কপাৰ্নিকাছ মাৰ্গত ভাৰত মাতা আৰু নৰকাসুৰ বধ (-নন্দিতা খাখলাৰী)

অসমীয়া সংস্কৃতিৰ এক অন্যতম অবিচ্ছেদ্য অংগ হৈছে ‘ভাওনা’ৰ সংস্কৃতি।কিন্তু গোৱালপাৰা জিলাত এই ভাওনাৰ সংস্কৃতিটোৰ প্ৰচলন নাই। অন্ততঃ আমি আমাৰ সময়ত আজিলৈকে দেখিবলৈ পোৱা নাই। আচলতে বৰপেটা জিলাক বাদ দি হয়তো নামনি অসমৰ অধিকাংশ অঞ্চলতে ভাওনা সংস্কৃতিৰ প্ৰচলন সেৰেঙা। অৱশ্যে শংকৰী ধৰ্মাৱলম্বী লোক আৰু নামঘৰ আদিৰ সংস্কৃতি,পৰম্পৰাৰ প্ৰচলন আৰু প্ৰভাৱ গোৱালপাৰাতো যথেষ্ট। কিন্তু যিকেইটা উল্লেখযোগ্য সাংস্কৃতিক উপাদান বা পৰম্পৰাই গোৱালপাৰাৰ সমাজ আৰু ব্যক্তিৰ জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে বা কৰিছিল, তাৰ ভিতৰত আগৰ প্ৰজন্মৰ মানুহৰ মুখত সাধাৰনতে ‘যাত্ৰা পাৰ্টী’ৰ নাম আৰু ‘যাত্ৰা পাৰ্টী’ৰ বিভিন্ন ৰসাল আৰু বৈচিত্ৰময় কাহিনীহে বৰকৈ শুনিবলৈপোৱা যায়। ঐতিহাসিক আৰু ভৌগলিক কাৰণবশতঃ গোৱালপাৰা জিলাৰ সমাজ জীৱনত বঙালী সংস্কৃতিৰ প্ৰভাৱ সৰ্বত্ৰ বিদ্যমান। সেয়া লাগিলে ভাষা, ধৰ্মীয় পৰম্পৰা, সামাজিক উত্সৱ, সংস্কৃতি, খাদ্যাভাষ অথবা পোছাক পৰিচ্ছদেই নহওঁক কিয়। গতিকে কিতাপে-পত্ৰই পঢ়াৰ পিছতো অথবা আধুনিক কালত  টিভি আদিত দেখাৰ পিছতো, চিৰদিন গোৱালপাৰাত বাস কৰা ব্যক্তি এগৰাকীয়ে শংকৰদেৱ আৰু মাধৱদেৱে প্ৰচলন কৰা ‘ভাওনা’ প্ৰকৃতাৰ্থত চাই নোপোৱাটো কিছু দুখজনক যদিও অতি স্বাভাৱিক কথা। কেইদিন আগলৈকে আমাৰো অভিজ্ঞতা অন্য নাছিল।
যোৱা ২১ মাৰ্চ তাৰিখৰ পৰা নতুন দিল্লীৰ কপাৰ্নিকাছ মাৰ্গত অৱস্থিত ৰবীন্দ্ৰ ভৱনত শংকৰদেৱ বিৰচিত চাৰিখন অংকীয়া নাটৰ প্ৰদৰ্শন সমাৰোহ অনুষ্ঠিত হয়। এয়াই আছিল আমাৰ অসমীয়া ভাওনা চোৱাৰ প্ৰথম অভিজ্ঞতা। এই অভিজ্ঞতা আছিল সঁচাকৈয়ে সুন্দৰ আৰু অভিনৱ। ভাওনা চাবলৈ আমাৰ বন্ধুৰ দলটোত প্ৰথমবাৰৰ বাবে ভাওনা চোৱা আটাই কেইজনে ভাওনা চাই অভিভূত হৈ পৰিছিল। যিয়ে নহওঁক, এই সমাৰোহৰ তৃতীয়খন ভাওনা আছিল ‘পাৰিজাতহৰণ’। অভিনয় আৰু প্ৰদৰ্শন কৰিছিল দৰং জিলাৰ পৰা অহা ‘কলা-কৃষ্টি বিকাশকেন্দ্ৰ’ৰ শিল্পীসকলে। ভাওনাৰ সংলাপ সমূহ ব্ৰজৱলী ভাষাত হোৱা বাবে প্ৰত্যেকটো সংলাপ বোধগম্য হোৱা নাছিল যদিও থূলমূলকৈ নাটকৰ কাহিনীভাগ বুজাত বিশেষ অসুবিধা হোৱা নাছিল।
pari
পাৰিজাত হৰণৰ কাহিনীভাগ মূলতঃ এনেধৰণৰ-
স্ৱৰ্গাধিপতি ইন্দ্ৰৰ বাগিচাত প্ৰটুস্ফিত হৈ থকা অতি দুষ্প্ৰাপ্য পাৰিজাতফুল এপাহ এদিন নাৰদ মুনিয়ে আনি শ্ৰীকৃষ্ণক দিয়ে। প্ৰবাদ আছিল যে যি নাৰীয়েসেই দুষ্প্ৰাপ্য পাৰিজাত ফুলৰ গৰাকী হয়, তেৱেই নিজৰ পতিক মোহিত কৰি হাতৰমুঠিত ৰাখিব পাৰে। গতিকে শ্ৰীকৃষ্ণৰ হাতত সেই পাৰিজাত ফুলপাহ দেখি তেওঁৰ প্ৰথমা পত্নী ৰুক্মিণীয়ে ফুলপাহ বিচৰাত শ্ৰীকৃষ্ণই ফুলপাহ ৰুক্মিনীক উপহাৰ দিয়ে। আনফালে ইফালৰ কথা সিফাল কৰি আৰু অতিৰঞ্জিত কৰি ৰং চাই ভালপোৱা টুটুকীয়া স্বভাৱৰ নাৰদ মুনিয়ে শ্ৰীকৃষ্ণৰ দ্বিতীয়া পত্নী সত্যভামাক লগাই দিয়ে যে শ্ৰীকৃষ্ণই প্ৰকৃতাৰ্থত ৰুক্মিণীকহে ভালপায়, সেইবাবেই ইন্দ্ৰদেৱৰ বাগিচাৰ দুষ্প্ৰাপ্য পাৰিজাত ফুলপাহ তেখেতে ৰুক্মিণীকহে উপহাৰ দিছে। সেইকথা শুনি সত্যভামা ইৰ্ষা, খং-দুখত ব্যাকুল হৈ , শ্ৰীকৃষ্ণৰ ওচৰত বিভিন্ন ধৰণেদাবী কৰে যে তেওঁ যদি সত্যভামাক ভালপায়, তেন্তে গোটেই পাৰিজাত ফুলৰ গছজোপাই আনি শ্ৰীকৃষ্ণই তেওঁক উপহাৰ দিব লাগিব। উপায়ন্তৰ হৈ শ্ৰীকৃষ্ণই কথাদিয়ে যে তেওঁ সেই পাৰিজাতৰ তৰু আনি সত্যভামাক উপহাৰ দিব।
ইয়াৰ মাজতে নৰকাসুৰৰ হাতত পৰাস্ত হৈ ইন্দ্ৰ দেৱতাই আহি শ্ৰীকৃষ্ণৰ ওচৰত নৰকাসুৰৰ বিৰুদ্ধে নানা ধৰণৰ অভিযোগ কৰি শ্ৰীকৃষ্ণক নৰকাসুৰক বধ কৰিবলৈ অনুনয়–বিনয় জনায়। ইন্দ্ৰৰ অনুৰোধত অৱশেষত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰে আৰু লগতে সত্যভামাৰ দাবীত ইন্দ্ৰৰ বাগিচাৰ পৰা পাৰিজাত তৰু হৰণ কৰি আনি সত্যভামাক উপহাৰ দিয়ে। সত্যভামাই সেই তৰু নিজৰ ঘৰৰ দুৱাৰৰ কাষতে ৰোপণ কৰে যাতে আনকোনেও সেই ফুলৰ গৰাকী হ’ব নোৱাৰে। আনন্দত আত্মহাৰা হৈ সেই পাৰিজাত তৰু দেখুৱাই সত্যভামাই যেতিয়া ৰুক্মিণীৰ ওচৰত অহংকাৰ কৰে তেতিয়া উদাৰমনা ৰুক্মিণীয়ে কয় যে যাৰ ওচৰত স্বয়ং বিশ্ব-ব্ৰহ্মাণ্ডৰ স্বামী আছে, তেওঁকনো পাৰিজাত ফুলৰ কিহৰ প্ৰয়োজন?! আনফালে ইন্দ্ৰৰ বাগিচাৰ পাৰিজাত তৰু শ্ৰীকৃষ্যাণইচুৰ কৰা বাবে ইন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ মাজত তুমুল ৰণ হয়। কিন্তু ৰণত পৰাজিত হোৱাৰ পিছত ইন্দ্ৰই শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা কৰি প্ৰাণ ভিক্ষা কৰাতশ্ৰীকৃষ্ণই ইন্দ্ৰক ক্ষমা কৰি দিয়ে আৰু নাটকৰো যৱনিকা পৰে।
নাটখনচাই থকাৰ মাজতে জে এন ইউৰ ‘টিপিকেল’ জটিল মনটোৱে সাৰ নোপোৱাকৈ নাথাকিল। দৃশ্যবোৰ চাই থাকোতে এনে লাগিল যেন এয়া আমাৰ দিনত চলি থকা সমসাময়িক ঘটনাবোৰৰ কাহিনীহে। যি হ’লেও পাৰিজাত হৰণো প্ৰেম আৰু ৰাজনীতিৰেই কাহিনী। গতিকে প্ৰেমৰ ঠাইত আজিকালিৰ জনপ্ৰিয় ‘দেশপ্ৰেম’ ৰাখি মনৰ মাজতে চৰিত্ৰ বিতৰণ কৰিলোঁ,
শ্ৰীকৃষ্ণ- বৰ্তমানৰ ভাৰত চৰকাৰ (মোদী চৰকাৰ!)
ইন্দ্ৰ- জে এন ইউৰ এ বি ভি পি
নৰকাসুৰ-
কানহাইয়া
নাৰদ মুনি- অৰ্ণৱ গোস্ব(টুটুকীয়া,
দ্বায়িত্ব/কাণ্ডজ্ঞানহীন মিডিয়া)
পাৰিজাত তৰু- ভাৰত মাতা
ৰুক্মিণী- জে এন ইউ ষ্টুডেন্টছ মুভমেন্ট, প্ৰগ্ৰেছিভ থিংকাৰছ, ছছিয়েল এক্টিভিষ্টছ ইত্যাদি
সত্যভামা- আৰ এছ এছ (সংঘ পৰিয়াল)
পাৰিজাত ফুলৰ প্ৰবাদ- ভাৰত মাতা যাৰেই হাতৰ মুঠিত, সিয়েই আচল ৰজা!
নাটকৰ কাহিনী-
এদিন ইফালৰ কথা সিফাল কৰি আৰু অতিৰঞ্জিত কৰি ৰং চাই ভালপোৱা টুটুকীয়াস্বভাৱৰ মিডিয়াই (অৰ্ণৱ গোস্বামী বুলিও ধৰিব পাৰে) ভাৰত মাতা ৰুক্মিণীঅৰ্থাত জে এন ইউ ষ্টুডেন্টছ মুভমেন্ট, প্ৰগ্ৰেছিভ থিংকাৰছ, ছছিয়েলএক্টিভিষ্টছ ইত্যাদিৰ হাতলৈ গ’ল বুলি সংঘ পৰিয়ালক লগাই দিয়ে। লগে লগেই সংঘপৰিয়াল খং-হিংসাত ক’ব নোৱাৰা হৈ মোদী চৰকাৰৰ ওচৰত গোচৰ তৰে যে এতিয়াই গোটেইভাৰত মাতাক আমাৰ হাতলৈ আনি দিবই লাগিব। নহ’লে আমি যে আপোনাৰ আপোন নহয়, প্ৰমাণ হৈ যাব! আৰুলগতে এতিয়াই কণ্ট্ৰল নকৰিলে ভাৰত মাতাও চিৰদিনৰ বাবেশত্ৰুৰ হাতলৈ গুচি যাব। আমি সকলোতে আমাৰ অধিকাৰ আৰু পাৱাৰ হেৰুৱাম। কথাবিষম দেখি মোদী চৰকাৰেও ঠিৰাং কৰে যে চুৰ কৰি হ’লেও ভাৰত মাতাক আনি সংঘক উপহাৰ দিবই।
আনহাতে প্ৰায়বোৰ যুদ্ধত পৰাস্ত হোৱা এবিভিপিয়ে মোদীচৰকাৰৰ ওচৰত আহি বিভিন্ন ধৰণে কানহাইয়াহঁতৰ বিৰুদ্ধে মোদী চৰকাৰৰ ওচৰত অভিযোগ তৰি সিহঁতক দমন কৰিবলৈ আৰু এবিভিপিক ৰক্ষা কৰিবলৈ কাতৰ প্ৰাৰ্থনাজনায়। চৰকাৰেও কানহাইয়াহঁতেনো কি দোষ বা ভুল কৰিছে তাৰ কোনো বিচাৰ-বিবেচনানকৰাকৈ সিহঁতক বধ কৰিবলৈ উঠি-পৰি যুদ্ধ দিয়ে।
অন্তিম দৃশ্যত স্বয়ং ভাৰত চৰকাৰেই ভাৰত মাতাক হৰণ কৰি আনি সংঘৰ দুৱাৰ-দলিত মাতাক একেবাৰে ঘৰুৱাভাৱে আৰু নিগাজীকৈ ৰোপণ কৰে আৰু সকলো ব্যৱস্থা লয় যাতে আন কোনোৱে আৰু ভাৰতমাতাৰ প্ৰেম, ঐশ্বৰ্য্য, অধিকাৰ আদি একোৱেই লাভ কৰিব নোৱাৰে। লগতে ঘোষণাও কৰি দিয়ে যে এতিয়াৰ পৰা ভাৰত মাতা কেৱল তেওঁলোকৰ আৰু সদায় তেওঁলোকৰেই মাতাহৈ থাকিব।
নিজৰ কল্পনাত নিজৰে হাঁহি উঠিছিল যদিও, পৰিসমাপ্তিত এটাই স্বস্তিৰ নিস্বাস পেলাইছিলোঁ যে পাৰিজাত হৰণত সফল হ’লেও, আমাৰ নাটকত শ্ৰীকৃষ্ণই অন্ততঃ আজিলৈকে নৰকাসুৰক বধ কৰিব পৰা নাই।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments