লখিমী (জয়ন্ত কুমাৰ ডেকা)

দূপৰীয়া ঠিক বাৰটামান বাজিছে৷ মাবইললৈ এটা মেজেছ আহিল৷
-’বিজি আছা নেকি? নাই যদি কথা এটা সুধিব পাৰোঁনে?’
সিমূৰত তেওঁ৷ মেছেজৰ ৰিপ্লাই দি থাকিবলৈ ধৈৰ্য্য নহ’ল৷ সেইবাবে ফোনেই কৰিলোঁ৷
-’কোৱা’
-’নাই মানে..(কিছু ইতস্ততঃ কৰি)..তুমি যদি অসুবিধা নোপোৱা সহায় এটা কৰানা’
দূপৰীয়াৰ ব্যস্ত সময়ত এনেদৰে ফোন কৰিলে মোৰ অলপ খং উঠে বুলি তেওঁ ভালদৰেই জানে৷ যোৱা ৫ বছৰৰ সম্পৰ্ক৷ দুয়ো দুয়োকে বুজিবলৈ আৰু একোই বাকী নাই৷ লক্ষ্মী পূজাৰ দিনা আৰু একো খং নকৰোঁ বুলি লাহেকৈ সুধিলোঁ-
কোৱা কি সহায়?’
-‘পাৰা যদি মোৰ লগত এতিয়াই ফাঁচী বজাৰ ওলোৱানা….লক্ষ্মী পূজাৰ বাবে অলপ বজাৰো কৰিব লাগে আৰু বস্তু এবিধো আনিব লগা আছে।’
খংটো অলপ উঠিছিল যদিও দমাই ৰাখি মৰমেৰেই কলোঁ-
‘পাৰা যদি ঘৰৰ কাষতে কৰি নোলোৱা কিয়! ’
-‘প্লীজ…’ (কিছু অভিমান আৰু মৰমৰ সুৰতে ক’লে)
-‘ঠিক আছে…ৰেডী হৈ থাকা৷ মই গৈ আছোঁ৷’

তেওঁ জাপৰিগোগত থাকে৷ যোৱা ৬ বছৰ একেটা ভাড়াঘৰতে আছে৷ ইয়াত এম এ কৰিবলৈ আহিছিল৷ মোৰ মা-দেউতা আৰু তেওঁৰ মা-দেউতাৰ লগতে ভাড়াঘৰৰ মালিকেও আমাৰ সম্পৰ্কৰ কথা ভালদৰেই জানে৷ ১৫ মিনিটতে জাপৰিগোগ গৈ পালোঁ৷ তেওঁ ৰেডী হৈয়ে আছিল৷ এনেয়ে ক’লোঁ-
‘আজি চাগে জানিবই পাৰিছিলা..নিৰাশ নকৰোঁ বুলি৷ দেৰী নকৰোঁ…সোনকালে উঠা৷ গৈ আহোঁগৈ৷ পিছে এটা কথা…. কিনো ইমান লাগতিয়াল বস্তু যে ফাঁচী বজাৰ যাবই লাগিব৷ ’
-’এহ..পিছত ক’ম দিয়া৷ সোনকালৈ গৈ আহোগৈ ব’লা৷ ’

ফাঁচী বজাৰ পাওঁ মানে এক বাজিল৷ পূজাৰ বজাৰ সোনকালেই শেষ কৰি এইবাৰ তেওঁ বিশেষ বস্তুবিধৰ সন্ধানত নামিল৷ দুৰ্গা পূজা পাৰ হৈ যোৱা বাবে এতিয়া বৰ এটা ভিৰ নাই তাত৷ কিছু সময়তে মই আৱিষ্কাৰ কৰিলোঁ যে তেওঁ তাত কাপোৰ কিনিবলৈহে গৈছে৷ খঙে গৈ চুলিৰ আগ পালে৷ পূজা শেষ হোৱা দুদিনো হোৱা নাই…আকৌ কাপোৰ ল’ব হ’লেইনে৷ আৰু ল’বলৈ মন থাকিলে লওক..কিন্তু মোক মাতি আনি আকৌ সময় কিয় নষ্ট কৰিলে৷ পূজা বুলি যিমান পাৰি খং সংযম কৰি ৰাখিলোঁ৷
-‘শুনাচোন..তোমাৰ হাতত অলপ টকা আছে যদি দিয়াচোন৷ মোৰ মানে অলপ কম হ’ল…তোমাক পাছত এ টি ম-ৰ পৰা উলিয়াই দিম ’
তৎক্ষণাৎ তেওঁৰ মাত শুনি সম্বিৎ ঘূৰাই পালোঁ৷ মুখেৰে একো নকৈ মাণি বেগটো আগবঢ়াই দিলোঁ৷ মনত প্ৰচণ্ড ক্ষোভ৷ কিন্তু মোৰ অভিনয়ো আছিল উৎকৃষ্ট৷
বজাৰৰ পৰা ওলাই একো খোৱাৰ কথা নকৈ গাড়ী ষ্টাৰ্ট দিলোঁ৷ পেটত ভোকো কিছু লাগিছিল৷ গাড়ী চলাই থাকোতেই তেওঁ মোক মাণিবেগটো আগবঢ়াই ক’লে-
’ভালেই হ’ল জানা…তুমি যে এই দুপৰীয়া খোৱাৰ কথা নকলা৷ মই তোমাৰ বাবে টিফিনত পনীৰ পৰঠা কৰি আনিছিলোঁ৷ ’
মোৰ খং তেতিয়াও কমা নাই৷ অভিনয়ৰ আশ্ৰয় লৈ ক’লোঁ –
‘কিয়নো আনিব লাগে? ’
-‘তোমাৰ প্ৰিয় যে….(মিচিকিয়া হাঁহিৰে)৷ অ’…আৰু জানানে কাপোৰযোৰ আমাৰ বাইজনীৰ বাবে ল’লো৷ বেচৰীয়ে এইবাৰ পূজাত ল’ৰা-ছোৱালীহালক কাপোৰ দিওঁতে নিজৰ বাবে একোৱেই ল’ব নোৱাৰিলে৷ ইয়াৰ-তাৰ ঘৰত কাপোৰ-কানি, বাচন-বৰ্তন ধুই কিমাননো আৰ্জে বেচেৰীয়ে৷ যোৱা এক বছৰ মোকোতো তাই বহুত সহায় কৰিছে৷ ভাবিলোঁ আজি তাইক কাপোৰযোৰ দি দিওঁ৷ কাইলৈৰে পৰাতো আকৌ বিজি লাইফ ষ্টাৰ্ট হব৷’
ৰাস্তা-পথ বৰ ব্যস্ত নাছিল৷ তৎক্ষণাত ব্ৰেক মাৰি গাড়ী পথৰ দাতিত ৰখালোঁ৷
-‘কি হ’ল? কিয় ৰখালা?’
বহুত লাজ পালোঁ৷ কিন্তু তেওঁক এইখিনি কথা এতিয়া জনাব একেবাৰে মন নগ’ল৷ তেওঁৰ দুচকুলৈ সেই চিনাকী কিন্তু কিছু পুৰণি চাৱনিটোৰে চাই কলোঁ-
’ নাই.. ..আজি আবেলি মই অলপ ব্যস্ত থাকিম৷ সেইবাবে এতিয়াই মোৰ লখিমীজনীক এবাৰ হেঁপাহ পলুৱাই চাবলৈ মন গল৷ ’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments