব্যৱস্থা আদি থকাতো প্ৰয়োজনীয়।তাৰোপৰি আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে সেই অঞ্চলৰ মানুহবোৰ ভাল,ভদ্ৰ হ’ব লাগিব অৰ্থাৎ স্থানীয় মানুহবোৰৰ অতিথি পৰায়ণ মানসিকতা থাকিব লাগিব।
কিছুমান কাম অকল চৰকাৰ তথা স্বায়ত্ব পৰিষদৰ ওপৰত নিৰ্ভৰ বা আশা কৰি থাকিলে কেতিয়াও হৈ উঠাৰ সম্ভাৱনা নাই।সাংস্কৃতিক সংগঠন বা বেচৰকাৰী সংস্থাবোৰ আগবাঢ়ি আহি এইবোৰ প্ৰকল্পৰ কাম উদ্যোগ লব পাৰে।প্ৰকল্পটোত স্থানীয় জনজাতীয় লোক সকলক জড়িত কৰি ঠাইখনৰ সংস্কৃতিৰ সংৰক্ষণ,উন্নতি আৰু আৰ্থিক উন্নয়নৰ লগতো সাংস্কৃতিক পৰ্যটনৰ লগত সাঙুৰি ল’ব পাৰি।স্থানীয় শিক্ষিত যুৱক-যুৱতী সকলক ‘গাইড’ হিচাপে প্ৰশিক্ষণ দি জীৱিকা নিৰ্বাহ বা উপাৰ্জনৰ পথ মুকলি কৰি দিব পাৰি।আজি কালি জনগোষ্ঠীয় খাদ্যসম্ভাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে-গতিকে পাহাৰীয়া অঞ্চলবোৰত পৰম্পৰাগত চাংঘৰত পৰ্যটকৰ বাবে থকাৰ ব্যৱস্থা কৰি(Home stay) কাৰবি পৰম্পৰাগত বস্ত্ৰ আৰু খাদ্য যেনে-বাঁহৰ চুঙাত সিজোৱা গাহৰি, মুৰ্গি মাংস, পাহাৰীয়া মাছ, তিলৰ লগত বনোৱা নানান ব্যঞ্জন, চুঙাত বনোৱা ৰঙা চাহ আৰু ঝুমত কৰা বৰা চাউলৰ জলপানেৰে আলহীক অপ্যায়ন কৰাৰ ব্যৱস্থা কৰিব পাৰি।মুঠতে সাংস্কৃতিক পৰ্যটন অথবা ইক’ট্যুৰিজিমে ঠাই এখনৰ উন্নতি আৰু বাসিন্দা সকলৰ আৰ্থিক উন্নয়নত যথেষ্ট প্ৰভাৱ পেলাবলৈ যে সক্ষম হ’ব ই ধুৰুপ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments