কুৰিছুত ভোজন বিলাস(- প্ৰতিভূ দত্ত)

১৯৯৯-২০০০চনত মই কিছুদিনৰ কাৰনে ভুটানত আছিলো, কুৰিছু জল বিদ্যুৎ প্ৰকল্পত৷ তাৰেই দুটামান ভোজন বিলাসৰ অভিজ্ঞতাৰ কথা ক’ব খুজিছোঁ৷
তাৰ আগেয়ে অলপ ঠাই ডোখৰৰ আভাষ দি লওঁ৷ তেতিয়া কুৰিছুলৈ যাব লৈ প্ৰথমে যাব লাগে ৰঙিয়া তামুলপুৰ দৰঙা হৈ ছামন্দ্ৰুপ ঝংখাৰলৈ৷ ছামদ্ৰুপ ঝংখাৰত অনুমতি লৈ আগ বাঢ়িব লাগে টাছিগাং, মংগাৰ হৈ গেলপজিঙলৈ৷ সেই গেলপজিঙতে আছিল কুৰিছু জল বিদ্যুৎ প্ৰকল্প৷ ছামদ্ৰুপ ঝংখাৰ পৰা টাছিগাঙলৈ ১৮০ কিলমিটাৰ৷ তাৰ পৰা গেলপজিঙলৈ আৰু ১২০ কিলমিটাৰ৷

আন এটা কথা উনুকিয়াবলৈ মন গৈছে৷ কুৰিছু জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমে(NHPC)৷ সেই সময়ত কুৰিছু প্ৰকল্পত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম বা আন আন বিভিন্ন সংগঠনৰ হৈ কেইবাশ অভিযন্তা, কাৰিকৰী অৰ্হতা থকা লোকে কাম কৰিছিল৷ তাৰোপৰি অনেক পৈণত, অপৈণত বনুৱাই কাম কৰি আছিল সেই প্ৰকল্পত৷ মই প্ৰায় ৬ মাহ কাল তাত আছিলোঁ৷ সেই ৬ মাহত মই নব পাটোৱাৰী নামৰ এজন অভিযন্তা, মোৰ দলটোত থকা ৮ জন অসমীয়া যুৱক আৰু আন এটা দলত থকা কেইজনমানৰ বাহিৰে তাত অসমৰ কোনো লোক লগ নাপালোঁ৷ তাত বংগ, বিহাৰ বা ওডিছাৰ কথা বাদেই দিছোঁসুদূৰ কেৰালাৰ পৰা অহা কেইবাজনো যুৱকক লগ পাইছিলোঁ৷ ইমান ওচৰতে থকাৰ পাছতো অসমৰ মানুহনো ইমান কম কেনেকৈ হ’ল বুজি নাপালোঁ!

কাহিনী ১ : প্ৰথম যাত্ৰাত ছিফ ইঞ্জিনিয়াৰ চাহাবৰ ভোজৰ বজাৰত ভেড়া

১৯৯৯চনৰ মে মাহৰ কথা৷ নিবিদা দাখিল কৰিবলৈ আৰু লগতে ঠাইডোখৰনো কেনেকুৱা তাৰ বিষয়ে জানিবলৈ বুলি কুৰিছুলৈ বুলি ওলালোঁ মই, অনুকূল দা আৰু অনিল দা৷ অনুকূল দা মই সেই সময়ত কাম কৰা অভিযান্ত্ৰিক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰু অনিলদা তেখেতৰ বন্ধু৷সেই সময়ত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ কুৰিছু প্ৰকল্পৰ এটা কাৰ্যালয় আছিল গুৱাহাটীৰ উজান বজাৰত৷ সেই কাৰ্যালয়ত খবৰ কৰোঁতে তাত থকা জন সম্পৰ্কৰক্ষী বিষয়াজনে আমাক বাৰে বাৰে সকীয়াই দিলে যে আমি নিজ গাড়ী লৈ নগ’লে বৰ অসুবিধাত পৰিম৷ খা-খবৰ কৰি গম পালো যাত্ৰা পথত ঠায়ে ঠায়ে গাড়ী কেইবাহাজাৰ ফুট উচ্চতা পাব গৈ৷ অনুকূল দাই অলপ ভয় কৰিছে গাড়ীলৈ যাবলৈ৷ মই কিন্তু ৰোমাঞ্চিত হৈ আছো, হিমালয় পৰ্বত মালাৰ এটা ঠেঙুলীৰে গাড়ী চলাবলৈ পাম ৷
নিৰ্দিষ্ট দিনত আমি তিনিও গৈ ছামদ্ৰুপ ঝংখাৰ পালো গৈ৷ ছামদ্ৰুপ ৰঙিয়া হৈ যোৱা পথত ভুটানৰ দুৱাৰ মুখ৷ পৰ্বতৰ পাদ দেশত থকা এখন সৰু চহৰ৷ তাতে ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ কুৰিছু প্ৰকল্পৰ আন এটা কাৰ্যালয় আছিল৷ সেই কাৰ্যালয়ত আমাৰ বিভিন্ন নথি পত্ৰ দাখিল কৰিলোঁ৷ সেই কাৰ্যালয়ৰপৰা তেওঁলোকে আমাক পঠিয়ালে ভুটান চৰকাৰৰ আন এটা কাৰ্যালয়লৈ৷ সেই কাৰ্যালয়ে আমাৰ নথি-পত্ৰ সমূহ পৰীক্ষা কৰি যাত্ৰাৰ যাৱতীয় অনুমতি প্ৰদান কৰিলে৷ সেই কাৰ্যালয়ৰে এগৰাকী বিষয়া আছিল শ্ৰীমতী থিনলে৷ তেখেতে বৰ ভাল পালে আমি নিজৰ গাড়ী লৈ ভুটানৰ ভিতৰলৈ যাবলৈ ওলোৱাৰ বাবে৷ ভুটানৰ ৰাস্তা-ঘাট কিমান ভাল হ’ল, ভুটানত গাড়ী চলোৱাতো কিমান সুৰক্ষিত আদিৰ ওপৰত এটা সৰু ভাষণেই দিলে৷ এইখিনি হওঁতে হওঁতে দিনৰ ১০ মান বাজি গ’ল৷ শ্ৰীমতী থিনলেয়ে আমাক লগতে এইটো কথাও বুজাই দিলে যে যদিও কুৰিছুলৈ দূৰত্ব মাথো ৩০০ কিলমিটাৰ এই বাট আছে সুউচ্চ পাহাৰৰ মাজেদি ৷ গতিকে এদিনীয়া চালকৰ বাবে প্ৰায় ১২ৰ পৰা ১৪ ঘন্টা সময় লাগিব৷ আমি ১৮০ কিলোমিটাৰ আগুৱাই টাছিগাঙত ৰৈ দিয়াৰ বাহিৰে উপায় নাই৷

শ্ৰীমতী থিনলেৰ উপদেশ আৰু ভুটান চৰকাৰৰ মোহৰ মৰা অনুমতি লৈ আমি ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ কাৰ্যালয় পালোঁ গৈ৷ প্ৰায় ১১ মান বজাত যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ৷ এনেতে ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ ছামদ্ৰুপত থকা জনসম্পৰ্কৰক্ষী বিষয়াজন প্ৰায় উধাতু খাই অহাদি আহি ক’লে’ आप लोग क्या कर रहे हैं? आप इन पहाड़ों में अपनी खुद की कार के साथ यात्रा करना चाहते हैं? आप अपने आप को मार डालना चाहते हैं? ?’ কথা শুনি আমি হতবাক৷ কি কয় এইজনে?
আমি ক’লো,‘গুৱাহাটী কাৰ্যালয়, শ্ৰীমতী থিনলে সকলোৱে আমাক নিজৰ গাড়ী লৈ যাবলৈ পৰামৰ্শ দিছে ৷’ তেওঁ অলপ উত্তেজিত হৈয়ে ক’লে,‘उन लोगों को क्या पता है? मैं इन स्थितियों के साथ काम कर रहा हूँ! मेरा विश्वास करो, एक भूटानी ड्राइवर ले लो৷’
আমি ইজনে সিজনৰ ফালে চালো৷ আমি নিজৰ মাজতে কথা পাতিলোঁ,‘কি কৰিম এতিয়া, ক’ত পাম ভুটানী ড্ৰাইভাৰ ?’
জনসম্পৰ্কৰক্ষী বিষয়াজনে আমাৰ কথা-বতৰাবোৰ শুনি ক’লে,‘चिंता मत करो! मैं कार और एक भूटानी ड्राइवर के लिए व्यवस्था की है ৷’
তেওঁৰ কথা শেষ হৈছে আৰু ঠিক সেই সময়তে এখন বগা মাৰুতি ভেন আহি উপস্থিত আমাৰ আগত ৷ খবৰ কৰি গম পালো ভাড়া ৬০০০ টকা৷
আমি ধন্যবাদ জনাই গাড়ীৰ ফালে আগবাঢ়িব লওঁতেই জনসম্পৰ্কৰক্ষী বিষয়াজনে অনুকূল দাৰ ওচৰলৈ গৈ ক’লে,‘एक छोटे से request है ৷’
তেখেতৰ কথাৰ পৰা গম পালো পাছদিনা কুৰিছু প্ৰজেক্টৰ ছিফ ইঞ্জিনীয়াৰে কিবা এটা ভোজৰ আয়োজন কৰিছে ৷ গতিকে আমাৰ গাড়ীখনতে অকণমান ভোজৰ বজাৰ পঠিয়াই দিব খুজিছে তেখেতে ৷
বিশেষ একো নাভাবি অনুকূল দাই সন্মতি জনালে ৷
মাৰুতি ভেনৰ ওচৰ পাই চকু কপালত উঠিল ৷ আমাৰ লগত ভোজৰ অকণমান বজাৰ যাব নে ভোজৰ সমগ্ৰ বজাৰৰ লগত আমি তিনিজন মানুহ যাম ????
ভানখনৰ পাছফালে আটা-আলু-পিয়াজ আদিৰ বস্তা, মিঠাতেলৰ টিং, কেপছিকাম, বিলাহী, মটৰ, চছৰ বটল, মাখনৰ পেকেট, কটা-মাছৰ আৰু কটা-কুকুৰা মাংসৰ টোপোলা(সামান্যকৈ ভাজি থোৱা, কিয় ভাজি থোৱা আছিল পাছত ক’ম)৷ কেইটামান টোপোলা ভেনখনৰ মাজৰ ছিটটোত আৰু দুটামান টোপোলা ড্ৰাইভাৰৰ সন্মুখত থকা ডেছবৰ্ডত!!
অনিলদা আলহী মানুহ ৷ গতিকে তেখেত বহিল সন্মুখৰ ছিটত৷ পাছৰ ছিটত মই আৰু অনুকূল দা ৷
গাড়ী চলিল৷ ডেকা ড্ৰাইভাৰজনে যাত্ৰা পথ বুজাই দিলে দেওথাং, ৱামৰং, কাংলুং, টাছিগাং, মংগাৰ আৰু শেহত গেলপজিঙ মানে কুৰিছু পাম গৈ৷

পাহাৰৰ মাজেৰে অকোৱা-পকোৱা বাট৷ যদি গাড়ী বাওঁফালে ঘুৰে মই গৈ বাগৰি পৰো গৈ অনুকূল দাৰ ওপৰত আৰু মোৰ ওপৰত বাগৰি পৰে মাজৰ ছিটত থৈ দিয়া টোপোলাবোৰ৷ যদি গাড়ী সোঁফালে ঘুৰে তেনে হ’লে মোৰ ওপৰত বাগৰি পৰে অনুকূল দা আৰু আমি দুয়ো বাগৰি পৰো ছিটত থোৱা টোপোলাবোৰৰ ওপৰত৷ সেইখিনি সহ্য কৰিব পৰা কথায়ে আছিল৷ কিন্তু কেপছিকাম, জলকিয়া, ভজা মাছ-মাংস আৰু গাড়ীৰ ভিতৰত থকা পেট্ৰলৰ গেলনটোৰ পৰা ওলোৱা গোন্ধটোৱে বন্ধ গাড়ীখনৰ ভিতৰত এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যে ভাবিবলৈ বাধ্য হ’লো ভগৱানে নাক বোলা বস্তুটো নিদিয়া হ’লেও হ’ল হয় !

অকণমান দূৰ যোৱাৰ পাছত ড্ৰাইভাৰজনে মাত লগালে,‘আপোনালোকক পালো ভালেই হ’ল৷ নহ’লে অকলে অকলেই যাব লগা হ’ল হয় ৷’
অনুকূল দাই মোক নে অনিলদাক সুধিলে,‘ভুটানত অকলে অকলে গৈ ভাড়া মাৰে নেকি ? তেতিয়া ভাড়া কোনে দিয়ে ?’
ড্ৰাইভাৰক সুধিলো,‘মানে ?’
ড্ৰাইভাৰে বুজালে,‘এই বজাৰ লৈ মই অকলেই যাব ওলাইছিলোঁ৷ তেতিয়া চাৰে ক’লে আপোনালোকে হেনো ভাড়া গাড়ী বিচাৰি আছে৷ ময়ো ভালেই পালো আপোনালোকক নিবলৈ পায়৷ সেই চাৰৰ পৰা ভাড়া উলিওৱা বৰ টান৷ কিন্তু ইমান ভাল ৰাস্তাত আপোনালোকৰ নিজৰ গাড়ী থাকোঁতেনো আপোনালোকে গাড়ী আকৌ কিয় ভাড়া কৰিলে? এইখন ভুটান হয় চাহাব , বৰ সুৰক্ষিত৷ অহা বাৰৰ পৰা গাড়ী ভাৰা নকৰিব৷’

আমি বুজিলোঁ ছিফ ইঞ্জিনিয়াৰ ভোজৰ বজাৰৰ লগত সেই ভেন খনত তিনিটা ভেড়াও গৈ আছে!

এটা কথা কিন্তু, ছিফ ইঞ্জিনিয়াৰৰ ভোজত পাছে আমাক নিমন্ত্ৰণ কৰিছিল৷ ৬০০০ টকা খৰচ কৰি যে আমি ভোজৰ বজাৰ কঢ়িয়াই আনিছিলোঁ৷

কাহিনী ২ : কুৰিছুত খোৱা বোৱা

নিবিদাৰ পাছত কামৰ আবণ্টন হৈ কাম আৰম্ভ কৰো কৰো মানে অক্টোবৰ মাহ পালে গৈ৷ মই সদলবলে কুৰিছুত উপস্থিত হ’লো৷ কাম আৰম্ভ হ’ল৷
অক্টোবৰ মাহত কুৰিছুত ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে৷ কাম কৰিবলৈ বৰ অসুবিধা পাইছোঁ৷ কিন্তু তাতকৈয়ো ডাঙৰ অসুবিধা পালো খোৱা-বোৱাকলৈ৷ কেইখনমান দোকান আছে য’ত ৰছদ পাতি পোৱা যায়৷ ৰছদপাতি মানে চাউল, ডালি, তেল, নিমখ, চেনী,কণী, মেগী, মাখন, ঘিউ, চাহ পাত, পাপৰ, টেমাত ভৰাই থোৱা মাছ, আলু, পিঁয়াজ আৰু ছুৰপি নামৰ ভুটানত স্থানীয় ভাবে তৈয়াৰ কৰা এবিধ ছিজ৷ এইকেইপদ সামগ্ৰীৰ বাহিৰে দোকানবোৰত আৰু একো পোৱা নাযায়৷ ক’ৰবাত কেতিয়াবা পাচলিৰ নামত দুটা এটা কিবা-কিবি ওলাই৷ কিন্তু সেইবোৰ লেৰেলি যি অৱস্থা হৈ গৈ কি পাচলি কৈ নিদিলে মই ধৰিবকে নোৱাৰোঁ কিনো বিক্ৰী কৰি আছে৷ এটা উদাহৰণ দিওঁ৷ বেঙেনাবোৰ শুকাই এনে এটা ৰূপ হয় গৈ যে কিবা হাইব্ৰিড লেচেৰা মাহ যেন লাগে গৈ৷
মাছ মাংস পাবলৈ নাই৷ খা-খবৰ কৰি গম পালোঁ ভুটানত বেছি ভাগ লোকে জীৱ হত্যা পাপ বুলি ভাবে৷ গতিকে মাছ কুকুৰা আদি স্বাভাৱিক ভাবে বা আন কোনো কাৰণত মৰিলেহে খায়, এনেয়ে নাখায়৷ মোৰ মনত নপৰা হ’ল মই তেনেকৈ কেতিয়াবা মাছ বা মাংস খাইছোঁ নে নাই৷ সেইযে ছিফ ইঞ্জিনিয়াৰৰ ভোজৰ মাছ মাংস যে ভাজি আনিছিলে তাৰ কাৰণ বুজি পালো৷ কুৰিছুত কুকুৰা মৰা নিষেধ! মাজে মাজে নদী বান্ধৰ কামত কুৰিছু নদীত ডাইনামাইট বিস্ফোৰণ কৰি পাথৰ ভাঙে৷ সেই বিস্ফোৰণত কুৰিছু নদীত থকা মাছবোৰ মৰে৷ ভুটানী বেপাৰীয়ে লৈ আনে ডাইনামাইট বিস্ফোৰণত মৃত্যু মুখত পৰা মাছ৷ মোৰ কিন্তু সাহস নহ’ল ডাইনামাইটেৰে মৰা মাছ খাবলৈ৷
আমি থকা ঠাই ডোখৰত বিভিন্ন প্ৰতিষ্ঠানৰ ভালেমান বাহৰ আছে। প্ৰতি শুক্ৰবাৰে আবেলি সেই বাহৰবোৰত থকা লোক সকল এখন বিশেষ ট্ৰাকৰ বাবে অপেক্ষা কৰি থাকে৷ সেই ট্ৰাকখন গুৱাহাটীৰ পৰা আহে আৰু তাত বোজাই হৈ আহে পাচলি, কটা মাছ আৰু কটা মাংস!!!
আমি কথাটো বহু দিনলৈ গমেই পোৱা নাছিলোঁ৷ গম পোৱাৰ পাছত এদিন শুকুৰবাৰে মই আৰু মোৰ সহকাৰী লক্ষেশ্বৰ আৰু ৰন্তু ওলালোঁ সেই বিশেষ ট্ৰাকখনৰ পৰা পাচলি আৰু মাছ-মাংস আনিবলৈ ৷ ট্ৰাকৰ ওচৰ নৌ পাওঁতেই উৎকট গোন্ধ এটা আহি নাকত লাগিল৷ ট্ৰাকত ভুমুকি মাৰি দেখিলো কটা মাছৰ ওপৰত ভেনা মাখিৰ ভেনভেননি৷ সেই মাছবোৰ নিশ্চয়কৈ অন্ধ্ৰৰ পৰা অহা মাছ৷ৰঙিয়ামানত ছাগৈ সেইবোৰ কটা হৈছে৷ তাৰ পাছত ট্ৰাকত উঠি কমেও চাৰিদিনৰ যাত্ৰাৰ পাছত আহি কুৰিছু পাইছে৷ মোৰ ওকালি আহি গ’ল৷ ৰন্তুৱে ক’লে,‘চাৰ মাছ নাখাওঁ নেকি!’

কাহিনী ৩ : মংগাৰত ছিকেন ফ্ৰাইড ৰাইছ

এবাৰ কামত টকাৰ প্ৰয়োজন হ’ল সৰহীয়াকৈ৷ এনেয়ে টকা গুৱাহাটীৰ অফিছৰ পৰা ভুটান পোষ্টৰ মনি অৰ্ডাৰ যোগে আহে৷ যথেষ্ট সময় লাগে সেই টকা পাওঁতে৷ গতিকে মোৰ হাতত বিপদৰ সময়ৰ বাবে থৈ দিয়া ট্ৰেভেলাৰছ ছেক দুখনমান ভাঙিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ৷ তাৰ বাবে ৪০ কিলোমিটাৰ দূৰৈত থকা মংগাৰলৈ গ’লো৷ মংগাৰ পূব ভুটানৰ এখন জংখা (dzongkhag) অৰ্থাৎ জিলা৷ তাত বেংক আদি আছে৷ মংগাৰত বেংক অব ভুটানৰ শাখাত সোমাই যেতিয়া ক’লো, ‘মই ডেৰ লাখ টকাৰ ট্ৰেভেলাৰছ ছেক ভঙাব খুজিছো’ তেতিয়া বেংকৰ পৰিচালকে বৰ দুখেৰে জনালে,‘Sir you will have to wait for few hours . We do not have that much in the branch. I am sending my people to bring the cash but that will take few hours. So you will have to wait .’
মোৰনো উপায় কি আছে? গতিকে মই মংগাৰ চহৰখন ফুৰিবলৈকে মনস্থ কৰিলোঁ ৷ পৰিষ্কাৰ, সুন্দৰ, সৰু চহৰ৷ ঘুৰি ঘুৰি কেইবা ঘন্টাও পাৰ কৰিলোঁ৷ মাজে মাজে বেংকত সোমাই খবৰ কৰো, টকা আহিল নেকি৷ শেষৰ ফালে মই বেংকৰ দিশে খোজ লোৱা দেখিলেই বেংকৰ পৰা কোনোবা নহয় কোনোবাই হাত জোকাৰি বুজাই দিয়ে,‘নাই অহা৷’
ভোক লাগিল৷ ভাবিলোঁ হোটেল এখনত সোমাই মেগীকে খোৱা যাওঁক৷ ইমান দিন ভুটানত থাকি মই বুজি পাইছিলোঁ যে ভুটানী হোটেলত মই খাব পৰা একমাত্ৰ খাদ্যবিধৰ নাম মেগী৷
সোমায়ে দেখিলো ইউৰোপীয় ভদ্ৰলোক-ভদ্ৰমহিলা এহালে তাত আহাৰ গ্ৰহণ কৰি আছে৷ আঁৰ চকুৰে চালো কিনো খাই আছে৷ ভাতখিনি দেখাত অলপ ৰঙচুৱা, লগতে কুকুৰা মাংস!!!!
মন ভাল লাগি গ’ল৷ ছিকেন ফ্ৰাইড ৰাইছ!!!!
হোটেল মালিকে জানিব বিচাৰিলে কি খাম মই৷
চকু দুটা বৰ তৃপ্তিত মুদি ক’লো,‘ছিকেন ফ্ৰাইড ৰাইছ!’
মালিকে মুৰটো জোকাৰি ক’লে,‘ছিকেন ফ্ৰাইড ৰাইছ নাই ৷’
মই বুজিলোঁ এওঁলোকে ছিকেন ফ্ৰাইড ৰাইছক কিবা বেলেগ নাম দি থৈছে৷ বুজালোঁ ইউৰোপীয়হালে যি বস্তু খাইছে তাকেই খাম ৷
অলপ সময়ৰ পাছত আহিল মোৰ ‘ছিকেন ফ্ৰাইড ৰাইছ’৷
উৱা!! এইবোৰ কি????
ৰঙচুৱা ভাতখিনি এতিয়াও ৰঙচুৱা হৈয়ে আছে কিন্তু চয়া চছ দিয়াৰ কাৰণে ৰঙা হোৱা নাই৷ চাউলখিনিয়ে ৰঙা দেখোন৷ আৰু একোটা একোটা চাউল এ.কে.৪৭ বন্দুকৰ গুলিটোৰ সমান৷ সাংঘাতিক ভোক লাগি আছিল৷ বৰা চাউলৰ ভাতৰ দৰে হ’ব বুলি খাবলৈ আৰম্ভ কৰিলোঁ৷ মাংসৰ বাটিত চামুছখন লগাই দিয়াৰ লগে লগে এনে এটা গোন্ধ পালো যে পেট পাক মাৰি গ’ল৷ কি শাক পাত মিহলাইছে জানো? মাংসত দুকামোৰ মাৰি বাদ দিলোঁ৷ সুদা ভাতখিনিতে নিমখ আৰু মিঠাতেল মিহলাই খালো৷ বৰ তৃপ্তি পালো৷
মালিকক টকা পৰিশোধ কৰি সুধিলোঁ,‘আপুনি কুকুৰা মাংস ক’ত পাইছে?’
মই মনতে ভাবি আছিলোঁমংগাৰৰ পৰা কুকুৰা মাংস লৈ যাব লাগিব ৷
মালিকে জনালে,‘মংগাৰত কুকুৰা নাপায়৷’
মই আকৌ সুধিলোঁ,‘তেনেহ’লে ক’ত পালে মাংস ?’
মালিক,‘গোটেই মাংস ২৪০ কিলোমিটাৰ আতৰৰ ছামদ্ৰুপৰ পৰা আহে৷ মোৰ ভাইটোৱে তাৰ পৰায়ে কুকুৰাবোৰ কাটি বাছি পঠিয়াই দিয়ে৷’
মই অলপ সন্দেহেৰে সুধিলোঁ,‘সদায় ?’
মালিকে ধেকধেককৈ হাঁহি ক’লে,‘নাই নাই ক’ত সদায় পঠিয়াব? ১৫ দিনমানৰ অন্তৰে অন্তৰে আহে৷ আপুনি খোৱাখিনি ১০/১১ মান আগৰ হ’ব৷ চাওঁক মোৰ ফ্ৰীজ খালি হৈছে গৈ আৰু৷’
ফ্ৰীজটো খুলি দেখুৱালে৷ ভিতৰত কুকুৰা মাংস, গো মাংস, মাছ, গাহৰি মাংস একে লগে থৈ দিয়া আছে আৰু ফ্ৰীজটোৰ ভিতৰত থকা লাইটো জ্বলি থকা নাই!
মই বৰ আশাৰে সুধিলোঁ,‘মংগাৰত কাৰেন্ট থাকেতো?’
মালিকে ক’লে,‘নাই নাই কাৰেন্ট সন্ধিয়া নমাৰ পৰা ৰাতি ৯ মান বজালৈ থাকে৷ মই এই ফ্ৰীজটোত মাংসবোৰ আজিহে ভৰাইছোঁ৷ এনেয়ে মাংসবোৰ টৌ এটাত থওঁ৷ আজি এজনে টৌটো কিবা সকামৰ কাৰনে লৈ গৈছে৷’
মোৰ পেটটো গুৰগুৰাবলৈ ধৰিলে৷

কাহিনী ৪ : ভুটানৰ পাহাৰত কুকুৰা বিচৰা অভিযান
২০০০ চনৰ মাৰ্চ মাহ৷ কুৰিছুত আমাৰ কাম শেষ হৈ আহিছে৷ শ্ৰীবাস্তৱ নামৰ ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমত কৰ্মৰত এজন ডেকা অভিযন্তাৰ সৈতে তেতিয়া মোৰ বন্ধুত্ব৷
তেওঁ এদিন খবৰ দিলে,‘दत्ता बहुत खबर है !’ ভাল খবৰটো এনে ধৰণৰ যে শ্ৰীবাস্তৱে এজন মানুহ বিচাৰি পাইছে যি আমাক এটা কুকুৰাৰ ওচৰলৈ লৈ যাব পাৰিব৷
কামৰ শেষত দুয়ো ওলালোঁ আমাৰ ‘কুকুৰা প্ৰদৰ্শক’ক লগ কৰিবলৈ৷
এজন নেপালী ডেকা ল’ৰা৷ তেওঁ আমাক ক’লে দুটা পাহাৰ সিপাৰে এখন নেপালী গাওঁ আছে৷ তাত কুকুৰা বিক্ৰী কৰে আৰু কুকুৰা মাৰি কাটি বাচিও দিয়ে৷
মোৰ প্ৰথম প্ৰশ্ন,‘দুটা পাহাৰ মানে কিমান কিলোমিটাৰ?’
‘কুকুৰা প্ৰদৰ্শকে’ মূৰটো জোকাৰি ক’লে,‘নাজানোঁ, কিন্তু গাড়ীৰে যদি যাওঁ তেনেহ’লে ৰাতিপুৱা গ’লে দুপৰীয়া মানে আহি পায় যাম ৷’
মনতে ভাবিলে,‘সি বাৰু কিয় ভাবিছে আমি দুটা পাহাৰ এটা কুকুৰাৰ কাৰণে খোজ কাঢ়ি যাম?’
পাছদিনা সাতমান বজাতে মই, অনুকূল দা, শ্ৰীবাস্তৱ আৰু আমাৰ ‘কুকুৰা প্ৰদৰ্শক’ ওলালোঁ দুটা পাহাৰ সিপাৰৰ কুকুৰা বিচাৰি৷
গৈ আছোঁ ৷ তিনিটামান পাহাৰ পাৰ হোৱাৰ পাছত ‘কুকুৰা প্ৰদৰ্শক’ক সুধিলোঁ,‘হেৰা পাহাৰ দেখোন তিনিটা পাৰ হ’লো, দুটা পাহাৰ সিপাৰেহে আছিল গাওঁখন ?’
‘চাৰ খোজ কাঢ়ি গ’লে দুটা পাহাৰ৷ গাড়ীত আহিছোঁ আৰু দুটামান পাহাৰ পাৰ হ’ব লাগিব ৷’
মনতে ভাবিলোঁ,‘খাইহে এৰিম আজি কুকুৰা!’
এঘাৰমান বজাত ‘কুকুৰা প্ৰদৰ্শক’ প্ৰদৰ্শকে ক’লে,‘পাই গ’লো৷ ৰখাওঁক৷’
আমি ইফালে সিফালে চালো৷ ৰাস্তাৰ সোঁহাতে এটা মসৃণ পাহাৰ, মাকৈ খেতিৰে ভৰি আছে৷ বাঁওহাতে এখন সৰু দোকান আৰু দোকানখনৰ সিপাৰে দ খাৱৈ৷ কিন্তু গাওঁ ক’ত, কুকুৰা ক’ত?
‘কুকুৰা প্ৰদৰ্শকে’ ক’লে,‘চাৰ এই পাহাৰখনৰ সিপাৰেই গাওঁখন আছে৷ বলক৷’
আমি তিনিও ইজনে সিজনৰ চকুলৈ চালো ৷
‘হেৰা তুমিয়ে যোৱা, যি পোৱা লৈ আনা৷ আমি ৰৈছো ইয়াতে৷’
‘কুকুৰা প্ৰদৰ্শক’ গ’ল পাহাৰখনৰ সি পাৰলৈ আৰু আমি গৈ বহিলোগৈ বাওঁফালৰ দোকানখনত ৷
আমি বহি লৈ কথা পাতিবলৈ আৰম্ভ কৰিলোঁ৷ অলপ পৰৰ পাছে পাছে পাহাৰখনলৈ চকু দিওঁ, কিজানিবা আহিছেই আমাৰ কুকুৰাটো!
এপাকত শ্ৰীবাস্তৱে ক’লে,‘বিয়েৰ এটা এটা খাওঁ ব’লা৷’
মই ক’লো,‘তোমালোকেই খোৱা মই গাড়ী চলাব লাগিব৷’
ভুটানৰ দোকানবোৰৰ এটা বৈশিষ্ট্য আছিল৷ দোকান মানেই তিনি বিধ বস্তু থাকিবই মেগী, ছিগাৰেট আৰু মদ৷
শ্ৰীবাস্তৱে ফষ্টাৰছৰ টেমা এটা খুলি ল’লে৷ আমি কথা পাতি আছো আৰু চকু পাহাৰ দিশে পোনাই থৈছোঁ৷
এবাৰ উঠি গৈ খাৱৈটোৰ ফালে দেখুৱাই দোকানীজনক সুধিলোঁ,‘দাজু সেই পাৰে কি আছে ?’
উত্তৰ শুনি মূৰ ঘুৰাই গ’ল৷
দাজুৰ উত্তৰ আছিল,‘সৌৱা যে খুঁটাবোৰ দেখিছে তাৰ পৰা তিব্বত সীমান্ত!’
তাৰমানে এটা কুকুৰা বিচাৰি আমি ভুটানৰ পৰা আহি তিব্বত পালো !!!!!!
আজি খাইহে এৰিম বাপ্পেকে !!!!!
শ্ৰীবাস্তৱৰ ফষ্টাৰছৰ টেমাবোৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে৷ আকাশৰ ফালে চাই দেখিলো আমি আহি পাওঁতে মূৰৰ ওপৰত থকা বেলিটো গৈ পশ্চিম আকাশ পালে গৈ৷কিন্তু পাহাৰখনৰ সিপাৰে থকা কুকুৰাটো আহি পোৱা নাই দেখোন ৷
শ্ৰীবাস্তৱৰ জিভা লৰিবলৈ ধৰিলে,‘আজি তাৰ চাকৰি খাম মই! মোক চিনি পোৱা নাই৷’
দোকানীয়ে মাত লগালে,‘চাৰ সৌৱা আহি আছে আপোনালোকৰ কুকুৰা!’
আমি উঠি গৈ পাহাৰ ফালে চালো ৷
‘কুকুৰা প্ৰদৰ্শকে’ আনিছে কি? তেতিয়াও ‘কুকুৰা প্ৰদৰ্শক’ আমাৰ পৰা বহু দূৰৈত আছে৷ কিন্তু চকুৰে যি দেখিছোঁ সেইটো কুকুৰাৰ নহয়, এটা বাওনা উট চৰাই যেনহে লাগিছে দেখোন!

আমাৰ ওচৰ পাওঁতে দেখিলো সেইটো এটা কুকুৰাই হয়৷ গীনিজ বুকুৰ কোনোবাই দেখা হ’লে নিশ্চয় ক’লে হয়,‘এইটো পৃথিবীৰ সবাতোকৈ বৃদ্ধ কুকুৰা!’
মোৰ কুকুৰা খাবৰ মন নোহোৱা হ’ল৷
ইতিমধ্যে ‘কুকুৰা প্ৰদৰ্শক’, শ্ৰীবাস্তৱ আৰু দাজু ব্যস্ত হ’ল কুকুৰা কটাত আৰু মই খুলি ল’লো এটা ফষ্টাৰছৰ টেমা৷

ঘুৰি আহি কুৰিছু পাওঁতে নিশা ১০মান বাজিল ৷
মই দুখে ভাগৰে শুই থাকিলোঁ ৷
পাছদিনা লক্ষেশ্বৰহঁতে কোৱামতে প্ৰেছাৰ কুকাৰত এঘন্টামান সিজোৱাৰ পাছতহে সিজিছিল!
কুকুৰা মাংস চোবাই চোবাই ঘামি গ’ল হেনো গোটেইবোৰ !!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক