উপন্যাস: খিৰিকীমুখৰ ছবি(-অনামিকা বৰুৱা)

উপন্যাস: খিৰিকীমুখৰ ছবি
লিখক: জনাৰ্দন গোস্বামী
প্ৰথম প্ৰকাশ: মে’, ২০০৯ চন
দ্বিতীয় প্ৰকাশ: ফেব্ৰুৱাৰি,২০১০ চন
ISBN: 978-93-80390-06-2
প্ৰকাশক: ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্‌
‘খিৰিকীমুখৰ ছবি’ এখন সমাজ-মনস্তাত্ত্বিক উপন্যাস। বিভিন্ন চৰিত্ৰৰ সমাবেশ ঘটা উপন্যাসখনিত লিখকে অবুজ প্ৰেমৰ এক ভিন্নৰঙী পৃথিৱীৰ ছবি অংকন কৰিছে। উপন্যাসখনত কেইবাটাও কাহিনী সন্নিবিষ্ট আছে যদিও প্ৰতিটো কাহিনী স্বয়ংসম্পূৰ্ণ। তত্স্বত্তেও ইটো কাহিনীৰ লগত সিটো কাহিনীৰ মাজত এক যোগসূত্ৰ আছে। মানুহৰ মন আৰু প্ৰেমৰ এক অনন্য সংমিশ্ৰণৰ কাহিনী ’খিৰিকীমুখৰ ছবি’। বোলছবিৰ দৰেই চকুৰ আগেদি পাৰ হৈ যায় এটাৰ পাছত এটাকৈ কাহিনী….
ৰ’দৰ জখলাৰে উঠি যাব খোজো
বৃক্ষৰ পৰা শৃংগলৈ
উৰি যাম যেন মেঘৰ আঁচলেৰে
শৃংগৰ পৰা সূৰ্যলৈ….

নিজেই এটা চৰিত্ৰৰ ৰূপত আত্মপ্ৰকাশ কৰি সূত্ৰধাৰৰ কাম কৰিছে উপন্যাসিকে। জীৱনৰ বিচিত্ৰতা কোনেও নুই কৰিব নোৱাৰে। বিচৰাখিনি কোনোৱে পায়, কোনোৱে নাপায়, কোনোৱে আকৌ হাততে পায়ো হেৰুৱায়। অভিন্ন বান্ধৱী কবিতা আৰু ইন্দ্ৰানীয়ে ভালপালে একেজন যুৱকক। যুৱকজনে ভালপাব খোজে কবিতাক। কিন্তু ভাগ্যৰ পৰিতাপত ইন্দ্ৰানীৰ জীৱন বিষময় হৈ উঠে সন্দেহপ্ৰবন স্বামীৰ অবৰ্ণনীয় অত্যাচাৰত। কবিতাৰ বিয়া হয় তপন বৰুৱাৰ লগত। মৰমীয়াল স্বামীৰ মৰমেও কবিতাৰ জীৱন পূৰ্ণ কৰি তুলিব নোৱাৰে। শিপা বিচাৰি অসমলৈ এবাৰ উভতি আহে। জাহ যায় প্ৰথম প্ৰেমৰ বুকুত। কিন্তু সেই প্ৰাপ্যই ধৰি ৰাখিব নোৱাৰে কবিতাক। ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ হেৰাই যায় কবিতা পৃথিৱীৰ পৰা।

মোৰ সত্ত্বাত আন্ধাৰৰ উচুপনি
গোলাপ কাঁইটত
বাৰে বাৰে তেজ ঢালি
মই বিবৰ্ণ
শেঁতা চিনাকিৰে কঁপি থাকে
মাথোঁ সোঁৱৰণীৰ এখন বগা পৰ্দা…

বৰুণ আৰু নয়ন শৈশৱৰ বন্ধু। দেশ স্বাধীন কৰিবলৈ এদিন আন্দোলন কৰিছিল। কিন্তু আন্দোলনৰ শেষত মনে বিচৰাধৰণৰ সমিধান নাপায় সশস্ত্ৰ বিপ্লৱত যোগ দিয়েগৈ। আন্দোলনৰ খাতিৰতে বৰুণে তাৰ প্ৰাক্তন প্ৰেয়সীৰ স্বামীক বিনা দ্বিধাই গুলিয়াই হত্যা কৰে। সময় পাৰ হৈ যোৱাত নয়নে উপলব্ধি কৰে ক’ৰবাত যেন কিবা এটা ভুল হ’ল। কাকলিয়ে সমৰ্থন নকৰে সশস্ত্ৰ সংগ্ৰামৰ এই পথ। উভতি আহিব খুজিলেও অসহায় নয়ন। বিবেকৰ টনা আঁজোৰাত এদিন ছাৰেণ্ডাৰ কৰিলে নয়নে। লাহে লাহে সহজ হৈ উভতিব খুজিছিল মূলসূঁতিলৈ। কিন্তু সেইয়া সম্ভৱ নহ’ল। গুপ্তঘাটকৰ হাতত মৃত্যু ঘটিল নয়নৰ। ছাৰখাৰ হৈ গ’ল কাকলিৰ জীৱন। আনহাতে ছাৰেণ্ডাৰ কৰি দুৰ্দান্ত হৈ উঠিল বৰুণ।

জীৱন
এক উপহাৰ
এক যাত্ৰা
এক শিখা, এক পোহৰ…
ছিষ্টাৰ ফিল’মিনাই দাঙি ধৰিছিল জীৱন আৰু মৃত্যুৰ এক অন্য দৰ্শন। অন্য এক সংজ্ঞা। নিজৰ বৈধ সংসাৰত উশাহ হেৰুৱাই পেলোৱা ইনু মামীয়ে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল উপন্যাসৰ নায়কৰ সৈতে। অবৈধ হ’লেও ইনু মামীয়ে পাব খুজিছিল ভালপোৱাৰ কণমান পৰশ। সমাজ গঢ়িব খোজা দীপক দা আৰু ৰুমা বৌ নিজেই উতি গৈছিল সমাজগৰ্হিত কামত। শৰীৰ কি মন কি! কিজানি মন ভৰিলেই শৰীৰে তাৰ দাবী তোলে! এইয়া জানো পাপ!
চৰৈৱতী, চৰৈৱতী—গৈ থাকা গৈ থাকা
আমি গৈ থাকো গৈ থাকো।
মাথোঁ গৈ থাকো সপোন খেদি খেদি
আলিদোমোজাত সলনি হয় সংজ্ঞা
অচল হয় সূত্ৰ
ওখ হৈ গৈ থাকে স্মৃতিৰ পাহাৰ!

কৃষ্ণকান্ত বৰুৱা চমুকৈ কেকে। কিছু ভুল কিছু অন্ধ অনুকৰণৰ বলি হোৱা কেকেৰ বাবে জীৱন উপভোগৰ আহিলা আছিল মদ আৰু মাইকী। পত্নীৰ অসহযোগিতা আৰু আক্ৰোশৰ বলি হৈ বাচি ল’লে এটা কদৰ্য জীৱন। কেকেৰ বাবে নাৰী মানে কেৱল এটা শৰীৰ। মুঠিয়ে মুঠিয়ে টকা ঢালে তাৰ বাবে। কিন্তু এই কেকে মৰাৰ আগমুহূৰ্তত সলনি হৈ গৈছিল মৌচুমীৰ সঁচা মৰম পায়। মৌচুমী কেকেৰ কাষ চাপিছিল কেঞ্চাৰত আক্ৰান্ত পতিৰ চিকিত্সাৰ বাবে সহায় বিচাৰি। চকুলোত ডুব গৈ অকপটে তুলি দিব খুজিছিল নগ্ন শৰীৰ কেকেৰ হাতত। বিনিময়ত বিচাৰিছিল অসুখীয়া পতিৰ চিকিত্সাৰ খৰচ। স্তম্ভিত হৈ গৈছিল কেকে মৌচুমীৰ কথা শুনি। কেঁচা শৰীৰৰ সোৱাদ লৈ ফুৰা কেকেই নিজ হাতেৰে ঢাকি দিছিল মৌচুমীৰ উদং শৰীৰ। চিকিত্সা কৰাইছিল সপোনৰ। মৌচুমীৰ মৰমত মদ খাবলৈয়ো এৰি দিছিল কেকেই। সঁচা অৰ্থত হাৰ্টএটেক হৈ মৃত্যু বৰণ কৰা কেকেৰ শ্ৰাদ্ধ পাতিছিল মৌচুমী আৰু সপোন দুৱৰাই।

আমি এদিন জোনাকত ওলাই যাম, পূৰ্ণিমাৰ
জোন চাবলৈ যাম, সৌ ঘাঁহনিডৰাৰ মাজে মাজে
আমি খোজ কাঢ়িম, জোনাক নিশা!

হতাশাৰ চৰম সীমাত উপনীত হৈ ইনুৱে মানসিক ভাৰসাম্য হেৰুৱাইছিল। চিকিত্সা কৰিছিল ডঃ ৰূপালীয়ে। উত্পল, ৰূপালী আৰু প্ৰশান্ত এটা ত্ৰিভুজ। উত্পলৰ পত্নী ৰূপালী, ৰূপালীয়ে স্ব-ইচ্ছাৰেই ডঃ প্ৰশান্তৰ লগত এক সম্পৰ্ক গঢ়ি তুলিলে। হয়তো সেইয়া শাৰীৰিক। মানুহৰ জীৱনত পৰম সত্যটো হ’ল-দেহাই দেহাৰ পৰশ বিচাৰে। তাত ৰূপালীৰ দোষ ক’ত? কিন্তু একে সময়তে ৰূপালীয়ে ডঃ উত্পলকো বহুত ভালপায় অকৃত্ৰিমভাৱে। মানসিক ৰোগীৰ চিকিত্সা কৰা ডঃ ৰূপালী এদিন নিজেই মানসিক ৰোগী হৈ উঠিল। সময়ত প্ৰশান্তৰ ভুৱা প্ৰেমিকৰ ৰূপটোৱে সন্দিহান কৰি তুলিলে ৰূপালীক। উত্পলে ৰূপালীক ইন্দ্ৰিয় সুখৰ বাহিৰে সকলো সুখেই দিছিল। ভাল পাইছিল বহুত তাইক। এদিন নিজৰ ব্যৰ্থতা ঢাকিবলৈ আৰু ৰূপালীক সুখী কৰিবলৈকে উত্পলে স্ব-মৃত্যু বাচি লয়। মানুহে জানিলে সেইয়া এক্সিডেণ্ট বুলি। একমাত্ৰ ৰূপালী আৰু উপন্যাসৰ নায়কে জানিলে সেইয়া আত্মহত্যা বুলি।

I fear thy kisses, gentle maiden
Thou needst not fear mine,
My spirit is too deeply laden
Ever to burden thine.
I fear thine mien, thy tones, thy motion;
Thou needst not fear mine.
Innocence is the heart’s devotion
With which I worship thine.

শ্যেলীৰ কবিতা আবৃতি কৰি কৰি জিনু বৌৰ অন্তৰত জোৱাৰ তুলিছিল ড. ৰাজেশ পেটেলে। নাৰীৰ শৰীৰৰ স’তে খেল খেলা ৰাজেশ পেটেলে জিনু বৌক জীৱনৰ বাবে বিচাৰিছিল যদিও জানিছিল জিনু বৌ কাৰোবাৰ বাগদত্তা বুলি। সময় বৈ যায়। জিনুলৈ শুভেচ্ছা আৰু অলেখ মৰম থৈ পেটেল বিদেশলৈ গুচি গৈছিল। ডঃ প্ৰশান্তৰ লগত থিক হৈ থকা বিয়াখন ভাঙি গৈছিল পেটেলৰ বাবে। বাচি গৈছিল জিনু। সৎ আৰক্ষী বিষয়া ৰাজীৱৰ সৈতে বিয়াত বহিছিল জিনু। ৰাজীৱে মনে মনে ভালপাইছিল জিনুৰ বায়েক ইনুক। সেই ভালপোৱাক প্ৰকাশ কৰিবলৈ নাপাওঁতেই ইনুৰ বিয়া হৈ গৈছিল তাইৰ প্ৰেমিক চন্দনৰ লগত। বিয়াৰ পাছত চন্দনে ইনুৰ জীৱনটো থেতালি পেলালে। অলপ সুখ অলপ ভালপোৱা বিচাৰি ইনুৱে অবৈধ সম্পৰ্ক গঢ়ি তুলিলে। চক্ৰবৎ ঘূৰি থাকিল জীৱনবোৰ।
দাপোণৰ সমুখত থিয় হৈ
নিজৰেই দুচকুত চকু থ’লো
জীৱনৰ সমস্ত আভৰণ
সন্তৰ্পণে খুলি ল’লো….
জীৱনক জটিলতাই গ্ৰাস কৰাৰ সময়তো অলপমান ভালপোৱাই চুমি যায় অজানিতে। সেয়ে জীৱন অনুপম। আশাকৰোঁ পাঠকে ইয়াত অন্য স্বাদ পাব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!