কৃপণ (এক মিনিটৰ গল্প ) – গীতিকা বৰা

বিয়াৰ দহদিনৰ পিছতেই নিকিতাৰ গাত ” কৃপণ” শব্দটোৰ চাপ বহিছিল৷ তাৰ পিছৰ পৰাই শব্দটোৱে এটা মাখি হৈ অহৰহ তাইৰ চাৰিওফালে উৰি ফুৰা হ’ল৷
মধ্যবিত্তৰ ঘৰৰ জীয়াৰী তাই৷ তাইৰ ভাগ্যৰ বলতেই হওক বা নিখুঁত সৌন্দৰ্যৰ বলতেই হওক লগপোৱাৰ মাত্ৰ তিনিমাহৰ পিছতেই তাই কোটি পটি ব্যৱসায়ীৰ একমাত্ৰ পুত্ৰ সমৰ বৰুৱাৰ পত্নী হৈ পৰিছিল৷ বিয়াৰ দহদিনৰ দিনা সমৰে তাইক আচৰিত কৰি এটা বাইশহাজাৰ টকীয়া মোবাইল হেণ্ডচেট তুলি দিছিল তাইৰ হাতত আৰু তাই জোৰদাৰ আপত্তি কৰিছিল তাইক ইমান দামী চেট নালাগে বুলি৷ তেওঁৰ কষ্টৰ টকা অনাহকত খৰচ কৰিব নালাগে বুলি৷ সেই মুহূৰ্তত পৰিয়ালৰ সকলোৰে আশ্বৰ্য মিশ্ৰিত দৃষ্টিৰ সন্মুখত সমৰে কৈ উঠিছিল “ তুমি বৰ কৃপণ দেই”৷ তাৰ পিছৰ পৰা এই ছমাহে শব্দ টোৱে তাইৰ লগ এৰা নাই৷ লান্স, ডিনাৰৰ নামত হোটেল, ৰেষ্টুৰেণ্টত সমৰে হাজাৰ টকা খৰচ কৰোঁতে তাই বাধা দিয়া সময়ত, তাইক ফুৰাবলৈ বুলি লৈ গৈ ডাঙৰ শ্বপিঙমলত সুমুৱাওঁতে, অত্যাধুনিক বিউটি পাৰ্লাৰলৈ তাইক লৈ গৈ সমৰে বিউটিচিয়ান কেইজনীক নিৰ্দেশ দিয়াৰ মুহূৰ্তত তাই আপত্তি কৰোঁতে “কৃপণ” শব্দ টোৱে সোঁৱে-বাৱে তাইক খুচি থকা হ’ল৷ নগৰীয়া জীৱনৰ লগত অনভ্যস্ত তাইৰ মনটোৱে প্ৰকৃতিৰ নিবিড় সান্নিধ্যৰ বাবে হাঁহাকাৰ কৰি থকা সময়ত তাই এদিন সাহ কৰি সমৰক কৈ পেলাইছিল “ মোৰ এইবোৰ ঠাইলৈ আহি ভাল নালাগে সমৰ৷ মই ভাল পাওঁ নদী, পাহাৰ, অৰণ্য৷ তেনেকুৱা ঠাইলৈ যাওঁ ব’লানা৷” সমৰে তাচ্ছিল্য কৰিছিল “ তুমি টকা খৰচ নোহোৱা ঠাইলৈ গৈয়ে ভাল পোৱা৷” কথাষাৰে শেল হৈ শালিছিল তাইক৷ সমৰক কেতিয়াও একো নকওঁ বুলি সিদ্ধান্ত লোৱাৰ কথা ভাবোঁতেই নিকিতাই টিভিত বানপিড়ীতৰ বাবে সাহায্য বিচাৰি দিয়া বাতৰি পালে৷ তাই দৌৰি গ’ল সমৰৰ ওচৰলৈ, “মোক দহহাজাৰ টকা দিবানে? বানপানীত বৰ কষ্ট পাইছে মানুহখিনিয়ে৷ তেওঁলোকক দিম৷” চকুত স্পষ্ট বিৰক্তি লৈ সি কৈ উঠিল, “তোমাৰ টকা সেই খিনি মানুহে নাপায়৷ কোনে মাজতে খাব ঠিক নাই৷ এইবোৰত টকা খৰচ কৰাৰ পক্ষপাতী মই নহয়৷” হঠাতে তাইৰ চলচলীয়া হৈ পৰা চকুত চকু পৰিল তাৰ৷ “হব দিয়া৷ তুমি যদি নামানা একহাজাৰ টকা দিবা৷” নিৰ্বাক, নিস্তব্ধ নিকিতা লাহে লাহে কোঠাটোৰ পৰা ওলাই আহিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments