সৰুতে খেলা খেলবোৰ – ১ – (ধীৰাজ কলিতা)

সৰুতে খেলা খেলবোৰ – ১
– (ধীৰাজ কলিতা)


খেলৰ নাম – “চুৱা−চুই”

সপ্তম মান শ্ৰেণী মানলৈ খেলা মনত পৰে এইবিধ খেল | স্থান, গাঁৱৰ গোঁসাইঘৰ নাইবা হাইস্কুলৰ বাৰান্দাত | খেলৰ আহিলা বুলিবলৈ একো নাই, মাথো যিমান কেইজন খেলুৱৈ থাকে তাতকৈ এটা কম খুটা হলেই হল | নিম্নতম খেলুৱৈৰ সংখ্যা ৩ জন | কিন্তু ৩ জন হলেই খেলি আনন্দ নাই | ৭−১২ জন মান হলে খেলবিধ উপভোগ্য হয় | ধৰা হওক ৭ জন বন্ধু ক,খ,গ,ঘ,ঙ,চ আৰু ছ ই খেলিব | সিহঁতে একেলগে গোঁসাই ঘৰত সোমাই মুঠ ৬ টা খুটা সিদিনাৰ খেলৰ কাৰনে নিৰ্ধাৰণ কৰিব | খেলৰ আৰম্ভনিতে এক নিৰ্দিষ্ট দূৰত্বৰ পৰা এক, দুই, তিনি বুলি কৈ দৌৰ মাৰিব | প্ৰত্যেকৰে লক্ষ্য, পূৰ্বে নিৰ্ধাৰিত ৬ টা খুটাৰ যিকোনো এটা দখল কৰা | আৰু দখল কৰিবলৈ মাথো যিকোনো এটা খুটা চুই দিলেই হল | ৭ জন খেলুৱৈৰ ভিতৰত ৬ জনে খুটা দখল কৰিলে, বাকী থাকিল এজন | ধৰা হওক ∀ছ∀ই দৌৰি গৈ কোনো এটা খুটাই চুবলৈ সক্ষম নহল | সি চুৱাৰ আগতেই লগৰ কেইজনে খুটাকেইটা চুই দখল কৰিলে | গতিকে খেল খনৰ প্ৰথম চোৰ হল ∀ছ∀ | এতিয়া ক,খ,গ,ঘ,ঙ আৰু ∀চ∀ ই প্ৰথমতে নিজে দখল কৰা খুটা কেইটা চকুৰ ইংগিতেৰে সিদ্ধান্ত লৈ নিজৰ মাজত সলনা−সলনি কৰিব | চোৰ ∀ছ∀ ৰ কাম হল, চল চাই থকা | বাকী বোৰে নিজৰ খুটাটো এৰি আন এটা খুটা দখল কৰিব লওঁতে সি যদি লগৰ জনতকৈ আগতে সেই খুটাটো চুব পাৰে তেতিয়াহলে তাৰ দখলত আহিল খুটাটো আৰু যিয়ে চুব নোৱাৰিলে সি খেল খনৰ নতুন চোৰ হল |
ছবি খনলৈ মন কৰক |খেলখনৰ প্ৰ্থম চোৰ ∀ছ∀ মাজত আছে | মাজত থাকিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই, নিজৰ সুবিধা মতে থাকিব পাৰে |কিন্তু চোৰ জন গৈ যদি কোনোবা এজনৰ খুটাৰ কাষত ৰৈ থাকে সাধাৰনতে বাকীবোৰে নিজৰ খুটাটো সলনি কৰিব ৰাজী নহয় | নিজে চোৰ বনি যোৱাৰ সুযোগ থাকে| চোৰ জনে অকনমান দুৰত গৈ নেদেখা ভাও জুৰি বাকীবোৰক খুটা সলনি কৰিবলৈ সুযোগ লব দিয়ে| চিত্ৰত দেখুওৱা ধৰণে ∀ঙ∀ আৰু ∀চ∀ই চকুৰ ইংগিতেৰে খুটা সলনি কৰাৰ সিদ্ধান্ত ললে | কথা মতে কাম | যেতিয়াই ∀ঙ∀ই নিজৰ খুটা এৰি ∀চ∀ৰ খুটাতো দখলৰ কাৰনে দৌৰ মাৰিলে ∀চ∀ ইও ∀ঙ∀ৰ খুটাটো দখলৰ উদ্দেশ্য আহিল | পিছে চোৰ ∀ছ∀ ই চাৰিওফালে চাব লগা হৈছে, কোনে সলনি কৰে নকৰে | একমুহুৰ্ত্ত দেৰিকৈ চোৰ ∀ছ∀ই গম পালে আৰু সিও ∀ঙ∀ৰ খুটাটোৰ পিনে চোঁচা ললে | “গ∀ৰ খুটাটো আছিল ∀ঙ∀ৰ একেবাৰে ওচৰত | সি কৰিলে মাজত খেলিমেলি | পূৰ্ব সিদ্ধান্ত অবিহনেই চোৰ ∀ছ∀ আৰু ∀চ∀ আহি পোৱাৰ আগতে ∀গ∀ই দখল কৰিলে ∀ঙ∀ৰ খুটা |”গ∀ৰ খুটাটো খালী দেখি ∀ক∀ই আকৌ নিজৰ খুটাটো এৰি ওচৰতে পাই ∀গ∀ৰ খুটাটো দখল কৰিলে | এতিয়া এক মুহুৰ্ত্তৰ কাৰণে প্ৰতিযোগিতা হল চোৰ ∀ছ∀ আৰু ∀চ∀ৰ মাজত | দুয়ো চকু ঘুৰাই দেখে ∀ক∀ৰ খুটা খালী | দুয়ো একেলগে তীব্ৰ বেগত দৌৰিল যদিও ∀ছ∀ই আগতে খুটাটো চুই নিজৰ দখল কৰি ললে | গতিকে খেল খনৰ নতুন চোৰ হল ∀চ∀ | খেল খনত কোনো দল নাই | প্ৰত্যেকেই ব্যক্তিগত ভাবে নিজৰ প্ৰতিভা দেখুৱাব লাগিব | নিৰ্ধাৰিত সময় নাই, যেতিয়ালৈকে মন যায় তেতিয়ালৈকে খেলি থাকিব পাৰি | কম ঠাই, কম সময়ৰ ভিতৰত বহুত বেগত দৌৰিব লাগে | সুন্দৰ শাৰিৰীক তথা বুদ্ধিমত্তাৰ খেল |
(ক্ৰমশ:)

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!