অসমীয়া ভাষাৰ ভৱিষ্যত – (অঞ্জল বৰা)

অসমীয়া ভাষাৰ ভৱিষ্যত  – (অঞ্জল বৰা)


(প্ৰথম খণ্ড)

পৃথিৱীৰ বৃহত্তম ভাষাগোষ্ঠী ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ বিভিন্ন পৰিৱৰ্তনৰ ফলস্বৰূপে খ্ৰীষ্টীয় দশম-একাদশ শতিকাতে অসমীয়া ভাষাৰ জন্ম হয়৷ সেই সময়ৰ পৰা আজিৰ অৱস্থা পাওঁতে অসমীয়া ভাষাই বিভিন্ন ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্বিক পৰিৱৰ্তন বহন কৰিছে৷ ইয়াৰ লগে লগে অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰতো অনেক দেশী-বিদেশী শব্দই চহকী কৰিছে৷ এনে শব্দবোৰক ধাৰ কৰা শব্দ বা ঋণ শব্দ বুলি কোৱা হয়৷ দুটা ভাষা সম্প্ৰদায়ৰ মাজত সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক যোগাযোগৰ প্ৰধান মাধ্যম হ’ল এই ঋণ শব্দসমূহ৷ কোনো এখন সমাজত এটা উচ্চ শ্ৰেণীৰ ভাষাই প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত নিম্ন শ্ৰেণীৰ ভাষা এটালৈ অনেক ধৰণৰ শব্দ কথিত আৰু লিখিত ভাষাৰ মাধ্যমেৰে প্ৰচলিত হয়৷ পিছলৈ এই শব্দসমূহেই স্থানীয় ভাষাটোত নিগাজিকৈ বহি সেই ভাষাৰ বৈয়াকৰণিক ৰূপসমূহ গ্ৰহণ কৰি প্ৰতিষ্ঠা লাভ কৰে৷ শব্দৰ ধাৰে ভাষা এটালৈ যোগাত্মক প্ৰভাৱ কঢ়িয়াই আনে যদিও অত্যাধিক ধাৰ কৰা শব্দই ভাষা এটাক ক্ষতিও কৰিব পাৰে৷ সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত মন কৰিলে দেখা যায় যে কোনো বাচ বিচাৰ নোহোৱাকৈ ইংৰাজী, হিন্দী, বাংলা শব্দক ব্যৱহাৰ কৰা হৈছে৷ আনহাতে ভাব, কথনভঙ্গীৰ ক্ষেত্ৰতো হিন্দী, ইংৰাজী ভাষাৰ সুৰ-লয়ৰ প্ৰভাৱে আমাৰ ‘সুৱদী সুৰীয়া’ ভাষাক বিকৃত কৰিছে৷

অসমীয়া ভাষা অসমৰ উত্তৰ-পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সংযোগী ভাষা হিচাপেও প্ৰচলিত হৈ আছে৷ অসমৰ ৩,১১,৬৯,২১১ জন (২০১১ চনৰ লোকপিয়ল অনুসৰি) লোকৰ আধা সংখ্যকৰ বাবেই অসমীয়া ভাষা প্ৰধান ভাব বিনিময়ৰ মাধ্যম৷ সেয়েহে এক স্বকীয় ভাষা শৈলীৰে জোনাকী যুগৰ পৰা আজিৰ অৱস্থাত উপনীত হোৱা অসমীয়া ভাষাৰ ভৱিষ্যত বোৱতী নদীৰ দৰেই বহ্নিমান৷ তথাপি সময়ে সময়ে অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাই৷ সময়ৰ পৰিৱৰ্তন, উচ্চ শিক্ষা, ঔদ্যোগিক বিকাশ আৰু ন-ন আধুনিক বৈজ্ঞানিক সঁজুলিৰ ব্যৱহাৰে এখন সমাজলৈ বিভিন্ন পৰিৱৰ্তন কঢ়িয়াই আনে৷ সমাজৰ এই পৰিৱৰ্তনে পোন প্ৰথমে আমাৰ অজ্ঞাতে পৰোক্ষভাৱে প্ৰভাৱ পেলাই সমাজখনত প্ৰচলিত হৈ থকা ভাষাটোৰ ওপৰত৷ কাৰণ সমাজ এখনৰ ভাবৰ আদান প্ৰদানৰ প্ৰধান আহিলাই হ’ল ইয়াৰ ভাষা৷ বৰ্তমান অসমীয়া ভাষাৰ ৰূপটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, উপৰোক্ত কাৰকসমূহে অসমীয়া ভাষাৰ মাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে৷ প্ৰধানতঃ ইংৰাজী, হিন্দী আৰু বাংলা শব্দৰ প্ৰভাৱে অসমীয়া কথিত আৰু লিখিত দুয়োটা ৰূপতে প্ৰভাৱ বিস্তাৰ কৰি বহুতো পূৰণি অসমীয়া শব্দৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷

অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে সময়ে সময়ে বিভিন্ন চিন্তাবিদে বিভিন্ন মত দাঙি ধৰিছে৷ ভাষা এটাৰ ভৱিষ্যত নিৰ্ভৰ কৰে প্ৰধানত দুটা বিষয়ৰ ওপৰত:
(ক) যদি ভাষাটো ব্যৱহাৰ কৰা ব্যক্তিৰ সংখ্যা দিনে দিনে কমি আহে আৰু
(খ) যদি ভাষাটোৰ মাজত অধিকভাৱে আন ভাষাৰ শব্দই বৰপীৰা পাৰি বহে৷
সাম্প্ৰতিক অসমীয়া ভাষালৈ লক্ষ্য কৰিলে ওপৰৰ দুয়োটা কাৰণেই কম বেছি পৰিমাণে দেখা পোৱা যায়৷ ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যাত শেহতীয়াভাৱে এই কথা প্ৰকাশ পাইছে যে, অসমত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল ১৮.৯৷ ১৯৯১ চনত অসমীয়া, বাংলা, হিন্দী আৰু অন্যান্য জনগোষ্ঠীয়-ভাষীৰ সংখ্যা (হেজাৰ হিচাপত) আছিল যথাক্ৰমে ১২,৯৫৮, ৪,৮৫৭, ১,০৩৫, আৰু ৩,৫৬৪৷ আটাইকেইটা ভাষীৰ লোকৰ বৃদ্ধিৰ হাৰ একে বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়াভাষী লোকৰ সংখ্যা হ’ব লাগে (হেজাৰত) ১৫,৪২০ জন৷ কিন্তু ২০০১ চনৰ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ সংখ্যা হয় (হেজাৰত)১৩,১৭৫ জন৷ অৰ্থাৎ ১৯৯১ চনৰ পিয়লৰ অনুসাৰে ২০০১ চনৰ পিয়লত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া বুলি নিলিখিলে৷ (গকুল গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷ উক্ত প্ৰৱন্ধত ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ আৰু ধেমাজি আদি সাতখন জিলাত পোন্ধৰ লাখ লোকে মাতৃভাষা সলোৱাৰ এক ভয়ঙ্কৰ তথ্যও দাঙি ধৰিছে৷ ইয়াৰে প্ৰায় দুই-তৃতীয়াংশই মাতৃভাষা বাংলা আৰু বাকীখিনীয়ে অন্যান্য জনজাতীয় ভাষাকে মাতৃভাষা বুলি মানি ল’লে৷ স্বাভাৱিকতেই অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ তথা শেহতীয়াকৈ এই অনুপ্ৰৱেশকাৰীসকলে নিজকে বঙালীভাষী বুলি পৰিচয় দিয়া বাবেই ৰাজ্যখনৰ ভাষিক জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূল কাৰণ বুলি ভাবিব পাৰি৷ আনহাতে তথাকথিত স্বায়ত্বশাসনৰ সংঘাতেও বৃহত্তৰ অসমীয়া জাতি গঠনত বাধাৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে সেই জনজাতিসমূহে নিজৰ থলুৱা ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও অসমীয়া ভাষালৈ সংকট নামি আহিছে৷ ১৯৯১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত অসমৰ প্ৰতি দহ হেজাৰ লোকৰ ভিতৰত অসমীয়াভাষী লোকৰ সংখ্যা ৮৩৭ হ্ৰাস পোৱাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা ৬২৪ বৃদ্ধি পাইছে৷ এনেদৰে হিন্দীভাষী লোকৰ সংখ্যা ১৩৫, নেপালীভাষী লোকৰ সংখ্যা ২২, উৰিয়াভাষী লোকৰ সংখ্যা ২৫ বৃদ্ধি পাইছে৷ (অসমীয়া প্ৰতিদিন, ৬ জানুৱাৰী ২০০৮)৷ ওপৰৰ তথ্যৰ পৰা এটা কথা প্ৰতিয়মান হয় যে প্ৰতি বছৰে অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস পাই আহিছে৷ যিটো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ বিষয়৷

অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰা আনটো দিশ আলোচনা কৰি চালে দেখা যায় যে সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত সকলো ক্ষেত্ৰতে ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ প্ৰভাৱে থলুৱা অসমীয়া শব্দসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এনে সন্দেহৰ আধাৰতে হোমেন বৰগোহাঞে ‘মিচিং আগম কৌবাং’ৰ মুকলি সভাত “ঘাতক ভাষা ৰূপে ইংৰাজীয়ে ক্ষুদ্ৰ ভাষাবোৰক ধ্বংস কৰিব” বুলিও মত প্ৰকাশ কৰে৷ তেওঁৰ মতে “এইটো ধ্ৰুব সত্য যে আৰু এশ বছৰৰ পিছত পৃথিৱীত মাত্ৰ পোন্ধৰটা জীৱন্ত ভাষা ৰূপে চলি থাকিব৷ আনহাতে আৰু ১৫০ টা ভাষা মাত্ৰ জীয়াই থাকিব৷ এই ১৫০ টা ভাষা মাত্ৰ ঘৰুৱা ব্যৱহাৰতে সীমাবদ্ধ থাকিব৷” (আমাৰ অসম, ১৫ নৱেম্বৰ ২০০৯)৷ আমাৰ ওপৰৰ আলোচনাত সাম্প্ৰতিক লিখিত আৰু কথিত প্ৰচাৰ মাধ্যমসমূহে কিদৰে ইংৰাজী ভাষা ব্যৱহাৰ কৰিছে তাৰ এক সম্যক ধাৰণা দিয়া হৈছে৷ ইয়াৰোপৰি দেখা যায যে মধ্যবৃত্ত বেছিভাগ লোক আজিও মাতৃভাষানুৰাগী হৈ উঠিব পৰা নাই৷ শিক্ষাৰ মাধ্যমৰ লগতে ঘৰুৱা ভাব বিনিময়টো বেছিভাগ লোকেই মাতৃভাষা ব্যৱহাৰ নকৰি নিজৰ সন্তানৰ লগত ইংৰাজী ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ অসমৰ সাধাৰণ চাহ-তামোলৰ দোকানৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠানসমূহ নামফলক, কাৰ্য্যলয়ৰ জাননী, গোহাৰীপত্ৰ বা চিঠী আদি আজিও অসমীয়া ভাষাত বাধ্যতামূলকভাৱে ব্যৱহাৰ হোৱা নাই৷ এনে বিভিন্ন কাৰণ বিশ্লেষণ কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বিভিন্নজনৰ মনৰ মাজত সন্দেহ জাগ্ৰত নোহোৱাকৈ থকা নাই৷ কিন্তু সকলো সন্দেহৰ মাজতো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বহুতো ভাষাবিদে কিছু আশা ব্যঞ্জক মত আগবঢাইছে৷

ভাষাবিদ ডঃ গোলোক চন্দ্ৰ গোস্বামীৰ মতে “অসমীয়া পৃথিৱীৰ শক্তিশালী ভাষাবোৰৰ অন্যতম৷ এই ভাষাৰ ভৱিষ্যত অতি উজ্জ্বল৷ এই শক্তিশালী ভাষাৰ কোনো দিন মৃত্যু হ’ব নোৱাৰে বা লুপ্ত হ’ব পাৰে বুলি কৰা আশংকাও অমূলক৷” (আমাৰ অসম, ১৬ নৱেম্বৰ ২০০৯)৷ অসমীয়া ভাষাৰ মাজলৈ বিভিন্ন সংকট নামি আহিলেও অসমীয়া ভাষাৰ মৃত্যু হ’ব বুলি একেষাৰে ক’ব নোৱাৰি৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে চিনাকী নিদিলেও এই কথা নিশ্চিত যে, সামাজিক ভাবৰ আদান প্ৰদানৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে, বড়োসকলে আৰু আন আন জনগোষ্ঠীসমূহে অসমীয়া ভাষাকে ব্যৱহাৰ কৰে৷ শিক্ষা আৰু সংস্থাপনৰ বাবে এই জনগোষ্ঠীয় লোকসকল যিমানেই বাহিৰলৈ ওলাই আহিছে সিমানেই অসমীয়া ভাষা ক’বলৈ আৰম্ভ কৰিছে৷ মুঠৰ ওপৰত বৃহৎ সংখ্যক ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৱে অসমীয়া ভাষাকে যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে৷ আনহাতে ১.৩১ কোটি অসমীয়াৰ মাজত অসমীয়া ভাষা চিৰদিন জিলিকি থাকিব৷ এক লাখ শব্দৰে হেমকোষৰ পূৰ্ণতা, দুই লাখ অসমীয়া শব্দৰ পূৰ্ণাঙ্গ ‘জাতীয় অভিধান’ৰ সৃষ্টিও অসমীয়া ভাষাৰ উজ্জ্বল ভৱিষ্যতৰ এক সম্ভাৱনাপূৰ্ণ দিশ৷ অসমীয়া ভাষাৰ শব্দক বিশ্বৰ যিকোনো প্ৰান্তত চাব পৰাকৈ ‘শব্দ’ (www.xobdo.org) নামৰ এখন অনলাইন অসমীয়া অভিধানো বৰ্তমান ইণ্টাৰনেটত উপলভ্য হৈছে৷ প্ৰায় ৪০০০০ অসমীয়া শব্দৰ ইংৰাজী প্ৰতিশব্দৰ লগতে এই অভিধানখনত অসমীয়া ভাষাৰ অনেক ফকৰা-যোজনাও সংলগ্ন কৰা হৈছে৷ অসমীয়া ভাষাত এখন ইণ্টাৰনেট বিশ্বকোষ প্ৰণয়নৰ কাৰণেও ৱিকিপেডিয়া (www.as.wikipedia.org) নামৰ ৱেবচাইটটোৱে অসমীয়া ভাষাত যথেষ্ট কাম হাতত লৈছে৷ সাহিত্য ডট অৰ্গ (www.xahitya.org)-ৰ দৰে ৱেবচাইটসমূহে অসমীয়া সমল সংগ্ৰহ কৰাৰ কামত হাত উজান দিছে৷ ইয়াৰ লগতে সম্প্ৰতি বহু ব্যক্তিয়ে অসমীয়া ভাষাত বিভিন্ন ব্ল’গ সৃষ্টিৰেও ভাষাটোক জীয়াই ৰাখিছে৷ অসমীয়া আখৰ কম্পিউটাৰত ব্যৱহাৰ কৰিব পৰাকৈ বিভিন্ন প্ৰযুক্তিৰ উদ্ভাৱন কৰা হৈছে৷ মাইক্রছফ্টৰ দৰে ছফ্টৱেৰ কোম্পানিসমূহেও বৰ্তমান অসমীয়া ভাষাক কম্পিউটাৰত ব্যৱহাৰৰ বাবে বিভিন্ন আচঁনী গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত মাইক্রছফ্টৰ প্ৰাক্তন পৰিচালক সঞ্চালক বিল গেটছৰ এক সুদূৰ প্ৰসাৰি কাম হ’ল Windows Vista আৰু Windows-7 আদি নতুন ‘অপাৰেটিং ছিষ্টেম’সমূহ অসমীয়া ভাষাত অনুবাদ কৰা৷ ইয়াৰ ফলত কম্পিউটাৰ এটাৰ মনিটৰত ভাহি উঠা সকলো আদেশ, বাক্য, শব্দ, সহায় আদি অসমীয়া ভাষাত ব্যৱহাৰ কৰিব পৰা হৈছোঁ৷ ইয়াৰ লগে লগে Nokia, Samsung-ৰ দৰে ম’বাইল কোম্পানিসমূহেও অসমীয়া ভাষাক ম’বাইল পৰিচালনাত সহায় হ’ব পৰাকৈ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিছে৷ এই ফালৰ পৰা অসমীয়া ভাষাৰ ভৱিষ্যতকলৈ কোনো ধৰণৰ শংকা বা সন্দেহৰ অৱকাশ নাই৷ কিন্তু এই আস্বাসৰ মাজতো আমি এই কথা পাহৰিলে নহ’ব যে ভাষা এটাৰ সঠিক শুদ্ধ ৰূপটো জীয়াই থাকে লিখিত সাহিত্যৰ মাজেৰেহে৷ সেয়েহে অসমীয়া ভাষাৰ নিভাজ শব্দসমূহক কেৱল অভিধানৰ মাজতে সীমাবদ্ধ নাৰাখি তাক ব্যৱহাৰৰ মাধ্যমেৰেহে অসমীয়া ভাষাক জীয়াই ৰাখিব পৰা হ’ব৷ ইয়াৰ ওপৰতেই অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷

উপসংহাৰ:
অসমীয়া ভাষাৰ সংকটৰ মূল কাৰণ হ’ল আমাৰ ভাষাকেন্দ্ৰীক জাতিয়তাবাদী আৱেগৰ অভাৱ৷ ভাষাক কেন্দ্ৰ কৰি পূৰ্বতে গঢ়ি উঠা অসমীয়াৰ জাতিয়তাবাদী আৱেগ যেন ক্ৰমে ক্ৰমে হেৰাই যাবলৈ ধৰিছে৷ ১৯৬০ চনত চৰকাৰী ভাষা আইন গৃহিত হোৱাৰ পিছতো আজিলৈকে অসমত এই আইন চৰকাৰীভাৱে গৃহীত হোৱা দেখা নগ’ল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৪৬ চনৰ পৰা ১৯৭২ (অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে তেনে আন্দোলন গঢ়ি উঠা নাছিল৷ কিন্তু অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে ১৯৬০ চনত ভাষা আন্দোলনৰ গুৰি ধৰা নেতাসকলেই ১৯৮৫ চনত ‘অসম গণ পৰিষদ’ দল গঠন কৰি চৰকাৰ গঠন কৰাৰ পিছতো চৰকাৰী কাৰ্য্যলয়সমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰাটো সঁচাই পৰিতাপৰ কথা৷ মনকৰিবলগীয়া যে অসমতকৈ তিনি বছৰ পাচত চৰকাৰী ভাষা আইন গৃহীত হোৱা কৰ্ণাটকত চৰকাৰী কাৰ্য্যলয়বোৰত ইংৰাজী মুদ্ৰণ লিখন যন্ত্ৰ আঁতৰাই তাৰ ঠাইত কানাড়া মুদ্ৰণ যন্ত্ৰ দিয়া হয়৷ আনকি কৰ্ণাটকত এতিয়া কানাড়া ভাষা নজনা কোনো ব্যক্তিয়ে চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰিব নোৱাৰে৷ একেদৰে মালয়েছিয়া চৰকাৰে দেশখনত মালয় ভাষাটো ভুলকৈ ৰাজহুৱা নামফলক আদিত লিখিলে ১০০০ ৰিংগ্ৰিট অৰ্থাৎ ১২,২০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ কথা বিবেচনা কৰিছে৷ কিন্তু চাৰিওফালে অসমীয়া ভাষাৰ অশুদ্ধ ব্যৱহাৰ হৈ থকাৰ পিছতো অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ অসমীয়া ভাষাৰ সংকটৰ বিভিন্ন দিশ সময়ে সময়ে বিভিন্ন সংবাদ-পত্ৰ, আলোচনীত আলোচনা কৰি থকাৰ পিছতো আজিলৈকে কাৰ্য্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷ ১৯৩৭ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশনৰ সভাপতিৰ ভাষণত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে এষাৰ কথা কৈছিল- “আমাৰ ইমান ওচৰতে গাতে লাগি থকা যিবিলাক অসমীয়া ভাষা নজনা মানুহ আছে তেওঁলোকক আমি আকৰ্ষণ কৰি আনিব নোৱাৰিলে তেওঁলোকে নিজে আমাৰ ভাষা, কৃষ্টি-সংস্কৃতি অকলে মন দিব বুলি আশা কৰিব নোৱাৰি৷” কিন্তু বাস্তৱত দেখা গৈছে সৌ সিদিনা স্বায়ত্বশাসন গঠন কৰা বড়ো জনগোষ্ঠীয়ে নিজৰ বি.টি.এ.ডি এলেকাত নিজস্ব বড়ো ভাষাৰে চৰকাৰী কাম-কাজ চলোৱাৰ কথা ভাবিছে৷ অথচ অসমীয়া ভাষা সংখ্যা আৰু মানত ডাঙৰ হৈয়ো নিজৰ চৰকাৰী কাৰ্য্যলয়তে এলাগী হৈ পৰি আছে৷ হয়তো এনেদৰে থাকিলে সুদূৰ ভৱিষ্যতে অসমীয়া ভাষা কেৱল বিদ্যালয়ৰ পাঠ্যপুথিৰ মাজতে আৱদ্ধ হৈ থাকিব৷ সাম্প্ৰতিক সময়ত দূৰদৰ্শনৰ চেনেলসমূহত গ্ৰহণ কৰা সাক্ষাৎকাৰসমূহত দেখা যায় আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষা গ্ৰহণ কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ অসমীয়া ভাষাত এটা বাক্যও সম্পূৰ্ণ কৰিব নোৱাৰে৷ উদাহৰণ স্বৰূপে যোৱা ১৫ জানুৱাৰী ২০১০ চনৰ ‘নিউজ লাইভ’ৰ ৭ বজাৰ বাতৰিত সূৰ্য্য গ্ৰহণৰ বিষয়ে সাংবাদিকে এগৰাকী ছাত্ৰীক সোধাত তেওঁ উত্তৰ দিছিল এনেদৰে “Sunটো আৰু earthটোৰ মাজত moonটো আহি গৈছিল৷” আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মুখৰ এনে ভাষাই অসমীয়া ভাষাৰ ভৱিষ্যত সংকটৰ আন এক কাৰণ বুলিব পাৰি৷

যেতিয়ালৈকে অসম সাহিত্য সভাই বৃহত্তৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰিব নোৱাৰে, অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, যেতিয়ালৈকে চৰকাৰী আমোলা, বিষয়াই অসমীয়া ভাষা জনাতো বাধ্যতামূলক কৰিব নোৱাৰে, ইংৰাজী বিদ্যালয়সমূহত জাতীয় ভাষা হিচাপে অসমীয়া ভাষা জনাটো বাধ্যতামূলক কৰিব নোৱাৰে, ৰাজহুৱা প্ৰতিষ্ঠান, দোকান, বেনাৰ, পোষ্টাৰত অসমীয়া ভাষা ভুলকৈ লিখিলে জৰিমনাৰ ব্যৱস্থা কৰিব নোৱাৰে তেতিয়ালৈকে অসমীয়া ভাষা অসমতেই এলাগী হৈ থাকিব আৰু বিভিন্ন সংকটৰ ব্যাধি কঢ়িযাই কঢ়িয়াই কেৱল লিখিত অভিধান, ব্যাকৰণ আৰু কিতাপৰ মাজতেই আৱদ্ধ হৈ পৰিব৷

(দ্বিতীয় খণ্ড )

সাহিত্যত বিদেশী শব্দৰ ব্যৱহাৰ-প্ৰয়োগৰ কাৰণ আৰু সংকট:

অসমীয়া আলোচনী সাহিত্যৰ ইতিহাসত জোনাকী যুগৰ পৰা বৰ্তমান সময়লৈকে বিভিন্ন আলোচনীয়ে অসমীয়া ভাষা-সাহিত্য চহকী কৰি আহিছে৷ ইয়াৰ লগে লগে ন-ন লেখক-সাহিত্যিকৰ সৃষ্টিয়েও অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ কলা-কৌশলৰো নানান পৰিৱৰ্তন হৈছে৷ একেদৰে নতুন নতুন লেখকসকলৰ সৃষ্টি কৰ্মৰ মাজতো ভাষা, বাক্যগাঁঠনি আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পোৱা গৈছে৷ অসমীয়া সাহিত্যৰ যুগ নিৰ্ণয়কাৰী জোনাকী, বাঁহী, আৱাহন, ৰামধেনু আদি আলোচনীৰ মাজতো সময়ৰ পৰিৱৰ্তনে অসমীয়া ভাষাৰ ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি কৰিছিল৷ কিন্তু অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত এই আলোচনীসমূহৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ৷ অশুদ্ধ বানান, অশুদ্ধ বাক্যগাঁঠনি আৰু বিদেশী শব্দ প্ৰয়োগৰ প্ৰতি এই আলোচনীসমূহ সদা সতৰ্ক আছিল৷ অসমীয়া সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো ৰচনাৰ মাজত আমি ঋণ শব্দ দেখা পাওঁ যদিও বেজবৰুৱাই অনাহকত কোনো প্ৰয়োজন নোহোৱাকৈ অসমীয়া ভাষাৰ মাজত বিদেশী শব্দ ব্যৱহাৰ কৰাৰ পক্ষপাতী নাছিল৷ তেওঁ বিদেশী শব্দটোক জীণ নিয়াই নিজৰ ভাষাৰ উপযোগী কৰি তাক ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সেয়েহে বেজবৰুৱাই তেওঁৰ বিভিন্ন লেখাৰ মাজত কেতিয়াবা বিদেশী শব্দ (ইংৰাজী, আৰৱী, হিন্দী, পাৰ্চি) ব্যৱহাৰ কৰিলেও যতদূৰ সম্ভৱ তাৰ সমান্তৰালকৈ অসমীয়া সমাৰ্থক শব্দটোকো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ মাজত দেখা দিয়া অসংখ্য ইংৰাজী শব্দৰ লগতে অন্যান্য দেশী-বিদেশী শব্দৰ প্ৰয়োগে অসমীয়া ভাষালৈ সংকটৰ বাৰ্তা কঢ়িয়াই আনিছে৷

বৰ্তমান লেখক-সাহিত্যিকসকলে সময়ৰ লগত খাপ খুৱাই গল্প-উপন্যাস ৰচনা কৰোঁতে প্ৰতিটো চৰিত্ৰৰ মুখত দৈনন্দিন ব্যৱহাৰ হোৱা অনেক ইংৰাজী শব্দৰ হুবহু ৰূপ দিবলৈ চেষ্টা কৰা দেখা যায়৷ যাৰ ফলত সাহিত্যই প্ৰাণ পায় উঠে যদিও ইয়ে অসমীয়া ভাষাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়৷ মনৰ ভাব প্ৰকাশৰ বাবে হাতৰ কাষতে পোৱা ইংৰাজী শব্দটোৰ লিপ্যন্তৰ(Transliterate) ৰূপটোকে ব্যৱহাৰ কৰাৰ ফলত বহুতো অসমীয়া শব্দ বৰ্তমান হেৰাই যাবলৈ ধৰিছে৷ এনেবোৰ শব্দ ব্যৱহাৰৰ অভাৱত পাহৰণিৰ গৰ্ভত লুকাই গৈছে৷ এই কথা অনস্বীকাৰ্য্য যে বৰ্তমান অসমীয়া অভিধানত নতুন নতুন অসমীয়া শব্দ (প্ৰকৃততে যিবোৰ ঋণ শব্দ) অন্তৰ্ভুক্ত হৈছে৷ কিন্তু অভিধান এখনত থকা আধা সংখ্যক পুৰণি শব্দৰ ব্যৱহাৰ অসমীয়া সাহিত্যৰ মাজত বৰ্তমান দেখা পোৱা নাযায়৷ অসমীয়া অভিধানসমূহত থকা বহুতো পুৰণি অসমীয়া শব্দ সংগ্ৰাহালয়ত থকা বস্তুৰ দৰে অসমীয়া শব্দৰ ভঁৰাল চহকী কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত নতুন শ্ৰেণী যুৱক-যুৱতীৰ বাবে এনেবোৰ শব্দৰ ব্যৱহাৰ আওপুৰণি বস্তুৰ দৰেই মূল্যহীন হৈ পৰিছে৷ এনে ধৰণৰ পৰিৱৰ্তনে বৰ্তমান অসমীয়া ভাষালৈ গভীৰ সংকট নমাই আনিছে৷

সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যত ব্যৱহাৰ হোৱা ইংৰাজী শব্দৰ তথ্য সংগ্ৰহৰ বাবে বহুল প্ৰচাৰিত আলোচনী “প্ৰান্তিক”ৰ (১-১৫) আৰু (১৬-৩০) মাৰ্চ ২০০৮ বৰ্ষৰ সংখ্যা দুটা নিৰ্বাচন কৰিছিলোঁ৷ আলোচনীখনৰ সংখ্যা দুটাৰ পৰা লাভ কৰা শব্দসমূহক তলত দিয়াৰ দৰে ভাগ কৰা হৈছে৷

(১) শিক্ষা বিষয়ক:- ছেকেণ্ড ছেমেষ্টাৰ, গাইড, ছাৰ্টিফিকেট, ছপাৰ টেলেণ্টেড, ইগ’ইষ্টিক, পজিশ্যন, লেকচাৰ, নাৰ্ছাৰি-কে, হোমৱৰ্ক, হায়াৰ ছেকেণ্ডেৰি, ভাইছ-চেঞ্চেলৰ, ফাৰ্ষ্টক্লাছ ফাৰ্ষ্ট, ইউনিভাৰ্ছিটিৰ ফ্ৰেণ্ডছ, ছায়েণ্টিষ্ট, নেক্সট ছেমিষ্টাৰৰ ক্লাছ, ৰেফাৰেন্স, ক’টেশ্যন, ন’টবুক, কপি, ইণ্টাৰভিউ, আৰ্টস্কুল, ফিজ, ক্লাছৰুম, হেডমিছ, কেৰিয়াৰ কনছালটেণ্ট, টিফিন, টিউচন, প্ৰাইভেট ক্লাছ, ডক্টৰেট ডিগ্ৰী, ডিপাৰ্টমেণ্ট, এচিছটেণ্ট, ফুলস্কেপ, ডেমনেষ্ট্ৰেটৰ, প্ৰেক্টিকেল ক্লাছ, প্ৰিন্সিপাল, ফিজিকছ ইত্যাদি৷

(২) ব্যৱসায় বিষয়ক:- বিজনেছ, কাষ্টমাৰ, ছেটিস্ফেকশ্যন, কাষ্টমাৰৰ চইচ, ডিমাণ্ড, কাষ্টমাৰক এট্ৰেক্ট, ফিতে, এডভাঞ্চ বুকিং, ছিডি প্লেয়াৰ, আইডিয়া, ৰিস্ক, ছেকেণ্ড হেণ্ড ফ্ৰিজ, ফ্ৰিজটো ছেট কৰি, হ’লছেলাৰ, ৱাইন শ্বপ, বে’ষ্ট কাষ্টমাৰ এৱাৰ্ড, চেঞ্জ, ইনভেষ্ট, এডভাৰটাইজ, টেকনিক ইত্যাদি৷

(৩) খেলৰ লগত জড়িত:- ৱৰ্ল্ডকাপ, ফৰৱাৰ্ড, গ’লপ’ষ্ট, টিমবোৰ, ষ্টেডিয়াম, কোৱাৰ্টাৰ ফাইনেল, স্পৰ্টছ, টুৰ্নামেণ্ট, হাফ-ছেঞ্চৰি ইত্যাদি৷

(৪) সাংবাদিকতা বিষয়ক:- নেশ্যনেল ডেইলি, ৰুটিন, পেপাৰ, নিউজ কভাৰেজ, এছাইনমেণ্ট, স্পৰ্টছ ডেস্কৰ ব্যুৰ চিফ, জুনিয়ৰ, বিগ ইভেণ্ট, ৰিপ’ৰ্টিঙ, এক্সক্লুছিভ, চিফ এডিটৰ, প্ৰেছ গেলেৰি ইত্যাদি৷

(৫) কিছুমান দৈনন্দীন সামগ্ৰী:- শ্লিপিং টেবলেট, ফটোফ্রেম, পেনষ্টেণ্ড, পেইনটিং, ছার্ট, টাৱেল, ফাইল, কলিংবেল, ৱাটাৰ, ফ্লাষ্ক, টাইলছ, মাৰ্বলছ, প্লাষ্টিক পেইণ্ট, অ’ভাৰব্ৰিজ, ট্ৰেফিক পইণ্ট, ৱাশ্বিংমেছিন, মিউজিক ছিষ্টেম, বাছষ্টেণ্ড, ষ্টাম্প, পোষ্টকাৰ্ড, ইনলেণ্ড লেটাৰ, টেম্পো, প্লেটফৰ্ম ইত্যাদি৷

(৬) অন্যান্য শব্দ:- স্মাৰ্ট, ইণ্ট’ভাৰ্ট, ডেছট্ৰয়, ছেলফিছলি, ডিপলি ইনভ’লভদ, পজেছিভ, বেডৰুম, ড্ৰয়িংৰুম, স্পেছিয়েল, বেষ্টফ্ৰেণ্ড, গাইড, এনকাৰেজ, বাৰ্থ ডে’ গিফট, ছেক্ৰেটেৰিয়েট, ট্ৰেন্সফাৰ, অফিচ, অৰ্ডাৰ, গেষ্টহাউছ, গেট টুগেডাৰ, মিটিং প্লেন, ডিছিৰ কনফাৰেন্স ৰুমত, ফৰ্মেলি, মিটিংত লেকচাৰ, নাৰ্ভাছ, প্ৰব্লেম, পাৰ্ছনেলিটি চেঞ্জ, ষ্টাইল, থেংক-ইউ, শ্বক খাই, অফিছিয়েল, ক্ৰেডিট, এপ্লায়, ইম’শ্যনেল, ডিউটি, ডিছএপইণ্ট, টেলেণ্টেড, পাউডি, এডামেণ্ট, বিহেভিয়াৰ, ফেমেলি, স্পেছিয়েল, ড্ৰ-বেক, ছেলফ এনালাইছিছ, পজিটিভ, এটিটিউদ, জিনছ পেণ্টটোৰ বেক পকেটত, টেবলেটৰ ফাইল, প্লিজ, ৰিলেশ্যনশ্চিপ, ছিৰিয়াছ, প্ৰটেকশ্যন, বডিগাৰ্ড, ইম’শ্যন, কলিং বেলৰ চুইছ, ডিষ্টাৰ্ব, মিউজিক, গ্লেমাৰ, এডমিছন, নাৰ্ভাছ ফিল, পেছেঞ্জাৰ, ৰিটায়াৰ, মণিঅৰ্ডাৰ, লেবাৰ পেইন, কেপাচিটি, ছিলেক্টেড ফটো, ডিটেইলছ, বেষ্ট ফেণ্ডজনী, নিউ ইয়েৰ, পাৰ্টি এৰেঞ্জ, ৰিকুৱেষ্ট, জেনেৰেল ৱাৰ্ড ইত্যাদি৷

সাম্প্ৰতিক সময়্ত এনেবোৰ শব্দ উচ্চ শিক্ষিত লোকসকলৰ দৈনন্দিন জীৱনৰ ভাব প্ৰকাশৰ মাজত ব্যৱহাৰ হোৱা দেখা যায়৷ কিন্তু কথিত ভাষাৰ মাজত ব্যৱহাৰ হোৱা এনেবোৰ শব্দই যেতিয়া লিখিত সাহিত্যৰ মাজত আত্মপ্ৰকাশ কৰে স্বাভাৱিকতে ভাষাৰ সংকটে দেখা দিয়ে৷ বৰ্তমান আমাৰ সমাজত সাধাৰণ ঘৰুৱা শব্দত পৰিণত হোৱা টেবুল, কাপ, পেন, অফিচ, স্কুল, কলেজ, টিভি আদি শব্দবোৰৰ ফলত নিভাঁজ অসমীয়া শব্দ ক্ৰমে মেজ, পিয়লা, কলম, কাৰ্য্যলয়, বিদ্যালয়, মহাবিদ্যালয়, দূৰদৰ্শন আদি শব্দবোৰ প্ৰায় এলাগি হৈ পৰিছে৷ এনে পৰিপেক্ষিততে ওপৰৰ শব্দবোৰৰ ফলটো এদিন বহুতো অসমীয়া শব্দ হেৰাই যোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি৷ আনহাতে বহু সময়ত আমি প্ৰকৃত, নিভাজ অসমীয়া শব্দ থকাৰ পিছটো ইংৰাজী শব্দৰ সহায় লোৱাও দেখা পোৱা যায়৷ উদাহৰণ স্বৰূপে- গুৰু ট্ৰেইনিং, টাউন-চহৰ (গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৫০) ইত্যাদি৷

উপসংহাৰ:
ওপৰৰ আলোচনাত আমি ঋণ শব্দসমূহে আমাৰ বহু পুৰণি শুৱলা শব্দলৈ সংকট কঢ়িয়াই আনিছে বুলি আলোচনা কৰিছোঁ৷ কিন্তু আমি এই কথা নুই কৰিব নোৱাৰো যে, এনে শব্দৰ ব্যৱহাৰে সাহিত্যক প্ৰাণৱন্ত কৰি তোলে৷ “প্ৰান্তিক”ৰ (১-১৫) আৰু (১৬-৩০) মাৰ্চ ২০০৮ বৰ্ষৰ সংখ্যা দুটাৰ শব্দসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে, সকলোখিনি শব্দকে আমি দৈনন্দিন কথিত ভাষাত ব্যৱহাৰ কৰোঁ৷ সাহিত্য হৈ বাস্তৱতাৰ এক লিখিত ৰূপ৷ এনে কাৰণতেই বাস্তৱৰ প্ৰতিটো চৰিত্ৰক প্ৰাণৱন্ত কৰি তুলিবলৈ লেখকে চৰিত্ৰ এটাৰ মুখত বাস্তৱত ব্যৱহাৰ হোৱা ভাষা ব্যৱহাৰ কৰে৷ যদিহে লেখকে নামনি অসমৰ চৰিত্ৰ এটাৰ মুখত নামনি অসমৰ ভাষা প্ৰয়োগ কৰিব পাৰে, তেন্তে উচ্চ শিক্ষিত যুৱক বা যুৱতী এগৰাকীৰ মুখত এনে ভাষা ব্যৱহাৰ কৰাত বাধা থাকিব নোৱাৰে৷

আনহাতে বহু সময়ত বিজ্ঞান আৰু কাৰিকৰী দিশৰ লগত জড়িত বহুতো শব্দৰ সঠিক আৰু শুদ্ধ অসমীয়া শব্দ বিচাৰো পোৱা নাযায়৷ এনে ক্ষেত্ৰত আমি ইংৰাজী শব্দবোৰৰ লিপ্যন্তৰ(Transliterate) ৰূপটোকে ব্যৱহাৰ কৰাত বাধা থাকিব নোৱাৰে৷ বৰ্তমান কম্পিউটাৰৰ লগত জড়িত বহুতো শব্দ আমাৰ নিচেই চিনাকী ঘৰুৱা শব্দত পৰিণত হৈ পৰিছে৷ এনে শব্দবোৰক উচ্চাৰণ কৰাৰ দৰেই ব্যৱহাৰ নকৰি তাক অনুবাদ কৰি ব্যৱহাৰ কৰিবলৈ গ’লে ভাষাটোৰ শ্ৰীবৃদ্ধি হ’ব যদিও বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰকৰ্তাৰ বাবে কেতিয়াও বোধগম্য হ’ব নোৱাৰে৷ গতিকে আমি বাস্তৱতাক গ্ৰহণ কৰি স্থান-কাল-পাত্ৰ বিশেষে শব্দৰ ব্যৱহাৰ কৰিলেহে ভাষা এটাই প্ৰাণ পাই উঠিব৷ অনাহকত উপযুক্ত মাতৃভাষাৰ শব্দ থকাৰ পিছত বিদেশী শব্দ ব্যৱহাৰ কৰাতো যেনেদৰে ভাষা এটাৰ বাবে বিপদজনক একেদৰে কঠিন শব্দৰে সাহিত্যক ভাৰাক্ৰান্ত কৰি তুলিলেও সাহিত্যই প্ৰাণ পাই উঠিব নোৱাৰিব৷ যদিহে আমি লিখিত ভাষাত বিদেশী শব্দ ব্যৱহাৰত সতৰ্কতা অৱলম্বন কৰিব বিচাৰোঁ তেন্তে তাৰ আগতে আমি কথিত ভাষাত শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত সদা সতৰ্ক হ’ব লাগিব৷ অন্যথা আমি লিখিত সাহিত্যত বিদেশী শব্দ ব্যৱহাৰৰ কৰাৰ ক্ষেত্ৰত কাকো বাধা দিব নোৱাৰিম৷
(২০১০ চনত গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত আলোচন চক্ৰত পাঠ কৰা গৱেষণা পত্ৰৰ সম্পাদিত সংক্ষিপ্ত ৰূপ৷)
–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!