লখিমী আৰু কিছু স্মৃতি -(বিশাল অনুৰাগ)

লখিমী আৰু কিছু স্মৃতি

-বিশাল অনুৰাগ

আজি আমাৰ ঘৰৰ খেতি- মাটিৰ ধান দাই শেষ হ’ল । আৰু ৰীতি অনুসৰি লখিমী আনি সন্ধিয়া ভৰাঁলত চাকি বন্তি জ্বলাই থাপনাও পতা হ’ল । ধান আনি শেষ কৰাৰ দিনটোত পথাৰতেই দুগৰাকীমান আয়তীক নিমন্ত্ৰণ কৰি তামোল এখন আৰু প্ৰসাদ এমুঠি দিয়াটো নিয়ম । তাৰ পিছত তেখেতসকলে আই লখিমীৰ নাম গাই বুটলি দিয়া ধানৰ গোছক গামোচাৰে নুৰিয়াই আদৰ -সাদৰেৰে মুৰত তুলি আনি ভৰাঁলত থোৱা সমগ্ৰ প্ৰক্ৰিয়াটোক মই অসমীয়া সমাজ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ সংস্কৃতি বুলিয়েই গণ্য কৰোঁ ।

bishal_anurag
আপোনালোকক পূৰ্বতে কৈছো, সৰুতে মই তেনেই অজলা তথা বুৰ্বক আছিলো । মোৰ অজলামিৰ সুবিধাত আনে কিদৰে মজা লুটিছিল তাৰেই এটি সঁচা কাহিনী আজি আপোনালোকক কওঁ শুনক । কাহিনীটো ধান দোৱাৰ সতে সম্পৰ্কিত । বয়স তেতিয়া মোৰ বাৰ কিম্বা তেৰ । সিদিনা আমাৰ ধান দোৱা শেষ হৈছিল । সন্ধিয়ালৈ লখিমী আদৰিম আমি । মই মাক জেদ ধৰিলো –“ লখিমী মই নিম, সৱ বাৰৰ দৰে এইবাৰো বাইদেউক দিলে নহ’ব ।“ এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ , সেইসময়ত লখিমী আদৰিবলৈ আমাৰ প্ৰায় বিলাক সমনীয়াই অত্যন্ত উৎসাহী আছিল । নাপালে কন্দা কটা কৰিছিল , নতুবা পোৱা জনৰ (সহোদৰ) সতে পথাৰতে দবৰা-দবৰি লাগিছিল । যি নহওঁক, মায়ে সিদিনা মোৰ অনুৰোধ ৰাখিছিল আৰু শেষত গামোচাৰে মেৰিওৱা লখিমীক মুৰত তুলি দিয়াৰ পৰত মোক বাৰম্বাৰ সকিয়াই দিছিল – ঘৰৰ ভৰাঁলত নুঠালৈকে যাতে বাটত মই কাৰোৰ সতে কথা নাপাতো, নহ’লে লখিমী আই বিতুষ্ট হ’ব । মই মুৰ দুপিয়ালো আৰু মাৰ চকুলৈ চাই ক’ব বিচাৰিছিলো যে – “ তুমি চিন্তা নকৰিবা, মই সকলো জানো !” । কিন্তু কোৱা নহ’ল, কিয়নো লখিমী ইতিমধ্যে মোৰ মুৰত থিত ললেই !
“ইমান দৌৰি নাযাবি, কৰবাত উজুটি খাবি ” পিছফালৰ পৰা মায়ে চিঞৰিছিল । কিন্তু মোৰ ইমানেই আনন্দ লাগিছিল, যে মাৰ কথা শুনাৰ ধৈৰ্য নাছিল । ঘৰলৈ ওভতা দুই তিনিটা দাৱনিৰ গোটক চেৰাই মই বহুখিনি আগুৱাই আহিলো তেতিয়া । গোট কেইটাৰ দুই এগৰাকীয়ে মোক কিবাকিবি সুধিছিল আৰু জোকাইছিল, যদিও মই নিশ্চুপ আছিলো । সিহঁতে ভাবিছিল – মই মাত মাতিম আৰু লখিমীক বিতুষ্ট কৰিম; কিন্তু নিমাত হৈ থাকিবলৈ মই দৃঢ় আছিলো সেই ক্ষণত ।
দাৱনিহঁতৰ খিলখিল ঠাট্টা মস্কৰাৰ পৰা হাত সাৰিবলে মই তল-মূৰ কৰি একপ্ৰকাৰ দৌৰিবলৈ ধৰিলোঁ । এনেতে অকলশৰে গৈ থকা দাৱনি এগৰাকীক পাৰ কৰি যাবলৈ লওঁতে তেওঁত্মাত দিয়া শুনিলো, -“ তই আমুক নহৱ’নে, ক’ত দৌৰিছ? ৰ’হচোন!” অনিচ্ছা স্বত্তেও ৰৈ দিলো । কিয়নো সেয়া শুকানী (সুমিত্ৰা) পেহীৰ আদেশ । অমান্য কৰাৰ প্ৰশ্নই নাহে ত্তেওঁৰ অনুপস্থিতিত ক্ষীণকায় চেহেৰাৰ হেতু যদিওবা আমি সমনীয়াৰ মাজত শুকানী পেহী বুলি আলচ কৰি আনন্দ লভোঁ, কিন্তু সমুখত থিয় দিলে আমি আটায়ে বেঙে মূতা গৰুৰ দৰে কঁপো । আমাৰ প্ৰতিটো কথাতে ভুল উলিয়াই চকু পকাই গালি গালাজ আৰু ককৰ্থনা কৰাই তেওঁৰ মূল কাম বুলি আমি ভাবিছিলো । যিনহওঁক, পেহীৰ মাত শুনি মোৰ মনটো সেইক্ষণত তেনেই সেমেকি উঠিল । মুৰত লখিমী, সমুখত ডাইনী । কি হ’ব, কি কৰিম ভাবি ওঁঠ মুখ কামুৰিবলৈ আৰম্ভ কৰোতেই পেহীয়ে মোক আচৰিত কৰি দৰদী সুৰত প্ৰশ্ন কৰিলে , ” তই চাগে লখিমী আনিছ, ভাল কৰিছ দে । তই থাকোতে বায়েৰাই কিয় নিব লাগে ? এতিয়াৰ পৰা প্ৰতি বছৰ তইয়ে লখিমী নিবি বুজিছ’ ।” তেওঁৰ জুই বৰষা মুখত মউ সৰা মাত শুনি মোৰ মূৰ্চ্চা যোৱাৰ অৱস্থা । আনহাতে একে সময়তে মোৰ হৈ মাত মতাৰ বাবে পেহীক মোৰ নিচেই আপোন যেন অনুভৱ হ’বলৈ ধৰিলে । দোধোৰ মোধোৰ হৈ মই মুখ মেলি পেহীলৈ কিছু ক্ষণ চাই ৰ’লো । পেহীয়ে পুনৰ অতি সাদৰেৰে ক’লে,-   “বোপাই, তই এতিয়া একোকে নামাতিবি । লখিমীয়ে দায় ধৰিব । লাহে লাহে গৈ থাক, দৌৰ নামাৰিবি । আৰু এটা কথা শুনি যা ———-”
শুনি যা বুলি শুকানী পেহীয়ে শেষত মোক যি কথা শিকাই পঠিয়ালে সেয়া মই হয়তো এই জীৱনত পাহৰিব নোৱাৰিম । সিদিনা পেহীৰ কথা মানিবলৈ গৈ মই যমৰ দুৱাৰ দেখি আহিলো । সমগ্ৰ ৰাতি ছটফটাই মৰিলো । টোপনি আছিল যদিও চকুৰ টিপ এটা মাৰিব নোৱাৰিলো । ইকাটি-সিকাটি কৰি ভগৱানক খাটনি ধৰিছিলো সোনকালে ৰাতিপুৱাবলৈ । শেষৰাতিলৈ অসহ্য যন্ত্ৰণাই মোক তেনেই কোঙা কৰি পেলাইছিল । উচুপি কান্দিছিলো আৰু হাজাৰ বাৰ শপত খাইছিলো, জীৱনত দ্বিতীয় বাৰলৈ লখিমী অনাৰ জেদ নধৰোঁ বুলি ।
আজিও কোনোবা সৰু ল’ৰা ছোৱালীয়ে মুৰত লখিমী নিয়া দেখিলে মোৰ কাণত বাজি উঠে শুনি যা বুলি কোৱা পেহীৰ সেইষাৰ কথা ______ ” তই যদি কথা নপতাৰ ওপৰিও কালিলৈ পুৱাৰ বেলি ওলোৱালৈকে শৌচ-প্ৰসাৱ বন্ধ কৰি ৰাখিব পাৰ তেনেহলে লখিমীয়ে তহঁতৰ ঘৰখনত নিগাজিকৈ থিত ল’ব । কিন্তু সাৱধান , এই কথা তই আনক জনাব নোৱাৰিবি ।”
লগ পালে পেহীয়ে এতিয়াও সিদিনাৰ কথা সোৱঁৰে আৰু মিচিকিয়াই প্ৰশ্ন কৰে, “তই পূৰ্বৰ দৰেই অজলা হৈ আছ নেকি ?”

ময়ো মিচিকিয়াই হাঁহো; পেহীৰ আত্মতুষ্টিৰ সতে অজানিতে একাত্ম অনুভৱ কৰোঁ আৰু কিবা এটা ক’বলৈ খুজি বিৰবিৰাওঁ _____ “পেহী, অজলা হৈ থকাই ঠিক আছিল । অন্ততঃ সংসাৰৰ চতুৰতা আৰু কুটিলতাই হৰণ কৰিব নোৱাৰিলে হেঁতেন জীৱনৰ শাশ্বত সুখক ।”
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments