লাহৰী কাই – মল্লিকা বৰুৱা

সৰু চহৰখনৰ দাঁতিকাষৰীয়া অঞ্চলত থকা চহৰ খনৰ আটাইতকৈ উন্নত মহাবিদ্যালয় খনলৈ প্ৰত্যেক বছৰে হাজাৰটা পাৰভঙা যৌৱনৰ স্বপ্ন আহে আৰু যায়৷ পৰিৱৰ্তনে চুই যায় সকলোকে, মহাবিদ্যালয় খনৰ আশে পাশে থকা দোকান কেইখনো সৰু ডাঙৰ হয়৷ একে থাকে মাথো মহাবিদ্যালয় খনক কেন্দ্ৰ কৰি নাম পোৱা কলেজ তিনি আলিটো আৰু মহাবিদ্যালয় খনৰ ছোৱালী আৰু লৰা উভয়ৰ হোষ্টেলকেইটা, তাত নিয়োজিত স্থায়ী অস্থায়ী কৰ্মচাৰী সকল…
মহাবিদ্যালয় খনৰ এসময়ৰ এৰাব নোৱাৰা অস্থায়ী কৰ্মী অলপ অঁকৰা প্ৰকৃতিৰ লাহৰী কাই, কিমানযে কাম আছিল তাৰ, গগৈ চাৰে কৈ যায় –লাহৰী ছোৱালী হোষ্টেলত আজি টুনিক সহায় কৰি দিবি, হাজৰিকা ছাৰে কয় –লাহৰী কলেজখনৰ ফিল্ডত কালি ৰাতি গৰুৱে হাগি থৈ গ’ল চাফা কৰি দিবি, শইকীয়া চাৰে কয়- কমনৰোমত পানী নাই দু ভাৰ আনি ভৰাই থবি৷ ঘৰলৈ যাবলৈকে সময় নাই! ইমান কাম.. তথাপি কিন্তুু তাৰ নিশকতীয়া জীয়েক তৰালৈ বিস্কুটৰ পেকেট এটা কিনিবলৈও পইচা নোজোৰেগৈ৷ হোষ্টেলৰ ৰান্ধনী তাৰ ওচৰ চুবুৰীয়া টুনিয়ে, হোষ্টেলৰ ছোৱালীহঁতে খোৱাৰ পাছত ৰাহি হোৱা ভাত কেইটা খাবলৈ দি, তাক প্ৰায়ে গালি পাৰে হিচাব নিকাছ নজনাৰ কাৰণে৷ সি তাৰ অঁকৰা হাঁহিটোৰে দুখবোৰ সামৰি থয় .. নবাগত আদৰণি বুলি লৰাহঁতে আনন্দ কৰে তিনিবাৰ মান, এবাৰ মহাবিদ্যালয়ত সকলোৱে আৰু এবাৰ ছোৱালী হোষ্টেলত থকাখিনিয়ে, এবাৰ লৰা হোষ্টেলৰ খিনিয়ে, লাহৰিৰো কাম এটাই প্ৰত্যেকবাৰে, খাই পেলাই থৈ যোৱা পাতবোৰ চাফা কৰা আৰু বাচন বৰ্তন চাফা কৰা৷ বিনিময়ত সি সেই তিনিদিন ঘৈণীয়েক আঘোনী আৰু জীয়েক তৰাসহ খাবলৈ পায়৷ লৰাহঁতে, ছোৱালীহঁতে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি মাজে মাজে সেই বিশেষ দিনকেইটাত তাক সোধেও কিবা লাগিব নেকি লাহৰী কাই … তাৰ বুকুখন হাত পৰি যায়, ঘৈণীয়েক আঘোনীৰ আগত এহাত মান ফুলি উঠা যেন পায়৷ ঠাণ্ডা দিনৰ মাজেতে আকৌ বছৰত এবাৰ লৰাহঁতে তাক বাছত উঠাই ফুৰিবলৈ নিয়ে, কিবা বোলে পিকনিক… আঘোনী আৰু তৰাক নিব নোৱাৰি তাৰ বেয়া লাগে, সিহঁতকযে সি কতো নিয়েই পোৱা নাই …ইমান পইচা লাগে ….
কিমান বছৰ যে পাৰ হৈ গল চকুৰ প্চাৰতে .. হোষ্টেলত থকা ছোৱালী বোৰৰ বয়স বাঢ়িল, সিহঁতৰ জীয়েক বোৰে সিহঁতৰ ঠাই ললেহি৷ লাহৰি কাইৰ কাম কিন্তুু একে থাকিল.. কেতিয়াবাতে কলেজৰ পাছফালৰ মাটিখিনিত সি টুনিহঁতৰ লগতে আহি ঘৰ বান্ধি থাকিবলৈ লৈছিল, তাৰ দৰে আকৰি আঘোনী কেতিয়ানো তাৰ ঘৈণীয়েক হল সেয়াও সি পাহৰিলে, বাপেকে তাক দিয়া জীৱেশ্বৰ নামটো পাহৰাৰ দৰেই, এদিন লৰাবোৰে নচোৱাইহে তাৰ নাম লাহৰী কৰিলে৷ জীয়েক তৰা, তাইও সিহঁতৰ দৰেই হৈছে ..আজলী৷ আজিকালি লাহৰি কাইৰ হাতদুখনে কাম নকৰা হৈছে, বিষ এটাই অনবৰতে হাত দুখন চেপি থাকে, জাৱৰবোৰ গোটাব নোৱাৰা হৈছে, সেয়েহে পিকনিকলৈও আজিকালি তাক লৰাহঁতে লৈ নাযায়, নতুন ছাৰ হঁতেও তাক আজি কালি কাম নাপাচে, কলেজৰ চোতাল লেতেৰা হলেও আজি কালি হৰিধনে সাৰি নিয়ে৷
তাৰ কামেই নাই আজি কালি.. দুদিন মান ধৰি জীয়েক তৰাই বিস্কুট এটাৰ কথা কৈ আছে তাক, তাইকনো কোনে বুজাই চাউলৰ মূল্য বিস্কুটতকৈ কিমান বেছি, সেয়েহে আজি সি চহৰখনৰ ফালে উলাই আহিছে …. কি কৰিব ভাবি নাপাই চহৰখনৰ মাজৰ অফিচ ঘৰ থকা তিনিলিটোতে সি ৰৈ দিলে, বহুত দিনৰ আগতে এদিন টুনিৰ লগত হোষ্টেলৰ বজাৰ কৰিবলৈ আহোঁতে সি এইখিনি অফিচ থকা জেগা বুলি তাক কৈছিল৷ হঠাৎ তাৰ এসময়ত হোষ্টেলত থকা এটা চিনাকি চেহেৰা কলা চোলা পিন্ধি সন্মুখেৰে পাৰ হৈ, বহুত কলা চোলা পিন্ধা মানুহ বহি থকা ঘৰ এটাৰ ফালে সোমাই গল৷ সিও পাছে পাছে গৈ থাকিল এবাৰ চিনাকি চেহেৰাটোৰ সন্মুখত তাৰ বিষাই থকা হাত খন তুলি ধৰিলে, পাৰ হৈ গল চেহেৰাটোৰ সন্মুখেৰে পোন্ধৰটা বছৰ.. টকা দহটা তুলি দিলে লাহৰীৰ হাতত আৰু লগত থকা সকলক কোৱা শুনিলে সি, এইটো লাহৰী কাই আমাৰ হোষ্টেলৰ জীৱনৰ এজন এৰাব নোৱাৰা মানুহ ….. কেইবাটাও দহটকীয়া নোট লাহৰীৰ হাতত পৰিলহি.. তাৰ চকুত দোলা দিলে মাত্ৰ কলেজ তিনি আলিৰ দিপুৰ দোকানৰ আইনাৰ বাকচত থকা, এটা ৰঙা নীলা পেকেটৰ বিস্কুট….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments