ক’লা ছাঁ (সুপ্ৰকাশ ভূঞা)

“অন্ধেৰা কায়ম ৰহেগা৷ “ আন্ধাৰৰ মাজত ট’ ট’কৈ জ্বলি থকা টেলেকা চকুৰ সেই তমৰাজ কিলভিছ নামৰ চয়তানটোৱে কয়৷ মোটোহা আঙুলিবোৰ নচুৱাই থকা ধপলা হাতখনৰ ছাঁটোৱে কদাকাৰ মুখখন ঢাকি ধৰি অধিক ভয়ানক কৰি তোলে৷ ’শক্তিমান’ ছিৰিয়েলৰ পৰা সি উঠি আহে৷ বাবামণিৰ বুকুখন জোৰেৰে ধপধপাই উঠে৷ সপোনত সততে তাক কিলভিছে খেদে৷ চয়তানটোৰ পিঠিৰ দীঘল ক’লা কাপোৰখনৰ উড়ন্ত ছাঁই তাৰ সন্মুখৰ বাট ভেটি ধৰেহি৷ তাৰ বাট হেৰায়৷ আন্ধাৰ আৰু আন্ধাৰ৷ আন্ধাৰৰ মাজত সি হেৰায় যায়৷ চকু মেলোঁ বুলিও মেলিব নোৱাৰা, চিঞৰোঁ বুলিও চিঞৰিব নোৱাৰা, মেলোঁ বুলিও মেলিব নোৱাৰা ভয় এটাই তাক জপটিয়াই ধৰেহি৷ তাৰ চেতনা হেৰুৱাৰ উপক্ৰম হয়৷
ৰণ খুৰাকে তাক কৈছিল, “কিলভিছ দিনত মাটিৰ তলৰ সাম্ৰাজ্যত থাকে আৰু ৰাতি হ’লে ওলাই আহে৷ কি ঠিক তোৰ এই পঢ়া টেবুলৰ তলতো থাকিব পাৰে৷ বিছনাৰ তলতো থাকিব পাৰে৷“ ৰণ খুৰাকে তাৰ ভয়টো দুগুণে বঢ়াইছিল৷ তাৰ ভয়াৰ্ত ৰূপ দেখি খুৰাকে হা হাকৈ হাঁহিছিল৷ সেই হাঁহিটোও তাৰ কিলভিছৰ দৰে লাগিছিল৷
সেই ৰণখুৰাককে মাক-দেউতাকে তাৰ পঢ়া-শুনাৰ দায়িত্ব দিছিল৷ সিহঁতৰ ঘৰত থাকি তেওঁ কলেজ পঢ়িবলৈ আহিছিল৷ দেউতাকৰ দূৰসম্পৰ্কীয় ৰণ খুৰাকে বোলে কোনো পৰীক্ষাতে প্ৰথমৰ বাদে দ্বিতীয় হৈ পোৱা নাই৷ সেয়ে বাবামণিৰ মাক-দেউতাকে বিচাৰিছে খুৰাকে বাবামণিকো যেন তেওঁৰ সমান চোকা কৰি দিয়ে৷ ৰণখুৰাকৰ কোঠালৈ লৈ যোৱা হৈছিল তাৰ পঢ়া টেবুল, শোৱা বিছনা৷ খুৰাকক বাবামণিৰ দায়িত্ব দি মাক-দেউতাক নিশ্চিন্ত আছিল আৰু কণমানি ভণীয়েকৰ লগত তেওঁলোক দুয়ো ব্যস্ত হৈ পৰিছিল৷ হাতত কাঠৰ স্কেল এপাত লৈ তাক ৰণখুৰাকে পঢ়াইছিল৷ নোৱাৰিলে পিঠিত ঢেপেৰ্ ঢেপেৰ্ কোব পৰিছিল৷ তেতিয়া সি মাকক আপত্তি দিছিল৷ “পঢ়াত মনোযোগ দিবা৷ তোমাৰ ভালৰ কাৰণেহে শাসন কৰিছে৷ ক্লাছ ছিক্স পালাগৈ৷ এতিয়া ডাঙৰ হ’লা৷ মোৰ পাছে পাছে পেনপেনাই নাথাকিবা৷ যোৱা৷“ মাকে কৈছিল৷ সি অভিযোগ দিবলৈ এৰি দিছিল৷ এনেয়ো সি কম কথা কৈছিল৷ লাহে লাহে আৰু কমি আহিছিল৷ নিজৰ চাৰিওফালে সি এটা কঠিন পৰিমণ্ডল সাজি উলিয়াইছিল৷ কোনোৱেই তাৰ ভিতৰলৈ সোমাব নোৱাৰে৷ ৰণখুৰাকৰ শাসন বাঢ়ি আহিছিল৷ পঢ়া-পাতিত সি আগতকৈ ভাল হৈছিল৷ তাৰ মাৰ্কশ্বিটত নম্বৰ বাঢ়িছিল৷ মাক-দেউতাক উৎফুল্ল হৈছিল৷ ৰণখুৰাকক প্ৰশংসাৰে উপচাই পেলাইছিল৷ “সকলো ক্ৰেডিট ৰণৰ“, দেউতাকে কৈছিল৷ মাৰ্কশ্বিটখন দিওঁতে শিক্ষকজনে কৈছিল, “ সি পঢ়াত ভাল হৈছে৷ আগতকৈ বহুত ভাল হৈছে৷ কিন্তুু সি বৰ মন মাৰি থাকে৷ কিবা কথাত যেন ভয় খাই থাকে৷ মন কৰিবচোন৷ “
: “সি তেনেকুৱাই৷ “, দেউতাকে কৈছিল৷ বাবামণিৰ মাৰ্কশ্বিটখনহে তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল৷
সিদিনা মাক-দেউতাকে ৰণখুৰাকৰ লগতে তালৈও নতুন পেণ্ট-চাৰ্ট আনিছিল৷ কিছু সাহ পাই বাবামণিয়ে দেউতাকক কৈছিল, “দেউতা ৰাতি মই তাত অকলে নুশুওঁ৷ “
: “কিয়? “
: “তালৈ ৰাতি কিলভিছ আহে৷ “
: “হা হা হা৷ “ মাক-দেউতাক, ৰণখুৰাক আটায়ে হাঁহিছিল৷
: “কাষৰ বিছনাখনতে খুৰা শুই থাকে দেখোন৷ মাতি দিবা আক’৷ “ মাকে কৈছিল৷
: “অ’তো৷ “ ৰণখুৰাকেও শলাগিছিল৷
: “ কেনেকৈ মাতিম? মাতিব নোৱাৰা হৈ যাওঁ দেখোন৷ “ আকৌ এবাৰ গিৰ্জনি মৰা হাঁহিত তাৰ কথা তল পৰি গ’ল৷ বাবামণিয়ে প্ৰতিজ্ঞা কৰিছিল, সি আৰু কাকো একো নকয়৷ ৰাতি ৰাতি সদায়ে আহিছিল কিলভিছ৷ আন্ধাৰৰ আঁৰ লৈ চয়তানটোৱে চেপি-খুন্দি চিৰাচিৰ কৰিছিল তাৰ ভিতৰ-বাহিৰ৷ ইউৰিনেললৈ যাওঁতে, টয়লেটলৈ যাওঁতে তাৰ পলম হৈছিল৷ ভিতৰত সোমাই সি কান্দিছিল৷ কেনেকৈ জানো ৰণখুৰাকে গম পালে৷ তাক হাস্পতাললৈ লৈ গৈছিল৷ চৰম বিতৃষ্ণা আৰু তাচ্ছিল্যৰে ডাক্টৰজনে কৈছিল, “লেতেৰা ল’ৰা৷ শৌচ-পেছাৱৰ পাছত পৰিষ্কাৰ নহৱ৷ সেইকাৰণে এইবোৰ হৈছে বুজিছনে৷ চাফ-চিকুণকে থাকিবি৷“ তেওঁ পেছক্ৰিপছনখন লিখি ৰণখুৰাকৰ হাতত দিছিল৷ খুৰাকে হাঁহিছিল৷ বাবামণিৰ খুব খং উঠিছিল৷ তীব্ৰ অপমানবোধ হৈছিল৷ ( কিন্তুু সৰু ল’ৰা এটা অপমানিত হয় জানো? নাই, সেইবোৰ কি গুৰুত্ব দিবলগীয়া কথা? তেনেই তুচ্ছ কথা, সৰু কথা! )
**** **** **** ****
সুখ্যাতিৰে মেট্ৰিক পাছ কৰাৰ পাছত বাবামণিয়ে ৰাজ্যৰ ভিতৰতে অতি বিখ্যাত কলেজ এখনত নাম ভৰ্তি কৰিলে৷ কিন্তুু সি হোষ্টেলটোত এসপ্তাহো থাকিব নোৱাৰিলে৷ হোষ্টেল এৰি সি ঘৰলৈ ঘূৰি আহিল৷ উভতি আহি সি গৃহ চহৰৰ কলেজ এখনতে নাম লগালে৷ সকলো আচৰিত হ’ল৷ সেইখন কলেজত ছিট পাবলৈ লাক লাগিব৷ তাৰ মাৰ্কছ ভাল৷ সেয়ে ছিটটো পাই গৈছিল৷ কিন্তুু সি গুচি আহিল৷ অনেকে কৈছিল, “ ল’ৰাটো বৰ কিবা ধৰণৰ৷ “ প্ৰথমবাৰলৈ মাক-দেউতাক আচৰিত হ’ল৷ তেওঁলোকে ভাবিবলৈ বাধ্য হ’ল, “ সি কিয় এনেকুৱা? “
ৰণখুৰাকে তেতিয়ালৈ পঢ়া সামৰি চাকৰিত সোমাইছিল৷ সিহঁতৰ চহৰত নাথাকে তেওঁ৷ খবৰ পাই খুৰাক ঢপলিয়াই আহিল৷ আহিয়েই তেওঁ বাবামণিক বুজাবলৈ ধৰিলে, “ এনেকুৱা হ’লে কি হ’ব? স্মাৰ্টনেছ বহুত ডাঙৰ কথা আজিকালি৷ নহ’লে বহুত অসুবিধা হ’ব৷ ভাল মাৰ্কশ্বিটে একো কামত নিদিবগৈ৷ “ তেওঁৰ কথা শুনি সি তলমূৰকৈ বহি থাকিল৷
সিদিনা ৰাতি ৰণখুৰাক সিহঁতৰ ঘৰত থাকিল৷ আগৰ কোঠাটোতে আছিল তেওঁ৷ তেতিয়ালৈ বাবামণিৰ নিজাকৈ এটা কোঠা হৈছিল৷ সি ভিতৰৰ পৰা বন্ধ কৰি থৈছিল কোঠাৰ দুৱাৰ৷ ৰাতি কোনোবাই তাৰ দুৱাৰত হেঁচা দিছিল৷ সপোনত তাক কিলভিছে খেদিছিল৷ সি প্ৰাণপণে দৌৰিছিল৷ সেয়ে তাক ধৰিব পৰা নাছিল৷
কিলভিছে খেদি ফুৰা সেই সপোনটোৰ বিষয়ে সি এটা গল্প লিখিছিল৷ জীৱনৰ প্ৰথমটো গল্প৷ গল্প নহয় যেন কাহানিও নুশুকুৱা এটুকুৰা দগমগীয়া ঘাঁ৷ গল্পটোত সি বহু কথা মুকলিকৈ কোৱা নাছিল৷ এনেয়ে লিখি পেলাই থৈছিল৷ কিছু মানসিক শান্তি পাইছিল হয়তো৷ কলেজৰ বাৰ্ষিক সাহিত্য প্ৰতিযোগিতাৰ অন্তৰ্গত ’একক গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতা’ত সি কি ভাবি জানো গল্পটো জমা দিলে৷ তাক আচৰিত কৰি গল্পটোৱে স্থান লাভ কৰিলে৷ তীব্ৰ অস্বস্তি আৰু সংকোচে তাক ঘেৰি ধৰিছিলহি৷ তীৰ তীৰকৈ কঁপি থকা হাতেৰে সি পুৰস্কাৰটো লৈছিল৷ মঞ্চত ভালকৈ থিয় হ’বই জনা নাছিল সি৷ গল্পটোৰ বিষয়ে ক’বলৈ গৈ তাৰ মুখৰ মাত হেৰাইছিল৷ সি কেনেকৈ কয় যে এই গল্পটো সি শৈশৱৰে পৰা কঢ়িয়াই ফুৰিছে৷ নাই, সি মিছা মাতিছিল, “বাতৰিকাকতৰ সত্য ঘটনা এটাই মোক গল্পটো লিখিবলৈ অনুপ্ৰাণিত কৰিছিল৷“ কঁপা কঁপা মাতেৰে সি কৈছিল৷ গল্পৰ বিচাৰক, ইংৰাজী সাহিত্যৰ অধ্যাপিকাগৰাকীয়ে তাক ওচৰলৈ মাতি নি কৈছিল, “ তুমি গুৰুত্বপূৰ্ণ বিষয় এটা বাচি লৈছা৷ চাইল্ড ছেক্সুৱেল এবিউজৰ বিষয়ে আমাৰ মাজত বিশেষ সচেতনতা অহাই নাই এতিয়ালৈকে৷ আনকি ল’ৰা-শিশু এটাও যে এনে শোষণৰ বলি হ’ব পাৰে, পিছলৈ তাৰ মনোজগতত এনে কথাই গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে — এনে কথাই তুমি উপস্থাপন কৰিবলৈ যত্ন কৰিছা৷ ভাল হৈছে৷ কিছু লিমিটেছনছ আছে৷ নতুনকৈ লিখিবলৈ শিকিছাহে৷ লাহে লাহে ঠিক হৈ যাব৷“ তেওঁ মিঠাকৈ হাঁহি মাৰি কৈছিল৷ তাৰ সহপাঠীবোৰো আচৰিত হৈছিল, “আও, ই নিবোকাই গল্পও লিখে নেকি?“
কলেজৰ সহপাঠীৰ লগতো তাৰ খুব অন্তৰংগ বন্ধুত্ব নাছিল৷ সোনকালে সি কাৰো লগত সহজ হ’ব নোৱাৰে৷ নতুনকৈ তাৰ আৰু কিছু সমস্যা আহিছিল৷ শাৰীৰিক পৰিৱৰ্তনে, বিশেষকৈ নিজৰে অজানিতে জেপজেপীয়া হৈ পৰা স্বপ্নদোষে তাক বিবুধিত পেলাইছিল৷ নিজৰ শৰীৰটো দেখোন নিজৰে নিয়ন্ত্ৰণত নাথাকে৷ কেতিয়ানো নিজৰ শৰীৰটোৰ প্ৰতি একধৰণৰ ঘৃণা আৰু ভীতিগ্ৰস্ততা সোমাল, সি নিজেই নাজানে৷ সি মনে- প্ৰাণে কামনা কৰিছিল, এই অনুভূতিৰপৰা দূৰৈত থাকক তাৰ পৃথিৱী৷
সঁচাকৈয়ে নে তাৰ লগত ধেমালি কৰিবলৈয়ে সি নুবুজিলে, মনামীয়ে ৰিদীপৰ যোগেদি তালৈ বুলি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে৷ সি বিৰক্ত হ’ল৷ সেইখন জগতৰ পৰা সি আঁতৰত থাকিব বিচাৰিছিল৷ সি তাইৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে৷
: “কাৰণ?“ ৰিদীপে সুধিছিল৷
: “কাৰণ তাই নহয়, মোৰ একান্ত ব্যক্তিগত৷“ সি কৈছিল৷ কেইঘণ্টামানৰ পাছত ৰিদীপে আকৌ তাক কৈছিল, “তাই তোক সুধিছে, তই আচলতে ইম্পটেণ্ট নে গে নে নাৰ্চিচিষ্ট? “ সি কেৱল হাঁহিছিল৷ কিন্তুু ভিতৰি ভিতৰি তাৰ অত্যন্ত খং উঠিছিল৷ সিদিনা সি কলেজত বাৰে বাৰে অন্যমনস্ক হৈ পৰিছিল৷ অফ পিৰিয়ডত নিলয়ে সিহঁতৰ গ্ৰুপ ফ’টো একপি মাৰিছিল৷
: “ ঐ তই হাঁহি থাকিবি৷ মৰা মানুহৰ দৰে নাথাকিবি৷“ নিলয়ে কৈছিল তাক৷ সি হাঁহিবলৈ চেষ্টা কৰিছিল৷ সকলোৰে লগত মুহূৰ্ততে বন্ধুত্ব গঢ়িব পৰা বিকুৱে কৈছিল, “কিছুমান মানুহৰ মুখৰ পৰা এনে নিগেটিভ এনাৰ্জি ওলাই থাকে যে প্ৰথম দৃষ্টিতে বেয়া লাগি যায়৷ কথা-বতৰা হোৱা দূৰৰে কথা৷ কিন্তুু কিছুমানক প্ৰথমবাৰতে ভাল লাগি যায়৷ নহয়নে? “ দুটামানে শলাগিছিল৷ বাবামণি আঁতৰি আহিছিল৷
: “ল’ৰাটো কিবা চাইক’ নিচিনা নহয়নে? মাজে মাজে বৰ এবনৰ্মেল বিহেভিয়েৰ দেখুৱাই৷“ সেই বিকুৱেই কৈছিল৷ আঁতৰি আহোঁতে সি নিজ কাণেৰে শুনিছিল৷
বাবামণি ঘৰলৈ বুলি বাইকত উঠিল৷ তাৰ চৌপাশে যেন লোমালোমে উলমি পৰিছে এলান্ধুকলীয়া এসোপা দীঘল দীঘল শেলুৱৈ৷ চিনাকি ফাৰ্মেচিখনত সি সোমাই যাব নেকি?
: “ভাইটি কি লাগে? “
: “দাদা, ছেক্সুৱেল ফিলিংছ একেবাৰে নাইকিয়া কৰিব পৰা কিবা মেডিচিন আছে নেকি?“ সি সোধে৷ বিস্ময়ত হতবাক হৈ পৰা ফাৰ্মাচিষ্টজনৰ মুখত পাছমুহুৰ্ততে এটা বেঁকা হাঁহি বিৰিঙি উঠে৷
: “কি হে ভাইটি! ইমান প্ৰব্লেম পাইছানে? এই বয়সত এনেকুৱা হয়ে৷ একো চিন্তা নকৰিবা৷ নিজে নিজে চব ঠিক হৈ যাব৷ “
এইবাৰ সি তীব্ৰবেগে ঘৰমুৱা হ’ল৷ হুৰমূৰকৈ বাইকৰপৰা নামি সি নিজৰ কোঠাত সোমালগৈ৷ ম’বাইলটো অন কৰি তীৰ তীৰকৈ কঁপি থকা আঙুলিৰে নেট অন কৰি সি চাৰ্ছ কৰিলে—“way to permanently remove sexual feelings“ নেট শ্ল’ মাৰিছে৷ চক্ৰ ঘূৰি আছে৷ তাৰ শুকান চকু দুটা লাহে লাহে জলক-তবক হৈ আহিছে৷ ম’বাইলৰ ধূসৰ স্ক্ৰীণত ভাঁহি উঠিছে এখন মুখ৷ কিলভিছৰ মুখ৷ ছাঁ-পোহৰত সেই মুখখন লাহে লাহে আন এখন মুখলৈ সলনি হৈছে৷ সেইখন মুখ আন কাৰো নহয়, – ৰণ খুৰাকৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments