কৃষ্টি অমিয়া -(অনন্ত চহৰীয়া)

কৃষ্টি অমিয়া
-অনন্ত চহৰীয়া
সংজ্ঞাসমূহ :
ভাষা-সাহিত্য, গীত-নৃত্য-অভিনয় আৰু সমাজ জীৱনৰ বিভিন্ন উপাদানসমূহ সজাই-পৰাই শুৱলা কৰি মাৰ্জিত, ৰুচিকৰ আৰু সৰ্বাংগসুন্দৰ কৰি তোলা কৌশলসমূহক কলা বুলিব পাৰি। কলাৰ পৰিসৰ কোনো এখন সমাজৰ দিগন্ত ব্যাপি আছে। জীৱনধাৰণৰ প্ৰতিটো খোজতে কলা বিদ্যমান। তাঁতশালত কোনোবা শিপিনীয়ে গামোচা বৈ আছে আৰু মাকোৰ শব্দৰ তালে তালে জুৰিছে এটি বিহুনাম। এই যে গামোচা বৈ আছে সেয়া হ’ল কাৰু কলা আৰু বিহুনাম ফাকি হ’ল চাৰু কলা। কলা প্ৰধানতঃ দুবিধ। চিত্ৰকৰে অঁকা ছবিসমূহ, সাহিত্যিকৰ সমাজ জীৱন আৰু কল্পনাক আশ্ৰিত কৰি লিখা সাহিত্যসমূহ, গায়ক-গীতিকাৰৰ গীত-মাতসমূহ, নাট্যকাৰ আৰু অভিনেতাৰ নাটকসমূহ আদি যিবোৰে নেকি আমাৰ মনত আনন্দ আৰু ভাবাৱেগৰ ঢৌ তোলে আৰু যিবোৰৰ লগত নেকি আমাৰ মনৰ সম্পৰ্ক অতি গভীৰ এইসমূহকে চাৰু কলা আখ্যা দিব পাৰি। আনহাতেদি, ভাত ৰন্ধা, তাঁতবোৱা, মিস্ত্ৰীয়ে সজা কাঠৰ সাজ-সৰঞ্জামবোৰত মানুহৰ গভীৰ আৱেগ-অনুভূতিৰ বিশেষ সংস্পৰ্শ নাই। এইবোৰক কাৰু কলা বুলিব পাৰি। বাঢ়ৈয়ে এখন নাও সাজিলে। সেয়া হ’ল কাৰু কলা। কিন্তু কোনোবা চিত্ৰকৰে যদি কাঠৰ সেই নাওখনতে অংকন কৰে কিছু মনমোহা চিত্ৰ তেতিয়াহ’লে চিত্ৰৰে জাতিষ্কাৰ সেই নাওখনি দেখিলে আমাৰ মন ভাল লাগি যোৱা হয়— আনন্দৰো উদ্ৰেক ঘটে। এয়াই চাৰু কলা। এই কলাৰ ভিতৰতে লুকাই থাকে আমাৰ কৃষ্টি যিয়ে পৰিশোধিত ৰূপত সংস্কৃতি নাম লৈ আমাৰ পৰিচয় আনৰ আগত দাঙি ধৰে।
দৰাচলতে চিত্ৰ, গীত-মাত, অভিনয়, আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম, মান-সন্মান, সেৱা-সৎকাৰ যিবোৰ নেকি আমাৰ সমাজত পৰম্পৰাগতভাৱে বিয়পি আছে আৰু যাৰ কৰ্ষণ আৰু সাধনা আমি জীৱন ধাৰণৰ প্ৰতি খোজে খোজে কৰি আহিছোঁ সেইসমূহ কলাক আমি কৃষ্টি আখ্যা দিব পাৰোঁ। এই কলাসমূহক একে নিয়ম-নীতিৰে পালন কৰি একে ধৰণে বাৰে বাৰে কৰ্ষণ কৰা হয় কাৰণেই সেইসমূহক কৃষ্টি বোলা হয়। ঢোল এটি বজাব জনা কৌশলটোক কলা বুলিব পাৰি। কিন্তু সেই একে কৌশলেৰে ঢোল বাদনৰ সাধনা বা চৰ্চা কৰাৰ কৰ্ষণ প্ৰণালীটো হৈ পৰে কৃষ্টি। এই কৃষ্টি যেতিয়া ৰাজহুৱা পৰ্য্যায়ত মাৰ্জিত, ৰুচিকৰ আৰু মনোগ্ৰাহীকৈ পৰিৱেশিত হয় সেয়াই হৈ পৰে সংস্কৃতি। প্ৰণিধানযোগ্য যে কলাৰ পৰা কৃষ্টিলৈ উন্নীত হওঁতে কোনো এবিধ কলাই অৱধাৰিতভাবে একো-একোখন ব্যাকৰণৰ সৃষ্টি কৰে। এই ব্যাকৰণসমূহেই একো একোটা কৃষ্টিক নিভাঁজকৈ ধৰি ৰখাত সহায় কৰে। ঢোল বাদনৰ চেওসমূহৰ সৃষ্টি হৈছে কৰ্ষণ অথবা সাধনাৰ ফলত। এই চেও সমূহেই কবলৈ গ’লে ঢোল বাদনৰ এখন ব্যাকৰণ।
যিসমূহ কলা-কৃষ্টিয়ে কোনো এক ভৌগলিক পৰিসীমাৰ ভিতৰত বসবাস কৰি থকা লোকৰ জীৱন-ধাৰণৰ প্ৰণালী, ভাষিক বৈশিষ্ট্য, নীতি-নিয়ম আৰু সমাজ জীৱনৰ বিভিন্ন দিশ সামৰি ফুটাই তোলে সেইসমূহ কলা-কৃষ্টিৰ মাৰ্জিত, ৰুচিসন্মত ৰূপটোকেই লোক-সংস্কৃতি বুলিব পাৰি। এই লোক-সংস্কৃতিৰ আঁৰতেই লুকাই থাকে জাতি এটাৰ আয়ুসৰ ডোলডাল। এয়াই হৈ পৰে জাতিটোৰ প্ৰাণ চালিকা শক্তি। লোক-সংস্কৃতিয়ে সেয়েহে নিজৰ স্বৰূপ হেৰুৱাই ব্যাকৰণ ৰহিত হ’লে জাতিৰ পৰিচয়ো হৈ পৰে থৰক-বৰক।
দৰং জিলাৰ কাহিনী গীত/মালিতা; পৰিচয়মূলক কেইটিমান শাৰী:
লোকগাথাসমূহ হ’ল অসমীয়া লোক-সংস্কৃতিৰ এটা অন্যতম প্ৰধান উপাদান। সময়ৰ সোঁতত সমাজৰ বিভিন্নজনৰ মুখে মুখে বাগৰি থকা ফুলৰ মালাৰ দৰে ধাৰাবাহিক ভাবে গাঁথি থোৱা কাহিনীযুক্ত গীতসমূহেই হ’ল মালিতা বা গাথা। দৰং জিলাত বেছি দীঘলীয়া কাহিনী গীতসমূহক ‘পুৰাণ’ বুলিও আখ্যা দিয়া হয়। দৰঙত প্ৰচলিত লোকগাথা বা কাহিনী গীতসমূহ পুৰাণগত, জনশ্ৰুতিমূলক, বুৰঞ্জীমূলক, বাস্তৱিক, কাল্পনিক আদি শ্ৰেণীৰ অন্তৰ্গত। দৰং জিলাৰ পশ্চিম প্ৰান্তৰ পথৰুঘাট নামৰ ঠাইত সংঘটিত [পৰাধীন ভাৰতৰ] কৃষক বিদ্ৰোহৰ হুবহু ৰূপ ধৰি ৰাখিছে ‘দলিপুৰাণ’ নামৰ মালিতা এটাই। এইটো মালিতা বুৰঞ্জীমূলক কাহিনী গীতৰ ভিতৰত পৰে। এই মালিতাটো যথেষ্ট দীঘল বাবে ইয়াক পুৰাণ বুলি কোৱা হয়। দৰং জিলাত প্ৰচলিত যাদুমূলক মালিতাসমূহৰ ভিতৰত কেইটামান গীত হ’ল কমলাকুঁৱৰীৰ গীত বা দীঘিৰ পুখুৰীৰ গীত ইত্যাদি। অৱশ্যে কমলা কুঁৱৰীৰ গীতটি শুনিলে বা পঢ়ি চালে এটা কথা সহজেই অনুমেয় হৈ পৰে যে এই গীতটি অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হৈ আছে।
কমলাকুঁৱৰীৰ গীত :
কমলা কুঁৱৰী             মোৰে প্ৰাণেশ্বৰী
পানীনো কিমানে হ’ল?
শুনকচোন শুনকচোন     বঙহৰ দেৱতা
পানী মোৰ এপতা হ’ল।
কমলা কুঁৱৰী             মোৰে প্ৰাণেশ্বৰী
পানীনো কিমানে হ’ল?
শুনকচোন শুনকচোন     বঙহৰ দেৱতা
পানী মোৰ একাঠু হ’ল।
কমলা কুঁৱৰী             মোৰে প্ৰাণেশ্বৰী
পানীনো কিমানে হ’ল?
শুনকচোন শুনকচোন     স্বৰ্গদেউ ঈশ্বৰে
পানী মোৰ এক কঁকাল হ’ল।
কমলা কুঁৱৰী             মোৰে প্ৰাণেশ্বৰী
পানীনো কিমানে হ’ল?
শুনকচোন শুনকচোন     বঙহৰ দেৱতা
পানী মোৰ এবুকু হ’ল।
কমলা কুঁৱৰী             মোৰে প্ৰাণেশ্বৰী
পানীনো কিমানে হ’ল?
শুনকচোন শুনকচোন     স্বৰ্গদেউ ঈশ্বৰে
পানী মোৰ এডিঙি হ’ল।
কমলা কুঁৱৰী             মোৰে প্ৰাণেশ্বৰী
পানীনো কিমানে হ’ল?
শুনকচোন শুনকচোন     বঙহৰ দেৱতা
পানী মোৰ এমূৰে হ’ল।
(২)
শালতে আছিল মোৰ চিঙেলীয়া পাট,
চৰুত আছিল মোৰ উতলা ভাত।
কোলাত আছিল মোৰ চন্দ্ৰ হেন বেটা,
আহিলোঁ মহাৰাজ নধৰিবা লেঠা।
দৰঙত প্ৰচলিত বাস্তৱিক মালিতাৰ ভিতৰত দলামূৰীৰ গীত, ফৰ্মুদ-পমীলাৰ গীত আদি উল্লেখযোগ্য।
লোকগাথা বা মালিতাসমূহত, বিশেষকৈ বুৰঞ্জীমূলক, বাস্তৱিক আদি শ্ৰেণীৰ গীতসমূহত, দৰং জিলাৰ ভাষা আৰু সমাজৰ বিভিন্ন কথাবোৰ কম-বেছি পৰিমাণে ফুটি উঠাও দেখা যায়। উদাহৰণস্বৰূপে, ফৰ্মুদ-পমীলাৰ গীতত মঙ্গলদৈৰ কানাই চুবুৰীৰ মুছলিম যুৱক ফৰ্মুদ আৰু বেজপাৰাৰ হিন্দু গাভৰু পমীলাৰ প্ৰেম, ঘৰৰ পৰা পলাই হাবিলৈ যোৱা আৰু শেহত বাঘে দুয়োকে খাই পেলোৱাৰ কথা দৰঙী উপভাষাত বৰ্ণনা কৰা হৈছে।
ফৰ্মুদপমীলাৰ গীত :
সখী প্ৰাণোৰ সখী
মনোৰ কথা কবি
দীঘাল ফোঁটাৰ
বামুণ মাতিম নে
দীঘাল দাঢ়িৰ মৌলেবী।
পমীলা অজাতিক চিনিলি
পমীলা অজাতিক মন দিলি
পমীলা দেহাৰ পকা মেৱা
পমীলা অজাতিক যাচিলি
পমীলা আপোনাৰ ঘৰখান
পমীলা ঘূৰিকে নাচালি।
পমীলা ফৰ্মুদুৰ লগোতে
পমীলা ঘৰ এৰি গেলি
পমীলা ফৰ্মুদুৰ লগোতে
পমীলা গাঁও এৰি গেলি
পমীলা গেধেনিৰ হাবিতে
পমীলা ফৰ্মুদুৰ লগতে
পমীলা বনৰাজাৰ পেটোক গেলি।
ফৰ্মুদ অধৰমী ফৰ্মুদ জহান্নামী
কিয়া তই পমীলাক নিলি
ঘৰো নাপেলি তিৰীয়ো নাপেলি
নিজে বাঘোত পেটোক গেলি।
অন্যান্য কেইটিমান কাহিনীগীত হৈছে- ভূমিকম্পৰ গীত, স্বাধীনতা আন্দোলনৰ গীত আদি।
ভূমিকম্পৰ গীত :
এহি মাহৰ কথাখিনি সেহিমানে থওঁ।
বৰ ভূইকঁপৰ কথা মই কেই আষাৰমান কওঁ।।
জেঠ মাহৰ শণিবাৰে ভূমিকম্প যায়।
ভাটো গোঁসাই আহি পালা ভকত সেৱা খায়।।
ভকত সেৱা খাই পাছে পৰি ফুৰেই বাটে।
তিন্‌ভাৰ মান গধূৰ হৈলা ভকত সেৱাৰ ভাতে।।
বৈশন পায়ন বদতি শুনিয়ো নৰা তৰা।
একে হানে মাৰি পেল্লা শুকমল কছেৰীৰ বৰা।।
হেন দেখি শুকমল ভায়াই উঠি মাৰেই লৰ।
কাক মাৰা বুলি বাচাই দিলা লঠিয়া চৰ।।
চৰ পাৰ বপুৰাই কৰেই আতি মুতি।
ৰাতিয়া কাইক মাতোঁ বুলি ঘৰক গেল উল্টি।।
ঘৰ পাই ভাবি চালা মেল কৰোঁ বুলি।
চাঙৰ পে বাগৰি পৰিল বন্নি ধানৰ ডুলি।।
বৈকুণ্ঠৰপে ঝোকোৰা মাৰেই পৃথিৱীখান লৰেই।
হাঁহৰ ডিমাত ধৰি বুঢ়ী জাগ্ জাগ্ কৰেই।।
কাকা আহিল বৌ আহিল মাতি মাতি।
পতালৰপে চিতল মাছ ওলাল মইঝা ফাটি।।
কহয় গোবিন্দ মাও কিনো তপসাইলা।
ভূমিকম্পৰ কথা এহিমানে থৈলা।।
স্বাধীনতা আন্দোলনৰ গীত :
(১)
কপাহ নেঠেই সূতা কাটেই
সৰেই যতৰতে,
ভলণ্টিয়াৰ আহি পাইছি
গোমাল বতৰতে।
ভলণ্টিয়াৰ ভলণ্টিয়াৰ কিনো স্বৰাজ কল্লি
ঝীয়াখানৰ শালৰ কাপোৰ
তাকো কাটি পেল্লি।
(২)
কংগ্ৰেছৰ কাম বুলি পদ্ম ভাগৱতী ঘূৰেই
ভলণ্টিয়াৰ বুলি মূৰ পেল্লা খুৰেই।
দিনে-ৰাতিয়ে ঘূৰি ফুৰেই গান্ধী টুপীলৈ
খেতি-খোলা বাদ দিলা ভলণ্টিয়াৰ হৈ।
(৩)
আমৰ গছত কঠল লাগিল
কঠলৰ গছত মালা,
কুমুদ বৰাই মিটিং পাত্‌চি
গান্ধীৰ স্বৰাজ পালা।
(৪)
ৰত্নেশ্বৰে টঙ্কেশ্বৰে চৌকাই চৌকাই মিটিং কৰেই
তেও গান্ধীৰ স্বৰাজ আন্বা নৰেই।
যঁতৰত সূতা কাটেই ঘনে ঘনে ফাটেক খাটেই
তেও গান্ধীৰ স্বৰাজ আন্বা নৰেই।
অলপ চিন্তনীয় :
আমাৰ জনজীৱনক গঢ় দিয়া, আমাৰনো কি আছে বুলি কোনোবাই আঙুলি টোৱালে থাওকতে ক’ব পৰা, গাব পৰা, সাজিব পৰা বিহুনাম, মাজুলীৰ মুখা শিল্প, দৰঙৰ ওজাপালি-চিয়াগীত, দেওধনী নৃত্য, কামৰূপী-গোৱালপৰীয়া লোকগীত আদিসমূহ মৰহি নাযাবলৈ আমি কৰিব পৰাৰ ভিতৰত তাৎক্ষণিকভাৱে কৰিবলগীয়াটোৱেই হ’ল চৰ্চা-কৰ্ষণ-সাধনা। হাজাৰ গৱেষণা কৰিলেও এইবোৰ মৰহি যাব যদিহে চৰ্চা নাথাকে। আধুনিক সভ্যতাৰ গীত-মাত-নৃত্যই সমাজ ছানি ধৰাৰ এই ক্ষণত সমাজৰ বিভিন্নজনৰ চৰ্চাৰ মাজতহে জীয়াই থাকিব এই কৃষ্টিসমূহ। বিকৃত নকৰাকৈ, আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ যদিহে কোনোবা শিল্পীয়ে এই গীত-মাতসমূহক ‘বিশ্ব দৰবাৰ’ নামৰ অদ্ভুদ স্থানলৈ নিয়াৰ প্ৰচেষ্টা চলায় তেতিয়াহ’লে সেয়াই হয় আদৰণীয়। মাত্ৰ মনত ৰখা ভাল হব যে, বৰ্তমানৰ প্ৰযুক্তিয়ে যিদৰে কোনো এটা বস্তু প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অভূতপূৰ্ব সহায় কৰে ঠিক বিপৰীতে বিকৃতকৰণ হোৱা কৃষ্টি এবিধো সমানে প্ৰচাৰ কৰে। উদাহৰণস্বৰূপে, দৰঙৰ চিয়াগীত হয়তোবা ধেমাজি বা তিনিচুকীয়া বা বৰাক উপত্যকাত নুশুনাটো স্বাভাৱিক। পিছে এই গীতসমূহ এখন চিডিত ৰেকৰ্ড কৰিলে ই এৰাতিৰ ভিতৰতে গৈ  গোটেই অসম বিয়পে। কিন্তু এই গীতসমূহ যদি বিকৃত আকাৰে বিভিন্ন ভুল ভ্ৰান্তিৰে পৰিৱেশিত হয় তেতিয়া? চিয়াগীতৰ স্বাভাৱিক আৰু নিভাঁজ ৰূপনো কি জানিবলৈ সক্ষম হ’বনে দৰঙৰ পৰা বহু দূৰৈৰ সেই লোকসকলে? বিহুনামৰ ক্ষেত্ৰত চোন সেয়াই হ’ল! শিৱসাগৰৰ নিমাইজানলৈ কেৱল বিহু শুনিম বা শিকিম বুলিয়েই আমি যাব নোৱাৰিব পাৰোঁ; কিন্তু প্ৰযুক্তিয়ে আনি দিয়া সুবিধাই ঘৰে ঘৰে বিহু বিয়পাই দিলে। ‘জানমণি’, ‘অঞ্জনা’, ‘জোনবাই’ আদি ‘বিহুগানা’সমূহে বিহুনামৰ মাধূৰ্য্যই শেষ কৰি পেলালে। ব্যৱসায় আৰু প্ৰয়ুক্তিয়ে ব্যাকৰণ ৰহিত কৰি তুলিলে বিহুক। এতেকে প্ৰকৃত সুৰ, তাল, লয়, চেও, নৃত্য, পোছাক ইত্যাদিৰ শুদ্ধ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত প্ৰচাৰ মাধ্যম আৰু গীতৰ ব্যৱসায়ীসকলৰ অলপমান হ’লেও গুৰুত্ব আমি দাবী কৰিব নোৱাৰোনে? শিল্পীসকলৰ ভূমিকা এই ক্ষেত্ৰত অপৰিসীম।
প্ৰসংগ পুথিঃ
১] দৰঙী কলা-কৃষ্টিৰ চমু কথাঃ শ্ৰী ৰজনীকান্ত বৰুৱা
২] দৰঙী লোক গীতসমূহঃ (সম্পাঃ) ড° কনক চন্দ্ৰ চহৰীয়া
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments