কবিতা আৰু শিশু মনস্তত্ত্ব -(অনুপমা বৰগোহাঁই)

(কাব্য সাহিত্য বিশেষ)

ৰাজধানী দিল্লীৰ এখন বিদ্যালয় :
“অ-হ টমাটৰ
বড়ি মজাদাৰ…”
— শিক্ষয়িত্ৰী ৰূপমে কাল্পনিক বিলাহী এটা হাতত লৈ “বিলাহী” পাচলিটো যে কিমান ভাল আৰু ইয়াক খালে যে হাতীৰ সমান বল হয় তাক নাৰ্চাৰী ক্লাচৰ কণমানি শিশুকেইকেইটাক বুজাই আছে, কবিতা এটাৰ জৰিয়তে। কণমানি ৰোহনে সেয়ে ককায়েকক ‘যুজঁত’ হৰুৱাবলৈ আৰু হাতীৰ সমান বল পাবলৈ মাকক সদায় বিলাহীৰ চাটনি দিবলৈ জেদ কৰে!!
**********
 
“ৰেড লাইট ৰেড লাইট
হোৱাট ডু য়ু চে
আই চে ষ্টপ…”
—গীতাঞ্জলীয়ে সেয়া কে.জি. ক্লাচৰ কণমানিকেইটাক ট্ৰেফিক চিগনেলৰ ৰং কেইটাৰ অৰ্থ বুজাই আছে, কবিতাৰ ছন্দত!! গাড়ীত উঠি স্কুললৈ অহা চাৰিবছৰীয়া কণমানি শোভমে ট্ৰেফিক চিগনেলৰ ৰঙা লাইটক অমান্য কৰি গাড়ী চলোৱা দেউতাকৰ বিষয়ে শিক্ষয়িত্ৰীৰ ওচৰত গোচৰ দিয়েহি।
**********
এইবাৰ আহোঁ অসমৰ এখন বিদ্যালয়লৈ:
“ঘড়ীটোৱে কয় শুনা টিক টিক টিক
সময় গৈছে উৰি ঠিক ঠিক ঠিক।”
—প্ৰথম শ্ৰেণীৰ তৰু বাইদেৱে দেৱালত থকা ঘড়ীটোলৈ দেখুৱাই কণমানিকেইটাৰ লগত গাই আছে।
“পুৱাৰ নিয়ৰে কয় টুপ টুপ টুপ
নজগাবা ভাইটিক চুপ চুপ চুপ !!”
**********
আৰু কত যে ধুনীয়া ধুনীয়া কবিতা!
পৃথিৱীৰ অলেখ গুণী-জ্ঞানী, মহৎ কবি আৰু সমালোচকে কবিতাৰ নানা সংজ্ঞা নিজৰ ভাষাত প্ৰকাশ কৰিছে। তাৰ ভিতৰত কলেৰিজে দিয়া কবিতাৰ সংজ্ঞাটোৱেই সম্ভৱতঃ অতি সৰল আৰু বোধগম্য। কলেৰিজৰ মতে, “বাচকবনীয়া শব্দৰ সুন্দৰ বিন্যাসেই হৈছে কবিতা” (Best words in the best order: Coleridge)। শব্দ হ’ল কল্পনা আৰু অৰ্থ-ব্যঞ্জনাৰ বাহন। শব্দৰ ওপৰত কবিয়ে কল্পনা আৰু বাস্তৱৰ ৰহন সানি শব্দক ৰসাল আৰু ৰূপোৱালি কৰি ছন্দোময় ৰূপ দিলেই কবিতাৰ সৃষ্টি হয় আৰু এনে কবিতাই বিশেষ-নিৰ্বিশেষৰ, বাস্তৱ-অবাস্তৱৰ, ইন্দ্ৰীয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়াতীতৰ, বিশ্বাস আৰু অবিশ্বাসৰ, ক্ষণিক আৰু চিৰন্তনৰ, বাস্তৱ আৰু আদৰ্শৰ ভাব বা বস্তুসত্ত্বাক চাক্ষুক কৰি, ৰূপৰ সহায়ত পাঠকৰ  চিত্তত আলোড়ন তোলে।
পৃথিৱীৰ সকলো দেশতে শিশুৰ চৰিত্ৰ সাৰ্বজনীন: অবোধ মনৰ অপৈণত ভাব, কল্পনা, অপাৰ কৌতুহ’ল, আনন্দময় চঞ্চলতা, ঠেঁহ-ৰোহ, উলাহ প্ৰকাশ ইত্যাদি সৰ্বত্ৰ একে। শিশু মানৱ সমাজৰ অমূল্য সম্পদ। সেইদৰে শিশুৰ বাবে ৰচা গদ্য, পদ্য বা কবিতাও সাহিত্যৰ অমূল্য সম্পদ। শিশুৰ বাবে সৃষ্ট বুলি সেই  সাহিত্যক পেলাই থলে বা গুৰুত্ব নিদিলে সমাজৰ অপূৰণীয় ক্ষতি হ’ব। শিশুৰ মন ডাঙৰ মানুহৰ মনৰ এক অপৈণত অৱস্থা হ’লেও স্বভাৱসূলভ কিছুমান লক্ষণে শিশুমনক এক স্বকীয় ৰূপে প্ৰকাশ কৰে। শিশুৰ মনোবিকাশৰ দুটা দিশ আছে: শিশুৱে জন্মতে লৈ অহা প্ৰতিভা আৰু পৰিবেশৰ প্ৰভাৱ। পৰিবেশৰ প্ৰভাৱে জন্মগত দিশটোও কৰ্ষিত কৰে। পৰিবেশৰ প্ৰভাৱত শিশুৱে কিছুমান নতুন গুণো আৰ্জন কৰি ফুলৰ দৰে ফুলি উঠে আৰু প্ৰকৃত পৰিবেশৰ অভাৱ হলে জন্মগত প্ৰতিভাও মৰহি যাব পাৰে! নিচেই সৰু বয়সটো শিশুৰ অনুভৱৰ বয়স। সেই বয়সত শিশুৱে কল্পনা কৰিব নোৱাৰে, ভাবিব নোৱাৰে; কিন্তু অনুভৱ কৰিব পাৰে। শব্দ, স্পৰ্শ , ৰং আৰু সোৱাদ আদিৰ অনুভৱে একো সময়ত তাক তৃপ্তি আৰু একো সময়ত তাক কষ্ট দিয়ে। সুৰৰ লয় আৰু শব্দৰ ধ্বনিৰ নিচুকনি গীতে তাৰ আবেগিক উৎকণ্ঠা নিৰাময় কৰে। পৃথিৱীৰ প্ৰায় সকলো দেশতে সহজ-সৰলভাবে ৰচনা কৰা নিচুকনি গীত আছে।  কিছু ডাঙৰ হৈ শিশুৱে কল্পনা কৰিবলৈ, ভাবিবলৈ শিকে। সেই সময়ত ছন্দোময় কবিতাৰ যোগেদি তাক বৰ্ণ শিকোৱা হয়। কল্পনাৰ ঘোঁৰা দৌৰাই জোনবাইৰ দেশলৈ লৈ যোৱা হয়। সজ উপদেশ দিয়া হয়। নিজতকৈ সৰু ভায়েক-ভনীয়েকক যত্ন ল’বলৈ শিকোৱা হয়। উদাহৰণস্বৰূপে, মিত্ৰদেৱ মহন্তৰ “শুলে ভনী শুলে” এই কবিতাটোৱে শিশু, প্ৰাপ্তবয়স্ক সকলোৰে মনত অকণমানি ফুলকলি যেন কেঁচুৱা এটিৰ  আৰু তাইক ল’ব লগা যত্ন  আদিৰ ছবি দৃশ্যমান কৰি তোলে।
 
“আমাৰ ভনী শুলে শুলে
জগত নিজান জান
ৰুণ নিদিবি বাহৰ পাৰৈ
মৌ নেগাবি গান”
—কি সুন্দৰ কবিতা!! তিনি-চাৰি বছৰৰ পৰা ন-দহ বছৰলৈকে শিশুৰ “কল্পনাৰ বয়স”। কল্পনাত চিন্তাৰ যুক্তিযুক্ততা নাথাকে। ডাঙৰৰ কল্পনাতকৈ শিশুৰ কল্পনা বেলেগ। ডাঙৰ মানুহে কল্পনাক নিয়ন্ত্ৰণ কৰিব পাৰে কিন্তু শিশুৱে নোৱাৰে। শিশুৰ কল্পনা ওলট-পালট সপোনৰ দৰে। শিশুৱে বাস্তৱৰ অভিজ্ঞতাক কল্পনাৰ ৰহন সানি ওলট-পালট কৰি ভাল পায়। নীলপৰী, জলকুঁৱৰী, পক্ষীৰাজ ঘোঁৰা, ৰাৱণৰ এশখন মুখ, দুৰ্গাদেৱীৰ দহখন হাত, গণেশৰ দৈহিক অৱয়ব, উৰণীয়া মানুহ, কথা ক’ব পৰা চৰাই ,জন্তু ইত্যাদি শিশুৰ কল্পনাপ্ৰৱণ মনে বৰ পচন্দ কৰে। আকাশৰ জোন-বেলি-তৰা, নৈৰ পাৰৰ বালি, সাগৰৰ নীলিম জলৰাশি সকলোতে লাগে তাৰ অবাধ বিচৰণৰ সুবিধা। শিশু সাহিত্যিকে নিজকে শিশুৰ মনৰ স্তৰলৈ নমাই তাৰ কল্পনাৰ লগত নিজৰ কল্পনা মিলাই  ৰচনা কৰে অনুপম কবিতা।
 
“বলাছোঁ ওলাই আই
চোতালত গৈ উৰণীয়া তৰা
দিম মই দেখুৱাই।
সেইদিনা মাকে মলয়ৰ সতে
চালে উৰণীয়া তৰা
হেজাৰ বিজাৰ জোনাকী পৰুৱা
পোহৰে বননি ভৰা।”
(উৰণীয়া তৰা: নৱকান্ত বৰুৱা)
—শিশু মলয়ৰ দৃষ্টিৰে কবিয়ে আকাশত চকু টিপিয়াই থকা তৰা আৰু বননিত শুই থকা হেজাৰ বিজাৰ  জোনাকী পৰুৱাৰ সাদৃশ্য দেখিছে। শিশু আৰু কবিৰ অপৰূপ কল্পনাৰ ওলট-পালট চিত্ৰ এখন কবিতাৰ জৰিয়তে দেখুওৱা হৈছে। পশু-পক্ষী জগতৰ প্ৰতিও শিশুৰ স্বাভাৱিক আকৰ্ষণ আছে। শিশুৰ মনৰ এই কোমল অনুভুতিবোৰ কবিতাৰ জৰিয়তে সুস্থ আৰু সবলভাৱে গঢ়ি  তুলিব পাৰি।
*********
“হলৌ উঠিল টকৌ গছত
লগাই খদৌ মদৌ
জৌ জৌ কৈ সৰিল নিয়ৰ
হ’ল জলৌ জপৌ”
লাই পুলি লৰাই ৰুলোঁ
ৰুলোঁ লৰাই লফা।
উৰাই ঘূৰাই
ঘূৰাই ঘূৰাই
টাঘোৰ ঘূৰাই মাতা।”
 
শুৱনি আমাৰ    গাঁওখন অতি
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি   ফল-ফুল লাগে
কত পাওঁ তলসৰা।
 
এনেবোৰ “ছন্দোময় সুন্দৰ শব্দৰ বিন্যাসৰ চিত্ৰ” বা কবিতাই শিশুৰ মনৰ জগতত আনন্দৰ সৃষ্টি কৰাই নহয়, শিশুৰ ভিতৰত থকা সৃজনশীলতাক প্ৰস্ফুটিত আৰু বিকশিত হ’বলৈ সাৰ পানী দিয়ে! দুখৰ কথা এয়াই যে আমাৰ অসমীয়া ভাষাত শিশুৰ উপযোগী সাহিত্যৰ, বিশেষকৈ কবিতাৰ সংখ্যা নিচেই নগণ্য।
 
“ৰাতি পুৱা হ’ল উঠা সোণ ফেৰি”,
“আহে মোৰ প্ৰিয় ল’ৰা উপদেশ ধৰা,
কায়-মনোবাক্যে তুমি বিদ্যা-শিক্ষা কৰা”।
—এনেবোৰ ছন্দোবদ্ধ পোনপটীয়া উপদেশবোৰ উপকাৰী যদিও শিশুৰ মনত দোলা দিব পৰা কবিতা নহয়। উপদেশধৰ্মী শব্দবোৰতো এটা ৰসৰ প্ৰলেপ দিলেহে শিশুৱে গ্ৰহণ কৰিব পাৰে। সম্ভবতঃ জ্যোতিপ্ৰসাদ  আগৰৱালাদেৱেই পোনপটীয়াকৈ নীতি-শিক্ষা দিয়া সহজ-সৰল পদ্য ৰীতিৰ পৰিবৰ্তন সাধি শিশুৰ মনস্তত্ত্বসন্মত পদ্য ৰচনাৰ আৰ্হি দাঙি ধৰে। জ্যোতিপ্ৰসাদৰ পাছত ৰংঘৰ নামৰ শিশু আলোচনীখনত প্ৰেমধৰ দত্ত, অনন্ত দেৱ শৰ্মা আদিয়ে এই ধাৰাত শিশু কবিতা লিখিছিল। বৰ্তমান সময়ত আন দিশলৈ মন নকৰি একমাত্ৰ গগন চন্দ্ৰ অধিকাৰীয়েহে বোধকৰোঁ একানপটীয়াকৈ শিশু কবিতা ৰচনাত নিজকে প্ৰবৃত্ত কৰিছে। লিমাৰিক বোলা লঘু পদ্যবিধো আমাৰ ভাষাত এতিয়াও চালুকীয়া অৱস্থাত আছে। বেবেৰিবাং বা ননচেন্স পদ্যৰ ক্ষেত্ৰত নবকান্ত বৰুৱাৰ পাছত সাৰ্থক কবি নাই। উঠি অহা শিশু কবি-সাহিত্যিকসকলে এইসকল কবিৰ কবিতাক আৰ্হি হিচাপে লৈ অধিক শিশু কবিতা সৃষ্টি কৰি বিদ্যালয়ৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিলে, গ্ৰন্থ ৰূপত প্ৰকাশ কৰিলে বা শিশুকবিতাৰ কৰ্মশালা আয়োজন কৰি চৰ্চা কৰিলে আমাৰ শিশুসকলৰ কল্পনা আৰু বাস্তৱৰ ওলট-পালট পৃথিৱীখন আৰু সুন্দৰ হৈ উঠিব!! এনে সুন্দৰ মনৰ শিশুৱে ডাঙৰ হৈ পৃথিৱীখন সুন্দৰ কৰাত অধিক বৰঙণি যোগাব।
 
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পাপু কোঁৱৰ
7 years ago

aaji aapunar likhoni bur porhiboloi pai hosakoi bohut val lagil,.,

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক