কাচংৱিৰ – নামছাঙলৈ : মংগলসিং ৰংফাৰ

বন্ধু ছাজিদে ক’বৰ দৰে মোৰো মাজে মাজে হেৰাই যাবৰ মন যায়৷ এই ধৰক- এসপ্তাহমান বাতৰি কাকত, টি-ভি, ইণ্টাৰনেট, দূৰভাষ আদিৰ পৰা সংযোগ সীমাৰ বাহিৰত থাকি অন্য জীৱন এটা যাপন কৰিবৰ মন যায়৷

এই যে স্ব-ইচ্ছাই হেৰাই যোৱা বা নিৰুদ্দেশ হোৱাৰ বাবে কাৰ্বি ভাষাত এটা ধুনীয়া প্ৰতিশব্দ আছে-‘কাচংৱিৰ’৷ কাৰ্বি অসমীয়া অভিধানত কাচংৱিৰ শব্দৰ অৰ্থ ‘ঘৰ-বাৰী এৰি গুচি যোৱা কাৰ্য’ বুলি লিখিছে৷ কিন্তু এই শব্দৰ অৰ্থ বহুত ব্যাপক৷ এমাহ বা এসপ্তাহৰ বাবে ক’ৰবালৈ স্ব-ইচ্ছাৰে গুচি যোৱা বা হেৰাই যোৱাকো ‘কাচংৱিৰ’ বুলি কোৱা হয়৷ ‘কাচংৱিৰ’ কিছুমান মানুহৰ নিচা৷ যাযাবৰী স্বভাৱ কিছুমান মানুহৰ তেজতেই থাকে৷mangal_singh_1

মোৰ মনত আছে, সৰুতে এল-পি স্কুলত পঢ়ি থাকোঁতে এবাৰ মই ঘৰৰ পৰা পলাই গৈছিলোঁ, মানে নিৰুদ্দেশ হৈছিলোঁ৷ কিবা এটা কথাত মায়ে মোক এছাৰিৰে মাৰিছিল৷ মোৰ ঠিক মনত নাই; কিন্তু ঘৰত কিবা উৎপাত কৰিছিলোঁ- মায়ে এছাৰি লৈ মাৰিবলৈ খেদি আহিছিল আৰু মই ঘৰৰ পৰা পলাই গৈছিলোঁ৷ ঘৰৰ পৰা পলাই গৈ ১৫ কিঃমিঃ মান দূৰৈত থকা দেউতাৰ ওচৰলৈ গুচি গৈছিলোঁ৷ ৰাতিলৈকে ঘৰলৈ উভতি নোযোৱাত মই নিৰুদ্দেশ হ’লোঁ বুলি ঘৰত হাহাকাৰ লাগি গৈছিল৷ সেইবোৰ দিনত টেলিফোন আদি সংযোগ ব্যৱস্থাও নাছিল। দেউতাই চিনাকি মানুহৰ দ্বাৰা মই পলাই অহাৰ কথা মালৈ পিছত খবৰ পঠাইছিল৷

হাইস্কুলত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেও এবাৰ হেৰাই গৈছিলোঁ৷ তেতিয়া অসম আন্দোলন তুংগত৷ ‘তেজ দিম, তেল নিদিওঁ’ বুলি আছু আৰু গণ সংগ্ৰাম পৰিষদৰ তেল অৱৰোধ কাৰ্যসূচী চলি আছিল৷ পাহাৰীয়া জিলাত অসম আন্দোলনে ইমান তীব্ৰ ৰূপ লোৱা নাছিল৷ কিন্তু ভৈয়ামৰ দৰে পাহাৰতো স্কুল-কলেজবোৰ প্ৰায় বন্ধই আছিল৷ বন্ধত ঘৰত থাকি থাকি আমনি লগাত উজনি অসমৰ তৈল নগৰী ডুলিয়াজানলৈ বুলি গুচি গৈছিলোঁ৷ দুলিয়াজান তেতিয়া অসম আন্দোলনৰ তেল অৱৰোধ কাৰ্যসূচীৰ মূল কেন্দ্ৰ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেতিয়া আন্দোলনকাৰীসকল গৈ তাত দিনে নিশাই অৱস্থান কৰি ‘তেজ দিম, তেল নিদিওঁ’ বুলি অৱৰোধ কৰি ৰাখিছিল৷ মোকো তেতিয়া মানুহে আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ যোৱা বুলি ভাবিছিল৷ মই কিন্তু দুলিয়াজানৰ ওচৰৰ কঠালগুড়িত থকা ‘পত্ৰ-বন্ধু’ দীনেশদাহঁতৰ ঘৰলৈ গৈছিলোঁ৷ কঠালগুড়িত থাকোঁতেই এদিন ৰাতিপুৱাতে গম পালোঁ অইলৰ এগৰাকী বিষয়াক আন্দোলনকাৰীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে৷ সেয়া এক চাঞ্চল্যকৰ আৰু শিঁহৰণকাৰী ঘটনা আছিল৷ লগে লগে আন্দোলনকাৰীৰ ওপৰত পুলিচ, চি-আৰ-পি জপিয়াই পৰিছিল আৰু দুলিয়াজান তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল অনিৰ্দিষ্টকালীন সান্ধ্য আইনৰ কবলত পৰিল৷ চাৰিওফালে এক চেপা উত্তেজনা আৰু আতংকই বিৰাজ কৰিছিল৷ বিভিন্ন উৰাবাতৰি উৰি ফুৰিছিল৷ পুলিচ, চি-আৰ-পিৰ অত্যাচাৰ আৰু আতিশয্যৰ কথা মানুহৰ মুখে মুখে বাগৰি আহিছিল৷ আজি অমুক গাঁও, তমুক ঠাইৰ পৰা আন্দোলনকাৰীক পুলিচে ধৰি লৈ গৈছে, অত্যাচাৰ কৰিছে ইত্যাদি৷ ডেকা ল’ৰাবোৰ পুলিচ, চি-আৰ-পিৰ লক্ষ্য হৈ পৰিছিল৷ আমিও তেতিয়া ভয়তে ৰাতি হ’লেই ঢাৰি-কম্বল-লেপ লৈ বাঁহনি বাৰীৰ তলত গৈ শুবলৈ গৈছিলোঁ৷ মাঘ মাহৰ হাড় কপোৱা শীতৰ ৰাতি; ঠাণ্ডা আৰু চি-আৰ-পিৰ ভয়ত টোপনি নাহিছিল৷ সেইবোৰ নিশাৰ কথা ভাবিলে এতিয়াও শিঁহৰিত হৈ পৰোঁ৷

দিন বাগৰিল, কিন্তু অনিৰ্দিষ্ট সান্ধ্য আইন চলি থাকিল৷ সকলোৱে মোক লৈ চিন্তা আৰু সমস্যাত পৰিল; অচিনাকি পাহাৰীয়া ল’ৰা এজন অচিনাকি ঠাইত আৱদ্ধ হৈ থকা দেখি৷ মই ঘৰলৈ ঘূৰি যাব নোৱাৰা হ’লোঁ৷ সকলো ফালে পথ বন্ধ৷ অৱশেষত উপায় এটা ওলাল-দিনেশদা আৰু বন্ধু এজনে মোক চাইকেলত উঠাই লৈ ৰাতি ৰাতি চাহ বাগানৰ মাজে মাজে যোৱা ৰাস্তাৰে লৈ গৈ তিনিচুকীয়াত তেওঁলোকৰ মাহীহঁতৰ ঘৰত থৈ আহিছিলগৈ৷ ৰাতিটো তিনিচুকীয়াত কটাই পিছদিনাখন তেওঁলোক মোক ট্ৰেইনত উঠাই দিছিল৷ বহুদিন মোৰ কোনো খা-খবৰ নাপাই ঘৰত তেতিয়া মই হেৰাই গ’লোঁ বুলিয়েই ভাবিছিল৷ মোক দেখা পাই আনন্দত পৰিয়ালৰ মানুহৰ মুখবোৰ উজলি উঠিছিল৷ মোৰ এই ‘কাচংৱিৰ’ স্বভাবৰ বাবে ঘৰত মা-দেউতাৰ পৰা প্ৰায়েই গালি খাইছিলোঁ৷

কিন্তু ঘৰ-সংসাৰ হোৱাৰ পিচত তেনেকৈ অকলে ক’তো ওলাই যাব নোৱাৰা হ’লোঁ৷ এতিয়া মাজে সময়ে পৰিয়াল লৈ অ’ত ত’ত ঘূৰি পকি আহোঁ৷ অকলে অকলে হেৰাই যাব নোৱাৰা হ’লোঁ৷

মোৰ প্ৰথম কৰ্মস্থল শদিয়ালৈ যাওঁতে উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষে ধুনীয়া ধুনীয়া বিস্তৃত অঞ্চল আগুৰি থকা সেউজীয়া চাহবাগানবোৰ দেখি দেখি বহুদিনৰ পৰা সেইবোৰ বাগানৰ ভিতৰলৈকে সোমাই চাই আহিবলৈ মন গৈছিল৷ চাহ বাগানৰ বনুৱা আৰু পৰিচালকসকলৰ জীৱন-যাত্ৰাৰ বিষয়ে বহু কথা শুনি আহিছিলোঁ আৰু কিতাপে–পত্ৰে পঢ়িবলৈ পাইছিলোঁ৷ চাহ বাগানৰ সেই কথাবোৰে মোক আকৰ্ষিত কৰিছিল৷ চাহ বাগানৰ মেনেজাৰ বাংলোত দুৰাতিমান কটাই আহিবলৈ মোৰ বহুদিনীয়া ইচ্ছা এটা আছিল৷ মোৰ ভাতৃপ্ৰতিম বন্ধু নৱজ্যোতি বৰাক এদিন মোৰ ইচ্ছাৰ কথা ব্যক্ত কৰিছিলোঁ৷

mangal-singh2

কেইদিন মানৰ বাবে গুৱাহাটী দিছপুৰ সচিৱালয়ত বিশেষ কাম এটাৰ বাবে গৈছিলোঁ৷ বহুদিনৰ পৰা লাগি থকা কাম এটা সমাধা নোহোৱাত দুখে-বেজাৰে মানসিক অৱসাদত মনটো ভাৰাক্ৰান্ত হৈ আছিল৷ গুৱাহাটীত এটা ৰাতিও কটাবলৈ ইচ্ছা নোযোৱা হ’ল, ঘৰলৈ বা কৰ্মস্থলীলৈকো ঘূৰি যাবলৈ মন নোযোৱা হ’ল৷ বন্ধু নৱজ্যোতিক ফোন কৰি সেইদিনাৰ ৰাতিৰ নামৰূপ অভিমুখী নাইট চুপাৰত উঠি দিলোঁ নামছাং চাহ বাগানলৈ বুলি৷ ধলপুৱাতে নৱজ্যোতিয়ে গাড়ীলৈ নাহৰকটীয়াত ৰৈ আছিল মোৰ বাবে৷ দিহিং-পাটকাই(জয়পুৰ) বৰ্ষাৰাণ্যৰ মাজেদি লুংলুঙীয়া ৰাস্তাৰে নৱই মোক লৈ গৈছিল তাৰ বৰ্তমান কৰ্মস্থলী নামছাং চাহ বাগিচালৈ৷ দিহিং-পাটকাই ঘন অৰণ্যৰ মাজেদি ১১ কিঃমিঃ মান অতিক্ৰম কৰাৰ পিছত নামছাং বাগিছা আৰু বাগানৰ মেনেজাৰৰ বাংলো আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো দেখি অভিভূত হ’লোঁ৷ নৱই মোক ফোনত কৈছিল-‘’মংগলদা, আপুনি নমছাঙলৈ আহিলে ভাল পাব৷ অসমৰ অন্য চাহ বাগানৰ পৰা এইখন কিছু বেলেগ পাব আপুনি।” কিন্তু নামছাং বাগিছাখন ইমান ধুনীয়া ঠাইত অৱস্থিত বুলি মই কল্পনাই কৰিব পৰা নাছিলোঁ৷ চাৰিওফালে দিহিং-পাটকাইৰ ঘন সেউজীয়া অৰণ্য আৰু অৰুণাচলৰ পাহাৰে আগুৰা মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত নামছাং চাহ বাগিছা৷ বাগান আৰু মেনেজাৰ বাংলোৰ কাষেদি বৈ গৈছে বুঢ়ীদিহিং নদীখন৷ নগৰীয়া জীৱনৰ যান্ত্ৰিক হুলস্থুলীয়া পৰিৱেশ আৰু মানুহৰ হাই-উৰুমিৰ পৰা বহু নিলগত নামছাং বাগিছা। বহুদিনৰ পৰা মনে বিচৰা পৰিৱেশ পাই অত্যন্ত সুখী হ’লোঁ আৰু বাগানৰ মেনেজাৰ বাংলোত নিশা কটোৱা ইচ্ছাটোও পূৰ্ণ হোৱাত কৃতাৰ্থ হ’লোঁ৷

নামছাং চাহ বাগানৰ মেনেজাৰ বাংলোটো বুঢ়ীদিহিং নদীৰ পাৰত ইমান ধুনীয়া পৰিৱেশত অৱস্থিত যে সেয়া নিজ চকুৰে নেদেখিলে বুজাবলৈ টান৷ বৃহৎ বাংলোটোৰ সন্মুখত ধুনীয়া মুকলি ল’ন বুঢ়ীদিহিং নদীলৈকে আৰু নদীৰ ঠিক পাৰতে গোল আকৃতিৰ কাঠৰ চাংঘৰ৷ পুৱা–গধূলি চাংঘৰত গৈ বহোঁ৷ চাংঘৰৰ পৰা ধুনীয়াকৈ দেখি নিচেই কাষেদি একাবেঁকাকৈ বৈ যোৱা বুঢ়ীদিহিং নদীখন৷ আমিও নৈপৰীয়া মানুহ-দৃশ্যটো দেখি মোৰ শৈশৱৰ দিনবোৰলৈ ঘূৰি গৈছিল আৰু বন্ধু কবি অৰুণ টেৰণৰ কবিতা এটিলৈ মনত পৰিছিল বাৰে বাৰে-

mangal_singh

“এই নৈখনে এইখিনিতে ভাঁজ লৈছিল এদিন—

আৰু

আমাৰ নাঙঠ শৈশৱবোৰ উমলিছিল

সেই ভাঁজবোৰৰ বলি চাপৰিত৷ “

চাংঘৰত বহি বুঢ়ী দিহিং নদী আৰু ইয়াৰ পাৰৰ ডাঠ হাবিখনৰ সৌন্দৰ্য আৰু ইয়াৰ চাৰিওফালৰ মনোৰম প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছিলোঁ৷ পুৱা-গধূলি নদীত মাছমৰীয়াই নাৱেৰে মাছ মৰা দেখিছিলোঁ৷ নদীখন প্ৰথম দেখাৰ দিনাৰ পৰাই কাঞ্চন বৰুৱাৰ “অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনলৈ মনত পৰিছিল৷ সেই যে পাঁচজন বন্ধু দিহিং নদীৰ ওপৰেদি নাৱেৰে কৰা ৰোমাঞ্চকৰ যাত্ৰাৰ কথা৷ যাত্ৰাৰ মাজত বতাহ-বৰষুণ, ধুমুহা-বজ্ৰ আৰু দুৰ্ঘটনা৷ তাৰ পিছত কমল নগৰৰ আৱিষ্কাৰ-চন্দন-চম্পা-গৌৰীৰ আৱিৰ্ভাৱ৷ মোৰ চকুৰ সন্মুখত চিত্ৰবোৰ জীৱন্ত হৈ উঠিল৷

এদিন নৱজ্যোতিয়ে বাগিচা দেখাবলৈ লৈ গ’ল৷ আমি গাড়ীৰে গোটেই বাগিচা ঘূৰিলোঁ। মাজে মাজে খোজো কাঢ়িলোঁ৷ নামছাং বাগিচাখন ৰছেল টী কোম্পানীৰ অধীনৰ বাগিচা৷ বাগানখন তেওঁলোকে ২০১২ চনত অধিগ্ৰহণ কৰে৷ দিহিং-পাটকাই বৰ্ষাৰণ্যৰ ঘন হাবি আৰু বুঢ়ীদিহিং নদীৰে আগুৰি থকা ৪৫০ হেক্টৰ বিস্তৃত পাহাৰ আৰু টিলাৰ ওপৰত অৱস্থিত নামছাং বাগিছাখন সঁচাকৈয়ে দেখিবলৈ অসমৰ অন্য চাহ বাগিচাবোৰৰ পৰা কিছু পৃথক৷ সৰু সৰু পাহাৰ আৰু ওখ টিলাৰ ওপৰত থকাৰ বাবে বাগানখনৰ সৌন্দৰ্য অধিক প্ৰকট হৈ চকুত ধৰা দিছিল৷ ভাবি আচৰিত হ’লোঁ- জনসমাগমৰ পৰা ইমান দূৰত অৰণ্যৰ মাজত ইয়াত কোনে প্ৰথমে চাহ বাগান খুলিবলৈ আহিছিল?

পিচতেহে গম পালোঁ- নামছাং বাগিচা বহু পুৰণি বাগিছা৷ অসমৰ প্ৰথম চাহ বাগিচাবোৰৰ এখন৷ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এই অঞ্চলবোৰ আচলতে অতীজতে চিংফৌ আৰু খামতিসকলৰ বসতি ঠাই আছিল৷ চীনৰ পিচতে কেৱল চিংফৌ আৰু খামতিসকলেই পৰম্পৰাগতভাবে চাহ তৈয়াৰ কৰি আহিছিল বনৌষধি হিচাপে আৰু তেওঁলোকৰ পৰাই ৰবাৰ্ট ক্ৰোছে ১৮২৩ চনত স্থানীয় চাহ গছ আৱিষ্কাৰ কৰাৰ পাছত বৃটিছসকলে বাণিজ্যিকভাবে উৎপাদন আৰম্ভ কৰিছিল৷ বৃটিছসকলে পোন প্ৰথমে ১৮৩৫ চনত চাবুৱাত চাহ খেতি আৰম্ভ কৰিছিল৷ কিন্তু বানপানীয়ে উটুৱাই নিয়াত তাৰ পৰৱৰ্তী বছৰত ওখ ঠাইত চাহ খেতি কৰিবলৈ সিদ্ধান্ত লোৱা হয়৷

এই নামছাঙতে ১৮৩৭ চনত বৃটিছসকলে পুনৰ চাহ খেতি আৰম্ভ কৰিছিল আৰু ১৯৩৭ চনত শত বাৰ্ষিকী উৎযাপন কৰিছিল, তাৰে মাৰ্বলেৰে নিৰ্মিত স্মৃতি স্তম্ভ এতিয়াও আছে৷ সেইটো সময়ত নামছাঙত নকটে আৰু ৱাংচু নাগাসকলে বসবাস কৰিছিল৷ তেওঁলোকৰ মাজত খৃষ্টধৰ্ম প্ৰচাৰৰ বাবে আমেৰিকান ব্যপ্তিষ্ট মিছনেৰিৰ মাইলছ ব্ৰনছনে ১৮৩৯ চনৰ জানুৱাৰী ৭ তাৰিখে তালৈ প্ৰথম গৈছিল আৰু জানুৱাৰী ২৯ তাৰিখলৈকে তাত আছিল৷ ব্ৰনছনে ১৮৩৯ চনৰ ডিচেম্বৰ মাহৰ ২০ তাৰিখে দ্বিতীয়বাৰৰ বাবে তালৈ গৈছিল আৰু তাত স্থানীয় লোকসকলৰ সহায়ত স্কুল স্থাপন কৰিছিল৷ সেই সময়ৰ পৰাই বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত জয়পুৰ আৰু নামছাং বৃটিছসকলৰ বাবে কৌশলগতভাবে এখন গুৰুত্বপূৰ্ণ ঠাই হৈ পৰিছিল; বিশেষকৈ তেতিয়াৰ বাৰ্মাৰ লগত স্থল পথেৰে যোগাযোগ স্থাপনৰ বাবে আৰু বৃহৎ আকাৰৰ চাহ খেতিৰ বাবে৷

আন এদিন নৱই চাহ প্ৰস্তুত কৰা দেখুৱাবলৈ কাৰখানালৈ লৈ গৈছিল৷ চাহ প্ৰস্তুত কৰা বিভিন্ন প্ৰক্ৰিয়া আৰু স্তৰসমূহ চালোঁ৷ নামছাং চাহ বাগিচাত ‘অৰ্থডক্স’ চাহ প্ৰস্তুত কৰা হয়৷ মই সুধিলো-‘অৰ্থডক্স চাহ মানে?’ চাহ সাধাৰণতে দুই ধৰণৰ পদ্ধতিৰে প্ৰস্তুত কৰা হয়-এটা হ’ল চিটিচি আৰু অৰ্থডক্স৷ অৰ্থডক্স চাহ হ’ল পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা চাহ৷ চাহ পাতক বাগানৰ পৰা তুলি অনাৰ পিছত ৱিদাৰ, ৰ’লিং আৰু ফাৰ্মেণ্টেছন কৰাৰ পিচতে শুকোৱাই এক দীঘলীয়া প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়-য’ত চাহ পাতৰ নিজস্ব প্ৰকৃত ‘ফ্লেভাৰ’ অক্ষুন্ন থাকে৷ চি টি চি হ’ল-Crush, Tear and Cut/curl পদ্ধতিৰে মেচিনত প্ৰস্তুত কৰা চাহ৷ নামছাঙত আহিহে চাহৰ এইবোৰ কথা জানিলোঁ৷

নামছাং বাগিছাত থকা কেইদিন পৃথিবীৰ অন্য প্ৰান্তৰ পৰা যোগাযোগ বিছিন্ন হৈ আছিলোঁ৷ কাৰণ তাত মোৰ ম’বাইলৰ ‘নেটৱৰ্ক’ নাছিল৷ বাতৰি কাকত নাই- সপ্তাহত এবাৰহে আহে, টিভি চোৱাৰ পৰাও মই বিৰত আছিলোঁ৷ মুঠতে মই নিৰুদ্বেগ আৰু শান্তিৰে দিনবোৰ অতিবাহিত কৰিছিলোঁ৷ নৱজ্যোতিৰ ল’ৰা দুজন ১১ বছৰীয়া ‘নীল’ আৰু ৫ বছৰীয়া ‘ৰিজ্জ’ৰ লগত বন্ধুত্ব গঢ়ি তুলিছিলোঁ আৰু সিহঁতৰ লগতেই সময় মোৰ ধুনীয়াকৈ পাৰ হৈছিল৷

নৱ আৰু মমিৰ আতিথ্যৰ কথা মই পাহৰিব নোৱাৰিম৷ তিনিদিনৰ পিছত নৱ আৰু তাৰ পত্নী মমীয়ে গাড়ীৰে মোক ডিব্ৰুগড়লৈকে থ’বলৈ আহিছিল৷ ঘূৰি আহোঁতে ৰাস্তাত টাই-ফাকেসকলৰ নামফাকে গাঁওখন আৰু বৌদ্ধ মন্দিৰ চাই আহিছিলোঁ৷ অসমৰ টাই-ফাকে জনগোষ্ঠীসকল হ’ল বৌদ্ধ ধৰ্মাৱলম্বী লোক৷ তেওঁলোক সেই তাহানিতে থাইলেণ্ডৰ পৰা অহা৷ থাইলেণ্ডৰ ৰাজকুমাৰীও ২০০৯ চনত এবাৰ তেওঁলোকক লগ কৰিবলৈ আহিছিল৷ টাই-ফাকেসকলৰ কথা ইমান দিনে জনা নাছিলোঁ৷ কাৰ্বি-আংলঙত মান-টাই ভাষী শ্যামসকলকহে মই কেৱল অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক বুলি ভাবিছিলোঁ৷ বুঢ়ীদিহিং নদীৰ পাৰত নামফাকে এখন ধুনীয়া গাঁও৷ ইয়ালৈ বহুতো পৰ্যটকক আহে৷ টাই-ফাকেসকল বৃহৎ মংগোলীয় নৃগোষ্ঠীয়ৰেই লোক, জনগোষ্ঠীটোৱে বৰ্তমানলৈকে নিজস্ব ধৰ্ম, পৰম্পৰা, ভাষা-সংস্কৃতি আৰু পৰম্পৰাগত জীৱন-প্ৰণালী অক্ষুন্ন ৰাখিব পাৰিছে৷

নামফাকে গাঁৱৰ পৰা ঘূৰি আহোঁতে হঠাতে মোৰ ম’বাইলটো বাজি উঠিল৷ ফোনটো ৰিছিভ কৰি কিছু সময় কথা পাতি ম’বাইল থৈ মনে মনে থাকিলোঁ৷ কিবা অনুমান কৰি নৱই সুধিলে-ঘৰৰ ফোন নেকি? ক’লোঁ- হয়, শ্ৰীমতীৰ ফোন। আগতীয়াকে খবৰ নিদিয়াকৈ নামছাঙলৈ গুচি অহাৰ বাবে আৰু তিনিদিন ফোনত নোপোৱাৰ বাবে গালি দিছে৷ ‘মই ঠিক ধৰিছিলোঁ’ নৱই ক’লে- ‘মই কাৰ্বি ভাষা কিছু বুজি পাওঁ।’ ( নৱ আৰু আমি ডিফুত একেখন স্কুলতে পঢ়া)৷ মমীয়ে তেতিয়া কৈ উঠিল- ‘মই হোৱা হ’লে কেতিয়াবাই তাল-ফাল লগাই দিলোঁহেঁতেন!’

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!