কাটাৰৰ ডায়েৰী–২২ (ডা০ ভূপেন শইকীয়া)

-ধনী দেশৰ দৰিদ্ৰ মজদুৰৰ কাহিনী-

বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ এক অন্ধকাৰ দিশ পাঠকসকলক আজি অৱগত কৰিবলৈ প্ৰয়াস কৰিম৷ কাটাৰৰ ৰাজধানী ড’হাৰ সুউচ্চ, সুদৃশ্য ভৱন সমূহ, বিশাল পথ সমূহ আৰু অনেক বিশাল ফ্লাইঅভাৰৰ নিৰ্মাণত কাৰ ঘাম মিহলি হৈ আছে বুলি সুধিলে একে আষাৰেই ক’ব লাগিব – তাত দক্ষিণ পূব এচিয়াৰ হাজাৰ হাজাৰ বনুৱাৰ শ্ৰমৰ ঘাম সন্নিবিষ্ট হৈ আছে৷ জানিবলৈ মন নাযায়নে বাৰু কেনে জীৱন কটাইছে এই প্ৰবাসী শ্ৰমিকসকলে ? চিকিৎসক হিচাপেআামাৰ হয়তো  সমাজৰ যি কোনো লোকৰে কাষ চপাৰ সুবিধা অধিক – সেয়ে যোৱা কুৰিটা মাহৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত আজিৰ এই চমু লিখনি আগবঢ়ালোঁ৷

দক্ষিণ পূব এচিয়াৰ দেশসমূহৰ ভিতৰত অধিকাংশ শ্ৰমিক ঘাইকৈ ভাৰত,পাকিস্তান, নেপাল,বাংলাদেশ,  ম্যানমাৰ আৰু শ্ৰীলংকাৰ পৰাই কাটাৰ আৰু আন আৰবী দেশসমূহলৈ আহে৷এইসকলৰ নিম্নতম বয়স ওঠৰৰ পৰা উচ্চতম তিনিকুৰিৰ ওপৰৰ৷ শিক্ষাগত অৰ্হতা কোনোমতে ইংৰাজী আখৰকেইটা পঢ়িব পৰাৰ পৰা সৰ্বোচ্চ মেট্ৰিক ফে’ল৷ দেশত নিবনুৱা হৈ কষ্টকৰ জীৱন কটোৱাতকৈ বিদেশত ১০ঘন্টাৰ ডিউটি কৰি বিনামূলীয়া  আহাৰ  খাই চাকৰি কৰাটো ভাল বুলি এনে পথ এই সকললোকে বাচি লৈছে৷ শিক্ষাৰ অৰ্হতা নথকা হেতুকে এওঁলোকক বিদেশত চাকৰি যোগাৰ কৰি দিয়ে সেই দেশসমূহত থকা চৰকাৰী মান্যতা প্ৰাপ্ত এজেঞ্চিসমূহে৷ ৯৯% বনুৱা এইদৰে এজেঞ্চিৰ দ্বাৰা গাল্ফলৈ প্ৰেৰিত হৈ আহিছে৷ এওঁলোকক পাচপৰ্ট, ভিছা, বিমানৰ টিকট  সকলো এজেঞ্চিয়ে যোগাৰ কৰি দিয়ে৷এজেঞ্চিয়ে সপোন দেখুৱায় – সদায় তিনিবেলা বিনামূলীয়া খাদ্য খাবলৈ পোৱাৰ বাবে দৰমহা গোটেইখিনি বাচি যাব৷ অ’ভাৰটাইম কৰি অতিৰিক্ত পইচা ঘটিব পাৰিব৷বাতানুকুলকোঠালীত আৰামত থাকিবলৈ পাব৷ কামলৈযাওঁতেও কোম্পানীৰ বাতানুকুল গাড়ীত যাবলৈ পাব৷ঘৰলৈ আহিবলৈ বিনামূলীয়া বিমান টিকট কোম্পানীয়ে দিব, ইত্যাদি৷ চাকৰি আৰু ৰঙীন সপোন যচাৰ বিনিময়ত এজেঞ্চিয়ে প্ৰাৰ্থীজনৰ পৰা ন্যূনতম ৭৫ হাজাৰৰ পৰা দুই লাখ টকালৈকে লয়৷ এজেঞ্চিয়ে দেখুওৱা সপোনত ভোলগৈ চাকৰি বিচৰা প্ৰাৰ্থীজনে অ’ৰ ত’ৰ পৰা ধাৰ কৰি নাইবা মাটি-বাৰী বেচি বিদেশলৈ আহিবলৈ উদ্যত হয়৷ আৰু এটা সময়ত এই সকলো প্ৰক্ৰিয়া শেষ কৰি বিদেশ পাইহি৷ ইয়াত আহি কাৰোবাৰ সপোন তচনচ হয়, কোনোবাই যেনেতেনে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ মানসিকভাৱে প্ৰস্তুত হয়৷ একোজনে ভাগি পৰি নানান শাৰীৰিক,মানসিক ৰোগত ভোগে৷ পোনতেই পোৱা আঘাতটো হ’ল এজেঞ্চিয়ে কোৱা আৰু ইয়াত কৰ্মস্থলীত পোৱা দৰমহাৰ তাৰতম্য৷ ৰাজ-মিস্ত্ৰী, কাঠ-মিস্ত্ৰী, পানী-মিস্ত্ৰী সকলোৱে ইয়াত আহি যি কাম জানে তাকে কৰিলেও হৈ পৰে যোগালি বা সাধাৰণ বনুৱা৷ গতিকে  দৰমহা ন্যূনতম ৬০০পৰা সৰ্বোচ্চ ৯০০ৰিয়ালহে পায়৷ এক ৰিয়াল ভাৰতীয় ১৫ টকাৰ সমান৷ অ’ভাৰটাইমো সকলো কোম্পানীতে কৰাৰ সুবিধা নাপায়৷ তদুপৰি শৰীৰেনো কিমান টানিব?  অসুখত বিনা চিকিৎসকৰ প্ৰমাণ পত্ৰৰে কাম ক্ষতি কৰিলে দৰমহা কটা যায়৷ ভূতৰ ওপৰত দানহ পৰাৰ দৰে কোনো কোনো জন কৰ্মচাৰীৰ বুকুৰ এক্সৰেত সন্দেহজনক টি বি ৰোগৰ লক্ষণ ধৰা পৰিলে মন্টোস্ক টেষ্ট কৰা হয়৷ এই দুয়োটাৰ এটাও পজিটিভ হলে ব্যক্তিজনে “কাটাৰী আই ডি” বা স্থায়ী ভিছা নাপায়৷ প্ৰতি মাহতে এইদৰে দুই এজন ইয়াত কৰ্মসংস্থান বিচাৰি অহা ব্যক্তিয়ে এমাহৰ ভিতৰতেই স্বদেশলৈ  ঘূৰিবলগীয়া হয়৷

কাৰো গোপনীয়তা ভংগ নকৰাকৈ জনাওঁযে এনে দৰিদ্ৰ কৰ্মচাৰী বহুতে অবাটেও যায়৷ কাটাৰত বিলাতী মদ মাত্ৰ দামী হোটেল, ৰেষ্ট্ৰুৰাতহে পায় , তাকো তাতে বহি খাবলৈহে, ঘৰলৈ লৈ যাব নোৱাৰে৷কিছুমান কৰ্মচাৰীয়ে শুকুৰবাৰৰ সাপ্তাহিক বন্ধৰ দিনা সস্তীয়া মদ বা আন নিছা জাতীয় দ্ৰব্য যেনেতেনে যোগাৰ কৰি সেৱন কৰে৷ আৰু কিছুমানে তেওঁলোকৰ আৱাসিক কেম্পৰ ওচৰৰ হৰেক মাল পোৱা সাপ্তাহিক বজাৰত  ঝাণ্ডিমুণ্ডা বা আন ভাগ্য পৰীক্ষাৰ জুৱাত এক বুজন ধন উৰুৱায়৷ এওঁলোকক বেৰি থকাসকল ভাৰতীয়,নেপালী নাইবা বাংলাদেশী নাগৰিক৷ ফটো তুলিবৰ বাবে মই এক ৰিয়াল দলিয়াই ভিৰৰ মাজৰ এজন হৈ পৰিলোঁ৷ আকস্মিকভাৱে মোৰ ভাগ্যত দহ ৰিয়াল উঠিল যদিও দ্বিতীয় বাৰ জুৱাত ভাগ ন’লৈ হাটৰ পৰা প্ৰস্থান কৰিলোঁ৷ এনে সাপ্তাহিক বজাৰৰ সংখ্যা অনেক৷প্ৰত্যেকখন বজাৰৰ দৃশ্য কিন্তু একেই৷ন-পুৰণি কাপোৰ, জোতা-চেণ্ডেল, শাক পাচলি, ফল-মূল,মাছ, তেল-চাবোন-প্ৰসাধন সামগ্ৰী, হিন্দী-মালায়লম-তামিল-বাংলা-নেপালী ভিডিঅ’ চিডি, ঝালমুড়ি-চানাচুৰ আৰু ভাগ্য পৰীক্ষাৰ নামত দুই তিনিবিধ জুৱা৷এনে হাটলৈ কোনো স্থানীয় কাটাৰীলোক বা প্ৰশাসনৰ লোক কাহানিও নাযায়৷ মাজে মাজে দুই এজন যৌন ব্যাধি হোৱা কৰ্মচাৰীও চিকিৎসাৰ বাবে মোৰ ওচৰলৈ আহে৷ ইয়াৰ পৰা জনা যায় যে নিষিদ্ধ বৃত্তিও গোপনে ক’ৰবাত ক’ৰবাত চলি নথকা নহয়৷

শতাধিক কনষ্ট্ৰাকচন কোম্পানী, তেল আহৰণ কাৰী কোম্পানীৰ ভিতৰৰ আঙুলিৰ মূৰত লিখিব পৰা কোম্পানীয়ে হে নিজৰ শ্ৰমিকৰ সাধাৰণ সুখ-সুবিধাৰ প্ৰতি চকু দিয়ে৷ বেছিভাগ কোম্পানীয়েই যেনেতেনে শ্ৰমিকৰ পৰা কাম আদায় কৰাৰহে পক্ষপাতী৷ শ্ৰমিকসকলে আঠ ঘণ্টাৰ ডিউটি আৰু দুই ঘণ্টাৰ অ’ভাৰটাইমৰ বাবে দুই আঢ়ৈ ঘণ্টাৰ আগতেই সাজু হ’বলগীয়া হয় কিয়নো থকা হোষ্টেলৰ পৰা কৰ্মক্ষেত্ৰলৈ বাচেৰে যাবলৈ কমেও এক দেৰ ঘণ্টা সময় লাগে৷

মই স্বাস্থ্য পৰীক্ষা কৰিব যোৱা এটা  ইন্টাৰনেশ্যনেল কোম্পানী এনে ব্যতিক্ৰমৰ ভিতৰত পৰে৷  শ্ৰমিকসকলক  উদগনি দিবলৈ মাহেকীয়া আৰু বছেৰেকীয়া শ্ৰেষ্ঠ শ্ৰমিক বঁটাৰ ব্যৱস্থা সেই কোম্পানীটোত আছে৷ আৰু আছে নিয়মীয়া স্বাস্থ্য শিক্ষা আৰু বিনামূলীয়া চিকিৎসাৰ সু-ব্যৱস্থা৷ আজৰি সময়ত খেলিবলৈ কেৰম আৰু ভলীবলৰ সুবিধা৷ ডাইনিংহল আৰু হোষ্টেলত আছে কেবলযুক্ত টিভি৷ বিনামূলীয়া ইন্টাৰনেটৰো সুবিধা  কোম্পানীয়ে দিছে৷ কিন্তু পুনৰাই কম এয়া এক ব্যতিক্ৰমহে৷

মোখনিত ইমানেই কম যে শিক্ষা নথকা কোনো লোকেই এজেন্টৰ প্ৰলোভনত পৰি বিদেশত চাকৰি কৰিবলৈ আহিব নালাগে৷ চাকৰিৰ নামত খৰচ কৰা টকাৰে যি কোনো সৰু-সুৰা ব্যৱসায় কৰিও অনায়াসে পেট প্ৰবৰ্তাব পাৰে৷ বিদেশলৈ অহা এনে দৰিদ্ৰ, কোনো শিক্ষা বা কাৰিকৰী অৰ্হতা নথকা লোকে বিপদত পৰিলে নিজ দেশৰ দূতাবাসৰ সহায় আশা কৰাটোও অলীক কল্পনাৰ বাহিৰে একো নহয়৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক