খেল – কৌশিক শান্দিল্য

নাতিয়েকটোৰ থেনথেননি, খচমচনিত সাৰ পাই উঠিল ৰহমত৷ চকুদুটা আধামেলা যেন কৰি বেৰৰ ফাঁকেৰে বাহিৰলৈ জুমি চাই সময় আন্দাজ কৰিবৰ চেষ্টা কৰিলে৷ বাহিৰ খন এন্ধাৰ৷ একো নমনি৷ ওচৰৰ বাঁহনি জোপাত ফেঁচা এটাই কুৰুলিয়াই উঠিল৷ “চাৰিমান বাজিবৰ হ’ল বোধহয়”

ৰহমতে মনতে ভাবিলে৷ নাতিয়েকটোৱে আজি গোটেই ৰাতিয়েই থেনথেনাই থাকিল৷ কেৱল আজি ৰাতিয়েই নহয় যোবা চাৰি পাঁচদিন ধৰি সি ভালদৰে শুব পৰা নাই৷ শুব কিদৰে, আধাপেটী ল’ৰা এটা জানো ভালদৰে শুব পাৰে৷ যোৱা এসপ্তাহ ধৰি এসাঁজ এসাঁজ কৈহে খাবলৈ পাইছে৷ যোৱা কালিৰে পৰা সেইখিনিও নাইকিয়া হৈ থাকিল৷ খুজিবওনো কাক, গাওঁখনৰ সকলোৰে একেই অৱস্থা৷

“কি কৰা যায়”? শুই শুইয়েই চকুদুটা মুদি চিন্তা কৰিলে ৰহমতে৷
“আজি কিবা এটা খোৱাৰ যোগাৰ নকৰিলে নাতি ল’ৰাটো শুকাই মৰিব”৷
ৰহমত আৰু নাতিল’ৰা ৰৌশন৷ এই পৃথিৱীত আজি দুয়ো দুয়োৰে সাৰথি৷ অথচ কেইদিনমান আগলৈকে ঘৈণীয়েক, পুতেক, বোৱাৰীয়েক, নাতিয়েকেৰে ৰহমতৰ এখন ভৰপুৰ সংসাৰ আছিল৷
ৰহমতৰ পুতেক ফজল, বোৱাৰীয়েক জাহানাৰা, ঘৈণীয়েক হামিদা আৰু নাতি ল’ৰাটোৰে এখন সৰু সুখৰ সংসাৰ আছিল৷ পুতেকে চহৰত দৰ্জীৰ কাম কৰিছিল৷ আগেয়ে ৰহমতেও ৰিক্সা এখন চলাইছিল কিন্তুু এতিয়া বয়স হৈ আহিল, চকুৰেও ভালদৰে নমনা হ’ল৷ তাতে আকৌ বাত বেমাৰে ৰহমতকএকেবাৰে কোঙা কৰিয়েই পেলালে৷ তথাপি ৰহমত সুখী আছিল৷ পুতেকে ইনকাম কৰি অনা তাকৰীয়া পইচাৰেই সিহতৰ সৰু সংসাৰ খন চলি গৈছিল৷ বোৱাৰীয়েক জনীও লক্ষী আছিল৷ সাঁচতীয়া পইচাৰে তাকি তুকি তাই হাঁহ মুৰগী দুটামান কিনি ঘৰতে পুহি কণীবোৰ বিক্ৰী কৰিছিল৷ লাহে লাহে কণী বিক্ৰী কৰি জমা হোৱা পইচাৰে ছাগলী এজনীও কিনিলে৷ সংসাৰ খন লাহে লাহে ঠন ধৰি উঠিব ধৰিছিল৷ সিহঁতৰ চকুত অলেখ সপোন৷ বুঢ়া-বুঢ়ীৰ একমাত্ৰ নাতিয়েক, ফজল-জাহানাৰাৰ একমাত্ৰ সন্তান …… সিহঁতে কষ্ট কৰি হলেও তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব৷ সিহতৰ দৰে ৰিক্সা চলাই, দৰ্জীৰ কাম কৰি সি আৰু পেট পুহিব নালাগে৷
সপোনৰ কলিটোৱে লাহে লাহে পাঁহি মেলিব ধৰিছিলহে মাথোন, এনেতে নিয়তিয়ে কঢ়িয়াই লৈ আহিল সেই দু: সময়৷ কঢ়িয়াই লৈ আহিল অবিশ্বাস, অসহিষ্ণুতা, নিষ্ঠুৰতা৷

“জোনাকতলী” ৰহমত হঁতৰ সৰু গাওঁখন৷ ভুটান সীমান্তৰ ওচৰতে কিছু সংখ্যক বড়ো, কিছু সংখ্যক মুছলমান আৰু দু-ঘৰ মান নেপালী মানুহক সামৰিয়েই এই সৰু গাওঁখন৷ গোটেই মানুহ খিনিয়েই এটা পৰিয়ালৰ দৰেই বাস কৰিছিল গাওঁখনত৷ কেতিয়াও কোনো ভেদাভেদ নাছিল৷
জোনাকতলী গাওঁ খনৰ পৰা এঘণ্টা মানৰ বাট দূৰত্বত সৰু টাউন খন৷ গাওঁ খনৰ মানুহ খিনিয়ে ৰোজগাৰৰ বাবে প্ৰধানকৈ এই টাউন খনৰ লগতে যোগাযোগ ৰাখে৷
কিছুদিনৰ পৰা ইকান সিকান কৈ ৰহমত হঁতে শুনিবলৈ পাইছিল; কিছু দূৰৰ গাওঁবোৰত মুছলিম আৰু বড়ো ভাই সকলৰ মাজত কি জানো মৰামৰি কটাকটি লাগিছে৷ কি হৈছে আচল কথাটো কোনোৱেই নাজানে৷ এইবোৰ শুনি গাওঁ খনৰ মানুহে পৰস্পৰে পৰস্পৰক আশ্বাস দিয়ে – “যিয়েই নহওক লাগিলে, আমাৰ মাজত কোনেও হিংসা বিভেদৰ বীজ সিঁচিব নোৱাৰে” তাকে লৈ সকলো আস্বস্ত হয়৷
সিদিনা অইন দিনাতকৈ জাৰ বোধহয় অলপ বেছি পৰিছিল৷ কুৱঁলীও সোনকালেই নামিছিল৷ বহু দিনৰ মুৰত পুতেক ফজলে হেঁপাহেৰে এসাঁজ খাবলৈ মাংস আনিছিল৷ ঘৈনীয়েক আৰু বোৱাৰীয়েক পাকঘৰত সোমাইছিল৷ ৰহমত নাতিয়েকৰ লগত কিবা ধেমালিত ব্যস্ত হৈ আছিল৷ ফজলে সোনকালে ডেলিভাৰী দিব লগা কাৰোবাৰ চাৰ্ট এটাৰ বুটাম লগাব ধৰিছিল ( চাৰ্ট পেণ্টৰ বুটাম লগোৱা কামবোৰ সি ঘৰলৈকে লৈ আহে৷ জাহানাৰাইও কেতিয়াবা সহায় কৰি দিয়ে )৷

“অ’ ডাডা, মই বাহিৰ ফুৰিব যাওঁ৷ ব’লানা মোক ৰখি থাকিবা”
আজি কিছু দিনৰ পৰা নাতিয়েকৰ ৰাতি ৰাতি বাহিৰ ফুৰিব যোৱা অভ্যাস এটা হৈছে৷ ঠাণ্ডাত ৰহমতে বিছনাৰ পৰা নামিবলৈ টানেই পায় কিন্তুু উপায়টো নাই৷ নাতিয়েকক ঘৰটোৰ অলপ মান পিছফালে লৈ গৈ নেমুগছ এডালৰ আৰত – “দে এতিয়া ইয়াতে কৰ, কালি ৰাতিপুৱা চাফা কৰি পেলাম” বুলি বহুৱাই দিলে৷ ৰহমতে আন্ধাৰতে এনেয়ে এবাৰ নিজৰ চৌহদটোৰ পিনে চকু ফুৰালে৷ অকণমান মাটি৷ তাতে কোনোমতে জুপুৰিটো বান্ধি মুৰটো গুজি আছে৷ “হওক যি হলেওঁ নিজৰ ঘৰ, ভঙাই হওক ফুটাই হওক ইয়াৰ সমান সুখ ক’ত “! চৌহদটোৰ এফালটো সিফালৰ মানুহ ঘৰৰ বাঁহ গছ খিনিয়ে আগুৰি আছে৷ তাতেই ঢকুৱাৰ বেৰ দি শৌচালয়টো৷ ওপৰত চাল নাই৷ “এইবাৰ অলপ টকা জমা হলে শৌচালয়টো ভালকে বনাব লাগিব“৷ …….. ’ধুম’…….. ওচৰতে গাড়ীৰ টায়াৰ ফটা যেন শব্দ এটা হোৱাত উচপ খাই উঠিল ৰহমত৷ কিবা বুজি পোৱাৰ আগতেই সাত-আঠজনীয়া মানুহৰ দল এটা ৰহমতৰ চোতালত উপস্থিত হ’ল৷ এজনে গোৰ মাৰি দুৱাৰ খন খুলি দিলে৷ পলকতে দলটো ঘৰৰ ভিতৰ সোমাল৷ তাৰ পিছত কেই মিনিট মান কেৱল ‘ধুম’ ‘ধুম’ গুলিৰ শব্দ আৰু পুতেক, বোৱাৰীয়েক, ঘৈনীয়েকৰ মৰণ কাতৰ আৰ্তনাদ৷ ৰহমতে কোনোমতে আন্ধাৰৰ আঁৰ লৈ নাতিয়েকক টানি নি শৌচাগাৰৰ পিছপিনৰ বাঁহনি জোপাত সোমালগৈ৷ ইতিমধ্যে গাঁৱৰ আইন আইন ঘৰৰ পৰাওঁ ভাঁহি আহিল একেই ধুম ধুম শব্দ, মৰণ কাতৰ আৰ্তনাদ৷ ৰহমতৰ আৰু বুজিবৰ বাকী নাথাকিল৷
এটা সময়ত শব্দবোৰ বন্ধ হৈছিল৷ বহু দেৰিকৈ আহি পাইছিল সামৰিক বাহিনী৷ ৰহমতে নাতিয়েকক লৈ বাঁহনিডৰাৰ পৰা ওলাই আহিছিল৷ কিন্তুু মৰমৰ ঘৰ খন তেতিয়ালৈকে উচন হৈ গৈছিল৷ ডোঙা ডোঙা তেজৰ মাজত নিথৰ হৈ পৰি আছিল ঘৈনীয়েক পুতেক বোৱাৰীয়েক৷ জুহালৰ ওচৰত পৰি আছিল কেৰাহীটো আৰু মজিয়াত সিচঁৰতি হৈ পৰি আছিল হেঁপাহেৰে খাবলৈ অনা মাংসৰ টুকুৰাবোৰ৷
নাতিয়েকে এতিয়াও ডাডি, আব্বু, আম্মা ক’ত বুলি কান্দি থাকে৷

ৰৌশনৰ ফেঁকুৰনিত সম্বিত ঘূৰাই পালে ৰহমতে৷ ৰাতি শুবৰ পৰত নাইবা ৰাতিপুৱা শুই উঠি মাক দেউতাকক বিচাৰি দিগদাৰি কৰে৷ আজিও বোধহয় মনত পৰিছে৷ সেমেকি উঠা চকুহাল মোহাৰি ৰহমতে নাতিয়েকক বুকুৰ মাজত সাৱতি ললে৷
ফেঁহু জালি দিওঁতেই ৰহমত বিছনাৰ পৰা উঠিল৷ মুখ খন পখালি সি বাটৰ পিনে ওলাই গ’ল৷ আজি তাৰ এটাই চিন্তা কিদৰে নাতিয়েকৰ বাবে ভাত এমুঠি জোগাৰ কৰিব পাৰে৷ নিজৰ শাৰীৰিক অক্ষমতাৰ বাবে নিজৰ ওপৰতেই ধিক্কাৰ জন্মিল৷ আজি ৰহমত অসহায়৷
এটা সময়ত কিবা এটা চিন্তা কৰি ৰহমতে বাটৰ কাষৰ জংঘল বোৰৰ পিনে আগুৱাই গ’ল আৰু বাটৰ কাষৰ ঢেকীয়া বোৰ চিঙিব ধৰিলে৷ “সোণকালে হাটলৈ গৈ পাব লাগিব“ মনতে ভাবিলে ৰহমতে৷
খুব খৰ ধৰকৈ ঘৰলৈ আহি ঢেকীয়া খিনি মুঠি মুঠি কৰি গাটো তিয়াই ৰহমত হাটলৈ ওলাল৷ আজি নাতিয়েকক অকলেই এৰিব লাগিব৷ কাৰ ওচৰতনো থৈ যাব৷ গাঁৱৰ প্ৰায় প্ৰত্যেক ঘৰৰে এই একেই অবস্থা৷ ইপিনে হাটলৈ ইমান দূৰ বাট খোজ কঢ়াইও নিব নোৱাৰি৷ যাবলৈ ওলাই নাতিয়েকক কৈ গ’ল – “তই বাটলৈ ওলাই নাযাবি দেই, নহলে মিলিটাৰীয়ে ধৰি লৈ যাব৷ মই সোণকালেই আহিম৷ তোলৈ বহুত খোৱা বস্তু আনিম, ল’জেনো আনিম “৷
হাটৰ এচুকত প্লাষ্টিকৰ বজাৰ কৰা মোনা খনৰ ওপৰতে ঢেকীয়া খিনি মেলি লৈ ৰহমত ভি ৰ’ল গ্ৰাহকৰ অপেক্ষাত৷ ’এমুঠিত পাঁচ টকা’ লাহে লাহে দুপৰিয়া হ’ল, ৰহমতৰ ঢেকীয়া বিক্ৰী হোৱা নাই৷ গ্ৰাহকে লাৰি চাৰি চাই পুৰঠ ঢেকীয়া বুলি এৰি থৈ যায়৷ আবেলি হওঁ হওঁ হ’ল৷ ৰহমতে গ্ৰাহক মাতিব ধৰিলে – “ আহক আহক পাঁচ টকাত দুই মুঠা, পাঁচ টকাত দুই মুঠা “ তথাপি বিক্ৰী নহ’ল৷ দুজন মানেটো মুখৰ আগতে কৈয়েই দিলে – “ বিনামূলীয়াকৈ দিলেও বুঢ়া ঢেকীয়া কোনে খাব হে “৷
সন্ধিয়া লাগিবৰ হ’ল৷ উজাই আহিব খোজা কান্দোনটো কোনোমতে চেপি ধৰি ৰহমতে ঢেকীয়া কেইমুঠা ওচৰৰে নলাটোত কোনেও নেদেখাকৈ পেলাই দিলে৷
ওৰেটো বাট ৰহমতে চিন্তা কৰি আহিল আজি ল’ৰাটোৰ মুখত কি দিব পৰা যায়৷ এইবাৰ আৰু ৰহমতৰ চকুপানীয়ে বাধা নামানিলে৷ নানানটা চিন্তাৰ মাজত কেতিয়ানো ঘৰ আহি পালে সি ধৰিবই নোৱাৰিলে৷
জপনাৰ শব্দ শুনিয়েই নাতিয়েকে ভিতৰৰ পৰা “ ডাডা, মোলৈ কি কি আনিছা “ বুলি উধাতু খাই দৌৰি আহি ৰহমতৰ ভিজি থকা চকু দুটা দেখি অলপ থমকি ৰ’ল৷ “ ডাডা, তুমি কিয় কান্দিছা “? শুধো নুশুধো কৈ শুধিলে ৰৌশনে৷ “ নাই ও একো নাই, স্ফুৰ্টিতে চকুপানী ওলাইছে৷ আজি মই তোলৈ বহুত বস্তু আনিছো৷ বজাৰত এটা নতুন খেলাও শিকি আহিছো৷ বহুত দিনৰ মুৰত আজি তয়ে ময়ে এসাঁজ ভালদৰে খাম আৰু খুব খেলিম দেই “৷
“ দিয়া না ডাডা, কি আনিছা৷ মোৰ বহুত ভোক লাগিছে “৷
পুনৰ এবাৰ বুকু ফাটি ওলাই আহিব খোজা কান্দোটো কোনোমতে চেপি ৰাখি ৰহমতে কলে – “ ৰহ এনেকৈ নহয়৷ আগতে ভিতৰলৈ ব’ল৷ হাত মুখ ধুই ভালদৰে বহি লওঁ৷ তাৰপিছত নতুনকৈ শিকি অহা খেলটো অলপ খেলিম৷ তেতিয়াহে ভোকটো বেছি ভালদৰে লাগিব “৷
“ কি খেল দাদা “?
ৰহমতে দুখন গামোচা আনিলে৷ চকুপানী খিনিও তাৰে এখন গামোচাৰেই মচি ললে৷ এখন গামোচা নাতিয়েকলৈ আগবঢ়াই দি কলে – “ হো এইখন তই ল, এখন মোৰ৷ তই মোৰ পেটত গামোচা খনেৰে গাঁঠি মাৰিব লাগিব মই তোৰ পেটত গাঁঠি মাৰিম৷ যিজনেই আনজনৰ পেটত বেছি টানকৈ গাঁঠি মাৰিব পাৰিব সিয়েই ৰজা হব আৰু খোৱা বস্তু বেছিকৈ পাব “৷
নাতিয়েকে পৰম উৎসাহত, আশাত লাগি গ’ল ৰহমতৰ পেটত গাঁঠি মৰাত আৰু ৰহমতেও ডিঙিলৈকে উজাই অহা কান্দোনটো চেপি ৰাখি গামোচা খন টানকে বান্ধি দিলে নাতিয়েকৰ পেটত৷ সৰু ল’ৰা, অবুজন ল’ৰা৷ তাৰ খেল খন জমি উঠিল৷ দিনটোৰ লঘোন, ভাগৰত লেবেজান হৈ এটা সময়ত সি বহি থকা বস্তা খনৰ ওপৰতেই শুই পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক