কবিতাৰ সংজ্ঞা আৰু আধুনিক কবিতা -(মৌচুমী বৰি)

(কাব্য সাহিত্য বিশেষ)
কবিতাৰ সংজ্ঞা আৰু আধুনিক কবিতা
-মৌচুমী বৰি
কবিতাৰ সংজ্ঞা:
কবিতাৰ যথার্থ সংজ্ঞা কি — এই অন্তহীন প্রশ্নৰ উত্তৰ বিচাৰি প্রাচ্য আৰু পাশ্চাত্যৰ পণ্ডিতসকলে বিভিন্ন দৃষ্টি তথা বিভিন্ন ৰূপত কবিতাৰ সংজ্ঞা আগবঢ়াই আহিছে। সমালোচক ছেমুৱেল জনছনৰ মতে, “ছন্দোবদ্ধ ৰচনাই কবিতা”, তেওঁ আৰু এখোজ আগুৱাই গৈ কৈছে যে, কবিতা হ’ল আনন্দ আৰু সত্য, কল্পনা আৰু যুক্তিৰ উপকৰণেৰে নির্মাণ কৰা এবিধ কলা। কবি ওর্ৱডছৱর্থৰ মতে, “নিৰলে সোঁৱৰা হিয়াৰ আবেগেই কবিতা, কবিতা সকলো প্রকাৰ জ্ঞান বা বোধৰ আত্মা আৰু সর্বোত্তম শক্তি”। সমালোচক জেইমচ হেনৰী লী হান্টৰ মতে, “সৌন্দর্যৰ প্রতি অনুৰাগেই কবিতা, ইয়াৰ মুখ্য কাম হল আনন্দ সৃষ্টি কৰি মন উন্নত আৰু পৰিশোধন কৰা”। কবিতাৰ সংজ্ঞা নিৰূপনত প্রাচ্যৰ পণ্ডিত সকলেও কেইবা শ বছৰ ধৰি কাব্যৰ আত্মাৰ সন্ধান কৰি নানান মত পোষণ কৰি আহিছে। খৃষ্টীয় ষষ্ঠ শতিকাত আচার্য ভামহে “কাব্যালংকাৰ” পুথিত “শব্দার্থৌ সহিতৌ কাব্যম” অর্থাৎ শব্দ আৰু অর্থৰ মিলনেই কাব্য বুলি মত পোষণ কৰিছে। আচার্য কুন্তকে দশম শতিকাৰ মাজভাগত কাব্যৰ আত্মাৰ অনুসন্ধানত আৰু এখোজ আগবাঢ়ি ক’লে যে, শব্দার্থৰ মিলনেৰে বক্রতা সৃষ্টি কৰি আনন্দদান কৰিব পৰা কার্যই কাব্য। সপ্তদশ শতিকাত বিশ্বনাথ কবিৰাজে সর্বকালৰ বাবে গ্রহণযোগ্য সিদ্ধান্ত আগবঢ়াই ক’লে – “বাক্যম ৰসাত্মকম কাব্যম” অর্থাৎ ৰসাত্মক বাক্যই কাব্য অর্থাৎ কাব্য ৰসযুক্ত হ’বই লাগিব আৰু কাব্য ৰসযুক্ত হ’বলৈ হ’লে গুণযুক্ত শব্দসম্ভাৰ, অর্থযুক্ত শব্দৰ ঐশ্বর্য, অলংকাৰৰ সহযোগিতা এইসকলোবোৰেই লাগিব। এইদৰেই পূব আৰু পশ্চিম উভয়তে কাব্যাত্মা জিজ্ঞাসা বহু শ বছৰজুৰি চলি আছিল।
কবিতাক প্ৰকৃততে কোনো সংজ্ঞাৰে বান্ধি পেলোৱা সহজ নহয়। কাৰণ “কবিতা” বুলিলেই মনলৈ আহে এক ছাঁ-পোহৰৰ মায়াভৰা ৰূপছবি, কোনো ৰীতি অথবা সীমাৰদ্বাৰা সি আবদ্ধ নহয়। এই ৰূপছবিত সপোন আৰু দিঠকৰ, কল্পনা আৰু অভিজ্ঞতাৰ মিশ্রিত জিলিকনি থাকে। এই গোটেইখিনিৰ প্রভা একেটি মাথোন সংজ্ঞাৰে দাঙি ধৰিব নোৱাৰি। কবিতা সম্পর্কে থকা এই মতবাদসমূহৰ আধাৰত এটি স্বয়ংসম্পূর্ণ ধাৰণাৰে পাঠকে নিজেই কবিতা সম্পর্কে এখন মানস-ছবি আঁকি ল’ব পাৰে।
আধুনিক অসমীয়া কবিতা:
কবিতাৰ ৰং-ৰূপ বিচিত্র। দিনে দিনে কবিতাই ৰহণ সলায়। কবিতা আৰু আধুনিকতা—ইয়াৰ সংজ্ঞা বৰ বহল। আধুনিকতাৰ স্বৰূপ ফুটাই তুলিব পৰা একেটি সংজ্ঞা পাবলৈ নাই। তদুপৰি “আধুনিকতা” হ’ল এটা আপেক্ষিক শব্দ। এটা সময়ত যিটো আধুনিক, আনসময়ত সেয়াই হৈ পৰে প্রাচীন। গতিকে আধুনিকতাৰ ধাৰণা সদায় গতিশীল।
ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত অসমীয়া কবিতাত ৰোমাণ্টিক বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত হঠাৎ ১৯৪০ চন মানৰ পৰা অসমীয়া কবিতাৰ গতি আৰু প্ৰকৃতি সলনি হ’বলৈ লয়। অসমীয়া কবিতাৰ এই আকস্মিক পৰিৱৰ্তনৰ আঁৰত বিচিত্ৰধৰণৰ সেইসময়ৰ ঐতিহাসিক ঘটনা কিছুমান সাঙোৰ খাই আছিল আৰু এই ঘটনাবোৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ ফলতে অসমীয়া কবিতাই ৰোমাণ্টিক আবেষ্টনীৰ পৰা ওলাই আহি আধুনিক ৰূপত আত্মপ্ৰকাশ কৰিছিল।
সাম্প্ৰতিক সময়ৰ আধুনিক কবিতা যেন এক বিতৰ্কিত বিষয়। আধুনিক কবিতাৰ সমৰ্থনত আৰু বিৰোধত দুই শ্ৰেণীৰ পাঠকে নিজৰ নিজৰ মত আগবঢ়ায়। এটা শ্ৰেণীয়ে নতুন কবিতাক ব্যঞ্জনাময় সৌন্দৰ্যৰ প্ৰতীকৰূপে গ্ৰহণ কৰে। তেওঁলোকৰ মতে কবিতা হ’ল বুদ্ধি আৰু চিন্তা শক্তিৰ সম্পদ আৰু আনটো শ্ৰেণীৰ মতে আধুনিক কবিতা দুৰূহ, বুজিবলৈ টান, গতিকে কবিতাৰ আমেজ পোৱা নাযায়; তেওঁলোকৰ মতে কবিতা কেৱল হৃদয়ৰ অনুভৱ। অসমীয়া আধুনিক কবিতাক দুটা ভাগত ভগাব পাৰি – এবিধ হ’ল হৃদয় চুই গুণগুণাই যোৱা আৰু আনবিধ হ’ল মগজুৰ দুৱাৰত টুকুৰিয়াই সোমাই অহা—এই শ্ৰেণীৰ কবিতাই পাঠকৰ পৰা অধিক সচেতনতা আৰু অধ্যয়ন দাবী কৰে। আধুনিক কবিতা জটিল বুলি কোৱাৰ এটা কাৰণ এয়ে যে এইবোৰ কবিতাত বুদ্ধিৰ দুৱাৰেদি গৈ হৃদয়ক বিচাৰিব লগা হয়–শামুকৰ বুকুত যেন মুকুতাহে সন্ধান কৰা হয়!!
কবি অমূল্য বৰুৱা, হেম বৰুৱাক আধুনিক কবিতাৰ অগ্ৰদূত বুলি কোৱা হয়। কবিতাৰ জগতত হৰি বৰকাকতি, নৱকান্ত বৰুৱা, নীলমণি ফুকন, অজিত বৰুৱা, মহেন্দ্ৰ বৰা আদি কবিসকলৰ আগমনৰ লগে লগে অসমীয়া কবিতাই এক নতুন ৰূপ গ্ৰহণ কৰে। এই ৰূপত বুদ্ধিদীপ্ত মনৰ প্ৰতিফলন বেছি দেখা যায়। সেয়েহে কবিসকলৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ চানেকি থকা কবিতাবোৰ বুজি পাবলৈ পাঠকৰো অধ্যয়নলব্ধ জ্ঞানৰ প্ৰয়োজন বাঢ়ি আহিল।
আধুনিক কবিতাত বিষয়বস্তুৰ অভিনৱত্ব, বিবিধ দৰ্শনৰ প্ৰভাৱ, ঔদ্যোগিক বিকাশৰ প্ৰভাৱ, প্ৰাচীন ঐতিহ্য আৰু মূল্যবোধৰ অপসাৰণ, প্ৰেমৰ নতুন সংজ্ঞা, নতুন ছন্দৰীতিৰ প্ৰয়োগ, চিত্ৰকল্পৰ প্ৰয়োগ আদি লক্ষণেৰে ভৰপূৰ। আধুনিক কবিতাই ছন্দৰ কোনো বান্ধোনকেই মানি ল’বলৈ নিবিচৰা দেখা যায়। নতুন কবিতাৰ আদি কালছোৱাত যেতিয়া সম্পূৰ্ণ নতুন ধৰণৰ ভাৱধাৰাই কবিতা জগতত আলোড়ন তুলিছিল, সেইসময়ত অসমীয়া কবিসকলেও হাতত লয় স্পন্দিত গদ্যৰ অনুৰূপ এক গদ্যছন্দ। ফলত গদ্যগন্ধী ছন্দৰ লগত ললিত-লাৱণ্যৰ মিশ্ৰণত নতুন কবিসকলে কবিতাক দিছিল এক নতুন ৰূপ।
কবি, পাঠক আৰু সমালোচক:
কবিতা সৃষ্টি হয় একোজন কবিৰ হৃদয়ত। কবিতাৰে কবিয়ে অন্তৰৰ বাণী পাঠকলৈ বিলাই দিয়ে। কবিতাৰ ব্যঞ্জনাময় ভাষা হৃদয়ংগম কৰিবলৈ এখন অনুভূতিশীল অন্তৰৰ প্ৰয়োজন। কিন্তু আধুনিক কবিতাত খেলা কৰা ইংৰাজী কবিতাৰ প্ৰতীকবাদ, ফৰাছী কবিতাৰ দৰ্শন, জাপানী কবিতাৰ ছন্দসজ্জা আদি গুণসমূহ সাধাৰণ পাঠকৰ বোধগম্যৰ বাহিৰত হোৱা বাবে এইবোৰৰ বিষয়ে সম্যক জ্ঞান নাথাকিলে কবিতাৰ ৰস গ্ৰহণো সম্ভৱপৰ নহয়। এইক্ষেত্ৰত কবিতা পাঠকৰো এক গভীৰ দায়িত্ব থাকে। কবিতাৰ এক বিশিষ্ট গুণ হ’ল ভাষাৰ ওৰণি লোৱা স্বভাৱ। এই গুণৰ বাবেও কবিতাই কেতিয়াবা দ্ব্যৰ্থকতা লাভ কৰে। গতিকে কবিতাৰ ভিতৰৰ তাৎপৰ্য উপলব্ধি কৰিবলৈ পাঠকেও সচেতনভাৱে নিজকে সাজু কৰিব লাগে। আধুনিক কবিতাই অনুভূতিতকৈ বেছি দাবী কৰে বুদ্ধিমত্তা আৰু অধ্যয়নৰ প্ৰয়োজনীয়তা। প্ৰতীক আৰু চিত্ৰকল্পৰ সহযোগত আধুনিক কবিতাৰ যি ধূসৰ ভাষা, তাৰ সিপাৰে থকা আবেদনে হৃদয় চুব পৰাকৈ আজিৰ কবিতা পাঠকে নিজকে সাজু কৰিব লাগিব। সেইক্ষেত্ৰত সবাতোকৈ ডাঙৰ দায়িত্ব থাকে কবিতা সমালোচকৰ। সমালোচকেহে নিৰ্ণয় কৰিব পাৰিব ঠিক কোনটো বিন্দুত মুখামুখি হ’ব কবি আৰু তেওঁৰ পাঠক।
সহায়ক গ্ৰন্থসমূহ:
(১) বৰুৱা, প্ৰহ্লাদ কুমাৰ (১৯৯৬); কবিতাৰ সৌৰভ, ডিব্ৰুগড়: বনলতা।
(২) ডেকা হাজৰিকা, কৰবী (১৯৯২); অসমীয়া কবিতা, ডিব্ৰুগড়: বনলতা।
(৩)ডেকা হাজৰিকা, কৰবী (১৯৯১); কবিতাৰ ৰূপছায়া, ডিব্ৰুগড়: বনলতা।
(৪) বৰুৱা, প্ৰহ্লাদ কুমাৰ; আধুনিক অসমীয়া কবিতাৰ গতি বৈচিত্ৰ্য, ডিব্ৰুগড় বনলতা।

Subscribe
Notify of
13 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

ধুনিয়া

Sonmoni kalita
2 years ago

কবিতা ৰ সংজ্ঞা বিচাৰি আছো…আৰু ই মোৰ নিচাহ …
কবিতাৰ বহু সংজ্ঞাই পালো কিন্তু সকলো সংজ্ঞাই আধৰুৱা যেন লাগে কিয় বা …..

মৃণ্ময় বাগীশ
2 years ago

সুন্দৰ লেখা পঢ়িবলৈ পায় সুখী হলোঁ

ধুন মাইনা
2 years ago

প্ৰগতি ভাৱধাৰাৰ কবিতাৰ সংজ্ঞা বিচাৰি পোৱা নাই।?

Sumon Dehingia
2 years ago

মাৰ্ক্সবাদী চিন্তাৰ ৰচনাকেই আচলতে প্ৰগতিশীল চিন্তাধাৰাৰ সাহিত্য বুলিব পাৰি। অৱশ্যে মাৰ্ক্সবাদ আৰু সমাজবাদক একাকাৰ কৰা উচিত নহয়। “মাৰ্ক্সবাদে শ্ৰেণীভিত্তিক ৰাজনীতিৰ সৈতে যুক্ত কৰি সেইবোৰৰ অধ্যয়ন আৰু বিশ্লেষণ আগবঢ়ায়। সাহিত্য সমাজৰ দাপোন বা সামাজিক পৰিঘটনা। সাহিত্যত একোটা সময়ৰ, একোখন সমাজৰ সামাজিক সম্পৰ্কবোৰ কিদৰে প্ৰতিফলিত হয়, শ্ৰেণীবিভক্ত সমাজত চলি থকা শ্ৰেণী সংগ্ৰামৰ বিভিন্ন ৰূপ লেখকৰ জ্ঞাতে বা অজ্ঞাতে কিদৰে সাহিত্য-কৰ্মত ৰূপায়িত হয়,তাৰ আলোচনাৰ সম্পর্কতহে মাৰ্ক্সবাদী সাহিত্যই গুৰুত্ব আৰোপ কৰে।”(বিমল মজুমদাৰ, সাহিত্যৰ তত্ত্ব আৰু প্ৰয়োগ,পৃ.১০১)
অসমীয়া মাৰ্ক্সবাদী সাহিত্যৰ পটভূমিত আছে ‘ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক সমিতি’ আৰু ‘প্ৰগতিশীল লিখক আৰু শিল্পী সংঘ’। কমলনাৰায়ণ দেৱ,চক্ৰেশ্বৰ ভট্টাচাৰ্য, ধীৰেন দত্ত,অমূল্য বৰুৱা, হেম বৰুৱা আছিল অসমীয়া প্ৰগতিশীল সাহিত্যৰ বাৰ্তাবাহক। প্ৰগতিশীল কবিতা আছিল ৰোমাণ্টিক ভাৱবাদী মূল্যবোধৰ বিপৰীতে সংগ্রাম কৰি কবিতাক বাস্তৱ জীৱন আৰু জনমুখী কৰাৰ এক ব্যাপক আয়োজন। সেয়েহে কুকুৰ,বেশ্যা,বান্দৰ,কয়লা আদিও কবিতাৰ বিষয় হৈ পৰিছিল।

Himanta Handique
2 years ago

সুন্দৰ

Anonymous
1 year ago

রোমাণ্টিক কবিতাৰ লক্ষণ সম্পৰ্কে এটি চমু আভাস দাঙি ধৰা
Please give me answers

জীতা মণি গগৈ
1 year ago

সুন্দৰ বৰ্ণনা আগলৈ আৰু আশা কৰিলো….

Anonymous
1 year ago

বৰ ভাল লাগিছে

Pranab K. Majumder
1 year ago

Readable articles !

Anonymous
1 year ago

আধুনিক কবিতা আৰু ৰোমাণ্টিক কবিতাৰ মাজত পাৰ্থক্য লিখা ?

Anonymous
10 months ago

কোন জন কবিক প্ৰথম আধুনিক কবি বুলি কোৱা হয়?

Anonymous
9 months ago

আধুনিক কবিতার লক্ষ্য সমহু আলোচনা করা