টোকৰ (দীপাংকৰ মল্ল বৰুৱা)

‘দেউতা, মোক ছবি থকা সাধু কথাৰ কিতাপখন পঢ়াই দিয়ানা’, এই বুলি মোৰ ওচৰলৈ আহি খাটনি ধৰিছিল তাই। মই পঢ়ি থকা বাতৰি কাকতখন আঁতৰাই তাইক কোঁচত বহাই লৈ কিতাপখন পঢ়াই দিছিলোঁ। আমি দুয়ো সোমাই পৰিছিলোঁ কোনোবা পৰীৰ দেশত, এলিছৰ আচৰিত দেশত।
তাই জন্ম হোৱাৰ দিনা বিনুৱে সুধিছিল, ‘ল’ৰা জন্ম নোহোৱা কাৰণে আপোনাৰ বেয়া লাগিছে নেকি?’
‘ধেৎ। কি যে কোৱা। মই মনে মনে ছোৱালী এজনীৰে আশা কৰি আছিলোঁ৷’ সন্তান এটা হোৱাটোৱেই আমাৰ বাবে আটাইতকৈ আনন্দৰ কথা আছিল। মইতো ইমান দিনৰ মূৰত আশাই বাদ দিছিলোঁ।
বিনুৱে মোৰ কথাত আশ্বস্ত হৈছিল। কণমানিজনীক পিয়াহ খুৱাই থকাৰ পৰা তাই মোলৈ চোৱা চকুজুৰি চলচলীয়া হৈছিল।
ওচৰ চুবুৰীয়াবোৰ মাত লগাবলৈ আহিছিল। ‘হওক দেও, দেৰীকৈ হ’লেও ছোৱালী এজনী পালা। তাই ভালে কুশলে থাকক’, বুঢ়ী মানুহ এগৰাকীয়ে মাক জীয়েকক আশীৰ্বাদ দিছিল।
আমাৰ দুয়োৰেবাবে ব্যস্ততাৰ দিন আৰম্ভ হৈছিল। আমি মৰমেৰে ছোৱালীজনীৰ নাম ৰাখিছিলোঁ পংখী। এজনী কণমানি চৰাইৰ দৰে আমাৰ দুয়োৰে বুকুৰ উমত পংখী লাহে লাহে ডাঙৰ হৈছিল।
তাই শুই থকাৰ সময়ত মই মনে মনে তাইৰ বুকুত কাণ থৈ তাইৰ বুকুৰ ঢপঢপনিটো শুনিছিলোঁ। তাইৰ বুকুৰ প্ৰতিটো উশাহ নিশাহে মোৰ মনটোত আনি দিছিল এক বুজাব নোৱৰা তৃপ্তিৰ অনুভৱ।
প্ৰথম স্কুলত দিয়াৰ দিনা পংখীয়ে কান্দিব বুলি ভাবিছিলোঁ। কিন্তু তাই কন্দা নাছিল। তাইক স্কুলৰ ছাৰ বাইদেউহঁতে বৰ মৰম কৰিছিল। সদায় স্কুলৰ পৰা আহি তাই মাকক সকলো কথা এফালৰ পৰা কৈ গৈছিল।
পংখীয়ে জোঁটাই জোঁটাই কিতাপ পঢ়িব পৰা হৈছিল। সাধুৰ কিতাপ তাইক আনি দিছিলোঁ। সেই সাধুবোৰ তাক পঢ়াই দিব লাগিছিল। কোঁচত বহাই তাইৰ লগত ময়ো সাধু পঢ়িছিলোঁ।
অফিচৰ পৰা আহি মই পংখীৰ লগতে ব্যস্ত হৈ পৰিছিলোঁ। তাইৰ আবদাৰবোৰে আমাৰ প্ৰতিটো সন্ধিয়া ভৰাই ৰাখিছিল। মই বাতৰি কাকতখন চাবলৈকো সময় নোপোৱা হৈছিলোঁ। তাইৰ লগত বহি তাইৰ কিতাপ পঢ়িছিলোঁ, নাচিছিলোঁ, গান গাইছিলোঁ।
তাই তৃতীয় শ্ৰেণী পোৱাৰ পিছত বিনুৱে কৈছিল, ‘তাইৰ পঢ়া শুনাখিনি আপুনিয়েই চাব। আজিকালিৰ পঢ়াবোৰ বৰ টান হ’ল। মই নোৱাৰিছোঁ৷’ মই তাইৰ লগত বহি হোম ৱৰ্ক কৰাইছিলোঁ, অংক কৰোৱাইছিলোঁ, পঢ়াবোৰ চাইছিলোঁ।
তাই বৰ সোনকালে ডাঙৰ হৈ গৈছিল। মোৰ গায়ে মূৰে পিঠিয়ে উঠি ফুৰা ছোৱালীজনী লাহে লাহে গহীন হৈ আহিল। মাকে এদিন মোক কাণে কাণে খবৰটো দিলে, ‘পংখী ডাঙৰ হ’ল। ওচৰৰ মানুহ কেইঘৰমানক নিমন্ত্ৰণ কৰি তোলনী বিয়াখন পাতিব লাগিব৷’
মেখেলা চাদৰ পিন্ধি কপালত সেন্দুৰৰ ফোঁট লৈ পংখী যেতিয়া কইনাৰ সাজত সৰুকৈ দিয়া ৰভাখনৰ তলত বহিছিলহি, মই য়েন তাইক চিনি পোৱা নাছিলোঁ। মই যেন বিশ্বাসেই কৰিব পৰা নাছিলোঁ মোৰ সৰু ছোৱালীজনী কেনেকৈ জানো চাৰিটা দিনতে ইমান ডাঙৰ হৈ গ’ল।
বিনুৱে মোক সোঁৱৰাই দিছিল, ‘এতিয়া ছোৱালী ডাঙৰ হ’ল। আপুনি তাইৰ লগৰ ধেমালি-ধুমোল কৰি থাকিবলৈ এৰক৷’ মোৰ অকণমানি ছোৱালীজনী যেন হঠাতে বহুত সলনি হৈ গৈছিল।
তাই মেট্ৰিক দিয়াৰ সময়ত মই চাকৰিৰ পৰা অৱসৰ ল’লোঁ। প্ৰভিডেণ্ড ফাণ্ডৰ টকা কেইটাৰে ঘৰটো অলপ ডাঙৰকৈ সজাই ল’লোঁ। পংখীৰ বাবে এটা আছুতীয়া কোঠা সজালোঁ। তাই ডাঙৰ হৈছে। তাই মাক দেউতাকৰ লগত একেটা কোঠাত থাকিবলৈ অসুবিধা পায়। সেই কথা মই বুজি পাওঁ।
ঘৰটো হোৱাৰ পিছত পংখীয়ে তাইৰ আছুতীয়া কোঠাটো অধিকাৰ কৰিলে। তাই আমাক দুয়োকে নিয়ম বান্ধি দিলে, ‘মোৰ কোঠাত সোমালে দুৱাৰত টুকুৰিয়াই সোমাবা৷’
আমি দুয়ো কথা পাতো, ‘তাইৰ কোঠাটো তাইৰ অন্তেষপুৰ। সেই অন্তেষপুৰত বিনা অনুমতিত প্ৰৱেশ নিষেধ৷’
লাহে লাহে মোৰ চকুৰ জোৰ কমিল। মই তাইৰ পঢ়া শুনা দেখুৱাই দিবলৈ অসুবিধা পোৱা হ’লোঁ। এনেয়ো তাইৰ পঢ়া শুনাবোৰ লাহে লাহে মোৰ সাধ্যৰ বাহিৰলৈ হ’ল।
চকু কেইটাই বৰকৈ আমনি দিয়া দেখি এদিন পংখীয়ে মোক জোৰকৈ ডাক্তৰৰ ওচৰলৈ লৈ গ’ল। ডাক্তৰে ক’লে চশমাৰ পাৱাৰ বহুত বাঢ়িছে। এয়া হেনো ভাল লক্ষণ নহয়। এনেদৰে হয়তো এদিন লাহে লাহে মই অন্ধই হৈ যাব পাৰোঁ।
চিকিত্সা কৰালোঁ যদিও বৰ ভাল নহ’ল। চকুৰ জোৰ কমি গৈ থাকিল। লাহে লাহে বাতৰি কাকতখনো পঢ়িব নোৱৰা হ’লোঁ।
বাতৰি কাকতখন হাতত লৈ পংখীৰ কোঠাৰ দুৱাৰত টুকুৰিয়াওঁ, ‘পংখী মা, দুৱাৰখন খোলাচোন। মোক পেপাৰখন পঢ়াই দিয়া৷’
অলপ সময় পিছত তাই ওলাই আহে। ‘দেউতা, পেপাৰখন নপঢ়িলে নহয় নেকি? এনেয়ো আজিকালি পেপাৰত একো ভাল খবৰ নাথাকে। কেৱল মাৰ পিট, হিংসা হত্যাৰ খবৰ৷’, তাই খং কৰি কয়।
‘হেডলাইন কেইটাকে পঢ়ি দিয়াচোন, পেপাৰৰ খবৰ কেইটা নাপালে মনটো ভাল নালাগে’, তাইক কওঁ।
সদায় সন্ধিয়া বাতৰি কাকতখনৰ হেডলাইনবোৰ পংখীয়ে মোক পঢ়ি শুনায়। কিবা এটা ভাল লাগিলে তাইক কওঁ, ‘পঢ়া চোন পঢ়া, এইটো সম্পূৰ্ণকৈ পঢ়া৷’
মই সৰুতে তাইক ছবি থকা সাধু কিতাপ পঢ়াই দিয়াৰ দৰে তাই মোক পঢ়াই দিয়ে, ‘দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত কয় য়ে …৷’ মই চকু মুদি শুনি থাকোঁ।
তাই পঢ়ি যওঁতে মোৰ এনে অনুভৱ হয়, মই যেন এতিয়া তাইৰ ওচৰত শিশু এটাৰ দৰে হৈ পৰিছোঁ। তাই সৰু থাকোঁতে মই তাইক পঢ়ুৱাইছিলোঁ, এতিয়া তাই মোক পঢ়ুৱায়।
বিনুৱে মোক এদিন ক’লে, ‘পংখীৰ বিয়াৰ কথা ভাবিব লাগে। তাই বি এ পাছ কৰি এম এ কৰি আছে। এতিয়াই ল’ৰা বিচৰাৰ সময়৷’ মোৰ বুকুখন কিয় জানো হাহাকাৰ কৰি উঠিল। ছোৱালীজনী ইমান সোনকালে উলিয়াই দিবলৈ হ’লেইনে?
এদিন সঁচাকৈয়ে পংখীৰ বিয়া ঠিক হ’ল। বিনুৱে সকলো যোগাৰ কৰিলে। মই চকুৰ সমস্যাৰ কাৰণে বৰকৈ লৰা ঢপৰা কৰিব নোৱাৰোঁ। মই ঘৰতেই যি পাৰোঁ কৰিলোঁ। ওচৰ চুবুৰীয়াই লাগি ভাগি দিলে।
পংখীক বিদায় দিয়াৰ সময়ত মই ভাগি পৰিলোঁ। তাই মোক সাৱটি ধৰি কান্দিলে।
তাই ওলাই যোৱাৰ পিছত ঘৰখন উকা হৈ গ’ল। ৰভাখন খোলা, বস্তু সামৰি থকা মানুহ কেইটাৰ লগতে মই দিনটো লাগি থাকিলোঁ।
সন্ধিয়া বাতৰি কাকতখন হাতত লৈ আন দিনাৰ দৰে পংখীৰ দুৱাৰত টোকৰ মাৰিলোঁ। ‘পংখী মা, দুৱাৰখন খোলাচোন। মোক পেপাৰখন পঢ়াই দিয়া৷’ বহুত সময় টোকৰ মাৰিয়েই থাকিলোঁ। তাইচোন অন্তেষপুৰৰ পৰা নোলায়।
বিনুৱে আহি মোক ধৰি লৈ গৈ চকী এখনত বহাই দিলে। তেওঁ হুকহুকাই কান্দি ক’লে, ‘পংখীয়ে মোক কৈছে, আজিকালি পেপাৰত একো ভাল খবৰ নাথাকে। কেৱল মাৰ পিট, হিংসা হত্যাৰ খবৰ। আপুনি আজিৰ পৰা পেপাৰ নপঢ়িলেও হ’ব৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!