কম্বল ( উচ্চজিৎ কলিতা)

(এক মিনিটৰ গল্প)

– হেৰা বৰা, এই মানু্হকেইজন মোৰ সমষ্টিৰনে ? ইমান দেৰিকৈ আহিছেযে।
– হয় ছাৰ, আমাৰ সমষ্টিৰে ভিতৰুৱা গাঁও এখনৰ পৰা আহিছে। তালৈ যাবলৈ ৰাস্তা-ঘাট প্ৰায় নাইয়ে। জিলা সদৰলৈ বুলি আহিবলৈও বহুত সময় লাগে, মূল দলংখন ভঙা।

জিলা সদৰৰ কাৰ্যালয়ৰ পৰা সমষ্টিৰ ১৫ বছৰীয়া মন্ত্ৰীয়ে মিঠা হাঁহি মাৰি ওলাই আহি হজুৱা-হালোৱা যেন লগা মানুহকেইজনলৈ বুলি নমস্কাৰ জনালে। তেওঁলোকৰ মাজত দুটা ৮-১০ বছৰীয়া শিশুও আছিল।

মন্ত্ৰীয়ে হাঁহি মাৰি সুধিলে – “ভাইটি, কোন শ্ৰেণীত পঢ়া ?”

শিশু দুটাই সেমেনা-সেমেনি কৰা দেখি খুড়াক যেন লগা মানুহজনে ক’লে – “ছাৰ, এতিয়া আমাৰ ওচৰে-পাজৰে ৫ কিলোমিটাৰমানলৈকে স্কুল নাইয়ে। যি এখন আছিল তাত যোৱা তিনিবছৰে কোনো শিক্ষক নাই। ইহঁতে পঢ়া-শুনা নকৰে।”

মন্ত্ৰীয়ে খঙত একোনাই হৈ বৰালৈ চাই ক’লে – “বৰা, এওঁলোকৰ গাঁৱৰ পঞ্চায়তৰ সভাপতিলৈ ফোন কৰক। এই ধৰণৰ দুৰৱস্থাৰ বিষয়ে মোক কোনেও কিয় একো জনোৱা নাই।”

বৰাই সেমেনা-সেমেনিকৈ ক’লে – “ছাৰৰৰ……ৰ, আচলতে সেই অঞ্চললৈ বিজুলী আৰু ফোনৰ যোগাযোগ যোৱা নাই।”

মন্ত্ৰীয়ে হুমুনিয়াহ এটা কাঢ়ি ক’লে – “অহ্, কি দুখৰ বিষয়। বাৰু, এওঁলোক আটাইকেইজনকে কম্বল এখনৰ ঠাইত দুখনকৈ দিয়ক আৰু সূতাও বাকী গাঁৱত দিয়াতকৈ কেইকেজিমান বেছিকৈ দিয়ক। এইখন গাঁও মোৰ বৰ আপোন। মই অহা পাঁচ বছৰত এইখন গাঁও অসমৰ সৰ্বশ্ৰেষ্ঠ গাঁৱত পৰিণত কৰিম।”

গাঁৱৰ মানুহকেইজনৰ মুখত হাঁহি বিৰিঙিল। খুড়াক যেন লগা মানুহজনে ক’লে – “ছাৰৰ জয় হওক !!”

নতুন কম্বলকেইখন শিশু দুটাই বাৰে বাৰে শুঙি চাইছে। নতুন ঊণৰ গোন্ধ বৰ মিঠা চাগে’ !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক