কাটাৰৰ ডায়েৰী : সাহিত্য আৰু সংস্কৃতিৰ পথাৰত কাটাৰৰ অসমীয়াসকল (চতু্ৰ্থ খণ্ড) –ডা০ ভূপেন্দ্ৰ শইকীয়া

২০১৩চনত নতুনকৈ দায়িত্বভাৰ লোৱা কাটাৰস্থিত ভাৰতীয় দূতাবাসৰ মাননীয় ৰাজদূত সঞ্জীৱ অৰোৰাই ৰাজধানী চহৰ ডোহাৰ সমুদ্ৰ তীৰৰ (যিটো অঞ্ল ‘কৰনীচ’ নামেৰে জনাজাত) মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ সুন্দৰ বিশাল পাৰ্কত ২৮আৰু ২৯নভেম্বৰত দুদিনীয়াকৈ ‘ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল’ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তেওঁ এই মহোৎসৱত ক্ষুদ্ৰ ভাৰতৰ এখন ছবি প্ৰতিফলিত হোৱাতো বিচাৰি তাৰ সঠিক ৰূপায়ণৰ দায়িত্ব ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰক (চমুকৈ আই চি চিক) অৰ্পণ কৰিলে৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰই সকলো মান্যতাপ্ৰাপ্ত গোটক মাতি মিটিং পাতি সকলো কথা ভাঙি-পাতি বুজাই কোৱাৰ ওপৰিও নিজ নিজ প্ৰদেশৰ কুটীৰ সামগ্ৰী, বস্ত্ আদিৰে একোখনকৈ ষ্টল সজোৱাৰ বাবে আহ্বান জনালে৷ লগতে ঘোষণা কৰিলে যদি কোনোবা গোটে নিজ অঞ্চলৰ পৰা হেণ্ডলুমৰ সামগ্ৰীসহ যদি কোনো প্ৰতিনিধিক আনিব খোজে তেন্তে ভাৰত চৰকাৰে সহজতে ভিছাৰ যোগাৰো কৰি দিব৷এই কথাখিনি মই ‘নিয়মীয়া বাৰ্তা’ৰ ‘প্ৰবাসী অসমীয়া’ শিতানত মোৰ লেখাৰ মাধ্যমেৰে অসমৰ ৰাইজক জনোৱাত বৰপেটা জিলাৰ সৰভোগৰ হেমন্ত নাথে কাটাৰলৈ আহিবলৈ আগ্ৰহ ব্যক্ত কৰিলে৷ তাৰ পিছত মই অক্টোবৰ মাহত কিছুদিনৰ বাবে অসমলৈ যোৱাত হেমন্ত নাথে খুড়াকৰ সৈতে মোক গুৱাহাটীৰ ঘৰত লগ ধৰি আৰু তথ্যপাতি সংগ্ৰহ কৰি হবলগীয়া প্ৰৰ্দশণীৰ বিষয়ে বুজ ললে৷ কাটাৰলৈ কি কি সামগ্ৰী আনিলে ভাল হব সেই বিষয়ে আলোচনা কৰিলে৷
এই বিশাল আৰু ভব্য আয়োজনত কাটাৰৰ অসম সমাজৰ অৱস্থান সম্পৰ্কে আমাৰ মনত অনেক সংশয় আছিল৷ চাৰি কুৰিৰো অধিক ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত গোটৰ ভিতৰত আমাৰ অসমৰ গোটতো তেনেই নৱাগত আৰু সংখ্যাৰ দিশৰ পৰা তেনেই তাকৰীয়া লোকৰে গঠিত৷ সেইসকলৰ মাজত আকৌ সক্ৰিয় ভাবে সামজিক কামত যোগ দিবলৈ সময় ওলিয়াব পৰা লোকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা ৷তৎসত্বেও কাটাৰৰ অসম সমাজে নিজৰ উপস্থিতিক অতি সবলভাবে প্ৰতিফলিত কৰিবলৈ সক্ষম হ’ল৷ভাৰত চৰকাৰৰ সৌজন্যত কাটাৰ চৰকাৰে প্ৰদান কৰা ৩মাহৰ চৰকাৰী (অফিচিয়েল) ভিছালৈ আমাৰ আমন্ত্ৰিত অতিথি হেমন্ত নাথ যথা সময়ত ডোহাত উপস্থিত হ’লহি৷অতি কম সময়তে তেওঁ প্ৰদৰ্শনীৰ বাবে অসমৰ পৰা কঢ়িয়াই লৈ আহিছিল বাঁহ-বেতৰ নানাবিধ সা-সৰঞ্জাম, অসমীয়া থলুৱা কুটীৰ শিল্পজাত বস্ত্ৰ, কাঁহ পিতলৰ বাচন আৰু আন আন সামগ্ৰী৷প্ৰদৰ্শনীৰ থলীত কাটাৰৰ সৰ্বাধিক প্ৰচাৰিত ইংৰাজী দৈনিক ‘গাল্ফ টাইম’চে হেমন্ত কুমাৰ নাথৰ সাক্ষাৎকাৰো ল’লে৷ ২৯নভেম্বৰৰ বাতৰিত ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলৰ ষ্টলসমূহৰ ভিতৰত আন কেইখনমান প্ৰদেশৰ লগতে অসমে ৰাইজৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলি বাতৰি প্ৰকাশিত হয়৷ বাকী চ’চাইটি কেইখন হ’ল কেৰালাৰ বিশ্বকলা বেদী, কৰ্ণাটক সংঘ, মহাৰাষ্ট্ৰ মণ্ডল, গুজৰাট সমাজ আৰু উৎকলিকা সমাজ৷ অসমৰ দৈনিক ‘গণ অধিকাৰ’বাতৰি কাকতৰ ২ডিচেম্বৰ সংখ্যাত ৰঙীন ফটোসহ ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলৰ বাতৰিটো প্ৰকাশিত হৈছিল৷
এতিয়া ‘ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল’ত আমাৰ উপলব্দ্ধিসমূহৰ কথালৈ আহোঁ৷
দুদিনত বিশ্বৰ নানা দেশৰ হাজাৰ হাজাৰ লোকে অসম সমাজৰ ষ্টল পৰিদৰ্শন কৰি জানিলে যে অসম চাহপাত,আগৰ,মূগা,চিল্ক, বস্ত্ৰশিল্প আৰু কুটীৰ শিল্পত চহকী বিশাল ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বৰ এক সমৃদ্ধিশালী সংস্কৃতিবান ৰাজ্য৷ কাটাৰ দেশতো অসমীয়া লোক আছে আৰু ভাৰত চৰকাৰৰ মান্যতাপ্ৰাপ্ত এখন চ’চাইটিও ডোহাত আছে৷
সাংস্কৃতিক সন্ধিয়াত কাটাৰ এয়াৰলাইনচত কৰ্মৰত ডেইজী দলে আৰু মনীষা দলেৰ বিহু নৃত্যৰ অন্তৰাৰ্ষ্ট্ৰীয় মঞ্চত অতীৱ মোহনীয় প্ৰদৰ্শণে দেশী-বিদেশী সকলোৰে মন উৎফুল্লিত কৰি তুলিলে আৰু আমি অসমীয়াসকলৰ বুকু গৌৰৱত উফন্দি উঠিছিল যেতিয়া বিদেশী মেমেও বিহু নাচৰ তালে তালে হাতচাপৰি বজাই আনন্দোলাস ব্যক্ত কৰিছিল৷ গোটেই ভাৰতবৰ্ষৰ সমৃদ্ধিশালী নৃত্যগীতৰ মাজতো বিহুয়ে সদায়েই এক মৰ্য্যাদাপূৰ্ণ আসন লভিবলৈ সমৰ্থ হোৱাটো জাতীয় গৌৰবৰ বিষয়৷
অনেক ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতো ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী (সভাপতি) শ্ৰীতৰুণ কুমাৰ বসু আৰু উপ-সভাপতি শ্ৰীগিৰীশ কুমাৰে একেখন মঞ্চতে আমাৰ অসম সমাজৰ দ্বিভাষিক স্মৰণিকা “নেদেখা সোণালী সূতাৰে বন্ধা” আৰু মোৰ অসমীয়া কিতাপ “কাটাৰৰ ডায়েৰী” উন্মোচন কৰিলে৷ স্মৰণিকাখনি উপস্থিত বিশিষ্ট ব্যক্তি আৰু ষ্টলসমূহত বিতৰণ কৰা হয়৷ “কাটাৰৰ ডায়েৰী”ৰ ইংৰাজী অনুবাদৰ পৰামৰ্শ কেইবাজনো ষ্টল পৰিদৰ্শণ কৰা লোকে দিয়ে৷আলোচনীখনৰ বিষয়ে পৃথকে পৃথকে শ্ৰীবসু আৰু শ্ৰীগিৰীশ কুমাৰৰ মতামত সোধাত এটাই মন্তব্য দুয়োজনৰ মুখৰ পৰা ওলাইছিল – ‘এস্কেলেন্ট’ ! শ্ৰীবসুৰ পৰিবাৰেও আমাৰ গোটৰ কেইবাজনৰ আগত স্মৰণিকাৰ মুকলি প্ৰসংশা কৰিছিল৷
কাটাৰ অসম সমাজৰ এগৰাকী কাৰ্যবাহী সদস্য দীপশিখা দেব আমাৰ যোৱা ৰঙালী বিহু সন্মিলনৰ এংকৰ আছিল৷ আমাৰ বাবে আনন্দ আৰু গৌৰবৰ কথা যে এইগৰাকী অসমীয়া যুৱতীয়ে দুয়োদিনৰ ‘ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল’ৰ এগৰাকী প্ৰমুখ একংৰৰ দায়িত্বশীল ভূমিকা সুন্দৰকৈ পালন কৰি দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হ’ল৷
কাটাৰৰ সাংস্কৃতিক বিভাগৰ মাননীয় মন্ত্ৰী হামাড হামডান অল-মহম্মেদানীয়ে আমাৰ ৰাজদূত আৰু ভালেকেইজন উচ্চপদস্থ বিষয়াৰ সৈতে আমাৰ ষ্টল পৰিদৰ্শণ কৰিব আহিল৷কাটাৰী মন্ত্ৰীয়ে অসমৰ বাঁহ-বেঁতৰ সামগ্ৰীসমূহ বৰ মনোযোগেৰে চালে৷ পাট-মূগাৰ বস্ত্ৰ হাতেৰে লিৰিকি-বিদাৰি চালে৷ আমাৰ ফালৰ পৰা এখনি পাটৰ চাদৰ তেওঁক উপহাৰ দিয়া হ’ল৷ সন্তোষ মনেৰে ষ্টল চাই মন্ত্ৰী মহোদয়ে মন্তব্য কৰিলে- ‘ইকো ফ্ৰেণ্ডলি’ !
আগ্ৰহীলোকে ইউটিউবত দৃশ্যাৱলী চাবলৈ লিংককেইটা হ’ল :
১) http://youtu.be/C5mWR5666lM নাইবা
২) http://www.youtube.com/watch?v=C5mWR5666lM&hd=1 আৰু
৩) http://www.youtube.com/watch?v=6mFwHI2QCH4&hd=1 ইয়াৰ ওপৰিও
৪) https://www.youtube.com/watch?v=qGJglCZiiJs
(২০১৫বৰ্ষৰ ইণ্ডিয়া কমিউনিটি ফেষ্টিভেলৰ দৃশ্য)

katar
সময় বাগৰিল – বিভিন্ন ব্যস্ততাৰ বাবে ৩য় ‘ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল’ ২০১৪ৰ সলনি ২০১৫ত অনুষ্ঠিত কৰিবলৈ ঠিৰাং কৰা হ’ল৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ বিষয়ববীয়া সলনি হ’ল৷সভাপতি শ্ৰীতৰুণ বসুৱে অৱসৰ ললে৷ আগৰ উপসভাপতি শ্ৰীগিৰিশসভাপতি নিৰ্বাচিত হ’ল৷ নতুন মেনেজিং কমিটিত এজন কৰ্মঠ অসমীয়া পলাশ দাসো অন্তৰ্ভুক্ত হ’ল৷থুলমুলকৈ ইয়াৰ পিছৰ বৰ্ণনাখিনি হব এনেকুৱা :
২০১৫চনৰ ১৯আৰু ২০মাৰ্চত দুদিনীয়াকৈ পালিত হয় ‘ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল’৷ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সংগঠন কাটাৰ অসম সমাজেও ইয়াত এইবাৰো অংশগ্ৰহণ কৰি নিজৰ অস্তিত্ব সফলতাপূৰ্বক প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়৷১৯ মাৰ্চৰ বিয়লি ৪বজাত উৎসৱ মুকলি কৰে কাটাৰৰ ভাৰতীয় ৰাজদূত শ্ৰীসঞ্জীৱ অৰোৰাৰ সৈতে কাটাৰা সাংস্কৃতিক ভিলেজৰ মুৰব্বী খালিড বিন ইব্ৰাহিম অল চুলটানিয়ে৷বুলগেৰিয়া আৰু দক্ষিণ কোৰিয়াৰৰ ৰাজদূতো উদ্ধোধনী অনুষ্ঠানৰ সন্মানিত অতিথিস্বৰূপে উপস্থিত আছিল৷ অতিথিসকলক পুষ্পবৃষ্টিৰে স্বাগতম জনোৱাৰ পিছত ভাৰতবৰ্ষৰ নানাৰঙী নৃত্যৰ এটি সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ উৎসৱথলীত নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ আৰ্হিত এটি বিশাল তোৰণ নিৰ্মাণ কৰি ওলিওৱা হৈছিল৷ নিশাৰ আলোকসজ্জা আৰু ভাৰতীয় তিৰংগাই চৌদিশে এক অপূৰ্ব পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ বিশিষ্ট অতিথিসকলক ভাৰতবৰ্ষৰ ৰাজদূতৰ সৈতে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী গিৰিশ কুমাৰে ষ্টলসমূহ পৰিদৰ্শণ কৰিবলৈ সংগ দিয়ে৷ প্ৰত্যেক গোটেই ষ্টলসমূহত নিজৰ প্ৰদেশৰ দৃশ্যাৱলী ফুটাই তুলিবলৈ প্ৰয়াস কৰিছিল৷ অসমৰ ষ্টল সজোৱা হৈছিল বাঁহ-কাঠৰ হস্তনিৰ্মিত কুটীৰ সামগ্ৰী, গামোছা, জাপি আৰু আন নানা ধৰণৰ বস্ত্ৰৰে৷ অতিথিসকলক গামোছা, এখনি স্মৰণিকা আৰু আন উপহাৰেৰে আদৰণি জনোৱা হয়৷ ৰাজদূত সঞ্জীৱ অৰোৰাই ‘অসম সমাজ’ বিগত বছৰ সমূহত উল্লেখনীয় অৱদান আগবঢ়াই অহা এটি সক্ৰিয় গোট বুলি বিদেশী অতিথিসকলৰ আগত পৰিচয় দাঙি ধৰে৷ দুয়োদিনাই নিশাৰ সাংস্কৃতিক সন্ধিয়া আয়োজন হয় কাটাৰৰ ভব্য এম্পি থিয়েটাৰত৷ ইয়াত ডোহাৰ ভাৰতীয় স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে আৰু বিভিন্ন প্ৰদেশৰ গোটসমূহে মোহনীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি ৫সহস্ৰাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ উল্লেখযোগ্যযে প্ৰথম নিশা স্থানীয় ডিপিএচ স্কুলৰ বিদ্যাৰ্থীসকলে আৰু দ্বিতীয় নিশা কাটাৰৰ অসম সমাজৰ যুৱতীৰ দলে বিহুনাচ প্ৰদৰ্শন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷এই সাংস্কৃতিক মহোৎসৱতেই কাটাৰৰ অসম সমাজৰ দ্বিভাষিক বাৰ্ষিক স্মৰণিকা “নেদেখা সোণালী সূতাৰে বন্ধা”ৰ দ্বিতীয় সংস্কৰণৰ উন্মোচন কৰা হয়৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি গিৰিশ কুমাৰ আৰু আই চি চিৰ মেনেজিং কমিটিৰ সমূহ সদস্যই এই উন্মোচনীত ভাগ লয়৷ কাটাৰৰ ওপৰিও বিশ্বৰ বিভিন্ন প্ৰবাসী অসমীয়াৰ বিভিন্ন স্বাদৰ লিখনিৰে সমৃদ্ধ এই স্মৰণিকাখনিৰ অনলাইন পিডিএফ প্ৰতিলিপি কাটাৰৰ অসম সমাজৰ ৱেবচাইটতো (www.assamsocietyqatar.org) আগ্ৰহী পাঠকসকলৰ বাবে উপলব্ধ কৰা হৈছে৷দুদিনীয়া এই উৎসৱত উপস্থিত হোৱা দৰ্শকৰ সংখ্যা ৬০হাজাৰৰ অধিক আছিল বুলি নিৰ্ভৰ যোগ্যসুত্ৰৰ পৰা জনা গৈছে৷অসম সমাজৰ কুটীৰ শিল্প আৰু দ্বিভাষিক স্মৰণিকাই অনেক বিদেশী দৰ্শকৰ মন মুহিবলৈ সমৰ্থ হয়৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!