কাঠফুলা (মাধুৰীমা ঘৰফলীয়া)

তৰালীৰ ঘৰলৈ অহাৰ কোনো পৰিকল্পনাই নাছিল। বিহুটোক বিদায় দি কোনোমতে আজৰি হৈছিলহে, তাতে খেতিৰ আগতীয়া কামবোৰে মূৰ তুলি চাই আছে। তেনে অৱস্থাত মাকৰ ঘৰলৈ গৈ এসপ্তাহ সময় থাকি অহাটো ভাবিবই নোৱাৰি। কিন্তু ডাঙৰ বায়েকে যেতিয়া ফোন কৰি ক’লে- ‘বহুদিন গোটেইকেইজনী একেলগে ঘৰলৈ যোৱা নাই। মাজু ভণ্টি আৰু ডাঙৰ ভণ্টিও যাম বুলি কৈছে। তয়ো ওলা। মই ভাইটিহঁতক খবৰ দিলোঁৱেই। ‘বায়েকৰ কথা শুনি তৰালী গাত তত নাইকিয়া হ’ল। লগা-লগ গিৰিয়েক আৰু শাহুৱেকৰ আগত ঘৰলৈ যোৱা পৰিকল্পনা সদৰী কৰিলেগৈ। শাহুৱেকে একো নক’লে যদিও গিৰিয়েকে হাঁহি হাঁহি সুধিলে– ‘এইবাৰ মানে মাৰ সলনি তুমিহে ‘ঘৰত’ বিহু সামৰিবাগৈ।‘ তৰালিয়ে গিৰিয়েকৰ কৌতুকটো বুজি পাই মিচিকিয়াই হাঁহিলে। বয়সে সত্তৰ গৰকা শাহুৱেকে নিজৰ মাকৰ ঘৰলৈ বুলি যাবলৈ ওলাই যেতিয়া কয় ’ঘৰৰ পৰা এপাক আহোঁগৈ’, তেতিয়া পুতেকে মাকক সদায় ইতিকিং কৰি কয়- ‘আই, নাতিৰ মুখ দেখিলি, তথাপি আজিও তই ঘৰ বুলি মোমাইদেউহঁতৰ ঘৰখনহে কৱ। এইখন ঘৰ কেতিয়াকৈ তোৰ হ’ব হয়নে!’ শাহুৱেকে সেইসময়ত কোনো উত্তৰ নিদিয়ে। আজি তৰালীয়েও শাহুৱেকৰ দৰে কোনো উত্তৰ নিদিলে। আচলতে এজনী নাৰীয়েহে বুজে জন্মৰ পৰা নিজৰ বুলি ভবা ঘৰখনক যে কেতিয়াও আনৰ ঘৰ বুলি ক’ব নোৱাৰি!

যি কি নহওঁক, কথামতেই কাম। এসপ্তাহৰ পাছতেই তৰালিহঁত ঘৰ পালেগৈ। চাৰিওজনীৰ বাই-ভনীৰ মাতে-কথাই ঘৰখন জীপাল কৰি তুলিলে। প্ৰথম দুটা দিন ভাইবোৱাৰীয়েকহঁতৰ সৈতে কথাৰ বজাৰ মেলোঁতেই গ’ল, তাৰ পাছতহে ইঘৰ-সিঘৰে চাহপানীৰ জুতি ল’লেগৈ।

-নিতাই খুৰীদেউৰ অৱস্থা বোলে একেই হৈ আছে। বলচোন যাওঁ খবৰ এটা কৰি আহোঁগৈ। মাজুবায়েকৰ কথা শুনি তৰালীৰ বাহিৰে গোটেইকেইজনী যাবলৈ ওলাল।

-তই নাযাৱ নেকি?

ডাঙৰ বায়েকে তৰালীৰ হাৱ-ভাৱ দেখি সুধিলে।

-তহঁতেই যাচোন, মোৰ কাম এটা আছে। পাছত যাম।

-পাছত কৰিবি থ তোৰ কাম। বল গোটেইকেইজনী একেলগে যাওঁ। বেচেৰী কেও কিছু নোহোৱা মানুহজনীৰ খবৰ এটা ল’বলৈ যাম বুলি কওঁতে তোৰ কিহৰ কাম ওলাল হয়নে।

বায়েকৰ খেচখেচনিত তৰালী ওলাবলৈ বাধ্য হ’ল। এনে নহয় যে নিতাইনীক চাবলৈ যাবলৈ তাইৰ মনে বিচৰা নাই, কিন্তু কিবা এক সংকোচবোধে আজি বহুবছৰে তাইক নিতাইনীৰ সন্মুখীন হ’বলৈ দিয়া নাই। অথচ আগতে সেইখন ঘৰতেই দিনে কিমান সময় পাৰ কৰিছিল। কেতিয়াবা ফল-মূলেৰে ভৰি থকা বাৰীখনত ফল-মূল বিচাৰি, আকৌ কেতিয়াবা নিতাইনীৰ আমন্ত্ৰণত।

-সেইজনী তৰালী নহয়নে? ঐ এইফালে আহ।

বাটেদি গৈ থকা তৰালীয়ে সেইসময়ত নিতাইনীৰ মাত শুনিলেই ভয় খায়। স্কুলৰ পৰা আহোঁতেই সিহঁতে পাতি আহে আজি ক’ত কি খেলিব। এতিয়া নিতাইনীয়ে মতা মানে দুঘণ্টামান সময় বৰ্বাদ হোৱা। নিজৰ সমুখত পীৰা এখনত বহুৱাই ডিঙি বিষাই যোৱাকৈ তেওঁ ওকণি চাব। ওকণি চাবলৈ পালে মানুহজনীক একো নালাগে। তাতে তৰালীহঁতৰ দৰে চুটি চুটি চুলিত ওকণি চাই আৰু ভাল পায়। মাজে মাজে তৰালীক কয় – ‘এইসোপা ওকণি মূৰত লৈ ফুৰিছ। চাবলৈও নিদিয়, চাবি কোনোবা এদিন ওকণিয়ে তোক বাঁহগছৰ ওপৰলৈ তুলি নিব।‘

বহুদিনলৈকে তৰালীয়ে ভয় খাই আছিল। কেনেবাকৈ যদি ওকণিয়ে বাঁহগছৰ ওপৰলৈ তুলি নিয়ে, তাই কেনেকৈ নামি আহিব! পিছে অকণমান ডাঙৰ হোৱাৰ পাছতহে তাই ভাবি চালে ইমান কনমানী ওকণিজনীয়ে তাইক কেনেকৈ দাঙি নিব পাৰিব! তেতিয়াৰ পৰাহে তাইৰ সেই ভয়টো কমিল। আজিকালি তাইৰ মূৰত ওকণি নাই। চেম্পু, হেনা এইবোৰৰ কোপদৃষ্টি পৰি ওকণিবোৰ কেতিয়া কেনেকৈ শেষ হৈ গ’ল ক’বই নোৱাৰিলে। তৰালীয়ে মুখত ভৰাই লোৱা তামোলখন পাগ উঠোঁতেই চাৰিজনী বাই-ভনী গৈ নিতাইনীৰ ঘৰৰ বাৰাণ্ডাত উঠিল। ঘৰখন নিজম পৰি আছে। নিজম পৰি নাথাকিবলৈ ঘৰত আছেনো কোন। দদায়েক সৰুধন ঢুকোৱা কেইবাবছৰো হ’ল। নিঃসন্তান নিতাইনীজনীও তাৰ অলপ দিনৰ পাছতেই বেমাৰী হৈ পৰিল। ওচৰতে থকা ভতিজাকেইটাই পাল-পাতি চোৱা চিতা কৰে বুলিহে। তৰালীয়ে বাৰাণ্ডা খনলৈ চালে বহুদিন সৰা-মোচা নাই চাগৈ। ঠায়ে ঠায়ে শেলুৱৈ পৰিছে। ভিতৰলৈ সোমাই যোৱাৰ লগে লগে ভেকেটা-ভেকেট গোন্ধ এটাই সিহঁতক নাকত সোপা দিবলৈ বাধ্য কৰালে। সিহঁতক যোৱা দেখিয়েই চাগৈ ভতিজাবোৱাৰী এজনী দৌৰি আহিল।

-ইয়াত বহিব জানো বাইদেউ। বৰ গোন্ধ ওলায়। চাফা কৰিলেও লাভ নাই। বোৱাৰীজনীয়ে দোষী দোষী ভাৱত কোৱা কথাষাৰ শুনি ডাঙৰ বায়েকেই মাত লগালে

-একো নহয় দিয়া। এনেই খুৰীদেউক চাই যাওঁ বুলিহে সোমালোঁ। সিহঁতৰ মাত শুনিয়েই নে কি জানো হাড়ে-ছালে লগা শুই থকা মানুহজনীয়ে চকু দুটা মেলি ইফালে-সিফালে চালে। হঠাৎ তৰালীৰ চকুৱে চকুৱে পৰিল। তৰালীয়ে মন কৰিলে মানুহজনী চক খাই উঠিছে। ঠিক সেইদিনাৰ দৰেই…

মাকহঁতৰ বুবু-বাবা শুনি তৰালীহঁতে গম পাইছিল সৰুধন দদায়ে বোলে আকৌ বিয়া পাতিলে। নতুন খুৰীয়েকক চাবলৈ বুলি তৰালীহঁতে স্কুলৰ পৰা আহিয়েই ঢাপলি মেলিছিল। কোনোবাজনীয়ে দৰ্জাৰ আঁৰ লৈ, কোনোবাজনীয়ে পৰ্দাৰ আঁৰ লৈ ন-খুৰীয়েকক চালে। তৰালীৰ চকু আক’ নিতাইনীৰ ওপৰতো পৰিল। মানুহজনীয়ে যেন ভু-ভাৰস্তৰ কথা গম নাপায় তেনেকৈয়ে তামোল এসোপা লৈ ইটোৰ পাছত সিটো কাটি বঁটা ভৰাই দিছে। তৰালীৰ নিতাইনীক মাত লগাবলৈ ভয় লাগিল। কোনো জানে তেওঁ কি ভাবি আছে। তৰালীয়ে বুজি পাইছিল। নিজৰ বিয়াৰ পাছত তৰালীয়ে বুজি পাইছিল আৰু সেই দৃশ্যটো মনত পেলাই ভাবিছিল কেনে যন্ত্ৰণাত মানুহজনীয়ে সিদিনা তামোল কাটি আছিল। হয়তো তামোলৰ লগতে সিদিনা মানুহজনীয়ে আৰু বহু কিবা-কিবিয়েই কাটি গৈছিল! ন-খুৰীয়েক অহাৰ পাছত তৰালীহঁতৰ ওকণি চোৱাৰ পৰ্বটো কমি আহিছিল। প্ৰায়ে পুৱা জলফাই, বগৰী আদি বিচাৰি নিতাইনীহঁতৰ বাৰী ঘুঁকটিয়াই ফুৰা তৰালীয়ে মন কৰিছিল নিতাইনীৰ চকুবোৰ পুৱা প্ৰায়েই ৰঙা হৈ থাকে। বেঙাৰ দৰে তাই এদিন সুধিছিল- ‘খুৰীদেউ, আজিকালি আপোনাৰ ৰাতি টোপনি খতি হয় নেকি? চকুদুটা যে ইমান ৰঙা হৈ থাকে।‘ নিতাইনীয়ে মিচিকিয়াই হাঁহি এটা মাৰি কৈছিল- ‘এৰাও আজিকালি ঘূণ পোক এটাই ৰাতি ইমান হুলস্থূল কৰি থাকে নহয় টোপনি ধৰিলেও ভাঙি যায়।‘ ওচৰেদি ৰঙা-চিঙা পৰি ন-খুৰীয়েক পাৰহৈ গৈছিল।
সেইদিনা তৰালীৰ ওপৰেদিও দোমোজাৰ ধুমুহা এজাক পাৰহৈ গৈছিল। সৰুধনে চোতালত পৰি থকা ন-ঘৈণীয়েকৰ শটোৰ আগত হিয়ালি-জিয়ালিকৈ কান্দিছিল। বাৰাণ্ডাত নিতাইনী শিল হৈ বহি আছিল। নতুন মানুহজনী গৰ্ভৱতী হৈছিল। মাজে মাজে ইটো সিটো খাবলৈ মন গৈছিল। বাপেক হ’বলৈ ওলোৱাৰ সুখে সৰুধনক উতলা কৰি ৰাখিছিল। গতিকে মানুহজনীয়ে যিহকে খোজে তাকে যোগান ধৰিবলৈ চেষ্টা কৰিছিল। সেইদিনা মানুহজনীৰ কাঠফুলা খাবলৈ মন গ’ল। সৰুধনেও হাবিৰ পৰা বিচাৰি বিচাৰি কাঠফুলা অলপ আনিলেগৈ। পাকঘৰত সোমালেই বমি বমি ভাৱে মানুহজনীক জুৰুলা কৰে বাবে নিতাইনীয়েই আগৰদৰে পাকঘৰৰ দায়িত্ব ল’ব লগা হৈছিল। কাঠফুলাখিনি দেখিয়েই হেনো নিতাইনী জ্বলি উঠিছিল এনে সময়ত এই বিষাক্ত বস্তুবোৰ খাবলৈ আনি দিয়াৰ বাবে। পিছে সৰুধনেহে ওলোটাই ক’লে-অত দিনে খাই আছে, একো হোৱা নাই। তেওঁ কিবা নাজানে নেকি কোনবোৰ কাঠফুলা বিষাক্ত। আৰু ৰান্ধোতে বেঙেনা ফুল দি ৰান্ধিলেই হ’লচোন। ক’লা পৰিলেই গম পাব বেয়া বুলি। তেতিয়া নাখালেই হ’ল। মুঠতে গৰ্ভৱতী মানুহজনীৰ খাবলৈ মন গৈছে যেতিয়া তাই ভালে ভালে ৰান্ধি দিব লাগে। নিতাইনীয়ে আৰু একো নকলে। জা-জলপান খুৱাই সৰুধনক কামলৈ পঠাই দি সতিনীয়েকৰ বাবে ৰান্ধিবলৈ লাগিল।

পুৱা গুচি আবেলি হ’লহি। সৰুধন আহি ঘৰ সোমাৱাৰ লগে লগে হুৱাদুৱা লাগিল। শৌচ-বমিৰে একাকাৰ হৈ নতুন মানুহজনীৰ অৱস্থা কাঢ়িল। ইফালে-সিফালে বিচাৰি তাঁতশালত বহি থকা নিতাইনীক দেখি চোঁচৰাই আনিলেগৈ। বাকীখিনি কাম নিতাইনীয়েই কৰিলে। ওচৰ-চুবুৰীয়াক খবৰ দিলে। গাড়ী যোগাৰ কৰিলে। সৰুধনে মাথোঁ মানুহজনীৰ মূৰটো কোলাত লৈ বহি থাকিল। গাড়ী আহি চটফটাই থকা মানুহজনীক হাস্পতাললৈ লৈ গ’ল। পিছদিনা সেইজনী মানুহ ঠৰঙা হৈ ঘৰ পালেহি। কিছুমানে সৰুধনক দোষ দিলে, কিছুমানে নিতাইনীক। মানুহজনীৰ ইমান গা-বেয়া, তাইটো খবৰ এটা ল’ব পাৰে। নিতাইনীয়ে পিছে ডাঙৰ ডাঙৰ মাতেৰে সকলোকে জনাই দিলে, অনা দিনৰ পৰা মাত-বোল নকৰা মানুহজনীৰ কোঠাত সোমাই গৈ তাই কি সুধিলেহেঁতেন? তাইৰ যদি ইমানেই গা-বেয়া আছিল মাত এষাৰটো দিব পাৰিলহেঁতেন! ইমান বাহাদুৰি!

তৰালিয়ে সেইদিনাই চাগৈ শেষবাৰৰ বাবে নিতাইখুৰীয়েকক ভালকৈ চাইছিল। তাৰপাছত এনায়েকৰ ঘৰত থাকি পঢ়িবলৈ গুচি অহাৰ বাবে নিতাইনীৰ মুখা-মুখি নহ’লেই। মাথোঁ আৰ-কাণে তাৰ-কাণে তেওঁলোকৰ খবৰবোৰ শুনিছিল। আৰু আজি অতবছৰৰ মূৰত তেওঁক দেখিছে।

ঘৰটোৰ দুৰ্গন্ধ সহিব নোৱাৰি বায়েকহঁত ইতিমধ্যে ওলাই গৈছিল, তৰালিহে নিজৰ ভাৱত মত্ত হৈ ৰৈ গৈছিল। তাই ওলাই আহিব খুজিও আকৌ এবাৰ নিতাইনীৰ ফালে চালে। তেওঁও তাইলৈকে চাই আছিল। তৰালিয়ে লাহেকৈ তেওঁৰ হাত এখন নিজৰ হাতদুখনৰ মাজত ভৰাই ল’লে। মানুহজনীৰ চকুৱেদি হৰহৰাই চকুপানী ওলাই আহিল। নিতাইনীয়ে হয়তো তাইক কিবা ক’বলৈ চেষ্টা কৰিছিল। তৰালিয়ে সেই সুবিধা নিদি তেওঁৰ চকুপানীখিনি মোহাৰি ওলাই আহিল।

ন-খুৰীয়েক ঢুকোৱাৰ দিনাও এইকেইটা চকুত চকুপানী ওলাইছিল, পিছে সেয়া সুখৰ নে দুখৰ সেয়া আজিও তৰালিৰ বাবে সাঁথৰ হৈ আছে। কিন্তু চকুপানী ওলোৱাৰ এদিনৰ আগত সেই চকুহাল ভয়ানক ভাৱে চক খাই উঠিছিল, ঠিক আজি উঠাৰ দৰেই।

মাকক ৰন্ধাত অলপ সহায় কৰি দিওঁ বুলি ভাবিয়েই তৰালিয়ে ঢেঁকীয়া বিচাৰি গৈছিল। গছ-গছনিৰে ঠাহ খাই থকা বাৰীখনত হাওলি হাওলি ঢেঁকীয়া বিচাৰি ফুৰা তৰালি ঢাক খাই পৰিছিল। এবাৰ কঁকালটো পোনাই থিয় হওঁতেই দেখিলে সমুখত নিতাইনী। তেওঁও তৰালীক দেখি ভূত দেখাৰ দৰে উচপ খাই উঠিছিল। তৰালীয়ে কিবা এটা সুধিবলৈ পোৱাৰ আগতেই খৰখেদাকৈ নিতাইনী আঁতৰি গৈছিল। তৰালী অলপ আচৰিত হৈছিল যদিও একো নাভাবি পুনৰ মৌন হৈ ঢেঁকীয়া বুটলিবলৈ লাগি গৈছিল। সেই মৌনতাই আজিও তৰালীক বিন্ধি আছে। কম কম বুলিও তাই কাকো সেইকথা খুলি ক’ব পৰা নাই। কিন্তু আজি নিতাইনীৰ চকু পানীখিনি দেখি ভাবিলে কিছুমান কথা সময়ৰ সৈতে পাহৰি যোৱাই ভাল। লাগিলে সেইয়া ভুলেই হওক। সিদ্ধান্তটো লৈ তৰালীৰ মনটো পাতল পাতল লাগি গ’ল।

ঢেঁকীয়া বিচাৰি ফুৰা তৰালীয়ে সেইদিনা স্পষ্টকৈ দেখিছিল নিতাইনীৰ হাতৰ মুঠিত সোমাই আছিল দুজোপা কাঠফুলা গছ !

Top of Form

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!